ফটাঢোল

“দি টুইনচ” – ৰাজশ্ৰী শৰ্মা

ফটা ফ্লিমছৰ শেহতীয়া নিবেদন যঁজা – দি টুইনচ

প্ৰযোজনা: গীথিকা এছ

কাহিনী, চিত্ৰনাট্য, পৰিচালনা: নৱাগতা ৰাজশ্ৰী শৰ্মা

কেমেৰা: ৰাজীৱ ৰিয়ান

কাষ্টিং ডাইৰেক্টৰ: মহাজন ভাস্ক দা গ্ৰেট ইনট্ৰ’ডিউচিং দীপাংকৰ চৌধুৰী ইন এণ্ড এজ দীপু এণ্ড কুমাৰ ববিতা বৰুৱা এজ সাগৰিকা, নিৰ্মালী মুদৈ এজ পাহি।

টেক ওৱান: গুৱাহাটীৰ শিল্পগ্ৰাম। তোৰণখনৰ ওপৰত ‘সদৌ উত্তৰ-পূৰ্বাঞ্চল আন্তঃমহাবিদ্যালয় সপ্তাহ’ বুলি বেনাৰ লগোৱা আছে। ভিতৰত চৌদিশে সেউজীয়া বৰণৰ ঘাঁহনিৰ মাজে মাজে ঘৰবোৰ সিঁচৰতি হৈ আছে। পৰিষ্কাৰ চৌহদ যদিও ৱালবোৰৰ তলৰ অংশ তামোলৰ পিকেৰে ফুলাম। দুখনমান বিপনী, উত্তৰ পূৱ ভাৰতৰ থলুৱা সাজপাৰ সজোঁৱা আছে তাত।

কেমেৰা ভিতৰৰ পৰা গেটলৈ জুম হোৱাত দেখা যাব এগৰাকী সুদৰ্শন যুৱক লাহে লাহে কান্ধৰ বেগটো পিঠিত আঁৰি লৈ সোমাই আহিছে। যুৱকৰ ভৰিৰ পৰা লাহে লাহে কেমেৰা উঠিব। ভৰিত এডিডাছৰ স্পৰ্টছ শ্বূ, কঁকালত লিভাইছৰ জিনছ, গাত এলেন চ’লীৰ চাৰ্ট। চকুত ৰেইবেনৰ চানগ্লাছেৰে পাঁচ ফুট দহ ইন্সি উচ্চতাৰ যুৱক আগবাঢ়ি আহে শ্ল ম’চনত। বতাহে কপালৰ চুলি উৰুৱাই, চাৰ্টৰ দুবাহুৰ হেন্দোলনিত বুজিব পাৰি পেশীবহুল কান্ধৰ শক্তি।

হঠাতে চাৰিজনমান কেটেং মেটেং ল’ৰা দৌৰি গৈ যুৱকক আগুৰি ধৰে। “অই দীপু, কি হেনচু দেখাইছ বে তই! ফটোত দেখিলে কেনে মেহেঙা লাগে চোন তোক।“

উজুটিত পৰি মৰা চেহেৰাৰ এমুখ দাড়িৰে ভৰা ৰক্তাভ বোলাটোৱে যুৱকৰ
পেশীবহুল হাতত হাত ফুৰাই ক’লে। হাঁহি মাৰি ভিতৰৰ ৰজনী আৰু তামোল পাণ চূণে নষ্ট কৰা দাঁত কেইটা নিকটোৱা ৰক্তাভৰ স্বাস্থ্যৰ ওপৰতো সন্দেহ। “আবে ই কি ক’ব! সি মোৰ দোস্ত হয় ন, হেনচু তো হ’বয়ে। ব’ল ব’ল। এ চি হলতহে ৰচনা প্ৰতিযোগিতা পাতিছে। চবেই ৰৈ আছে আমালৈ।“ -হাঁহি এটা মাৰি ৰুপম ৰিদিপ নামৰ ল’ৰাটোৱে যুৱকক টানি লৈ গ’ল। পিছে পিছে হৃষী, ভাস্কৰ, দিম্পল প্ৰমূখ্যে বাকীকেইটা।

“ ৱেইট ৱেইট। হোৱেৰ আৰ ইউ টেকিং মি টু?? হু আৰ ইউ পিপল?? ডু আই নৌ ইউ?? আই কেম হিয়েৰ টু এটেণ্ড অল নৰ্থ ইষ্টাৰ্ণ মাৰ্চিয়েল আৰ্টকম্পিডিছন ইউ নৌ। আই এম কুমাৰ। লীভ মাই হেন্দ।“- যুৱকৰ কথা শুনি গোটেই কেইটাৰ মুখ মেল খাই ৰ’ল।

“ অই মই দিম্পল, নট পিপল। অই ভাস্কৰ, দীপুৰ টাইটেলটো কুমাৰ নেকি? তইচোন মোক চৌধুৰী, কলিতা নে মহন্ত, নে এনে কিবা বুলিহে কৈছিলি! ই এইবোৰ কি বকিছে ৰে? আমাৰ ৱেইট কিমান সুধিলে নে আমি একেলগে হেণ্ডত ধৰি দাঙি নিব লাগে বুলি ক’লে বে??”- দিম্পলৰ প্ৰশ্ন।

“ আমি সকলোৱে নিজৰ নিজৰ ৱেইট দেখাবলৈ তাক হেণ্ডত ধৰি দাঙি নিব লাগে চাগে। লীভ কৰা মানেই তো লিফ্ট কৰা।“- চবজান্তা ভাৱত ৰক্তাভে নিজৰইংৰাজী ভাষাৰ জ্ঞানত সন্তুষ্ট হৈ ক’লে।

“দে পিছে দাং দাং। ৰেডী এক, দুই, তিনি।।।।“- সুদৰ্শন যুৱকক গোটেই কেটেঙা পাৰ্টিয়ে দাঙি লৈ দৌৰিবলৈ ধৰিলে।

টেক ২: এটি পুৰণি অসম আৰ্হিৰ ঘৰ। মেখেলা চাদৰ পৰিহিতা পঞ্চাশোৰ্দ্ধৰ মহিলা এগৰাকীয়ে (কংকনা মহন্ত বা) বাৰাণ্ডাত মৈদাৰে ফুটচাই লেটিয়াই মাছ বাছি বাছি ঘৰৰে ঢেকুৰাটোৰ লগত কথা পাতি আছে। কাষতে বহি মেওমণি এজনীয়ে হাতেৰে মুখ ধুই ধুই অপাৰ আগ্ৰহেৰে বাট চাই আছে।

“ বুজিছ ঘেওঁ, তোৰ তেতিয়া জন্ম হোৱাই নাই। ইয়াৰ দীপুৰো জন্মৰ আগে আগে এবাৰ আমাৰ দেউতাৰে ব্ৰহ্মপুত্ৰ নদীৰ পৰা এই ডাঙৰ ডাঙৰ মোৱা মাছআনিছিল। একেবাৰে হাতৰ তলুৱাত ল’বয়েই নোৱাৰি ইমান ডাঙৰ মোৱা মাছ।“ ঢেকুৰাই কথাষাৰ বিশ্বাস কৰিবলৈ টান পাই এবাৰ মুখলৈ চাই ভৌ কে উঠিল।

