ফটাঢোল

দাদা আৰু নাই – ভাস্কৰজ্যোতি বৰুৱা

অপলক নেত্ৰে চাই ৰলোঁ ম’বাইলৰ স্ক্ৰীনত। দাদা আৰু নাই। কিয় এনে কৰিলে দাদাই? দুখ, ক্ষোভ, হতাশাই নিমিষতে আগুৰি ধৰিলে মোক। আকৌ এবাৰ লক্ষ্য কৰিলোঁ – মই ভুল দেখা নাইতো? নিশ্চিত হ’লো, মই ঠিকেই দেখিছোঁ। সেই তাহানি কেমেষ্ট্ৰীৰ প্ৰেকটিকেলত টেষ্ট টিউবৰ তৰলৰ ৰং আকাংক্ষা কৰা ধৰণে সলনি হ’বলৈ কৰা বৃথা অপেক্ষাবোৰৰ দৰে আজিও মই যিমানে চাই নাথাকিলেও এই ৰং যে সলনি নহয় সেয়া বুজি পালোঁ।“ফ্ৰেণ্ড” আৰু “ফ’ল’ৱিঙ” শব্দ দুটা যেন এখন বগা কাপোৰেৰে ঢাকি দিলে দাদাই। এতিয়া মই যিমানেই চাই নাথাকিলেও ইয়ালৈ উভতি নাহে পূৰ্বৰ নীলাভ উজ্জলতা। হয়, দাদাই মোক “আনফ্ৰেণ্ড” কৰিলে। কিন্তু কিয়? সেইটোত এই মুহূৰ্তত কোটি টকীয়া, লাখ টকীয়া নহ’লেও নিশ্চিতভাৱে হাজাৰ টকীয়া প্ৰশ্ন। সময় বাগৰিলে পাচলৈ কি হয় মই নাজানোঁ, এই মুহূৰ্তত কোনোবাই কাৰণটো কম বুলি হাজাৰ টকীয়া পাৰ্টি এটা খুজিলেও মই দিবলৈ একাষাৰেই ৰাজী হৈ যাম। মই বাৰু আপোনাক বুজাব পাৰিছোনে মোৰ মানসিক অৱস্থাটো?

কিয় এনে হ’ল? দাদাতো মোৰ আজিৰ চিনাকি নাছিল। সেই সৰু চহৰখনৰ আমাৰ স্কুলৰ কাষৰ ৰূপহী অনুৰাধাৰ ককায়েক আছিল তেওঁ। স্কুলৰ কেম্পাছৰ পৰা অনুৰাধাক চাওঁ বুলি তেওঁলোকৰ ঘৰলৈ চকু দিওঁতে দাদাৰ চকুৱে চকুৱে পৰাত প্ৰথম বাৰলৈ হাঁহি মাতষাৰ দিয়া কিজানি আজি পয়ঁত্ৰিশ বছৰ মানেই হ’ল।হ’ব পাৰে আমাৰ বাবে অসীমদাৰ গুৰুত্ব তেওঁৰ নিজৰ বাবে নহৈ সুন্দৰী অনুৰাধাৰ ককায়েক হোৱাৰ বাবেই আছিল। কিন্তু সৌজন্যতা, সন্মান আদি দেখোৱাৰ ক্ষেত্ৰততো কাহানিও কৃপণালি কৰা নাছিলোঁ। আমাতকৈ দুশ্ৰেণীমান ওপৰত পঢ়া অসীমদাক স্কুলৰ পানী খোৱা ছুটীত ছোৱালী হাই স্কুলৰ সন্মুখত চানাৱলাৰ কাষত ৰৈ থকা দেখিছোঁ, সম্ভ্ৰমেৰে মাতষাৰ দি আঁতৰি পৰিছোঁ লগে লগেই। মই ৰৈছোঁগৈ বৰফৱালাৰ কাষত। নাই, তেওঁতো বেয়া পোৱা নাছিল তেতিয়া। পাচদিনাখনেই স্কুলত মাত দিছে – কি খবৰ ভাস্কৰ, ভালে আছা? কলেজীয়া কালত চিগাৰেট খাই থাকোঁতে কেতিয়াবা ভুটুঙকৈ সন্মুখত ওলাইছেহি অসীমদা, ধোঁৱাখিনি মুখতে ৰাখি চিগাৰেটটো হাতৰ টিপাত পাচফালে লুকুৱাইছোঁ। নাই, দাদাইতো বেয়া পোৱা নাছিল তেতিয়া। পাচত মুখামুখি হওঁতে প্ৰশ্ন কৰিছে – আজি বৰ পৰিছে ন? চহৰৰ এমূৰে থকা চিনেমা হলটোত প্ৰাপ্তবয়স্কৰ চিনেমাৰ দেওবৰীয়া মৰ্নিং শ্ব’ চাবলৈ যাওঁতে আঁতৰতে দেখিছোঁ দাদাক। ভগৱানক খাটিছোঁ – ওচৰা ওচৰিকৈ যেন চিট নপৰক আমাৰ। মই নিশ্চিত দাদাৰো আছিল একেই চেষ্টা, একেই প্ৰাৰ্থনা। এবাৰৰ বাদে সদায় সদয় আছিল ভগৱানো। কিন্তু সেই বিশেষ দিনটোত যেন আমাৰ সহনশীলতাৰ পৰীক্ষা লৈছিল ভগৱানে। চিনেমা হলত আঁতৰে আঁতৰে বহিলেও কেনেকৈ যে চাইকেল ষ্টেণ্ডত আমাৰ চাইকেল দুখন একে জাপত ওপৰা-ওপৰিকৈ পৰিল সেইটোহে আজিও ধৰিব নোৱাৰিলোঁ। এখন এখনকৈ চাইকেল ষ্টেণ্ডৰ পৰা মানুহে উলিয়াই নি আছে। হঠাৎ আবিষ্কাৰ কৰিলোঁ মোৰ কাষৰ চাইকেলখনত হাত দিছেহি স্বয়ং অসীমদাই। চকুলৈ চাব পৰা নাই। দুয়োজনে টানিছোঁ নিজৰ নিজৰ চাইকেল। ঈশ্বৰৰ কি ইচ্ছা – জোঁটপোঁট লাগিছে। টনাটনিৰ কাৰবাৰটো দীৰ্ঘৰ পৰা দীৰ্ঘতৰ হৈ গৈ আছে। চকু নদঙাকৈ লাগি লাগি চাইকেল দুখন পৃথক কৰি মাত নিদিয়াকৈ আঁতৰি পৰিছোঁ দুয়ো। তেতিয়াওতো বেয়া পোৱা নাছিল অসীমদাই মোক। দুদিনমানৰ পাচত আবেলি কিতাপৰ দোকানত খবৰ কাগজ আনিবলৈ যাওঁতে লগ পাইছোঁ দাদাক। দীৰ্ঘ সময় জুৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আমি কথা পাতিছোঁ। নাই, এক মুহূৰ্তৰ বাবেও মোৰ লগা নাছিল যে দাদাই মোক সামান্যতমো বেয়া পাইছে। তেন্তে মই এতিয়া এনে কি বেয়া কাম কৰিলো যে অসীমদাই মোক তেওঁৰ ফেচবুকৰ বন্ধুত্বৰ তালিকাৰ একোণত পৰি থকাৰো যোগ্য বুলি নাভাবিলে? ভাবি ভাবি মই উত্তেজিত হ’বলৈ ধৰিলোঁ।

