ফটাঢোল

তাইৰ মাক – বৰ্ণালী ফুকন

ৰাতিপুৱা পাঁচ বজাৰ পৰা মাকে চিঞৰি গগণ ফালিছে “উঠ ঐ স্কুল নাযাৱ নে কি? কিমান যে শুৱে অ’।মই এই বুঢ়ীয়ে ৰাতিপুৱাতে উঠিলোঁ‌। উফ! এইজনী, উঠ বুজিছ গৈ এপাক ৰাস্তাটোতে খোজ কাঢ়। গাটো গাহৰীজনীৰ লেখিয়া হৈছেগৈ।”

বাহিৰত প্ৰচণ্ড ঠাণ্ডা, মাকৰ চিঞৰৰ পৰা ৰক্ষা পাবলৈ তাই কম্বলখনেৰে মূৰটো ঢাকি ল’লে। মাকে বিৰামহীন ভাবে চিঞৰি গৈছে। ধাম ধামকৈ খিৰিকিবোৰ খুলি দিয়াৰ শব্দ হ’ল। “বোলো ঐ! শুনিছনে খিৰিকিকেইখন খুলি দিছোঁ‌ বুজিছ হেৰৌ আনুলুম-বিলোমকে কৰচোন।” ঠাণ্ডা ফেৰফেৰিয়া বতাহ এজাক সোমাই আহিল। পুৱাই খঙটো উঠি আহিল তাইৰ। এই মানুহজনীৰ পৰা উপায় নাই, ৰাতিপুৱাৰ আমেজকণ ল’বলৈ নিদিয়ে। ক’ত পাই বাৰু ইমান এনাৰ্জি। আকৌ মাকৰ মাত ভাহি আহিল “দেখিছ ফুকনৰ ঘৰৰ বোৱাৰী কিমান আটিল, লোকে এইকণি ভাত খায় আৰু আমাৰজনীয়ে কাঁহীয়ে কাঁহীয়ে খাই গোনা ম’হটোৰ দৰে হৈছে। ঐ, উঠ অ’! কিমান চিঞৰিম আৰু,জীয়াই জীয়াই মাৰিবি তহঁতে বুজিছ। মোৰনো এনেই হাৰ্টৰ অসুখ হৈছেনে। কৰ ঐ কপাল ভাটিকে কৰ, হাতীৰ সমান পেটটো কমিব বুজিছ।” অলপ পিছতে টিভিটো বজাৰ শব্দ শুনা পালে তাই, লগে লগে ভাহি আহিল “অনোলোম বিলোম প্ৰাণায়াম বহুত মহত্ব পূৰ্ণ হে, কৰ’ কৰ’ মত ৰোক’ ভায়ো ঔৰ বেহনো আনোলোম বিলোম প্ৰণায়াম কিজিয়ে।” খঙটো আৰু জোৰত উঠি আহিল তাইৰ। মুখেৰে ৰামদেৱকে ভোৰভোৰালে “মৰা বুঢ়াটো পোৱাৰ মোৰ টোপনি হৰণ কৰিবলৈ ওলালে আৰু।” “হেৰৌ মই খোজকাঢ়ি আহোঁ‌ তই ৰুটিখিনি বনা। মই এই বুঢ়া দেহাৰে নোৱাৰোঁ‌ আৰু সকলো সহ্য কৰিব বুজিছ।” মাকে তাই কেঁটকুট নকৰা দেখি ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে। তেওঁ এইষাৰ কৈ সদায় ওলাই যায় আৰু যেতিয়া তেওঁ ঘুৰি আহে তেতিয়া জীয়েকৰ চাহ বনোৱা প্ৰায় শেষ হ’বলৈ হয়। তেওঁ আহি পাইয়ে বাহিৰৰ চকীখনত বহিলৈ ৰামদেৱৰ বচন পুৰণ কৰাত লাগে। প্ৰথম অৱস্হাত তাই ও ও ও কৈ নাক আৰু ডিঙিৰ পৰা ওলোৱা বিকৃত আৱাজত চক খাই দৌৰি আহিছিল আৰু চকু মুদি অদ্ভুত আৱাজৰ সৃষ্টি কৰা মাকৰ গাত ধৰি লৰাই দি সুধিছিল “কি হ’ল, কি হ’ল তোৰ মা,চকু কিয় নেমেল?” মাকে চকুকেইটা ঘোপাকে ধৰি তাইক যেতিয়া ক’লে “তোকতো কৰিবলৈ কৈ কৈ ভাগৰি গ’লো, এতিয়া