ফটাঢোল

দি থ্ৰি মেজিকেল ৱৰ্ড্চ – বিকাশ দত্ত

দিন বাগৰাৰ লগে লগে বিভূ আৰু প্ৰিয়ংকাৰো দূৰত্বৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। আগতে সি ভাল পোৱা,  প্ৰেম আদিক লৈ বৰ বেছি ছিৰিয়াছ নাছিল। প্ৰিয়ংকাই তাৰ জীৱনক নতুন গতিপথ দিছে। হয়তো সি এতিয়াও তাৰ সদায়ৰ দৰে দোদুল্যমান মনটোৰেই জীয়াই আছে। যা নহওঁক,  নতুন বছৰৰ আগমণে তাৰ একঘেয়ামী জীৱনৰ অনুচ্ছেদটোক কিছু সংশোধনী কৰিলে।

উৰুকাৰ ৰাতি। ইতিমধ্যে বিভূ আৰু তাৰ লগৰ কেইজনমানে প্ৰতিবাৰৰ দৰেই ভেলাঘৰ নিৰ্মাণত ব্যস্ত। কিন্তু নতুনকৈ স্কুলত জইন কৰাৰ বাবে তাৰ বাবে অলপ কঠিন হৈছে ভেলাঘৰ নিৰ্মাণৰ কামত যোগদান কৰাত। তথাপিও স্কুলৰ পৰা আহি সি সদায়েও এবাৰ হ’লেও খবৰ-খাতি নোলোৱাকৈ থকা নাই।

“বিভূ দা,  যোৱাকালি নৰেন মহাজনৰ বাৰীৰ পৰা এটা বাঁ‌হ চুৰ কৰিলো বাপ্পেকে। বুঢ়ীয়ে বাহনি পাত লৈ খেদিছিল। জেওৰা ভাঙি পলালো৷ জহনীত যোৱা বুঢ়ীৰ বেলেগ কাম নাই আৰু, গধুলি বাবেহে দেখা নাপালে। নহ’লে দেউতাক লগাই মোৰ পিঠি দুফাল কৰিলেহেঁ‌তেন।“

— বিভূতকৈ ৬-৭ বছৰ সৰু টিকলুৱে তাক দেখিয়ে কথাষাৰ একে উশাহে কৈ দিলে।

“হা হা,  চুৰি কৰা বাঁ‌হেৰে মেজি বা ভেলাঘৰ বনোৱাৰ মজাই বেলেগ।”- হাঁ‌হি হাঁ‌হি বিভূৱে ক’লে।

“পিচে তই এইবাৰ বৰ বেমেজালি লগাই আছ বে! স্কুলত সোমাই ডাঙৰ মানুহ হ’লি নেকি।”

সদ্য নিৰ্মিত বেৰখনৰ এটা গাঁ‌ঠনিবোৰ এটা এটাকৈ পৰীক্ষা কৰি কৰি গৌতমে কথাখিনি ক’লে।

“এহ, নতুন স্কুল। জানই চোন!” – বিভূৱে ধানখেৰখিনিৰ ওপৰতে বহি দি ম’বাইলটো উলিয়ালে।

এনেতে সি দেখা পালে প্ৰিয়ংকাৰ পৰা তিনিটা মিছ্ডকল। সি কলবেক কৰিম বুলিও নকৰিলে আৰু ফোনটো পকেটত থৈ তাৰ পৰা বিদায় ল’লে।

“স্কুলৰ পৰা আহিয়ে তই ভেলাঘৰ চাবলৈ গ’লি।

কাপোৰ কানি খুলি ভাতকেইটাতো গুজি ল আগতে।” – ঘৰ পোৱাত মাকে কথাখিনি ক’লে।

ততালিকে সি কাপোৰ-কানি খুলি গাটো ধুই ভাতৰ পাতত বহিল।

এনেতে ফোনটো বাজি উঠিল। ৰিছিভ কৰিলে মাকে আৰু লৈ গ’ল তাৰ ওচৰলৈ।

“অ’ই, কোনোবা প্ৰিয়ংকাই ফোন কৰিছে। হো ল”–  মাকে তাৰ হাতত ফোনটো গুজি দি ঝাড়ুপাত লৈ ঘৰটো সাৰিবলৈ আনটো ৰুমলৈ গতি কৰিলে।

