ফটাঢোল

ডাবল্ ধামাকা – সঞ্জীৱ মজুমদাৰ

দেওবৰীয়া পুৱা, হেপাঁহ পলুৱাই আৰু অকণ শোৱাৰ আমেজ লওঁ বুলি ভাবি থাকোঁতেই বন্ধু নৱনীলে আহি মোৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালেহি। “মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা” আপ্ত বাক্যষাৰক সি যেন চ্যালেঞ্জহে দিবলৈ আহিল।
“ইমান দেৰিলৈকে শুই আছ?”, বুলি কৈ বিচনাৰ কাষৰ চকীখনত বহি আগদিনাৰ বাতৰি কাকতখনকে মেলি ল’লে।
“তইনো ইমান ৰাতিপুৱা  কি বুলি ওলালিহি আজি?” আঠুৱাৰ সন্মুখৰ মূৰ দুটা খুলি গাৰুটো কোলাত থৈ ৰামদেৱ আসনত বহি লৈ সুধিলোঁ‌।
সি কিছুসময় মনে মনে থাকিল। তাৰ মুখলৈ চাই গম পালোঁ, নিশ্চয় নতুন কোনো প্ৰেম কাহিনীৰ পাতনি মেলিব এতিয়া।
নৱনীল মোৰ অন্তৰঙ্গ বাল্যবন্ধু। আমি দুয়ো সৰুৰে পৰা খেলাধূলা, পঢ়া-শুনা, স্কুল-কলেজ, কোচিং আদি একেলগে কৰিছোঁ‌। সম্প্ৰতি সি তিনিআলিৰ চিটিবাছ ষ্ট্যেণ্ডৰ বিপৰীত দিশত ষ্টেশ্বনাৰী দোকান এখন খুলিছে। গধূলি হ’লে আমি কেইটামানে তাৰ দোকানৰ সন্মুখতে আড্ডা মাৰোঁ।
মই চিগাৰেটৰ পেকেট আৰু লাইটাৰটো তালৈ আগবঢ়াই দি ক’লোঁ,
“আৰম্ভ কৰ, তোৰ প্ৰেম কাহিনী!”
সি যেন আকাশৰ পৰাহে  পৰিল। কোনোৰকম চিগাৰেটটো জ্বলাই ক’লে,
“তই কেনেকৈ গম পালি, পাৰ্টনাৰ?”
“তই এই ৰাতিপুৱাখন মোৰ থ’প্ৰা চাবলৈ অহা মানুহ যে নহয়, ভালকৈ জানো? তোৰ মূৰত কেতিয়া ছোৱালীৰ কথা আৰু কেতিয়া ব্যৱসায় ঘূৰি ফুৰে মই চব বুজি পাওঁ দোস্ত। ক’ কোন ক’ত কেতিয়া?”
তাৰ পিছত সি কোৱা কথাখিনিৰ সাৰমৰ্ম এনেধৰণৰ। তাৰ দোকানলৈ প্ৰায়েই এজনী ছোৱালী আহে কলম, কাগজ, প্ৰেক্টিকেলৰ নোটবুক আদি কিনিবলৈ। ছোৱালীজনীয়ে চশমা পিন্ধে যদিও ধুনীয়া, শ্বাৰ্প ফেইচ। কিছুদিনৰ পৰা ছোৱালীজনী কলেজলৈ যোৱা সময়ত প্ৰায়েই তাৰ দোকানত সোমাই কিবা নহয় কিবা এটা কিনে তাৰ পিছতহে চিটি বাছত উঠি কলেজলৈ যায়। গতিকে তাৰ দৃঢ় বিশ্বাস, অকল বিশ্বাসেই নহয়, সি প্ৰত্যয় গৈছে যে ছোৱালীজনী তাৰ প্ৰেমত পৰিছে।
চিগাৰটটো তাৰ হাতৰ পৰা লৈ মই তাক ক’লোঁ,”ঠিক আছে, মই বুজি পালোঁ যে তাই তোক ভাল পায়, গতিকে তোৰ সমস্যা কি ? তই তাইক প্ৰপোজ কৰ!”
