ফটাঢোল

চুৱা – ৰিণ্টুমনি দত্ত

প্ৰিয় সাহিত্যিক দেৱব্ৰত দাস চাৰৰ কিতাপ এখনৰ পৰা চুৰ কৰি অনা হাইকু এটাৰেই আৰম্ভ কৰোঁ‌।
“…দুবৰি ফুলাৰ বতৰত
চকুপানী হাঁহি হোৱালৈ বাট চাবা
ডালিম পকিলেই আমি যাম ৷
প্ৰেমৰ স্বৰ্ণ-মন্দিৰলৈ ,
আৰু গাম প্ৰেমৰ আবহ সংগীত…”
“তেতিয়া কক্ষ্যচ্যুত হ’ব ভানু মধ্যাহ্নৰ বেলা। মামা, এতিয়াও ম্লান নোহে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হ’ব পাৰোঁ‌ সূতপুত্ৰ, হ’ব পাৰোঁ‌ বিশ্বৰ অস্পৃশ্য; তথাপিতো সখা বুলি, বন্ধু বুলি এবাৰ যাক সাবটি ধৰিছোঁ মামা, শত শত কুৰুক্ষেত্ৰ, সহস্ৰ পাণ্ডৱ; লক্ষ লক্ষ দৈৱকী নন্দনে, নোৱাৰে চিঙিব সেই, বন্ধুত্বৰ ডোল, নোৱাৰে চিঙিব সেই প্ৰীতিৰ বান্ধোন…” সি সংলাপটো কৈ শেষ কৰাৰ লগে লগে “ আগৰ মানুহ বহি দিয়ক” জাতীয় চিঞৰবোৰ আৰু অজস্ৰ হাত চাপৰিৰ কলৰৱে গোটেই নামঘৰটো মুখৰিত কৰি তুলিলে।
আজি শংকৰ জন্মোৎসৱ উপলক্ষে বিজয়হঁতৰ নামঘৰত ‘শকুনিৰ প্ৰতিশোধ’ ভাওনাখন পাতিছে৷ বিজয়েও এটা ভাও পাইছে – কৰ্ণ৷ এমাহযোৰা আখৰাৰ পিছত আজি ভাওনা৷
সংলাপটো কৈয়ে বিজয়ে এবাৰ চাৰিওফালে চকু ফুৰালে, ক’ৰবাত কিজানি তাৰ চিনাকি চকুযুুৰি দেখা পায়েই। পিচে নাই, ক’তো দেখা নাপালে সি – ক’ৰবাত সম্ভৱ লাজতে আঁৰ হৈ বহি আছে৷
আজি এমাহমান আগৰ পৰা বিজয়হঁতৰ ফাইলটোৰ গাত থৰ – কাছুটি নাই৷ ইফালৰ পৰা সিফাললৈ দৌৰা দৌৰি। অ’ত নাটক বিচৰা ত’ত ধনু বিচৰা – মুঠৰ ওপৰত এক অনাহক ব্যস্ততা৷ জন্মোৎসৱ আয়োজন কৰিবলৈ পতা সভাখনতে গাৱঁৰ বুঢ়াসকলে ভাওনাখন পতাৰ দায়িত্ব বিজয়হঁতক দিলে৷ তেতিয়াৰ পৰা সিহঁতৰ গাত তত নাই। পাণ্ডুলিপি যুগুতোৱা, ভাওনাৰ চৰিত্ৰবোৰ ভাগ বিতৰণ কৰা আদি সকলো কাম সিহঁতেই কৰিছে। সৰুৰে পৰাই কণদাইটিৰ মুখেৰে কৰ্ণৰ সংলাপ শুনি শুনি বিজয়ৰ মনত এক দুৰ্বাৰ আকাংক্ষাই জন্ম লৈছিল – এই ভাওটো ল’বলৈ৷ গতিকে এই সুবিধাটো সি কোনোপধ্যে তাৰ হাতৰ পৰা যাবলৈ নিদিলে।
