ফটাঢোল

চিন্তা কৰক,সুখেৰে থাকক (মূলঃ অনুপ কুমাৰ শুক্লা) – অনুবাদঃ জীমণি গগৈ

বন্ধুলৈ ফোন লগালো। তেওঁৰ ল’ৰাটোৱে ফোন ধৰিলে।
মই সুধিলোঁ- দেউতা আছে নে?
-আছে।দেউতাই চিন্তা কৰি আছে। সি সিফালৰ পৰা ক’লে।
-কিয়, কি হ’ল? কিবা সমস্যা হৈছে নেকি?তাৰ কথা শুনি ময়ো চিন্তাত পৰিলোঁ।
-নাই নাই আংকল, একো হোৱা নাই। দেউতাই আজিকালি সদায় চিন্তা কৰে। চিন্তা কৰিলে বোলে স্বাস্থ্য ভালে থাকে।
সি শান্ত কন্ঠেৰে কম কথাৰে কথাখিনি ভালকৈ বুজাব বিচাৰিলে।

মোৰ বন্ধু সদায় চিন্তাত আছে তাৰমানে নিশ্চয় তেওঁ দুখত আছে! তেওঁৰ দুখত যদি মই দুখী হ’ব নোৱাৰো তেনেহ’লে সেই দুখ মোৰ বাবে পাপ হৈ ঘূৰি আহিব।বৰ ডাঙৰ কথা হ’ব। মই অন্তৰ্দ্বন্দত ভুগিব লাগিব । বেয়া হ’ব কথাটো। বিপদত পৰিব লাগিব। গতিকে মই ভাবিলোঁ বন্ধুৰ দুখত দুখী হৈ আহোঁ। পাপৰ পৰা বাচি থাকোঁ। সাৱধানীৰ মৰণ নাই।

পাঁচ মিনিটৰ ভিতৰত মই দুখ জাহিৰ কৰিবলৈ বুলি ওলালোঁ। বন্ধুৰ ঘৰৰ দুৱাৰত গৈ উপস্থিত হ’লোঁ। মনতে ভাবিলোঁ এনেকৈ ক’ম- কি খবৰ বন্ধু? কি হ’ল আজিকালি আমিনো ইমান পৰ হৈ গ’লোঁ নে যে অকলে অকলে দুখত থাকা তথাপি আমাক ক’ব লাগে বুলিও নাভাবা। তুমি দুখত থাকিলে মোৰ কি অৱস্থা হ’ব অন্ততঃ সেইটোতো ভাবিব লাগিছিল। মই ফোন নকৰা হ’লেতো তোমাৰ দুখত দুখী হ’বলৈ নাপালোৱেইহেঁতেন। তেতিয়া বাৰু মই কম দুখ পাব লগা হ’ল হয়নে। তুমিযে ইমান স্বাৰ্থপৰ হ’বা বুলি জনা নাছিলোঁ । তোমাৰ পৰা অন্ততঃ এইটো আশা কৰা নাছিলোঁ মই।

কিন্তু মই কিবা কোৱাৰ আগতে বন্ধুৱে ঢিলা পাইজামাটো চম্ভালি চম্ভালি আহি মোক ক’লে- ” আহাঁ আহাঁ , বহা। ইমান পুৱাই পুৱাই যে! চব ঠিকে আছে নে? বেটা মুনু, চোৱাচোন, আংকল আহিছে। চাহ-তাহ আনা। মা’ৰাক মাতাচোন। চোৱাহিচোন চোৱাহি আজি সূৰ্য কোনফালে উদয় হৈছে। কোনে কয় পৃথিৱীৰ পৰা ভাল দিন নোহোৱা হৈ গ’ল বুলি। এয়া কম ভাললগা কথা নে!

মই লাহেকৈ মোৰ কথা আৰম্ভ কৰিলোঁ-
– শুনিছোঁ আজিকালি বোলে তুমি সদায় সদায় চিন্তা কৰিবলৈ লৈছা!

