ফটাঢোল

চিলনীৰ জীয়েকৰ সাধু (ৰিমিক্স) – মণিষা কাকতি

এসময়ত এখন দেশত এজন মানুহ আছিল। মানুহজনৰ অগাধ ধন-সম্পত্তি আছিল, কিন্তু মনত সুখ নাছিল। কাৰণ তেওঁ ল’ৰা সন্তানৰ মাজত নিজৰ সুখ বিচাৰি আছিল। ল’ৰা সন্তান বিচাৰি তেওঁ বহুত পূজা-পাতল কৰিছিল। কিন্তু মূৰকত বাৰেপতি ছোৱালীহে পাইছিল। খঙত একো নাই হৈ মানুহজনে প্ৰতিবাৰে ঘৈণীয়েকক গালি-শপনি পাৰি, মাৰধৰ কৰি, ঘৈণীয়েকৰ ওপৰতে বৰমতা চেলাইছিল।

দিনচেৰেক পিচত ঘৈণীয়েক আকৌ গা-ভাৰী হোৱাত তেওঁ সেইবাৰ টানকৈ শুনাই কৈছিল,
“এইবাৰো যদি ছোৱালীয়ে ওপজে, তেন্তে তোকে, ছোৱালীকে ঘৰৰ বাহিৰ উলিয়াই দিম। মনত ৰাখিবি কথাষাৰ।”

সন্তান জন্ম হ’বৰ দিন চমু চাপি অহাত ঘৈণীয়েক মাকৰ ঘৰলৈ গুছি গৈছিল। যথা সময়ত আকৌ ছোৱালীয়ে জন্ম হৈছিল। বেচেৰীয়ে তেতিয়া ভয়তে নাৰ্চক টকা-সিকা দি মেনেজ কৰি ছোৱালী সন্তানটো সলনি কৰি ঘৰলৈ ল’ৰা সন্তান এটা লৈ উভতিল। আনৰ ল’ৰা সন্তানকে নিজৰ বুলি ভাবি অসুখী মানুহজন সুখী হৈ পৰিছিল।
ইফালে নাৰ্চজনীয়ে ছোৱালী সন্তানটো কাৰো ওচৰত বেচিব নোৱাৰি উপায়বিহীন হৈ নিশাৰ আন্ধাৰৰ সুযোগ লৈ চহৰৰপৰা নিলগত এখন আওহতীয়া নিৰ্জন ঠাইত কেচুৱাটো এৰি থৈ আহিল। ইতিমধ্যে ৰাতি পুৱাইছিল। খাদ্যৰ সন্ধানত ওলাই অহা চিলনী এজনীয়ে আকাশৰপৰা টোপোলা এটাত কিহবাই লৰচৰ কৰি থকা দেখা পাই খোৱা বস্তু বুলি ভাবি তললৈ ছোঁ মাৰি আহিল। আহি দেখিলে যে মৰমলগা মুখখনেৰে এটা মানুহৰ পোৱালি! ট-টকৈ তাইলৈ চাই আছে। মৰম ওপজাত আৰু মানুহৰ দৰে স্বাৰ্থপৰ হ’ব নোৱাৰাত, চিলনীয়ে টোপোলাটো ঠোঁটেৰে দাঙি এজোপা আঁহতগছত থকা তাইৰ বাহলৈ লৈ গৈছিল।

দিন যোৱাৰ লগে লগে ছোৱালীজনী চিলনীৰ তত্ত্বাৱধানত নিজৰ জীৰ দৰে ডাঙৰ-দীঘল হ’বলৈ ধৰিলে। চিলনীয়ে তাইলৈ অ’ৰপৰা ত’ৰপৰা চুৰি কৰি কানি-কাপোৰ, খোৱা বস্তু, ঘঁহা-পিহা সামগ্ৰী আদি আনি দিয়ে আৰু জীয়েকে সেইবোৰ পিন্ধে, খায়, ঘঁহে। এনেকৈয়ে দিনবোৰ অতিবাহিত হৈ আছিল। কিন্তু, দিনে দিনে ৰূপৱতী হৈ বাঢ়ি অহা জীয়েকলৈ চাই চিলনীৰ মনত চিন্তাই বাহ ল’বলৈ ধৰিলে। চিন্তা হ’ল যে তাই নথকা অৱস্থাত জীয়েকৰ কিবা বিপদ হ’লে কি হ’ব? কোনে জীয়েকক ৰক্ষা কৰিব? উপায় হিচাপে, এনিশা শোৱাপাটীত পৰাৰ আগে আগে জীয়েকক ওচৰলৈ মাতি ক’লে,

