ফটাঢোল

দাস্তান-এ-ফটা মোহব্বত – ডলী তালুকদাৰ

“পাহাৰ বগাই বগাই চেনিমাই কপৌফুল আনিছোঁ”- এই বিহুফাকি যে আমাৰ পূৰ্বপুৰুষ সকলে কেৱল গীত হিচাপে গোৱা নাছিল, সঁচাকৈয়ে প্ৰেমত পৰিলে মানুহে যে পাহাৰ ,নদী সকলো হেলাৰঙে পাৰ হৈ যাব পাৰে, তাৰ প্ৰমাণ মই নিজ চকুৰে দেখিলোঁ।

চনটো ২০০৬ মান হ’ব। মাজু পেহীৰ ঘৰলৈ গৈছোঁ নলবাৰীলৈ। সেইবাৰ বেচ কিছুদিন থকাকৈ গৈছোঁ। মাজু পেহীৰ চাৰিটা ল’ৰা, ছোৱালী নাই৷ সেইকাৰণে সেইখন ঘৰত মোৰ আদৰ-আব্দাৰ বহুত বেছি৷ চাৰিওটা ভাইটিয়ে অনবৰতে পিছে পিছে লাগিয়ে থাকে৷ বিশেষকৈ পেহীৰ ডাঙৰ ল’ৰা ধন মোতকৈ দুবছৰ মান সৰু যদিও তাৰ লগত মোৰ ভাই-ভনীতকৈও বন্ধুত্বৰ জোৰটোহে বেছি। সি মোক আগতে কৈ থৈছিল, “তই এইবাৰ আমাৰ ঘৰলৈ আহিলে তোক মই গোটেই নলবাৰীখন দেখুৱাম।” আনহাতে আন ভাইটীকেইটাৰো মোক লৈ ‘প্লেইন-প্ৰগ্ৰেম’ বেলেগ-বেলেগ৷ মুঠতে সেইখন ঘৰত মই চেলিব্ৰিটি৷

সেইদিনবোৰৰ এদিন ৰাতি পেহীৰ ডাঙৰ ল’ৰা ধনে ক’লে “বাইদেউ তইতো এনেইহে আছ ঘৰত এতিয়া, তাতকৈ এটা কাম কৰ, আমি কেইজন মান ল’ৰা লগ হৈ এনজিঅ’ এটা খুলিছোঁ, তয়ো জইন কৰ। তই গুৱাহাটীত থাকিয়ে কাম কৰিব পাৰিবি।” মই ভালেই পালোঁ আৰু একেষাৰেই হাঁ ক’লোঁ। সি ক’লে “অহাকালি তোক আমাৰ এনজিঅ’ ৰ চেক্ৰেটৰীৰ লগত চিনাকি কৰি দিম।” সি ইতিমধ্যে কাৰোবাৰ আগত চেক্ৰেটৰীলৈ খবৰ পঠিয়ালেই৷

পিছদিনা চেক্ৰেটৰী আহিল। পিন্ধনত হাফপেণ্ট এটা ৰঙা ৰঙৰ আৰু হালধীয়া স্প’ৰ্টিং, ভৰিত হাৱাই চেন্দেল। মই খিৰিকীৰে দেখিছোঁ সি চাইকেল চলাই আহিছে, কিন্তু এনে লাগিছে ল’ৰাজনে চাইকেলখন নহয়, চাইকেলখনেহে তাক চোঁচৰাই আনিছে। চাইকেলখন ল’ৰাজনতকৈ দুহাতমান ওখ। পেদেল দুপাত ভৰিত লগাই নাই ভালকৈ। সি চাইকেলৰ পৰা নামিয়েই চিঞৰিলে, “ধন ধন মই আহি গ’লোঁ।” পেহী আহি বহিবলৈ দিলে তেওঁক। ধনে “আহ, তোক চিনাকি কৰি দিওঁ” বুলি মোক মাতি লৈ গ’ল৷ মই তাক নমস্কাৰ দিলোঁ৷ কিন্তু ই কি, চেক্ৰেটৰী চাহাবে মোক প্ৰতি নমস্কাৰ দিব এৰি ভেবা লাগি সেই যে চাই ৰ’ল, চায়েই থাকিল, চায়েই থাকিল৷ ধনে এবাৰ মোৰ ফালে, এবাৰ তাৰ ফালে চায় আৰু হাঁহে। মোৰ লাজো লাগিছে খঙো উঠিছে৷ ধনে তেতিয়া মাত লগালে – কি হা ঘনেদা, চবকাত পৰা গৰুৰ দৰে থৰ লাইগলা দুখু হা (আমি কওঁতে কামৰূপীয়া ভাষা ব্যৱহাৰ কৰোঁ)। তেতিয়াহে গম পালোঁ যে চেক্ৰেটৰী চাহাবৰ নাম ঘনশ্যাম, ইহঁতে মাতে ঘনেদা বুলি৷ ধনে আকৌ ক’লে- বাইদেউকো আমাৰ এনজিঅ’ত যোগ হ’ব কৈছোঁ। যিহতু তুমি চেক্ৰেটৰী গতিকে তুমি অনুমতি দিলে ভাল হয়। সি লগে লগে ক’লে, “মোৰ একো আপত্তি নাই যদি তোমাৰ বায়েৰে মত দিয়ে।” সি যেনেকৈ কথাষাৰ ক’লে যেন মই বিয়াত বহিবলৈ ৰাজী নে কি সেয়াহে ক’ব লাগে!

