ফটাঢোল

চৰকাৰী ভোজ (মূল: কমল কিশোৰ বাৰ্মা কন্নৌদ) – অনুবাদঃ-পূৰৱী এম কটকী

এখন দেশ আছিল, দেশতটো ৰজা থাকেই। গতিকে সেইখন দেশটো আছিল। তাত চৰকাৰো আছিল, চৰকাৰখনত গাঁৱৰ পঞ্চায়তৰ পৰা প্ৰধানমন্ত্ৰীলৈকে সকলো নিযুক্ত আছিল। তেওঁলোকে জনতাৰ উন্নতিৰ কাৰণে জনতাক বহুতো অধিকাৰ দিছিল। উদাহৰণ স্বৰূপে জীয়াই থকাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, নপঢ়াকৈ উত্তীৰ্ণ হোৱাৰ অধিকাৰ ইত্যাদি ইত্যাদি …

চাবলৈ গ’লে তেওঁ জনকল্যাণকাৰী ৰজা আছিল, গতিকে তেওঁৰো কিছুমান অধিকাৰৰ প্ৰয়োজন আছিল। সেইবাবে তেওঁ নিজৰ বাবেও কিছুমান অধিকাৰ নিৰ্ণয় কৰি লৈছিল…যেনে, কেলেঙ্কাৰীৰ অধিকাৰ, দালালীৰ অধিকাৰ, ভোট বেংকৰ অধিকাৰ, বিপক্ষৰ প্ৰতিটো কথাকেই মিছা বা বেয়া বুলি কোৱাৰ অধিকাৰ, নিজৰ আৰামৰ বাবে জনতাৰ টকাৰে নিজৰ মনৰ ইচ্ছাৰে য’তে মন যায় ত’তেই অপব্যৱহাৰৰ অধিকাৰ আৰু এইবোৰৰ ভিতৰত আছিল সেইটো মূখ্য অধিকাৰ যিটোৰ জৰিয়তে আমি অৰ্থাৎ চৰকাৰে ক’ব সেইখিনি শুদ্ধ আৰু বেলেগে যিমানেই যি নকওঁক সকলো অশুদ্ধ, চৰকাৰে পক্ষপাত কৰিলে শুদ্ধ আৰু আনে কৰিলে ভুল। আমি ধৰ্ম্মীয় পক্ষপাত কৰিলে আমি ধৰ্ম্মীয় নিৰপেক্ষ আৰু আনে ধৰ্ম্মৰ কথা পাতিলেও সাম্প্ৰদায়িক ইত্যাদি ইত্যাদি …

বাৰু হিংসা কৰি থকাবোৰে কৰিয়ে থাকিব, তেওঁলোকৰ ভাগ্যত সুখ নাথাকিলে আমি কি কৰিম! এটা কাহিনী কোৱা হৈছিল, এখন দেশৰ কাহিনী য’ত দুখীয়া মানুহ বহুত আছিল। দেশখনৰ ৰজাজনৰ মনলৈ এটা ধাৰণা আহিল, দেশখনৰ দুখীয়া শ্ৰেণীৰ তলৰ মানুহখিনিৰ বাবে এটা ভোজনালয় খুলি দিলে কেনে হয়! য’ত দৰিদ্ৰসকলৰ দহটকাত ভোজন কৰোৱা হ’ব। চিন্তাটো মনলৈ অহাৰ লগেলগেই এখন মিটিং পতা হ’ল, ভোজন মন্ত্ৰালয় গঠন কৰা হ’ল, এটা ডাঙৰ বাজেটৰ আবণ্টন কৰা হ’ল। ভোজন মন্ত্ৰী হ’ল, মন্ত্ৰীৰ পৰা জিলা, জিলাৰ পৰা গাঁৱৰ প্ৰতিটো স্তৰলৈকে কমিটি গঠন কৰা হ’ল। সকলোতে নিজৰ পাৰ্টিৰ লোককে নিযুক্ত কৰা হ’ল। বহুতো বিষয়াক নিযুক্তি দিয়া হ’ল, তেওঁলোকৰ বাবে বহুতো বাহন ক্ৰয় কৰা হ’ল, ভৱন নিৰ্মাণ কৰা হ’ল…ভৱনৰ বাবে ফাৰ্নিচাৰ ক্ৰয় কৰা হ’ল। তেওঁলোকৰ বাবে ডাঙৰ ডাঙৰ ব’ৰ্ড লগোৱা হ’ল। এখন পৰ্টেল নিৰ্মাণ কৰা হ’ল, য’ত ভোজনালয় আৰু তাৰ লগত জড়িত সকলো ধৰণৰ জাননী সন্নিবিষ্ট কৰা হ’ল।