“আই! মই নথকা অৱস্থাত তোৰ যদি কিবা বিপদ হয়, তেন্তে এই আঁহতৰ পাতখিলা লৈ,
‘আঁহতৰ পাত লৰে কি চৰে, য়ৌ য়ৌ
চিলনী আই মোৰ হাততে পৰে, য়ৌ য়ৌ’
এইদৰে মোক মাতিলে মই য’তেই থাকিম তাৰপৰাই তোৰ ওচৰলৈ গুছি আহিম। হু ল আই! পাতখিলা ভালদৰে ৰাখিবি।”, এইবুলি কৈ জীয়েকৰ হাতত পাতখিলা গুজি শুই থাকিল।

এদিনাখনৰ কথা। চিলনীৰ ঘৰত মানে বাহত জীয়েকে মূৰ আঁচুৰি আছিল। সেই সময়তে এজন ডি এছ এল আৰধাৰী সুদৰ্শন যুৱক ফটো তুলি তুলি সেইখিনি ঠাই পালেগৈ। ঠাইখনৰ সৌন্দৰ্য্য দেখি আপ্লুত হৈ সি কৈ উঠিল,

“অ’এমজি! হোৱাট্ আ কুউউল প্লেচ!”

“মূৰটো দাঙি আকাশত চপৰা চপৰে উপঙি থকা শুকুলা মেঘৰ, গছৰ ডালত একান্তমনে বহি থকা চৰাইৰ, সুদূৰত থকা পাহাৰখনৰ ফটো লৈ থাকোঁতে, এপাকত কেমেৰাৰ ফ’কাছ পৰিল আঁহতজোপাৰ ওপৰত বহি থকা চিলনীৰ জীয়েকৰ ওপৰত আৰু আপোনাআপুনি মুখেৰে ওলাই গ’ল, “ওৱাও! হোৱাট আ বিউটী!” চকুৰ পচাৰতে লেন্সত আৱদ্ধ হৈ পৰিল দিপলিপ সৌন্দৰ্যৰ অধিকাৰী চিলনীৰ জীয়েকৰ বিভিন্ন এংগ’লৰ ফটো। কোনোবাখনত মুখখন আঁহতৰ পাতৰ মাজেৰে ভুমুকি মাৰিছে, কোনোবাখন আকৌ বেকগ্ৰাউণ্ড ব্লাৰ কৰি উঠাইছে, কোনোবাখনত আকৌ দুটা ঠেঙুলিৰ ফাঁকেৰে মুখখন জিলিকি আছে। মুঠতে ঢেৰ ফটো, ঢেৰ প’জ। তেনেতে যুৱকজনক বিচাৰি লগৰকেইজন সেইখিনি ঠাই আহি পোৱাত সিহঁত আটাইয়ে মিলি উভতি গ’ল। কিন্তু তাত থাকি গ’ল যুৱকজনৰ হৃদয়খন।

ঘৰলৈ উভতি আহি যুৱকজনৰ মন কা চ্যেন, ৰাতৌ কি নিন্দ, পেট কা ভুখ — সৱ গায়ৱ হৈ গ’ল। অনবৰতে চিলনীৰ জীয়েকে দীঘল চুলিটাৰী মেলি ফণীৰে আঁচুৰি থকা দৃশ্যটো মনত ভাঁহি থাকিবলৈ ধৰিলে। ফটোখিনি উৰাই ঘূৰাই চাই চাই ‘মন হি মন মে’ কাশ্মীৰৰ ডাল লেকত চিকাৰাত বহি গান গাবলৈ ধৰিলে,

“য়ে চান্দ চা ৰৌচন চেহৰা
জুল্ফৌ কা ৰংগ চুনেহৰা
য়ে ঝিল চি নীলি আখে
কয়ি ৰাজ হে ইনমে গেহৰা
তাআৰিইফ কৰু ক্যা উচ কি
জিচ নে তুম্হে বনায়া…”