-তাকেই বন্ধু, তোমাক ক’বলৈকে পাহৰিলোঁ। আজিকালি মই নিয়মিত ভাৱে চিন্তা কৰিবলৈ লৈছোঁ। যেতিয়াৰ পৰাই চিন্তা কৰিবলৈ লৈছোঁ বহুত লাভৱান হৈছোঁ। ওজন কন্ত্ৰলত আছে। সময় বাচিছে। ঘৰত বহি বহিয়ে স্বাস্থ্য একদম বঢ়িয়া হৈ আছে। বন্ধুৰ চকুৱে মুখে মোক মূৰ্খ সজোৱাৰ হাঁহি এটা বিয়পি পৰিছে।

-চিন্তিত হ’লে লাভৱান হ’ব পাৰি! কি ৰহস্যৰ সৃষ্টি কৰিবলৈ লৈছা হে। ৰাতিপুৱাই মূৰ্খ সজাবলৈ মানুহ বিচাৰি নাপালা আৰু নহয়? পানীৰ গিলাচটো মুখলৈ নি মই ক’লোঁ।

-সঁচা কৈছোঁ ভাই , চিন্তিত হোৱাৰ পৰা বহুত লাভ পাব পাৰি। তুমি নিজে দেখা নাই জানো মোৰ ওজন কিমান কমিল? বন্ধুৱে উৎসাহেৰে ক’লে।

-সেইটো বাৰু দেখিছোঁ আগতকৈ আধা হৈ গ’লা। কিন্তু এনেকুৱা হ’ল কেনেকৈ? মই কৌতূহলী হৈ উঠিলোঁ।

-এইটো এই “চিন্তা থেৰাপি”ৰ পৰাই হ’ল। মই নিয়মিত একঘণ্টা চিন্তিত হওঁ। যেতিয়াৰ পৰাই চিন্তিত হ’বলৈ আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰাই শান্তিৰে খাওঁ, শান্তিৰে শোওঁ। মৰ্ণিং ৱাক, ইভিনিং ৱাক চব মোৰ ৰুটিনৰ পৰা আঁতৰাই পেলালোঁ ।মইতো কওঁ যাৰ নিজৰ স্বাস্থ্যৰ প্রতি অলপ হ’লেও ধ্যান আছে তেওঁ চিন্তা- কৰিবলৈ আৰম্ভ কৰি দিব লাগে। জ্ঞানদিয়াৰ দৰে ক’বলৈ লোৱা বন্ধুৰ কথাবোৰ ভাষণলৈ গৈছিলগৈ।

-মানুহে যদি নিয়মীয়াকৈ চিন্তা কৰিবলৈ লয় তেন্তে তেওঁৰ ওজন কমি গৈ থাকে। যিয়ে নাখাওক ওজন নিয়ন্ত্ৰণত থাকে। আমাৰ বহু লোকে আগতে কৈ গৈছে যে চিন্তা কৰিলে মানুহ ক্ষীণ হয়। সেইকাৰণে এইবোৰ চোৱা মোৰ ঘৰৰ বেৰতো চিন্তা থেৰাপিৰ পোষ্টাৰ লগাই থৈছোঁ- চিন্তা কৰা , সুখেৰে থাকা। চিন্তাৰ সৰোবৰত ডুব মাৰা, নিজৰ ওজন বিচৰামতে কমোৱা। বৰ্ধিত ওজন লৈ পৰেশান, নিয়মিত চিন্তা কৰি পোৱা তৎক্ষণাত আৰাম। চিন্তিত হোৱাৰ লগে লগে ওজনৰ চৰ্বি পলাই পত্ৰং দিব।

-কিন্তু আমিতো দেখিছোঁ কিছুমান মানুহ খুব চিন্তাত থাকে তথাপি ক্ষীণ নহয়। তোমাৰ কথা সঁচা বুলি কেনেকৈ মানি লওঁ? মই প্ৰতিবাদ কৰিলোঁ।

-এইটো শ্ৰদ্ধা-বিশ্বাসৰ কথা। যাৰ শ্ৰদ্ধা থাকিব তেওঁৰ লাভ হ’ব। যাৰ নাথাকে তেওঁৰ নহ’ব। আৰু লগতে চিন্তাতো সততা থাকিব লাগিব। শ্ৰদ্ধাত যদি ক্ৰুটি থাকে তেন্তে চিন্তাৰ পৰা লাভ নাপাব। চিন্তা ২৪ কেৰট সোণৰ দৰে বিশুদ্ধ হ’লেহে তাৰ পৰা লাভৱান হ’ব। বন্ধুৱে অলপ ৰৈ উশাহ সলালে।

-জানো পাই তুমি কেনেকুৱা কথা কৈছা। মই একো বুজি পোৱা নাই। মই বিমূৰত পৰিলোঁ।

-মোৰো প্ৰথমে তেনেকুৱাই লাগিছিল। আত্সা, কোৱাচোন আমেৰিকাৰ ৰাষ্ট্ৰপতি কেনেকৈ ইমান স্লিম-ট্ৰিম, স্মাৰ্ট বাবু টাইপ হৈ থাকে? বন্ধুৱে প্ৰশ্ন কৰিবলৈ লাগিল।