মই চিগাৰেটৰ ধোঁৱাৰে বনোৱা ৰিংটোৰ ফালে চাই ক’লে, “এই কামটো মই কৰিব নোৱাৰোঁ, তই ভালদৰে জান!”
“ধোঁৱাৰে ৰিং বনোৱা?”
“বেছি কামুৰিব নালাগে, তোৰ সহায় নহ’লে মই এখোজো আগবাঢ়িব নোৱাৰোঁ, তই ভালদৰেই জান।”
মই লাহেকৈ ক’লোঁ,
“সুন্দৰপুৰৰ কবিতা শইকীয়াৰ লগত “ব্ৰেইক আপ” হ’লেই নেকি?”
“পাৰ্টনাৰ, এইবাৰ মই চিৰিয়াছ। কাইলৈ ৰাতিপুৱা মোৰ দোকানলৈ আহি বৰ্ণালীক এবাৰ চাই ল। তাৰ পিছত তই মোক গাইড কৰ।”
“বৰ্ণালী কোন? নাম ধাম চব গম পালি যেতিয়া মোলৈ কিয় ৰৈ আছ?”
সি একপ্ৰকাৰ মোক দম দি ক’লে,
“কাইলৈ মুঠতে তই ৰাতিপুৱা চাৰে ন বজাৰ ভিতৰত মোৰ দোকানলৈ আহি যাবি।”
নৱনীল সৰুৰে পৰাই তেনেকুৱা। জোতা, কাপোৰ আদি কিনিবলৈ গ’লেও মোক লৈ যাব, মোৰ পচন্দ হলেহে কিনিব। তেনেতে নবৌৱে চাহ-জলপান দি থৈ গ’লহি। পিছদিনা ৰাতিপুৱাই সি মোলৈ ফোন কৰি পুনৰ ৰিমাইণ্ডাৰ দিলে।
নৱনীলৰ দোকানৰ কাউণ্টাৰত বহিয়েই বাছ ষ্টেণ্ডত ৰৈ থকা ছোৱালীজনী দেখিলোঁ‌। তাই বাছত উঠাৰ পিছত, নৱনীলে মোক এনেদৰে সুধিলে যেন মই কোনো এক বিখ্যাত নাৰী বিশেষজ্ঞহে।
“কেনে দেখিলি? তোৰেই কপাল বেয়া, তাই আজিহে দোকানলৈ নাহিল। তাই বাৰু মোক ভাল পাবনে? ভালদৰে চিন্তা কৰি কচোন!”
নৱনীলৰ স’তে এনেধৰণৰ ঘটনা আগতেও বহুবাৰ ঘটিছে। সি প্ৰেমত পৰে, মোৰ পৰামৰ্শ লয়। আকৌ প্ৰেমত পৰে, আকৌ মোৰেই পৰামৰ্শ লয়। মই তাক দোকানৰ বাহিৰলৈ মাতি আনি চিগাৰেট এটা জ্বলাই তাৰ ফালে চাই ক’লোঁ, “ছোৱালীজনী নিঃসন্দেহে ধুনীয়া। পঢ়াশুনাত চোকা হ’ব।”
সি মোক একপ্ৰকাৰ ৰখাই লৈ একে উশাহে ক’লে, “তই কেনেকৈ গম পালি তাই পঢ়া শুনাত চোকা বুলি, তই চিনি পাৱ নেকি তাইক?”
মোৰ অলপ সময়ৰ কাৰণে এনে লাগিল, ছোৱালীজনী পঢ়াত চোকা হোৱাটো যেন নৱনীলে নিবিচাৰে। চোকা হলেই বিপদ!
