ফটাঢোল

তিনিটা কৌতুক – হিৰণ্যজ্যোতি দাস

(১)
এদিন এজন মানুহে পাহাৰ বগাই আছিল৷ এনেতে ক’ৰবাৰ পৰা শব্দ এটা আহিল,-“ৰ’বা৷”
মানুহজন ৰৈ গ’ল৷ লগে লগে এটা প্ৰকাণ্ড শিল মানুহজনৰ আগেৰে পাৰ হৈ গ’ল৷ মৃত্যুৰ মুখৰ পৰা মুহূৰ্তৰ কাৰণে মানুহজন বাচি গ’ল৷ মানুহজনে অদৃশ্য চিঞৰটোৰ প্ৰতি ধন্যবাদ জনালে৷
কিছুদিন পাছত মানুহজনে ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল৷ হঠাৎ অদৃশ্য চিঞৰটো আহিল,-“ৰ’বা”৷
লগে লগে লগে এখন ট্ৰাক তেওঁৰ একেবাৰে কাষেৰে পাৰ হৈ গ’ল৷ মানুহজন এক মুহূৰ্তৰ কাৰণে মৃত্যুৰ দুৱাৰডলিৰ পৰা বাচি গ’ল৷ মানুহজনে অদৃশ্য চিঞৰটোৰ প্ৰতি ধন্যবাদ জনাই আগবাঢ়ি গুছি গ’ল৷
আন এদিন গাড়ী চলাই মানুহজন গৈ আছিল৷ হঠাৎ চিঞৰ আহিল,-“ৰবা”৷ মানুহজনে ৰৈ গ’ল আৰু লগে লগে এডাল প্ৰকাণ্ড গছ গাড়ীখনৰ আগেৰে পৰিল৷
মানুহজনে এইবাৰ সুধিলে,-“হে প্ৰভু, আপুনিনো কোন?  মোক বাৰে বাৰে বিপদৰ পৰা উদ্ধাৰ কৰি আছে৷ আপোনাক ধন্যবাদ জনাবলৈ মোৰ ভাষা নাই৷”
“হে বৎস, মই বিপদৰ বন্ধু৷ মানুহক বিপদত নপৰাকৈ ৰখাটোৱেই মোৰ কৰ্তব্য৷”
“ধন্যবাদ, বিপদৰ বন্ধু৷ কিন্তু মোক এটা কথা কওকচোন,  মোৰ বিয়াৰ আগতে মোক নিচিঞৰিলে কিয়?”
“হে মানৱ, মই তেতিয়াও তোমাক চিঞৰি সাৱধান কৰি দিছিলো৷ কিন্তু তোমাৰ ঘৰৰ মিউজিক চিষ্টেমৰ শব্দত মোৰ সাৱধান বাণী তোমাৰ কাণত নোসোমাল৷”
(২)
সৰুৰে পৰা ৰমেনৰ খুব ভয়৷ ভয় মানে বেলেগ ভয় নহয়৷ তাৰ এনে লাগি থাকে যেন কোনোবা এটা তাৰ বিচনাৰ তলত সোমাই আছে, তাৰ টোপনি আহিলেই তাক গবা মাৰি ধৰি মাৰি পেলাব৷ ভয়তে ৰাতি তাৰ টোপনি নাহে৷ কেতিয়াবা উঠি গৈ মাক-ভায়েকহঁতৰ লগত শুই থাকে৷ ঘৰৰ মানুহবোৰেই সাহস৷
কিন্তু এতিয়া সি কি কৰিব৷ নতুনকৈ চাকৰিটো পোৱাৰ পাছত সি চহৰলৈ আহি ভাড়া ঘৰ এটা ল’লে৷ দিনৰ দিনটো বাৰু যেন তেন, কিন্তু ৰাতি হ’লেই সি ভয়ত কঁপি থাকে,  বিচনাখন পালেই সি ভয়ত থৰহৰি কম্পমান৷ এইমাত্ৰ যেন কিবা এটা ওলাই তাক মাৰি পেলাব৷
ৰাতি ৰাতি তাৰ টোপনি নহা হৈ শুকাই-খীণাই যাবলৈ ধৰিলে৷ অফিচৰ দুজনমানে তাক এগৰাকী মনোচিকিৎসকৰ ওচৰলৈ লৈ গ’ল৷ মনোচিকিৎসক গৰাকীয়ে তাৰ ভয়ৰ কাৰণটো শুনি তাক ক’লে,-” তোমাৰ ভয় নোহোৱা হৈ যাব, চিন্তা নকৰিবা৷ কিন্তু তুমি মোক এবছৰ সময় দিব লাগিব৷ প্ৰত্যেক সপ্তাহত তুমি দুবাৰকৈ মোৰ ওচৰলৈ আহিব লাগিব৷”
“ঠিক আছে চাৰ,  মোৰ ভয়টো নোহোৱা কৰিবৰ কাৰণে আপুনি যি কয় তাকেই কৰিম৷ পিচে আপোনাক ফিজ হিচাপে কি দিব লাগিব?”
“প্ৰত্যেক ভিজিটত 500 টকাকৈ”-চিকিৎসকজনে উত্তৰ দিলে৷
“ঠিক আছে চাৰ,  মই অহা বুধ আৰু শনিবাৰে আবেলি 5 বজাত আহিম৷”
“হ’ব৷ অহা বুধবাৰে 5বজাত মই তোমালৈ বাট চাই থাকিম৷”
