ফটাঢোল

ডেঞ্জাৰাছ নষ্টালজিয়া – তৃষ্ণা টি ভূঞা

নষ্টালজিয়া আৰু প্ৰেমৰ নিচা একেই বুলি কয় বহুতে৷ ইয়াৰ পৰিধি পিচে প্ৰেমতকৈও ডাঙৰ৷ সাধাৰণ ভাষাত কোৱা “the good old days” মানে সেই সোণোৱালী পুৰণি দিনবোৰৰ স্মৃতি অৰ্থাৎ নষ্টালজিয়াই আমাৰ মন জীপাল ৰাখে জীৱনৰ বহুত ওখোৰা-মোখোৰা মুহুৰ্ততো৷ ময়ো মোৰ বাল্যকালৰ এটি নষ্টালজিয়া আপোনাসৱৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ৷

মোৰ শৈশৱ কালছোৱাৰ বেছিভাগ সময় মাৰ বাহিৰে আন দুজনী মৰমীয়াল মহিলাৰ লগত অতিবাহিত হৈছে৷ সেয়া হৈছে মোৰ আইতা আৰু আমাৰ ঘৰত সৰুৰেপৰা থকা কিৰণ নামেৰে বাইদেউ এজনীৰ লগত৷ মাৰ চাকৰিৰ কাৰণে বেছিভাগ সময় এওঁলোকৰ লগতে অতিবাহিত হৈছিল৷ মা খুব মৰমীয়াল আছিল যদিও মাৰ এক শান্ত-সৌম্য কিন্তু কঠোৰ ব্যক্তিত্ব অনুভৱ কৰিছিলোঁ সৰু থাকোঁতে, যাৰ ফলত সকলো কথা বা বদমাছি মাৰ আগত খুলি ক’ব পৰা নাছিলোঁ৷ এতিয়া বুজোঁ যে সেয়া সকলো অভিনয় আছিল, দেউতা ঢুকোওৱাৰ পিছত যাতে মই আৰু দাদা বিপথে নাযাওঁ বেছি আব্দাৰ পাই৷ দেউতা ঢুকুওৱাৰ পিছত আইতা আমাৰ ঘৰতে থাকিছিল৷ লগতে ঘৰৰ কামত সহায় কৰিবলৈ কিৰণ বাইদেউ আইতাৰ লগত আহিছিল৷

সৰুতে মোক লগ পোৱা প্ৰতিজন মানুহে মোক কিছুমান ধুনীয়া নাম দিছিল যেনে কচুগুটি, বিহগুটি, গুণ্ডী, ডাকুনী ইত্যাদি৷ মই বেয়া পোৱা নাছিলোঁ যিহেতু শ্বেক্সপীয়েৰ নপঢ়াকৈ তেওঁ আৰু মোৰ মতামত “what’s there in a name” অৰ্থাৎ “নামত কি আছে” এই বিষয়ে একে আছিল৷ সৰুতে মোক জনা মানুহবোৰে মোৰ পৰা একফুটমান দূৰত থিয় হৈ বা বহি কথা কৈছিল মোৰ হাতত চিৰ বিৰাজমান অষ্ট্ৰবিধ- একটকীয়া ব্লেড এখন থকাৰ বাবে৷

প্ৰথম অৱস্থাত আইতাই বহুত চেষ্টা কৰিলে মোৰ অষ্ট্ৰবিধ মোৰ হাতৰ পৰা গুচাবলৈ৷ ভয়-ধমকিৰ পৰা আৰম্ভ কৰি কাবৌ-কাকুতি, ফুচুলনী আৰু তাতকৈ ডাঙৰ অষ্ট্ৰ ভেটি-ভুটাও যেতিয়া কামত নাহিলে মোৰ আৰু ব্লেডৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ কৌশলত, আইতাই মোক খোলা ষাড়গৰুটোৰ নিচিনা এৰি দিলে “যি কৰে কৰক দে তাই“ বুলি৷

