ফটাঢোল

টেল অৱ্ এ শ্বৰ্টকাট – মণিষা কাকতি

“There are no shortcuts to any place worth going.” — Beverly Sills

বিজ্ঞ লোকসকলে কৈ গৈছে যে জীৱনত লক্ষ্যপ্ৰাপ্তিৰ বাবে কেতিয়াও শ্বৰ্টকাট ল’ব নালাগে। কাৰণ, সেই শ্বৰ্টকাটে আপোনাৰ জীৱনৰেখাডালো আপুনি নভবাকৈয়ে ছৰ্ট কৰি দিব পাৰে। লং-কাট এৰি শ্বৰ্টকাটৰ মোহত বন্দী হ’লে সোণৰ লংকাত জুয়ে ঘেৰি ধৰাৰ দৰে আপোনাৰ সুখময় জীৱনতো দুখৰ বহ্নিশিখাই ঘেৰি ধৰিব পাৰে। শ্বৰ্টকাটৰ লোভে ‘পাল এণ্ড কোম্পানী’ সাম্ৰাজ্যৰ কেনেকৈ পতন মাতিলে দেখিছেই নহয়! গতিকে, কোনো এটা কাম সমাপ্ত কৰাৰ বাবে যিমানখিনি সময় বা শ্ৰমৰ দৰ্কাৰ সেই কামটোত সিমানখিনি সময় বা শ্ৰম খৰচ কৰাটোৱে উচিত।

ক’বলৈ গ’লেতো শ্বৰ্টকাটৰ কাহিনী অনেক। কৈ শেষ কৰিব নোৱাৰি। যেনে, ৰাতিটোৰ ভিতৰতে সাহিত্যিক বনাই দিয়াৰ শ্বৰ্টকাট, আনৰ থেছিছ চুৰি কৰি ডক্টৰেট ডিগ্ৰী লোৱাৰ শ্বৰ্টকাট, চিট ফান্দত ইনভেষ্ট কৰি ধন ঘটাৰ শ্বৰ্টকাট ইত্যাদি। কিন্তু, মই আজি ক’ব খোজা কাহিনীটো হৈছে এটা শ্বৰ্টকাট ৰাস্তাৰ য’ত এদিন ময়ো খোজ পেলাইছিলোঁ।

তাহানিৰ শ্বৰ্টকাট ৰাস্তাৰ দৰে আজিকালিৰ শ্বৰ্টকাটবোৰ লুংলুঙীয়া নহয়। হাবি-জংঘল ভাঙি আগুৱাই যাব নালাগে, বাটত হিংস্ৰ বা বিপদজনক জীৱ-জন্তুয়েও আপোনাক আগভেটা দিবলৈ ৰৈ নাথাকে। বৰঞ্চ তাতকৈয়ো আচৰিত কাণ্ড-কাৰখানাইহে আপোনালৈ অপেক্ষা কৰি থাকিব পাৰে আৰু তাতোকৈয়ো আচৰিত কথা যে সেইবোৰ কোনো হিংস্ৰ, বনৰীয়া জীৱৰদ্বাৰা সংঘটিত কাণ্ড-কাৰখানা নহয়। সেইবোৰ হৈছে…… ৰৱ! ৰৱ! খন্তেক ধৈৰ্য ধৰক, সকলো ভাঙি-পাতি কৈ আছোঁ।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পাৰ্লাৰত এণ্ট্ৰী মাৰিবলৈ পাই চিকুণ হৈ পৰা শ্বৰ্টকাট ৰাস্তা এটাই আপোনাক হাতবাউল দি মাতিব পাৰে, কিন্তু আপুনি নিজকে সংযম কৰিব পাৰিব লাগিব। কোনো ৰূপৱতীৰ নিমজ দুগালৰ দৰে শ্বৰ্টকাট ৰাস্তাৰ ৰূপ দেখি চকু সেইফালে ঘূৰিলেও, মনটোক স্থিৰ কৰি ৰাখিব লাগিব। নিৰ্ধাৰিত পথৰপৰা বিচলিত হৈ শ্বৰ্টকাট ৰাষ্টাৰ টোপ গিলিলে ‘অনজান দুনীয়া’ৰ আলহী হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কাৰণ, শ্বৰ্টকাট ৰাষ্টাত পদে পদে বিঘিনি। কি? কেনেকুৱা বিঘিনি? অধৈৰ্য হৈছে নহয়! শুনক তেন্তে —