দাদাই বাৰু বন্ধুত্বৰ তালিকাখন চুটি কৰিম বুলি কিবা সাৱধানবাণীমূলক প’ষ্ট দিছিল নেকি, যি ৰৈ গ’ল মোৰ দৃষ্টিৰ অগোচৰে? দাদাৰ টাইম লাইনত বান্দৰে গছৰ পৰা নমাদি ক্ষিপ্ৰ গতিত নামি গ’লো। নাই, দূৰ দূৰলৈ একো চকুত নপৰিল। যদি দিছিলো, প’ষ্টটো ডিলিট অথবা “অনলি মি” কৰি থ’লে কিজানি। প’ষ্টটো সময়ত চকুত পৰাহেঁতেন ঢপলিয়াই আহি –“মই থাকিম নে?” জাতীয় অলপ ধেমেলীয়া কমেণ্ট লিখি শেষ চেষ্টা নিশ্চয় কৰিলোঁহেঁতেন দাদাৰ বন্ধুত্বৰ তালিকাত ওলমি থাকিবলৈ। অসীমদাই মোক আনফ্ৰেণ্ড কৰি উঠি – “আজি অলপ জাবৰ চাফা কৰিলোঁ” জাতীয় একো প’ষ্টো দিয়া নাছিল ছাগৈ। তেনেকুৱা প’ষ্ট দেখিলেই চক্ খাই লগে-লগেই চাবলৈ মই কেতিয়াও নাপাহৰোঁ – মই আছোঁ নে নাই। যদিও তেতিয়া কৰিবলৈ একো নাথাকে, ৰিজাল্ট লগে লগেই পোৱাৰ নিচিনা কথা। এতিয়া মই নাজানো কিমান দিনৰ আগতে অসীমদাই মোক তেওঁৰ বন্ধুৰ তালিকাৰ পৰা গতিয়াই উলিয়াই দিছে। দাদাৰ বন্ধুৰ সংখ্যা কিমান চাবৰ মন গ’ল। পোন্ধৰশ ত্ৰিশ, পাঁচ হাজাৰলৈ এতিয়াও বহুত বাকী।অথচ মই ……। বেছি ভাবিবলৈ আৰু মন নগ’ল। পাৰস্পৰিক বন্ধুখিনি চালো। আৰে, ৰঞ্জন আছে, মই নাই! যি ৰঞ্জনক দাদাই এসময়ত চকুপাৰি দেখিব নোৱাৰিছিল। খুব সম্ভৱ অনুৰাধাই জীৱনৰ প্ৰথমখন প্ৰেমপত্ৰ ৰঞ্জনৰ পৰাই পাইছিল। সেই তথ্য দাদাই খুব সোনকালে গোটাই পেলাইছিল।আৰম্ভ হৈছিল উচ্চ বাচ্য, ভীতি প্ৰদৰ্শন, দল গোটাই শক্তি প্ৰদৰ্শন। সেইটো বিপুল, দাদাৰ ফ্ৰেণ্ড লিষ্টত হাঁহি আছে। যি দিয়া জোকোৱা নামেৰে এদিন অসীমদা বিখ্যাত হৈ পৰিছিল সৰু চহৰখনত। তাৰে কৃতজ্ঞতা হিচাপে এদিন ক্ৰিকেট ফিল্ডত হাতত বেট লৈ অসীমদাই তাক খেদি ফুৰিছিল। ইমান সহনশীল দাদাৰ বন্ধুৰ তালিকাত মই নাই! অবিশ্বাস্য! মোৰ নিজৰ ওপৰতে সন্দেহ হ’বলৈ ধৰিলে – নিশ্চয় মই এনে কিবা আঘাত দাদাক দিলোঁ যাৰ বাবে আজি মই দাদাৰ ফেচবুকৰ বন্ধুত্বৰ পৰা বঞ্চিত।

