ফটাঢোল

দেই – ঈশান জ্যোতি বৰা

চনঃ ১৯৮০, সময়ঃ সন্ধ্যা ৮

আকাশত মেঘৰ ভোৰ্‌ভোৰণি! নহয়!
পদূলিত খৰিকাজাঁইৰ থেন্‌থেননি! নহয়৷
গোহালিত গৰুৰ খেচ্‌খেচনি! নহয়,নহয়৷ সেইটোও নহয়!
তেন্তে কিনো!
তেন্তে?
তেন্তে সেয়া পাগঘৰৰ চাকিৰ পোহৰত আমাৰ শিলকণ্ঠ চলিহা৷ অশান্ত-অস্থিৰ-অবুজ, লেঙ-লেঙকৈ ওখ, অথচ শূন্য সহনশীলতাৰে নিৰ্বোধ-সেইজন শিলকণ্ঠ চলিহা৷ চিঞৰত বতাহ-গগন একাকাৰ কৰি এতিয়া অসমীয়া ব্যাকৰণৰ পাঠ আওৰাব লাগিছে৷

ইছ! কি যে কোৱা! আকাশত তৰা কেইটা গণি নোপোৱা এই ধোদৰ পচলাটোৱে কিতাপ পঢ়িব! তাকো অসমীয়া ব্যাকৰণ! তুমিও আজিকালি বেচ জমনি কৰিব পৰা হৈছা! ‘নাম নাজানো’ বুলিহে ক’লোঁ আৰু দিয়া৷
তুমি মোৰ নাম জানা বা নাজানা, সেইবোৰলৈ মোৰ কেৰেপ নাই৷ নাইতো নাই, সামান্য ‘হেৰি’ও নাই৷ কিন্তু ‘হোৱাটেভাৰ’ মানে খালী চকুৰে মই যিটো দেখি আছোঁ, যিটো শুনি আছোঁ, তাকেহে কৈছোঁ৷ তাকেহে বিনাইছোঁ৷ তুমি বিশ্বাস নকৰা, পেট পেলাই সেইফালে শুই থাকা৷

“দেই৷ দেই৷ দেই হৈছে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা এটি অনুপম সৰল শব্দ৷”

তেনেতে শিলকণ্ঠৰ বজ্ৰ-কঠোৰ মাত চৌপাশৰ বায়ু ফালি লৱৰি আহিল৷ সেই চিঞৰত পৃথিৱীৰ সমস্ত মানুহ ঠাইতে তাপ মাৰিলে৷ চকুৰ পচাৰতে ভিৰাই লৰ মাৰিলে সদ্যোজাত দুটা অৰ্ধনগ্ন ছাগলী৷

“দেই হৈছে এটা অনুসৰ্গ৷ ‘দেই’ সাধাৰণতে ক্ৰিয়া বা অন্য পদৰ পাছত বহি সিহঁতৰ অৰ্থ বিশেষভাৱে দেখুৱায়৷ মানুহৰ পৰা মৰম আদায় কৰিবলৈ, মৰম দিবলৈ নাইবা বহুতো মানুহৰ মন জয় কৰিবলৈ ‘দেই’ শব্দটো ব্যৱহাৰ কৰিব পাৰি৷”

শুনিছা, শুনিছা!- সেইজনে কি পঢ়িছে ! ইয়াৰ মতি-গতি ভাল দেখা নাই৷ ই বাৰু কাৰ মন জয় কৰিবলৈ ওলাল?

ৰ’বাহে ! তুমি বৰ পেনপেনাই থাকা৷ মনে মনে শুনি থাকাচোন৷

“যেনে-কাইলৈ আমাৰ ঘৰলৈ আহিবা দেই৷ ভাত খাই বিচনাত পৰিবা দেই৷ ঐ ল’ৰা, চাই-চিতি ফুৰিবি দেই৷”

“অ’ এইটো কি লিখা আছে!”