মই কৰিলত ইতিকিং কৰিবলৈ আহিছ? নহ’ব বুজিছ মই এই জনমত শান্তি নাপাওঁ আৰু।” তেতিয়াহে তাই বুজি পালে অ, এইবোৰ ৰামদেৱৰ কৃপাৰহে ফল। ধেই! ওচৰ চুবুৰীয়াৰ ঘৰত সন্ত্ৰাসৰ সৃষ্টি হয় বুলিহে ক’লো। জানো যি কৰ কৰ পায়। পৰিস্হিতি বিপদজনক যেন হোৱা দেখি তাই তাৰ পৰা ছত্ৰভংগ দিবলৈ লৈ আকৌ কৈ গ’ল “কৰ কৰ বুজিছ মা, তোৰ এই ৰামদেৱেও বিকৃত আৱাজেৰে কিবা এটা কৰি আছে, কৰ কৰ তইও লাগি যা।” ইতিমধ্যে তাই ল’ৰালৰিকৈ চাহ বনাই আনি টেবুলত সজাই দিলে। “মা, ব্যায়াম কৰা হ’লে চাহ খাই লবিহি।” তাই আলু ভাজিকণলৈ ৰুটিখন মুখলৈ নিবলৈ লওঁতেই মাকে কৈ উঠিল “হেৰৌ এটা কথা নহয়, এই আলুবোৰযে ফ্ৰাই কৰি খাইছ জাননে এটুকুৰা আলু ফ্ৰাইৰ পৰা কিমান কলেষ্ট্ৰ’ৰেল বাঢ়িব পাৰে?” “আজি থাওক আৰু মা কালিৰ পৰা নাখাওঁ দে।” তাই ৰুটিখন খালে যদিও কিবা সোৱাদ নাপালে। কলেষ্ট্ৰ’ৰেল আৰু ফেটচ্ শব্দ দুটাই তাইৰ মগজত জঁ‌ট পকাই থাকিল।চাহকাপ মুখলৈ নি মাক থমকি ৰ’ল। প্ৰশ্নবোধক দৃষ্টি নিক্ষেপ কৰি তাইক সুধিলে, “তই বাৰু চাহপাতখিনি আগতে ধুই লৈছিলিনে?” তাইৰ অভ্যাস চাহ বকাৰ আগতে চাকনিৰ চাহখিনি গৰম পানীৰে এবাৰ ধুই লোৱাৰ। “অ ধুই দিলোঁ‌।” “সচাঁকৈ ধুই দিলি নে?কেনেকৈ ধুলি? বাতিটোত চাকনিখন ডোবাই ডোবাই ধুইছিলি নে?” “নাই” বুলি তাই ক’বলৈহে পালে, মাকে চাউট কৈ উঠি গৈ আগৰ চাহ দুকাপ পেলাইদি নতুনকৈ চেঁচা ৰং নোহোৱা দুকাপ চাহ বনাই আনিলেগৈ। “মা, ইমান চেঁচা ৰং নোহোৱা চাহ যে।” “হ’ব দে আজি এনেকৈয়ে খাচোন। কালিৰ পৰা মই যেনেকৈ দেখুৱালোঁ‌ তেনেদৰে চাহপাতখিনি ধুইলৈ বনাবি বুজিছ।”

সিহঁ‌তৰ ঘৰত ৰাতিপুৱাৰ উশাহটোৰ পৰা ৰামদেৱৰ নামেৰে আৰম্ভ হয়। যেনেকৈ ৰাতিপুৱা ৰামদেৱৰ আটাৰ সৈতে তেখেতৰ তৈয়াৰী তেলৰ ৰুটি তেখেতেই তৈয়াৰ কৰা বুটৰ ডাইল বা কাবুলি চানাৰ ঘুগনি। মা-মচলাও তাইৰ ঘৰত ৰামদেৱৰ তাৰ পৰাই আহে। বাৰ্গাৰ আৰু ব্ৰেড, পিজ্জা আৰু তন্দুৰি খাবলৈ কেনে আছিল সেয়া এতিয়া সোঁ‌ৱৰণি মাথো। ৰাম দেৱৰ কৃপাত সেইবোৰৰ আকাৰ আকৃতিও প্ৰায় পাহৰণিৰ গৰ্ভত। তাই ভালদৰে জানে মাকে গম পালে এখন যুক্তি তৰ্কৰ সৃষ্টি হ’ব। যিটো কৰি মুঠেই লাভ নাই। তাইৰ সকলো যুক্তিৰ বিপৰীতে কাটিবলৈ তেওঁৰ ওচৰত চায়েন্স মেগাজিনৰ উত্তৰ মজুত আছে। আৰু