মই জ্বলন্ত চিগাৰেটটো তাৰফালে আগবঢ়াই দি ক’লোঁ, “মই কেনেকৈ চিনি পাম? মই আজিহে দেখিছোঁ।”
“তেতিয়াহলে চোকা ছোৱালী বুলি, কেনেকৈ গম পালি?”
মই তাৰ কান্ধত হাতখন দি ক’লোঁ, “প্ৰথম পইণ্টটো হৈছে তাইৰ চকুৰ চশমাযোৰৰ পাৱাৰ আৰু চশমাৰ ক’লা ফ্ৰেমটো। দ্বিতীয়তে তাই মূৰত অকণ বেছিকৈ তেল সানি আহিছে আৰু দুয়োফালে বেণী গুঠি অহা ‘লুক’ টো। তৃতীয়তে তাই তোৰ দোকানৰ পৰা প্ৰেক্টিকেলৰ বহী কিনে মানে তাই বিজ্ঞান শাখাৰ ছোৱালী। গতিকে চোকা হ’বই লাগিব।”
সি একেবাৰে গদগদ্ হৈ পৰিল আৰু মোৰ হাতদুখন লৈ হেণ্ডশ্বেইক্ কৰিবলৈ ল’লে, “পাৰ্টনাৰ, তই ঠিকেই ধৰিছ, তাই কটন কলেজত পঢ়ে। জুল’জীত মেজৰ আছে।”
অকণমান থমকি ৰৈ সি বৰ উদ্বিগ্ন স্বৰেৰে মোক সুধিলে, “চোকা ছোৱালী হোৱা বাবেই, তাই প্ৰেম নকৰিব নেকি?”
তাৰ কথা শুনি মোৰেই মূৰটো ক’ৰবাত যুঁজাই দিম যেন লাগিছিল, “বুৰ্ব্বক, প্ৰেম সকলোৰে জীৱনলৈ মিনিমাম্ এবাৰ নহয় এবাৰ আহেই। চাইন্স বা আৰ্টছ বুলি কোনো কথা নাই। তই মুঠতে লাগি থাকচোন দেখা যাওক, কি হয়।”
কিছুদিন চাকৰিৰ ইণ্টাৰভিউ এটাক লৈ ব্যস্ত হৈ আছিলোঁ। হঠাৎ সিদিনা নিশা নৱনীলৰ ফোন আহিল, “বন্ধু, ক’ত আছ তই? ডাঙৰ কথা এটা হ’ল নহয়। আজি বৰ্ণালী মোৰ দোকানলৈ আহিছিল।”
“সদায়েতো আহে তাই। আজি তোৰ কি প্ৰব্লেম হৈছে সেইটো ক?”
“আচলতে তোক এইকেইদিন লগ নাই পোৱা। কিয় জানো মোৰ এনে লাগিছে, তাই যেন মোক সঁচাই ভাল পায়। কাইলৈ দোকানলৈ এবাৰ আহ না! তোৰ হেল্প নহ’লে মই একো কৰিব নোৱাৰোঁ, তই জানই।”
কিছুসময় কথা পতাৰ পিছত শুবলৈ গ’লোঁ।
পিছদিনা ৰাতিপুৱা যাব নোৱাৰিলোঁ যদিও দুপৰীয়া এপাকত নৱনীলৰ দোকান পালোগৈ। দোকানত বিশেষ ভীৰ নথকাত দুয়ো একেলগে মন খুলি কথা পতাৰ পিছত, যিটো গম পালোঁ সেইয়া হৈছে তাই মানে বৰ্ণালী, এইকেইদিন সদায় তাৰ দোকানলৈ এবাৰ নহয় এবাৰ আহিছে। নৱনীলৰ মতে যদি তাই তাক ভালেই নাপায়, তেতিয়াহলে কিয় আহিব?