-“কাৰ কাৰ ফেচবুকত একাউণ্ট নাই?”
২০১১ চনত কলিকতাত হোৱা এখন বিনিয়োগ সম্পৰ্কীয় কৰ্মশালাত সমল ব্যক্তিয়ে সুধিছে। দুখন নে তিনিখন মাত্ৰ হাত ওপৰলৈ উঠিল। তাৰে এখন আছিল মোৰ। উপদেশ আহিল – “অতি সোনকালে একাউণ্ট খোলা। পৰ্যবেক্ষণ কৰি যোৱা আনে কি কৰিছে। নিজেই নিজেই শিকি যাবা”। খুলিলো। গুৰুৰ উপদেশ অনুসৰি কাহানিও ধৰ্ম, ৰাজনীতি আৰু ক্ৰিকেটৰ ওপৰত হোৱা বিতৰ্কত ভাগ নল’বলৈ পণ ললো। বিত্তীয় বিষয়ক লিখা-মেলাতে নিজক সীমাবদ্ধ ৰাখিলো। মাজে মাজে নিজৰ ফটো দিবলৈ ধৰিলোঁ। মোৰ লেখাতকৈ মোৰ ফটো মানুহে বেছি ভাল পালে। মোৰ বিত্তীয় লেখাবোৰ যে মানুহে বেয়া পালে ঠিক তেনেও নহয়, কেতিয়াবা প’ষ্ট কৰা দীঘল লেখা এটাত কেইচেকেণ্ড মানৰ ভিতৰতে লাইক আৰু – “ভাল লেখা”, “উপকৃত হ’লো” জাতীয় কমেণ্ট নহা নহয় বাৰু। লাহে লাহে মোৰো বন্ধুৰ তালিকাখন ডাঙৰ হ’বলৈ ধৰিলে।এনেকৈয়ে কোনোবা এটা দিনত অসীমদাও আহিল মোৰ তালিকালৈ। অ’ মনত পৰিছে – ফ্ৰেণ্ড ৰিকুৱেষ্ট দাদাই পঠোৱা নাছিল, মইহে পঠাইছিলো। দাদাই একচেপ্ট কৰিলে। মোক চিনি পায় নে তেওঁৰ কাব্য সদৃশ প’ষ্টবোৰৰ আগ্ৰহী পাঠক হিচাপে সেইটোহে ধৰিব নোৱাৰিলো। লাহে-লাহে মোক ধৰি ২০-২৫ জন মানুহলৈ টেগ কৰি লিখা অসীমদাৰ পদ্যবোৰ মোৰ ৱাললৈ আহিবলৈ ধৰিলে। প্ৰথমে লাইক কৰিছিলোঁ। পাচলৈ কামোৰ খাই নকৰা হ’লো। টেগ সোলকাই দিয়াও হ’লোঁ। তথাপিতো দাদাই মোক বেয়া পোৱা নাছিল। বছৰৰ পাচত বছৰ দাদাই মোক জন্মদিনত শুভেচ্ছা দি আহিছে, ময়ো দিছোঁ। সম্পৰ্ক চলি আছিল। হঠাৎ এনে কি হ’ল যে দাদাই মোক হজম কৰিব নোৱৰা হ’ল?