“নহয়। মানে তেনেকুৱাই আৰু দেচোন। তই বিশ্বাস নকৰিলে নকৰিবি। মই পিছে সঁচাকৈয়ে কৈছোঁ একা! বাৰু আচল কথাটো শুন। দেউতাৰে ভাবিলে এইবোৰ টাটকা বস্তু খালে সন্তান কেইটিও শক্তিশালী হ’ব। মোক অভিমন্যুৰ
উপাখ্যান পঢ়ি এখন চাইনীজ জেকী চান নে কি হাত ভৰি মাৰি ফুৰা এটাৰো চিনেমা দেখালে ভিচিআৰ ভাৰা কৰি আনি। বোলে পিছলৈ ল’ৰা কেইটি অলপএইবোৰত লাগিবও পাৰিব। কিন্তু, মোৰেই ফুটা কপাল ঔ ( সোৎ সোৎ), জন্মৰ পিছতেই এটি ল’ৰা হেৰাল। হেৰাল যি হেৰালেই। নাৰ্চে কয়, মই দেখা নাই, ডাক্তৰে কয় মই দেখা নাই। ক’ত গ’ল বা মোৰ সোণামুৱা বাবাটো!!!!

এতিয়াও মনটো ভাঙি যায় অ মনত পৰিলেই। তই কিন্তু এইবোৰ কথা দীপুৰ
আগত একেবাৰে নুলিয়াবি বুজিলি। সি যি হে পেনুৰা, শুনিলে একেবাৰে কান্দি কাটি হাহাকাৰ লগাব”।

ডাইলগ খিনি চলি থাকোতে বেকগ্ৰাউণ্ডত কৰুণ মিউজিক এটা বাজিবলৈ
ধৰিব। কেমেৰাত কঙ্কনা বৰমাৰ মুখৰ ওপৰত চুপাৰ ইম্পজ কৰি ব্লেক এণ্ড হোৱাইটত হস্পিতেল, ডাঙৰ বিছনাত ডেকা কঙ্কনা বৰমা আৰু বিছনাৰ দুয়োকাষে দুখন সৰু বেবী বিচনাত দুটা কাপোৰেৰে মেৰিওৱা পানী কেঁচুৱা, নাৰ্চ এইবোৰ দেখা যাব। মিউজিক লাহে লাহে জোৰেৰে চলিব আৰু উত্তেজনাপূৰ্ণ হ’ব আৰু ৰাতিৰ নীলা নীলা পোহৰত দুখন নোমাল হাতে এটি কেঁচুৱা উঠাই লৈ দৌৰিব। হাতৰ গৰাকীক দেখা নাযায় যদিও পিছফালৰ পৰা দেখি তেওঁ ছয়ফুট মান ওখ বুলি আন্দাজ কৰিব পাৰি।

দৃশ্যপট বৰ্তমানলৈ ঘূৰি আহে আৰু মিউজিক নৰ্মেল হয়। কেমেৰা লাহে
লাহে মেওটোৰ মুখৰ পৰা বৰ্তমানৰ মাছ বাছি হোৱা কঙ্কনা বৰমাৰ মুখলৈ
পৰে। চাদৰৰ আচলেৰে মাছ লগা হাতেৰেই চকু দুটি মোহাৰি তেওঁ লাহে লাহে ভিতৰলৈ সোমাই যায়।

টেক ৩: শিল্পগ্ৰামৰ দুৱাৰ মুখত কেইগৰাকীমান ভব্য গব্য হেনচাম হেনচাম
মানুহ ৰৈ থাকিব। সাংগো পাংগো বোৰ দেখিবলৈ থাংগাবলীৰ দলৰ দুজনমানৰ দৰে আৰু দুজনমান আমাৰ অসমীয়া চিৰিং বিৰিং চেহেৰাৰ হ’ব। দুজনমানৰপিন্ধনত কাৰাটেৰ পোছাক ৱিথ ৰঙা, ক’লা বেল্ট থাকিব কঁকালত। সিহঁতৰ মাজৰে চানগ্লাছ পিন্ধা আগদাঁত নোহোৱা টাকলু বিজয় মাষ্টাৰে সুধিব,-

“ হোৱেৰ ইজ ডেট ইয়ং মেন? কুমাৰ নে কমাৰ কি নাম আছিল ? হোৱাই হি ডাজ নট নৌ দি ইম্পৰটেণ্ট ভেল্যু অৱ টাইম!! আই দিড নট এক্সপেক্টেড দিছ কাইণ্ড অৱ ব্যৱহাৰ ফ্ৰম হিম।”

“ চাৰ, সেয়া। সেয়া, আহি আছে মিঃ কুমাৰ। অহ, তেওঁ চচমা পিন্ধে বুলি আজিহে জানিলো।“ -বিজয় মাষ্টাৰৰ সোঁহাত স্বৰূপ চাও খুন শিৱ ব্লেকবেল্টে ক’লে।

কেমেৰা লাহে লাহে ৰাস্তাৰ পিনে ফ’কাছ হ’ব। আগন্তুকৰ এইবাৰ চুলিৰ পৰা ভৰিলৈ কেমেৰা নামিব। মূৰত জেপজেপীয়া তেল, চকুত পাৱাৰি চচমা, হালধীয়া চাৰ্ট, চিলোৱা খাকী পেণ্ট আৰু ভৰিত এযোৰ দামী কিন্তু লেতেৰা চেণ্ডেল শ্বু। চেণ্ডেলৰ আগেৰে দুমাহৰ বেছি নকটা নখৰ গুৰিৰ মল বোৰো ৰিণিকি ৰিণিকিদেখা যাব। আগন্তুকক দেখিলে কৰুণা, দূখ আৰু বিনয়ৰ প্ৰতিমূৰ্তি যেন অনুভৱ হ’ব। ‘অপৰিচিত’ বুলি যে চাউথৰ এখন চিনেমা আছিল, তাৰে বামুণ ৰূপটোটাইপ।

“হেল্লো মিঃ কুমাৰ। ইউ ডণ্ট লুক লাইক এ মাৰ্চিয়েল আৰ্ট মাষ্টাৰ ইউ নৌ। গ্ৰেট গ্ৰেট থিংকিং। উই শ্বুড নট লুক লাইক ওৱান ইন আৱাৰ ডেইলী লাইফ। ইটজ ৰিয়েলী গুড টু মিট ইয়াত।“ -হেণ্ডচেক কৰিবলৈ সোঁহাতখন আগবঢ়াই দি বাওঁ হাতেৰে টাকলু মূৰটো ঘঁহি ঘঁহি বিজয় মাষ্টৰৰ ডাইলগ।

“হয় হয় নমস্কাৰ। পিছে আপোনালোককতো মই চিনি পোৱা নাই। আমাৰ কলেজৰ গ্ৰুপটো বা ক’ত গৈছে গম পাই নেকি?” -ইমান গাল ইংৰাজী শুনি
সহাবেঙা লগা দীপুই থেৰথেৰ বেৰবেৰ কৈ ডাইলগ মাৰিলে।