তাৰ অকাট্য যুক্তি খণ্ডন কৰাৰ মোৰ কোনো সাধ্য নাই।
“পাৰ্টনাৰ, তই মোক এতিয়া শিকাই দে মই তাইক কথাটো কেনেকৈ ক’লে ভাল হ’ব? নহলে চিঠি এখন লিখি দে তই।”
প্ৰেমত মানুহ যে দুঃসাহসী হৈ পৰে বৰ ওচৰৰ পৰা দেখিলোঁ।
“এই মোবাইলৰ যুগত তই চিঠি দিলে কেছটো বৰ আউটডেটেড নহ’বনে?  তোৰ প্ৰতি মধ্যযুগীয় বুলি ফিলিংচ এটা আহি যাব পাৰে।”
সি একপ্ৰকাৰ হতাশ হৈ মোলৈ বৰ আশাৰে চাই ক’লে, “তেতিয়াহ’লে কি কৰা ভাল হ’ব?”
“পাৰ্টনাৰ, বৰ্তমান হৈছে প্ৰপোজৰ যুগ, ইনষ্টেন্ট ৰিজাল্ট পাবলৈ আটাইতকৈ মডাৰ্ণ তৰীকা।”
মই কামোৰ এটা মাৰোঁ বুলি ক’লোঁ,”এটা কাম কৰ, অহাকালি তাই যেতিয়া চিটি বাছৰ বাবে ৰৈ থাকিব। তই হাতত গোলাপ ফুল এপাহ লৈ আঠুকাঢ়ি ‘আই লাভ ইউ’ বুলি কৈ দিবি। পাৰিলে জিনছ্ পিন্ধি আহিবি নহ’লে আঠুৰ মাখিছাল ছিগিব পাৰে।”
আগতেই কৈছোঁ‌ নৱনীল গঁড়ৰ ছাল। সি নিৰ্বিকাৰ চিত্তে ক’লে, “চিটি বাছ ষ্ট্যাণ্ডত বহু মানুহ থাকিব। তাতে ৰাতিপুৱাৰ কলেজ টাইম। মই কেনেকৈ ক’ম, কি ক’ম একো নাজানো।”
মই গম পালোঁ তাক এইবোৰ কৈ লাভ নাই। ফাইনেলি তাক মই কেইটামান বাক্য শিকাই কেনেকৈ ক’ব লাগিব বুজাই দিলোঁ‌। সি প্ৰথমতে ক’বলৈ চেষ্টা কৰি, আউল লগালে। পিছত বৰ আগ্ৰহেৰে বাক্যকেইটা মোৰ পৰা লিখি ল’লে। মই তাক কথাকেইটা মুখস্থ কৰি পিছদিনা ৰাতিপুৱা মোৰ ঘৰলৈ আহিবলৈ ক’লোঁ।
সি ক’লে, “মই আজি নিশা মুখস্থ কৰিম। ৰাতিপু্ৱালৈ তোৰ আগত প্ৰথমতে ক’ম। তই ওকে বুলি ক’লেহে তাৰ পিছত মই তাইৰ আগত ক’ম।”
দুই এদিনৰ ভিতৰত সি সংলাপখিনি আয়ত্ব কৰিব পাৰিব বুলি ভাবিছিলোঁ‌ যদিও প্ৰায় এসপ্তাহ মান লাগি গ’ল। পিছত মই তাক নাটক কৰোঁতে আখৰা কৰাৰ দৰে, প্ৰথমে স্ক্ৰীপ্ট ৰিডিং, তাৰ পিছত ডাইলগ ডেলিভাৰী, মডুলেশ্বন আৰু ফাইনেলী একটিং আটাইবোৰ, ধাপে ধাপে কৰিবলৈ দিলোঁ‌। মোৰ সেই দিনকেইটা তাৰ নামত উছৰ্গা কৰিলোঁ‌। ৰাতিপুৱা-গধূলি, সি একপ্ৰকাৰ  মোৰ শোৱন খাৱন নোহোৱা কৰি পেলালে।
এদিন ৰাতিপুৱাই ঘৰলৈ আহি মোক জনালে যে, সেইদিনা সি ক’বই তাইক মনৰ কথা। কিন্তু দোকানত নহয়, বাছ ষ্ট্যেণ্ডত। মই শুভেচ্ছা জনাই তাক উৎসাহিত কৰিলোঁ‌ আৰু গধূলি তাৰ দোকানলৈ যাম বুলি ক’লোঁ।
বিশেষ কাম এটাত দিনটো ব্যস্ত আছিলোঁ। ঘৰলৈ আহি গা পা ধুই তাৰ দোকানলৈ যাওঁ মানে দোকান পোহাৰ বন্ধ হ’বৰে হ’ল। কাষৰ দোকানবোৰ বন্ধ কৰিলেই সি মাথো মোলৈ বাট চাই বহি আছে। মুখত তাৰ এপাচি কলীয়া ডাৱৰ।
“কি হ’ল ক দোস্ত?”
