ফটাঢোল

জীৱন এটি মিঠৈ – মৃদুস্মিতা বৰবৰা

ল’ৰা তিনিজনৰ ঘোপাকৈ দিয়া চাৱনিত মোৰ আকৌ খংটো উঠি আহিল। দুজনক চিনি পালোঁ। পৰহি অফিছলৈ আহি থাকোঁতে সিহঁতে গাৰ কাষেদি মানে একেবাৰে গাত চুই বাইকখন পাৰ কৰিছিল৷ কালি ৰাতিপুৱা মই সিহঁত সদায় ৰৈ থকা মোৰ অফিছৰ সন্মুখৰ পাণ দোকানখনৰ ওচৰেদি পাৰ হওঁতেই বৰ অশ্লিল কথা কিছুমান চিয়ঁৰিছিল৷ আৰু আজি এয়া! সিহঁতে যেন মোকে টাৰ্গেট কৰি লৈছে,

“ঐ চালানি, তই কেইদিন মোৰ হাতৰ পৰা সাৰি থাকিবি অ’?”

সেয়া আকৌ আৰম্ভ হ’ল মোক লৈ সিহঁতৰ গুৱাল গালি৷ ভিতৰলৈ খৰধৰকৈ সোমাই আহিলোঁ৷ ব্ৰাঞ্চ মেনেজাৰৰ ৰূমটোলৈ সোমাই গৈ মই যে দুদিনমানৰ বাবে ঘৰলৈ যাওঁ জনাই থৈ আহিলোঁ৷ ছাৰে মোক ভাল পায়৷ প্ৰথম জইন কৰাৰ দিনাৰ পৰা ছাৰৰ মই প্ৰিয় হৈ উঠিছোঁ৷ দুজনী ছোৱালীৰ দেউতাক ছাৰে কথাই কথাই মোক ডাঙৰ জীয়েকৰ সদনাম কৈ থাকোঁতে কেতিয়াবা ভাবোঁ ছাৰৰ বাৰু মোক ডাঙৰ জোঁৱাই কৰাৰ মন নেকি! মই দেখা নাই যদিও শুনিছোঁ ছাৰৰ ছোৱালী দুজনী হেনো খুব ধুনীয়া৷

মনটো মোৰ টেবুলৰ ফাইলবোৰলৈ ঘূৰাই আনিব খুজিও পৰা নাই মই৷ ল’ৰাকেইটাৰ মোৰ লগত কিহৰ শত্ৰুতা! হয়তো তাহাঁতো প্ৰাৰ্থী আছিল মোৰ পদবীটোৰ আৰু এতিয়া ল’কেল প্ৰাৰ্থী আছিল বাবে মই দূৰৰ এজনে চাকৰি কৰাটো সহ্য কৰিব পৰা নাই৷ কিন্তু মই যে উপযুক্ত প্ৰাৰ্থী সেয়া মই চাকৰিৰ ইণ্টাৰভিউত প্ৰদৰ্শন কৰিছোঁ বাবেহে মই আজি মোৰ চকীখনত বহিবলৈ পালোঁ৷ হিংসা আৰু মদগৰ্বী ল’ৰাকেইটালৈ ভয় কৰি ছুটি লৈ ঘৰলৈ ঢাপলি মেলাতকৈ মই সিহঁতক বুজাওঁ৷ প্ৰয়োজন হ’লে সহায় কৰিবলৈ পুলিচ আছেই৷ মোৰো ডেকা তেজে তেতিয়া টলবল কৰি আছিল৷ বাহিৰলৈ ওলাই আহিলোঁ৷ এইকেইদিন পলাই ফুৰা ল’ৰা কেইটাৰ ওচৰলৈ এইবাৰ মই নিজেই খোজ ল’লোঁ৷