এনেতে পেহীৰ সৰু ল’ৰাটো আহিল। তাৰ মুখখন অলপ ফটা, মুখত যি আহে তাকে কৈ দিয়ে। সি আহিয়ে ঘনেশ্যামক ক’লে, “কি হা ঘনেদা কি খবৰ? হো তুমাৰ এই ৰাঙা হাফপেণ্টটু আৰু হাইলধা গেঞ্জীটু এইৰবা পাৰা নাই ইতাও?” হে হৰি ইফালে বেচেৰা ঘনেশ্যামৰ “ফাট মেলা বসুমতি পাতালে লুকাও” অৱস্থা আৰু আমাৰ ফটা পেপাই পে-পুৱাই আছে সপ্ত সুৰত। বেচেৰা ৰুপম অলপ আগলৈ মোৰ আগত কিমান বাহাদুৰি দেখুৱালে যে সি নহ’লে এনজিঅ’ নচলেই, সিয়েই মেইন মানুহ, মোক সকলো শিকাই দিব ইত্যাদি ইত্যাদি। সি সেমেনা সেমেনিকৈ ক’লে, “মানে আজি মই ঘৰত কাম কৰি আছিলোঁতো, তেনেকৈয়ে আহিলোঁ আৰু মোৰ মানে এইযোৰ প্ৰিয়, সেইকাৰণে মই এই হাফপেণ্ট আৰু গেঞ্জীটো বেছি পিন্ধো।” কথাৰ মাজত ধনে এবাৰ ক’লে, “অহাকালি এইক গোটেই নলবাৰীখন দেখাম বুলি ভাবিছোঁ ৰবা।” লগে লগে টপৰাই ঘনেশ্যামে মাত দিলে, “হ’ব দিয়া, কালি ময়ো ফ্ৰী থাকিম, দুয়ো একেলগে নলবাৰী দেখাম।” তাৰপিছত সি গ’লগৈ| মই ধনক সুধিলোঁ, আমি কেতিয়া লগ ধৰিলোঁ ও তাক। ধনে একো নকৈ মোক জোকাব ধৰিলে, “বাঃ! তই বিনাপইছাই টুৰিষ্ট গাইদ এটা পাই গ’লি দে।” মই ক’লো, “থাপৰ লাগে তোক।”

পিছদিনা ৰাতিপুৱাই দেখিলোঁ ঘনেশ্যাম আহি হাজিৰ। আমি গা-পা ধুৱাই নাই, মাত্ৰ ৰাতিপুৱাৰ জলপান খাই উঠিছোহে। কিন্তু সেইদিনা তাৰ ড্ৰেছ দেখি মই অবাক| ভৰিত জোতা, টাইত জিনচ্, টি চাৰ্ট পিন্ধি বপুৰা একেবাৰে ফিটিং| এনেতে আহিল নহয় আমাৰ ফটা পেপা সৰু ভাইটিটো। সি আহিয়ে ক’লে, “কি হা ঘনেদা, আজি দেখুন টিপ টপ ফিটিং বাবু। আজি ৰাঙা হাফপেণ্টটু ক’ত থৈ আহিলা।” এনেকে কৈ সি মোক চকু টিপ এটা মাৰি দি ভিতৰত যায়। মই তাৰ পিছে পিছে গৈ “তোক চৰ লাগে হা” বুলি খঙত ক’লো যদিও হাঁহি উঠি গ’ল। এনেতে ডাঙৰ ভাইটি ধন সোমাই আহি ক’লে, “ঐ ই পতিছে নেকি অ, যেনেকৈ ষ্টাইল মাৰি আহিছে। নহ’লে সি এই কাপোৰ কোনো সকামৰ বাহিৰে নিপিন্ধে, মষ্ট জধলা আৰু মষ্ট কৃপণ ই|” যি নহওক, আমি ওলালোঁ ফুৰিবলৈ| আমি নলবাৰী কলেজলৈ গৈ ধনৰ বন্ধুবোৰৰ লগত চিনাকি হ’লোঁ| কিন্তু সি একো ক’বই নাপায় ঘনশ্যামে ওপৰতে মাত দিয়ে। টাউনৰ মাজেৰে আহোঁতে কোনটো চাৰ্কিট হাউচ, কোৰ্ট, গৰ্ডন হাইস্কুল, দেৱীৰাম হাইস্কুল, বজাৰ সকলোবোৰ একো বাদ নোযোৱাকে এজন পাকৈত টুৰিষ্ট গাইদৰ নিচিনাকৈ ঘনশ্যামে মোক দেখুৱাই গৈছে। ধনে একো পাত্তাই পোৱা নাই তাৰ অতিমাত্ৰা গাইদেঞ্চৰ কোবত। সেইদিনা ভালদৰে গ’ল।

