ফটাঢোল

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(প্ৰথম খণ্ড)

(দ্বিতীয় খণ্ড)

(তৃতীয় খণ্ড)

(চতুৰ্থ খণ্ড)

(অন্তিম খণ্ড)

হাঁহি খিকিন্দালি, সুহুৰি হুইছেল, ধিনচাক পূজাৰ সংগীতৰ মাজেৰে ৰেম্পত মডেলিঙৰ অনুষ্ঠানটো পাৰ হৈ গ’ল৷ ষ্টেজখন লাহে লাহে পুনৰ অন্ধকাৰ হৈ পৰিল আৰু ইফালে দৰ্শকৰ ফালটো আলোকিত হৈ পৰিল৷ ষ্টেজৰ ঠিক সোঁফালে পাঁচগজমান দূৰতে আমাৰ কন্ট্ৰোল ৰুম৷ মডেলবিলাক ষ্টেজৰপৰা নামি আগফালে ভি আই পিৰ বাবে থকা নিজৰ নিজৰ আসনবোৰত বহিলগৈ৷ ষ্টেজৰপৰা সৰু জানটোৰ ওপৰেদি দৰ্শকৰ আসনলৈ যাব পৰাকৈ সৰুকৈ কাঠেৰে এখন দলঙৰ দৰে বনাই দিয়া হৈছিল৷ ষ্টেজ আৰু ভি আই পি ফ্ৰন্ট লাইনৰ দূৰত্ব প্ৰায় বিশগজ৷ এই দূৰত্বৰপৰা লাইটৰ পোহৰত ষ্টেজৰ মানুহৰ মুখাৱয়ব সুন্দৰকৈ পৰিষ্ফুত হৈ উঠে৷ কন্ট্ৰল ৰুমৰপৰা ষ্পষ্টকৈ দেখিছিলোঁ দ্বিতীয় শাৰীত বহি থকা কেইযুৰিমান চকু৷ তাৰে এযোৰ যে বংশী মুক্তিয়াৰৰ আছিল তাত মোৰ কোনো সন্দেহ নাছিল৷ বংশীহঁতৰ আগমনে মোৰ ভিতৰত থকা ভয়টোক আৰু সাৰ পানী যোগাবলৈ আৰম্ভ কৰিছিল৷ সময় বাগৰাৰ লগে লগে মোৰ টেনচনো তুংগত উঠিছিল৷ প্ৰায় এক ঘণ্টা মূৰত ছাকিৰা মঞ্চত অহাৰ সময় ধাৰ্য্য কৰা হৈছে৷

ইতিমধ্যে ছাকিৰাক আনিবলৈ যোৱা গাড়ীবোৰ আহি পাইছে৷ ছিকিউৰিটিৰে পৰিবেষ্টিত হৈ ছাকিৰাৰূপী মনিছা আহি হয়তো গ্ৰীন ৰুমত প্ৰবেশ কৰিছে৷ বিজিত লাগি আছে তাত৷ মোক কন্ট্ৰোল ৰুম এৰি ক’লৈকো নাযাবলৈ কোৱা হৈছে৷ মানসিক যন্ত্ৰণাত ছটফটাই বৰ কষ্ট পাইছিলোঁ৷ হৃৎপিণ্ডৰ শব্দ হয়তো কাষৰ মানুহেও শুনা পাইছিল৷ সংগীতজ্ঞবোৰে নিজৰ নিজৰ বাজনাবোৰ ষ্টেজত স্থাপন কৰাত ব্যস্ত আছিল৷ মোৰ ওচৰতে ষ্টেজত ডাঙৰ পিয়ানো এটা বহুওৱা দেখিলোঁ৷ ষ্টেজৰ সিটো মূৰ প্ৰায় দুশ ফুট দূৰত৷ বিভিন্ন প্ৰজাতিৰ সৰু বৰ ঢোল, ড্ৰামচ, বংগো, কংগো আৰু অচিনাকি কিছু যন্ত্ৰপাতিৰে এপদ দুপদকৈ ষ্টেজৰ পিচফালটো ভৰি গ’ল৷ মোৰ চকুযুৰিয়ে সিহঁতৰ মাজত বালিকাক বিচাৰি চলাথ কৰিছিল৷ কিন্তু অনুষ্ঠান আৰম্ভ হোৱাৰ কেইমুহুৰ্তমান আগলৈকে বালিকাৰ দেখা সাক্ষাৎ নঘটিল৷ তাৰ ঠাইত সম্পূৰ্ণ বিদেশী মানুহ পাঁচ ছয়জনমানহে দেখিলোঁ৷ ইফালে প্ৰায় ত্ৰিশহেজাৰ দৰ্শকৰ চিঞৰ বাখৰ আৰম্ভ হৈছিল৷ কি কৰিব ওলাইছে একো বুজিব নোৱাৰি ওচৰতে থকা বটলটো খামোচ মাৰি ধৰি, মুখৰপৰা বাগৰি নপৰালৈকে হলহলকৈ কিছু পানীয় মুখত ঢালি ল’লো৷ বিজিতে কোৱা কথাষাৰ পুনৰ মনত পেলালোঁ –

