ফটাঢোল

জহৰ মেহমুদ ইন হংকং – সঞ্জীৱ মজুমদাৰ

চল্লিছৰ দশকত হিন্দী চলচিত্ৰত ভুমুকি মৰা এগৰাকী কৌতুক চৰিত্ৰাভিনেতা হৈছে ধূমল। ধূমলৰ বৰ্ণনা দিবৰ প্ৰয়োজনেই নাই, এক কথাত ধূমল ঠিক আমাৰ বিজয় মহন্তৰ দৰেই আছিল। আপডেট দিয়ক বা নিদিয়ক, কাৰণ থাকক নাথাকক, চবেই দেখামাত্ৰেই কেৱল হাঁহে আৰু হাঁহে।

গতিকেই আজিৰ পটভূমিত ধূমলৰ অভিনীত কাহিনীৰে “ফটা-ঢোল”ৰ বিশিষ্ট অভিনেতা আৰু অভিনেত্ৰী সমূহক লৈ নতুনকৈ চিনেমাৰ কথা ভবা হৈছে।

গাঁওখনত খঙাল পালোৱান এজন আছে, পালোৱানজনৰ (কিয় জানো ভাস্কো মহাজনৰ চেহেৰাটো মনলৈ আহিল) জীয়েক চামেলী (ধৰিত্ৰী শৰণীয়াৰ বাহিৰে বেলেগক ভাবিবই নোৱাৰিলোঁ) গাঁৱৰেই দুখীয়া  নিমাখিত ল’ৰা ধূমলৰ (দ্বিজেন তামুলীতকৈ নিমাখিত চেহেৰা মনলৈ নাহিল আৰু) প্ৰেম। নতুনকৈ প্ৰগতিৰ পথত ভৰি দিয়া গাঁওখনত নিবিড়ভাবে লগ কৰিবলৈ, প্ৰেয়সীৰ স’তে মনৰ দুটা কথা পাতিবলৈও সুৰক্ষিত ঠাই এডোখৰ নাই। গছ-গছনি কাটি খাস্তাং কৰা মুকলি গাঁওখনত গাড়ী-মটৰ বিধে বিধে বাইকৰ দৌৰাত্ম্যৰ, লগতে পালোৱান দেউতাকৰ ভয়ত প্ৰেম পলাই ফাট মাৰোঁ হেন অৱস্থা হ’ল।

এদিনাখন গাঁৱৰ কাষেৰে বৈ যোৱা নদীখনৰ পাৰত কাষত কলহ লৈ “পানী” আনিবলৈ যাওঁতে বাটতে পাই, চামেলীৰূপী ধৰিত্ৰীয়ে ধূমল ৰূপী তামুলীক ক’লে, “আজি পিতাই চহৰলৈ যাব, ৰাতি ম‌ই অকলে থাকিম। ত‌ই আহিবি। ম‌ই দুৱাৰখন খুলি থ’ম। আৰু শুন ম‌ই মজিয়াৰ ওপৰতহে শুম।”

ধূমলৰূপী তামুলীৰ আনন্দ কোনে চাই! কোনোৰকম ধৈৰ্য্য ধৰি নিশা হোৱালৈ অপেক্ষা কৰি থাকিল। নিশা গভীৰ হোৱাৰ লগে লগে হাতত সাৰে ভৰিত সাৰে চামেলীৰ ঘৰৰ সন্মুখ পালে। কথা অনুযায়ী দু্ৱাৰখন খোলা নাপাই অকণমান আচৰিত হ’ল যদিও পিছলৈ চিপৰাং এখন সংগ্ৰহ কৰি পিৰালিত সিন্ধি খান্দি ঘৰৰ ভিতৰ সোমাল। খিৰিকীৰ ফাঁকেৰে অহা জোনাকৰ ৰেঙনিৰ বাহিৰে কোঠাটো সম্পূৰ্ণ আন্ধাৰ। চামেলীৰ ফালৰ পৰা একো সঁহাৰি শব্দ নাপাই কোঠাটোৰ মজিয়াত খেপিয়াই খেপিয়াই কোনোৰকম শুই থকা চামেলীক পালে। বাওঁফালে কাটি হৈ দন্ত‍্য ‘দ’ টোৰ দৰে শুই থকা, ভৰিৰ পৰা মূৰলৈ চাদৰখন মেৰিয়াই চামেলী গভীৰ নিদ্ৰাত মগ্ন। ধূমলে তাইক জগাবলৈ, ইফালে খুঁচিছে, সিফালে চিকুটিছে, নাই চামেলীৰ কোনো সাৰ-সিকতি নাই। বহুপৰ চেষ্টা কৰি চামেলীক জগাব নোৱাৰি, উপায়ান্তৰ হৈ ধূমলে লাহে লাহে  চামেলীৰ গাৰ চাদৰখন আঁতৰাই দিয়ে। মজিয়াত শুই থকা চামেলীৰ পিছফালে  নিজেও দন্ত‍্য ‘দ’ টোৰ দৰে হৈ লিপিট খাই শুই লয়। এইদৰে শোৱাৰ কিছু সময় পিছত চামেলীয়ে দীঘল হাতখন পিছলৈ নি ধূমলৰ পিঠিত ৰাখি নিজৰ ফালে চপাই লোৱা যেন দেখি ধূমলৰ মনত আখৈ ফুটিবলৈ ধৰে । প্ৰেমৰ আবেগত চামেলীক পিছফালৰ পৰা নিৰ্ভয়ে আৰু জোৰেৰে সাৱটি ধৰি গালে মুখে হাত ফুৰাই মৰম কৰিবলৈ লয়।