কিন্তু পিছদিনা ঘনশ্যাম আকৌ আহি ওলাল, আমি আচৰিত। সি ক’লে বোলে, “আজি ডলীক আমাৰ এনজিঅ’ৰ অফিচ দেখাবলৈ নিম।” মই বোলো, “ঠিক আছে, যিহেতু মই কাম কৰিমেই গতিকে অফিচটো চাই লোৱা ভাল।” ধনক ক’লো, সি ভেকাহি মাৰি ক’লে “যিহে অফিচ দেখা পাবি নহয়। ই লেভেল দিছে তোৰ আগত।” গ’লোঁ অফিচ চাবলৈ। আমি এঘৰ মানুহৰ ঘৰ ওলালোঁ আৰু মানুহ ঘৰৰ চোতালেৰে সোমাই তেওঁলোকৰ বাৰীৰ পিছফালে যাবলৈ ধৰিলোঁ। মই সুধিলোঁ, “কাৰ ঘৰ আৰু ঘৰত নোসোমাই বাৰীত তলাত কিয় গৈছো!” কিন্তু কোনেও একো নামাতে| গৈ গৈ পিছফালে মানুহ ঘৰৰ ঢেকীশাল পালোঁ। ঘনশ্যামে “আহা ডলী এইটোৱে আমাৰ অফিচ বুলি চুকত থকা টেবুল আৰু চকি এখন দেখুৱাই দিলে।” ক’লে, টেবুলৰ দ্ৰয়াৰত হেনো নথি পত্ৰ আছে। অফিচ দেখি মোৰ হাঁহিম নে কান্দিম অৱস্থা।

