ফটাঢোল

জেউতীৰ প্ৰত্যাখ্যান– কৌশিক দাস

-“ঐ ,বাপু ! জগবন্ধু হাজৰিকাৰ ঘৰটো চিনি পোৱানে ?”

-“চিধাই যাই…যিখান কালভাৰ্ট পাবো তাতে এটা ইটাৰ দম দেখা পাবো …আৰু কাকো একো সুধবাই নালগে চিধা সুমে যাব’ !”

-“থেংকু দেই ।”

ধনঞ্জয় দোকানীৰ নিৰ্দেশমৰ্মে গাড়ীখন আগলৈ ৰাওণা হ’ল । … তেওঁলোকে জেউতিক চাবলৈ আহিছে। দেখনিয়াৰ ছোৱালীজনী জগবন্ধু হাজৰিকাৰ একমাত্ৰ কন্যা । সৰুৰে পৰা কাকো পৰোৱাই নকৰা বিধৰ ছোৱালীজনী পঢ়া শুনায়ো বৰ ভাল আছিল । দেউতাকো ভাল মানুহ । ভাল মানে …তেনেই পোনপটীয়া । ৰাস্তাত ওলালে যিটো ঘৰৰ ভিতৰতো সেইটোৱেই । প্ৰজন্ম অনুযায়ী সৃষ্টি হোৱা ভাল পৰিৱৰ্তনবোৰক তেওঁ স্বীকৃতি দি ভাল পায় । বাপেক-জীয়েকৰ বন্ধুত্বসুলভতাই মাতৃবিহীন ঘৰখন বহু পৰিমাণে জীপাল কৰি ৰাখিছে। দেউতাকে এদিন সুধি চাইছিল,

-“তোৰ কোনোবা ক’ৰবাত আছে নেকি অ’ ?”

-“কলেজত পঢ়ি থাকোঁতে এজন আছিল । দুই বছৰ থিকেই চলিলো । পিছে কি হ’ব? হেৰৌ সি ইমান সন্দেহবাদী ! অকলে যোৱা দেখিলে ক’ব- আধাবাটত কাক এৰি গ’লা ? ! ল’ৰাৰ লগত ফুৰিলেতো আৰু কথাই নাই ! বিয়া নৌহওঁতেই ইমান প্ৰভূগিৰি ! পিছত ভালকৈয়ে বুজি পালোঁ, পৃথিৱীৰ সকলো ধুনীয়া ছোৱালীকে একে দৃষ্টিৰে চোৱা এজাত মানুহৰ ভিতৰত সিওঁ এজন আছিল! তাৰ দৰে মানুহ এজনক এৰি মই কিবা ভুল কৰিলোনে, দেউতা ?”

-“মোৰ ছোৱালীৰ সিদ্ধান্ত কেতিয়াও ভুল হ’ব নোৱাৰে । এনেকুৱা প্ৰায়ে হয়৷ কেতিয়াবা পুৰুষ বুলি ভাবি নিজৰে লাজ লাগে অ’ !”

-“হ’ব দে। সিহঁতৰ বাবে তই দুৰ্বল হৈ পৰিব নালাগে দেচোন। এইবোৰ মানৱীয় দোষ,পৰিবেশটোত কাৰো অৱদান কম নহয় । কেতিয়াবা নিজেই এটা ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰি লওঁ নহ’লে অইনৰ ধাৰণাটোকে মুখ্য কৰি আগুৱাই যাওঁ। ৰহচোন ৰহ ! আজি হঠাতে মোৰ ভিতৰুৱা কথা সুধিলি যে ?”

-“গুৱাহাটীৰ পৰা তোক চাবলৈ আহিব ।”

-“ল’ৰাটো কেনে ?”

-“ল’ৰাই অইলত চাকৰি কৰে । মাক-দেউতাকেও কৰিছিল । সকলোপিনেই ভাল বুলি শুনিছো ।”

-“তামাম তেলীয়া ফেমিলি হ’ব ন দেউতা !”

-“সৱ কথাতে ফটুৱামি কৰা এৰ অ’ গোসানী !”

-“বাৰু আৰু নকৰোঁ ! মানুহজন ভাল পালেই হ’ল !”

ধনঞ্জয়ে দেখুৱাই দিয়া বাটটোৰে আহি আহি ইটাৰ দমটোৰ সন্মুখত ৰৈ যোৱা গাড়ীখনৰ মাত শুনি জগবন্ধুৱে সিহঁতক আদৰিবলৈ আগুৱাই গ’ল । চাহ,লুচী-মাংস, ফলমূল আদি পৰিৱেশন পৰ্বৰ অন্তত উভয় পক্ষৰ সন্মতিমৰ্মে ল’ৰা-ছোৱালীহালৰ মাজত অকলৰীয়াকৈ দুই এটা অন্তৰংগ কথাৰো বিনিময় চলিল৷

জেউতীয়ে সুধিলে,

-“আপোনাৰ প্ৰিয় অভিনেত্ৰী কোন ?”