উশাহ নিশাহ লোৱাৰ সময়ত চামেলীৰ বিশাল দেহটো উঠা-নমা কৰাৰ তালে তালে, ধূমলে হাতখন আগবঢ়াই নি নি গাল, নাক চকু স্পৰ্শ কৰি ওঁঠলৈ নিওঁতেই ৪৪০ ভল্টৰ কাৰেণ্ট লগাৰ দৰে ধূমলৰ অৱস্থা কাহিল হৈ পৰে। পালোৱানৰ মোচ্ কোছা স্পৰ্শ কৰাৰ পিছতহে ইমান দেৰি চামেলী বুলি যাক ভালপোৱাৰ উত্তাপেৰে বুৰাই আছিল সেইজন যে ‘প্যাৰ কা দুচমন’হে জানি তামুলীৰ নিজলৈকে দয়া উপজিল।

আচলতে ধৰিত্ৰীয়ে তামুলীক দেউতাক চহৰৰ পৰা ঘূৰি অহা কথাটো জনাবলৈ সুযোগেই নাপালে আৰু সেইবাবেই অথন্তৰ ঘটিল। আনকালে শোৱাৰ দৰে প্ৰথম ৰূমটোৰ মাটিৰ বিচনাত দেউতাক আৰু ধৰিত্ৰী ভিতৰৰ ৰূমত শুইছিল।

জ্বৰে ঘামে একাকাৰ হোৱা তামুলীৰ এতিয়া কেনেকৈ হ’বলগীয়া শহুৰ ভাস্কো পালোৱানৰ হাতৰ পৰা বাচিব পাৰে চিন্তা হ’ল। সি জানে ভাস্কো মহাজনে তাক নিগনি পোৱালিৰ দৰে দলিয়াই ভৱলীলা সাং কৰাব পাৰে। কিছু সময় নিতাল মাৰি আলেখ-লেখ লৈ উঠিব ল‌ওঁতেই পালোৱানে ক্ৰেইনৰ হাতোৰা হেন সোঁহাতখনেৰে পিঠিখন খজুৱাবলৈ ধৰে । কিন্তু টোপনিৰ জালতে হাতখন নিজৰ পিঠিত নপৰি পিছফালে লিপিট খাই শুই থকা ধূমলৰূপী তামুলীৰ পিঠিত পৰে আৰু খজুৱাবলৈ লয়। হাতোৰাৰ প্ৰতিটো আঁচোৰত তামুলীয়ে বিহু দেখিবলৈ ধৰিলে।  চিন্তা কৰিলে পালোৱানৰ পিঠি খজুৱাইছে আৰু খজুৱতি নপলালে পালোৱান অৰ্থাৎ চামেলীৰ দেউতাক সাৰ পাব। সেয়ে সি পালোৱানৰ পিঠিৰ একে জেগা ডোখৰত তাৰ নিগনিৰ ঠেঙ যেন হাতখনেৰে খজুৱাবলৈ আৰম্ভ কৰি দিলে। কিছুসময়ৰ পাছত সুযোগ বুজি, হাতত সাৰে ভৰিত সাৰে উঠিব ল‌ওঁতেই ভাস্কো পালোৱানে বাগৰ সলাই, ধূমলক গাৰু বুলি ভীমকলৰ গুৰি যেন দুইভৰিৰ মাজত সুমুৱাই লয়। দুইভৰিৰ কেঁকোৰা চেপাত শ্বাস-প্ৰশ্বাস বন্ধ হ‌ওঁ হ‌ওঁ হোৱা নিমাখিত প্ৰাণী তামুলী নিথৰ হৈ পালোৱানৰ ভৰিৰ চেপাত পৰি থাকে। ইফালে ৰাতি পুৱাবৰ হৈছে গতিকে আন্ধাৰ থাকোতেই পলাব নোৱাৰিলে বিপদ সমাগত। তামুলী মহাচিন্তাত পৰিল।

তামুলীয়ে ভাস্কো পালোৱানৰ ওচৰৰ পৰা যিমানেই আঁতৰিবলৈ চেষ্টা কৰে সিমানেই তাক ভাস্কো পালোৱানে জোৰে চেপি ধৰে।