আগতেও যেতিয়া গাঁৱত ভাওনা হয়, তেতিয়াও বিজয়হঁতৰ অৱস্থা এনেকুৱাই হয়, পিচে তেতিয়া সিহঁতে কোনো ভাও নাপায়। সাধাৰণতে তেতিয়া সিহঁতৰ ভাগত কাৰোবাৰ বাবে কাঁড় বনোৱা, কাৰোবাৰ ধনুত ৰঙা-নীলা কাগজ লগোৱা ইত্যাদি কামবোৰ পৰে৷ কিন্তু সিহঁতো সহজে এৰা ভকত নহয় – ভাও নোপোৱাৰ বেদনা আঁতৰাবলৈ সিহঁতে প্ৰফুল্ল দাইটিহঁতৰ ভঁৰালৰ আগফালটোকে বাছি লয় ভাওনা কৰিবলৈ৷  তাতে সিহঁতে ভাওবিলাক ভাগ-বতৰা কৰি জেওৰা খৰিক অস্ত্ৰ হিচাপেলৈ যুদ্ধ কৰে৷ অৱশ্যে চৰিত্ৰবিলাক ভাগ-বতৰা কৰাটো সিহঁতৰ বাবে ইমান সহজ প্ৰক্ৰিয়া নহয় – ইয়াৰ কাৰণ মূলতঃ তিৰোতাৰ ভাওকেইটা৷ নৱ আৰু শিৱৰ বাহিৰে কোনেও তিৰোতাৰ ভাও কেইটা ল’বলৈ প্ৰস্তুত নহয়। ফলস্বৰূপে সৃষ্টি হয় এক খণ্ড-যুদ্ধৰ৷ শেষত অৱশ্যে সিহঁতে সেই বিশেষ চৰিত্ৰকেইটা বাদ দিয়েই ভাওনাখন কৰেগৈ।
সেইদিনকেইটাত দুপৰীয়া বিজয়ে মাক দেউতাকহঁতে ভাত খোৱাৰ আগতেই লৰালৰিকৈ ভাত খাই বিচনাত কাতি হয়৷ চকুৰ পটা জপাই থয় যদিও কাণ দুখন থিয় কৰি ৰাখে মাক দেউতাকহঁতে ভাত পানী খাই বিচনালৈ অহাৰ শব্দ শুনিবলৈ। ঘৰৰ আন মানুহবিলাক টোপনি যোৱা গম পালেই সি হাতত সাৰে ভৰি সাৰে ওলাই যায় পদূলিমুখলৈ আৰু যেতিয়া দেখে যে তেতিয়ালৈকে কোনেও গম পোৱা নাই, তেতিয়াই সি দৌৰ মাৰে প্ৰফুল্ল দাহঁতৰ ভঁৰালৰ মুখলৈ৷ কেতিয়াবা যদি কেনেবাকৈ ধৰা পৰে। তেতিয়া মাকে তাক ভাল দৰে কাণমলা কেইটামান দি আকৌ শুৱাই থয়।
প্ৰফুল্ল দাহঁতৰ ভঁৰালৰ সন্মুখত সিহঁতে গোটেইকেইটা লগ হৈ যাৰ যি বচন মনত থাকে, তাৰেই সিহঁতে ভাওনা কৰে৷ প্ৰফুল্ল দাহঁতৰ গৰুক দানা দিয়া টিংটোকে খোল বনাই সিহঁতে ভীমক প্ৰবেশ কৰাই আৰু ভীম হোৱাটোৱে বচন মাতে – “ভীম ভীম নকৰিবি ভীমৰ আগত, হাড়ে – মূৰে ভাঙি দিম গদাৰ কোবত৷ ”
ভাওটো পাই অৱশ্যে বিজয় প্ৰয়োজনতকৈ অলপ বেছিয়েই সুখী হৈছে – ইয়াৰ এটা বিশেষ কাৰণো আছে। আজি দুমাহমান আগৰ পৰা সি প্ৰেমত পৰিছে৷ মাণিক দাইটিহঁতৰ ঘৰত আজি দুমাহমান আগৰপৰা ছোৱালী এজনী আছেহি। এদিন দুপৰীয়া নৈত গা ধুবলৈ যাওঁতে তাৰ ছোৱালীজনীৰ লগত “চাৰি চকুৰ মিলন ঘটিল” আৰু তেতিয়াৰ পৰাই “প্ৰথম দৰ্শনতে প্ৰেম”৷ (এই “চাৰি চকুৰ মিলন” আৰু “প্ৰথম দৰ্শনতে প্ৰেম” বাক্য দুটা সি অলপ দিনৰ আগতে উপন্যাস এখনত পঢ়িছে৷) সি তাৰ লগৰ কেইটাৰ পৰা ইতিমধ্যে তাইৰ বিষয়ে সবিশেষ উলিয়াই লৈছে। তাইৰ নাম ‘মমী’৷ মাণিক দাইটিহঁতৰ শেৱালী বাইদেউৰ ছোৱালী মানে মাণিক দাইটিৰ জী নাতিনীয়েক৷ নৱম শ্ৰেণীৰ পৰীক্ষা দি বন্ধত ককাকৰ ঘৰলৈ ফুৰিবলৈ আহিছে।