“খালে খালে খালে। এই পাগলীজনীয়ে টাইম নাপালে আৰু” — বিভূৱে মনতে ভাবিলে।

“কি হ’ল। ফোন কৰিবলৈ আৰু টাইম নাপালা। বাৰু থিকে আছে। মাক একেবাৰে গোটেই নামটোৱে কৈ দিছা!”- বিভূৱে লাহে লাহেকৈ কথাখিনি ক’লে পাৰ্শ্বীয় খঙৰ সুৰত।

“বাহ বাহ। তাৰ মানে মি চৌধুৰী মোক লৈ অলপ বেলেগ চিন্তা কৰা আৰম্ভ কৰিছে। বাৰু, কিনো হ’ল?  সুধিলে কোনে কৈছা,  নামটো ক’লো আকৌ। লগৰ বান্ধৱী বুলিয়ে ক’বা।” – তাই হাঁ‌হি হাঁ‌হি উত্তৰ দিলে।

“হ’ব বাৰু। কোৱা। মিছ্ডকল পাইছো। ভাতকেইটা খাই কল কৰিম বুলি ভাবিয়ে আছিলো।”- সি অলপ লাজেৰে সৈতে ক’লে।

“জৰুৰী কথা ৰ’বা। আজি আকৌ এটা দৰা আহিল।”- তাই থোকাথুকি মাতেৰে ক’লে।

“তুমি কি ক’লা?”– সি সুধিলে।

“কিনো ক’ম,  বিয়াৰ বাবে প্ৰস্তুত নহয় মই এতিয়া।”- তাই উত্তৰ দিলে।

“তুমি তেনেকুৱাকৈ কৈ থাকিলে কিন্তু নহয় দেই! এটা সময়ত তোমাৰ প্ৰব্লেম হ’ব। ভাল দৰা আহিলে বিয়া হৈ যোৱা।”- বুকুত শিল থৈ কথাখিনি অতি সাধাৰণ ভাৱে তাইক ক’লে।

“তুমি ইমান সহজতে কেনেকৈ কৈ দিব পাৰা ন! তোমাৰ বাবে মই এজনী সাধাৰণ ছোৱালী বুলিয়ে ভাবা। কিন্তু শুনা বিভূ। আমাৰ ঘৰখন অলপ জঁটিল। দেউতা,  মা,  দাদা সকলো বিৰাট ভাল। একমাত্ৰ ছোৱালী হিচাপে মৰমো কৰে সকলোৱে। কিন্তু,  আমাৰ পেহী এতিয়াও বিয়া হোৱা নাই। দেউতাৰ লগত এখন চালৰ তলত একেখন ডাইনিঙত বহিয়ে ভাত খাই,  অথচ দেউতাই পেহীৰ মুখলৈকো নাচায় এবাৰ।

কিয় জানা?”

তাইৰ কথাত এক চিন্তনীয় বিষয়ৰ উদ্ভৱ হোৱাত সি সুধিলে, – “কিয়?”

“মোৰ বয়স চাগৈ তেতিয়া ছয়বছৰ। মোৰ নিচিনা পেহীও আমাৰ ঘৰৰ হেনো একমাত্ৰ ছোৱালী আছিল। চাৰিজন ককায়েক আৰু এজন ভাইটিৰ ভিতৰত তেওঁ আছিল আমাৰ ককা-আইতাৰ পঞ্চমটো সন্তান।

পূজাৰ বতৰ। মোক পেহীয়ে হাতত ধৰি পূজা চাবলৈ নিছিল। এনেতে এজন অচিনাকী মানুহৰ লগত পেহীয়ে কথা-বতৰা পতা মই দেখিছিলো। কিন্তু তেতিয়া মই বেছি গুৰুত্ব দি আছিলো দোকানবোৰৰ বস্তুবোৰ চোৱাতহে। তথাপিও মানুহজনে মোক এটা চকলেট, এটা বেলুন কিনি দিছিল। মোক কোলাতো তুলি লৈছিল। পেহীয়েও কোনো আক্ষেপ নকৰাকৈ আছিল। মানুহজন বেছ মৰমিয়ালো লাগিছিল। পিচত তেওঁ আমাৰ ঘৰলৈ অহা-যোৱাও আৰম্ভ কৰিছিল। পেহীয়ে কৈছিল তেওঁ হেনো কলেজত একেলগে পঢ়া আছিল। আৰু বিয়াত বহিম বুলিও কৈছিল। কিন্তু ঘৰৰ ভিতৰত দেউতা ডাঙৰ আছিল বাবে পেহীয়ে দেউতাকেই বিয়াৰ কথা জনাইছিল। কিন্তু দেউতাৰ এই বিয়াত সন্মত নাছিল। ঘৰত বহু বাক-বিতণ্ডাৰ অন্তত,  অৱশেষত সকলো ছোৱালীৰ নিচিনাই পেহীয়েও এদিন কাকো খবৰ নকৰাকৈ ঘৰ এৰি গুচি গ’ল। বহুতে বহুত কথা শুনালে দেউতাক। মায়ে মোক যোৱাবছৰ এই সকলোবোৰ কথা কৈছিল। হাইস্কুলৰ শিক্ষক শ্ৰী হৰেণ তালুকদাৰৰ ভনীয়েকক এজনী পতিতা বুলি ক’বলৈও কোনেও কুন্ঠাবোধ কৰা নাছিল। দেউতা ভাগি পৰিছিল বাবেই হয়তো আজিকোপতি পেহীৰ মুখলৈও তেওঁ চোৱা নাই।”

