ফটাঢোল

জীৱনৰ ভিন্ন স্বাদ – সঞ্জীৱ মজুমদাৰ

প্ৰথম ভাগঃ মাৰ্ক টুৱেইনৰ দৃষ্টিৰে জীৱন

হেলীৰ ধূমকেতুৱে প্ৰতি ৭৬ বছৰৰ মূৰে মূৰে পৃথিবীৰ নিকটতম দূৰত্বত, নিজ কক্ষপথেৰে পৰিভ্ৰমণ কৰে আৰু পৃথিৱীবাসীৰ দৃষ্টিগোচৰ হয়। ১৮৩৫ চনত হেলীৰ ধূমকেতুৰ আবিৰ্ভাৱ হৈছিল আৰু সেই বছৰতেই এগৰাকী বিশ্ববৰেণ্য আমেৰিকান সাহিত্যিক আৰু চিন্তাবিদৰ জন্ম হৈছিল। তেখেত আছিল মাৰ্ক টুৱেইন। মাৰ্ক টুৱেইনক আমেৰিকান সাহিত্যৰ জনক বুলি কোৱা হয়। কুৰি শতিকাৰ এগৰাকী বৰেণ্য সাহিত্যিক আৰ্ণেষ্ট হেমিংৱেৰ মতে টুৱেইনৰ “এডভেঞ্চাৰ্ছ অৱ হাকলবেৰী ফিন্” নামৰ উপন্যাসখন হৈছে সৰ্বকালৰ আমেৰিকান সাহিত্যৰ মূল প্ৰেৰণাস্ৰোত।

মাৰ্ক টুৱেইন আছিল সময়তকৈ আগবঢ়া আৰু মানৱতাৰ প্ৰবক্তা,  চিন্তাবিদ আৰু ব্যঙ্গ সাহিত্যিক। সময়ৰ সোঁতৰ বিপৰীতে,  তেখেত সাম্ৰাজ্যবাদী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আগ্ৰাসন নীতিৰ তীব্ৰ সমালোচক আৰু প্ৰচণ্ড বিৰোধী আছিল। আমেৰিকাক ঐতিহ্য, সংস্কৃতি আৰু সভ্যতাবিহীন জাতি বুলি আত্মসমালোচনা কৰাৰ সৎসাহসো তেখেতৰ আছিল।

তেখেতৰ ব্যংগমিশ্ৰিত ক্ষুৰধাৰ সমালোচনাই মাৰ্কিন প্ৰশাসনক সততে তটস্থ কৰি ৰাখিছিল। তেখেত নাৰী স্বাধীনতা আৰু দাস প্ৰথা নিৰ্মূলৰ সমৰ্থক আছিল। আমেৰিকান ৰাষ্ট্ৰযন্ত্ৰৰ দুমুখীয়া বৈদেশিক কূটনীতিৰ আৰু আগ্ৰাসনবাদী নীতিৰ তীব্ৰ বিৰোধিতা কৰিছিল।

তেখেত আছিল ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ উচ্চখাপৰ প্ৰশংসক। যাৰ বাবে তেওঁ ভাৰত ভ্ৰমণো কৰিছিল আৰু ভাৰতৰ স্বাধীনতাৰ হকে তেখেতে সদায় মাত মাতিছিল। ভাৰতৰ বিষয়ে তেখেতৰ অতি উচ্চ ধাৰণা আছিল। তেওঁ কৈ গৈছে,-“ভাৰতবৰ্ষ হৈছে মানৱ প্ৰজাতিৰ ‌ওমলা ঘৰ,  মানুহৰ ভাষাৰ জন্মস্থান,  ইতিহাসৰ মাতৃ, কিম্বদন্তীৰ আইতাক আৰু পৰম্পৰাৰ আজো আইতাক। মানৱ ইতিহাসৰ আটাইতকৈ প্ৰয়োজনীয় তথা শিক্ষামূলক সামগ্ৰী আৰু মহত্বপূৰ্ণ অমূল্য সম্পদৰ ভঁৰাল হৈছে ভাৰতবৰ্ষ।”

আমেৰিকান সকলৰ আত্মকেন্দ্ৰিক স্বভাৱ আৰু আগ্ৰাসন নীতিৰ সমালোচনা কৰি তেখেতে কৈছিল,-

“যুদ্ধৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। যুদ্ধৰ গ‌ইনা লৈ আমেৰিকান সকলে অন্ততঃ বিশ্বৰ বৰ্ণময় ভৌগলিক পৰিসীমাৰ সতে পৰিচিত হ’ব পাৰিব।”

