ফটাঢোল

জিৰণীয়া মৌ – ঊষা মহন্ত

ঢলপুৱাতে কাউৰীজনীৰ মাতত সাৰ পাই জঁপিয়াই বিছনাৰ পৰা নামি আহিল মামনি। ইস্, দেৰিয়েই হ’ল হ’বলা! যোৱা ৰাতিয়েই গিৰিয়েকে কৈ থৈছিল- “পুৱা সোনকালে উঠিবা। প্ৰথমখন বাছতে যাব লাগিব, নহ’লে পিছত বৰ ভীৰ হ’ব। কাঁটাই কাঁটাই সাত বজাতে বাছখন আহে।”

ঝাড়ুটো হাতত লৈ মামনিয়ে এফালৰপৰা ধুমুহাৰ গতিৰে বাহীবন কৰি গা ধুই পাকঘৰত সোমাল। অসুখীয়া শহুৰেকৰ বাবে পিঠাগুড়ি দুটামান গৰুৰ গাখীৰত সিজাই থৈ গিৰিয়েকলৈ জলপানৰ বাতি সজাই মামনিয়ে আগদিনাই সাজু কৰি থোৱা কাপোৰ সাঁজ পিন্ধি লয় মানে ৬ বাজি ২০ মিনিট গ’লেই। নাকে কাণে চাহ জলপান কণ গুজি মামনিয়ে অসুখীয়া শহুৰেকক বিছনাতে সেৱা জনালে। শাহুৱেক ইতিমধ্যে গা ধুই আহিছে। শাহুৱেককো সেৱা কৰি চুটকেছটো লৈ তাই গিৰিয়েকৰ পাছত আহি ঠিয় হ’লহি।

“যোৱা, সোনকালে আহিবা আই” শাহুৱেকৰ মৰমৰ মাতষাৰেও মামনিৰ মনত কিয় জানো বিৰক্তি হে ওপজালে। কিমান দিন যে ঘৰলৈ যোৱা নাই তাই। গিৰিয়েকৰ ব্যৱসায়, শহুৰেকৰ অসুখ আৰু ঘৰখনৰ একমাত্ৰ বোৱাৰী হোৱাৰ অজুহাতত যোৱা এবছৰ ধৰি তাই মাকৰ ঘৰখন দেখি পোৱা নাই। বিয়া হোৱা এইয়া তাইৰ ডেৰবছৰ হ’ল। তথাপিও দেখোন এইখন ঘৰ তাইৰ পৰ পৰ যেন লাগে। মাকৰ ঘৰখন হে যেন তাইৰ আচল ঘৰ।

সাত বাজি যোৱাৰ অকণমান পাছতেই বাছখন পালেহি। লৰালৰিকৈ দুজনীয়া চিট এটা অধিকাৰ কৰি দুয়ো বহি ল’লে। বাছৰ চকাৰ লগে লগে মামনিৰ মনৰ ভাৱৰ চকৰিটোও ঘূৰিবলৈ ধৰিলে।