“কি ক’বি, একো নহ’লগৈ।”
“মানে ? লগ নাপালি?”
“গ’লোঁ, লগো পালোঁ”
“তেন্তে?”
“ক’বহে নোৱাৰিলোঁ‌।”
“ধুৰ…………”
মুখেৰে মোৰ বাৰ পাচি অশ্লীল মাত ওলাই আহিল। মোৰ অশ্লীল মাত তাৰ গঁড়ৰ ছালত লাগি ওফৰি পৰিল। কিন্তু সি নাছোড়বান্দা। বৰ্ণালীক সি নিজৰ কৰি পাবই লাগিব। যি কোনো প্ৰকাৰে। আমি বন্ধুবোৰে চবেই জানো, সি য’ত লাগে চীনা জোকৰ দৰে লাগে। যিজনী ছোৱালী মনত ধৰে, গায়ত্ৰী মন্ত্ৰৰ দৰে তাইৰ নাম জপ কৰে। এইকেইদিন তাৰ মুখত বৰ্ণালীৰ নাম শুনি শুনি কাণৰ মাকৰি সৰাৰ উপক্ৰম হ’ল। দোকান খুলিবলৈ যোৱাৰ আগতে কেতিয়াবা ফোনতো সি মই লিখি দিয়া কথা কেইষাৰ শুনাবলৈ ধৰিলে। কাগজখন ইতিমধ্যেই উৱলি যাওঁ যাওঁ হ’ল। তাৰহে একো গতি নলগা হ’ল।
এসপ্তাহমান পিছত এদিন ৰাতিপুৱা পাঁচমান বজাতে নৱনীল আহি আমাৰ ঘৰত হাজিৰ। চিঞৰি বাখৰি মোক বিচনাৰ পৰা উঠাই শিৱ মন্দিৰলৈ লগ ধৰিলে। সিদিনা সোমবাৰ আছিল। সেই দিনটো হেনো তাৰ বাবে বিশেষ দিন কাৰণ সিদিনা সি বৰ্ণালীক প্ৰপোজ কৰিবই বুলি শপত খাই আহিছে। গতিকে এনে এটা শুভ কাম কৰাৰ আগতে আৰাধ্য দেৱতা শিৱৰ ওচৰত মূৰ নোদোঁৱাকৈ সি এই শুভকামত আগ নাবাঢ়ে। গতিকে তাৰ উৎপাতত ময়ো গা পা ধুই তাৰ লগত ওলালোঁ‌। মন্দিৰৰ বাহিৰতে ধূপ চাকি কিনি আমি পূজা কৰিবলৈ সোমালোঁ‌। মোৰ সোনকালেই হ’ল, কিন্তু নৱনীলৰ নহয়হে নহয়। বাহিৰত ৰৈ ৰৈ মোৰ আমনি লাগিবলৈ ধৰিলে। ইফাল সিফাল কৰি মন্দিৰলৈ অহা ধুনীয়া ছোৱালীবোৰ চাই টাইম পাছ কৰিলোঁ‌। প্ৰায় বিছ মিনিট মানৰ পিছত দেখিলোঁ‌ নৱনীল মন্দিৰৰ পৰা ওলাল। কপালত তিনি চাৰিটামান ফোঁট, কাণত নিৰ্মালি। মন্দিৰত যিমানবোৰ পুৰোহিত জাতীয় লোক আছে, সকলোৰে পৰা আশীৰ্ব্বাদ লৈ আছে সি। লগতে মন্দিৰ চৌহদত থকা ভিক্ষাৰীবোৰৰ সকলোকেই খুচুৰা পইচা বিলাই আছে।