কি লিখা আছে,পঢ় হেৰৌ ! গৰু,গাধ,গণ্ডমূৰ্খ !! পঢ় ৷ পঢ়িলেহে বুজিবি!

“মৰমৰ বোপা৷ ‘দেই’ নামৰ শব্দটো ব্যৱহাৰ কৰিয়েই মই পৃথিৱী জয় কৰি আছোঁ৷ আৰু কিমান যে কি কৰি আছোঁ, তাৰ ঠিকনা নাই৷ এইটো অসমীয়া ভাষাৰ আটাইতকৈ শুৱলা শব্দ৷ আশা কৰোঁ তই ইয়াৰ মোল বুজি পাবি আৰু মোৰ দৰে এদিন তয়ো বিশ্বদৰবাৰত উচ্চাসনত বহিবি৷”
তাৰপিছত! তাৰপিছত??

নাই৷ তাৰপিছত কাৰো সাৰি-শব্দ নাই৷ একেবাৰেই পিন-ড্ৰপ চাইলেন্স!

একদম নীৰৱতাৰ কোলাহল৷

তেনেতে জানো, কি দৈৱাসন তল-ওপৰ হ’ল! গেজেপনিৰ পৰা পেটেলা ভেকুলীহালে অস্বাভাৱিক বিচক্ষণতাৰে টোৰ-টোৰাবলৈ ধৰিলে৷
হেৰা, লক্ষণ ভাল দেখা নাই বুজিছা৷ ই দেখোন একেবাৰে মৌনব্ৰত ধাৰণ কৰিলে! ব্যাকৰণৰ শিক্ষা ঠিক নহ’ল যেন পাইছোঁ! আৰু সেই যে ‘মৰমৰ বোপা’ বুলি কথাসোপা লিখিলে,ক’ৰ পণ্ডিত সেইজন! বৰা বা গোস্বামী নহয়তো! ইপিনে ৰহিম-ৰহিলাইও টোৰ-টোৰালে৷ মোৰ বৰ ভয় লাগিছেহে!ধৈৰ্য, প্ৰিয়ে ধৈৰ্য! সময়লৈ ধৈৰ্য ধৰা৷ গম পাই যাবা৷ এতিয়া গুডনাইট!

চনঃ ১৯৮৯, সময়ঃ আবেলি ২-৩০

বতৰৰ চেহেৰা কি চাবা! একে দীঘে-পথালিয়ে ফৰকাল৷
আকাশৰ ৰং কি চাবা! একে উধৰ পৰা মূধলৈকে বগা৷
চুলিত ৰং সানি চৰাইবোৰে হুৰহুৰাই দৌৰিছে, ইফালৰ পৰা সিফাললৈ৷
উচ্চ-ৰক্তচাপত ভোগা গৰু দুটামানেও আজি ইতিবাচক কথা পাতোঁ বুলি সংগী বিচাৰি ফুৰিছে৷
মুঠৰ ওপৰত, ৰোমাণ্টিকতাৰ কোমল পৰশেৰে আজি ব্ৰহ্মাণ্ড তল-ওপৰ৷

হ’ৰা!

হ’ৰা! এই দুপৰীয়াখনতেই ইমান মৰটোপনি নে? সেইফালে নোচোৱা কিয়?
কোনফালে?

সৌফালে৷ সৌটো! গাৰ্লচ্ কলেজৰ সমুখত দেখা নাই! মুখত এপোৱামান মিচিকিয়া হাঁহি লৈ শিলকণ্ঠ ঈশ্বৰ !
কথাটো হয়৷

সেউজপ্ৰভা ছোৱালী কলেজৰ সমুখত, হাফপেণ্ট আৰু গেঞ্জীৰ ভিতৰত বিশুদ্ধ তেজেৰে পিৰপিৰাই থকা দেহাটো সুমুৱাই সেয়া দেখোন শিলকণ্ঠ চলিহা! ই আকৌ আজি কি কৰিবলৈ ওলাল? অৱশ্যে, চেহেৰাটো আগতকৈ দেখনীয়াৰ হৈছে৷