মাক দেউতাকৰ চাৰিটা ল’ৰা সন্তানৰ পাছত ছোৱালী সন্তান মামনি। সকলোৰে আদৰৰ হোৱাটো নিতান্তই স্বাভাৱিক। ককায়েকহঁতৰ মৰম স্নেহ, মাক দেউতাকৰ আদৰ যত্নত ঠন ধৰি উঠা মামনিৰ কুমলীয়া মনটো গৰকি এদিন বসন্ত আহিল। চম্পা, নাহৰ, তগৰৰ আমোলমোল গোন্ধত হিয়া বলিয়া হোৱা দিনবোৰতে তাই হাইস্কুলৰ দেওনা পাৰহৈ কলেজত ভৰি দিলে। মাকৰ তত্বাৱধানতে তাই পঢ়া-শুনাৰ উপৰিও ৰন্ধা বঢ়া, চিলাই কৰা, তাঁত বোৱা আদি কামবোৰ সমানে শিকিলে। মামনিয়ে উচ্চতৰ মাধ্যমিকৰ শেষান্ত পৰীক্ষা দিয়াৰ বছৰতে হাইস্কুলৰ শিক্ষক ডাঙৰ ককায়েকে বিয়া কৰালে। তাৰ দুবছৰৰ পিছতে দ্বিতীয়টো ককায়েকেও বিয়া কৰালে। মামনিয়ে স্নাতক পৰীক্ষাত বহাৰ পিছতেই কমাৰবন্ধাৰ অজিত দত্ত নামৰ সুযোগ্য পাত্ৰ পাই দেউতাকে দহ দিনৰ ভিতৰতে মামনিৰ বিয়াৰ বন্দোবস্ত কৰি পেলালে। গাঁৱৰ ছোৱালী মামনি। শিক্ষা-দীক্ষা ল’লেও ঘৰৰ অমতে কিবা এটা কৰাৰ চিন্তা তাই কৰিব নোৱাৰে। গতিকে ঘৰৰ পচন্দতে এদিন ধুম ধামেৰে তাইৰ বিয়া হৈ গ’ল অজিতৰ লগত। বৈবাহিক জীৱন তাইৰ সুখৰ বুলিয়েই ক’ব লাগিব। অজিতৰ সম্পৰ্কত তাইৰ মনত কোনো আক্ষেপ বা ক্ষোভ নাই। বৰঞ্চ হিয়া উজাৰি দিয়া অজিতৰ মৰমে যোৱা ডেৰ বছৰে তাইক আপ্লুত কৰি ৰাখিছে। তথাপিও যেন কিবা এটা নাই!

“ঘৰত পিছে দুদিনমান দীঘলীয়াকৈ থাকিম বুলি ভাবিছা নেকি?”

অজিতৰ মাতত চক খাই উঠিল মামনি। কেৰাহিকৈ অজিতৰ মুখলৈ চাই তাই ক’লে,

“থাকিম! অন্ততঃ এমাহৰ কমে কিন্তু মই নাহোঁ।”

“এমাহ!” উচপ খাই উঠাৰ দৰে ক’লে অজিতে

“এমাহ মই কেনেকৈ থাকিম অকলে?”

“থাকিবা আৰু কিবাকৈ। ইমানদিনৰ মূৰত ঘৰলৈ আহিছোঁ, এমাহমান থাকিম কিন্তু!” মামনিৰ মুখত দৃঢ়তাৰ চিন।

একো নকৈ অজিতে কেৱল মিচিকিয়ালে। অজিতৰ হাঁহিৰ অৰ্থ কি তাই নুবুজিলে। মানুহজনে ঘৰলৈ যাওঁ বোলোতে বিশেষ আপত্তি কৰা নাই যদিও দীঘলীয়াকৈ থাকিম বোলাত নিশ্চয় ভালো পোৱা নাই। তেন্তে হাঁহিছে কিয়? যাহ, যি ভাবে ভাবি থাকক।

দিনৰ এঘাৰ বজাত তাই মাকৰ ঘৰ পালেগৈ। খন্তেকতে সৰু সুৰা হুলস্থুল এখন হ’ল। কণমানি ভতিজা দুটালৈ নিয়া কাপোৰ দুযোৰ পিন্ধাই দি তাই দুয়োটাকে দুহাতেৰে আঁকোৱালি ধৰিলে। দুপৰীয়াৰ ভাতকেইটা খায়েই অজিতে ঘূৰি অহাৰ কথা ক’লে। শহুৰেক অসুখীয়া, থাকিব নোৱাৰে। দুৱাৰ মুখলৈকে আগ বঢ়াই দিওঁতে অজিতে আনে নুশুনাকৈ ক’লে, “যিমান দিন মন যায় থাকা বাৰু! যেতিয়াই মন যায় ফোন কৰি খবৰ দিবা, মই লৈ যামহি।”

আনন্দত তাইৰ পাৰ নোহোৱা হ’ল। সেই মুহূৰ্তত তাই যেন পৃথিৱীৰ সকলোতকৈ সুখী। ঘৰৰ আগেদি ঘূৰি যোৱা বাছত উঠি অজিতে আকৌ এবাৰ তাইলৈ ঘূৰি চালে। তড়িৎ গতিৰে তাইৰ যেন বুকুখন ধমহ কৈ মাৰিলে। কিবা খালি খালি অনুভৱ এটাও হ’ল। কিয় এনে হ’ল তাই যেন বুজিও নুবুজিলে। কণমানি ভতিজাটোৰ কোমল গালখনত তাইৰ গালখন লগাই তাই মাথো বাছখন যোৱালৈ চাই ৰ’ল।

অজিতক পঠিয়াই মামনি একে কোবে সৰু ককায়েকৰ ওচৰ পালেগৈ। সৰু ককায়েক তাইতকৈ দুবছৰৰ ডাঙৰ, এতিয়া গড়কাপ্তানি বিভাগত চাকৰি কৰে। পিছফালৰ পৰা ককায়েকৰ কান্ধত হাত থৈ তাই কলে’”কি কৰিছ’ সৰুদা?”

