ফটাঢোল

জয় বিশ্বকৰ্ম্মা – পূৰৱী এম কটকী

ন-দহ বছৰীয়া পোৱালী তেতিয়া৷ বৰ ডেঞ্জাৰাছ আছিলোঁ৷ মধুৰি-আম চোৰ কৰাৰ দৰে সাংঘাতিক কামত নিজৰ দুঃসাহসিকতাৰ প্ৰমাণ দি থৈছোঁ আগতে (যদিও মায়ে দুবছৰ মানলৈকে শুনালে-“গছ বগাব পাৰ? অংকহে কৰিব নোৱাৰ!”)
এইবাৰ আমুকিৰ চাইকেল শিকিবলৈ মন গ’ল৷ ‘গুৰু’-দাদা৷ চাইকেল দেতাৰ হিৰ’ চাইকেলখন৷
প্ৰথমতে হাফ পেডেল….
চেইন পৰে;হাতে-পাতে চাইকেলৰ তেলসোপা লাগি কাপোৰত লাগে ৷
মায়ে ধুই নিদিয়ে,কেৰাচিন লগাই ধুই পেলাওঁ৷ এইখিনিতে মগজলৈ আইদিয়া এটা আহিল৷ আইদিয়া মানে “খুজি কিল খোৱা” বুলি যে কয়, সেইটো আইদিয়া৷
চাইকেলৰ চেইন সদায় পৰে৷ সদায় চেইন তুলোঁতে মোৰ কাপোৰ-হাতত তেল লাগে৷ আৰু কেৰাচিন দিলে গুচি যায়৷ ডিমাগৰ ফিউজ বাল্বটো জ্বলাই আধালিটাৰমান কেৰাচিন চাইকেলৰ চেইনত ঢালি দিলোঁ৷ ফিলিং “না ৰাহেগা বাঁচ,না বজেগি বাঁচুৰি”৷ সেইদিনা গধূলি “ঔ কিল” কাক কয় বুজি পাই গ’লোঁ৷ গগনফলা কান্দোনত শিয়ালেও হুৱা দিবলৈ পাহৰিলে৷

তাকে দেখি একলৌটা ককায়েকৰ মন গলিল৷ সি দৃঢ়প্ৰতিজ্ঞ হ’ল “ভনীয়েকক যেনে তেনে চাইকেল শিকাব”৷
দেউতাৰ চাইকেলখনৰ ফ্ৰেমটোৰ মাজেদি সোঁভৰিটো ‘জয় বিশ্বকৰ্মা’ বুলি নি পেদেলত থ’লোঁ৷ সোঁহাতখনৰ চিটটো খামোচা মাৰি ধৰি বাওঁহাতখনে বাওঁফালৰ হেন্দেলত আৰু বাওঁভৰি বাওঁ পেদেলত দি৷ হাফপেডেল মাৰি মাৰি ষ্টাৰ্ট কৰি দিলোঁ৷ তেনেকৈ চাৰিদিনৰ অন্তত অলপ দূৰ গৈ লুটি খাই পৰোঁ।
এদিন গুৰুজীয়ে ক’লে-“তই এতিয়ালৈকে পৰা নাই৷ কাৰণটো মই গম পাইছো৷”
মই বোলোঁ-“ক’চোন ?”

“তই ইমান পৰ ! তথাপি তোৰ হাত-ভৰিৰ পৰা তেজ নোলায়৷ তেজ ওলালে তাৰ তেজ অকণমান চাইকেলত লগাই দিবি৷ চাবি তই লগে-লগেই চাইকেল চলাব পাৰি যাবি৷”
মনতে ভাবিলোঁ-কাইলৈ পৰিলে যেনেতেনে তেজ ওলাই যোৱাকৈহে পৰিম৷
পাছদিনা জানি-বুজিয়ে শিলগুটি দিয়া ৰাস্তা এটাত চাইকেল চলালোঁ৷
অলপ পাছত….ধে…..ৰে…..প…

তেজৰ নদী নবলেও…হাতে ভৰিয়ে তেজেৰে লুতুৰি-পুতুৰি নহ’লেও, অলপ ওলাল আৰু…..

লগে লগেই সোঁহাতৰ বুঢ়া আঙুলিটোৰে তেজ অলপ চাইকেলৰ আগচকাৰ মদগাৰখনত লগায় “জয় বিশ্বকৰ্মা” বুলি চিঞৰি দিলো ।

পাছদিনাৰ পৰা মোৰ চাইকেল চলোৱা ৩ দিনলৈ বন্ধ থাকিল । ৪ৰ্থ দিনা…. চাইকেল চলাব পাৰি গ’লো।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.