আইতাৰ চাৰেণ্ডাৰ আৰু কিৰণৰ ব্লেডৰ প্ৰতি ভয় দেখি মোৰ বুকুৰ বীৰাংগনাজনী দোপত-দোপে বাঢ়িবলৈ ধৰিলে৷ মা যিহেতু বেছিভাগ সময় অন ডিউটি থাকে ময়ে ঘৰৰ ৰাণী, জিলেইলাহী সকলো৷ দাদা সৰুৰেপৰা বিতচকুধাৰী পঢ়াকু হোৱা কাৰণে নিজৰ ৰুমতে স্কুলৰ কিতাপ আৰু কমিকচ পঢ়ি বা ভিডিও গেম খেলি কটায়৷ আমাৰ ঘৰটো ককাৰ দিনৰে যথেষ্ট আহল বহল স্কুলঘৰটোৰ নিচিনা আছিল কাৰণে দিনটো পিতপিতাই ফুৰিছিলোঁ, চাৰিওফালে কিবা এক্সপেৰিমেণ্ট কৰিব পৰা বস্তু পাঁও নে নাই৷ এবাৰ দেউতাৰ অসুখত দিয়া চিৰিঞ্জ আৰু চেলাইনৰ বটল হাতত লাগিল কেনেবাকৈ৷ আৰু কি লাগে৷ তাতে আকৌ বৰষুণৰ বতৰ৷ পিছফালৰ চোতালৰ পৰা ঘৰলৈ সোমোৱা কৰিডৰটোত চেলাইনৰ বটল আৰু চিৰিঞ্জটোৰ লগত খেলি আছোঁ৷ কাক ফুটাও কাক নুফুটাও ভাবি থাকোঁতে কৰিডৰৰ শেষৰপিনে থকা চিৰি এটাত মস্ত ভোকোলা এটা দেখিলোঁ মোৰ ফালে চাই “আ ব্যেল মুঝে মাৰ“ কৰি থকা৷ তাক ধৰি ঠেং এখনত আইতাৰ পেটিকোটৰ ৰচী এডাল উলিয়াই চকী এখনৰ খুৰা এটাত বান্ধি চেলাইন দিলোঁ৷ এক বটল চেলাইনৰ পানী খাই যেতিয়া ভোকোলাটো শহাপহুটোৰ মান চাইজৰ হ’ল ৰুমলৈ দৌৰিলোঁঁ৷ ৰিল থকা কেমেৰাটো লৈ নিজৰ বীৰত্ব চিৰযুগমীয়া কৰি ধৰি ৰাখিবলৈ৷ পিচে “কালৰো কাল, বিপৰীত কাল, মাকে বখলিয়াই বিহগুটিৰ ছাল” কৈ মা কিবা কাৰণত আহি পালেহি ঘৰ আৰু ভোকোলাটোক এৰি দি মোক সেই চকীখনত বান্ধি থলে হিন্দী চিনেমাত কিডনেপ কৰি বান্ধি ৰখা দি৷

ভোকোলাটোৰ লগত বেছি সময় কটাব নোৱাৰা দুখ মাৰ নাযাওঁতে এদিন ৰাতিপুৱা দেখিলোঁ যে আমাৰ ডাইনিং টেবুলত মায়ে প্লেট এখনত গুলপীয়া চচ নিচিনা কিবা ঢালি আছে৷ মা যোৱাৰ পিছত মই স্কুলৰ পৰা আহি ৰান্ধনীঘৰ লুৰুকি আছোঁঁ মায়ে আগদিনা বনোৱা গাজৰৰ হালোৱা চুৰ কৰি খাবলৈ৷ হঠাৎ চকুত পৰিল টেবুলৰ ওপৰৰ চচবিধ৷ মই ভাবিলোঁ কি মজ্জা৷ গুলপীয়া যেতিয়া ষ্ট্ৰ’বেৰী চচ হ’ব চাগে৷ দেখিবলৈ মামাহঁতৰ ছোৱালীজনীৰ বাৰ্থডেত কটা কেকটোৰ নিচিনা অলপ ৰঙটো৷ এইবুলি গোটেই প্লেটখনত ঢালি ল’লোঁ হালোৱাৰ বাটিটোৰ ওপৰত৷ খাই কিবা ঔষধ যেন লাগিল যদিও আগে পিছে আইতাৰ কাহৰ ঔষধ চুৰ কৰি খোৱাৰ অভিজ্ঞতা আছে যেতিয়া বেয়া নালাগিল৷ কিন্তু অলপ পিছতে বমি বমি ভাব আহিলে, মূৰ ঘূৰালে আৰু গাটো গৰম হৈ আইতাৰ বিচনাত ঢাচকৈ পৰিলোঁ৷ সন্ধিয়ালৈ হুচ অহাত দেখিলোঁ মই হস্পিতালৰ বিচনাত আৰু মা ওচৰতে হাত গৰম কৰি বহি আছে এইজনী উঠিলেই সোধাম আজি বুলি মোৰ ফালে চাই৷ মই খোৱা ষ্ট্ৰ’বেৰী চচ আচলতে মাখি খেদা ঔষধ আছিল৷