দীপুকেই কুমাৰ বুলি মাৰ্চিয়েল আৰ্ট সন্থাৰ মানুহবোৰে মাজত লৈ ঠেলি চোঁচৰাই ষ্টেজলৈ লৈ যায়। দীপুই হাত ভৰি আচাৰি পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰে যদিও থাংগাবলীৰ পাৰ্টিৰ দৰে মানুহ বোৰে আগুৰি ধৰি থকা কাৰণে ভয়তে তাতেই বহি থাকে। মঞ্চত এগৰাকী মহিলাই এনাওঞ্চ কৰে যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ইন্দোনেছিয়া, জাপান, মালয়চিয়াৰ মাৰ্চিয়েল আৰ্টবিশেষজ্ঞ, প্ৰখ্যাত কুমাৰ মহাশয়ে এতিয়া এখন প্ৰদৰ্শনীমূলক খেলত ভাগ ল’ব আৰু তাৰ পিছতেই কম্পিটিছন বোৰ আৰম্ভ কৰা হ’ব। ৰেফাৰী আৰু প্ৰতিদন্দ্বী ছয়ফুটীয়া পালোৱান জনে স্টেজত উঠি কুমাৰ বুলি দীপুকে ‘ঔছ্’ কৈ অভিবাদন কৰে। দীপুৱে বুজি নাপাই এনেয়ে ঔচ ঔচ, হয়, হয় কয় আৰু লগে লগেই আৰম্ভ হয় মাৰামাৰি পৰ্ব।

কিন্তু মাৰামাৰি বুলি ক’লে ভুল হ’ব। কাৰণ আমাৰ কুমাৰ ৰূপী দীপুই তাৰ জীৱনত মহ আৰু পৰুৱা বাদ দি বেলেগ জীৱ মাৰি পোৱা নাই আৰু এতিয়া
মাৰ্চিয়েল আৰ্ট স্কিলত তাৰ শিক্ষা শূণ্য।

প্ৰতিদন্দ্বী গৰাকীৰ পৰা ৰাইট কিক, ৰাউণ্ড কিক, উল্টা কিক, দুখন ঠেং দাঙি উৰি আহি থুতৰিত মাৰা ফ্লাইং কিক ইত্যাদি ইত্যাদি ইত্যাদি কিক আৰু পাঞ্চ খাই লেবেজান হৈ পৰা দীপুক কান্ধত তুলি সকলোৱে ফূৰ্তি কৰে আৰু ছাত্ৰৰ মনোযোগ বৃদ্ধি কৰাৰ বাবে যে এনেকৈ মাৰ খাই নিজৰ মহানুভৱতাৰ পৰিচয় দিলে তাৰ বাবে ধন্যবাদ দিলে। লেলাই ধেন্দাই চুচৰি বাগৰি আহি শিল্পগ্ৰামৰ মাজৰ ঘাঁহনিত দীপু ঢেপেচকৈ পৰি থাকিল।

টেক ৪-৭: ইফালে ইণ্টাৰ কলেজ কম্পিটিছনত আহি দুজন মানুহে দীপুক পৰি থকা দেখি হেই হৈই ধৰ ধৰ কৰি দাঙিবলৈ খুজি নোৱাৰি চোঁচৰাই চোঁচৰাই লৈ যাব। খোৱা হলৰ কাষত বগৰাই পানী ঢলাত হুচ আহি দীপুই এক কাঁহী হাঁহৰ মাংস খাই থাকিব। এনেতে ৰক্তাভ আৰু দাড়িৰে ভোবোকাৰ খাণ্ডিল্যৰ লগত আহি থকা লুংগী প্ৰিণ্ট টপ আৰু ক’লা স্কাৰ্ট পৰিহিতা আধুনিকা পাহি (নিৰ্মালী বৰমুদৈ)ৰ চকু মাংসৰ হাড্ডি চুপি থকা দীপুৰ ওপৰত পৰিব আৰু বুম!!!

চৌপাশৰ মানুহ দুনুহ, চৰাই, গছ এইবোৰ চব আউট অৱ ফ’কাছ হৈ কেমেৰা ঝুম হ’ব দীপুৰ হাতৰ কাঁহীত। হাতেৰে বৈ অহা মাংসৰ জোলেৰে, এফালে আইনা নোহোৱা চচমাৰে হেনচাম দীপুক দেখি পাহি মাইনাৰ দিল ঢক ঢক কৰে, চুলি উৰে আৰু তেনেকুৱাতে দীপুৱেয়ো চকু তুলি পাহিক দেখে। চাৰে পাঁচটা চকুৰ মিলন হয় আৰু পাহিৰ বেকগ্ৰাউণ্ডত ‘ My heart is beating, it’s really beating… I' m waiting for you……” গানটো বাজিবলৈ ধৰে।

দীপুৰ দিলৰ বেকগ্ৰাউণ্ডত দ্বীপেন বৰুৱাদেৱৰ কণ্ঠৰ ‘ কোনে আজি আবেলি, মৰম দিলেহি ঢালি ….’ প্ৰভৃতি গান বাজে আৰু দুয়ো একেলগে কল্পনাই দিঠকে হাবি-বননি, নিজৰা গুহা এইবোৰ ঠাইত ধুনীয়া ঝাক্কাছ নৃত্যৰে গান গাই ফুৰে।

হঠাৎ ৰক্তাভ, ৰূপম হঁতে দুজন দুজন দীপু দেখি এবাৰ ইয়াক, এবাৰ তাক দৌৰি দৌৰি চাই যায় আৰু হাতত চাহৰ কাপ, মুখত গোটা কণী ভৰাই লৈ সৰিয়হ বুলীয়া কাপোৰ পিন্ধা সাগৰিকা (ববিতা বৰুৱা)ক চাই থকাৰ পৰা কুমাৰক উদ্ধাৰ কৰি আনি দুয়োকে লগ লগাই দিয়ে। দুয়ো ভায়েকে অবাক হৈ ইজনে সিজনৰ গাল, হাত, চুলি আদি চুই চায় আৰু হিন্দী চিনেমাৰ কৰুণ, ফূৰ্তি ইত্যাদি ইত্যাদি ইত্যাদি ইমো’চনৰ মিউজিকৰ মাজতে সাৱটা সাৱটি কৰি হে ভগৱান, তেৰা লাখ লাখ চুকৰ হেয় বুলি ঘৰলৈ যাব ধৰে। গৈ থাকোঁতে দুয়ো ভায়েকে ঘূৰি চায়। কেমেৰা লাহে লাহে ফেড অফ হয়, হালধীয়া বৰণৰ চোলা পিন্ধা সহজ সৰল সাগৰিকা আৰু লুংগী প্ৰিণ্ট ৱালী পাহিৰ মুখত।