— দাদা, আউট নহ’ব কিন্তু! কন্ট্ৰোল ৰুম চম্ভালিব আৰু নৃত্যগীত পূৰা উপভোগ কৰিব লাগিব৷

পানীয়খিনি ভিতৰলৈ যোৱাৰ কিছুসময় পিচতে ক্লান্তি, অৱসাদ, টেনচন অলপ দূৰ হোৱা যেন লাগিল৷ সংগীতজ্ঞ, বাদ্যযন্ত্ৰ শিল্পীসকল প্ৰায় ৰেডী৷ সকলোকেইজনেই নিজৰ নিজৰ বাদ্যযন্ত্ৰবোৰ এবাৰ এবাৰ পৰীক্ষামূলকভাবে বজোৱা দেখিলোঁ৷ বিজিতৰ পৰিকল্পনা অনুযায়ী লাইভ প্ৰগ্ৰেম হোৱাৰতো কথাই নাছিল! হয়তো সকলো নাটকৰে অংশ আছিল৷ দৰ্শকৰপৰা পুনৰ জাউৰিয়ে জাউৰিয়ে চিঞৰ বাখৰ ভাহি আহিব ধৰিছিল৷ ন বাজিবলৈ প্ৰায় দুই মিনিট বাকী তেতিয়া৷ এটা চুকত প্ৰনীতা মেডাম আৰু কনকনা বাই হাতত গামোছা আৰু অসমীয়া জাপি লৈ ছাকিৰাক আদৰিবলৈ ৰেডী হৈ আছে৷

পোহৰ বিতৰকে দৰ্শকৰ ফালৰ পোহৰ লাহে লাহে কমাই আনিছে আৰু মঞ্চখন সম্পূৰ্ণ বগা পোহৰৰে উদ্ভাসিত কৰি তুলিলে, যেন সকলো জলজল পটপট৷ বাদ্যযন্ত্ৰ শিল্পীবোৰ একো একোটা ৰবটৰ দৰে নিজৰ নিজৰ ঠাইত ঠিয় দি আছে৷ চাৰিওফালে ক্ষন্তেক নিৰৱতা৷ মই কেৱল মোৰ হৃৎপিণ্ডৰ শব্দটোহে শুনা পাই আছোঁ৷ ৰিতুপৰ্না আৰু বিজুৰ ইংৰাজী আৰু অসমীয়াত ছাকিৰা আমাৰ মাজত আহি পোৱা বুলিও ঘোষণা হ’ল৷