-“ছা…… ছা……ছা……ছা………(লি)……! ছায়ৰা বানু !!”

-“বাঃ ! আপুনি পুৰণি চিনেমা বৰ ভাল পায় মানে ?”

-“হয়…হয়…হয় !!”

সীমান্ত প্ৰকৃততে বৰ বিপদত পৰি গৈছিল । নিজৰ প্ৰিয় অভিনেত্ৰীগৰাকীৰ নামটো ইয়াত সামাজিক কৰা উচিত নহ’ব বুলি জানিও তাৰ ফটামুখ ফালি ওলাই আহিব খুজিছিল । ভাগ্য ভাল, জেউতীয়ে কিবা ভুল বুজাৰ পূৰ্বেই “লি” টো মুখৰ ভিতৰতে ৰৈ গৈছিল । সীমান্তৰ নেতৃত্বত অহা দলটো হাঁহিমুখে উভতি গ’ল । অহামাহত মাক দেউতাক আহি তাৰিখৰ আনুষ্ঠানিকতাখিনি সম্পন্ন কৰাৰ কথা তেওঁলোকে জনালে । “ছা—ছা—ছা……”টো শুনি কথা কওঁতে অলপ জথৰ যেন লাগিলেও ল’ৰাজন তাইৰো অপচন্দ হোৱা নাই ।

মাজৰ সময়খিনি কেনেকৈ যে পাৰ হৈ গ’ল নহয়! আজি সিহঁতৰ বিয়ায়ো শেষ পৰ্যায় পাইছে । অলপ সময় পিছতেই দৰা আহি পাব । দুজন অচিনাকি মানুহ জীৱনৰ আটাইতকৈ ওচৰ চাপি যাব ! সপোন বিভোৰ সময়খিনিৰ মাজতেই বেণ্ডপাৰ্টীৰ শব্দ আৰম্ভ হ’ল……

পিছফালে চকাযুক্ত ভালেকেইখন দীঘলীয়া বিলাসী গাড়ীৰ বৃহৎ সমদল , আতচবাজিৰ মাজেৰে এজাক নৃত্যৰত মানুহ …দৰাৰ গতি বেছি উদ্যম হোৱা দেখা গৈছে । সকলোকে আচৰিত কৰি সীমান্তই ওচৰতে থকা বন্ধুজনক কৈ তেওঁক আগচি থকা ছাটিটোৰ বন্ধন মুক্ত কৰিলে। কাহানিও নেদেখা এটা সুৰাসিক্ত পৰিস্থিতিক নেতৃত্ব দিছে স্বয়ং দৰাই । আতিশয্যই সীমা চেৰাই যোৱালৈ চাই জগবন্ধু হাজৰিকা সম্পূৰ্ণ সষ্টম হৈ আগুৱাই আহিল……

-“আপোনালোক কিয় আহিছে”

-“জেউতিক গ্ৰহন কৰাৰ বাবে……”

-“ছি ছি ছি ! এনে বৰ্বৰ ৰূপ লৈ জেউতি বিচাৰি আহিছে !! কি ভাবিছে……??! আমি আপোনালোকৰ অশালীনতাক হাঁহিমুখে আদৰি লৈ যাম ??”

জগবন্ধু হাজৰিকাই শেষত ক’বলৈ বাকী থকা বাক্যটো জেউতিৰ মুখেৰেই ওলাই আহিল……

-“শুনিছে, সীমান্ত সভাপণ্ডিত আপুনি প্ৰবেশ কৰাৰ পিছতেই জ্বলি উঠিবলগা হোমজুইকুৰা অপবিত্ৰ কৰাৰ ইচ্ছা মোৰো নাই । ঘৰলৈ গৈ পাৰিলে শুদ্ধি কৰি উঠি বেলেগ এজনীকে চাওঁকগৈ……।”

জেউতীৰ পৰলোকগত মাকৰ কথা মনত পৰি জগবন্ধুৰ চকুৰ দুয়োপাৰ পানীময় হৈ পৰিল । শৈশৱতে মাতৃহীন ছোৱালীজনীক প্ৰমূল্যৰ এটা বৃহৎ পৰিসৰ প্ৰদানৰ বাবে এৰি অহা সময়খিনিৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ল তেওঁ ।

★★★★

8 Comments

  • লিপিকা

    ভাল লাগিল পঢ়ি। এনে জেউতি আৰু কেইজনীমান থকাহেঁতেন দৰা বা দৰা ঘৰীয়াৰ নামত উদ্ভণ্ডালি কমিলহেঁতেন।

    Reply
  • অভিজিত মেধি

    ভাল লিখিছা কৌশিক বোপা।

    Reply
  • মৃদুল শৰ্মা

    সুন্দৰ লেখনি

    Reply
  • কিছু লিখিছা হে

    Reply
  • বন্ধু এনে পিতা আৰু জী আদৰ্শ

    Reply
  • বিকাশ

    মজা লাগিল। আগত গ্ৰূপত দিছিল নেকি বাৰু। মনত পৰা যেন লাগিল।

    Reply

Leave a Reply

Your email address will not be published.