প্ৰতিদিনে মোৰ দুচকীয়া বাহনখনেৰে কৰ্মস্থলীলৈ অহা-যোৱা কৰোঁ। যিটো মূল ৰাস্তা, সেইটোৰে সময় লাগে আধা ঘণ্টা। দূৰত্ব বেছি নহয়। কিন্তু, এদিন এজন শুভকাংক্ষীয়ে এটা শ্বৰ্টকাটৰ সন্ধান দিলে। জানেই নহয়, মনুষ্যৰ মন। অনবৰত দেখোন লকলকায়ে থাকে। সেয়া লাগিলে শ্বৰ্টকাট ৰাষ্টাৰ টোপেই হওক বা বিনামূলীয়া আলকাতৰাই হওক। গিলি দিয়ে। ময়ো গিলি দিলোঁ। প্ৰথম দুদিনমান ভালদৰেই চলিল। গাৱঁৰ মাজেৰে যোৱা ৰাষ্টা। ঘৰ-দুৱাৰ, দোকান-পোহাৰ, মানুহ-দুনুহ, পথাৰ-সমাৰ আদি দৃশ্যবোৰ চাই চাই গৈ থাকিব পাৰি। গতিকে, শ্বৰ্টকাট ৰাস্তাৰে কৰা মোৰ যাত্ৰাৰ আৰম্ভণি মোটামুটি সুখকৰেই আছিল।

কিন্তু! মোৰ সুখৰ দিন বেছিদিন নিটিকিল। ক’ৰপৰা টিকিব? ইত্তেফাক চে বিঘিনিবোৰ মোৰ লগতহে ঘটে। এদিন-দুদিন হ’লেও উলাই কৰিব পাৰি। কিন্তু সদায় একেখিনি ঘটনাৰ পুনৰাবৃত্তি কিদৰে সহ্য কৰোঁ বাৰু! লোকৰ ইত্তেফাকবোৰ মোৰ লগত দেখোন ৰ’জানা হৈ পৰে। বিশ্বাস নহয় যদি শুনক —

যেতিয়াই মই শ্বৰ্টকাট ৰাস্তাটোত দুচকীয়া বাহনখন চলাই গৈ থাকোঁ, ঘৰচীয়া মূৰ্গীকেইটাৰো ঠিক সেইখিনি সময়তে ৰাস্তাৰ সিটো পাৰে কিবা ইম্প’ৰ্টেণ্ট কাম ওলায়। ঘপককৈ কোনোবা এঘৰৰপৰা ওলাই গাড়ীৰ আগেৰে দিয়ে দৌৰ লগায়। যেন সিপাৰে কেচু-কুমটিৰ খাজানাহে ওলাইছে। লেজী হাঁহ পাৰ্টীয়েও সেইখিনি সময়তে ৰাস্তা পাৰ হ’বলৈ শাৰী পাতে। পেক্ পেক্ কৰি লেকচাৰ মাৰি মাৰি, স্ল’ ম’শ্বনত ৰাস্তাটো পাৰ হওঁতেই এক ঘণ্টা লগায়। উস্! এই ছাগলীকেইটাও কম নহয়! ৰাস্তাৰ ঠিক সোঁমাজতে শুই পিঠিৰ খজুৱতি নামাৰিলে আৰু যুঁজ-বাগৰ নকৰিলে ৰাতি হেনো টোপনী ভাল নহয় সিহঁতৰ। আৰু গৰুকেইটা! সেইকেইটাৰ কথানো কি কম? কিমান যে টেঞ্চন সিহঁতৰ! ৰাস্তাৰ মাজত থিয় হৈ কি ভাৱত বিভোৰ হৈ থাকে ভগৱানেহে জানে। মানুহৰ অধঃ পতনৰ কথাই চিন্তা কৰি থাকে নে আন কিবা! এনেয়ে মই কুকুৰ ভাল পাওঁ। সিহঁতক কোনোবাই টু শব্দ এটাও যদি বেয়াকৈ কয়, বেয়াকৈ কোৱা কেইজনক কুকুৰে কাঁইট নোখোৱাকৈ গালি দিবলৈ মন যায়। নৰ্মেলী সিহঁত ৰাস্তাৰ কিনাৰতে শুই-বাগৰি থাকে যদিও কেতিয়াবা মানুহৰ দৰে খোৱা-কামোৰা লাগি মোৰ শ্বৰ্টকাট ৰাস্তাৰ মাজত আহি হেঙাৰ সৃষ্টি নকৰাও নহয়।