“কিন্তু পেহীচোন ঘৰতেই আছে।”- বিভূৱে মাজতে সুধিলে।

“বিয়াৰ হেনো ছমাহমান পিছত পেহীয়ে গম পাইছিল যে সেই মানুহজন মানে মোৰ পেহাৰ তেওঁৰ বৌৱেকৰ লগত বেয়া সম্বন্ধ আছিল। সেইবাবে পেহীয়ে ইয়াৰ বিৰোধিতা কৰাত তেওঁলোকৰ ঘৰৰ আটাইয়ে পেহীক সজালে পতিতা আৰু ডিভোৰ্চ দিছিল কথাটো গম পোৱাৰ মাথোঁ ২৪ ঘন্টাৰ ভিতৰতে। হয়তো দেউতাৰ অতি মৰমৰ ভন্টি বাবেই দেউতাই পেহীক লৈ আহিছিল ঘৰলৈ। সিদিনা ঘৰত বহুত হৈ-হাল্লা চলিছিল। পেহীয়ে হুকহুকাই কান্দিছিল। কিন্তু জানানে বিভূ,  পেহীৰ অকণো দোষ নাছিল। তেওঁ মোক কেৱল কয়, -“মাইনা তোৰ দেউতাৰাই প্ৰেমক সদায়ে বেয়া পায়,  সেইবাবে তয়ো বেয়া নাপাবি। কিন্তু তই প্ৰেম কৰিবি। হিয়া উজাৰি ভাল পাবি যাকেই পাৱ। প্ৰতিদান নিবিচাৰিবি। মই মানুহ চিনাত ভুল কৰিছিলো। তই কেৱল এই ভুল নকৰিবি।” – তাই একেলেথাৰিয়ে কথাখিনি কৈ গৈছিল।

বিভূৱে নিশ্চুপ হৈ মাথোঁ‌ কথাখিনি শুনি গ’ল।

“এতিয়া কোৱাচোন! তুমি কি ভাবা? তুমি মোৰ বাবে দৰা আহি থকাটো বৰ ভাল নোপোৱা সেয়া ময়ো জানো আৰু মোৰ প্ৰতিজ্ঞা কি জানা? মই তোমাক ইমান ভালপোৱা দিব খোজো যে দেউতা নিজৰ স্থানৰ পৰা সলনি হৈ যায়” – তাই থোকাথুকি মাতেৰে কথা সামৰিলে।

বিভূৱে কি বুলি তাইৰ উত্তৰ দিব ভাবি নাপালে। তাক তাই কেনেদৰে ইমান ভাল পাব পাৰে,  এনেধৰণৰ বহুতো প্ৰশ্ন তাৰ মনলৈ আহিবলৈ ধৰিছিল। শেষত সি অনুভৱ কৰিলে, সি তাৰ পছন্দৰ মানুহজনীক আজি বিচাৰি পালে,

আৰু সি ক’লে,

“মই তোমাক ভালপাওঁ‌ প্ৰিয়ংকা। আৰু তোমাৰ লগত সদায়ে আছো। চিন্তা নকৰিবা।”

ফোনৰ সেইটো পাৰত প্ৰিয়ংকাৰ উচুপনি সি শুনিব পাৰিছিল। চাগৈ তাই শুনিবলৈ বিচাৰি থকা সেই “থ্ৰী মেজিকেল ৱৰ্ডছ”কেইটা তাৰ মুখেৰে ওলাল আজি! হয়তো সিহঁতৰ মাজত ফুলিবলৈ লৈছিল ভালপোৱাৰ সোণাৰুপাহি!

☆★☆★☆

Leave a Reply

Your email address will not be published.