তাৰ প্ৰেমৰ কথা প্ৰথমতে সি কাকো ক’ব পৰা নাছিল। প্ৰকৃততে একপ্ৰকাৰৰ লাজে তাক আগুৰি ৰাখিছিল। অৱশেষত এদিন সি সাহ – পিত গোটাই কথাটো সোনটোক ক’লে। সোনটোৱেই তাক দিহাটো দিলে। তাৰ অভিনয় যদি ভাল হয় তেন্তে ছোৱালীজনী তাৰ প্ৰেমত পৰাটো খাটাং। তেতিয়াৰ পৰা বিজয়ৰ গাত তত নাই। দিনে ৰাতিয়ে তাৰ এটাই চিন্তা – কি দৰে ভাওটো ভাল কৰিব পাৰি! স্কুললৈ সদায় সি কিতাপৰ মাজত নাটকৰ বচন লিখা কাগজখন সোমোৱাই লৈ যায়। অকণমান অকলশৰীয়া মুহূৰ্ত পালেই বচনকেইটা আওঁৰায়৷ ভাওটো লওঁতেই মাকে তাক সকীয়াই দিছে, পঢ়াৰ সময়ত এইবোৰ নচলিব। গতিকে ঘৰত সি বিশেষ সাৱধানতা অৱলম্বন কৰিব লগা হৈছে৷ তথাপিও অলপমান সুৰুঙা পালেই সি কিতাপৰ মাজতে কাগজখন লৈ বচনকেইটা মুখস্থ কৰে।
সম্ভৱতঃ ছোৱালীজনীও বিজয়ৰ প্ৰেমত পৰিছে। নহ’লেনো বিজয়ৰ চকুৱে চকুৱে পৰিলেই তাই লাজ লাজ হাঁহি এটা মাৰি আঁতৰি যায় কিয়? সি পঢ়া উপন্যাসখনতো প্ৰেমৰ সূত্ৰপাত এনেদৰেই হৈছিল।
অৱশেষত বিজয়ৰ বহু আকাংক্ষিত সেই দিনটো আহি পালেহি। তাৰ বাবে অনা পোছাকযোৰ তাৰ যথেষ্ট পচন্দ হৈছে৷ অৱশ্যে পোছাক আনিবলৈ যাওঁতে সি হেমন্তদাক বিশেষভাবে কৈ পঠিয়াইছিল – তাক এযোৰ ‘ৰয়েল ড্ৰেচ’ লাগিব বুলি৷
“–ধৰ্মৰাজ, বুদ্ধিহীন মতিচ্ছন্ন নহয় বিধাতা। যোৱা মহাৰাজ, আনন্দেৰে দিছো মুক্তিদান। ইচ্ছা কৰা হ’লে কৌৰৱৰ ৰাজপ্ৰসাদত, বন্দী কৰি লৌহ পিঞ্জৰাত, পাৰিলোহেঁ‌তেন ৰাজা ৰাখিব তোমাক। কিন্তু নাৰাখো, কৰ্ণই নকৰে ভংগ কোনো প্ৰতিজ্ঞাৰ। ৰহস্য, ৰহস্য যাৰ জীবনৰ সাৰ। শুনা ৰাজন, তুমি মোৰ প্ৰতিদ্বন্দ্বী নাছিলা কদাপি। পাৰ্থক উদ্দেশ্যি মোৰ চলিছিল ৰথ, সন্মুখত তুমি আহি আগুৰিলা পথ। তোমাৰ বাবেই মোৰ হেৰাল চিকাৰ, নহ’লে নোপোৱা ৰাজা এনে তিৰস্কাৰ।” – যুধিষ্ঠিৰৰ লগত দৃশ্যটো শেষ কৰিয়েই বিজয়ে ছোঁ‌ঘৰলৈ আহি আকৌ নামঘৰৰ চাৰিওফালে চকু ফুৰালে, চিনাকি চকুযোৰৰ সন্ধানত। নাই, ক’তো চকু নপৰিল। সোনটোৱে তাৰ লগৰ ধ্ৰুৱৰ ভনীয়েক জোনক কেঁ‌চা চানা আনি দিয়াহে তাৰ চকুত পৰিল।