নাই! আৰু থিৰেৰে থকিব নোৱাৰিলে যুৱকে। গাড়ীখন লৈ সি ওলাই গ’ল সেই ঠাইটুকুৰালৈ।
আঁহতগছজোপাৰ তল পাই চিলনীৰ জীয়েকক মাতিব ধৰিলে,

“হেই ইউ! হু আৰ ইউ? হোৱাটছ্ ইওৰ নেম? হোৱাট আৰ ইউ ডুয়িং আপ ডেয়াৰ?”

যুৱকৰ প্ৰশ্নবাণত উৱাদিহ নাপাই, ভয় খাই, চিলনীৰ জীয়েকে আগতে শিকাই থোৱা মতে আঁহতৰ পাতখিলা লৈ মাকক মাতিলে। তৎক্ষণাত চিলনী আহি জীয়েকৰ ওচৰত হাজিৰ হ’লহি। গছৰ তলত সুদৰ্শন যুৱকক দেখি চিলনীৰ মাইণ্ডত কিবা এটাই ষ্ট্ৰাইক কৰিলে। জীয়েকক এইজনৰ লগত গতাব পাৰিলে একো চিন্তাই নাথাকিব দেখোন। দেখাই শুনাই থিকেই আছে। অলপ ‘য়ৌ য়ৌ’ টাইপবোৰ মোৰ ভালেই লাগে বাৰু। মনতে গুণা-গঁথা কৰি চিলনীয়ে যুৱকক উদ্দেশ্যি মাত লগালে,
“বোপা, তুমি কোন? ক’ৰপৰা আহিছা? কি সকামত বা এইফালে আহিলা?”

ইমানসময়ে জীয়েকৰ মুখৰ ফালে তধা লাগি চাই থকা যুৱকৰ হুঁচ আহিল চিলনীৰ প্ৰশ্নত।

“অহ্ য়েছ! মোৰ ইন্ত্ৰ’ দেখোন দিয়াই নাই আপোনালোকক। আই এম এক্সট্ৰিমলী ছৰী!”, বুলি নিজৰ বিষয়ে ক’বলৈ মুখ মেলিলে।

“মোৰ নাম মেক্স। মানে মাখন। মাখন ইজ চৌ আউটডেটেড না, ডেটছ্ হোৱাই ফ্ৰেইণ্ডছবোৰে মেক্স বুলি মাতে। মোৰ ঘৰ সৌ দূৰৰ চহৰখনত। কালি ফ্ৰেইণ্ডছৰ লগত এইপিনে ফটো তুলিবলৈ আহোঁতে গছৰ ওপৰত বহি থকা সৌ ছোৱালীজনীক দেখি দুখনমান তাইৰো ফটো উঠাই লৈ গৈছিলোঁ আৰু ঘৰত গৈ ফটোকেইখন ভালদৰে চোৱাৰেপৰা মোৰ কিবা হ’ল। মানে কিবা এটা, মানে, ইউ নৌ ছামথিং ছামথিং।”

যুৱকৰ কথাখিনি শুনি চিলনীৰ গা সাতখন আঠখন হ’ল। অলপ ভাও দেখাই তাই ক’বলৈ ধৰিলে,

“সেইজনী মোৰেই জীয়ৰী। তাইৰ হাত খুজিবলৈ হ’লে তুমি মোৰ লগতেই আলোচনা কৰিব লাগিব।”

“অহ্ দেটছ্ গ্ৰেইট! কওক আপোনাৰ জীয়ৰীৰ বিনিময়ত মই কি দিব লাগিব?”