টেক ৮: আগতে দেখুওৱা দীপুৰ ঘৰৰ পদূলিত দীপু-কুমাৰ দুয়োকে দেখা যাব। কুমাৰে ভঙা ভঙা অসমীয়াত উচুপি উচুপি মা মা কৈ মাতিব। ভিতৰৰ পৰা কূৰ্তাৰ ওপৰত চাদৰ পিন্ধি কঙ্কনা বৰমা ওলাই আহি দুয়োকে দেখি হতভম্ব হৈ মাটিত বহি পৰিব। বেকগ্ৰাউণ্ডত আনন্দ আনন্দৰ মিউজিক “টেং টেং টেএএং টেং টেং টেএএএএএং”।

কঙ্কনা বৰমা,- “ বাচা তই আহিলি? ইমান দিনে ক’ত আছিলি ক’ত ডাঙৰ হ’লি মই গমেই নাপালো।( সোৎ সোৎ)…. হেৰি চাওক কোন আহিছে। হে ভগৱান, হে প্ৰভু। তুমি এই দুখুনী মাকৰ প্ৰাৰ্থনা শুনিলা প্ৰভু। তোমাক মই এইবাৰ এযোৰ সোণপানী চৰো্ৱা কাণফুলি আগবঢ়াম”।

ইত্যাদি ইত্যাদি ডাইলগ ডেলিভাৰি কৰে। বেকগ্ৰাউণ্ডত তামাম ইমো’চনেল
মিউজিকৰ মাজত মহন্ত বৰতা উধাতু খাই বজাৰৰ মোনা হাতত লৈ দৌৰি দৌৰি অহাৰ মাজত কেমেৰা সকলোৰে মুখত পৰি লাহে ফেড আউট হয়।

টেক ৯-১১ : দীপু আৰু কুমাৰক গুৱাহাটীৰ বিভিন্ন ঠাইত দেখা পোৱা যায়। কেতিয়াবা চান্দমাৰী ব্ৰিজৰ ওপৰত, কেতিয়াবা ব্ৰহ্মপুত্ৰৰ পাৰত, কেতিয়াবা কামাখ্যা মন্দিৰৰ চিড়িকেইটাৰ ওপৰত আদি ঠাইত দুয়ো হাঁহি হাঁহি ফুৰে। লাহে লাহে দীপুৰ শৰীৰতো কুমাৰৰ দৰে ডিজাইনাৰ ড্ৰেছ পাতি ওলমি সিও হেনচাম হৈ পৰে। কুমাৰে দীপুকো কাৰাটেৰ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰে আৰু ৰকী চিনেমাত ৰকীয়ে ৰাস্তাৰ মাজেৰে দৌৰাৰ দৰে দীপুকো ফাঁচী বজাৰৰ ৰাস্তাতদৌৰি দৌৰি আহি থকা দেখা যায়। কোনোবাই এটা কমলা টেঙা দলিয়াই দিয়ে আৰু সি কেটচ্ কৰি বাকলিয়ে চাকলিয়ে চোবাই সিঠাবোৰ পানবজাৰ পানীটেংকীৰ ডাষ্টবিনত পেলায়।বেকগ্ৰাউণ্ডত মিউজিক জোশিলা হৈ পৰে।

তাৰ মাজতেই আকৌ দুয়োকে দেখা যায় পাহি আৰু সাগৰিকাৰ লগত অ’ত
ত’ত প্ৰেমাই ফুৰা। চিনেমা হল, সোণাপুৰ ৰিজৰ্ট, দীঘলী পুখুৰী আদি ঠাইত “এক মে অউৰ এক তু, তোমাৰ মৰমে মোৰ… বুকু কৰিলে জুৰ, বুম্মাৰিল্লো প্ৰভৃতি গান গাই নাচি ফুৰে।

টেক ১২: এখন পুৰণি হস্পিতেল। তোৰণ খন প্ৰায় জহি খহি গৈছে। দীপু কুমাৰে খুব দমত ভিতৰ সোমাই যায়। কৰ্তব্যৰতা নাৰ্চ মিথালী, হিমাদ্ৰীহঁতে
হেনচু আপা দুটাক দেখি চিটৰ পৰা উঠি আহে। কুমাৰে ৰজনীকান্ত স্টাইলত চানগ্লাছ খুলি পকেটত ভৰাই মিথালীক সোধে,- “ হোৱেৰ ইজ দা ডক?”

“চাৰৰ ৰূমত চাৰ” – কুমাৰৰ মটীয়া দুচকুত চকু দি মিথালীৰ থোকাথোকি উত্তৰ।

“থেংকছ বেইব”- বুলি দুয়ো সোমাই যায়।

ভিতৰত বুঢ়া ডাক্তৰ পাৰ্থ প্ৰতীম ডাঙৰীয়াই হাতত ফাউণ্টৈইন পেইন লৈ মোবাইলত কিবা কিবি লিখি থকা দেখা যায়। দীপু-কুমাৰ সন্মুখত বহাৰ লগে লগে ডাক্তৰে প্ৰথমে দুটা চকু আৰু তাৰ পিছত এটা চকু ৰে দীপুক আৰু এটা চকুৰে কুমাৰক চাই চাই কয়,-“আনবিলিভেবল। ইমান একে দেখিবলৈ তোমালোক। একে নাক, একে মুখ, একে চুলি।।। মাত্ৰ চকুৰ ৰং বেলেগ। তুমি মটীয়া চকু, কি নাম? আৰু তুমি ক’লা চকু তোমাৰ কি নাম? মোৰ যদি ভুল হোৱা নাই তেন্তে তোমালোক নিশ্চয়কৈ মহন্তৰ ল’ৰা হ’বই লাগিব। তোমালোকৰ দেউতাক মই বহুত আগৰে পৰা চিনি পাওঁ। কিন্তু,তোমালোক কেনেকৈ লগ হ’লা বাৰু??মই জনাত তো……!”

তেতিয়া দীপু কুমাৰে জানিবলৈ বিচাৰে আজিৰ পৰা আঠাইছ বছৰ আগৰ সেই অভিশপ্ত ৰাতিটোৰ কথা যিদিনা তিনিদিনীয়া কুমাৰক হস্পিতেলৰ বিছনাৰ পৰা উঠাই নিয়া হৈছিল। সেইদিনা কোন আছিল ডিউটিত আৰু বাকী ডিটেইলচ। ডাঃ পাৰ্থ ই হেহোঁ নেহোঁ কৰে যে তেওঁ গাইনীৰ ডাঃ নহয়, পেথলজীৰ ডঃ। কিন্তু দীপু কুমাৰৰ পেশীবহুল শৰীৰ দেখি টেনচনতে চব বকি দিয়ে।