-ঠিক আছে তুমিয়ে কোৱাচোন বাৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্লিমনেছৰ গোপন মন্ত্ৰ কি? মই সুধিলোঁ।

-তেওঁ এখন দেশত লোকতন্ত্ৰ বাহাল ৰাখিবলৈ ইমানেই চিন্তিত হৈছিল যে চিন্তা কৰি কৰি দেশখনকে ধ্বংস কৰি পেলালে। এটা অপৰাধীক ধৰাৰ চিন্তাত সমগ্ৰ পৃথিৱীখনকে তেওঁ সন্দেহ কৰিবলৈ ল’লে। সমগ্ৰ বিশ্বতে শান্তি বাহাল ৰাখিবলৈ তেওঁ ইমানে চিন্তা কৰিবলৈ ল’লে যে সকলোতে নিজৰ অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগ কৰিবলৈ ল’লে। নিজৰ দেশত হাজাৰ-বিজাৰ বোমা থকা স্বত্তেও আন দেশৰ পৰমাণু পৰীক্ষণ পৃথিৱীৰ কাৰণে ভাবুকিস্বৰূপ বুলি চিন্তিত হ’বলৈ ল’লে। এইদৰে তামাম চিন্তা কৰি কৰি তেওঁ স্লিম-ট্ৰিম, স্মাৰ্ট বাবু টাইপ হৈ থাকে। মুঠতে যি কোনো প্ৰকাৰে তেওঁ চিন্তিত হৈ থাকে। চিন্তা কৰাটো আজিকালি স্বাস্থ্যৰ কাৰণে বহুত দৰকাৰী।আমি যদি ভালকৈ চিন্তা কৰিবলৈ শিকিব পাৰোঁ তেনেহ’লে বুজি লোৱা আমাৰ স্বাস্থ্য বনি গ’ল। প্ৰাচীন কালত যিমান মহান লোক আছিল, যিমান দীৰ্ঘায়ু লোক আছিল চব এই চিন্তাৰ বাবেই হৈছিল। ভগৱান ৰামচন্দ্ৰ প্ৰথমে ৰাজ্য হেৰুৱাই দুখী হৈছিল , তাৰপাছত পত্নীৰ অপহৰণক লৈ, তাৰপাছত ধোবাৰ দ্বাৰা নিজৰ বদনামক লৈ, তাৰপাছত পুত্ৰৰ দ্বাৰা নিজৰ সেনাৰ পৰাজয় বৰণক লৈ শেষত সীতাগমনক লৈ। এই সমগ্ৰ কথাবোৰক লৈ চিন্তিত হৈ হৈ কালান্তৰত তেওঁ মৰ্যাদা পুৰুষোত্তম ৰূপে অভিহিত হ’ল। একেটা কথাই কৃষ্ণৰ ক্ষেত্ৰতো প্ৰযোজ্য। প্ৰথমে অগণিত গোপীগণক লৈ চিন্তা, তাৰপাছত ষোল্ল হাজাৰ পাটৰাণীক লৈ তেওঁৰ চিন্তাৰ কথাতো কল্পনাও কৰিব নোৱাৰি। এনেকুৱা চিন্তাৰ পথেৰে চলাৰ বাবেই তেওঁক ষোল্ল কলাসম্পন্ন সম্পূৰ্ণ অৱতাৰ বুলি মনা হয়।