“না না বোপা, মোক একো নালাগে। দিয়া-লোৱা বেপাৰবোৰ তোমালোকৰ মাজতহে প্ৰচলিত। ছোৱালীজনী সুখত থাকিলেই মোৰো সুখ।”

“ছোৱালীৰ চিন্তা আপুনি নকৰিব। মোৰ লগত তাই মহাসুখত থাকিব। কিন্তু এটা সৰু প্ৰব্লেম আছে।”

“কেনেকুৱা সমস্যা বা?”,চিন্তান্বিত স্বৰত চিলনীয়ে সুধিলে।

“অলৰেডি মোৰ তিনিজনী গাৰ্লফ্ৰেইণ্ড আছে। সিহঁতকেইজনীৰ ভিতৰত যিকোনো এজনীক সময়ত মই বিয়া কৰাম বুলি কথা দিয়া আছে। কথা ৰাখা নাৰাখাটো অৱশ্যে মোৰ ওপৰত নিৰ্ভৰশীল।”, এক অৰ্থপূৰ্ণ হাঁহি মাৰি যুৱকে কথাখিনি ক’লে।

“এতিয়া নতুন এজনীক লৈ গ’লে কথাটো দেখোন সাংঘা হ’ব! প্লেন কি তোমাৰ?”, চিলনীয়ে আচৰিত হৈ সুধিলে।

“সেইটো ৰিস্ক মোৰ ওপৰত এৰি দিয়ক। আপুনি মাত্ৰ এতিয়া আপোনাৰ ছোৱালীক মোৰ লগত পঠোৱাৰ ব্যৱস্থা কৰক সোনকালে। আৰু শুনক, কন্দা-কটা নকৰিব প্লীজ, বিক’জ, আই হেট টিয়াৰ্ছ।”

আলোচনাৰ শেষত চিলনীৰ জীয়েক যুৱকৰ লগত আহিবলৈ ওলাল। চিলনীয়ে দুয়োকে আশীৰ্বাদ একাঁজলি দি বিদায় দিলে। লামলাকটুকেইটা হাতত লৈ চিলনীৰ জীয়েক গছৰপৰা নামি আহি যুৱকৰ গাড়ীত বহিলহি।

“যা আই, ভালদৰে থাকিবি। আজিৰেপৰা সঁচা অৰ্থত এখন ঘৰত থাকিবলৈ পাবি তই। গছ এডাল তোৰ ঠিকনা কেতিয়াও হ’ব নোৱাৰে। সকলোৰে লগত মিলাপ্ৰীতিত চলিবি আই। বোপাই, বুজাই-বঢ়াই ল’বা আৰু নিজৰ বুলি। তোমাৰ হাততে সকলো এৰি দিছোঁ।”, চিলনীয়ে বেজাৰ মনেৰে ক’লে।

“আপুনি একো টেনশ্বনেই নল’ব। ৰাণীৰ দৰে সুখত ৰাখিম আপোনাৰ ছোৱালীক। মাজে মাজে দেখা কৰিবলৈ আহিব আপুনিও।”, কৈয়ে গাড়ী ষ্টাৰ্ট দিলে যুৱকে।

চহৰ পোৱাৰ পিচত যুৱকে এটা ডাষ্টবিনৰ কাষত গাড়ীখন ৰখাই চিলনীৰ জীয়েকৰ কোলাৰপৰা কাপোৰৰ টোপোলাটো দাঙি লৈ গাড়ীৰ দৰ্জা খুলি বাহিৰলৈ ওলাল।

“কি কৰে মোৰ আয়ে আনি দিয়া কাপোৰখিনি!”, থেৰোগেঁৰোকৈ চিলনীৰ জীয়েকে যুৱকক সুধিলে।

“পেলাই দিম। এতিয়া তুমি মোৰ ফিয়ান্সে। এইবোৰ কাপোৰে তোমাক নুশুৱায় আৰু। নতুন ডিজাইনৰ ধুনীয়া কাপোৰ কেইসজমান মই কিনি দিম তোমাক।”

“ঠিক আছে বাৰু। কিন্তু টোপোলাটোত আৰু এটা অমূল্য সম্পদ আছে মোৰ।”

“কি অমূল্য সম্পদ আছে তোমাৰ?”

