ফটাঢোল

জয়দ্ৰথ ৱাজ টেগদ ইন এ পোষ্ট – কৌশিক দাস

জীৱনৰ বেলি ডুবিবলৈ গৈ থকা সময়, অথচ জয়দ্ৰথ বৰুৱাৰ তালৈ ভ্ৰূক্ষেপ নাই। ৰাজপথত আজিও তেওঁ এজন মাৰাথন দৌৰৰ শ্ৰেষ্ঠ প্ৰতিযোগী। এয়া নিশ্চয় আজিৰ সক্ৰিয় ৰাজনীতিৰে অৱদান! য’ত মানুহক জীৱনৰ শেষ দিনটোলৈকে দেশ আৰু জাতি ৰক্ষাৰ নামত সক্ৰিয় কৰি ৰখা হয়। তেনেদৰে আগুৱাইও আছে পঁচাশী বছৰীয়া জয়দ্ৰথৰ বিজয়ৰথ! উপযুক্ত গুণাগুণৰ মাটি অবিহনে ফচলক নদন বদনৰ মাত্ৰালৈ নিব নোৱাৰি। ঠিক তেনেদৰে মানুহৰ মাজতো উৎপাদনমুখী মানসিকতা থাকিব লাগিব। এবাৰ এনে প্ৰসংগতে তেওঁৰ পূৰ্বসুৰী ধনীৰাম বৰাই কৈছিল, “নৈ পাৰৰ এই মাটিবোৰলৈ চোৱা, কিমান সাৰুৱা। শস্যৰ সমানে সমানে তেওঁলোকে নিজৰো বংশ বৃদ্ধি কৰি গৈ আছে!”

জয়দ্ৰথে মন কৰিলে দেশীয় উদৰ আৰু গণতান্ত্ৰিক চাহিদা পূৰণ কৰিবলৈ এই মানুহবোৰে অহৰ্নিশে চেষ্টা কৰিছে। ধনীৰামহঁতে উদ্যমী লোকসকলক ওচৰৰপৰা নিৰীক্ষণ কৰিছিল। উৎপাদনৰ প্ৰক্ৰিয়াটো বিঘ্নিত নহ’বলৈ তেওঁলোকে বহুত আঁচনিও লৈছিল। ঐশ্বৰিক মাহাত্ম্যৰ সৈতে প্ৰাকৃতিক পৰিঘটনাবোৰক সজোৰে একাকাৰ কৰি পেলোৱা হৈছিল। প্ৰজননক্ষম মানুহক অপতৃণৰ দৰে গজি উঠাৰ মায়াই মেৰিয়াই ধৰিছিল। গণতন্ত্ৰৰ গাণিতিক সুযোগ বুজি আগুৱাই গৈছে ধনীৰাম, জয়দ্ৰথ।

ধনীৰামৰ উৎসাহ আৰু আশীৰ্বাদতে জয়দ্ৰথৰ মন সক্ৰিয় ৰাজনীতিলৈ ঢাল খাইছিল। পিছলৈ তেওঁ আদৰ্শ খেতিয়কৰ দৰে কোনবোৰ ঠাই কি খেতিৰ বাবে উপযোগী আৰু ক’ত কিমান সাৰ পানী প্ৰয়োগ কৰিলে উৰ্বৰতা বৃদ্ধি পাব সেইমতে ৰণনীতি যুগুত কৰিবলৈ সুবিধা পাইছিল! পথাৰ ভেদে মানুহক বেলেগ বেলেগ ৰূপত গঢ়ি তোলা হৈছে। কোনোবাই ধৰ্মৰ দোহাই দি অসভ্য হ’ব খুজিছে। জয়দ্ৰথে তাক আদৰণী জনাইছে। কোনোৱে দিনটো সুৰাৰ ৰাগীত অতিবাহিত কৰিব বিচাৰে। জয়দ্ৰথৰ কৃপাত উভৈনদী হৈছে। জুৱা আৰু নাৰীৰ প্ৰতি দুৰ্বলতা থকাসকলেও মুকলি মনেৰে নিজৰ প্ৰতিভাৰ বহিঃপ্ৰকাশ ঘটাবলৈ অসুবিধা পোৱা নাই। তেওঁ ভবাতকৈ ভূমিৰ উৰ্বৰতা বহুগুণে বেছি ওলাল। মানুহবোৰেও জয়দ্ৰথহঁতে বিচৰা ধৰণেই আত্মনিয়োগ কৰি ডাঙৰ ভেটি এটা গঢ়ি তুলিলে। য’ত ধনীৰামে ভোগ কৰি উঠি এদিন জয়দ্ৰথলৈ এৰি দিছিল। জয়দ্ৰথৰো সময় আহিছে। লোকচক্ষুত বৰ এটা সপ্ৰতিভ হৈ থাকিলেও এইকেইদিন তেওঁ ভীষণ চিন্তাত জৰ্জৰিত। এই সাম্ৰাজ্যখনৰ ভৱিষ্যতক লৈ!