আজিৰ পৰা ত্ৰিশ বছৰৰ আগতে মিঃ মহন্ত মানে দীপুহঁতৰ দেউতাক আৰু
মিঃ চকীয়া বিজিনেছ পাৰ্টনাৰ আছিল। বিভিন্ন ধৰণৰ টকা পইচা দকা-হকা দিয়া, নিজৰ ঘৰত চিকতামি কৰা আদি কামত দুয়ো দুয়োৰে লগ আছিল। কিন্তু যেতিয়াৰ পৰা কঙ্কনা বৰমা আহিল জীৱনলৈ, মহন্ত বৰতা সলনি হৈ পৰিল। টকা পইচা হাতত নথকা হ’ল। বেয়া কাম নকৰোঁ, সদায় গা ধুম। আনকি গেঞ্জীও ধুম বুলি শপত খোৱাত মিঃ চকীয়াৰ লগত বন্ধুত্ব ভাঙি পৰিল আৰু সেই আখেজতে মিঃ চকীয়াই পানীকেঁচুৱা কুমাৰক উঠাই কৰি নিছিল আৰু পালিবৰ বাবে মাৰ্চিয়েল আৰ্ট ইচস্পেচিয়েলিস্ট হেকা লিম্বুক দি আহে চিংগাপুৰৰ চিৰিয়াখানাত ডিঙিত অজগৰ মেৰোৱা অৱস্থাত।

ফ্লেছ বেকত কাহিনী বৰ্ণিত হোৱাৰ লগে লগে সেই আগতে দেখুওৱাৰ দৰে কেঁচুৱা কোলাত তুলি লৈ দৌৰি থকা ছয়ফুটীয়া মানুহজনক দেখা যাব। লাহে লাহে মুখত পোহৰ পৰাত দেখা যাব সেয়া আন কোনো নহয়, বৰং বটানী চকীয়া হে। হেকা লিম্বুকো ডেকা ডেকা দেখা যাব মেক আপৰ জোৰত। ফ্লেছ বেক অফ, ডাঃ পাৰ্থ ভূঞা ককাই কয়,-“ তেতিয়াই চকীয়াই আগৰ কাম কাজ এৰি থৈ ঐতিহাসিক চহৰত বাস কৰিবলৈ ল’লে। বাকী এতিয়া তোমালোকৰ কথা। মই জনাখিনি ক’লোঁ। অৱ তৌ মুঝে বক্স দো।“

টেক ১৩-১৪: দীপুক দেখা যাব লেপটপত এগৰাকী বটানী চকীয়া নামৰ মানুহৰ প্ৰ’ফাইল চেক কৰি থকা। বুঢ়া ডাক্টৰৰ কথাবোৰ বেকগ্ৰাউণ্ডত ইকো’ হৈ থাকিব। কাষতে পাহিয়ে দুকাপ কফি আনি একাপ দীপুক দি ক’ব, -“ কি নো ভাবি আছা ইমানকৈ?? তেওঁ বুঢ়া বয়সত মিছা কথা ক’বনে?”

“ নহয় ডাৰ্লিং, মই চিওৰ হ’বলৈহে চেক কৰিছো। দেখিছা দেউতাৰ বয়সৰ
মানুহজনৰ চুলি তুলি কালাৰ কৰি ৰঙা নীলা ৰঙৰ চোলা পিন্ধি কি চাল! কিন্তু হ’লেও মই কনফাৰ্ম যে এইজনেই সেই কালপ্ৰিট।“

“কেনেকৈ জানিলা?”

“ চোৱা। ডাঃ পাৰ্থ ককাই কৈছিল তেওঁ গা ধুই বেয়া পায়। সেইকাৰণে তেওঁ চব ফটোতে হাত দুখন সাৱটি ফটো উঠে। এনেকুৱা ফটো বহুত কম য’ত নেকি তেওঁ হাত মেলি ফটো উঠিছে। মানে He is concerned about his body odours. মানে আমি যিটো দূৰ্গন্ধ বুলি কওঁ। আকৌ look at this recent post. তেওঁ এইটোত কৈছে তেওঁৰ দিনৰ বলীউড হিৰো’বোৰে ফুল চুৱেটাৰ পিন্ধিছিল। যদি তেওঁ ঋষি কাপুৰ, জীতেন্দ্ৰৰ যুগৰ মানুহৰ নহয়, তেন্তে কিয় ক’ব তেনেকৈ! নিশ্চিত ভাৱে তেওঁৰ বয়স চল্লিছ বিয়াল্লিছ নহয়। It must be around 60.”

হেকা লিম্বুক দেখা যাব এটা বিল্ডিঙৰ চাদত। কাষত কুমাৰ আৰু সাগৰিকা। হেকাই কাৰোবাক ফোনতেই কৈ থাকিব,- “নহয় নহয়। তহঁতে এতিয়াই একো কৰিব নালাগে। তহঁত জাষ্ট ৰেডী হৈ থাকিবি। চকীয়াৰ গেং টো দেখাত উজুটিত পৰি মৰা হ’লেও সিহঁতৰ মাজত কেইটামান বৰ কেজেং মাল আছে। বিশেষকৈ সেই অৰ্গেনিক অৰ্জুন নে ভীম টো। অ অ। আমাৰ মানুহ নেক্সট ৱিকত গৈ আছে।”

ফোনটো কাটি এবাৰ কুমাৰক আৰু এবাৰ সাগৰিকালৈ চাই চিন্তিত ভাৱত নাকৰ পৰা কিবা উলিয়াই উলিয়াই কয়, -“মই সঁচাই সুখী আজি যে তই নিজৰ পৰিয়াল বিচাৰি পালি। মই আচলতে তোৰ আৰু তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থতে ইমান দিনে যাব দিয়া নাছিলো। পিছে এতিয়া সময় হৈ গৈছে। সময় হৈ গৈছে তোৰ প্ৰতিশোধ লোৱাৰ। জীৱনৰ আঠাইছটি বছৰ তোক মই ডাঙৰ কৰিলোঁ নিজৰ ল’ৰা হিচাপে। তোক হিং চুন মাৰ্চিয়েল আৰ্ট পৰ্যন্ত শিকালো। আশাকৰোঁ তাৰ মৰ্যাদা ৰাখিবি। চকীয়াক ধৰিবি কিন্তু তপকাই নিদিবি। হাজাৰ হ’লেও তোৰ বেয়া বিচৰা নাছিল সি। হিংসাতহে কৰিছিল। যা বেটা, বহু জনী বৰ ঠৌগা লাগছি। পিছত লৈ আনবি যা।”

হেকা লিম্বুৰ পৰা আশীৰ্বাদ লৈ দুয়ো ঘূৰি দিয়ে। কেমেৰাত শ্লৌ মোচনত কূমাৰৰ ওঁঠৰ কাষৰ মিচিকিয়া হাঁহিটোক সাগৰিকাই চাই থকাত কেমেৰা অফ হয়।

টেক ১৫: তেজপুৰৰ চিত্ৰলেখা উদ্যান। পকী কৰি থোৱা শ্লাইড খেলাটোত টিলাটোৰ ওপৰৰ পৰা এজন মানুহ চুচৰি আহি তলত ৰয়হি। ওচৰতে থকা চেলা টাইপ মানুহ এটাই কাণে কাণে কিবা কোৱাত মানুহ জন থিয় হৈ পেণ্টটো জোকাৰে। এইবাৰ কেমেৰা ফকাছ হয় মুখলৈ। কুটিল হাঁহি এটাৰে এয়াই হ’ল চকীয়া – দি চিকটা।