হঠাৎ মন কৰিলোঁ‌ এজনী ছোৱালী হাতত পূজাৰ থালী এখন লৈ মন্দিৰৰ চিৰি বগাই আহি আছে। আধা তিতা দীঘল চুলিৰ আৰু মুগাৰ মেখেলাযোৰৰ স’তে এক পৱিত্ৰ আৰু স্বৰ্গীয় সৌন্দৰ্য্য যেন খোজকাঢ়ি ফুৰিছে। ম‌ই এপলক আভিভূত হৈ চাই ৰ’লোঁ। ভালেখিনিমান দূৰত্বত যদিও, এনে অনুভৱ হ’ল যুৱতীগৰাকীয়েও মোৰ ফালে এক মুহূৰ্তৰ বাবে চাই আছিল। মোৰ মনটোত এজাক কপৌচৰাইৰ গুঞ্জনে হিল্লোল তুলিলে। কান্ধত নৱনীলৰ হাতৰ পৰশ নোপোৱা হ’লে ম‌ই থৰ লাগিলোহেঁতেন। মোৰ ওচৰ পাইয়েই সি কিবা এটা ক’ব খুজি, মোৰ হাতত খামুচি ধৰিলেহি। তাৰ দৃষ্টিক অনুসৰণ কৰি গম পালোঁ‌, মন্দিৰ অভিমূখে আহি থকা ছোৱালীজনীলৈ সি বৰ আগ্ৰহেৰে চাইছে। মইও চালোঁ ছোৱালীজনীলৈ, যদিও মই ধৰিব নোৱাৰি পুনৰ নৱনীলৰ মুখলৈ চালোঁ‌। নৱনীলৰ মুখমণ্ডলত প্ৰাপ্তি আৰু তৃপ্তিৰ ভিন ভিন ৰঙে খেলা কৰা দেখি সুধিলোঁ‌,
“কোন?”
“বৰ্ণালী।”
“বৰ্ণালী? কোন বৰ্ণালী?”
“আহি আছে যে……”
মই বৰ্ণালীক চিনি পোৱা নাছিলোঁ‌, নোপোৱাটোৱেই স্বাভাবিক। অকণমান সময়ৰ বাবে মনটো সেমেকি উঠিল যদিও, মই তাক লাহেকৈ সুধিলোঁ‌, “তই জানিছিলি নেকি তাই ইয়ালৈ যে আহিব।”
সি ক’লে “নাই নাজানো, এয়া শিৱ বাবাৰ লীলা।”
মই ক’লোঁ, “ভালেই হ’ল তই কথাটো ইয়াতে কৈ পেলা। ইয়াতকৈ ভাল ঠাই আৰু সুযোগ তই জিন্দেগীত নাপাবি।”
তাৰ কাণ মূৰ ৰঙা হৈ পৰিছে, বৰ্ণালী আমাৰ ফালে আগবাঢ়ি আহি আছে, লাহেকৈ ক’লে,  “ৰহ্, তাই পূজা কৰি আহক।”
নৱনীলৰ ফালে চাই স্মিত হাঁহি এটা মাৰি, মূৰ দুঁপিয়াই আমাৰ কাষেদি পাৰ হৈ, তাই মন্দিৰৰ ভিতৰলৈ সোমাই গ’ল। নৱনীলে মন্দিৰৰ চোতালতে আঠুকাঢ়ি পুনৰবাৰ সেৱা জনালে। মোৰ ওচৰলৈ আহি মই লিখি দিয়া কাগজখন উলিয়াই  আওঁৰাবলৈ লওঁতে মই তাক প্ৰচণ্ড ধমকি এটা দিলোঁ‌। সি তৎক্ষণাৎ বুজি পালে যে আজি স্ক্ৰীপ্ট নোহোৱাকৈয়েই বচন গাব লাগিব। মই তাৰ পিঠিত থপৰিয়াই, অকণমান সাহস দি, আঁতৰি দিলোঁ‌।