পূৰ্বে নিৰ্দ্ধাৰিত পৰিকল্পনা অনুযায়ী খালী মঞ্চত হাতত মাইক্ৰ’ফোন লৈ দুয়োফালৰপৰা জে আৰ দি আৰু মিদুলৰ প্ৰবেশ ঘটিল৷ মঞ্চৰ সোঁমাজত আহি WWE ষ্টাইলত এনেকৈ আদৰণি ভাষণ দি ছাকিৰাৰ প্ৰবেশ ঘোষণা ক’ৰা হ’ল যেন ৰেষ্টলিং ৰিঙত ‘ৰক’ৰ প্ৰবেশহে ঘটিছে৷ টিভি কেমেৰাবোৰ ছাকিৰা সোমোৱা গেটৰ ফালে ট টকৈ পোনাই ৰ’ল৷ মই ছাকিৰাৰ মুখলৈ চোৱাৰ সাহস গোটাবপৰা নাছিলোঁ৷ সম্পূৰ্ণ মুগা এযোৰ অসমীয়া সাজেৰে হাতখন ওপৰলৈ দাঙি দাঙি ছাকিৰা ওৰফে মনিছা হাঁহি হাঁহি সোমাই আহিল মঞ্চলৈ৷

“বুয়েনাছ্ টাৰৰডেচ্ মেলেঙা!”*
“লে আমু টোডেচ্!”**

“নমস্তে!”

হঠাৎ মোৰ পিঠিত জোৰে ঢকা এটা পৰা যেন লাগিল, এক নাৰী কন্ঠত জাপ মাৰি ছিটিকি পৰিলোঁ৷

— কি কৰি আছে কাকতীদা?
— মনিছা? তুমি ইয়াত?? তেনেহ’লে মঞ্চত সেয়া কোন?
— ছাকিৰা আকৌ!

মনিছাই হাঁহি হাঁহি কৈ গ’ল! মই হিতাহিত জ্ঞান প্ৰায় হেৰুৱাই বটলটো খেপিয়ালো৷ বাকী থকা অংশখিনি গিলি লৈ মঞ্চৰ ফালে মনোনিবেশ কৰিলোঁ৷ দৰ্শকৰ তুমুল চিঞৰ বাখৰৰ মাজতে প্ৰনীতা আৰু কনকনা বায়ে গামোছা আৰু জাপিৰে তেওঁক সম্ভাষণ জনাই লাহে লাহে বিদায় ল’লে৷ মিদুল আৰু জে আৰ ডিও আঁতৰি গ’ল৷

দৰ্শকৰ মাজৰপৰা “I love you Shakira!!”, “Will you marry me?” জাতীয় চিঞৰ বাখৰবোৰ ওফৰি আহিব ধৰিলে৷ এইবাৰ ষ্টেজখন পুনৰ সম্পূৰ্ণ অন্ধকাৰ হৈ পৰিল৷ ইতিমধ্যে বালিকা আৰু বিজিতো গিলাচ এটাত কিবা লৈ আহি মোৰ কাষত বহিলহি৷

— চিয়েৰচ্ দাদা!

মই প্ৰায় হতভম্ব হৈ কেৱল চাই থাকিলোঁ ষ্টেজলৈ!

সম্পূৰ্ণ নীৰৱতা, সম্পূৰ্ণ আন্ধাৰৰপৰা লাহে লাহে এচমকা নীলাভ পোহৰ বিয়পি গৈ ষ্টেজৰ মাজভাগত ৰৈ গ’ল৷ দশোদিশৰপৰা বিভিন্ন ৰঙৰ আলোক ৰশ্মি গৈ মাত্ৰ এটা জেগাতে কেন্দ্ৰীভূত হ’ল৷ আলোকিত কৰিলে কেৱল ঢকঢকীয়া বগা আৰু সোণালী চুলিৰে আবৃত ছাকিৰাৰ মুখমণ্ডল৷ লেটিনো বাঁহীৰ মিঠা সুৰেৰে আৰম্ভণি কৰি আৰু চেক্সোফোন আৰু আফ্ৰিকান কংগো, বংগোৰ এক মিশ্ৰিত তালত সৃষ্টি হ’ল এক অলৌকিক সুৰৰ সাতসৰী৷ সুৰটো যেন বহু যুগৰ চিনাকি৷ হয়, এটা চিনাকি গানৰ সুৰ৷ কোনটো গান কোনটো গান ভাবি থাকোতেই সুৰটো লাহে লাহে অধিক স্পষ্ট হৈ আহিব ধৰিলে –

“দোলা হে দোলা, হে একা বেকা বাটেৰে কঢ়িয়াও – কঢ়িয়াও – বৰ বৰ মানুহৰ দোলা!”

