ফটাঢোল

চান্দাসুৰ(দুৰ্গা মাই কি জয়!) – পাৰ্থ প্ৰতীম শৰ্মা

যুদ্ধ শেষ হওঁ হওঁ! দেৱী দুৰ্গাই মহিষাসুৰৰ বুকুত উদ্দেশ্যি ত্রিশূল মাৰি পঠিয়ালে। দেৱীৰ বাহন, সিংহটোই মহিষাসুৰৰ আঁঠুত কামোৰ বহুৱাই দিলে। ত্ৰিশূলে মহিষাসুৰৰ বুকু ভেদি গ’ল। মহিষাসুৰৰ শেষ সময়! সিফালে চিত্ৰগুপ্তই হিচাপ-পাতি আৰম্ভ কৰিছেই। চিত্ৰগুপ্তই যমৰাজক কৈছে বোলে মহিষাসুৰ বৰ ভয়ানক অসুৰ, ইয়াৰ বাবে কিবা বেলেগ শাস্তিৰো ব্যৱস্থা হ’ব লাগে। যমৰাজে ইতিমধ্যে তেওঁৰ এজেন্ট এজনক সাজু হ’বলৈ নিৰ্দেশ দিলে। সকলো বিধাতাৰ লিখনিমতেই হৈ আছিল।

কিন্তু, তেনেতে মহিষাসুৰে তাচ্ছিল্যৰ হাঁহি মাৰি ক’বলৈ আৰম্ভ কৰিলে- “হে দেৱী, মোক বাৰু দুৰ্বল পাই মাৰি পেলালা! মোক চিনি পালা অসুৰ বুলি, কাৰণ মোৰ পৰিচয় অসুৰ বুলি মই নিজেই দিছোঁ। সেইকাৰণেহে মোক মাৰিব পাৰিলা। কিন্তু এবাৰ ভাবাচোন, যদি মোৰ নাথাকে একো বিশেষ পৰিচয়, যদি মোৰ পিন্ধা-উৰা, কথা-বতৰা সকলো সাধাৰণ নাগৰিকৰ দৰেই, মোক জানো চিনি পাবলৈ সক্ষম হ’বা! এই ধৰা মই ইমান উচ্চ সুৰত কথা নকওঁ, সাধাৰণ সভ্য নাগৰিকৰ দৰেই মিঠা সুৰত কথা কওঁ। এই ধৰা মই এই মিথ’লজিকেল গেট আপ এৰি একদম সাধাৰণ মানুহ হৈ গ’লোঁ। তেতিয়া মোক হত্যা কৰিবলৈ তুমি জানো মোক চিনি পাবা? তোমাৰ কথা বাদেই দিয়া, এতিয়ালৈ যমৰাজে চাগে মোৰ বাবে কেৰাহীত তেল উতলাবলৈ আদেশ দিছেই। পিছে যদি মই অসুৰ হৈয়ো গোটেই জীৱন কেৱল সামাজিক কামত জড়িত থাকোঁ, যদি মই অসুৰ হোৱাৰ পিছতো সমাজত সকলো কামত আগভাগ লওঁ, মই যদি মোৰ প্ৰত্যেকটো ভুল কাম জনমানসত শুদ্ধ বুলি প্ৰতিপন্ন কৰিব পাৰোঁ, যমৰাজ তেতিয়া জানো দ্বিধাত নপৰিব- মোৰ বাবে স্বৰ্গ ভাল নে নৰক? মূল কথা- মই অসুৰ হ’ম! এতিয়াও, তেতিয়াও। কিন্তু তেতিয়া মোৰ পৰিচয় অসুৰ নহ’ব! হে দেৱী, তুমি নজনাকৈয়ে তুমিয়েই হ’বা মোৰ আয়ৰ উৎস! তোমাৰ নামতেই মই গঢ়ি তুলিম দুৰ্নীতিৰ পাহাৰ! তুমি মূৰ্খৰ দৰে ভেবা লাগি চাই থাকিবা। তোমাক মৰ্ত্যলৈ আনিম মই, তোমাক মৰ্ত্যত ৰাখিম মই, মন গ’লে আকৌ পঠিয়াই দিম মই। তুমি কি পূজা ভাল পাবা সেয়া নিৰ্ধাৰণ কৰিম মই, তোমাৰ আগত কি গান বাজিব- ভক্তিৰ নে শীলা কী জৱানী সেয়াও চলিব মোৰ আঙুলিৰ ঠাঁৰত! তুমি কেৱল মিচিকিয়াই হাঁহি হাঁহি ভাবি থাকিবা- তুমি মহিষাসুৰক বধ কৰিলা! কাৰণ মহিষাসুৰক চিনি পাবলৈ সহজ। কিন্তু মই আকৌ আহিম, মই ভিৰৰ মাজত থিয় হৈ তোমাক চাই হাঁহিম। তোমাৰ হাঁহি চাই হাঁহিম। হা হা… চান্দাসুৰ হৈ আহিম দেৱী, পিছে দুৰ্ভাগ্য তোমাৰ, তেতিয়া তুমি মোক অসুৰ বুলি চিনি নাপাবা। চান্দাসুৰ এজন অসুৰ নহয়, বৰঞ্চ এক ভাৱনা হৈ আহিম মই! মোক দেখিবা বাটে-ঘাটে, ঘৰে-দুৱাৰে, মন্দিৰে-মছজিদে সকলোতেই, বেলেগ বেলেগ ৰূপত… মই অসুৰ,কিন্তু সকলোৰে মনত মোৰ প্ৰতি এটা সম্ভ্রম থাকিব। মোৰ ডিঙিত ওলমি থকা গামোছাই হ’ব মোৰ ভক্তি কিম্বা জাতীয়তাবাদৰ পৰিচয়! সকলোতকৈ মজাৰ কথা কি হ’ব জানা- পাপনাশিনী তুমিয়েই হ’বা মোৰ পাপ কাৰ্যৰ বাধাহীন বাট! মনত কলুষতা আৰু জিভাত সুৰাৰ সোৱাদ লৈ ময়েই চিঞৰিম-
“দুৰ্গা মাই কি জয়!”..

☆★☆★☆

7 Comments

  • Nilakshi Devi Deka

    বহুত ভাল লাগিল দেই পাৰ্থ

    Reply
    • Partha Pratim Sarmah

      ধন্যবাদ বা… আশীৰ্বাদ ৰাখিব।

      Reply
  • ৰিমঝিম

    বৰ ভাল লাগিল।

    Reply
  • অঞ্জন

    গুলী বুজিছাা বঢ়িয়া লাগিল

    Reply
  • Rintumoni Dutta

    বঢ়িয়া লাগিল পাৰ্থ

    Reply
  • Tulika Gogoi Swargiary

    বহুত ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.