তাৰ ভাও যতদূৰ সম্ভৱ ভালেই হৈছিল৷ কাৰণ তাৰ প্ৰথম দৃশ্যটো শেষ হোৱাৰ লগে লগে গোটেই নামঘৰটো হাত চাপৰিৰে মুখৰিত হৈ পৰিছিল৷ প্ৰতিটো সংলাপ কৈয়েই সি চাৰিওফালে এবাৰ চকু ফুৰাইছিল৷ কিজানবা তাৰ চিনাকি চকুহাল ক’ৰবাত দেখেই। পিচে নাই, ক’তো দেখা নাপালে সি। সম্ভৱতঃ ছোৱালীৰ স্বভাৱজাত লাজটোৰ বাবেই তাই ক’ৰবাত আঁৰত বহি আছেগৈ৷
পিছদিনাখন ৰাতিপুৱাটো তাৰ মুখৰ মেক-আপ আঁতৰাওতেই গ’ল। দাড়িবোৰ ইমান বেয়াকৈ আঠা দি লগালে – আঁতৰাওতে তাৰ মুখৰ ছাল চিঙি যাব যেন লাগিছিল। চাফ চিকুণ হৈয়েই সি মাণিক দাইটিহঁতৰ পদুলিমুখ পালেগৈ – তাৰ ভাও মমীয়ে কেনে পালে তাৰ খবৰ এটা কৰাৰ অাশাত। তাক চকা মকাকৈ পদূলিমুখত দেখিয়েই মাণিকদাইটিহঁতৰ আইতাই মাত লগালে – “কোন ঔ সেইটো? আমাৰ মনেশ্বৰৰ ল’ৰাটো নহয় জানো? চাওঁ এইফালে আহচোন …” সি গৈ চোতাল পোৱাৰ লগে লগে বুঢ়ীয়ে তাৰ গালে মুখে হাত ফুৰাই ক’লে – “হেৰৌ কালি পৰহিলৈকে কোলাতে সৰু পানী চুইছিলি। এতিয়াই ইমান ভাল ভাও কৰিব পৰা হ’লি নে? মাৰৰ পেটতে শিকি আহিছিলি নিকি ঔ বোপাই? হওক দে বৰ সন্তোষ পালোঁ এথোন … ”
তাৰমানে তাৰ ভাও সঁচাকেই ভাল হৈছিল। ইস্‌ এইখিনি কথকেই যদি সি মমীৰ মুখৰ পৰা শুনিলেহেতেন! সুবিধা বুজি সি মাত লগালে – “আইতা খুৰীদেউহঁত নাই নেকি?”
“আছে ঔ বোপাই৷ পিছফালে ৰবাব টেঙা খাই আছে৷ যা তয়ো তালৈকে যা৷ অকণমান খাব পাৰিবি। টোপনি খতিত ভাল লাগিব…৷”
সুবিধাটো পায়েই সি একেচাঁতে পিছফালৰ পুখুৰীৰ পাৰ পালেগৈ৷ তাক খুৰীয়েকে মুঢ়া এটাতে বহিবলৈ দিলে৷ কলপাত এখনত ৰবাব টেঙা অলপমান লৈ সি লাহেকৈ সুধিলে – “খুৰী ভাওনা কেনেকুৱা লাগিল?”
“কিনো ক’বি অ’ আমাৰ ফুটা কপালত তোৰ ভাও চোৱাটো লিখাই নাছিল হ’ব পায়৷ ভাওনা চাবলৈ ওলাওঁতেই আমাৰ এই মমীজনী চুব নোৱাৰা হ’ল৷ তাইকনো ঘৰখনত অকলে এৰি যাওঁ কেনেকৈ  বাৰু? মনৰ আশা মনতে ৰ’ল বুজিছ? মানুহৰ মুখতহে কোৱা শুনিছোঁ, তোৰ ভাও হেনো বৰ ভাল হৈছিল৷”
খুৰীয়েকে কোৱা বাকী কথাবোৰ তাৰ কাণত নোসোমাল৷ চক্ৰবৃদ্ধি হাৰ সূতৰ দুই পৃষ্ঠাযোৰা অংক এটা পৰীক্ষাত এঘণ্টা সময়জুৰি কৰি, শেষত যোগ বিয়োগ কৰোঁতে ভুল হোৱা যেন লাগিল তাৰ ৷
☆★☆★☆