“এজন মানুহে নিজস্ব  অনুমোদন অবিহনে কেতিয়াও সুখী জীৱন কটাব নোৱাৰে।” মহিলাসকলৰ সামাজিক জীৱনত পৰিৱৰ্তন তথা স্বাধীনতাৰ হকে সদায় মাত মাতি অহা টুৱেইনে, মহিলাৰ ওপৰতো তেখেতৰ স্বভাৱসূলভ ব্যঙ্গ কৰিবলৈ এৰা নাছিল।

“আডামৰ ডায়েৰী”ত আদমে ঈভৰ বিষয়ে কোৱা সংলাপ আছিল এনেধৰনৰ,-

“বহুবছৰ অতিবাহিত কৰাৰ পিছত,  ম‌ই প্ৰথম অৱস্থাত,  ঈভৰ বিষয়ে এটা ভুল ধাৰণা পোষণ কৰি থকা বুলি গম পালো, ‘ঈভ অবিহনে বাগিচাৰ (ইডেন গাৰ্ডেন) ভিতৰত কটোৱাতকৈ,  ঈভৰ সতে বাগিচাৰ বাহিৰত কটাবলৈহে ভাল হ’ব বুলি ভাবিছিলো’!”

“ঔপন্যাসিক বা সাহিত্যিক সকলে নাৰীৰ চৰিত্ৰ সমূহ উল্লেখ কৰোঁতে, সদায় আগতে নিজা জীৱনৰ,  কোনো এক সময়ত,  পৰ্য্যবেক্ষণ কৰা কোনো এক মহিলাৰ চৰিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰে। এইখিনিতেই ঔপন্যাসিক বা সাহিত্যিক সকলে মাৰাত্মক ভুলটো কৰে কাৰণ, তেখেত সকলে মনত ৰখা উচিত যে, মহিলাসকলে আগতে, বিশেষকৈ কোনোবা বেলেগ মহিলাই কৰা কাৰ্য্য, কেতিয়াও পুণৰাবৃত্তি নকৰে।”

“কোনো এগৰাকী মহিলাই যদি বিতৰ্ক নকৰাকৈ সুস্পষ্ট আৰু বিবেকসন্মত পৰামৰ্শ এটা গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে, তেনেহলে বুজিব লাগিব তেখেত বিবাহিতা।”

মানুহৰ মনস্তত্ব আৰু ব্যৱহাৰৰ ওপৰত তেখেতে সুক্ষ্মাত্মক পৰ্যবেক্ষণ কৰিব পাৰিছিল। সেয়ে তেখেতে প্ৰশংসা আৰু সমালোচনাক একত্ৰিত কৰি, দ্ব্যৰ্থক মিশ্ৰণ তৈয়াৰ কৰি মানুহৰ মন আৰু মগজুক আন্দোলিত কৰিবলৈ সক্ষম হৈছিল।

“মিছা কথা কোৱা বুলি স্বীকাৰ কৰা এগৰাকী পুৰুষতকৈ, মহা সত্যবাদী লোক এই পৃথিৱীত দ্বিতীয়জন হ’ব‌ই নোৱাৰে।”

“অতি উৎকৃষ্ট গ্ৰন্থ (ক্লাছিক) হৈছে এনে এখন পুথি যিখন সকলোৱে পঢ়িম বুলি কিনে বা আনে, কিন্তু কোনোৱে নপঢ়ে।”

“জীৱনটো অপৰিসীম সুখাবহ হ’লহেতেঁন,  যদিহে আমাৰ জন্ম আশীবছৰ বয়সত হ’লহেতেঁন আৰু ওলোটা ক্ৰমত, ওঠৰ বছৰলৈ উভতি আহিব পাৰিলোহেতেঁন।”

“জীৱনৰ পৰা মোহ-মায়া সমূহক আতঁৰি যাবলৈ নিদিব, মোহ-মায়া আতঁৰি যোৱাৰ পিছতো,  আপুনি বাচি থাকিব ঠিকেই কিন্তু আপোনাৰ ‘জীৱন’ৰ পৰিসমাপ্তি ঘটিব।”

“আপুনি যদি সঁচা কথা কয়, তেনেহলে একো মনত নাৰাখিলেও চলি যায়।”

“কিছুমান ভাল বন্ধু, কিছুমান উৎকৃষ্ট গ্ৰন্থ আৰু  নিদ্ৰাগ্ৰস্ত বিবেকঃ- এইয়াই হৈছে আদৰ্শ জীৱনৰ সংজ্ঞা।”