প্ৰত্যেক হিতাধিকাৰীৰ জাননী আৰু আবেদন অনলাইন ৰেজিষ্টাৰি কৰিবৰ বাবে সুবিধা কৰা হ’ল। ডাঙৰ ডাঙৰ বিষয়াসকলে টকা লৈ প্ৰতিখন গাঁৱত ভোজন সহায়ক নিযুক্তি কৰিলে। এটা বিশেষ পৰ্ব চাই সমাৰোহৰ দৰেই উৎঘাটন কৰা হ’ল আঁচনিখনৰ। সভাবোৰ হ’ল, তালৈ মানুহ অনা হ’ল। এই গোটেই প্ৰক্ৰিয়াটোত ভালকৈয়ে ভ্ৰষ্টাচাৰ হ’ল বুলি ৰাইজে ক’ব খোজে, মই কিন্তু নকওঁ। খুউব ভাষণ দিয়া হ’ল, জনতাক বাৰে বাৰে এইটো উপলব্ধি কৰোৱা হ’ল যে, “আমিটো আপোনালোকৰ সেৱক, এইবোৰ সকলো আপোনালোকৰ ভালৰ বাবেই কৰোৱা হৈছে।”

ৰজাই নিজৰ এই আঁচনিখনক লৈ বৰ গৌৰৱ কৰিলে। যিহেতু আঁচনিখন চৰাকাৰী আছিল সেইবাবেই আঁচনিখনৰ খুউব প্ৰচাৰ চলোৱা হ’ল। গাঁৱৰ চুকে কোণে সভা অনুষ্ঠিত কৰা হ’ল, এই সকলোতে কোটি টকা খৰছ হ’ল। বিষয়াসকলে নিৰ্দেশ দিলে যে যি ব্যক্তিয়ে ভোজন কৰিৱলৈ আহিব তেওঁলোকে নিজৰ ফটো ৱাটচআপত দিব লাগিব আৰু পৰ্টেলত আপলোড কৰিব লাগিব। কাৰণ দেখুৱা হ’ল যে, তেনে কৰিলে কামটোত পাৰদৰ্শীতা আহিব।

এজন মানুহে এই সকলোবোৰ কথা শুনি ভাবিলে যে ৰজা ইমান ভাল, চৰকাৰ বৰ দয়ালু তেওঁ তালৈকে গৈ ভোজন কৰাৰ কথা ভাবিলে।