কেনেবাকৈ তৰ্কত হৰা যেন পালে “তহঁত বেচি জ্ঞানী মানুহ আমি চায়েন্স মেগাজিন পঢ়িহে কৈছোঁ‌” বুলি মুখখন এপাচি মান ফুলাই থ’ব দিনটোলৈ। গতিকে তাই আজিকালি মাকে যেনেকৈ বিচাৰে তেনেকৈয়ে চলিব বিচাৰে। মিছাতে অশান্তিখন গোটাই ল’বলৈ তাইৰো মন নাযায়। এদিনৰ কথা তাই তেতিয়ালৈ বিচনা এৰা নাই, হঠাত সিংহই ডিঙিৰে কৰা আৱাজৰ শব্দত সাৰ পাই গ’ল তাই।কিনো যা তা সপোন দেখোঁ‌ বুলি চকুটো মুদিবলৈ লওতেই আকৌ মাতটো কাষৰ বিচনাখনৰ পৰাই ভাহি অহা শুনি তাই জাপ মাৰি উঠি বহিল। ভয়ে ভয়ে কাষৰ বিচনাখনলৈ চাই দেখে কাষৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ এগৰাকীয়ে মাকৰ বিচনাখনত বহি সিংহৰ দৰে টেটুফলা চিঞৰ দি ডিঙিৰে মাত উলিয়াবলৈ যত্ন কৰি আছে। কাষত মাকে তেওঁৰ সৈতে সমস্বৰে সিংহৰ দৰে চিঞৰিবলৈ উৎসাহ প্ৰদান কৰি থকা দেখি তাইৰ বুজিবলৈ বাকী নাথাকিল এইটো এটা ৰামদেৱৰ কচৰৎ।

ঘড়ীটোলৈ চাই তাই ল’ৰালৰিকৈ উঠি গৈ গা ধুবলৈ পানী পাতি দিলেগৈ। ঠাণ্ডা পানীৰে গা ধোৱা বোলে মানা মাকৰ মতে, ৰামদেৱে কোৱাই হ’ব চাগে। তাই মনতে ভাবিলে পানী গৰম হয় মানে ম’বাইলটো এবাৰ চোৱা যাওঁক, এই বুলি ম’বাইলটো লৈছিলহে ক’ৰ পৰা যে মাক আহি কাষত থিয় হ’লহি গমেই ধৰিব নোৱাৰিলে।তাইৰ কাণ্ড দেখি মাকে চিঞৰি উঠিল “হেৰৌ স্কুল নাযাৱ নেকি? ম’বাইল লৈ বহিলি যদি হৈ গ’ল আৰু আজি।” মাকৰ চিঞৰত য’ৰে ম’বাইল ত’তে থৈ তাই পাকঘৰ পালেগৈ। মাকে কৈয়ে গ’ল “তই বুঢ়ীজনীয়ে ম’বাইলটো পিটিকি দেখুৱালে বাকীবোৰলৈ কি থাকিব, নাজানো দেই তই ল’ৰা-ছোৱালীক কি শিকাবি।” বেচেৰী মাকজনীয়ে তাইক সেই পোন্ধৰ –ষোল্ল বছৰীয়া কণমানিজনী বুলিয়ে ভাবি আছে। তাইৰ যে এখন ঘৰ আছে চাকৰি কৰিব পৰা ল’ৰা আছে সেয়া তেওঁ কেতিয়াবা সম্পূৰ্ণ ৰূপে পাহৰি পেলায়। তাই পানীখিনি লৈ বাথৰুমত সোমালগৈ। তাই কাপোৰ পিন্ধি ওলাই মানে ঘড়ীটোত সদায়ে আঠ বাজে। ন বজাৰ আগে আগে স্কুল সোমালেই হয়, এতিয়াও তাইৰ হাতত পঞ্চল্লিছ মিনিট বাকী। মাকৰ মাতটো তলৰ পৰা ভাহি আহিল “বটলৰ পুৰণি পানীখিনি লৈ নাযাবি, মই চায়েন্স মেগাজিনত পাইছিলো প্লাষ্টিকৰ বটলৰ পুৰণি পানী খোৱা মানা, স্বাস্হ্যৰ বাবে হানিকাৰক।” তাই সদায় কৰাৰ দৰে প্লাষ্টিকৰ বটলৰ পানীখিনি পেলাইদি নতুন পানী ভৰাই ল’লে। ওলাই যোৱাৰ আগতে মাকে পিছফালৰ পৰা চিঞৰিলে, ”হোটেলৰ পৰা যিহকে তিহকে আনি নাখাবি, তোৰ লিভাৰটো এনেই বেয়া।