ইণ্টাৰমিছনঃ

টেক ১৬-১৮: মাৰ্চিয়েল আৰ্ট মাষ্টাৰ বিজয়ৰ স্কুল। টকলা মূৰটোৰে আগদাঁত নোহোৱা চেভেন ডান ব্লেক বেল্ট বিজয় মাষ্টৰক দেখিলেই সৰু সৰু ল’ৰা লুৰীবোৰৰ কাপোৰতে সৰুবিধ যাওঁ যাওঁ অৱস্থা হয়। আবেলি সময়, বিজয় মাষ্টৰে লগত সোহাঁত স্বৰূপ চাও মিনক লৈ সৰু স্কুল খনৰ ক্লাছবোৰ ঠিকমতে হৈছে নে নাই খবৰ লৈ ফুৰে। চহৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত কাৰাটে স্কুল খনৰ প্ৰপাইৰেটৰো তেৱেঁই। হওঁতে খৰচ পাতিৰ বাবে এজনা কুৱেইটী শ্বেখ আছে পিছে তেওঁৰ অবৰ্তমানত চাও মিন আৰু হেড মাষ্টৰেই সৰ্বেসৰ্বা। হঠাৎ এজন ল’ৰা দৌৰি আহি তেওঁক অভিবাদন কৰি ক’ব,- “ চাৰ, গুৱাহাটীৰ পাৰ্টিটো আহি পাইছে। এতিয়াই আমি সাজু হ’ব লাগিব নে অলপ ৰ’ম?”

“ সেঃ সেঃ সেঃ। বৰ ভাল কথা। সিহঁতক গেষ্ট হাউচত লৈ যা। I am coming.” -টকলা মূৰটোত হাত ফুৰাই ফুৰাই ১২০ পাণ চোবাই চোবাই কেৰাটে মাস্টৰৰ উত্তৰ।

এটা পুৰণি অসমীয়া বাংলো, বাৰাণ্ডাত কাঠৰ মজিয়াত চাহৰ টেবুল। ওপৰত
চাহৰ কাপ প্লেট, মেৰী বিস্কুটৰ টেমা আদিৰ পৰা লাহে লাহে কেমেৰা ওপৰলৈ উঠাত দেখা যাব চাৰিওকাষে বহি থকা মানুহ বোৰক। দীপু- কুমাৰ, দেউতাক মহন্ত, হেকা লিম্বু, চাও মিন আৰু মাস্টৰ বিজয়ৰ মুখত কেমেৰা ফ’কাছ হ’ব।

“চাওক মিঃ হেকা, মই কোনো খুন খাৰাবা বিচৰা নাই। জাষ্ট তেওঁক লগ পাবৰ হে বিচাৰিছো। সুধিব খুজিছোঁ যে কোনো মতাই যদি নিজৰ পত্নীৰ কথা মতে সদায় গা ধুলেই, বা সপ্তাহত এদিন গেঞ্জী, মাইনা পেণ্ট ধুলেই। তাতে তেওঁৰ কি ইমান ডাঙৰ পাপ হ’ল নেকি যে তেওঁৰ সদ্য জন্ম পোৱা বাচ্ছাকেই উঠাই লৈ যাব! বিয়াৰ আগতে কোনো বেচেলৰ আপাই জীৱনত আঠুৱা, বিছনা চাদৰ নোধোৱে। কিন্তু বিয়াৰ পিছত তেওঁ সেইবোৰ কৰিবলৈ বাধ্য। মোৰ বন্ধুত্বৰ তেওঁ এনেকুৱা শাস্তি দিলে মোক!!!”- দীপুৰ দেউতাক মহন্ত বৰতাই থোকাথোকি মাতেৰে ক’লে।

“ কিন্তু দেউতা, চকীয়া চিকটাই যে তাকেই বিচাৰিছে! আমি চোৰাং চোৱাৰ পৰা পোৱা বাতৰি মতে চকীয়াই চিকটাৰো চিকটা আইডিয়া উলিয়াই লৈ কিবা কিবি লিখিছে আৰু সেইবোৰ ফেচবুকত মেলি দি মানুহৰ মাজত লেতেৰামি, চিকটামি বঢ়াইছে। মই কিবা কিবি কৰি হেকাৰ লগাই তাৰে কেইটামান ভাইৰেল বনাই দিছোঁ যাতে তেওঁ আকৌ সেইবোৰ চুৰি হোৱাৰ ভয়ত লিখিবলৈ বন্ধ কৰি দিয়ে।

কিন্তু কেনেবাকৈ চকীয়াই আমি থকা ঠাইৰ কথা গম পাই পাঁচটা মানুহ পঠাই দিছিল। দীপুও আছিল বুলিহে আমি দুয়ো সিহঁতক হৰুৱালো”।- কুমাৰৰ কথা শুনি সকলো চিন্তিত হৈ পৰে।

“বাৰু, এতিয়া মোৰ লগত আহক। আমাৰ একাডেমী দেখুৱাই আনো” – চাও মিনে সকলোকে মাৰ্চিয়েল আৰ্ট একাডেমীৰ চাৰিওফালে লৈ যায়। কিছু দূৰত থকা ছোৱালী স্কোৱাডত দেখে পাহিয়েও পৰিস্মিতা, চুইতলানা, জিমী আদি সকলোৰে লগত ফুল জোশত প্ৰেক্টিছ কৰি আছে। মহন্ত বৰতাক দেখি কিহৰ ওৰণি ল’ব বুজি নাপাই ককালৰ বেল্ট ডালৰেই এটা মূৰ ওলোটাই আনি মূৰত ওলমাই লয়।

দীপুৱেও লাজতে তলমূৰ কৰাত লাইট এবাৰ তাৰ চকু, এবাৰ তাইৰ চকু কৰি কৰি গানৰ চিকুৱেন্সত যায়। কিবা কিবি গান গাই ফুচ ফুচ ফাচ……

টেক ১৯ -২১: গান শেষ হওঁ হওঁ হওঁতেই গোটেই স্কুলখন আগুৰি লয় কিছুমান ক’লা ক’লা কাপোৰ পিন্ধা লিং লাং চেহেৰাৰ মানুহে। ‘ইয়া আন্না মাৰিল্লাহা’-বুলি দৌৰি অহা কেটেং মেটেং কপালত গুটি থকা মানুহ এটাই লীডত থাকে।

ঘটনাৰ আকস্মিকতাত হতভম্ব হ’লেও চাও মিন হঁতে ধৈৰ্য্য নেহেৰুৱাই অসমীয়া ভাষাত প্ৰখ্যাত শব্দটোত সকলোকে ৰেডী হ’বলৈ মাতে। লিডাৰৰ মাত শুনি সকলোৱে পজিচন লয় আৰু ঘমাচান লড়াই চুৰু। উৰি উৰি মাৰা কিক, হাতেৰে মৰা খকৰা মুকুতি, ৰছীৰ ওপৰত খোজ কাঢ়ি কাঢ়ি বাঁহৰ আগেৰে চকুত মাৰা চিৰিপনি কোব ইত্যাদি ইত্যাদি ডিজাইন ডিজাইন অসমীয়া মাৰ-ধৰেৰে চাও মিনৰ টীমে লীড লয়। ছোৱালী ব্ৰিগেডে পাহিৰ লীডাৰশ্বিপত নখেৰে আচোৰা, দাঁতেৰে কামোৰা, ফ্লেছ লগাই চেলফি মাৰা আদি কূটনৈতিক ৰণ কৰে।