“তোৰে কথাকে ভাবি আছিলোঁ বেঙী।”

ককায়েকে মৰমতে তাইক বেঙী বুলি জোকায়।

“মোৰ কথা কি ভাবিছ?”

“তোক যে এমাহ থকাকৈ পঠিয়ালে তোৰ ঘৰখনে!”

“কিয় নপঠিয়াব? মই কিবা বান্দী নেকি সেইখন ঘৰৰ? বাৰু বাদ দে, দাদা তোৰ মনত আছেনে? সৰুতে তই যে মোক কিমান অশান্তি দিছিলি! তই যে মৰ্টন আনি মোক দেখুৱাই ওপৰলৈ দলিয়াই দি কৱ- “ওপৰতে ধৰি খা” মইও চেষ্টা কৰোঁ তেনেদৰে খাবলৈ। চোতালত জঁপিয়াই জঁপিয়াই এনেদৰে মৰ্টন খাওঁতে মই যে তোৰ থুতৰিতে কামুৰি দিছিলোঁ।”

“কিয় মনত নাই বেঙী! তাৰ পাছত মই দুখ পালোঁ বোলাত তই যে ভেঁ কৈ মুখ মেলিছিলি! এটা কথা জান’ বেঙী! মই ভাবোঁ তোৰ গোটটোহে ডাঙৰ হ’ল, বাকী বোৰ সেই তেতিয়াৰ দৰে একেই আছে।”

মামনিয়ে কৃত্ৰিম খঙত হাত ডাঙি ককায়েকক খেদি গ’ল।

মাকৰ ঘৰত এসপ্তাহমান বেছ হুলস্থুলৰ মাজেদি তাই পাৰ কৰিলে। ককায়েকহঁতৰ লগত হাঁহি ধেমালি কৰিলে, নবৌয়েকহঁতৰ লগত ইঘৰ সিঘৰ ফুৰিলে, মাকৰ লগত হেঁপাহ পলুৱাই কথা পাতিলে। দেউতাকৰ মৰম যেন আগতকৈও একোব চৰিছে। বজাৰৰপৰা ইটো সিটো আনি খুৱাইছে, মাছ, গাখীৰ বিচাৰি ইফালে সিফালে দৌৰি ফুৰিছে। এইবিলাকৰ মাজত থাকি থাকি কেনিনো দহ দিন পাৰ কৰিলে মামনিয়ে গমেই নাপালে।

কিন্তু লাহে লাহে মামনিয়ে অনুভৱ কৰিলে- তাই যেন সকলোৰে মাজত থাকিও কিবা অকলশৰীয়াৰ দৰে হৈ পৰিছে। ঘৰ খনৰ মৰম স্নেহৰ ওপৰতো যেন কিবা এটা বিচাৰি তাইৰ মনটোৱে হাবাথুৰি খাইছে। যিমানে সময় পাৰ হৈছে সিমানে সেই ভাব বেছিকৈ প্ৰকট হৈ পৰিছে। তাইৰ দেহ মন আত্মা সকলো একাকাৰ হৈ যেন সেই নোপোৱাক পাবলৈ অধিক আকুল হৈ পৰিছে। কিন্তু সেয়ানো কি তাই বুজিব পৰা নাই।