সম্প্ৰতি মানুহৰ গড় আয়ুস বাঢ়িছে, মানুহ বেছি দিন জীয়াই থাকিবলৈ লৈছে। সেইমতে বহুত বেছি চিন্তা কৰিবলৈ লৈছে। পৃথিৱীখন ক্ৰমে জটিল হৈছে। মানুহৰ চিন্তা-চৰ্চাও জটিল হৈছে। সকলো সময়তে ইংৰাজী মহলত থকা লোক সকল হিন্দীৰ স্থিতিক লৈ চিন্তিত হৈছে। কথাই কথাই গালি পাৰি থকাসকলক সমাজত সদ্ভাৱ নোহোৱা কথাটোৱে চিন্তিত কৰিছে। কিছুমান লোকেতো নিজৰ চিন্তাৰ স্তৰ নিজৰ পৰা দেশ পৰ্যন্ত লৈ যায়। দেশৰ চিন্তাৰ পাছতো যিসকলৰ চিন্তাৰ ষ্টক্ শেষ নহয় তেওঁলোকে নিজৰ চিন্তাৰ শিবিৰ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডলৈ বিস্তাৰিত কৰে। পৃথিৱীৰ আজি য’তে যি পৰিবৰ্তন হৈছে সেই সকলোবোৰ চিন্তিত লোকৰ বাবেই হৈছে। আমাৰ দেশৰ স্বাধীনতা আন্দোলনৰ যিসকল মহান নেতা তেওঁলোক প্ৰথমে দেশৰ চিন্তাত খীণাইছিল তাৰপাছত আমি স্বাধীনতা পাইছিলোঁ। গান্ধীজী দেশৰ চিন্তাত ইমান বেছি মগ্ন হৈছিল যে খৰ খোজেৰে বিভিন্ন ঠাইত উপস্থিত হৈয়েই চিন্তা কৰিবলৈ লাগি গৈছিল।সেইবাবে দেশ স্বাধীন কৰাৰ ক্ষেত্ৰত তেওঁৰ নাম আদৰেৰে লোৱা হয়। যদি এতিয়াও আপুনি চিন্তিত হ’বলৈ নিশিকিলে তেনেহ’লে আপোনাৰ জীৱনৰ শিক্ষা আধৰুৱা হৈ থাকিল। আপুনি তৎক্ষণাত জাগক আৰু চিন্তা কৰিবলৈ আৰম্ভ কৰি দিয়ক।

উপদেশবাণী ইমানতে শেষ হ’ল। মই যাবলৈ বুলি উঠিলোঁ। বাটত মই মোৰ লগৰ ডেকা বন্ধু, যিজন মোৰ লগত মোৰ বন্ধুজনৰ ঘৰলৈ গৈছিল, যিজনে নিজৰ স্বভাৱৰ বিপৰীতে এতিয়ালৈকে চুপচাপ থাকি নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল, তেওঁক সুধিলোঁ- এই চিন্তা থেৰাপিৰ বিষয়ে তুমি কি ভাবা বা কি ক’বা?

-চোৱা ভাই, তুমি যদি বেয়া নোপোৱা কথা এটা কওঁ, তোমাৰ এই বন্ধুজনক কিন্তু মোৰ অস্থিৰ মনৰ লোক যেন লাগিল! লগৰজনে ৰায় দিয়াৰ দৰে ক’লে।
-নাই নাই, ইয়াত বেয়া পাবলৈ কি আছে। যিটো সঁচা সঁচাই। সঁচাটোক জানো কোনোবাই অস্বীকাৰ কৰিব পাৰে। কিন্তু তোমাৰনো মোৰ বন্ধুজনক কিয় অস্থিৰ মনৰ যেন লাগিল? মই কাৰণটো জানিব বিচাৰিলো।

-আৰে তেঁওতো এইটোও নাজানে যে স্বাধীনতাৰ সময়ত কোনো গান্ধী নাছিল। প্ৰিয়ংকা, ৰাহুল, বৰুণ গান্ধীৰ তেতিয়া জন্মই হোৱা নাছিল। ছোনিয়া গান্ধী, মেনকা গান্ধী দুয়োগৰাকীৰে তেতিয়া বিয়া হোৱা নাছিল গতিকে স্বাধীনতাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ প্ৰশ্নই নুঠে। তেনেহ’লে স্বাধীনতাৰ সময়ত গান্ধীজী ক’ৰ পৰা আহিল? তোমাৰ বন্ধুৱে আকৌ কয় বোলে দেশক স্বাধীন কৰাত গান্ধীজীৰ অৱদান আছিল। তোমাৰ যিজন বন্ধুৰ ইতিহাসৰ জ্ঞানৰ নমুনা এয়া ; মাছআল্লাহ,তেওঁৰ কিবা কথাত গুৰুত্ব দিয়াৰ আগতে মই কিন্তু হাজাৰ বাৰ ভাবিম দেই! মোৰতো চিন্তাই লাগিছে কেনেকুৱা কেনেকুৱা বিচাৰধাৰাৰ মানুহ যে তোমাৰ বন্ধু!
মোৰ নৱজোৱান বন্ধুৰ কথা শুনি মোৰো চিন্তা হ’বলৈ ধৰিলে।

আপোনাৰ পিছে? আপুনিও চিন্তিত হ’বলৈ আৰম্ভ কৰিলে নে নাই !

☆★☆★☆

3 Comments

  • চিন্তাত পৰিলোৱে, ভাল লাগিল অনুবাদটো।

    Reply
  • সৌৰভ শৰ্মা

    চিন্তা মানে ভয়াংকৰ চিন্তা হল। মজ্জা অনুবাদ।

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.