বিপক্ষৰ অৰ্জুনো পিছ পৰি নাথাকে। কুটু কুটু দিয়া, নাকত আঙুলি ভৰাই দিয়া আদি নতুন নতুন টেকনিকৰ যুদ্ধত লাহে লাহে আগুৱাই আহে মেইন ঘৰটোলৈ।

“বিজয় মাষ্টৰ ক’ত?? এনেকুৱা বিপদৰ সময়ত তেওঁ কলৈ গ’ল??” – চাওমিনে চিঞৰি চিঞৰি কুমাৰক সোধে। হেকাই ইফালে দৰ্জাৰ ফাকেৰে কয়,- “ ৰঞ’বা ৰঞ’বা।। বিজয়ৰ স্পেচিয়েল ব্ৰিগেড আহি আছে। ধৈৰ্য্য ধৰা”।

এইখিনিতে দেখা যাব এটা সম্পূৰ্ণ সাত্বিক পৰিবেশত বিজয় মাস্টৰ, দীপু আৰু সাগৰিকাক। লগত কেইজনমান থাংগাবলীৰ গ্ৰুপৰ নিচিনা মস্ত মস্ত মানুহ। এটি অত্যাধুনিক পৰীক্ষাগাৰত এটা জাৰত থকা বুটাম এটা টিপাত কেইটামান বাতি ওলাই আহে। তাত দেখা যায় ঝালমুৰি, জ্বলা চানা, ম’ম’, ভূজিয়া, নিমকি আদি। মাষ্টৰ বিজয়ে কয়,- “ আমি সকলোৱে অনতিপলমে এইগোটেইখিনি খাব লাগিব। নহ’লে আমি যি প্লেনিং কৰিছোঁ ফেইল হ’ব লাগিলে এই ধৰ্মযুদ্ধত আমি হাৰিম। চকীয়াৰ জয় হ’ব। এতিয়াই এইবোৰ শেষ কৰা আৰু চেলফত থকা গেছ মাস্ক পিন্ধি লোৱাহঁক”। কেমেৰা লাহে লাহে শেষ হৈ পৰা বাতিবোৰত ফ’কাছ হ’ব।

টেক ২২-২৫: বাহিৰত চোতালত ঘমাচান মাৰা মাৰি লাগি থাকিব। চৰ, ঘোচা, লাঠ আদিৰ ওপৰিও কাৰাটে কূম্ফু স্টাইলত মাৰামাৰি চলি থাকিব। আকাশত এখন হেলিকপ্টাৰ উৰি থকা দেখা যাব য’ৰ পৰা মিঃ চিকটা চকীয়াই দীঘল বাঁহৰ চুঙা এটাৰ মূৰত আইনা লগাই বাইনোকুলাৰ বনাই চাই থাকিব। লাহে লাহে চাওৰ দল পৰি আহিব অৰ্জুনৰ কুটু কুটুৰ উৎপাতত থাকিব নোৱাৰি। ছোৱালী ব্ৰিগেডৰো দম পৰি আহিল যেন। হেলিকপ্টাৰত উঠি থকা চকীয়াৰ মুখলৈ কেমেৰা ঝুম হোৱাত তেওঁৰ মুখত এটি কুটিল হাঁহি দেখিবলৈ পোৱা যাব।

এইবাৰ কুমাৰ আহি অৰ্জুনৰ লগত হাই হুই ফাই ফুই কৰি জেকী চান স্টাইলত ফাইটিং কৰিবলৈ ধৰে। অৰ্জুনে পাত্তা নাপাই নিজৰ দলৰ বৰডেকা টাকলুক আগবঢ়াই দিয়ে। বৰ ডেকা টাকলুৱে দৌৰি দৌৰি স্পিড বঢ়াই ঘূৰিবলৈ ধৰে শক্তিমান মাফিক, আৰু তেনেকৈয়ে ঘূৰি ঘূৰি আহি থাকোঁতে ৰাস্তাৰ দুয়োকাষে যিমান মানুহ আছে সকলোকে মহতিয়াই লৈ আহে। পাহি আৰু দুজনী মান ইনজিউৰড হৈ বাৰাণ্ডাত ৰেষ্ট ল’বলৈ যায়। টাকলু আহি আহি কুমাৰৰ সন্মূখ পাওঁতেই কুমাৰে চেগ বুজি এনে এটা ঘোঁচা মাৰে যে টাকলু পূৰা শ্ল মোচনত চাউথৰ স্টাইলত ধূলি বালি উৰুৱাই উৰিগৈ দূৰৰ দমকলৰ পাৰত পৰে। ওপৰৰ কাপোৰ মেলি দিয়া ৰছীডালৰপৰা দুটামান শালিকা উৰি যায়।

এইবাৰ অৰ্জুনে ’ইয়াল্লা মাৰাল্লা, কাটি কাটি গাহৰিক খুৱাবল্লা’ বুলি হুংকাৰ দি দুগুণ জোশেৰে আৰু নতুন নতুন মানুহ লৈ আহি কুমাৰক চাৰিওদিশৰ পৰা আক্ৰমণ কৰে। কুমাৰেও ফুল দমত চামনা কৰে আৰু ধৰ্মেন্দ্ৰ স্টাইলত সকলোকে দাঙি দাঙি দলিয়াই পেলাই দিয়ে। কোনোবাপৰে গোৱৰৰ গাঁতত, কোনোবাটো আকৌ চাইকেল ষ্টেণ্ডত, গাড়ীৰ ওপৰত এনেকৈ ফাইটিং চলি থাকে। এইবাৰ খোদ অৰ্জুনে দৌৰি আহি কুমাৰক পিছফালৰ পৰা ধৰি লৈ এনেকৈ কুটু কুটু দিবলৈ ধৰে যে কুমাৰ মাটিত বাগৰি পৰে। লগে লগে বাকীবোৰেও আহি কুমাৰৰ ওপৰত জপিয়াই পৰে আৰু কুটুকুটু দিয়া, নাকৰ পৰা খুঁকৰি উলিয়াই তাৰেই মুখত জবৰদস্তি ভৰাই দিয়া এইবোৰ অত্যাচাৰ কৰে। লেবেজান হৈ কুমাৰে চিঞৰে, -“দীপুওওওওওওওও… তইক’অঅঅঅত?”