এজনী বিদেশী গায়িকাৰ কন্ঠত ভুপেনদাৰ এই গানটো শুনি মন প্ৰাণ জুৰ পৰি গ’ল৷ সন্মুখত হেজাৰ হেজাৰ মন্ত্ৰমুগ্ধ দৰ্শকে প্ৰাণভৰি উপভোগ কৰিলে গীতটোৰ প্ৰতিটো ছন্দ৷ গীতটো শেষ কৰি ছাকিৰা ভিতৰ সোমালেও সংগীত পূৰাদমে বাজি থাকিল৷ পোহৰ এইবাৰ কেন্দ্ৰীভূত হ’ল ক’লা আফ্ৰিকান পাৰকিউচনিষ্টজনৰ ওপৰত৷ সিয়ো যেন এই সংগীতৰ লয় আৰু তালৰ লগত মিলি যাবলৈহে জন্ম লৈছে৷ কেন্দ্ৰীভূত পোহৰ আৰু দুয়োখন যাদুকৰি হাতৰ পৰশত যেন প্ৰাণ পাই উঠিল তাৰ শব্দ, তাল আৰু তৰঙ্গৰ মায়াজাল৷ কংগো, বংগো আৰু লেটিনো ড্ৰামচৰ পিঠিবোৰত ৰোলাৰ কোষ্টাৰ ৰাইডৰ দৰে বাগৰিছে হাতৰ আঙুলিবোৰ আৰু সৃষ্টি হৈছে এই সংগীতৰ মূৰ্চনা৷

চাৰিওফালে আকৌ নিস্তব্ধ পৰিবেশ, এইবাৰ পিয়ানোত বাজি উঠিল অন্য এক ভিন্ন প্ৰান্তৰ সুৰ৷ মঞ্চখনক পুনৰ অলৌকিক পোহৰৰ মায়াজালে আবৃত কৰিলে৷ যেন অন্ধকাৰ আৰু পোহৰৰ মাজত এক সমান্তৰাল খেল৷ মাজে মাজে দূৰৰপৰা অহা লেজাৰ ৰশ্মিয়ে আলোকিত কৰিছে বাদ্যযন্ত্ৰীসকলৰ ৰঙীন অৱয়ববোৰ৷ এইবাৰ ছাকিৰাক দেখা গ’ল তাইৰ গতানুগতিক সাজসজ্জাত, যেন এক লেটিনো নৰ্তকী! ককালৰ নিমাংশত কিছু সোণালী বস্ত্ৰ আৰু ওপৰ ভাগতো লজ্জা নিবাৰণৰ বাবে লাগতিয়াল সাজ সজ্জাখিনিহে৷ পিয়ানোৰ পিচতে ড্ৰামচ বিটে দিলে গানৰ সন্ধান – এইবাৰ তাইৰ অল টাইম চুপাৰহিট গান-হিপচ্ ডন্ট লাই!

সংগীতৰ মোহনীয় ছন্দ দেহৰ ভাজে ভাজে প্ৰকাশিত হৈছে যেন দেহৰ প্ৰত্যেক অংগ প্ৰত্যংগৰপৰা সুমধুৰ সংগীত নিৰ্গত হৈ প্ৰতিজন দৰ্শকৰ শিৰা উপশিৰালৈ প্ৰবাহিত হৈছে৷ অনায়াসে গাই গৈছে এটাৰ পিচত এটাকৈ গান, মুখত নাই কোনো দুখকষ্টৰ চিনচাব৷ অনৰ্গল কণ্ঠ! মুখমণ্ডলত বিৰিঙিছে মাথো অকৃত্ৰিম প্ৰশান্তিৰ হাঁহি৷ ভি আই পি লাইনত বহা ফটাঢোলৰ সকলো সদস্যই উদ্যাম গতিত গানৰ তালে তালে নাচিবলৈ ধৰিছে৷