দোকানখন পাবলৈ আৰু তিনি খোজ মান থাকোঁতেই সিহঁতে মোক উদ্দেশ্যি কৰা মন্তব্যই মোৰ খংটো দমাব নোৱাৰা পৰ্যায়লৈ লৈ গ’ল৷ হঠাতে চিগাৰেট খাই থকা এজনে মোৰ মুখলৈ উদ্দেশ্যি মৰা ধোঁৱাখিনিৰ প্ৰত্যুত্তৰ হিচাপে হাতৰ মুঠিৰে সমস্ত গাৰ শক্তিৰে এটা ঘোচা তেওঁৰ মুখত দি দিলোঁ৷ মোক আচৰিত কৰি তেওঁলোকে মোক একো নকৰিলে৷ যদিও তেওঁলোকৰ দেখাতে গাৰ শক্তি অধিক আছিল; তাৰোপৰি তেওঁলোক আছিল তিনিজন৷ ল’কেল ঠাইতে ল’কেল গুণ্ডাক পিটি নিজকে ব্ৰুচলিৰ লগত ৰিজাই মই ৰজনীগন্ধা এটা মুখত ঢালি নিজৰ টেবুল অভিমুখে উভতি আহিলোঁ৷

পাঁচ মিনিট মান পিছতে ছাৰে মাতি পঠিওৱাত ছাৰৰ কেবিনলৈ গ’লোঁ৷ অফিচৰ কামত মাতিছে বুলি ভাবি সোমাই গ’লোঁ যদিও পাণ দোকানীজনক দেখি বুকুখন চেৰেং কৈ গ’ল৷ কথা যে কেনিবা গ’ল ছাৰৰ মুখ দেখিয়ে জানিলোঁ৷ ছাৰেও যথেষ্ট গহীন হৈ,

“বাটে – ঘাটে কাজিয়া কৰি ফুৰিলে অফিচাৰৰ সন্মান ক’ত ৰ’ব! তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ৷” ইত্যাদি শুনালে৷ মোক কথাখিনি খুলি ক’বলৈকে নিদিয়া পাণ দোকানীয়েও কথাৰ পাকত মোক সোমোৱালে৷