যুৱকে টোপোলাটো খুলি দেখে যে তাত আহঁতৰ পাত এখিলাও আছে। পাতখিলা দেখি যুৱক হাঁহিত ফাটি পৰিল। চিলনীৰ জীয়েকে কন্দনামুৱা হৈ পাতখিলাৰ মহত্ত্ব বুজাই দিয়াৰ পিচতহে যেনিবা হাঁহি থমকিল। কিছুসময় কিবা এটা চিন্তা কৰি পাতখিলা আকৌ টোপোলাটোত সুমুৱাই কাপোৰৰে সৈতে ডাষ্টবিনলৈ নিক্ষেপ কৰিলে আৰু আহি গাড়ী ষ্টাৰ্ট দিলে। বেচেৰী চিলনীৰ জীয়েকে হতভম্ব হৈ চায়েই থাকিল। গাড়ী আহি আহি এটা বৃহৎ শ্বপিং কমপ্লেক্সত সোমাই গ’ল আৰু প্ৰায় পাঁচঘণ্টা মূৰত ওলাই আহিল। শ্বপিং কমপ্লেক্সত সোমাই যোৱা চিলনীৰ জীয়েক আৰু তাৰপৰা ওলাই অহা চিলনীৰ জীয়েকৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছিল।

যুৱকে চিলনীৰ জীয়েকক আনি সেই ঘৰটোত নমাই দিলে য’ত ইতিমধ্যে তাৰ অইন তিনিজনী গাৰ্লফ্ৰেইণ্ডে নিতৌ কাজিয়া-পেচাল লাগি আনন্দমনেৰে বসবাস কৰি আছিল। যুৱকৰ লগত দিপলিপ গাভৰু এজনী দেখি অ’ভাৰস্মাৰ্ট তিনি গাৰ্লফ্ৰেইণ্ডে সৱ বুজি পালে। প্ৰতিদ্বন্দীৰ সংখ্যা আৰু এজনী বৃদ্ধি পোৱাত তিনিওজনী খঙত টিঙিৰিতুলা হৈ পৰিল। অৱশেষত অন্য উপায় নেদেখি ‘দুছমন কা দুছমন অপনা দৌস্ত’ পলিচি মতে সিহঁত তিনিওজনী একত্ৰিত হৈ নিজ ৰাস্তাৰপৰা ‘চিলনীৰ জীয়েক হতাও’ মিছনত নামি পৰিল। সেই উদ্দেশ্যে সিহঁতে প্ৰথমতে চিলনীৰ জীয়েকক ভালৰি লগাই তাইৰ আদ্যোপান্ত জানি ল’লে আৰু সুযোগৰ সন্ধানত ৰ’ল।

মাহ বাগৰিল। ইতিমধ্যে চিলনীৰ জীয়েকে আধুনিক জীৱনৰ সকলো আদৱ-কায়দা শিকি লৈছিল। যুৱকৰ লগত নিতৌ তাই ওলাই যায়। আজি বোলে মুভী, কাইলৈ বোলে লং ড্ৰাইভ, পৰহিলৈ বোলে ৰেষ্ট’ৰেণ্টত ডিনাৰ। পাৰ্লাৰ, শ্বপিং আকৌ এক্সট্ৰা। চহৰৰ অলি-গলি এতিয়া তাইৰ নখ দৰ্পণত। মুখত আখৈ ফুটাদি ইংলিছ ফুটে। একাষাৰ সুধিলে তাইৰপৰা এহালিছা উত্তৰ পোৱা যায়। ইফালে এইবোৰ দেখি দেখি তিনি সতিনী গাৰ্লফ্ৰেইণ্ডৰ গা পুৰি দেই যোৱা অৱস্থা। কেনেকৈ যুৱকৰ চকুত চিলনীৰ জীয়েকক হেয় প্ৰতিপন্ন কৰিব পাৰে, তাৰেই চিন্তাত দিন ৰাতি একাকাৰ কৰি খোৱা-পিন্ধাটো বাদেই, আনকি নখত নেইল পলিছ লগাবও পাহৰি গৈছিল। তেনেতে এদিন সুযোগ ওলাল।

“বহুতদিন ঘৰত পাৰ্টি কৰা নাই। মই কাইলৈ গোটেই বজাৰ কৰি আনিম। সকলোৱে মিলি বনাই ভালকৈ এসাজ খাম।”, যুৱকৰ প্ৰস্তাৱত তিনিওজনী নাচি উঠিল। যেন ইমানদিনে এইষাৰি কথা শুনিবলৈকে সিহঁত জীয়াই আছিল। এজনীয়ে তপৰাই ক’লে,

