ফটাঢোল

চিনাকি – বৰ্ণালী ফুকন

বৃত্তিত মই এজন বিশেষ পদৱী ধাৰি চৰকাৰী চাকৰিয়াল। মোৰ জিলাখনত এক সুকীয়া স্থান আছে।মোৰ এই বিশেষ পদৱীৰ বাবে মোক সকলোৱে সমীহ কৰি চলে। মোৰ খঙৰ আগত অফিচৰ কৰ্মচাৰী কপি থাকে। লৰচৰ হোৱা এটা সজীৱ ফাইল মোৰ চকুৰ ইছাৰাত মৃত হৈ পৰিব পাৰে। গতিকে মোক সমীহ কৰি নচলিলে মোৰ সৈতে জড়িত সকলোৰে বিপদ।

আৰু এই শিক্ষক -শিক্ষয়িত্ৰীবোৰ মোৰ আগত বেঙে মুতা গৰু। মোৰ অনুমতি অবিহনে মোৰ অফিচৰ কোঠাত ভূমুকি মৰাৰ কাৰো সাধ্য নাই। মই ঘণ্টাৰ পিছত ঘণ্টা কোনোবা শিক্ষক বা শিক্ষয়িত্ৰীক বাহিৰত থিয় কৰাই থ’ব পাৰোঁ। নহ’লে দিনৰ পিছত দিন মোৰ কাৰ্য্যালয়লৈ চোচৰাব পাৰোঁ। মোৰ ইমানেই ক্ষমতা আছে সেইসকলক সৰু ল’ৰা-ছোৱালীক দিয়া দি দাবী-ধমকি দিব পাৰোঁ।

সাধাৰণতে সেইসকলৰ সৈতে মই সৌজন্যতা ৰাখি কথা নকওঁ। ক’ব লাগিলে মোক তেওঁলোকৰ বাৰেপাচি সমস্যা সমাধান কৰিবলৈ পেৰি থাকিব। লগতে মোক সমীহ কৰি নচলা হ’ব। শিক্ষক -শিক্ষয়িত্ৰীসকলে মোৰ সন্মুখত যেতিয়া হাত যোৰ কৰি থিয়হৈ থাকে তেতিয়া পৈশাচিক উল্লাসত মোৰ মন নাচি উঠে। মোতকৈ দুগুণ বয়সৰ মানুহবোৰক যেতিয়া গালিৰে থকা সৰকা কৰোঁ তেতিয়া মোৰ মন আনন্দত নধৰা হয়।

ইয়াৰ বাদেও মোৰ অবাধ্য হ’লে এঠাইৰ পৰা উঠাই নি অবাধ্য হোৱাজনক আন এঠাইত দি পানীত হাঁহ নচৰা অৱস্থা কৰিব পাৰোঁ। মোক চকু তুলি কথা ক’লে মোৰ ৰুদ্ৰ মূৰ্তি নামৰ ইন্দ্ৰিয় বিধ জাগ্ৰত হৈ উঠে। ইংৰাজীত কোৱা “কমিউনিকেচন গেপ” মই মানি চলোঁ। এই গেপ নাইকিয়া হ’লে মোৰ এই মূৰ্তি ধৰিব নোৱাৰা হ’ম।

মই সময়ে সময়ে স্কুল পৰিদৰ্শনৰ নামত ৰঙা চিয়াঁহীৰ বাহাদুৰি দেখুৱাব পাৰোঁ। তাৰ পিছত ভুক্ত ভুগী শিক্ষক -শিক্ষয়িত্ৰীৰ মোৰ কাৰ্য্যালয়ৰ সন্মুখত ভিৰ লগাই দিব পাৰোঁ। তাকে নকৰি অবাধ্য হ’লে দৰমহা কৰ্তন কৰিব পাৰোঁ। মোক খং উঠালে ইয়াত এইবোৰ নহ’ব বুলি ডিৰেক্টৰ অফিচলৈ দৌৰাব পাৰোঁ। মই গান্ধীবাদী, তেওঁক মনে প্ৰাণে ভাল পাওঁ। যদিও মই তেওঁৰ আদৰ্শ ল’ব পৰা নাই।

মোৰ কলমৰ জোৰ আছে সকলোৱে জানে কাৰণ মই চাচপেনচনৰ অৰ্ডাৰ দি অপমান কৰিব পাৰোঁ।অপমানৰ বোজা সহিব নোৱাৰি কোনোবাই আত্মহত্যা কৰে জহন্নামে যায় মোৰ কি আহে যায়?

মোৰ আৰু বহুত বিশেষ পাৱাৰ আছে৷ আকৌ কেতিয়াবা জনাম আপোনালোকক। গম পাইছেই চাগে মই কোন?

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.