কেনেবাকৈ কিবা এটা অনুমান কৰি কাষৰ ৰূমত শুই থকা ধৰিত্ৰী সাৰ পাই ৰূমলৈ আহি তামুলীৰ অৱস্থা দেখি সৰগ পৰা মানুহৰ দৰে হ’ল। দেউতাকৰ বজ্ৰ চেপাত পৰি থকা তামুলীক দেখি তাই হাঁহিব নে কান্দিব নে বচাব একো ভাবি নোপোৱা হ’ল। কোনোমতে আকাৰে ইঙ্গিতে দুয়ো কথা পাতিলে আৰু ধৰিত্ৰীয়ে মেইন দুৱাৰখন খুলি থৈ আহিল। অশেষ কষ্ট কৰি দেউতাকৰ ভৰি এখন ডাঙি তুলি ধৰাত তামুলী ভাস্কো পালোৱানৰ কব্জাৰ পৰা কোনোৰকম ওলাই ল’ৰ মাৰি পলালে। আচলতে পালোৱানৰূপী মহাজনৰ বজ্ৰ চেপাত নিমাখিত ধূমলৰূপী তামুলীৰ প্ৰেম পলাই ফাট মাৰিলে। জীৱটো জানো কেনেকৈ ৰ’ল ……… ধূমলে ভাবিয়েই থাকিল।

দ্বিতীয় ভাগঃ

“ফটা-ঢোল” “ফটা-ঢোল” বাজি থাক কাল অনন্ত।

যিহেতু ইয়াত নাই প্ৰতিভাৰ কোনো অন্ত।।

ধূমলৰ বহু পিছত অহা আন এজন কৌতুক অভিনেতাই হিন্দী ছবিজগতৰ সকলো অভিলেখ ভঙ্গ কৰি এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। তেখেত ইমানেই জনপ্ৰিয় আৰু অভিনয়ত পাকৈত আছিল যে ছবিৰ নায়কতকৈ বেছি প্ৰশংসা আৰু পাৰিশ্ৰমিক পাইছিল। সম্পূৰ্ণ এখন ছবি তেখেতৰ কৌতুক অভিনয়ক কেন্দ্ৰ কৰি তৈয়াৰ হৈছিল আৰু চুপাৰ হিট্ হৈছিল। তেখেতৰ অভিনয় দক্ষতা আৰু উচ্চ মানদণ্ডৰ কমেডিৰ বাবে যিখন চিনেমাত থাকে সেই চিনেমাৰ নায়কজন প্ৰায়েই ম্লান হৈ পৰিছিল।

কৌতুক অভিনেতা হোৱাৰ পিছতো তেখেতে প্ৰধান প্ৰধান নায়িকা সকলৰ বিপৰীতে নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। সুনীল দত্ত, ধৰ্মেন্দ্ৰ, শাম্মী কাপুৰ আদিৰ সমান্তৰালকৈ তেখেতে এজন তাৰকাৰ মৰ্য্যদা লাভ কৰিছিল। তেখেত হৈছে আমাৰ সকলোৰে প্ৰিয় মেহমুদ।

“জহৰ মেহমুদ ইন হংকং”-সত্তৰ দশকৰ এখন চিনেমাৰ নাম।

“ফটা-ঢোল”ৰ কেইজনমান গুণী জ্ঞানী অৰ্থাৎ সৰ্বগুণী ঢুলীয়াক লৈ এই খন চিনেমাৰ পুনৰ নিৰ্মাণ কৰিবলৈ যো-জা কৰা হৈছে।

“জহৰ মেহমুদ ইন হংকং” নামৰ ছবিখনত দুই মুখ্য অভিনেতা আই এছ জহৰ আৰু মেহমুদ দুয়োজন হৈছে প্ৰফেশ্বন্যাল ঠগবাজ। আমাৰ ছবিখনত বৰডেকা ভাস্কৰক, আই এছ জহৰৰ চৰিত্ৰ আৰু মেহমুদৰ চৰিত্ৰৰ বাবে হেনচু দিম্পলক নিৰ্বাচন কৰা হৈছে। চিনেমাখনৰ আৰম্ভনিতে  ইজনে সিজনক ওপৰা ওপৰিকৈ ঠগে। এবাৰ যদি মেহমুদে জহৰক ঠগে তেন্ত আনবাৰ জহৰে মেহমুদক ঠগে। ঠিক চোৰক মোৰে পোৱাৰ দৰে, এক সে বঢ় কৰ এক কাহিনী।

