ফটাঢোল

ঠিকাদাৰ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

“হেল্ল’ শইকীয়া চাৰ হয় নে বাৰু?”
“হয়, কোনে কৈছে?”
“চাৰ, মই ৰাতুল, আপোনাক অফিচত লগ ধৰি থাকোঁ যে মাজে মাজে, সেই যে ছয়গাওঁৰ ৰাস্তাটো!
চিনিব পাৰিছেনে চাৰ?”
“অ’ হয় হয়, পাৰিছোঁ পাৰিছোঁ।”
“চাৰ, উৰুকা আৰু মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক।”
“ঠিক আছে বাৰু, তোমালৈও শুভেচ্ছা থাকিল।
তোমাৰ কামটো মই কৰিব চেষ্টা কৰি আছোঁ, অতি সোনকালে ভাল খবৰটো পাবা তুমি।”
“হ’ব চাৰ, মই বিশেষ কথা এটাৰ কাৰণেহে ফ’ন কৰিলোঁ আপোনাক।”
“কোৱাচোন কি কথা?”
“চাৰ, উৰুকাৰ বাবে মাছ কিনিলে নেকি আপুনি?”
“নাই অ’ ৰাতুল, কিনিব সময়ে পোৱা নাই। আবেলি কিনিম বুলি ভাবি আছোঁ। চাওঁচোন কি হয়, সময়েহে ক’ব কথাবোৰ।”
“নহয় চাৰ, মানে আমাৰ ঘৰৰ পুখুৰীতে দুটা ৪ বছৰীয়া চিতল আছে, ১০-১২ কেজি মান ওজনৰ হ’ব একোটা। তাৰে এটা লৈ যাম বুলি ভাবিছোঁ আপোনাৰ কাৰণে, যদিহে আপুনি বেয়া নাপায়।”

“বেয়া নাপাওঁ তুমি দিলে, বেলেগ মানুহ হ’লে কথাটো একে আষাৰে না হ’লহেতেন। বাৰু এটা কাম কৰা নহ’লে, দুয়োটা চিতল লৈ আহা তুমি। মোৰ ওপৰত মানে শহুৰৰ ঘৰৰ বজাৰৰ দায়িত্বটোও আছে নহয়! এটা মই ৰাখিম, আনটো তালৈ পঠিয়াম।”

“হ’ব চাৰ, মই দুপৰীয়া গৈ আপোনাৰ ঘৰত দি আহিম।” “আচ্ছা, ঠিক আছে বাৰু, সোনকালে আহিবা। অ’, আৰু এটা কথা নহয়, তোমাৰ কামটো মই কৰিব চেষ্টা কৰি আছোঁ দেই, অতি সোনকালে ভাল খবৰটো পাবা তুমি।”

“হ’ব চাৰ, পাৰিলে মাৰ্চ মাহৰ আগতে চাবচোন, কামটো হোৱা কৰিব।”
দুবাৰমান হেল্ল’ হেল্ল’ কৰি ৰাতুলে বুজিলে যে শইকীয়া ইঞ্জিনিয়াৰে ফোনটো কাটিলে ইতিমধ্যে।

“মা,অ মা! পইচা দিয়াচোন, বিশ হাজাৰ মান হলে হ’ব দিয়া।
শইকীয়া চাৰৰ কাৰণে দুটা চিতল কিনি লৈ যাওঁ।”

“পইচা,কি গছত লগা বস্তু নেকি? লাগ বুলিলেই বিশ-ত্ৰিশ হাজাৰ টকা পায়! আম্বানীৰ পুতেক নেকি তই, নে নিজকে বিজয় মালিয়া বুলি ভাবি লৈছ্! নিজৰ ঘৰত উৰুকা বুলি এই বুঢ়া বাপেৰে পেঞ্চনৰ টকাৰে এক কেজি ওজনৰ চালানী ৰৌ মাছ কিনিব গৈ বজাৰত দৰ-দাম কৰি আহিছে এই ব্ৰহ্মপুৱাই আৰু সি শইকীয়া ইঞ্জিনিয়াৰক ১২ কেজি ওজনৰ চিতল ভেটি দিয়ে, তাকো ঘৰৰ পুখুৰীৰ! কোন বাপেৰে জয়সাগৰ-গৌৰীসাগৰ খান্দি থৈছিল ঘৰত?”

ভিতৰৰ পৰা ফোনৰ কথা-বতৰাবোৰ শুনি থকা ৰাতুলৰ বাপেকেই মাত লগালে।

“অ দেউতা,তুমি নুবুজা কিয় কথাবোৰ? এইবাৰেই শেষ, ইয়াৰ পিছত আৰু দিবলগীয়া নাই একো।মাৰ্চ মাহ আহিলেই, পইচাখিনি ওলালেই তোমাৰ এই পুত্ৰ লাখপতি হৈ যাব!