বুধবাৰ আহিল৷ 5 বাজি গ’ল৷ ৰমেন নাহিল৷ চিকিৎসকজনে ডায়েৰীত টুকি থোৱা সময়টো পাৰ হৈ গ’ল৷ ৰমেন নাহিল৷
শনিবাৰ আহিল৷ মনোচিকিৎসকজনে ডায়েৰীৰ পাতত চাই ৰ’ল, কিন্তু ৰমেন নাহিল৷
এনেকৈ এদিন দুদিনকৈ ছমাহ পাৰ হ’ল৷ এদিন সন্ধিয়া বজাৰত হঠাৎ মনোচিকিৎসকজনে ৰমেনক লগ পাই গ’ল৷ ৰমেনেই মাত লগালে,-“চাৰ, ভাল নে?” “অ’ ,ভালেই,  তুমি বাৰু সেই ৰাতি বিচনাত টোপনি নহাজন নহয়নে?”
“হয় চাৰ৷”
“তুমি আহিম বুলি নাহিলা যে!”
“চাৰ, আপোনাৰ ওচৰৰ পৰা আহি মই মোৰ গাঁৱৰ বন্ধু এজনক ফোন কৰিছিলো৷ সি মোক এনে এটা উপদেশ দিলে যে মোৰ সমস্যাৰ সমাধান হৈ গ’ল৷ তাৰোপৰি মোৰ আপোনাক দিবলগীয়া প্ৰায় 52000 টকাও বাছিল৷ অকলশৰে থাকো,  টি ভি এটাই কিনিলো৷ সি মোৰ বৰ উপকাৰ কৰিলে৷”
চিকিৎসকজন আচৰিত হ’ল৷ সুধিলে,-” কি উপদেশ দিলে নো তোমাৰ বন্ধুজনে?”
“বন্ধুজনে কৈছিল-য’ত সমস্যাৰ মূল বিচনাখন৷ গতিকে এটা কাম কৰা, বিচনাখনকে ৰুমৰ পৰা উলিয়াই দি অকল তুলিখন মাটিত পাৰি লৈ শুৱা৷ না ৰহেগা বাস, না বাজেগি বাসুৰি৷ তাৰপাছত তাৰ কথা মতে মই বিচনাখন উলিয়াই দি অকল তুলীখন মজিয়াত পাৰি আৰামত শুই আছো৷”-ৰমেনে উত্তৰ দিলে৷
(৩)
এবাৰ এজন ৰজাই চিকাৰ কৰিবলৈ যাবলৈ মন কৰিলে৷ অৰণ্যলৈ যোৱাৰ আগে আগে ৰজাই ৰাজজ্যোতিষীজনক মাতি আনি বতৰ কেনেকুৱা হ’ব জানিব বিছাৰিলে৷ জ্যোতিষীজনে গণনা কৰি জনালে যে আগন্তুক দুদিনত বৰষুণৰ কোনো সম্ভাৱনা নাই৷
নিৰ্দিষ্ট দিনত ৰজাই ৰাতিপুৱাই চিকাৰলৈ বুলি অৰণ্য অভিমুখে ৰাওনা হ’ল৷ অলপদূৰ যোৱাৰ পাছত ৰজাই দেখে যে, অৰণ্যৰ ভিতৰৰ পৰা চিকাৰী এজন গাধৰ ওপৰত উঠি উভতি আহি আছে৷ ৰজাক দেখা পাই চিকাৰীজনে ক’লে,-“হে ৰাজন, অলপ পাছত ধাৰাষাৰ বৃষ্টি হ’ব,  আপুনি উভতি যাওকগৈ৷”
ৰজাই চিকাৰীজনৰ কথালৈ কৰ্ণপাত নকৰিলে আৰু অৰণ্যৰ ভিতৰলৈ সোমাই গ’ল৷ অলপ সময়ৰ পাছতে আকাশ ডাৱৰীয়া হৈ পৰিল,  ধুমুহা গাজনিৰে প্ৰৱল বৃষ্টিপাত হ’ল আৰু ৰজা তিতি তুমৰলি হ’ল৷
আবেলি ৰজা অৰণ্যৰ পৰা উভতি আহি পাইয়ে ৰাজজ্যোতিষীজনৰ মৃত্যুদণ্ড ঘোষণা কৰিলে আৰু চিকাৰীজনক ৰাজজ্যোতিষীৰ পদত মকৰল কৰিলে৷ ঘোষণা শুনিয়ে চিকাৰীজনে লগে লগে দৌৰি আহি ৰজাৰ ভৰিত পৰি ক’লে,-“হে মহাৰাজ মই জ্যোতিষী নহয়, সামান্য চিকাৰীহে৷ বৰষুণ অহাৰ আগজাননী পালে মোৰ গাধটোৱে তাৰ কাণদুখন তললৈ পেলাই কঁপি থাকে,  তাকে চাইহে মই বৰষুণ হ’ব বুলি কৈছিলো৷ গতিকে উক্তপদৰ পৰা মোক ৰেহাই দিব লাগে৷” চিকাৰীজনৰ কথা শুনি ৰজাই ৰাজজ্যোতিষীৰ পদত গাধটোক নিযুক্ত কৰিলে৷
শুনামতে সেইসময়ৰ পৰাই ৰাজকাৰ্য্যত গাধই প্ৰাধান্য বিস্তাৰ কৰিলে৷

☆★☆★☆

One comment

  • অভিজিৎ কাশ্যপ (চিকু শৰ্মা)

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.