দেখাত সাধাৰণ ব্যক্তিজন লোভনীয় বাণী লিখি থোৱা, সু-সজ্জিত দেৱালেতে নিৰ্মিত আটক্-ধুনীয়া ভবনটোলৈ ভয়ে ভয়ে সোমালে, দুৱাৰৰ ওচৰত বহি থকা দুৱাৰৰক্ষীটোৱে ভেকাহি মাৰি সুধিলে, “কি হ’ল?, ক’ত থাক?, দৰিদ্ৰ হোৱাৰ প্ৰমাণপত্ৰ আনিছ নে?” বেচেৰা ভোকাতুৰ মানুহজনে নিজকে নিৰীহ প্ৰাণী বুলি উত্তৰ দি থাকিল, কিন্তু দুৱাৰৰক্ষীটো চাগে আগৰ জনমত কংসৰ দুৱাৰৰক্ষী আছিল, যেতিয়ালৈকে সি পাঁচ টকাৰ উৎকোচ নল’লে তেতিয়ালৈকে তাৰ প্ৰশ্ন শেষ নহ’ল। তাৰ পাছত বেচেৰা ভিতৰলৈ গ’ল। তেতিয়া তেওঁৰ মুখামুখি এজন দেখিৱলৈ শালীন কৰ্ম্মৰত বিশিষ্ট ব্যক্তিৰ লগত হ’ল। তেওঁ দীঘলকৈ এটা উশাহ টানি ক’লে, “ভোজনৰ বাবে দহটকা জমা দিয়ক।” সাধাৰণ মানুহজনৰ ভোকত অৱস্থা কাহিল হৈ আছিল, তেওঁ ততালিকে দহটকা জমা কৰি দিলে। পইছা জমা দিয়াৰ পাছত তেওঁক এখন ৰচীদ আৰু আবেদনপত্ৰ হাতত দি বিশিষ্ট ব্যক্তিজনে নিজৰ চৰকাৰী ভঙ্গিমাত ক’লে, “এইখন পূৰ কৰি সম্মুখৰ কাউন্টাৰত জমা কৰি দিয়ক।” আবেদনপত্ৰখন দেখি বেচেৰাজনে পাহৰিয়ে থাকিল যে তেওঁ কোন দেশৰ নাগৰিক আছিল। সেই আবেদনপত্ৰখনত যিখিনি পৰিচয় পূৰাবলগীয়া আছিল তাৰ ভিতৰত প্ৰমুখ আছিল আবেদনকাৰীৰ নাম, ঠিকনা, জাতি, বয়স, ব্যৱসায়, দৰিদ্ৰসুচীৰ ক্ৰমিক নং, আধাৰ কাৰ্ড নম্বৰ, আই দি নম্বৰ, আপুনি কিমান ৰুটী খাব? ঘেঁহুৰ প্ৰকাৰ লিখক, ৰুটীৰ দীঘ-প্ৰস্থ লিখক, ৰুটী গেছত নে চৌকাত বনোৱা খাব? শুদ্ধ বিকল্পত টিকমাৰ্ক কৰক সাধাৰণ দাইল নে এগমাৰ্ক থকা, কোনটো ব্ৰেণ্ডৰ? তাত পানীৰ পৰিমান কিমান হ’ব? আৰু বিচৰা মছলাৰ নাম আৰু কিমান মাত্ৰাত দিব লাগিব তাৰ টোকা দিয়ক। অন্যান্য আচাৰ, পাপৰ আদিৰ কথাও তেনেধৰণেই লিখা আছিল। দৰিদ্ৰসীমা ৰেখাৰ তলৰ প্ৰমাণপত্ৰৰ ফটোকপি, আধাৰ কাৰ্ডৰ ফটোকপি, সেই ৱাৰ্ডৰ কোনো বিশিষ্ট ব্যক্তিৰ লেখা, তাতেই থকাৰ প্ৰমাণপত্ৰ হিচাপে গাওঁবুঢ়াৰ স্থায়ী বাসিন্দা হোৱাৰ প্ৰমাণপত্ৰ সংলগ্ন কৰক।

সেই আবেদনপত্ৰখন পূৰ কৰোঁতে বেচেৰাৰ অৱশিষ্ট শক্তিকনো প্ৰায় নোহোৱা হৈ গ’ল। জুৰুলা হৈ বেচেৰাই আবেদনপত্ৰখন জমা দিলে আৰু ভোজনৰ বাবে অপেক্ষা কৰিলে। বহুত দেৰিৰ পাছত তেওঁ সেই ফকৰা যোঁজনাটোৰ অৰ্থ বুজি পালে যিটো তেওঁ পঞ্চমমান শ্ৰেণীত থাকোঁতে মুখস্থ কৰিছিল যে, “সকলো জিলিকি থকা বস্তু সোণ নহয়,….আৰু দেখাত সকলো শালীন কৰ্ম্মৰত মানুহ বিশিষ্ট নহয়।”