মূল কাহিনীৰ সূত্ৰপাত হয় তেতিয়া, যেতিয়া এজন ডাঙৰ মাফিয়া ডনে (হেকা দাক ডনৰ ৰূপত কি যে শুৱাই পৰিছে নহয়!) দিম্পল আৰু ভাস্কৰক, হংকং স্থিত বেঙ্ক এটাৰ ল’কাৰত পৰি থকা এট’ম বম্বৰ ফৰ্মূলা উদ্ধাৰ কৰিবলৈ নিয়োজিত কৰে। এগৰাকী ভাৰতীয় বৈজ্ঞানিক মিঃ ৰয়ে (ৰিণ্টু মণি দত্ত হ’ব চাগে এইজন) এট’ম বম্বৰ ফৰ্মূলা তৈয়াৰ কৰি উলিয়ায়। কথাটো গম পাই ইন্টাৰনেশ্বনেল মাফিয়া চক্ৰই দাবী ধমকি দি, বৈজ্ঞানিকজনৰ পৰা ফৰ্মূলা হাচিল কৰি, শত্ৰু দেশৰ ওচৰত বিপুল টকাৰ বিনিময়ত বিকিবলৈ বিচাৰে। কিন্তু দেশপ্ৰেমিক বৈজ্ঞানিক মিঃ ৰয় অমান্তি হোৱাত, চক্ৰটোৱে অৱশেষত মিঃ ৰয় আৰু তেখেতৰ গাভৰু ছোৱালীজনীক হত্যা কৰাৰ ভাবুকি দিয়ে। কিন্তু ইয়াৰ পাছতো চক্ৰটোৱে ফৰ্মূলা উদ্ধাৰ কৰিব নোৱাৰিলে কাৰণ বিখ্যাত বিজ্ঞানী মিঃ ৰয়ে তেওঁৰ পৰিয়ালসহ স্থায়ী ভাবে বসবাস কৰাৰ উদ্দেশ্যে মঙল গ্ৰহলৈ গুচি যায়। মঙল গ্ৰহলৈ যোৱাৰ কেইদিনমান আগতেই হংকং স্থিত বেঙ্ক এটাৰ ল’কাৰত এট’ম বম্ব নিৰ্মাণৰ ফৰ্মূলাৰ পাণ্ডুলিপিটো জমা কৰি থৈছিল আৰু বেঙ্কৰ একাউন্টটো মিঃ ৰয়ৰ জীয়েকৰ নামত আছিল। গতিকে বৈজ্ঞানিকজন আৰু জীয়েক দুয়োৰে অবৰ্তমানত ফৰ্মূলা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব নোৱাৰিলে। যিহেতু বেঙ্কৰ একাউন্টটো বৈজ্ঞানিক মিঃ ৰয়ৰ জীয়েকৰ গতিকে একাউন্টটো খুলিবলৈ জীয়েকক অতি প্ৰয়োজন।

মাফিয়া চক্ৰৰ ডন মানে হেকাদাই বৈজ্ঞানিকজনৰ জীয়েকৰ চেহেৰাৰ স’তে সাদৃশ্য থকা এগৰাকী ছোৱালীৰ সন্ধান পাই নতুন পৰিকল্পনা তৈয়াৰ কৰে। ছবিৰ নায়িকা মানে চেহেৰাৰ স’তে সাদৃশ্য থকা ছোৱালীজনী হৈছে মিছ্ বোম্বে আৰু খলনায়ক প্ৰাণৰ (মানস শ‌ইকীয়াক বিশেষভাবে আমন্ত্ৰণ কৰি অনা হৈছে) বাগদত্তা মিছ্ ছোনিয়া।

খলনায়কৰূপী প্ৰাণৰো একেটাই উদ্দেশ্য অৰ্থাৎ ছোনিয়াক ব্যৱহাৰ কৰি বেঙ্কৰ ল’কাৰ হাচিল কৰা। মিছ্ বোম্বে হিচাবে খ্যাতি লাভ কৰা অপূৰ্ব সুন্দৰী ছোনিয়া নামৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ ফটাঢোল হিলাই থকা মিতালী চহৰীয়াক নিৰ্বাচন কৰা হৈছে।এনেহেন গ্লেমাৰাছ চৰিত্ৰ এটা মিতালীৰ বাহিৰে আন কোনোবাই কৰিব পাৰিব জানো?

মাফিয়া চক্ৰৰ ডন (হেকা দা) ৰ পৰিকল্পনা অনুযায়ী তেখেতে দিম্পল আৰু ভাস্কৰ ৰূপী দুয়োজন মহাঠগক নায়িকা ছোনিয়াৰ অন্তৰ প্ৰেমেৰে জয় কৰি, পাণি প্ৰাৰ্থী প্ৰাণক (মানস শ‌ইকীয়াক) একাষৰীয়া কৰি, নিজৰ আয়ত্বলৈ অনাৰ দায়িত্ব দিলে যাতে ছোনিয়াক বৈজ্ঞানিকৰ  জীয়েক বুলি সাব্যস্ত কৰি বেঙ্কৰ একাউন্টৰ পৰা ফৰ্মূলা উদ্ধাৰ কৰিব পাৰে। এই কামটো মেহমুদৰূপী দিম্পলক আৰু জহৰৰূপী ভাস্কৰক যুটীয়াভাবে সম্পন্ন কৰিবলৈ দায়িত্ব দিয়ে।

সুকলমে কাৰ্য্য সমাধা কৰিব পাৰিলে দুয়োকে নিৰ্দিষ্ট এক বিশাল পৰিমাণৰ টকাৰে পুৰস্কৃত কৰা হ’ব আৰু সেই টকা দুয়ো সমানে ভগাই ল’ব পাৰিব। টকাৰ কথা শুনিয়ে দুয়োটা বৰলাই পেৰিচত হনিমুন কৰিবলৈ যোৱালৈকে সপোন দেখিবলৈ আৰম্ভ কৰিলে, “আখিৰ ফটাঢোল কা হেনচু বৰলা হ্যাই”।

ছবিখনৰ আৰম্ভনি হোৱাৰে পৰা দিম্পল আৰু ভাস্কৰ দুয়ো ঠগবাজিৰ কাৰবাৰত, ইজন সিজনৰ প্ৰতিদ্বন্দী। এই “ডীল”টো হোৱাৰ পিছতো পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি, পুৰস্কাৰৰ সম্পূৰ্ণ পৰিমাণ অকলেই হস্তগত কৰাৰ অভিপ্ৰায়েৰে দুয়ো ইজনে সিজনক “টেক্কা” দি নিজাববীয়াকৈ নায়িকা মিতালীৰ , অহ্ ছোনিয়াৰ মন জয় কৰিবলৈ ভিন ভিন পদ্ধতি অৱলম্বন কৰে। আনক ঠগি অনা উপহাৰেৰে দিম্পল আৰু বৰডেকাই মিতালীক ওপচাই পেলালে।