“আমাৰ হাতেৰে তুমিতো বহুত খালা। কাইলৈ চিলনীৰ জীয়েকেৰ হাতেৰেই খাওঁ, নে কি!”, লগে লগে বাকী দুজনীও হয়ভৰ দিলে।

সিহঁতে জানিছিল যে চিলনীৰ জীয়েকে ঘৰত একো শিকি অহা নাই। ৰন্ধা বঢ়াতো দূৰৰে কথা, তাই গেছ জ্বলাবও নাজানে। আনফালে যুৱক হৈছে খোৱা-বোৱাত বৰ চৌখিন। গতিকে কাইলৈ যেতিয়া সময়ত ডাইনিং টেবুলত প্লেট খালী হৈ থাকিব, তেতিয়া যুৱকে নিশ্চয় তাইক য’ৰপৰা আনিছিল পুনৰ তাত থৈ আহিব। সেইদৰে পৰিকল্পনা কৰি ঘৰৰ কুকজনীকো পিছদিনাৰ বাবে ছুটী দি দিলে সিহঁতকেইজনীয়ে।

পিছদিনাখন ৰাতিপুৱাই যুৱকে বজাৰ-সমাৰ কৰি দি দুপৰীয়া খোৱা টাইমত আহি পাব বুলি কৈ বিশেষ কাম এটাত ওলাই গ’ল। সতিনী গাৰ্লফ্ৰেইণ্ড তিনিজনীও মনৰ উলাহতে পাৰ্লাৰলৈ বুলি ওলাই গ’ল। চাৰি পাঁচমাহে পাৰ্লাৰৰ মুখ নেদেখি আইনায়ো সিহঁতৰ মুখ চিনি নাপাওঁ বুলি হাত দাঙি দিছিল। যথা সময়ত সকলো ডাইনিং ৰুমত সোমাই অবাক। বিধে বিধে ব্যঞ্জনেৰে ডাইনিং টেবুল ভৰ্তি। যুৱকৰ মুখত সন্তোষৰ হাঁহি, তিনি সতিনী গাৰ্লফ্ৰেইণ্ডৰ ফেচিয়েল ধন্য মুখত দুখৰ ৰাগী।

খোৱা-বোৱাৰ অন্তত যুৱকে চিলনীৰ জীয়েকৰ দুহাতত মৰমৰ চুমা আঁকি পিছদিনাখন স্পেচিয়েল গিফ্ট দিয়াৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিলে। যুৱকে গাড়ী ষ্টাৰ্ট দিয়াৰ লগে লগে তিনিও সতিনী গাৰ্লফ্ৰেইণ্ড উৰি অহাদি আহি চিলনীৰ জীয়েকক ঘেৰি লৈ উপৰ্যুপৰি প্ৰশ্ন কৰাত লাগিল,
“মৰতী, ক’ত, কেনেকৈ ইমান সুস্বাদু খাদ্য বনাবলৈ শিকিলি তই, ক? ইমান ধুনীয়াকৈ পৰিবেশন কৰিবলৈ কোনে শিকালে তোক? আৰু… আৰু শেষত যে তই জ’ককেইটা শুনালি, সেইবোৰ… সেইবোৰ ক’ত, কেতিয়া শিকিলি? নে চিলনী আয়েৰাই আহি শুনাই যায়, হুহ! আমাৰ আগত হ’লে মুখখন লাওপাত কচুপাত আৰু মেক্সৰ আগত হ’লে কথাত মৌ বৰষে, ওঁঠেৰে ৰোমণ্টিক কবিতা নিগৰে। সৱ কথা খুলি ক’, নহ’লে আজি তোৰ নিস্তাৰ নাই। কি যাদু-তৌনা শিকাই পঠিয়াইছে বুঢ়ী চিলনীয়ে?”