মোৰ জানিবলৈ মন গ’ল – মানুহে কি কি কাৰণত “আনফ্ৰেণ্ড” কৰে? আশ্ৰয় ললোঁ গুগোল বাবাৰ। কিন্তু ই কি! ২০০৪ চনত জুকাৰবাৰ্গে উলিওৱা ফেচবুকত প্ৰচলিত “আনফ্ৰেণ্ড” শব্দটো ২০০৯ চনতে নিউ অক্সফ’ৰ্ড আমেৰিকান ডিক্সনেৰীৰ “বছৰটোৰ শব্দ” খিতাপেৰে বিভূষিত হৈছিল। তাৰমানে মই ফেচবুকত প্ৰবেশ কৰাৰ দুবছৰৰ আগতেই। এটা ক্ৰিয়া পদ। অৰ্থ দিয়া আছে এনেকৈ – টু ৰিম’ভ চমৱান এজ এ ‘ফ্ৰেণ্ড’ ফ্ৰ্ম এ চচিয়েল নেটৱৰ্কিং ছাইট চাচ এজ ফেচবুক”। মই আশ্চৰ্যচকিত হ’লো দেখি যে ক্ৰিষ্টফাৰ চিব’না নামৰ এজন পি এইছ ডি ছাত্ৰই ১৫০০ তকৈ অধিক ফেচবুক ব্যৱহাৰকাৰীৰ মাজত সমীক্ষা চলাই ২০১০ চনতে “আনফ্ৰেণ্ড” কৰাৰ এঘাৰটা প্ৰধান কাৰণ প্ৰকাশ কৰিছিল। মই গভীৰ উৎসুকতাৰে প্ৰথমটো কাৰণত চকু থ’লোঁ।
-“তোমাৰ প’ষ্ট প্ৰায়ে অপ্ৰয়োজনীয় বস্তুৰে ভৰা”।
নাঃ, মোৰ এইটো কাৰণ কেতিয়াও হ’ব নোৱাৰে। নিজকে প্ৰবোধ দিলোঁ। যি সীমিত সংখ্যক প’ষ্ট দিওঁ চিনাকি মানুহে নপঢ়িলেও বিনা-দ্বিধাই লাইক এটা কৰি যায় বুলি মই জানো। মই আগবাঢ়িলো দ্বিতীয়টো কাৰণলৈ –
-“তুমি নিয়মীয়াভাৱে মেৰু বিভাজিত বিষয়ত প’ষ্ট দিয়া। উদাহৰণ স্বৰূপে – ৰাজনীতি বা ধৰ্ম বিষয়ক”।
ধেই, হ’বই নোৱাৰে। মোৰ গুৰুৱে কোৱা নীতি আখৰে আখৰে পালন কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। মোৰ গুৰুজনে সচেতনভাৱেই এই দিশটোত নামমাত্ৰও ৰিস্ক ল’ব খোজা নাছিল। তেওঁ ইয়াত ক্ৰিকেটকো অন্তভুক্ত কৰিছে। কাৰণ ভাৰতত ক্ৰিকেটো এক ধৰ্মই।
– “তোমাৰ প’ষ্ট অতি বেছি অনুপযুক্ত বস্তুৰে ভৰা”।
ওঁহো, কেতিয়াও নহয়। কোনো অপ্ৰাসংগিক, বেয়া ভাষাৰ প’ষ্ট মই দি পোৱা নাই।
-“তুমি উপলব্ধি কৰাতকৈ তোমাৰ প’ষ্টবোৰ বেছি বৰ্ণবাদী”। – চতুৰ্থ কাৰণ।
নাঃ, এইটোও মোৰ বাবে প্ৰযোজ্য নহয়। মই আগবাঢ়িলো পঞ্চমটো কাৰণলৈ –
-“ তোমাৰ প’ষ্ট বেছিভাগ সময়তেই বিৰক্তিদায়ক, দৈনন্দিন জীৱনকেন্দ্ৰিক বিষয়বস্তুত আৱদ্ধ”।
অকণমান সময়ৰ বাবে থমকিলো। এইটোৱেই নেকি? কাৰণ দুটামান কবিতা ষ্টাইলৰ আপডেট ময়ো নিদিয়া নহয় বাৰু। কিন্তু বেছিভাগ সময় ব্যক্তিগত বিত্তীয় বিষয়ক প’ষ্টেই দি থাকো দেখোন! অৱশ্যে সেইবোৰ বিৰক্তিদায়ক নহয় বুলি মই নদি ক’ব নোৱাৰিম। আস, দাদাক এবাৰ সুধিব পৰা হ’লে! বোলো দাদা, মোৰ বিত্তীয় বিষয়ক লেখাবোৰ অপৈণত শিল্পীৰ দীঘলীয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানৰ দৰেই আমনিদায়ক নেকি?
-“তুমি বাস্তৱ জীৱনত এনে কিবা কৰিছা যাৰ বাবে তোমাৰ ব্যৱহাৰ বা ব্যক্তিত্ব সেই মানুহজনে বেয়া পাইছে”। ক্ৰিষ্ট’ফাৰৰ ষষ্ঠটো কাৰণ।
কি কৰিলোঁ মই? একো মনত পৰা নাইচোন।ভাবিবলৈ বাদ দি আগবাঢ়িলো সপ্তমটো কাৰণলৈ-
-“সম্পৰ্কচ্ছেদ, বিবাহ বিচ্ছেদ”।
এইটো আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
-“ফ্ৰেণ্ড ৰিকুৱেষ্ট তুমি পঠাইছিলা”।
এই অষ্টম কাৰণটো আকৰ্ষণীয় দেখোন। মন দি পঢ়িবলৈ ধৰিলোঁ। কাৰণটো অলপ মনস্তাত্ত্বিক। যিজনলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে আৰু সেই আভাসী বন্ধুত্ব গ্ৰহণ কৰিব নে নকৰিব সিদ্ধান্ত লবলৈ সুযোগ পায়, তেওঁ বোলে সেই সম্পৰ্কটোৰ ক্ষেত্ৰত নিজকে সদায় ওপৰত বুলি গণ্য কৰিবলৈ ধৰে। সেইজন ব্যক্তিয়ে সৰু কথাতে ইজনক “আনফ্ৰেণ্ড” কৰাৰ সম্ভাৱনা বোলে বহু পৰিমাণে বৃদ্ধি পায়। মোৰ মনত পৰিল – দাদালৈ ময়েই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলোঁ। কাৰণ এইটো বুলি ধৰিলেও সেই সৰু কথাটোনো কি? উত্তৰ কিন্তু এতিয়াও অহা নাই।
-“তোমাৰ সেই ব্যক্তিজনৰ লগত এবছৰতকৈ বেছি দিন ধৰি মুখামুখি হোৱা নাই”।নৱম কাৰণ।
হৈছেতো! বেলতলাৰ বজাৰত কিমানদিন একেলগে গাহৰি কিনিছোঁ। ভালদৰে চাই-চাই ছাল পাতল, কাণ সৰু গাহৰিৰ “নিয়ৰ ভঙা” অঞ্চলৰ মাংস তেওঁ আৰু মই আধা-আধা ভগাই লৈছো। ইফালে অনলাইন তেঁৱো আছে, ময়ো আছোঁ। মোৰ ফটোত তেওঁৰো লাইক পৰিছে। এডিট কৰা তেওঁৰ ফটোত ময়ো লাইক কৰিছোঁ। এইটো কাৰণ যে হ’বই নোৱাৰে। নেক্সট –
-“স্কুলত বন্ধু আছিলা, কিন্তু এতিয়া নহয়”। দশম কাৰণ।
ধেই, এইটোও আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
একাদশ কাৰণ – “তুমি ষ্টেটাছ আপডেট অতি বেছি অথবা খুব কম দিয়া”।