টেক ২৬ : কেমেৰা এইবাৰ ফ’কাছ হ’ব মূল ঘৰটোৰ পিনে। চাৰিওপিনে এটা আচৰিত ধৰণৰ গুমগুমণিয়ে গ্ৰাস কৰি আনিব যেন। যেয়ে য’তে আছে
তাতেই বুজিবলৈ চেষ্টা কৰিব কি এয়া! ভূমিকম্পৰ দৰে মাটিৰ ওপৰৰ বালিকণাবোৰ কঁপিবলৈ ধৰিব। হঠাৎ মূল ঘৰটোৰ দুৱাৰখন খুলিব আৰু টকলা মাস্টৰ বিজয়, দীপু, সাগৰিকাই লীড লোৱা অৱস্থাত গোটেই দস্যু চেহেৰাৰ দলটোৱে দৌৰি ওলাই আহিব মুখত মাক্স লগাই। সাগৰিকাই এফালে কুমাৰ, চাও, পাহিৰ পাৰ্টি হঁতক ঘৰৰ ভিতৰলৈ লৈ যাব আৰু In the mean time দীপুহঁতেও গোটেই চোতাল খন এনেদৰে বেঢ়ি ধৰিব যাতে কোনেও পলাবলৈ নোৱাৰে। অলপ আগতে খোৱা ঝালমুৰি, ম’ম’, ভূজিয়া, জ্বলা চানাবোৰে নিজৰ নিজৰ ইফেক্ট দেখাবলৈ আৰম্ভ কৰে আৰু চাওঁতে চাওঁতে গোটেই চোতাল খনৰেই বাতাবৰণ প্ৰদূষিত হৈ পৰে। অৰ্জুনৰ
সাংগো পাংগোবোৰে উশাহ ল’বলৈও কষ্ট পায়। এইবাৰ গেছ মাক্সৰ আঁৰৰপৰাই বিজয় মাস্টৰে চিঞৰে, “আক্ৰমণ”…. সাগৰিকা, দীপুৰ দল জপিয়াই পৰে অৰ্জুনৰ দলৰ ওপৰত। অৰ্জুনৰ দল ইতিমধ্যে ফ্ৰেছ অক্সিজেনৰ অভাৱত ঢেলপুঙা দিওঁ দিওঁ হয়। গতিকে দীপুহঁতে বেছি কষ্ট কৰিব লগীয়া নহয়। গোটেই চোতাল জুৰি মানুহবোৰ গোন্ধত অচেতন হৈ পৰি থাকে। এইবাৰ কেমেৰা লাহে লাহে ওপৰলৈ উঠি গৈ গৈ চকীয়াৰ বাইনোকুলাৰত মিলি যায়।

টেক ২৭: চকীয়াই হেলিকপ্টাৰ চলোৱা পাইলটক কিবা কয় আৰু হেলিকপ্টাৰ লাহে লাহে তললৈ নামি আহি লেণ্ডিং কৰে। ঘৰৰ ভিতৰৰ পৰা
মহন্ত বৰতা, হেকা প্ৰমূখ্যে বাকীবোৰো ওলাই আহে আৰু হেলিকপ্টাৰৰপৰা চিকটা চকীয়া। ছয়ফুট ওখ, চকুত প্ৰগ্ৰেছিভ গ্লাচেৰে চকীয়াই আহি মহন্ত বৰতাক কয়,- “তুমি জিকিলা। মই হাৰিলোঁ। ভাবিছিলোঁ গোটেই জীৱন চিকটামি কৰিম বুলি, কিন্তু আজি তোমাৰ ল’ৰাহঁতে যি কৰিলে তাৰ তুলনাত মোৰ চিকটামিয়ে কোনো পাত্তাই নাপায়। কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈ, কোনো ধৰণৰ পৰীক্ষা গাৰ নোহোৱাকৈও যে অৰ্গেনিক কেমিকেল ৱাৰ জিকিব পাৰি সেয়া মই আজিহে বুজিলোঁ। ধন্য ধন্য। মোক ক্ষমা কৰিবা। বৰ অন্যায় কৰিলোঁ তোমাক। দীপু, কুমাৰ তোমালোকেও তাৱৈয়েৰাক মাফ কৰি দিবা”।

“ মাফ খুজি তুমি মোৰ বন্ধুত্বক অপমান নকৰিবা বন্ধু। পাৰিলে সপৰিয়ালে দীপু- পাহি আৰু কুমাৰ- সাগৰিকাৰ বিয়ালৈ আহিবা”-মহন্ত বৰতাই এনেকৈ কৈ চকীয়াক আঁকোৱালি ল’বলৈ আহে। চকীয়ায়ো হাত মেলি ধৰিবলৈ যায়। তেওঁৰ গা নোধোৱা গাৰ পৰা এক্স পাৰফিউমৰ গোন্ধ বিয়পি পৰে। চবেই কয়, -“অঅঅঅ, এক্স ইফেক্ট”। হাঃ হাঃ হাঃ হাঃ

সমস্বৰে হাঁহিৰ মাজত THE END হয়।

12 Comments

  • Rintumoni Dutta

    একদম সুৰজ বৰজাত্যৰ চিনেমা চোৱাৰ দৰে লাগিল।

    চুপাৰ-ডুপাৰ হিট

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ জনালো দাদা।

      Reply
  • সৌৰভ শৰ্মা

    বিনাদ্বিধাই স্বিকাৰ কৰিছোঁ যে এনে উন্নত স্ক্ৰীপ লিখা টো সহজ নহয়। দিঘলীয়া হৈছে, কিন্তু সুন্দৰ হৈছে । আৰু ইয়াক পিক্চাৰাইজ কৰি ৰিলজ দিবপৰা স্ক্ৰীপ হৈছে। এই ধাৰা ভৱিষ্যতলৈও আশা কৰিলোঁ। 👌🏾👌🏾👌🏾👌🏾👌🏾👌🏾👌🏾👍🏽👍🏽👍🏽👍🏽👍🏽

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ জনালো দাদা। দীঘলীয়া হ’ল অলপ। তথাপি যে ধৈৰ্য্য ধৰি পঢ়িলে তাৰ কাৰণে বহুত ধন্যবাদ।

      Reply
  • Mridula

    চুপাৰ হিট চিনেমা । মজ্জা লাগিল

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ জনালো বা।

      Reply
  • Kamala das

    দীঘলীয়া হলেও সাংঘাতিক ভাল চিনেমা এখন চালো ।

    Reply
    • ৰাজশ্ৰী

      বহুত বহুত ধন্যবাদ থাকিল।দীঘলীয়া হৈছে অলপ।

      Reply
  • অনুৰূপ মহন্ত

    ইমান সুন্দৰ কাহিনীৰ চিনেমা হিট নহৈ পাৰেনে বাৰু। অতি সোনকালে আৰু এখন আশা কৰিলোঁ।

    Reply
    • ৰাজশ্ৰী

      তোমাক বহুত ধন্যবাদ অনুৰূপ।

      Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল..অলপ দীঘলীয়া যদিও আমনি নালাগিল অলপো ..

    Reply
  • ৰাজশ্ৰী

    বহুত বহুত ধন্যবাদ থাকিল।দীঘলীয়া হৈছে অলপ।

    Reply

Leave a Reply

Your email address will not be published.