“আপুনি যেতিয়াই নিজকে সংখ্যাগৰিষ্ঠতাৰ মাজত আৱিষ্কাৰ কৰে, মনত ৰাখিব এইয়াই হৈছে বিৰাম আৰু চিন্তনৰ উপযুক্ত সময়।”

“অযোগ্য ব্যক্তিৰ সন্মুখত সঁচা কথাও ক’ব নাপায়।”

জীৱনৰ সৰু সৰু কথাবোৰকো তেখেতে এনেদৰেই ৰসাল আৰু মনোগ্ৰাহী কৰি তুলিছিল।

“চিগাৰেট হুপিবলৈ এৰাটো আটাইতকৈ সহজ কাম, ম‌ই এতিয়ালৈকে এশবাৰ মান এৰিছো।”

“চিগাৰেট এনে এটা বস্তু যাৰ নেকি এটা মূৰত জুই থাকে আৰু আনটো মূৰত থাকে এজন মূৰ্খ।”

১৯১০ চনত হেলীৰ ধুমকেতুৰ পুনৰ আবিৰ্ভাৱ হৈছিল। টুৱেইনে নিজৰ মৃত্যু সম্পৰ্কে ভৱিষৎবাণী কৰা মতেই কাকতালীয় ভাবে উক্ত বছৰতেই ৭৬ বছৰ বয়সত এই মহান চিন্তাবিদগৰাকীৰ মৃত্যু হৈছিল।

দ্বিতীয় ভাগঃ ষ্টীফেন হকিঙৰ জীৱনাদৰ্শ

বিংশ শতিকাৰ জনপ্ৰিয় তথা সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে এষাৰ বৰ সুন্দৰ কথা কৈছিল, –

“আপুনি যদি ছবছৰীয়া শিশু এটাক সাৱলীল ভাবে, কোনো এটা বিষয় বস্তু বুজাই ক’ব নোৱাৰে, তেতিয়াহ’লে আপোনাৰ সেই বিষয়-বস্তুৰ ওপৰত থকা, অগাধ জ্ঞানৰ কোনো মূল্য নাই।”

আইনষ্টাইনে কোৱা এই বহুমূলীয়া কথাষাৰ ষ্টিফেন হকিঙৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰযোজ্য। তেখেতে আইনষ্টাইনৰ আপেক্ষিকতাবাদ (Theory of Relativity) আৰু মাত্ৰা যান্ত্ৰিকীৰ (Quantum Mechanics) লগতে কৃষ্ণ গহ্বৰ (Black Hole), মহা-বিষ্ফোৰণ সিদ্ধান্ত (Big Bang Theory), ব্ৰহ্মাণ্ড, মহাকাশ আদিৰ সতে জড়িত, পদাৰ্থবিজ্ঞানৰ জটিল আৰু নীৰস তত্ব সমূহক, সাধুকথাৰ দৰে মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰি, ছবছৰীয়া শিশু এটাকো সাৱলীল ভাবে বুজোৱাৰ দৰে বুজাই থৈ গৈছে। এইবাবেই বৰ্তমানৰ আমাৰ লগতে ভবিষ্যত প্ৰজন্মৰ সকলোৱে তেখেতৰ ওচৰত কৃতজ্ঞ হৈ থাকিব লাগিব।

সম্প্ৰতি দেহাৱসান হোৱা ষ্টিফেন উইলিয়াম হকিং আছিল এগৰাকী সিদ্ধান্তবাদী পদাৰ্থ বিজ্ঞানী তথা অন্তৰীক্ষবিদ বা ব্ৰহ্মাণ্ডবিদ্।

তেখেতে নিজা শাৰীৰিক অক্ষমতাৰ বিপৰীতে মানুহৰ মগজুৰ ক্ষমতা, চিন্তা তথা কল্পনাশক্তি যে কিমান শক্তিশালী হ’ব পাৰে সেয়া খুৱ সুন্দৰকৈ প্ৰমাণ কৰি থৈ গৈছে। মানুহৰ মন আৰু মগজুৰ পৰিধিক প্ৰত্যাহ্বান জনাই সেই সীমাৰেখা অতিক্ৰম কৰি, বিশ্ব-ব্ৰহ্মাণ্ডৰ অদেখা-অজানা ৰহস্য সমূহৰ বিষয়ে, বিশ্ববাসীক অবগত কৰিছে।

তেখেত তীব্ৰ মেধাবী হোৱাৰ লগতে, তেখেতৰ ৰসবোধো আছিল অতুলনীয়। শাৰীৰিক অক্ষমতাৰ পিছতো,  অপৰাজেয় জীৱন অতিবাহিত কৰিবলৈ কিদৰে প্ৰেৰণা পাইছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কৈছিল,- “মোৰ কৰ্তব্য আৰু ৰসবোধে মোক অনুপ্ৰাণিত কৰি আহিছে।”