টিফিনটোকেনো লৈ নাযাৱ কিয়?” আচৰিত হ’ল তাই, কেনেকৈযে মাকে তাইৰ পেটৰ ভিতৰত কি হৈ আছে গম পায়। গেটৰ মুখত থিয় হৈ ইফালে সিফালে চাই অশোকক দেখা নাপাই ফোনটো উলিয়াই ফোন নং লগালে অশোকলৈ। “আহ আকৌ জলদি।” মাকে পিছফালৰ পৰা কোৱা শুনিলে, “তাক কিয় সদায় ফোন কৰি কৰি মাতিব লাগে হা?” ইতিমধ্যে অশোক ৰিক্সালৈ আহি পাইছিলহি। ল’ৰালৰিকৈ তাই ৰিক্সাত উঠিলগৈ।

স্কুলৰ পৰা আহি পাইছে তাই, পিয়াহত অণ্ঠ কণ্ঠ শুকাই গৈছে। গিলাচত পানী বাকিলৈ মুখলৈ নিবলৈ লৈছেহে মাকে চিঞৰিলে, “সেইয়া সেইয়া কৈ কৈ শিকাব নোৱাৰিলো ঐ ছোৱালীজনীক, হেৰৌ বহি পানী খাবি থিয় হৈ খালে ভৰিৰ বিষ হয় কিমান ক’ম আৰু। পিছত কোঙা হৈ পৰি থাকিবি।” উপাই নাই অগত্যা তাই বহি ল’লে চকীখনত, নহ’লে পানী গিলাচ খোৱা নহ’ব। বৰ ভোক লাগিছে, ল’ৰালৰিকৈ মুখ হাত ধুই তাই মাকে বাঢ়ি দিয়া ভাত গৰাহ মুখলৈ নি পানী গিলাচ বাকি ল’লে। লগে লগে মাকে “হৈ হৈ কি কৰ কি কৰকৈ চিঞৰি উঠিল।” “কি কৰিলোঁ‌ আকৌ” আচৰিত হৈ সুধিলে তাই। “এহ ভাতৰ মাজত পানী খালে হজম নহয়, কিমান ক’ম আৰু। তহঁতে মাৰক মানুহ” বুলি আৰম্ভ কৰোঁ‌তেই তাই ল’ৰালৰিকৈ কৈ উঠিল হ’ব হ’ব পাহৰিয়ে গৈছিলোঁ‌ পাই, হ’ব দে আধা ঘণ্টাৰ পিছত খাম। তাই দুপৰিয়া অলপ বিচনাখনত দীঘল দিয়ে, আজি কিবা মন নগ’ল পৰিব। লেপটপটো লৈ কিবা এটা লিখিবলৈ লৈ মাকলৈ চালে, “লেপটপ উলিয়ালিযে? চকুটোকো ৰেষ্ট লাগে বুজিছ।” উপায় নাপাই লেপটপ সামৰি তাই বিচনাখনত দীঘল দি থাকোতে কেতিয়ানো টোপনি গ’ল গমেই নাপালে।সপোনত তাই নিজকে ৰামদেৱ বাবাৰ সন্মুখত আৱিস্কাৰ কৰিলে,আনুলুম বিলুম ,কপাল ভাটি কৰি থকা। এপাকত হুৱাটচ এপত ভাইৰেল হোৱা ৰামদেৱৰ স্বচ্ছ ভাৰত চেণ্ডেলযোৰলৈ মনত পৰি ওলাই আহিব লোৱা হাঁহিটো যেনেতেনে টিপি থৈ ৰামদেৱৰ কথালৈ মনোযোগ দিওতেই হঠাত ৰামদেৱ উঠি এনেকুৱাকৈ জঁ‌পিয়াবলৈ ধৰিলে তেখেতৰ চুলি খোল খাই গ’ল।তথাপি তেওঁ ক্ষান্ত হোৱা নাই, তাকে দেখি তাত উপস্হিত সকলোৱে জঁ‌পিয়াবলৈ ল’লে লগতে তাইও জঁ‌পিয়াবলৈ লওতেই তাই সাৰ পাই ধৰমৰাই উঠিল, উৱা! তাই দেখুন বিচনাতে এতিয়াও।