বোধহয় আজি ই ছোৱালী পলুৱাই নিব৷

হোৱাট ননছেন্স! অৰ্থাৎ কিনো আবোল-তাবোল বকিছা! এই ভাতৰ ভতুৱাটোলৈ কোন ছোৱালী পলাই যাব!
তুমি চাই থাকা৷

সমুখৰ ৰাস্তাটোৰে এজনী-দুজনীকৈ কেইবাজনীও সাইলাখ সৰস্বতী হেন ছোৱালীয়ে পদচালনা কৰি ঘৰমুৱা হ’ল৷ পিছে আমাৰ শিলকণ্ঠই গাটোকে লৰচৰ নকৰিলে! নকৰিলেতো নকৰিলেই, কেৰাহিকৈও নাচালে৷ কাহিনীটো কি! মুখৰ মাত এটাও যে নাই৷ তেনেতে প্ৰফেচাৰ ভদ্ৰেশ্বৰ কাকতি আৰু তেওঁৰ জীয়েক পূৰ্ণিমা সাৱলীল শাৰীৰিক ভংগীমাৰে বিদ্যালয়ৰ পৰা ওলাই আহিল৷ প্ৰফেচাৰৰ চাইকেলৰ চকা ফুটিল হ’বলা, পূৰ্ণিমা চাইকেলত উঠিব পৰা নাই৷

যি কি নহওক; হেনসময়তে দুটামান পেন্দুকণা পখিলাই পাখি মেলি শিলকণ্ঠৰ কাষে-গায়ে চৰিবলৈ আহিল৷ ক’ৰবাৰ পৰা চোকা মলয়া বতাহ এছাটিও কোবাকুবিকৈ লৰি আহিল৷

“পূৰ্ণিমা, ৰ’বাচোন৷”

বাপ্‌ৰে ইয়াৰ সাহটো দেখিছা! বাপেকটোৰ আগতেই ছোৱালীজনীক কেনেকৈ মাতিছে চা! মহা ধুৰন্ধৰ৷

তুমি একো নাজানা৷ চুপ-চাপ খেলখন চাই থাকা৷

“কি হ’ল অ’? কি কৰি আছ ইয়াত? আৰু হাতত সেইখন কি?”

“ছাৰ চিঠি৷”

“চিঠি?”

“অ’ চিঠি৷”

“চাওঁ৷ মোক দে৷”

“নিদিওঁ৷”

“কি ক’লি! নিদিয় !”

“সেইখন পূৰ্ণিমালৈহে লিখিছোঁ৷ আপুনি পঢ়িলে লাজ পাব৷”

“চুপ দগাবাজ! অসভ্য! ওঁঠ টিপিলে গাখীৰ ওলাব! সি অঘাইতঙে প্ৰেম-পত্ৰ লিখিবলৈ আহিছে! এতিয়াই পলা ইয়াৰ পৰা৷ নহ’লে ঠেং ভাঙিম৷”

“ছাৰ, এইখন প্ৰেম-পত্ৰ নহয় দেই৷”

“তেন্তে কি?”

“বিয়া পাতিবলৈ অনুমতি বিচাৰি মই পূৰ্ণিমালৈ লিখা পত্ৰহে দেই৷”
শেষ কৰিলে ই কুলাংগাৰে! শেষ কৰিলে ! ই দেখোন ডাইৰেক্ট বিয়াতেই ধৰিলেগৈ!

মই কোৱা নাছিলোঁনে তুমি একো নাজানা বুলি!

“কি ক’লি! কি ক’লি!”

“বিয়া পাতিবলৈ অনুমতি বিচাৰি মই পূৰ্ণিমালৈ লিখা পত্ৰহে দেই৷”

“চুপ! চুপ! পূৰ্ণিমা ঘৰলৈ ব’ল৷”

“নাযাওঁ৷”

“কি?”