জহৰ আৰু মেহমুদৰ ঠগবাজি আৰু ওপৰা ওপৰিকৈ নায়িকাৰ মন জয় কৰিবলৈ লোৱা দৃশ্য তথা পদ্ধতি সমূহ ইমানেই আমোদজনক যে বহলাই ক’বলৈ গ’লে ফটাঢুলীয়াই নাড়ী পেটু গাঁঠি মাৰিও তত্ নাপাব, চিঙিবই চিঙিব। গতিকে নকওঁ, মানে মই তেনেই সহজ-সৰল আৰু অহিংস পন্থী জীৱ যে! দুই বৰলাৰ কথা- কাণ্ডই খলনায়ক প্ৰাণৰূপী মানস শইকীয়াকো কিছু নগুৰ-নাকতি কৰে। অৱশ্যে ছৱিখনৰ শেষলৈ দিম্পল আৰু ভাস্কৰ, দুয়োৰে সুমতি হয়গৈ। মাফিয়া চক্ৰৰ কু-অভিসন্ধি ধৰিব পাৰি, দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ, পৰস্পৰৰ মাজত থকা প্ৰতিদ্বন্দিতা ত্যাগ কৰি এট’ম বম্বৰ ফৰ্মূলাটো, দেশদ্ৰোহী চক্ৰৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে আৰু ছবিখনৰ হ্যাপী এণ্ডিং হয়।

(ত্ৰিকোণ প্ৰেমৰ কাহিনীটো বা কি হ’লগৈ! মিতালী, অহ ছোনিয়াৰ দৰে ৰূপহী এজনী প্ৰাণৰ দৰে ডাঙৰ ডাঙৰ চকুৰ পৰা বাচি গ’লনে?)

জহৰ মেহমুদ ইন হংকং নামৰ চিনেমাখনৰ এটা স্মৰণীয় দৃশ্যঃ

হংকংলৈ বুলি উৰা মৰা এখন উৰা জাহাজৰৰ ভিতৰৰ দৃশ্য।

উৰা জাহাজৰ ভিতৰৰ একেটা শাৰীত সোঁফালে খিৰিকীৰ ফালৰ ছিটত মেহমুদৰূপী দিম্পল আৰু কাষৰ ছীটত ছোনিয়াৰ পাণিপ্ৰাৰ্থী খলনায়ক প্ৰাণৰূপী মানস শ‌ইকীয়া বহি আছে। একেটা শাৰীৰ বিপৰীত ফালৰ ছীট দুখনত ক্ৰমে নায়িকা ছোনিয়া আৰু খিৰিকীৰ ফালে ছোনিয়াৰ আন্টী টুনটুন (কোনে জানো ক’লে ৰোলটোৰ বাবে প্ৰিয়ম চুতীয়া চুমু উপযুক্ত হ’ব বুলি!) বহি গৈ আছে। প্ৰাণে বাও‍ঁফালে বহি থকা ছোনিয়াক লাহেকৈ বাওহাতেৰে স্পৰ্শ কৰি মাতিলে।নায়িকা ছোনিয়াই সোঁফালে ঘূৰি প্ৰাণলৈ চাওঁতেই, প্ৰাণৰ ঠিক সোঁফালে বহি থকা দিম্পলৰ চকুৱে চকুৱে পৰিল। দিম্পলে লগা-লগ অচিনাকি মিতালীলৈ চাই চকু টিপ মাৰিলে। সকলো ছোৱালীয়ে কৰাৰ দৰে প্ৰথমবাৰৰ বাবে মিতালীয়ে অকণমান ‘ইগন’ৰ’ কৰিলে যদিও পিছমুহূৰ্ততে দিম্পলে ধাৰাষাৰ ভাবে চকু টিপিয়াব ল’লে। নায়িকা মিতালী অসহ্য হৈ পৰিল আৰু খঙত একো নাই  হৈ নিজৰ ছীটৰ পৰা উঠি গৈ দিম্পলৰ গালত সজোৰে ৰাম চৰ এটা মাৰিলে।

দিম্পলৰ কাষতেই বহি থকা মানসে একো তলকিব‌ই নোৱাৰিলে। ইফালে দিম্পলে লগালগ, চকুদুটা কোনো এক অজানা বিন্দুত অন্ধ মানুহৰ দৰে স্থিৰ কৰি, গালখন মোহাৰি মোহাৰি, হাতৰ কাষত আগৰে পৰা পৰি থকা টিলিঙা লগা লাখুটীডাল খেপিয়াই লৈ, কন্ঠস্বৰত কৰুণ দৰদ ঢালি সুধিলে,

“অন্ধে কো কিছনে মাৰা?”

(অভিনয়ৰ মাজতে অভিনয় কৰাত, আমাৰ দিম্পল যে কিমান সিদ্ধহস্ত সেইটো কাৰোবাক ক’ব লাগিব জানো!)