তাৰ পিছদিনাও সি আমাৰ লগত ফুৰিবলৈ ওলাল। এইকেইদিন সি সদায়ে সাজি কাচি আহি আছে| আমাৰ ভাইটিহঁত আচৰিত তাৰ ফটা ষ্টাইল দেখি। মোক জোকায়, “বাঃ! তই একদম দুদিনতে হিৰো বনাই দিলি ঘনশ্যামক।” মুঠতে ঘনশ্যাম আমাৰ বাবে সেই বিহুৰ পিঠাটোৰ দৰে হ’ল যিটো মুখত দিয়াৰ পিছত সোৱাদৰ কোবত না গৃহস্থৰ আগত উলিয়াব পাৰি না গিলিব পাৰি। সি নিজে আহি ওলায় আমাৰ লগত। আমি না বাধা দিব পাৰোঁ না লগত নিব পাৰোঁ। সেইদিনা আমি মন্দিৰ এটালৈ গৈ আছোঁ| যাওঁতে ধনে ক’লে, “বাইদেউ অলপ আগত এটা ধুনীয়া পদুম পুখুৰী আছে, চাই আহোঁ ব’ল|” ঘনশ্যামেও তপককৈ মাত লগালে, “অঁ ব’লা ব’লা।” মই পদুম ফুল বহুত ভাল পাওঁ। তেতিয়া সন্ধিয়া লাগোঁ লাগোঁ হৈছে| গৈ দেখিলোঁ পুখুৰীটো জিলাৰ আৰক্ষী অধিক্ষকৰ কাৰ্যালয়ৰ ভিতৰত আছে| পুখুৰীৰ পাৰবোৰত ধুনীয়াকৈ বৈদ্যুতিক লাইটও জ্বলাই ৰখা হৈছে| লাইটৰ পোহৰ পানীত পৰি অপৰূপ দৃশ্যৰ সৃষ্টি কৰিছে| তাতে আৰু ইমানবোৰ পদুম ফুল! সঁচাকৈয়ে কি সুন্দৰ লাগিছে। গোটেই পুখুৰীটো ৰঙা বগা পদুমেৰে জাতিষ্কাৰ হৈ ফুলি আছে। ফুলবোৰ দেখি মই আনন্দত একো ক’ব নোৱাৰা হৈ গ’লোঁ। মোৰ মুখেৰে নিজে নিজে ওলাই গ’ল, “আয়ৈ ইমান পদুম ফুল, কিবাকৈ এপাহ ফুল যদি মই পালো হয়।” ধনক ক’লো, “ঐ দে না আনি।” সি ক’লে, “নাই চিঙিব নোৱাৰি আৰু যদি এচ.পিৰ চিকিউৰিতিয়ে দেখে গালি দিব।” মই বোলো “নালাগে দে তেতিয়া হ’লে”, তেনেকে কৈ ঘূৰি চাওঁ যে ঘনশ্যাম নাই। আমি আচৰিত ক’ত গ’ল ল’ৰাটো? ধনে চিঞৰিলে “ও ঘনেদা ক’ত গ’লা” বুলি। তেনেতে মাত আহিল “অ মই এতে।” লগে-লগে আমি দুয়ো দেখিবলৈ পালোঁ যে ঘনশ্যামে লোহাৰ বেৰ পাৰ হৈ এআঁঠু পানীত নামি পদুম এটালৈ হাকুটিয়াই আছে| দেখি দুয়োৰে মূৰ ঘূৰাল| ধনে চিঞৰিলে, “উঠি আহা উঠি আহা| এই ৰাতিখন পানীত সাপে বেঙে কামুৰিব।” সি চিঞৰিলে, “একো নহয়, ডলীয়ে ইমান হেঁপাহেৰে পদুম এপাহ বিচাৰিছে মই সেইটোও আনি নিদিম নে?” মই ক’লো, “নালাগে উঠি আহক।” এনেতে হঠাত্‍ কৰবাৰ পৰা এটা কৰ্কশ মাত ভাহি আহিল, “আবে কৌন হে বে পানীমে, উপৰ আটা কে নহি|” আমি ভয়তে পেপুৱা লাগিলোঁ। কিন্তু ঘনশ্যাম উঠি নাহেহে নাহে| তেনেতে আকৌ সেই মাতটো ভাঁহি আহিল “তু উপৰ আতা হে কি নেহী?” ঘনশ্যামেও এইবাৰ অলপ বাহাদুৰি দেখাই ক’লে, “নাই ছাৰ, সৰু চাই এক ফুল লেগা লেড়কী কে লিয়ে।” লগে লগে সিফালৰ পৰা লাঠি এদাল লৈ পুখুৰীৰ পাৰত চিপাহী এজন আহি উপস্থিত| সেমেনা-সেমেনি কৰি ঘনশ্যাম পাৰলৈ উঠি অহাৰ লগে-লগে “সৰু চাই ফুল লেগা! আও চালে, মে অভি তেৰা তাংগে তোড়তা হু” ভৰিত দুইকোব সোধাই দিয়াৰ লগে-লগে ঘনশ্যামে চিঞৰি উঠিল, “আঐ মাঐ নিচঙো দে ফুল নকৰোঁ দে প্ৰেম।” এইবুলি সি একেজাঁপে পুখুৰীৰ পাৰৰ পৰা আমাৰ কাষ পালে আৰু চিঞৰিলে- “ও ধন পলোৱা, ও ডলী দৌৰা| এইবুলি সি আমাক বাট নাচায় ভিৰাই লৰ দিলে। এইফালে আমাৰ হাঁহিত অৱস্থা নাই। ঘৰত আহিও আমি তাৰ কথা কৈ কৈ গোটেই ৰাতি হাঁহিলোঁ| ধনে কেৱল ক’লে, “হ’লেও সি যে এই গধূলিপৰত চিপাহীলৈ ভয় নকৰি পুখুৰীত নামি তোৰ কাৰণে পদুম আনিব গৈছিল। দেখিছ কিমান ভাল পায় তোক সি।”

তাৰ পিছত মই থকাকেইদিন সি আৰু নাহিল। লাঠিৰ কোব খাই তাৰ ভৰি ফুলি গৈছিল। পিছত বোলে সি ধনক ফুলি থকা ভৰিখন দেখুৱাই কৈছিল, “ প্ৰেমত যে যাতনা পায় সেয়া জানো, কিন্তু ইমান যাতনা বুলি জনা নাছিলোঁ| এইবাৰ হাতে হাতে প্ৰমাণ পালোঁ। আৰু কাৰো কাৰণে ফুল নিচিঙো দে বাপা।”

এইয়াই মোৰ ফটা প্ৰেমৰ কৰুণ দাস্তান ।

☆★☆★☆

Leave a Reply

Your email address will not be published.