এতিয়া গম পালেনে যে শ্বৰ্টকাট ৰাস্তাই আপোনাৰ আয়ুসো শ্বৰ্ট কৰি দিব পাৰে। চকু-কাণ-নাক সৱ সজাগ কৰি ৰখাৰ পিছতো কোনোবাদিনা যদি হাতৰ মুঠি আৰু গাড়ীৰ ব্ৰেকৰ মাজত ৰাহিযোৰা নাহে, তেন্তে শেষেই আৰু। ‘বিপদ’ আৰু ‘বিঘিনি’টো আপোনাৰ দূৰণিবটীয়া আলহী নহয় যে আগতীয়াকৈ “অমুক তাৰিখে গৈ আছোঁ, হাঁহ আনি থবি।” বুলি খবৰ দি আহিব, নে কি কয়? হেৰি! ক’ত যায়? শেষ হোৱা নাই এথোন। আৰু আছে। ৰৱ! বিপদ-বিঘিনি ইয়াতেই শাম কাটিলেতো ভালেই আছিল। লাষ্ট বাট্‌ নট্ দ্যা লিষ্ট, দ্যা জীৱশ্ৰেষ্ঠ। ৰাস্তা এটাৰ প্ৰয়োজন যে যাতায়তৰ বাহিৰে ‘বেলেগ’ কামৰ কাৰণেও থাকিব পাৰে, সেই চৰম সত্যটো শ্বৰ্টকাট ৰাস্তা অৱলম্বন কৰাৰ পিছতহে মই আৱিষ্কাৰ কৰিলোঁ। পাৰে পাৰে, আপোনালোকেও সেই ‘বেলেগ’ ইম্প’ৰ্টেণ্ট কামবোৰ কৰিব পাৰে, আগতে শুনি লওকচোন —