41 Comments

  • অনুৰূপ মহন্ত

    প্ৰথম এইটোকে পঢ়িলোঁ। বঢ়িয়া লাগিল। শেষৰ বাক্যটো তামাম!😊

    Reply
    • ৰিণ্টু

      অশেষ ধন্যবাদ অনুৰূপ

      Reply
  • তৃষ্ণা সো.

    বঢ়িয়া লাগিলে, বেচেৰা বিজয়।

    Reply
  • Miraz

    বৰ ভাল লাগিল পঢ়ি।

    Reply
  • parishmita

    খুউব সুন্দৰ আৰু সাৱলীল লেখা। বহুত ভাল লাগিল।

    Reply
    • Rintumoni Dutta

      ধন্যবাদ পৰিস্মিতা

      Reply
  • Bijoy Mahanta

    নিজৰ কাহিনীৰ নায়ক নিজে নহৈ মোৰ ওপৰত জাপি দিছে ন?তামাম লিখিলে অ।ভাওনাৰ বচন গোটেই মুখস্থ দেখোন

    Reply
  • ৰামানুজ

    ফাটাফাটি ফাটাফাটি….কি তামাম ৰিযেলিচ.টিক্ দাদা…

    Reply
    • Rintumoni Dutta

      ধন্যবাদ ভাই, আমাৰ দৰে অভাজনৰ লিখাত চকু পৰাৰ বাবে

      Reply
  • ধৰিত্ৰী শৰণীয়া

    বহুত ভাল লাগিল দাদা।কাহিনীটো নিজৰ ন!