নাঃ, এইটো কাৰণ যে একেবাৰেই নহয়। মই ছাইটোৰ পৰা ওলাই আহিলোঁ। চাই যাবলৈ ধৰিলোঁ – আন সমীক্ষা-তমীক্ষা গুগোল বাবাই দেখুৱায় নেকি। আৰে! আৰু এটা সমীক্ষা দেখোন। ২০১১ চনতে এন এম ইনছাইট নামৰ সংস্থাটোৱে ১,৮৬৫ জন ছচিয়েল মেডিয়া ব্যৱহাৰকাৰীৰ মাজত সমীক্ষা চলাই এই ৰিপ’ৰ্টটো প্ৰস্তুত কৰিছিল।

এইটো ৰিপ’ৰ্ট অনুসৰি ৫৫ শতাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে বোলে বন্ধুত্বৰ তালিকাৰ পৰা মানুহক বাদ দিয়ে অসন্তোষজনক মন্তব্যৰ বাবে। ৪১ শতাংশই আকৌ কৰে ইজনক ভালদৰে নজনাৰ বাবে। ৩৯ শতাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে আনক “আনফ্ৰেণ্ড” কৰে যদিহে সেই ব্যক্তিজনে কিবা সামগ্ৰী তেওঁক বিক্ৰী কৰিবলৈ চেষ্টা কৰে। ইফালে ২৩ শতাংশই কৰে বিষণ্ণকাৰী মন্তব্যৰ বাবে। ২০ শতাংশই কয় যে মিলামিচা, ভাব বিনিময়ৰৰ অভাৱৰ বাবেই ফেচবুকৰ বন্ধুক তেওঁলোকে আঁতৰাই পঠিয়ায়।ৰাজনৈতিক কমেণ্টত ক্ষুণ্ণ হৈ ১৪ শতাংশ লোকে ফেচবুকৰ বন্ধুক বিদায় দিয়ে। ১১ শতাংশৰ বাবে কাৰণ- সম্পৰ্কৰ বিচ্ছেদ অথবা বিবাহ বিচ্ছেদ। মাত্ৰ ৮ শতাংশ মানুহে ব্যক্তিজনক বেয়া পায় বাবে “আনফ্ৰেণ্ড” কৰে। সঘনে কৰা প্ৰফাইল আপডেটে ৬ শতাংশ মানুহক ইমান বিৰক্ত কৰে যে তেওঁলোকে সেইজন বন্ধুজনক নিজৰ তালিকাৰ পৰা বিদায়েই দি দিয়ে। অন্য ৬ শতাংশ মানুহক খুব বেছি বন্ধু গোটোৱা কাৰবাৰটোত বিৰক্ত হয় আৰু তেনে বন্ধু তালিকাত থাকিলে সেইজনক “আনফ্ৰেণ্ড” কৰি নিজেই আঁতৰি দিয়ে। ৩ শতাংশ ব্যক্তিয়ে মানুহক “আনফ্ৰেণ্ড” কৰে সিজনে নিজক যথোপযুক্তভাৱে আপডেট নকৰাৰ অভিযোগত। মানে বন্ধুত্বৰ বাবে অনুপযুক্ত হৈ উঠা বুলি ভাৱে।