দুদিন মানলৈ মনটো বেয়া লাগি থাকিল৷ জীৱন চলি থাকে৷ সকলো পাছত ৰাখি আকৌ সকলো একে হৈ পৰিল৷ বেলেগ হৈ থাকিল মাত্ৰ দুটা কথা৷ ছাৰে মোক আগৰ দৰে বৰ ভাল নোপোৱা হ’ল যদিও লাহে লাহে সেয়াও সলনি হ’ল৷ মোৰ পিচে ল’কেল মানুহবোৰ যে বেয়া সেই ভাৱটোহে সলনি নহ’ল৷ দিন গৈ থাকিল৷ ছাৰৰ ডাঙৰ জীয়েকৰ বিয়ালৈ নিমন্ত্ৰণ পালোঁ ছোৱালীয়ে ঠিক কৰা ল’ৰাটোলৈ ছাৰৰ হেনো বৰকৈ ছোৱালী দিবলৈ মন নাছিল৷ কথাটো মই সিমান গুৰুত্ব নিদিলোঁ৷ প্ৰেম হ’লে অভিভাৱকে বাধা দিয়েই৷ লাগিলে নিজে সেইজনলৈকে বিয়া দিলেহেঁতেন৷ কিন্তু নিজে ঠিক কৰিলে বেয়া পায়৷ মোৰো ইতিমধ্যে ফেচবুকতে চিনাকি ছোৱালী এজনীৰ লগত অলপ কথা-বাৰ্ত্তা চলিছে৷ ঘৰতো কাণ চোৱাইছোঁ৷ অহা বছৰলৈ বিয়া পাতিম বুলি ভবাৰ পৰা বিয়াবোৰ খাবলৈ গ’লেই পেণ্ডেল, কইনাই পিন্ধা কাপোৰ-অলংকাৰ, খানা সেইবোৰলৈ বেছি চকু যোৱা হৈছে৷ ছাৰৰ জীয়েকৰ বিয়াত অফিচৰ কেইজনমান ৰাতিটো থাকিমেই ক’লত ময়ো ভালেই পালোঁ৷ অলপ-অচৰপ নিয়মবোৰ চাই থ’লে নিজৰেই সময়ত কামত আহিব৷ দৰা অহাৰ সময়ত দৰাক নামবোৰ গাই গাই অৱস্থা কাহিল কৰি দিলে৷ দৰাতকৈও মোৰহে যেন বেছি লাজটো লাগিছে৷ মোৰো বিয়াত কইনা ঘৰত এনেকৈ জোকাব নেকি বাৰু! প্ৰেয়সীলৈ ফোনটো লগাই অলপ ভীৰৰ পৰা ফালৰি কাটি আহিলোঁ৷ তাইক এতিয়াই মানা কৰি থ’ম; তাই যাতে সকলোকে জনাই দিয়ে দৰা বৰ লাজকুৰীয়া৷ সেয়ে আৰু যাতে নোজোকায়৷ কাষলৈ আহি ফোনটো কাণত লওঁতেই ল’ৰা এজনৰ চকুৱে চকুৱে পৰিল৷ মই সেইদিনা ঘোচা দিয়া ল’ৰাটোৱেই হয়৷ কাষতে তাৰ লগৰটো৷ চকুৱে আৰু কাৰোবাক বিচাৰিলে৷ হয় সেইয়া আমাৰ অফিচৰ সন্মুখৰ পাণ দোকানীজন৷ এইবাৰ চকুত পৰিল দৰাধৰাজন৷ দৰা ধৰায়ো মোলৈকে চাই আছিল৷ চকুৱে চকুৱে পৰাত পুৰণা বন্ধুক পোৱাৰ দৰে হাঁহি দিলে৷ ময়ো হাঁহিৰেই প্ৰত্যুত্তৰ দিলোঁ যদিও অলপ কাষ চাপি গ’লোঁ৷ দৰাক শাহুৱেকে অদৰিবলৈ আহিছে৷ দৰাধৰাৰ তেনেকৈ কাম নাই৷ গতিকে মোৰ কাণৰ কাষলৈ আহি যিখিনি কথা ক’লে, তাৰ সাৰমৰ্মখিনি হ’ল,

-অফিচৰ ছাৰে ছোৱালীক বয়ফ্ৰেণ্ডক এৰি নতুনকৈ অফিচত জইন কৰা ভদ্ৰ ল’ৰাটোৰ, মানে মোৰ লগত বিয়া পাতি দিওঁ কৈছিল৷ সেয়ে পানীত হাঁহ নচৰা অৱস্থা হোৱা বয়ফ্ৰেণ্ড মানে বৰ্ত্তমান আদৰি থকা দৰাজনে লগৰ ল’ৰা কেইজনৰ বুদ্ধিত মোক এটা গুণ্ডা বুলি প্ৰমাণ কৰি দেখুৱালে ভাবী শহুৰৰ সন্মুখত৷

উৰুলিৰ শব্দত কথাবোৰ নুশুনা হ’লোঁ৷ দৰাৰূপী ৰামক আদৰাৰ পৰ্বৰ অন্তৰ্গত চাৰিওফালে মিঠৈ দলিওৱা কাৰ্যটো আৰম্ভ হৈছিল চাগৈ৷ সেইবোৰলৈ মন নিদিয়া মোৰ মুখতে মিঠৈ এটা পৰিলহি৷ গৰম গুৰৰ মলমলীয়া গোন্ধৰ মিঠৈটো পেলাই দিবৰ মন নগ’ল৷ চাৰিওফালে চাই মিঠৈটো হাতেৰে লৈ মই কোনেও নেদেখাকৈ খাবলৈ ল’লোঁ৷ দেউতাই সদায় কৈছিল, জীৱনে যি দিছে তাকে গ্ৰহণ কৰাই শ্ৰেয়৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.