কেইবাঘন্টা অপেক্ষা কৰাৰ পাছত, বাৰে বাৰে সোধাৰ পাছত তেওঁক কোৱা হ’ল যে, “চাহাব এতিয়া মিটিঙত আছে, যেতিয়াই চাহাবৰ স্বীকৃতি পোৱা যাব তেতিয়াই আপোনাৰ ভোজন আপুনি পাই যাব।” দুখীয়া দেশৰ দুখীয়া নাগৰিকৰ ওচৰত অপেক্ষাৰ বাহিৰে আন একো উপায় নাছিল। পইছা যিহেতু জমা দি থোৱাই আছিল, পলম হ’ব কিন্তু আন্ধাৰ নহয়।

শেষত চাহাব বাহিৰলৈ ওলাল আৰু মন্ত্ৰী মহোদয়ক ফোনত শুভেচ্ছা দি ক’লে যে, “ছাৰ আমি সম্মুখত যি দৰিদ্ৰসকলৰ হিতৰ বাবে আঁচনি ৰূপায়ণ কৰিছিলোঁ তাৰ প্ৰথমখন আবেদন আহিল। সেইবাবেই আমি ভোজন উৎসৱৰ আয়োজন কৰিম, চুবুৰীয়া দেশৰ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ কৰিম। যিয়েই নেকি বিদেশত আমাৰ ভাৱমূৰ্ত্তিৰ উন্নতি হ’ব, আমাৰ বিপক্ষৰ মুখবোৰ বন্ধ হ’ব আৰু আহিবলগীয়া নিৰ্বাচনতো তাৰ দ্বাৰা লাভাম্বিত হ’ম। মন্ত্ৰীয়ে নিজৰ বিষয়াৰ বুদ্ধিমত্ত্বতা দেখি উৎফুল্লিত হ’ল আৰু তেওঁৰ প্ৰমোচনৰ বিচাৰ কৰিৱলৈ ধৰিলে আৰু নিজৰ মন্ত্ৰালয়ৰ কৰ্ত্তব্য নিষ্ঠাৰ এক বিক্ষপ্তি দি প্ৰধানমন্ত্ৰীৰ পৰা অধিক ধনৰাশিৰ আবন্টন বিচাৰিলে।

ভোকত ব্যাকুল সেই ব্যক্তিজনক কোৱা হ’ল ক্ৰয় ইন্সপেক্টৰজন এগমাৰ্ক থকা দাইল আৰু সকলো সামগ্ৰীৰ কোটেশ্যন আনিৱলৈ গৈছে, যেতিয়াই কোটেশ্যন পোৱা যাব তেতিয়াই ওপৰৱালা বিষয়াই ক্ৰয় কৰাৰ অনুমতি দিব। আপুনি একেবাৰে চিন্তা নকৰিব ।

কিন্তু ভোকে একো আইন নামানে, সেইবাবে সেই ভোকাতুৰ ব্যক্তিজনে বিশিষ্ট ব্যক্তিজনক ক’লে, “একো কথা নাই যেতিয়ালৈকে ভোজন তৈয়াৰ হৈ নাযায়, আমি গৈ ওচৰৰ হোটেলখনতে খাই আহোঁ ব’লক।”
বিশিষ্ট ব্যক্তিবোৰ এনেও আগ্ৰহত দুৰ্বল থাকেই, দুয়োজনেই ওচৰৰ হোটেলখনত উদৰ পূৰাই ভালকৈ খাই ল’লে। আৰু সেই মানুজনে বিশিষ্ট ব্যক্তিজনক ক’লে, “আপুনি ক্ষন্তেক বহক মই আপোনাৰ বাবে অলপ মুখশুদ্ধি লৈ আহোঁ।” সেইবুলি সেই মানুহজনে খোৱাৰ পইছা পৰিশোধ নকৰাকৈ গুচি গ’ল। যাওঁতে নিৰ্লিপ্তভাৱে সেই দিব্য ভৱনটোলৈ চালে, য’ত ডাঙৰ ডাঙৰ আখৰে লিখা আছিল, “পুনৰ আহিব। আমি আপোনাক সহযোগ কৰিৱলৈ চিৰ সংকল্পিত।”