কথাষাৰ শুনি সুদৰ্শনা নায়িকা মিতালী অনুশোচনাৰ সাগৰত ডুবি পানী পানী হৈ গ’ল।

“এইয়া ম‌ই কি কৰিলো, অন্ধ মানুহ এজনক চৰিয়ালোঁ!”

“কি কৰোঁ কি নকৰোঁ” যেন লগা মিতালীয়ে কেইবাবাৰো ক্ষমা বিচাৰিলে। অৱশেষত মানস শ‌ইকীয়াক ক’লে,

“শ‌ইকীয়াদা, আপুনি মোৰ ছিটটোত মানে আন্টীৰ ওচৰত বহক আৰু ম‌ই আপোনাৰ ছিটটোত মানে এখেতৰ (মেহমুদ/দিম্পলৰ) ওচৰত বহি ভালদৰে ক্ষমা ভিক্ষা মাগোঁ।”

কিছু বিৰক্ত হৈ অনিচ্ছাসত্বেও প্ৰাণে (মানস শ‌ইকীয়াই) বাগদত্তা মিতালীক ছিটটো এৰি দিয়ে। দিম্পলৰ ওচৰৰ ছীটটোত মিতালী বহাৰ পিছত দিম্পলে অনৰ্গল ভাবে নিজৰ জীৱনৰ মনে সজা ট্ৰেজিক কাহিনীৰ বকলা মেলি মিতালীক ‘ইম্প্ৰেছ” কৰিবলৈ চেষ্টা কৰে।(বেচেৰা অবলা বৰলা হ’বলা )

“দেশৰ  সীমান্তত হোৱা যুদ্ধত, দেশৰ হকে যুঁজিবলৈ গৈ, মোৰ চকুহাল দেশৰ নামত উছৰ্গা কৰিলোঁ। ভাবিছিলোঁ এই আত্মত্যাগৰ বিনিময়ত দেশবাসীয়ে মোক মেডেলেৰে আদৰিব। তাৰ পৰিৱৰ্তে দেখিছোঁ মোক চৰহে মাৰিছে।”

দিম্পলৰ ঘঁৰিয়ালৰ চকুলোৰ বানত নায়িকাৰূপী মিতালী উটি-ভাহি যাওঁ যেন হ’ল।

দেশৰ হকে দিম্পলৰ আত্মোৎসৰ্গৰ কাহিনী তথা বেদনাগধুৰ কথাষাৰ শুনি সুন্দৰ অন্তৰৰ গৰাকিনী নায়িকা মিতালী লাজ আৰু পৰিতাপত জয় পৰি যায়। দিম্পলৰ এখন হাত নিজৰ দুহাতৰ মাজত লৈ ক’বলৈ ধৰে (দিম্পলৰ বাবে এইটোৱেই আছিল আটাইতকৈ আকাংক্ষিত ক্ষণ! সপোনৰ উৰাজাহাজত উঠিলেই হেনচু)

মিতালীঃ প্লীজ, মোক আপুনি ক্ষমা নকৰিবনে? ম‌ই আপোনাৰ চকুৰ চিকিৎসা কৰোৱাম। আপুনি বাৰু ফৌজত কেতিয়া কাম কৰিছিল?

এনেহেন সুৱৰ্ণ সুযোগৰ সদ্ব্যৱহাৰ কৰি, দিম্পলে নায়িকাৰূপী মিতালীৰ হাতখন চপাই লোৱাৰ লগতে আৰু বেছি কাষ চাপি, আৰু বেছি নিবিড় হৈ ক’লে,

“ম্যেই জৱ ফৌজ মে থা, দুনিয়াৱালে তব মৌজ মে থা।”

পুৰস্কাৰৰ ধনৰাশিৰ লগতে নায়িকাজনী “হাতছাৰা” হোৱাৰ আক্ৰোশত, উৰাজাহাজৰ পিছৰ ছিটত বহি অহা, জহৰৰূপী ভাস্কৰে খঙত একো নাই হৈ তপা মূৰটোকে নখেৰে আঁকুহিলে।

(কাট-প্ৰথম দৃশ্য সমাপ্ত)

“জহৰ মেহমুদ ইন হংকং”ৰ স্মৰণীয় দ্বিতীয় দৃশ্যঃ

হংকং গৈ পোৱাৰ পিছৰ কাহিনী। প্ৰাণ (মানস শ‌ইকীয়া), জহৰ (ভাস্কৰ বৰ ডেকা), মেহমুদ (দিম্পল হেনচু), ছোনিয়া (মিতালী চহৰীয়া) আৰু ছোনিয়াৰ আন্টী টুনটুন (প্ৰিয়ম চুতীয়া চুমু) আদি সকলোৱে হংকংৰ একেখন হোটেলত, বেলেগে বেলেগে ৰূম বুক কৰি থাকিবলৈ লৈছে।

ইতিমধ্যে অন্ধৰ ভাও জুৰি মেহমুদে অৰ্থাৎ দিম্পলে নায়িকা ছোনিয়াৰ (মিতালী) মনত এক বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ সক্ষম হৈছে।