“নাযাওঁ৷ মই শিলৰ লগত বিয়াত বহিম৷ সি বৰ ভাল ল’ৰা৷ মোক সুখত ৰাখিব৷”

“হে ভগৱান! এইবোৰ কি শুনিছোঁ মই! সৱ শেষ কৰিলি তহঁত দুয়োটাই৷ উফ্ উফ্!!”

অ হ’ল ভাল! বুঢ়া দেখোন মূছকঁছ গ’ল! হাৰ্ট-এটেক আহিল হ’ব পায়! নাই যোৱা৷ মূৰত অকণ পানী ঢালি দিলেই হুঁচ আহিব৷

“পূৰ্ণিমা! দেউতা পৰি থাকোঁতেই আমি পলাই দিওঁ ব’লা৷ চিধাই শিৱ-মন্দিৰলৈ গৈ কামটো কৰি পেলাওঁ৷”

“ব’লা৷”

“পিছে পূৰ্ণিমা! তুমি ইমান সোনকালে মান্তি হ’বা বুলি মই কল্পনায়েই কৰা নাছিলোঁ৷”

“কিয় নকৰিম! তুমি ইমান মৰম লগাই লগাই মোলৈ প্ৰেমপত্ৰ লিখি থাকা ৷ বিয়াৰ পত্ৰ নপঢ়িলেও হ’ব৷”

“ধন্যবাদ পূৰ্ণিমা৷ আচলতে এইয়া সব দেইৰ মহিমা৷ তোমালৈ লিখা দহখন চিঠিত মই তিনিশবাৰ দেই শব্দটো ব্যৱহাৰ কৰিছোঁ৷”

“বুজিছোঁ মোৰ সোণ৷ আমি আমাৰ সন্তানটিৰ নাম দেই ৰাখিম দেই ৷”

“মোৰ না ক’বলৈ একোৱেই নাই পূৰ্ণিমা৷”

তাৰমানে কথাৰ গুৰি ক’ৰবাতহে! ‘দেই’ৰে পকাই পকাই ই ছোৱালী গলাই পেলালে! মহা চয়তান বস্তু! ডাঙৰ হৈ কি কৰেগৈ ঠিক নাই৷

তাকেই চাই থাকাচোন৷ ক’ৰ পানী ক’লৈনো যায়!

চনঃ ১৯৯৮, সময়ঃ নিশা ১১-৩০

“মৰমৰ দৌতা, পাৰিলে মৰম-চৰমবোৰ ল’ব৷ চাহ-তাহ খালেনে? ভাত-দাইল একা? আমাৰ অৱস্থা বেয়া দৌতা৷ যিদিনাই পূৰ্ণিমাক খেদাই আপোনাৰ ছোৱালী ৰাজেশ্বৰীক আনি ঘৰ সুমুৱালোঁহি, সেইদিনাৰ পৰাই মোৰ বেয়া দিন আৰম্ভ হ’ল৷ আপোনাৰ ছোৱালীজনী বৰ অমঙ্গলীয়া দৌতা৷ তাই অহাৰ পিছতেই বিহু সমিতিৰ সভাপতিৰ পদৰ পৰা খেদা খালোঁ৷ মোৰ ধপাতৰ দোকান বন্ধ হ’ল৷ জুৱা খেলি টকা নোপোৱা হ’ল৷ চুলাই খাওঁতে নিচা নলগা হ’ল৷ ল’ৰা-ছোৱালী দুটিৰো ভৱিষ্যত মোটা-মোটি অন্ধকাৰ৷ কিন্তু দৌতা, এনেকৈ থাকিলেতো নহ’ব৷ কিবা এটা কৰিবই লাগিব৷ নিজৰ ফিউচাৰ নিজে নবনালে কোনে বনাব? সেইকাৰণে মই এই চিঠিখন লিখিলোঁ৷ মই কথা চিধাচিধি কওঁ৷ কাৰণ টাইম পাছ কৰি লাভ নাই! দৌতা, মোক আপুনি অতি সোনকালে টকা এক লাখেৰে সৈতে টাউনত মাটি এডোখৰ লৈ দিয়ক৷ তাতেই মই কিবা এটা কৰোঁগৈ৷ দানৱৰ পৰা মানৱ হওঁগৈ৷ টকাখিনি সোনকালে পালে ভাল৷ নহ’লে আপোনাৰ ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ যে হ’ব, কথাটো খাটাং দেই৷ কথাটো জানি থ’ব দৌতা৷ আজিলৈ এৰিছোঁ দৌতা৷ নমস্কাৰ দেই৷”