“ঐ জহনীত যাইতিহঁত, চুপ থাক। মোৰ আইৰ কথা তেনেকৈ নক’বি। পৰিণাম ভাল নহ’ব কিন্তু!”, চিলনীৰ জীয়েকো সমানে জকজকাই উঠিল।

“মোৰ হাতত একো যাদু-তৌনা নাই। মোৰ হাতত এইটো আছে।”, হাতত থকা স্মাৰ্ট ফোনটো দাঙি এক নাটকীয় ভংগীত চিলনীৰ জীয়েকে পুনৰ কৈ উঠিল।

“এটা সামান্য স্মাৰ্ট ফোন? সেয়াটো আমাৰ হাততো আছে।”, তিনিওজনীয়ে সমস্বৰে চিঞৰি উঠিল।

“ওঁ, থকাতটো তহঁতৰ হাতে হাতেও আছে, কিন্তু তহঁত সেইটোৰ দৰে স্মাৰ্ট হ’ব নাই। মোক চা! মোৰ হাতত এটা দামী স্মাৰ্ট ফোন আছে। তাত ফেচবুক আছে। ফেচবুকৰ অসংখ্য গ্ৰুপৰ মই সক্ৰিয় সদস্য। ‘পাকঘৰ’, ‘নাৰী তুমি অনন্যা’, ‘জুতি-বুধি’, ‘হাঁহি কেৱল হাঁহি’, ‘কবিতা: মোৰ বুকুৰ এফাল’, ‘উমুক্ত কণ্ঠ’, ‘পৰচৰ্চা’, ‘অপৰূপা’ আদিকে ধৰি শ শ গ্ৰুপত মোক হাজাৰজনে চিনি পায়। মোৰ এটা পষ্টত হেজাৰ লাইকছ্, কমেণ্টছ্ পৰে, বুজিলি! ৰন্ধা-বঢ়া, সৌন্দৰ্য-চৰ্চা, কৌতুক-কবিতা, গালি-গালাজ সৱ ইয়াতেই শিকিছোঁ মই। মোৰ আত্ম উত্তৰণৰ গুৰিতেই হ’ল এই ফেচবুক। স্মাৰ্ট ফোন হাতত ল’লেই মানুহ স্মাৰ্ট হৈ নাযায়, কিমান স্মাৰ্টলী তাক ব্যৱহাৰ কৰিব পাৰি, সেইটোহে আচল স্মাৰ্টনেছ। সেই একেই স্মাৰ্টনেছ খটুৱাই এতিয়াই তহঁতৰ ছুট্টী কৰিব নোৱাৰোঁ যদি ময়ো চিলনীৰ জীয়েক নহওঁ বাপ্পেক্কে।”,সেইবুলি তিনি সতিনী গাৰ্লফ্ৰেইণ্ডৰ কথাখিনি ভিডিঅ’ ৰেকৰ্ডিং কৰি ‘সম্পূৰ্ণাকাশ – কেৱল মহিলাৰ বাবে’ বুলি গ্ৰুপটোত আপল’ড কৰি দিলে আৰু বিতৰ্কৰ সূচনা কৰি এফ আৰ পি লুটিলে।

যুৱকে চিলনীৰ জীয়েকক বাঃ বাঃ দিলে আৰু বাকী তিনিজনীক যাঃ যাঃ কৰি ঘৰৰপৰা উলিয়াই দিলে।

চিলনীৰ জীয়েকে নিজৰ নাম ‘শ্বিলা’ ৰাখিলে আৰু মেক্সক বিয়া কৰাই সুখেৰে দিন অতিবাহিত কৰিবলৈ ধৰিলে।