দিম্পলে হোটেলৰ নিজ ৰূমৰ দেৱালত নায়িকা মিতালীৰ এখন পোৰ্ট্ৰেইট আঁৰিবলৈ চেষ্টা কৰি আছে। সেই সময়ত ৰূমটোৰ দুৱাৰখন খোলা আছিল। হঠাৎ সেই ফালেদি অৰ্থাৎ কৰিডৰেদি গৈ থকা অৱস্থাত প্ৰাণে (মানস শ‌ইকীয়াই) দিম্পলক দেখিলে। এজন অন্ধ মানুহে ফটো আঁৰিবলৈ লোৱা কথাটো মানসৰ দৰে সুচতুৰ খলনায়কে কথাটো হজম কৰিব নোৱাৰি, সন্দিহান হৈ পৰিল আৰু বাহিৰৰ কৰিডৰৰ চুকত সজাই থোৱা ফুলৰ ”বুকে” এটা হাতত লৈ দুৱাৰমুখত থিয় দিলে। কিন্তু দিম্পলে মানসক দুৱাৰমুখত থিয় দিয়াৰ লগে লগেই ড্ৰেছিং টেবুলৰ আইনাৰ প্ৰতিফলনত দেখিলে। সুচতুৰ দিম্পলে উপস্থিত বুদ্ধি খটুৱাই চকুৰ পচাৰতে হাতত থকা মিতালীৰ পোৰ্ট্ৰেইটখন ওলোটা কৰি দেৱালত আঁৰি দিলে। ওলোটা ছবিখন দেখি মানসে আশ্বস্ত হৈ অন্ধৰূপী দিম্পলক সুধিলে,

“দিম্পলবাবু,  আপুনিতো চকুৰে নেদেখে, তাৰ পিছতো মিতালীৰ ফটো দেৱালত কিয় আঁৰিছে দিম্পলবাবু?

দিম্পলৰ ডিপ্লোমেটিক উত্তৰ,

“আমি ঈশ্বৰক দেখো জানো, মানসবাবু? নেদেখো! আৰু তাৰ পিছতো আমি আমাৰ ঘৰত ইশ্বৰৰ প্ৰতিমূৰ্ত্তি স্থাপন নকৰো জানো?”

এইবুলি কৈ দিম্পলে লাখুটিডালৰ সহায় লৈ মানস শ‌ইকীয়াক বহিবলৈ কৈ আগবঢ়াই নিয়ে আৰু নিজেও সন্মুখত পৰি থকা চকী এখন দেও দি পাৰ হৈ বহে। আন এখন চকীত মানসকো বহুৱাই লয় আৰু নিৰ্বিকাৰ ভাবে অন্ধ মানুহৰ দৰে শূণ্যদৃষ্টিৰে চাই থাকে। মানস শ‌ইকীয়াই নিশব্দে দিম্পলৰ অন্ধত্বৰ সঁচা-মিছা প্ৰমাণ কৰিবলৈ দিম্পলৰ চকু দুটা তৰ্জনীৰে ঘুঁকুটি অনাৰ দৰে কেইবাবাৰো কৰে। কিন্তু মানস সফল হ’ব নোৱাৰে কাৰণ দিম্পলে চকুৰ পতা নজপাই নিৰ্বিকাৰ ভাবে ৰৈ থাকে। আকৌ এবাৰ মানস শ‌ইকীয়াৰূপী প্ৰাণ পুনৰবাৰ আশ্বস্ত হয় যে দিম্পল সঁচাকৈয়ে অন্ধ।

মানসৰূপী প্ৰাণে “দেৰি হৈছে ম‌ই এতিয়া যাও” বুলি যাব ওলাওতেই দিম্পলৰূপী মেহমুদে ভুলক্ৰমে সুধি পেলালে, “প্ৰাণবাবু, আপোনাৰ হাতত থকা ফুলৰ “বুকে”, মোলৈ আনিছিল যদি মোক নিদিয়াকৈ যাব ওলাইছে যে?”

প্ৰাণৰূপী মানসৰ পুনৰ দিম্পলৰ অন্ধত্বকলৈ সন্দেহ হ’ল।

“দিম্পল বাবু, ম‌ই ফুলৰ বুকে অনা বুলি আপুনি কেনেকৈ গম পালেনো? আপুনিতো চকুৰে নেদেখে?”

সচৰাচৰ কৰাৰ দৰে দিম্পলে পুনৰ পৰিস্থিতি চম্ভালি ক’লে,

“অন্ধ মানুহৰ দৃষ্টিশক্তি নাই বাবেই অন্তৰ্দৃষ্টিৰ লগতে ঘ্ৰাণ শক্তি প্ৰৱল। ম‌ই আপুনি অনা ফুলৰ সুবাসৰ পৰাই বুজিছিলোঁ, আপোনাৰ হাতত মোৰ বাবে ফুলৰ “তোড়া” এটা আছে।”

এইবাৰ মানস শ‌ইকীয়াক অকণমান শিক্ষা দিবলৈ বুলি দিম্পলে পুনৰ ক’লে,

“প্ৰাণ চাহাব, আপোনাৰ অন্তৰখন ফুলৰ দৰেই কোমল। ছোনিয়াই সৌভাগ্যক্ৰমে ফুলৰ দৰে কোমল অন্তৰৰ অধিকাৰী এগৰাকীক স্বামী হিচাবে পাবলৈ গৈ আছে।”