তোৰ এই বিনা কষ্টত লাখপতি হোৱাৰ বাসনাতে বাপেৰৰ ৰিটাৰ্য়াটমেন্টৰ ৫ লাখ টকা শৰাধ কৰিলি এতিয়ালৈকে, বাকী থকাখিনিও শেষ কৰিহে তই শান্তি পাবি! ঘৰত দুজনী বিয়াৰ উপযুক্ত ভনী আছে তোৰ, সৰু-সুৰা কিবা যদি ব্যৱসায়ো কৰিলি হয়, পাঁচ লাখ টকাৰে ইমানদিনে ডাঙৰজনীক বিয়া দিয়াৰ সাহস কৰিব পাৰিলোঁহেতেন মই!”

“দিবানে এতিয়া পইচাটো, নে জ্ঞানদৰ্শন চেনেলতে আজি উৰুকাৰ দিনটো পাৰ কৰিবা তুমি?”

“চা ৰাতুল, সৰুৰপৰা তহঁতৰ কোনো কথাতে মই না কৰা নাই, যি বিচাৰ তাকে তহঁতক আনি দিবৰ চেষ্টা কৰিছোঁ। সাধাৰণ শিক্ষকৰ চাকৰি কৰি তহঁতক মানুহ হিচাবে গঢ় দিব চেষ্টা কৰিছিলোঁ মই। একোজন আদৰ্শৱান মানুহ হিচাবে, আৰু ইমানখিনি পঢ়া শুনা কৰি তই এইবোৰ কি ভুৱা বিলৰ পিছত লাগি আছ? মানুহ লাহে লাহে ডাঙৰ হ’ব লাগে, সৰু সৰু অভিজ্ঞতাবোৰে ভৱিষ্যতে ডাঙৰ মানুহ হোৱাত সহায় কৰে। একেদিনাই কোনেও ধনী হব নোৱাৰে আলাদিনৰ চাকি নাপালে।”

“দেউতা, পইচাটো দিয়াচোন সোনকালে। তোমাৰ উপদেশবোৰ সন্ধিয়া ঘুৰি আহি শুনি থাকিম। উজানবজাৰত চিতল শেষ হৈ যাব নহ’লে!”

বাপেকৰ পৰা বিশ হাজাৰ টকা লৈ ৰাতুল ওলাই আহিল ঘৰৰে চেকেণ্ড হেণ্ড মাৰুতী ৮০০ খন লৈ উজান বজাৰ অভিমুখে। এইবাৰ কেনেবাকৈ বিলখন পাছ কৰাই ল’ব পাৰিলে আৰু এইবোৰ কামত হাত নিদিয়ে সি। কিবা সৰু-সুৰা কামেদিয়েই সি বেপাৰ আৰম্ভ কৰিব নতুনকৈ। বাপেকে কোৱাৰ দৰে লাহে লাহে সৰুৰ পৰা ডাঙৰ হোৱাৰ যত্ন কৰিব সি।

শইকীয়া ইঞ্জিনিয়াৰক লগ পোৱাৰ পৰাহে তাৰ মূৰত এইবোৰ গড়কাপ্তানি বিভাগৰ ভুৱা বিলৰ ভূতে লম্ভিছিল। সি ৰেজিষ্ট্ৰেশ্বন কৰিব যোৱাৰ দৰে “চি গ্ৰেড” লাইচেন্সখন পালে, ইমানদিনে সি বহুত সৰু সৰু কাম কৰিব পাৰিলেহেতেন! মাত্ৰ চাৰিবছৰ আগতে চাকৰিত জইন কৰা শইকীয়াৰ উপদেশ মতে “এ গ্ৰেড” কন্ট্ৰেক্টৰৰ লাইচেন্সখন বনাই লৈ সি এতিয়া ছয়গাওঁৰ ফালে আগতে বনোৱা ৰাস্তা এটাৰ নামত এক কৌটি টকাৰ ভুৱা বিল জমা কৰি যোৱা তিনিবছৰে দৌৰি আছে।

না পইচা পাইছে না কিবা ঠিকাদাৰী অভিজ্ঞতা পাইছে।

একমাত্ৰ শইকীয়াই ভৰষা তাৰ। পইচাটো পালে ৬০-৪০ বুজাবুজি হ’ব। ৪০ তাৰ নিজৰ আৰু ৬০ শইকীয়াৰ।বাকী ওপৰৱালাসকলক শইকীয়া চাৰে মেনেজ কৰিব।