“Whenever, wherever
We’re meant to be together
I’ll be there and you’ll be near
And that’s the deal my dear……”

ককাল ভাঙিছে, হালিছে জালিছে লয়লাস বেলে নৃত্যৰ ভংগিমাৰে ত্ৰিশহাজাৰ দৰ্শকক নচুৱাই নচুৱাই বলিয়া কৰিছে৷ যেনিয়েই চাও তেনিয়েই দৰ্শকে মাথোঁ হাতদুখন ওপৰলৈ কৰি মন্ত্ৰমুগ্ধ সাপৰ দৰে যেন সপেৰাৰ পেপাৰ সুৰত উদবাউল হৈছে৷ ছাকিৰাৰ গীতে যেন চিঞৰি চিঞৰি কৈ আছে সংগীতৰ কোনো ভাষা, জাতি, ধৰ্ম নাই। আছে মাথো একতা আৰু মায়াৰ দোলেৰে বান্ধিবপৰা প্ৰচুৰ শক্তি!
প্ৰায় দুঘন্টা মূৰত সকলো কাঁহ পৰি জিন গ’ল৷ পুনৰ সকলো দিশে হেলোজেন লাইটবোৰ জ্বলি উঠিল৷ অন্ত পৰিল এক সপোন হেন লগা গধূলি!

উপসংহাৰঃ

বিজিতৰ মুখৰপৰা –
আচলতে দাদা, ইমান ডাঙৰ আঁচনি এটা লৈ আমি কেতিয়াও পাবলিকক ধোখা দিব পৰা পৰিকল্পনা কৰাই নাছিলোঁ৷ প্ৰথমৰপৰাই ছাকিৰাকেই ঠিক কৰা হৈছিল৷ মনিছাই কলিকতাত এমহীয়া ক’ৰ্চ এটা কৰি আহিল চান্সতে, লগতে বালিকাৰ লগত ফুৰিলেও অলপ! বাকী আপোনাক অলপ চাৰপ্ৰাইজ দিও বুলি সকলোৰে লগত মিলি প্লেনটো ফাইনেল কৰিছিলোঁ৷ বিজয়, ৰন্টু, চুনটো, মৌ, মিদুল সকলোৱে জানে! সেইকাৰণে সকলোৱে দেহে কেহে লাগিও দিছিল৷ বাকী ফিফটি ফিফটিৰ কথা পাহৰি যাওক! পইচাৰ হিচাব হোৱাই নাই, যি বাচিব সকলো ফটাঢোলৰ জইন্ট একাউন্টত যাব! আমি সকলোৱে কৰোৰত খেলিম এতিয়া! নাও চিয়েৰ্চ এগেইন!

[*বুয়েনাচ টাৰৰডেচ্ – Good evening
**লে আমু টোডেচ্ – I love you everyone in Spanish]

(সমাপ্ত)

☆★☆★☆

7 Comments

  • ৰাজশ্ৰী শৰ্মা

    বাপৰে, সঁচাকৈয়ে ছাকিৰা আহি গ’ল চোন। খুব ভাল লাগিল দাদা।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ ৰাজশ্ৰী

      Reply
  • Anjan sadhanidar

    মজ্জা লাগিল দাদা। আমিও চক খাই গলো হে। চাকিৰাক দেখি।

    Reply
    • হেমন্ত কাকতি

      ধন্যবাদ অঞ্জন

      Reply
  • কমলা দাস

    হাৰে ! সচাকৈ চাকিৰাক লৈ আনিলে চোন । বঢ়িয়া।

    Reply
    • হেমন্ত কাকতি

      পঢ়ি চোৱা বাবে ধন্যবাদ

      Reply
  • সৌৰভ শৰ্মা

    লিখনীৰ কথা কৱ লগ নাই, টেৰিফীক। সচাকৈ এনে দিন আহক বা নাহক কিন্তু এটা সাকাৰত্মক চিন্তা কৰাৰ বাবে সকলোকে উৎসাহ দিছে দাদা।

    Reply

Leave a Reply

Your email address will not be published.