এটা সময়ত বৰ্ণালী মন্দিৰৰ পৰা ওলাই আহিল। মই দূৰৰ পৰা লক্ষ্য কৰি থাকিলোঁ‌। নৱনীলে তাইৰ স’তে বৰ ইম্প্ৰেছিভ ভাবে কথা পতা দেখিলোঁ‌। অলপ পিছত তাইক লৈ সি মন্দিৰৰ বাওঁকাষে থকা কংক্ৰীটৰ বেঞ্চখনৰ ওপৰত বহিলগৈ। দূৰৈৰ পৰা তাৰ আও-ভাওৰ পৰা ধৰিব পাৰিলোঁ‌ সি আজি সফল হৈছে। হওক হওক ভাল কথা। মোৰ মনটো বৰ ফৰকাল হৈ পৰিল, যি নহওক, আজিৰ পৰা অন্ততঃ তাৰ কামোৰ নাখালেও হ’ব।
কিছুসময়ৰ পিছত দেখিলো বৰ্ণালী তাৰ পৰা উঠি গ’লগৈ। মই প্ৰায় দৌৰি গ’লোঁ তাৰ ওচৰলৈ। পিঠিত ঢকা এটা মাৰি ক’লোঁ,
“আৰে পাৰ্টনাৰ, তুনে আজ কামাল কৰ দিয়া। চাব্বাচ দোস্ত।”
“নহয় অ চব খেলি মেলি হৈ গ’ল।”
“কি হল? তই দেখোন প্ৰ’পজ কৰিলিয়েই! কিয় তাই এনগেজড্ নেকি?”
“নহয় অ…”
“কি হ’ল ভালকৈ নকৱ কিয়?”
“আচলতে সেইজনী বৰ্ণালী নাছিল। বৰ্ণালীৰ ভনীয়েক স্বৰ্ণালীহে আছিল।”
“কি?”
“উম, মই চব কৈ শেষ কৰাৰ পাছতহে তাই ক’লে, আপুনি চাগৈ এই কথাখিনি বৰ্ণালীক ক’ব বিচাৰিছিল। মই বৰ্ণালী নহয়, স্বৰ্ণালী হে! আমি দুয়োজনী যঁজা বাই-ভনী।”
হঠাৎ মন্দিৰৰ প্ৰৱেশদ্বাৰত থকা ঘণ্টাটো কোনোবাই সজোৰে বজাই দিয়া যেন লাগিল। কেৰাহিকৈ নৱনীললৈ চাই দেখিলোঁ‌, সি একেবাৰে বানত বিধ্বস্ত হোৱা সৰ্বহাৰা মানুহৰ দৰে বেঞ্চখনত বহি আছে।
কিছুসময়ৰ বাবে নৱনীলৰ কথা ভাবি বেয়া লাগিল যদিও পিছ মুহূৰ্ত্তত মোৰ মনত ক্ষীণ আশাৰ ৰেঙণি এটা উজলি উঠিল। হঠাৎ এক আকাশবাণী যেন মোৰ মনৰ অনাতাঁৰ কেন্দ্ৰত বাজি উঠিল, এইজনী বৰ্ণালী নহয়, এইজনী স্বৰ্ণালীহে, স্বৰ্ণালী, স্বৰ্ণালী, স্বৰ্ণালী……..।
☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.