প্ৰায় পোন্ধৰ দিনমান থকাৰ পাছত মামনিৰ ব্যাকুলতাই চৰম সীমা পালে। ঘনে ঘনে তাইৰ স্বামীৰ ঘৰ খনলৈ মনত পৰিবলৈ ধৰিলে। তাই নথকাত অজিতৰ নিশ্চয় বৰ কষ্ট হৈছে। পুৱাই এমুঠি খাই দিনটোলৈ ওলাই যোৱা মানুহজনৰ আগত এমুঠি যতনাই দিবলৈ তাইও নাই। বেমাৰী শহুৰেকৰ আলপৈচান ধৰি তত্ নোপোৱা শাহুৱেকৰো নিশ্চয় তাই নোহোৱাত বৰ কষ্ট হৈছে। পুতেক নথকা ঘৰ খনত কেৱল শাহু বোৱাৰী দুয়ো দুয়োৰে লগ আছিল, কিন্তু আজি শাহুৱেকক অকলশৰীয়া কৰি আহি তাই স্বাৰ্থপৰ নাৰীৰ দৰে কেৱল নিজৰ সুখৰ কথা চিন্তা কৰি মাকৰ ঘৰত আছেহি। ছিঃ কিযে নিষ্ঠুৰ তাই!

পাৰৰ মঙহৰ জোলকণ ডাঙৰ নবৌয়েকৰ ফালে ঠেলি দি ভাত খোৱাৰ মজিয়াতে মামনিয়ে কথাটো উত্থাপন কৰিলে

“নবৌ, মই ঘূৰি যাওঁ বুলি ভাবিছোঁ।”

“ঘূৰি যোৱা? কিয় কিয়? তুমিটো এমাহ থাকিম বুলি কৈছিলা মামনি?” নবৌয়েকৰ আশ্চৰ্যৰ সীমা নাই।

“নাই, মানে- মই নথকাত এওঁলোকৰ সকলোৰে অসুবিধা হৈছে চাগে।”

“অ, কথা সেইটো, তেওঁলোকৰ অসুবিধা হৈছেনে, মনক বুজাব নোৱাৰি তোমাৰ অসুবিধা হৈছে?” -সৰু নবৌয়েকে টিপ্পনি দিলে।

চলচলীয়া চকু কেইটা নবৌয়েকহঁতৰ পৰা লুকুৱাবলৈকে মামনিয়ে ভাতৰ পাতৰ পৰা উঠি গৈ ফোনৰ ওচৰ পালেগৈ।

“হেল্ল, অ মই মামনিয়ে কৈছোঁ। কালিলৈ পুৱাৰ বাছতে তুমি আহা, মই ঘূৰিব খুজিছোঁ৷

16 Comments

  • ৰাজশ্ৰী শৰ্মা

    বৰ সুন্দৰ অনুভৱ । সঁচাকৈয়ে বিয়াৰ পিছত মাৰ ঘৰখনত মৰম বেছিকৈ পালেও বেছিদিন থাকিব নোৱাৰি।সকলো বোৱাৰীৰেই একেই অনুভৱ‌। ভাল লাগিল খুড়ী পঢ়ি।

    Reply
  • গীতিকা শইকীয়া

    খুব সহজ সৰল নিভাজ গল্প। লিখাৰ ষ্টাইল সঁচাকৈয়ে আকৰ্ষণীয় হৈছে। পঢঞি ভাল লাগিল।

    Reply
  • তৃষ্ণা. সো

    অতি সুন্দৰ

    Reply
  • Mridula

    বৰ ভাল লাগিল পঢ়ি ।

    Reply
  • প্ৰদীপ চন্দ্ৰ বৰা ৷

    সুন্দৰ চিন্তাৰ পৰিচয় ৷

    Reply
  • সদানন্দ ভূঞা

    বৰ সুন্দৰকৈ লিখিলে, পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • গীতিমনি পুৰী

    ভাল লাগিল । নিভাজ গল্প

    Reply
  • Mousumi gogoi

    ভাল লাগিল পঢ়ি।

    Reply
  • Rajib Sarma

    স্বাশ্বত গল্প। সুন্দৰ ভাবে আগুৱাই নিলে গল্পটো।

    Reply
  • Rashna Borah

    খুব ভাল লাগিল

    Reply
  • Rashna Borah

    বৰ সুন্দৰ হৈছে

    Reply
  • হেমন্ত কাকতি

    খুউৱ ভাল লাগিল দেই৷ সহজ সৰল চিন্তাধাৰা৷

    Reply
  • বিয়াৰ পিছত প্ৰায় মহিলাৰেই তেনেকুৱাই হয়। লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.