কথাষাৰ শুনি প্ৰাণৰূপী মানস গপতে গঙ্গাটোপ হৈ পৰে আৰু সুযোগৰ সদব্যৱহাৰ কৰি মেহমুদৰূপী দিম্পলে কয়,

“প্ৰাণ চাহাব, যিহেতু আপুনি সুন্দৰ মনৰ গৰাকী, গতিকে আপুনি নিশ্চয় শাৰীৰিকভাবেও ধুনীয়া হ’ব। আপোনাৰ আপত্তি নাথাকিলে, ম‌ই স্পৰ্শ কৰি, আপোনাৰ সৌন্দৰ্য্যৰ উমান ল’ব বিচাৰো।”

প্ৰশংসাৰ উপৰি, প্ৰশংসা শুনি  বেলুন ফুলাদি ফুলি মানস চাহাব দিম্পলৰ ওচৰ চাপি আহিল।

চকুদুটা অন্ধ মানুহৰ দৰে টেলেকা টেলেকা কৰি, মানসৰ নাকৰ পাহি দুটা দুহাতেৰে জোৰ জোৰকৈ টানি ক’লে,

“বাঃ প্ৰাণবাবু আপোনাৰ কাণ দুখন সঁচাকৈয়েই বৰ ধুনীয়া।”

(শইকীয়াৰ ওপৰত দিম্পলৰ কিবা আখেজ আছিল যদিও আমি নাজানো দেই)

প্ৰাণে দুখ পাই খঙেৰে ক’লে,-

“ধেৎ আপুনি কি কৰিছে, এইয়া মোৰ কাণ নহয়, নাক হে।”

মেহমুদ/দিম্পলঃ তেতিয়াহ’লে, আপোনাৰ কাণ ক’তা?

প্ৰাণে (মানসে) অন্ধৰূপী মেহমুদৰ (দিম্পল) হাত দুখন কাণৰ ওচৰলৈ টানি ক’লে,-

“এই দুখনহে মোৰ কাণ।”

এইবাৰ পুনৰ দুয়োখন কাণৰ লতিদুটা ধৰি দুহাতেৰে জোৰ জোৰকৈ, টানি ওলমিবলৈ ল’লে। প্ৰাণে দুখ পাই অস্থিৰ হৈ পৰিল আৰু খঙেৰে ক’লে,

“ৰ’বচোন, আপুনি এইয়া কি কৰিছে?”

মেহমুদে কাণদুখন শেষবাৰৰ বাবে পুনৰ জোৰেৰে টানি ক’লে,

“প্ৰবাদ আছে যে মানুহ আৰু কুকুৰৰ “খানদান” ৰ পৰিচয় হেনো কাণ টানি চালেহে গম পোৱা যায়।”

প্ৰাণে খঙেৰে মেহমুদৰ হাতদুখন কাণৰ পৰা কোনোৰকম এৰুৱাই পেলায়।

মেহমুদে লাহেকৈ ক’লে,- “আপুনি সঁচাকৈয়ে বৰ খানদানী মানুহ, প্ৰাণ বাবু। চাওঁ আপোনাৰ মুখখন এবাৰ চাই ল‌ওঁ।”

এই বুলি কৈ হাতখনেৰে প্ৰাণৰ বাওঁ চকুটো মেলিলৈ, বুঢ়া আঙুলিটোৰে চকুৰ পাহিটো চুই ক’লে,-

“বাঃ প্ৰাণবাবু, আপোনাৰ গোঁফকোছা কিন্তু বৰ ধুনীয়াদেই।”

মেহমুদে একেটা টেম্পাৰমেন্টতেই, প্ৰাণৰ চকুৰ ভিতৰৰ মণিটো ঘঁহি পিহি, ঘোঁকটি মেলি ক’লে,

“বাঃ প্ৰাণবাবু, আপোনাৰ দাঁতকেইটাও কিন্তু সঁচাকৈয়ে বৰ ধুনীয়া দেই।”

চকুৰ ভিতৰত আঙুলি সুমুৱাই দিয়াত, প্ৰাণ শংকিত তথা অতিষ্ঠ হৈ পৰিল।

“এইবোৰ আপুনি কি অভদ্ৰামি আৰম্ভ কৰিছে!”

বুলি কৈ উচাট মাৰি ৰূমৰ পৰা ওলাই গ’ল।

(আচলতে ডনৰ ৰূপ ল’লেও মানস শইকীয়াৰ গাত এশটা মানৱীয় গুণ আছিল, অৰ্থাৎ তেওঁ শগুণ, গতিকে বেচেৰা অন্ধ দিম্পলৰ অত্যাচাৰ সহি থাকিল।)

☆★☆★☆

One comment

  • গীতিকা শইকীয়া

    এখন অতিকৈ মনোৰঞ্জনকাৰী চিনেমাৰ স্ক্ৰীপ্ট। ব্যংগৰে ভৰপূৰ হৈ আছে। অশেষ ধন্যবাদ লিখাৰ বাবে।

    Reply

Leave a Reply

Your email address will not be published.