মাক ওচৰৰ যাৰে ঘৰলৈ যায় মুঠতে সন্ত্ৰাসৰ সৃষ্টি কৰি থৈ আহে। পৰা পক্ষত আনৰ ঘৰলৈ গ’লে মাকে চাহ-তাহ খাবলৈ নিদিলেই ভাল পায়। কেনেবাকৈ কোনোবাই যদি কচ্ছোৱা বা লিকুইডেটৰ জাতীয় কিবা জ্বলাই তেনেহ’লে গৈ পাই সেইটো অফ কৰাই দি সেইটো স্বাস্হ্যৰ বাবে কিমান হানিকাৰক তাৰ ওপৰত এটি চমু বক্তৃতা দি লয়। কোন বেমাৰত হাতৰ কি পইণ্ট টিপিব লাগিব সেই বিষয়ে অৱগত কৰাই উঠিয়ে, কোনটো আসন সকলোৰে বাবে প্ৰশস্ত তাক শিকাই এটা সৰুকৈ মডেল ক্লাছেই লৈ পেলায়। আৰু কেনেবাকৈ যদি কোনোবা বেমাৰী সেই ঘৰত আছে বুলি গম পায়, শুই থকা বেমাৰীকো শুৱাপাটিৰ পৰা উঠাই বিভিন্ন কচৰৎ কৰাই বিচনা লোৱা মানুহটোক বহোৱাই থৈ আহে। তাৰ পিছত খাতিয়ান লয় কি কি খাদ্য খায়।কেনেবাকৈ গাখীৰৰ সৈতে নিমখিয়া খাই নেকি বা ব্ৰইলাৰ হাঁহ ছাগলী কিবা খাই যদি তাৰ পৰা হ’ব পৰা সাম্ভাব্য কিছুমান টান টান শব্দৰে এনে কিছুমান বেমাৰৰ নাম ক’ব যে শুনা জনে সেইদিনাৰ পৰাই কাণত ধৰে তেনে বস্তু নাখাও বুলি।

এবাৰ স্বচ্ছ অভিযানৰ নামত জ্বলোৱা পলিথিনৰ বিৰুদ্ধে হুংকাৰ দি উঠিছিল পৰিৱেশ দূষিত হৈছে বুলি। কিন্তু তেওঁৰ হুংকাৰ শুনে কোনে? কতই চাগে ইতিকিং ভৰা কথা কৈছিল তেওঁৰ পিছত, কতই টিটকাৰি দিছিল। কিন্তু তেওঁ সেইবোৰ কাণ কৰা মানুহ নহয় আৰু দেই। তাই মানা কৰিলে কয় “সত্যটো ক’মেই, মই ৰাজনীতিজ্ঞ নহয় দেই জানিবি, কাৰোবাৰ মন ভাল লগাবলৈ মই অন্যায়বোৰ, কাৰোবাৰ বিপদ হোৱাবোৰ চাই থাকিব নোৱাৰো। ক’ব লগীয়াটো ক’মেই।” মানুহক সজাগ কৰাটো তেওঁৰ কৰ্তব্য বুলি ভাবে। কোনোবাই হাঁহিছে ইতিকিং কৰিছে এইবোৰ লৈ তিলমাত্ৰ মূৰ নঘমায়। শব্দ প্ৰদূষণ হ’লেও তেওঁ তীব্ৰ প্ৰতিবাদ কৰি উঠে। এবাৰ ওচৰতে হোৱা বিহু কমিটিৰ চাউণ্ড বক্সৰ অত্যাচাৰত তাইৰ মাক ষ্টেজলৈ উঠি গৈ মাইকটো উদ্যোক্তাৰ পৰা কাঢ়িলৈ উদ্দাত্ত কণ্ঠৰে চিঞৰি উঠিছিল শব্দ প্ৰদূষণ বিৰুদ্ধে। মুঠতে তেওঁক বাগি দিবলৈ তাইৰতো নাইয়ে ওচৰ-চুবুৰীয়াৰো সাহস নাই।তেওঁৰ প্ৰতি অনুগত্য প্ৰকাশ কৰি এচামে ৰামদেৱৰ শিবিৰলৈ গতি কৰা দেখিলে তেওঁ আত্মসন্তুষ্টিৰ হাঁহি মাৰে। ছোৱালীক নোৱাৰিলে কি হ’ল,বাকী দহজনকতো বলে পাৰিছে।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.