হোৱাট হেপেণ্ড? মানে কি হ’ল? এমএলএ বুঢ়াই চিঠিখন পঢ়ি কি কৰিছে?

কি কৰিব আৰু? বুঢ়াৰ মাথা নষ্ট হৈ গৈছে৷ এতিয়া নিজৰ মাঠাটো দাঙি নি বেৰখনতে খুন্দা এটা মাৰিছে৷

জোৰেৰে নে?

নহয়৷ লাহেকৈ৷ পলিটিচিয়ানৰ মূৰ যে৷ এনেই পাতল৷ জোৰেৰে খুন্দিয়ালে সেইটো মূৰ হৈ থাকিবনে?

ই বেটা কিন্তু কম নহয়৷

শিলকণ্ঠনে?

অ সেইজনাই৷

“আপুনি বৰ দগাবাজ মানুহ৷ মহা অঘাইতং আৰু সাতঘাটৰ সৈয়াকণী৷ আপোনাৰ এই চেহেৰাটো এদিন মই ৰাইজক দেখুৱামেই৷ চাই থাকক৷”

“হয় নেকি! বাৰু আমিও চাম দেই৷ তোৰ দৰে চুকত সোমাই থকা ভেকুলী এজনীয়ে কেনেকৈ এই শিলকণ্ঠৰ চেহেৰা দেখুৱায়৷”

“দেউতাক দম দি টকা সৰকাবলৈ আহিছে! কি কৰিব টকাৰে! চুলাই খাব! জুৱা খেলিব ! ”

“চাই থাক৷”

কিমান চাম আৰু!

তোমাক কোৱা নাই নহয়৷ ৰাজেশ্বৰীক হে কৈছে৷

বাৰু, এই মানুহটোৱে এতিয়া কি কৰিব? টকা এক লাখ দিবনে?

দিব৷

তুমি কেনেকৈ জানিলা?

সৌৱা দেখা নাই৷ বুঢ়াই চিঠিত কি লিখি আছে!

“মৰমৰ জোঁৱাই৷ মৰম ল’বা ৷ তোমাৰ কথাবোৰে বৰ দুখ দিলে৷ কিন্তু জন-সেৱা কৰিবলৈ বৰ্তমান মুলুকৰ পৰা দূৰৈত থকাৰ কাৰণে ঘৰসেৱা, জোঁৱাই-সেৱা কৰিব নোৱাৰিলোঁ৷ চিন্তা নকৰিবা৷ দুখৰ ক’লীয়া ডাৱৰ আঁতৰি সুখে ভুমুকি মাৰিবই৷ টকাকেইটা তোমাৰ হাতত সোনকালে গৈ পৰিব৷ ভালকে খাই-বৈ থাকিবা৷ অতি সোনকালে আমি লগ হ’ম৷ এৰিছোঁ৷”