কেনেকৈ জানো বিপক্ষৰ কাণত এই কথাটো পৰিল! তেওঁলোকে চৰকাৰ ভাঙিৱলৈ আলচ কৰিলে। অবিশ্বাসৰ প্ৰস্তাব অনা হ’ল, সাংসদ কিনিলে, ভ্ৰষ্টাচাৰ নিবাৰণ সমিতি গঠন কৰা হ’ল। যিজন ব্যক্তিক বহুতো ভ্ৰষ্টাচাৰৰ বাবে জগৰীয়া কৰা হৈছিল, সেই ব্যক্তিজনকেই সেই সমিতিৰ অধক্ষ্যৰ পদত ৰখা হ’ল। ইয়াৰ তদন্তটো বহুতো ভ্ৰষ্টাচাৰ হ’ল। সোধা-পোছা কৰিৱলৈ এখন সাংসদীয় তদন্ত আয়োগ কমিটি গঠন কৰা হ’ল। অৱসৰ লোৱা ব্যক্তিৰ চাকৰি হ’ল(এইটো বেলেগ কথা যে কাৰ্য ক্ষমতা শেষ হোৱাৰ বাবেই তেওঁক অৱসৰ দিয়া হৈছিল।) আয়োগৰ অবধি বাৰে বাৰে বঢ়োৱা হ’ল। বহুত বছৰৰ পাছত, কোটি টকা খৰছ কৰাৰ পাছত আয়োগে এইটো ৰিপোৰ্ট দিলে যে, “সেই মানুহটো ভোকত যোৱা নাছিল বৰঞ তেওঁক আমাৰ কৰ্ম্মচাৰীয়ে নিজৰ টকা খৰছ কৰি খুৱালে। কৰ্ত্তব্যনিষ্ঠাবান কৰ্ম্মচাৰীজনক সন্মান সহকাৰে ৰাষ্ট্ৰীয় পুৰষ্কাৰ দিয়া হ’ল। মন্ত্ৰী মহোদয়ক দেশৰত্ন দিয়া হ’ল। মন্ত্ৰীৰ ফটো ছপা কৰোৱা হ’ল আৰু যাৰ তলত লিখা আছিল “আমি কাকো ভোকত থাকিবলৈ নিদিওঁ, আমি আপোনাক সহযোগ কৰিৱলৈ চিৰ সংকল্পিত।”

তথাপিটো যদি কোনো সাধাৰণ জনতাই তাত লাভ ল’ব নোৱাৰে তেতিয়াহ’লে সেইয়া তেওঁৰ ভাগ্য, ইয়াত চৰকাৰৰ কি দোষ!!

☆★☆★☆

4 Comments

  • সুন্দৰ ব্যংগ। অনুবাদ সাৱলীল হৈছে। ভাল লাগিল।

    Reply
  • ৰিণ্টু

    খুব সুন্দৰ গল্প, অনুবাদ অত্যন্ত সাৱলীল হৈছে। বৰ ভাল লাগিল পুৰবী

    Reply
  • সাংঘাটিক ব্যংগ গল্প, ধুনীয়া অনুবাদ।

    Reply
  • সৌৰভ শৰ্মা

    ইমান ধুনীয়া গল্প, ভাল লাগিল। পাৰফেক্ট অনুবাদ।

    Reply

Leave a Reply

Your email address will not be published.