উজানবজাৰ মাছঘাটৰ পৰা এটা ১০ কিল’ আৰু এটা ৮ কিল’ ওজনৰ চিতল মাছ লৈ ৰাতুলে গাড়ী ঘুৰালে শইকীয়াৰ ঘৰলৈ বুলি।
শইকীয়াৰ ঘৰৰ সন্মুখত গাড়ী ৰাখিব জাগা বিচাৰি পোৱা নাই ৰাতুলে। ইমান গাড়ী কিয় আৰু ক’ৰ পৰা আহিল শইকীয়া ছাৰৰ ঘৰত! কিবা যেন বিপদৰ সংকেত দিছে তাৰ ষষ্ঠ ইন্দ্ৰিয়ই! ৰখাই থোৱা পুলিচৰ গাড়ী কেইখনমানে তাক আৰু অধিক সাৱধানী কৰি তুলিলে।

অলপ দূৰত্বত গাড়ীখন ৰখাই খোজকাঢ়ি আগবাঢ়িল ৰাতুল। মাছ দুটা গাড়ীতে এৰি থৈ গ’ল সি।
নতুনকৈ বনোৱা শইকীয়াৰ প্ৰাসাদোপম অট্টালিকাটোৰ চোতালতে গড়কাপ্তানি বিভাগৰ বহুকেইজন ঠিকাদাৰসহ শইকীয়া বহি আছে। চাৰিওফালে পুলিচে ঘেৰাও কৰি থোৱাৰ নিচিনা যেন লাগিল ৰাতুলৰ। সোমাজত শইকীয়াৰ সন্মুখত বহি থকা মানুহ কেইজনৰ হাতত কাগজ কলম। কথা-বতৰা আৰু মানুহবোৰৰ মুখবোৰ দেখিলে কিবা যে বিপদজনক ঘটনা এটা ঘটি গ’ল এইমাত্ৰ, তেনেকুৱা লাগে।
ৰাতুল লাহে লাহে গেটখনৰ মুখৰপৰা আঁতৰি আহিল সন্মুখত থকা পাণ গুমটীখনৰ ফালে।
“নেভীকাট এটা দিয়াচোন ভাইটি। কিবা হৈছে নেকি হে ইয়াত? ইমান গাড়ী যে ৰাস্তাত!”

“দাদা, শইকীয়া ইঞ্জিনিয়াৰ যে পি ডব্লিউ ডি ৰ, তেখেতক চি বি আই গ্ৰেপ্তাৰ কৰিলে এইমাত্ৰ! প্ৰাৰম্ভিক জেৰা কৰি আছে ঘৰতে। লগতে উৰুকা বুলি শইকীয়াক ভেটি দিব অহা এগালমান ঠিকাদাৰকো হাতে-লোটে ধৰিছে।”

“এহ! ভালে হৈছে দিয়া!”

“দাদা, চিতল মাছ লাগিব নেকি? একদম কম পইচাতে পাব। মই সৌ লাল টুপীৱালাটোক ফিটিং কৰিছোঁ, শইকীয়াৰ ঘৰৰ পৰা বোলে ৪০ টা মান উদ্ধাৰ কৰিছে!”

“মোক নালাগে দিয়া, মই কিনিলোৱেই এইমাত্ৰ।”

গাড়ীখন ঘূৰাই ঘৰমুৱা হ’ল ৰাতুল।
বাপেকে ৰাতিপুৱা কোৱা কথাবোৰ মনত পৰিব ধৰিছে তাৰ!

“মানুহ লাহে লাহে ডাঙৰ হব লাগে। সৰু সৰু অভিজ্ঞতাবোৰে ভৱিষ্যতে ডাঙৰ মানুহ হোৱাত সহায় কৰে।”

*****

8 Comments

  • সুন্দৰ। ভাল পালোঁ

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ।

      Reply
  • বিকাশ শইকীয়া

    বাস্তৱ জীৱনৰ কথা। ভাল লাগিল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ বহুত।

      Reply
  • ৰিণ্টু

    ভাল লাগিল পঢ়ি, মনোগ্ৰাহী

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      বহুত বহুত ধন্যবাদ দাদা।

      Reply
  • dhanjit baruah

    আমাৰ বহু সম্ভাৱণাই এনেকৈ ভুল ট্ৰেকত আছে

    Reply
  • মনোজ

    ভাল লাগিল । অভ্যাসটো নেরিবি ।

    Reply

Leave a Reply

Your email address will not be published.