– আবেলিৰ সময়। উৎকট গৰম। কাৰেণ্ট নাই। প্লাষ্টিকৰ চকী এখন লৈ ৰাষ্টাৰ মাজত আৰামকৈ বহি লওক। গাড়ীবোৰে নিজে নিজে ছাইড লৈ পাৰ হৈ যাব। আপোনাৰ ঘৰৰ আগেৰে যোৱা ৰাস্তা। দস্তুৰমত আপোনাৰ যি মন যায় তাকেই কৰিব।
– ঘৰত চাউল শেষ হৈ আহিছে। মিলত নিয়াৰ আগতে ধানখিনি অলপ ৰ’দত উলিয়াই দিব পাৰিলে ভাল। বেছি নহয়, অকণমান খালী ঠাই এৰি ৰাস্তাত ধানখিনি মেলি দিয়ক। দুই-তিনিঘণ্টাৰহে কথা, চোকা ৰ’দ। ৰাস্তাটোতো সেইকাৰণেই বনোৱা হৈছে।
– আপোনাৰ ঘৰটোৰ ওপৰৰ ফ্ল’ৰটো বনাই আছে। গেৰেজত লাখটকীয়া গাড়ী আছে। ফুলৰ টাব শাৰী শাৰীকৈ থোৱা আছে ঘৰৰ সমুখভাগত। ট্ৰাক আহিল, ঘৰ বনাবলৈ ইটা-বালি লৈ। ৰাষ্টাটো আছে নহয়। কৰি দিয়ক আনল’ড। এটা দিনৰহে কথা। আমি বুজি পাওঁ দিয়ক।
– পুৰা পেণ্ডেল দি দিব চাৰিওফালে, জেগাৰ কথা চিন্তাই নকৰিব। ৰাষ্টা ব্লক কৰি দিব দৰকাৰ হ’লে। Road closed বুলি ছাইনবৰ্ড এখন বনাব পাৰিলে আৰু ভাল। অমুকৰ পুতেকৰ বিয়াতো দেখোন তেনেকুৱাই কৰিছিল, আপুনি কিয় নোৱাৰিব?
– দোকানত বজাৰ কৰিব সোমাইছে বা কাৰোবাৰ ঘৰত বাবে কিবা কামত সোমাইছে, আপোনাৰ দুচকীয়া বা চাৰিচকীয়াখন ৰাষ্টাৰ কিনাৰত নাৰাখিব। একো দৰ্কাৰ নাই। ৰাস্তাৰ সিংহভাগ অধিকাৰ কৰি ৰখাই থ’ব। আৰু যদি চিনাকি কাৰোবাক বিপৰীত দিশৰপৰা আহি থাকোঁতে লগ পায়, তেন্তে একো নাভাবিবই। চিধাই ৰাস্তাৰ মাজতে দুয়োজনে গাড়ী ৰখাই মেল মাৰিব আৰম্ভ কৰি দিয়ক। আমি ৰৈ দিম আপোনাৰ কাম বা মেল শেষ হোৱালৈ। আমাৰ হাতত ঢেৰ সময় আছে।

এতিয়া গম পালে নহয় যে শ্বৰ্টকাট ৰাস্তাত পদে পদে বিঘিনি। ই সহজলভ্য হ’ব পাৰে, কিন্তু নিৰাপদ নহ’বও পাৰে। শ্বৰ্টকাট ৰাস্তা এটাত ডাঙৰৰ আঙুলিৰপৰা হাত এৰুৱাই দৌৰ দিয়া সৰু ল’ৰাটো বা ছোৱালীজনী, উৰি যাব খোজা পিলিঙা বাইকাৰৰ্ছ্, পিছফাল-আগফাল নোচোৱাকৈ গাড়ীৰ দৰ্জা খুলি নামি দিয়া আধুনিকা আদি যিকোনো ৰূপত ‘বিঘিনি’ আহি আপোনাৰ সমুখত হাজিৰ হ’ব পাৰে। সেয়ে অতি সোনকালে জীৱন যাত্ৰাপথৰপৰা শ্বৰ্টকাটক বিদায় দিলোঁ আৰু মূল ৰাস্তা ধৰিলোঁ। ‘টেল অৱ্ এ শ্বৰ্টকাট’ৰ ইমানতে ইতি পেলাই শেষত এষাৰ কথায়েই কওঁ যে শ্বৰ্টকাটৰপৰা সাৱধানে থাকক। কাৰণ জ্ঞানীলোকে কয়, Shortcuts make long delays.

☆★☆★☆

7 Comments

  • তৃষ্ণা সো.

    বঢ়িয়া বঢ়িয়া।

    Reply
  • হেমন্ত কাকতি

    মনীষা, ব্যংগ সম্ৰাজ্ঞী হবলৈ মন মেলিছা নেকি? চুপাৰ্ব! কেলেপ কেলেপ কেলেপ৷

    Reply
  • সদানন্দ ভূঞা

    বৰ সুন্দৰ ব্যঙ্গ ৰস ৰচনা ।

    Reply
  • দিম্পল

    কেনে সাংঘা চোন।

    Reply
  • সাংঘাটিক লিখিলা। উচ্চস্তৰৰ ব্যংগ। বৰ ভাল লাগিল।

    Reply
  • আমাৰ গাঁৱৰ ৰাস্তাৰ সদায় দেখিবলৈ পোৱা ছৱি। ভাল লাগিল।

    Reply
  • Manisha Kakati

    সকলোকে ধন্যবাদ জনাইছোঁ।

    Reply

Leave a Reply

Your email address will not be published.