ঔষধৰ প্ৰকোপত ডাক্টৰে বেডৰেষ্ট দিলে৷ মনতে ফূৰ্তি স্কুল যাব নালাগে কেইদিনমান৷ মাৰ আগত পিচে এক্টিং কৰি শেহাই শেহাই বেমাৰী হৈ থাকোঁ৷ এদিন জয় হনুমান চাই আছোঁ মই আৰু দাদা৷ মাহঁত পাগঘৰত তেতিয়া৷ মাজতে মায়ে ভজা মাংস প্লেট এখনত দি গৈছে আমাক৷ চাই থাকোঁতে কাৰেণ্ট গ’ল৷ তেতিয়া আমাৰ ইনভাৰ্টাৰটোৰ লগত টিভিৰ কানেকচন নাছিল৷ আইতাই ঘৰৰ পৰা টিভি বেটাৰী এটা আনিছিল৷ সেই যে দুফালে ক্লিপ লগাই থোৱা আৰু মাহেকে পষেকে চাৰ্জ কৰিব পৰা- সেইটো৷ দাদাই আকৌ বেটাৰীৰ কানেকচন লগাব নাজানিছিল যিহেতু টিভি বেছি নাচাইছিল সি৷ মই যিহেতু টিভিৰ পোক মই এইবোৰত একেবাৰে ওস্তাদ৷ গৈ লগাই দিলোঁ বেটাৰীটো৷ বেটাৰীৰ পৰা এবিধ কলা বৰণীয়া আঠালেতীয়া এচিড ওলায় যেতিয়া চাৰ্জ কম থাকে৷ মায়ে সদায় মানা কৰে মোক সেইবোৰ চুবলৈ আৰু যেতিয়া চোৱা যায় তেতিয়া মাৰ ভয়তে পৰ্দাত মচি দিওঁ হাতখন৷ সেইদিনা ভাবিলোঁ দাদা একেবাৰে হনুমানটোৰ নিচিনা লাগিব এই তেলবিধ তাৰ মুখত লগাই আঁকি দিলে৷ তাক ক’লোঁ লগাই চাওঁ নেকি সি “মা“ বুলি চিঞৰিলে৷ মই ভাবিলোঁ ধেই এইপাটকো সোধে নে বুলি মনে মনে মাৰ ড্ৰেচিং আইনাৰ ওচৰত লগালোঁ নিজৰ মুখতে৷ সেইবিধ লগাই হনুমানৰ নিচিনা হনু বনাই বাহিৰলৈ আহিছোঁহে মাত্ৰ মুখখন পোৰাৰ নিচিনা অনুভৱ হ’ল৷ এইবাৰ মায়ে কিন্তু হস্পিটাল লৈ যোৱাৰ আগতেই সোধাই ল’লে৷ পিছত সেই এচিডে পোৰা দাগ গুচাবলৈ যেতিয়াই মলম লগাইছিল তেতিয়াই মোৰ পিঠিত প্ৰথমে ঔকিল পৰিছিল৷

☆★☆★☆

7 Comments

  • ৰাজশ্ৰী শৰ্মা

    বৰ শান্ত আছিল দেই আইজনী।

    Reply
    • তৃষ্ণা ভূঞা

      হাঃহাঃ বা, এতিয়াঁও শান্ত মই পিছে 😁

      Reply
  • একেবাৰে নিমাশিত আছিলা দেখোন, হাঃ হাঃ। বঢ়িয়া লাগিল।

    Reply
    • তৃষ্ণা ভূঞা

      হাঃহাঃ, ধন্যবাদ বা

      Reply
  • হেমন্ত কাকতি

    এই মাৰ্ঘাট বস্তু আছিল৷

    Reply
  • আইলা! এইজনী দেখোন মোতকৈও ওপৰত। ভাল লাগিল দেই তৃষ্ণা।

    Reply
  • mridula

    মজ্জা

    Reply

Leave a Reply

Your email address will not be published.