তেখেতে জীৱনৰ হাঁহি-ধেমালিবোৰক উপভোগ কৰিব জানিছিল, তাৰ প্ৰমাণ তেখেতৰ এই বিখ্যাত উক্তিটো… –

“জীৱনটো এটা মস্কৰা নোহোৱা হ’লে, বৰ দুখজনক হ’লহেতেঁন।”

ঈশ্বৰৰ অস্তিত্বক তেখেতে প্ৰচলিত নিয়ম অনুসৰি স্বীকাৰ নকৰিছিল, সেয়ে কৈছিল,-

“ম‌ই এটা কথা লক্ষ্য কৰিছো, যিবোৰ মানুহে ‘এই পৃথিবীত সকলোবোৰ বিধাতাৰ লিখন, তাক কোনোৱে সলনি কৰিব নোৱাৰে’ বুলি কয়, সেই মানুহবোৰেও কিন্তু ৰাস্তা পাৰ হ‌ওঁতে দুয়োফালে চাই লৈহে পাৰ হয়।”

“এই বিশ্ব ব্ৰহ্মাণ্ডৰ দৰে স্বৰ্গীয় সৃষ্টি কৰাৰ আগলৈকে ঈশ্বৰে কি কৰি আছিল? নিশ্চয় এই ধৰণৰ ‘উল্টা-পুল্টা’  প্ৰশ্ন উত্থাপন কৰা মানুহৰ বাবে নৰকৰ নিৰ্মাণ কৰি আছিল।”

“ম‌ই ঈশ্বৰ আছে বুলি বিশ্বাস নকৰোঁ। মাথো ভয় কৰোঁ, ম‌ই কোৱা কথাটো ঈশ্বৰে শুনিলে নেকি, আকৌ!”

তেখেত আছিল প্ৰকৃত বাস্তৱবাদী,  অন্ধবিশ্বাসক ঘৃণা কৰিছিল, সেয়ে এবাৰ কৈছিল,-

“ম‌ই ঈশ্বৰক ভয় নকৰোঁ, ভয় কৰোঁ ঈশ্বৰবিশ্বাসী ধৰ্মান্ধ মানুহবোৰক।”

ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে তেখেতৰ নিজাববীয়া ব্যাখ্যা আছিল এনেধৰণৰ,-

“ম‌ই এক সৰল ব্যাখ্যাক বিশ্বাস কৰি আহিছো যে আমি ভবাৰ দৰে ঈশ্বৰ বুলি কোনো নাই। এই ব্ৰহ্মাণ্ডক কোনেও সৃষ্টি কৰা নাই বা আমাক কোনেও নিয়ন্ত্ৰণ নকৰে। এই কথাষাৰৰ পৰা মোৰ গভীৰ উপলব্ধি এইয়াই যে স্বৰ্গ বুলি কিবা অথবা মৃত্যুৰ পিছত আৰু একো নাই। আমি ব্ৰহ্মাণ্ডক প্ৰশংসা কৰিবলৈ, ব্ৰহ্মাণ্ডৰ অভিনৱ ৰচনা অনুযায়ী এটাই মাথো ‘জীৱন’ পাইছো, তাৰ বাবে ম‌ই অত্যন্ত কৃতজ্ঞ।”

দুবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা তেখেতৰ ৰসবোধসম্পন্ন কিছু টিপ্পনী মন কৰক।

“আপোনাক যদি কোনোৱে নাই বুজা বুলি ভাবিছে, তেনেহলে এইটো কেতিয়াও নহয় যে আপুনি এগৰাকী আধুনিক চিত্ৰশিল্পী।”

“প্ৰত্যেক গৰাকী পুৰুষে বিয়া পতা উচিত। অকল সুখেই মানুহৰ জীৱনত সৰ্বস্ব নহয়।”

“নাৰী! নাৰী হৈছে পূৰ্ণ ৰহস্য।”

☆★☆★☆

3 Comments

  • গীতিকা শইকীয়া

    মহান মনিষীসকলৰ জীৱনৰ কথাবোৰেৰে সজোৱা বৰ সুন্দৰ লিখনি।

    Reply
  • Manash Saikia

    ভাল লাগিল৷

    Reply
  • মাৰ্ক টুৱেইন আৰু ষ্টিফেন হ’কিঙৰ বিষয়ে কিছু জানি উপকৃত হলোঁ।

    Reply

Leave a Reply

Your email address will not be published.