শতাংশবোৰ যোগ কৰি চালোঁ – মুঠ ২২৬ শতাংশ। তাৰমানে একোজন ব্যক্তিয়ে একাধিক কাৰণত আনক “আনফ্ৰেণ্ড” কৰে। কিন্তু কোনোটো কাৰণেই মোৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব যেন নালাগিল দেখোন।সেই সমীক্ষাই দিয়া অন্য এটা তথ্য – এজন মধ্যমীয়া ফেচবুক ব্যৱহাৰকাৰীৰ ১৩০ জন বন্ধু থাকে। কৃষ্ণ! ২০১১ চনত ১৩০ জনতেই আনফ্ৰেণ্ডৰ সমস্যা। ২০১৮ চনত আমাৰ দেখোন প্ৰায় সকলোৰে হাজাৰৰ ওপৰত বন্ধু! আনফ্ৰেণ্ড কৰা বা হোৱাটো অধিক স্বাভাৱিক হৈ উঠিছে নেকি? কিন্তু সেই বুলি অসীমদাই মোক কৰিব লাগেনে? মনটো আকৌ ভাৰাক্ৰান্ত হৈ উঠিল। মোৰ বাবে প্ৰযোজ্য হোৱা সঠিক কাৰণটো যেন এইবোৰ সমীক্ষাই দিব পৰা নাই।