    Reply
  • ৰাস্না বৰা

    বৰ সুন্দৰ হৈছে। একেবাৰে ভাওনাত বিজয়কে দেখা যেনেই লাগি গল। ভাল লাগিল ৰিন্টুমনী।

    Reply
    • ৰিণ্টু

      বহুত ধন্যবাদ বাইদেউ

      Reply
  • ইচচচ বিজয়লৈ দুখেই লাগিল। বঢ়িয়াকৈ লিখিলা। পৰিবেশটৈ দেখাৰ দৰেই লাগিল।
    আইতাই মূৰত হাত বুলাই কোৱা কথাখিনি, কেঁচা চানা আনি দিয়া দৃশ্যবোৰ — বৰ পৰিচিত।

    Reply
    • Rintumoni Dutta

      বাইদেউ, গাওঁ গাওঁৰ দৃশ্য এইবোৰ

      Reply
  • Mitali saharia

    বহুত ধুনীয়া লাগিল ।

    Reply
  • ইমান ধুনীয়াকৈ কথাখিনি বৰ্ণনা কৰিছ , একদম সঁচা সঁচা লাগি গৈছে , খুউব ভাল লাগিল ।

    Reply
    • Rintumoni Dutta

      গাৱঁ‌ৰ কথা, ফনীন্দ্ৰ প্ৰফুল্লদাৰ ঘৰলৈ মনত পৰি গ’ল

      Reply
  • Mridula Gogoi

    বৰ ভাল লাগিল ।

    Reply
  • নয়নমণি

    ধুনীয়া কাহিনী , ধুনীয়া উপস্থাপন, খুউব ভাল লাগিল

    Reply
  • Mridula Gogoi

    ভাল লাগিল

    Reply
  • ভাল লাগিল দাদা৷ বিশেষকৈ ভাওনাৰ বৰ্ণনাখিনি৷ কাৰণ ভাওনা বুলিলেই মই বলিয়া৷

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    ফাটাফাটি দাদা।ধুনীয়া লাগিছে।

    Reply
  • Suntu

    ইয়াতো বজাইছে😁

    Reply
  • Krishna Kanta Das

    সুন্দৰ বৰ্ণনা ৰিন্টুদা, পঢ়ি যাওঁতে কিয় জানোঁ চিনাকী পেটুৱা এটাই বাৰে বাৰে অগা দেৱা কৰি আছিল। বেচেৰা বিজয়টো 😂😂

    Reply
    • ৰিণ্টু

      বিজয়ৰ কাহিনী, মোৰ জুবানী

      Reply
  • অৰ্চনাময়ী বড়া

    ভাৱৰীয়ালৈ মোৰ সমবেদনা যাচিলো😄,ভাল লাগিল.

    Reply
  • উত্তৰা

    মানিছো।ভাওঁনাৰ বচন যে হুবহু মুখস্ত।
    বাকী বিজয়লৈ সমবেদনা।

    Reply
  • ৰাজু কুমাৰ নাথ

    বৰ ভাল লাগিল।ভাৱৰীয়া(কৰ্ণ)ৰ দুখত দুখী হ’লো।আইতাই হাত ফুৰালে যেতিয়া ভৱিষ্যৎ ভালেই হ’ব।আগলৈ আৰু ভাল ভাৱৰীয়া হওঁক।

    Reply
  • অভিজিত কলিতা

    মজা লাগিল। কপালৰ লিখন

    Reply
  • Manisha Kakati

    বিজয়দাৰ ক্ষেত্ৰতে সদায় কিয় এনেকুৱা হয়!

    Reply
  • হেমন্ত কাকতি

    এইটো ঝাকাছ ৰিণ্টু৷

    Reply
  • বিজয় দালৈ সমবেদনা জনালোঁ। লাগিল।

    Reply
  • গীতিকা শইকীয়া

    এইটো এটা সুন্দৰ গল্প হোৱাৰ সকলোবোৰ মানদণ্ড আছে। বহুত ভাল লাগিল। তুমি এনেয়ে কৈ থাকা লিখিব নাজানো বুলি!

    Reply

Leave a Reply

Your email address will not be published.