☆★☆★☆

40 Comments

  • বাহ! কি সুন্দৰ ৰিমেক্স। বৰ ভাল লাগিল।

    Reply
    • Irani Saikia

      ৰিমিক্স যে ভালদৰে কৰিলে কিমান ভাল হব পাৰে তাৰ প্ৰমান এই গল্পাটো ।

      Reply
  • ৰিণ্টু

    য়ৌ য়ৌ।

    এক কথাত – সাংঘা

    Reply
  • Asomi Gogoi

    বাপৰে বাপ…… নতুন পুৰণিৰ কি সংমিশ্ৰণ! মানিছো মণিষা।

    Reply
  • ৱাহ!মজ্জা বনাইছে সাধুটো

    Reply
  • সদানন্দ ভূঞা

    ৱাও, বহুত বঢ়িয়া লাগিল দেই ।

    Reply
  • Kangkan Borah

    মজ্জা ৰিমেক্স……ভাল লাগিল মনিষা

    Reply
  • ৰিমঝিম

    তামাম

    Reply
  • Anonymous

    চুপাৰ্ব।

    Reply
  • ভাস্কৰ

    টামাম

    Reply
  • Mitali Saharia

    ৱাহহ…বহুত ধুনীয়া লাগিল।

    Reply
  • তুমি কিন্তু ৰিমিক্স তামাম দিয়া!👍

    Reply
  • দিম্পল

    কি লিখিলে হে।
    মুঠতে dslr থাকিলে পতিব ন

    Reply
  • Anonymous

    মাৰভেলাচ

    Reply
  • manab jyoti kalita

    ৱাহ ৱাহ
    ৱাহ ৱাহ

    Reply
  • Anonymous

    খুব ভাল লাগিল। মজ্জা।

    Reply
  • সুৰভি ডেকা দত্ত

    বঢ়িয়া লাগিল পঢ়ি । ডাঙৰ ডাঙৰকৈ
    পঢ়ি ল’ৰাটোক শুনাই আছিলো । পহি পহি মুখে ফেনাই গৈছেগে তথাপি এৰি দিয়া নাই । খতম কৰি হে উঠিলো ।

    Reply
  • দেৱজিৎ বৰুৱা

    মজ্জা লাগিল ।

    Reply
  • অনুৰূপ মহন্ত

    ‘আঁহতৰ পাত লৰে কি চৰে, য়ৌ য়ৌ
    চিলনী আই মোৰ হাততে পৰে, য়ৌ য়ৌ’
    মজ্জা, পুৰা য়ৌ য়ৌ ৰিমিক্স সাধু। মজ্জা

    Reply
  • Manisha Kakati

    সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মন্তব্যই উৎসাহ জোগায়।

    Reply
  • Sweet lena Das

    কৃষ্ণ বাই কি আছিল অ এইটো😁😁😁

    Reply
  • তৃষ্ণা সো.

    বৰ সোৱাদ পালো, তাতে চিলনীৰ জীয়েকৰ কাহিনী।

    Reply
  • Hamen Dhing

    সচাকৈ সুন্দৰ লিখনি দেই।

    Reply
  • হেমন্ত কাকতি

    প্ৰাউদ অৱ ইউ মনীষা৷ ৱাও!
    আৰু এবাৰ ৱাও!

    Reply
  • sidananda

    এক্সিলেন্ট

    Reply
  • Rajib Sarma

    কোনে কয় ৰিমিক্স বেয়া?এইটো অকল ভালেই নহয় অতি ভাল হৈছে।

    Reply
  • Anonymous

    Bobut val lagil baa

    Reply
  • Anonymous

    Best story of fotadhol.

    Reply
  • Manisha Kakati

    Thank you again for reading my piece of writing and delivering such lovely comments.

    Reply
  • ঈশান

    “ৰিমিক্স”- বৰ ভাল লাগিল । কল্পনাৰ অভিনৱত্ব আৰু সাৱলীল বৰ্ণনাশৈলীয়ে বঢ়িয়া গল্প এটাৰ সৃষ্টি কৰিলে ।

    Reply
  • Anjan Sadhanidar

    ভাল লাগিল

    Reply
  • jolly

    wow .wonderful remix.just loved it

    Reply
  • গীতিকা শই্যকীঅ

    আজ্জৌ! য়ৌ য়ৌ……… সঁচাকৈয়ে কি সাংঘাতিক লিখিলা!

    Reply
  • Manash Saikia

    মজা ৰিমিক্স৷
    য়ৌ য়ৌ……..

    Reply
  • jubee phukan

    😂😂

    Reply
  • Anonymous

    হে হৰি এইখন কি আচৰিত ৰিমিক্স হয়নে,,, য়ৌয়ৌ মনিষা

    Reply
  • হে হৰি কি আচৰিত ৰিমিক্স,,, লক্ষ্মীনাথ বেজবৰুৱা দেৱে ভাল লগ নাপালে মনিষাক | য়ৌ য়ৌ

    Reply
  • Krishna

    চাংগা ৰিমিক্স

    Reply
  • পিনাক্ষী দাস

    মজা লাগিল

    Reply
  • দুলু শইকীয়া ।

    সুন্দৰ ।

    Reply

Leave a Reply

Your email address will not be published.