হঠাৎ ম’বাইলটো বাজি উঠিল। স্ক্ৰীণত চকু থলোঁ। বীৰেণ দেখোন! সিদিনা মেচেঞ্জাৰত মোৰ নম্বৰটো খুজি লৈছিল আৰু নিজৰটোও দিছিল। এতিয়া তাৰেই ফোন। হয়তো খুব সঠিক সময়তেই আহিছে বীৰেণৰ ফোনটো। আনফ্ৰেণ্ডৰ প্ৰসংগত “বীৰেণীয়” ব্যাখ্যা শুনিবৰ মন গ’ল মোৰ। মই সেউজীয়া বুটামটোত বাওঁহাতৰ বৃদ্ধা আঙলিটো পিচলাই কৈ উঠিলো – “হেল্ল’ বীৰেণ, কি খবৰ?” টেঙটেঙীয়া মাত এটাৰে সিফালৰ পৰা উত্তৰ আহিল। কুশল বাৰ্তা পাৰ কৰি মোৰ “আনফ্ৰেণ্ড”ৰ হৃদয়বিদাৰক অভিজ্ঞতাটো ক’লো। অৱশ্যে নক’লো কাৰ কথা, পুৰুষ নে মহিলাৰ। গুগোলৰ সাৰুৱা মাটিত হোৱা তথ্যবৃষৰ ওলমি থকা সতেজ ফলৰ ৰস চেপি বীৰেণৰ মুখতো মই দি যাবলৈ ধৰিলোঁ। মাজে-মাজে মোৰ নিজৰে সন্দেহ হ’বলৈ ধৰিলে – মই প্ৰশ্ন কৰিছোঁ নে মোৰ জ্ঞান জাহিৰ কৰি আছোঁ বীৰেণৰ আগত? অৱশ্যে বীৰেণ অত্যন্ত সহনশীল ল’ৰা। অ’ অ’ কৈ শলাগি শলাগি মোৰ সকলো কথা শুনি গ’ল। শেষত যেতিয়া মই তাৰ মতামত জানিব খুজিলোঁ, তেতিয়া তাৰ প্ৰথম প্ৰশ্ন –
“দাদা, আপুনি ইনবক্সত কাৰোবাৰ ‘জানু’ হ’বলৈ গৈ ‘বীজাণু’ হ’লগৈ নেকি?”
মই চিৎকাৰ কৰি উঠিলোঁ – “হেই, কি কোৱা, সেইজন মহিলা নহয়হে, পুৰুষহে”।
-“এহ সেইটো আগতেই ক’ব লাগে আক’। আপোনালোকৰ বয়সৰ ফেচবুকীয়া ৰাইজ আনফ্ৰেণ্ড হোৱাৰ এইটো অন্যতম প্ৰধান কাৰণ”–বীৰেণে কৈ উঠিল।
-“বাই দি ৱে এই মেচেঞ্জাৰৰ সমস্যাটো সমীক্ষা দুটাত অহা নাইচোন। অৱশ্যে ক্ৰিষ্ট’ফাৰৰ সমীক্ষাটোৰ ৬ নম্বৰ কাৰণটোৰ কেটেগৰীত পেলাব পাৰি”–মই কলোঁ।
-“দাদা, এই সমীক্ষাবোৰ পুৰণি। আজি ২০১৮ চনত সেইবোৰতেই সকলো কাৰণ সীমাবদ্ধ নাথাকিব নহয়। তদুপৰি এইবোৰ বিদেশী, স্থানীয় কাৰক বুলিও কথা এটা থাকেতো, মানে আমাৰ সকলো মানসিকতা ইয়াত প্ৰকাশ নোপোৱাতো তেনেই স্বাভাৱিক”।
মোৰ মনে খালে বীৰেণৰ ব্যাখ্যা। মই অধিক জানিব বিচৰাত সি ক’বলৈ ধৰিলে – “চাওক দাদা, আমি ভাৰতীয়সকল আনক উপদেশ দিয়াত যিমান ভাল, সিমান বেয়া সেই ভাল উপদেশ নিজে পালন কৰাত। অসমীয়াসকলৰ ক্ষেত্ৰততো এই সমস্যা আৰু বেছি। পুলিচে নিজে ট্ৰেফিক আইন মানি চলা দেখিছে? দূৰ্নীতিমুক্ত সমাজ গঢ়াৰ পণ লবলৈ আহ্বান কৰা ৰাজনৈতিক নেতাসকল নিজে কিমান দূৰ্নীতিমুক্ত?”
-“মানে কি ক’ব খুজিছা? মইতো নীতি-আদশমূলক প’ষ্ট নিদিওঁয়েই দেখোন!”- মই প্ৰশ্ন কৰিলোঁ।
-“ঠিক আছে আপুনি নিদিয়ে বাৰু, আনৰ উপদেশমূলক প’ষ্টত লাইক-কমেণ্ট কৰেনে নাই?”-বীৰেণৰ প্ৰতিপ্ৰশ্ন।
-“পঢ়ি ভাল লাগিলে নিশ্চয় কৰোঁ”।
-“কিন্তু আপুনি জানেনে সেই পঢ়ি ভাল লগা উপদেশমূলক সাধাৰণ যেন লগা প’ষ্টটো প্ৰকৃততে কোনো ব্যক্তি বিশেষক তীৰ্যক সমালোচনা কৰি লিখা দ্বিঅৰ্থক প’ষ্ট হ’বও পাৰে। আপুনি সেই প’ষ্টটোৰ তলৰ মন্তব্যৰ বাকচত যিমানে ভাগ ল’ব, ৰস লগা মন্তব্য দিবলৈ যাব, সিমানেই সেইজন ব্যক্তিক বিতুষ্ট কৰি যাব – যিজনক উদ্দেশ্যি সেই প’ষ্টটো লিখা হৈছে। মনত ৰাখিব – সেইজন ব্যক্তিয়ে কিন্তু বুজিছে প’ষ্টটো যে তেওঁৰ বাবেই লিখা হৈছে আৰু ঘণ্টাই ঘণ্টাই আহি মনে-মনে মন্তব্যবোৰ পঢ়ি গৈছে।লগতে নাপাহৰিব – আত্মোপলব্ধি জাতীয় প’ষ্টবোৰো বিষাক্ত হ’ব পাৰে”।
– “বুজিছোঁ, কিন্তু মোৰ কেচটোত এইটো কেটেগৰী প্ৰযোজ্য হ’ব যেন লগা নাই বীৰেণ। আৰু বেলেগ কি কাৰণ হ’ব পাৰে বাৰু?”
-“আপুনি এজন হাস্যকৰ্মীও নহয় জানো?”- বীৰেণৰ প্ৰশ্ন।
– মানে?
– যিদৰে স্বাস্থ্যৰ লগত জড়িতসকল স্বাস্থ্যকৰ্মী, সংবাদৰ লগত জড়িতসকল সংবাদকৰ্মী, ঠিক তেনেদৰে হাস্য-ব্যংগৰ লগত জড়িতজন হাস্যকৰ্মী বা ব্যংগকৰ্মী। আপুনি হাস্য-ব্যংগৰ গ্ৰুপ এটাৰ লগত জড়িত নহয় জানো?
– অঁ, তেনেকুৱা ক্ল’জড গ্ৰুপ এটাত আছোঁ।
– সেই দাদাও আছে?
– দুমাহমানৰ আগতে এন্ত্ৰী মাৰিছে। পিছে কি হ’ল?- মই ঘূৰাই সুধিলোঁ।
– দুয়োজনে ইজনে সিজনৰ প’ষ্টত লাইক কমেণ্ট কৰি আছে নে?-মোৰ কথাৰ উত্তৰ নিদি বীৰেণে সুধিলে।
– মোৰ প’ষ্টত দাদা আহিছিল আগতে। ময়ো ধন্যবাদ কৃতজ্ঞতা জনাইছিলো। লাহে লাহে নহা হ’ল দেখোন।
– আপুনি দাদাৰ গ্ৰুপত দিয়া প’ষ্টত হাঁহি-মাতি ভাগ লৈছিল নাই সেইটো কওক।
– তেনেকৈ কৰা নাছিলোঁ। কেতিয়াবা চকুৰ আগত পৰিলে লাইক এটা দিছিলোঁ।
সমস্যাৰ মূল এইটোৱেই বুলি ঘোষণা কৰিলে বীৰেণে। মোক বুজাবলৈ ধৰিলে কেনেকৈ ফেচবুকত নিজৰ দেৱাল আৰু গ্ৰুপৰ দেৱালৰ চৰিত্ৰ সম্পূৰ্ণ বেলেগ। তেতিয়া মই বিপৰীত যুক্তি দিছিলোঁ যে আমি দেখোন কবিতাৰ গ্ৰুপ এটা দুবছৰতকৈ বেছি দিন ধৰি আছোঁ। যদি সমস্যা কোনো গ্ৰুপত কৰা লাইক-প্ৰতিলাইক, মন্তব্য-প্ৰতিমন্তব্যৰেই, দাদাই মোক বহু আগতেই “আনফ্ৰেণ্ড” কৰিব লাগিছিল। বীৰেণীয় ব্যাখ্যা – সকলো সময়তে মানুহৰ এটা চৰিত্ৰই প্ৰকাশ নাপায়। অসমৰ কাব্য-প্ৰেমীসকল সংবেদনশীল হ’লেও কবিতা-অকবিতাৰ বিতৰ্কই সাংঘাতিকভাৱে সহনশীল কৰি তুলিলে। কিন্তু সেই একেজন মানুহেই যেতিয়া এজন “হাস্য-যোদ্ধা”লৈ ৰূপান্তৰ হয় তেতিয়া কথা বেলেগ হৈ পৰে। যিদৰে এজন ৰাজপুত যোদ্ধাৰ বাবে মুখমণ্ডলত অস্ত্ৰৰ আঘাতৰ দাগ বীৰত্বৰ ভূষণ বুলি বিবেচিত হৈছিল, ঠিক একেদৰে একো-একোজন ফেচবুকৰ হাস্য-যোদ্ধাৰ বাবে লাইক-কমেণ্টেই স্ব-তৃপ্তিৰ প্ৰধান কাৰণ। নিজে এজন হাস্য-যোদ্ধা হৈ সতীৰ্থ হাস্য-যোদ্ধাৰ মনোকষ্টক বুজিব নোৱাৰাটো বোলে মোৰ অক্ষমণীয় অপৰাধ। বীৰেণৰ মতে এই শাস্তি মোৰ একান্ত প্ৰাপ্য।