এদিন সাংবাদিক এজনে সুধিছিল, “আপোনাৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন?” জয়দ্ৰথৰ ঘৰৰ ভিতৰতো বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে। একমাত্ৰ সন্তান বিজয়ৰথে আমেৰিকাৰ বিলাস বহুল জীৱন এৰি দেশ মাতৃক সেৱা কৰিবলৈ আগবাঢ়ি আহিছে।

“মনিকা, চাহ হৈছেনে?” বনকৰা ছোৱালীজনীলৈ চাই সুধিলে বৰুৱাই।

“লৈ গৈ আছোঁ, চাৰ।”

ৰাতিপুৱাৰ সেউজীয়া চাহকাপত চুমুক দিয়াৰ পূৰ্বে তেওঁ এবাৰ ফেচবুক একাউণ্টটো খুলি চালে। যোৱা প্ৰায় এমাহে ফেচবুকৰ ভিতৰত সোমোৱা নাই! ধুনীয়া গাভৰুৰ সৈতে চাটিং কৰা হোৱা নাই।

“অ’! এইজনী কোন? ইমান ধুনীয়া ছোৱালী!”

সাধাৰণতে ধুনীয়া ছোৱালী বা তিৰোতা দেখিলে তেওঁৰ অন্তৰখনে সাতখন আঠখন কৰে। বহুতক সুযোগ দিছে। বহুতে সুযোগ লৈছেও। মাজতে দুগৰাকীমানে ব্লক কৰি কিছু তথ্য ৰাজহুৱাও কৰিছিল। হ’লে কি হ’ব। ডাঙৰ মানুহৰ একাউণ্ট হেক হয়েই বুলি ভাবি ৰাইজে সদায় তেওঁৰ পক্ষে পতিয়ন যায়। আজিও ধুনীয়া ছোৱালীজনীক দেখাৰ লগে লগেই বন্ধুত্বৰ অনুৰোধ গৃহীত কৰি পেলালে। সেই সময়ত তাইয়ো বোধহয় অনলাইন আছিল, ভুটুংকৈ আহিল নটিফিকেচনটো, জেৰিণা বেগম টেগদ উইথ জয়দ্ৰথ বৰুৱা। দহ বছৰ পুৰণি এটা কলংকিত অধ্যায়। দুখন ফটো। য’ত এগৰাকী অচিনাকি নাৰীৰ সৈতে অসংযত অৱস্থাত দেখা গৈছে জয়দ্ৰথ বৰুৱাক। শেষৰ ফটোখনত বন্ধুত্বৰ অনুৰোধ প্ৰেৰণ কৰা ছোৱালীজনীৰ নাম। ফটোখনৰ ওপৰত দাবী কৰি লিখা হৈছে, জয়দ্ৰথ বৰুৱাই তাইৰ অনাকাংক্ষিত পিতৃ। সম্প্ৰতি সৰ্বত্ৰ চৰ্চিত বৰুৱাৰ উত্তৰাধিকাৰীৰ প্ৰসংগটোত চাঞ্চল্যৰ সৃষ্টি কৰি সংযুক্ত হ’ল জেৰিণা বেগমৰ নাম। ৰাজনৈতিকভাবেও ই এটা সৰ্ববৃহৎ ভূমিকম্প। এদিন জয়দ্ৰথৰ কৃপাত গজি উঠা বনবোৰ লাহে লাহে তেওঁৰ পদুলিলৈ আহি পালে।

☆★☆★☆

12 Comments

Leave a Reply

Your email address will not be published.