বীৰেণ আৰু মোৰ কথা-বতৰা কেতিয়াবাই শেষ হ’ল। কিন্তু শেষ নহ’ল মোৰ মগজুত তাৰ অনুৰণন। মনৰ ভিতৰতেই মই এখন তালিকা তৈয়াৰ কৰিবলৈ ধৰিলো – মোক “আনফ্ৰেণ্ড” কৰিব পৰা সম্ভাব্য ৰাইজৰ। আচৰিতভাৱে তালিকাখন দীঘল হৈ গৈ থাকিল। মোৰ উপলব্ধি হ’ল – বীৰেণে ক’বৰ দৰে মই কোনোপধ্যেই ফেচবুকৰ হাস্য-ব্যংগ গ্ৰুপৰ বাবে উপযুক্ত নহওঁ।

☆★☆★☆

9 Comments

  • ৰিণ্টু

    কি সাংঘাতিক বিজ্ঞানসন্মত আৰু তথ্যগধুৰ বিশ্লেষণ তথা বিৱৰণ, তবধ মানিলো।

    ভাস্কৰদা, দিনক দিনে কলমৰ ধাৰ বাঢ়ি গৈছে দেই। খুব ভাল লাগিল পঢ়ি

    Reply
  • ৰাজদ্বীপ বৰা

    সুন্দৰ !

    Reply
  • Mitali saharia

    আপোনাৰ লিখনিৰ সোৱাদেই বেলেগ দাদা।

    Reply
  • কিছু লিখিছে দাদা

    Reply
  • সাংঘাটিক লিখনি, ভাল লাগিল ।

    Reply
  • সাংঘাটিক লিখনি, ভাল লাগিল দাদা।

    Reply
  • অনুৰূপ মহন্ত

    ভাল গৱেষণা এটা চলালে এইটো লেখাৰ বাবে। ভাল লাগিল।

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    পঢ়ি চোৱা সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা। অতিৰিক্ত ধন্যবাদ, মন্তব্য কৰাসকলক। আপোনালোকৰ এষাৰ মাতত লিখি যাবলৈ উৎসাহ পালোঁ‌।

    Reply
  • অৰ্চনাময়ী বড়া

    এতিয়া সকলোৱে চাফায়ে কৰিব লৈছে,ভাল লাগিল.

    Reply

Leave a Reply

Your email address will not be published.