চনঃ ২০১০, সময়ঃ পুৱা ৮-৩০

প্ৰকাণ্ড ট্ৰাকখনৰ চালকৰ দীঘলীয়া আসনৰ পৰা বিহাৰৰ আলুটো হেন আকাৰ-বিশিষ্ট মানুহ তিনিটা গুৰু-গম্ভীৰ খোজেৰে নামি আহিল৷ পিছপিনৰ নামি আহিল লাঠি, দা, কোৰ, কটাৰী আদি যুদ্ধাস্ত্ৰ সহিতে দুই-তিনিডজনমান গণ্য-মান্য নাগৰিক৷ আহিয়েই তেওঁলোকে কৰিলে কি, তিনিমহলীয়া ঘৰৰ বাৰাণ্ডাখন যিমান জোৰেৰে পাৰে খান্দিবলৈ ধৰিলে৷ যেন এতিয়াই মাটি খান্দি আটাইকেইটা গুপ্-গুপকৈ তললৈ সোমাই যাব৷ সিপিনে দাঁত-মুখ কোঁচাই আহি দুটামানে দা-কটাৰিৰ দৰে মাৰণাস্ত্ৰবোৰ লৈ দুৱাৰ-খিৰিকীৰ আইনা ভঙাত মচগুল হ’ল৷ দহজনমানে কুঠাৰ একোখন লৈ ঘৰৰ দুচুকত থকা নাৰিকল দুজোপা গুৰিতে কাটিবলৈ লাগিল৷ নাৰিকলকেইজোপা আগৰেপৰাই নিশকতীয়া৷ বোধহয় তিনি-চাৰিটামান ঘাপ পৰিলেই নাৰিকল আহি মালিকৰ ঘৰৰ ওপৰত কৰ্ফাল খাই পৰিব৷

দে, ভাঙ ভাঙ৷ গোটেইখন ভাঙি আজি তহিলং কৰ৷ শিলকণ্ঠৰ ঘৰ আজি দুচেও কৰ৷

কিন্তু ইমান সহজনে শিলকণ্ঠক বলে পৰাটো?

এইবোৰ দেখা নাই? তুমি বৰ পেছিমিষ্ট মানুহহে!

হেহেহেঃ জুবিনৰ গানটো শুনা নাই ! ‘ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি ৷’

বাৰু, আমিও চাম ৰ’বা৷ ক’তনো কেনেকৈ কণা বিধিটো ওলায়!
চাই থাকা৷

“ৰাইজ, ৰ’ব ৰ’ব৷”

হঠাতে কুমলীয়া জিকাৰ দৰে উচ্চতাৰ, নহৰু হেন বৰণৰ, বল্কলশূন্য পানীলাওটোৰ দৰে মুখাৱয়বসম্পন্ন ষাঠীবছৰীয়া ‘ইয়ং এটা হাৰ্ট’ এজন চোতাললৈ দৌৰি আহিল, চকুৱে-মুখে বিস্ময় সানি৷ দৌৰোঁতে মানুহটোৰ লুঙিখন সোলোক-ঢোলোক হোৱা দেখা গ’ল৷ এই পৰোঁ-পৰোঁ অৱস্থা৷ পিছে ঘটনা ‘ঘায়েল’ নহ’ল৷ চোতালত উপস্থিত হৈয়েই মানুহজনে এই ভয়ংকৰ সত্যটো আৱিষ্কাৰ কৰিলে আৰু সাৱধানী হাতেৰে লুঙিখন সামৰি-সুতৰি সামূহিক লজ্জা-প্ৰদৰ্শনৰ পৰা নিজকে বচালে৷ পিছপিনে থকা দুটামানে লোলুপ দৃষ্টিৰে এক নয়নাভিৰাম দৃশ্য চাম বুলি আশাৰে বাট চাই আছিল৷ কোৱা বাহুল্য, সিহঁতৰ আশাত বাল্টিয়ে-বাল্টিয়ে চেঁচা পানী পৰিল ৷

“ৰাইজ ৰ’ব৷”

“কিয় ৰ’ম? কিয় ৰ’ম?”- আধুনিক সময়ৰ এজন বকাসুৰে আগুৱাই গৈ সুধিলে৷ সি চাগে এই গোটেই দলটোৰ লিডাৰ৷

“আমাৰ টকা দুমাহৰ ভিতৰতে ডাবোল কৰি দিম বুলি সেই কুকুৰে টকা নিলে!”

“হয়, হয়৷”-ৰাইজৰ অকুণ্ঠ সঁহাৰি৷

“আৰু এতিয়া টকা দিবৰ পৰত মানুহ গায়েব!”

“হয়, হয়৷”-পুনৰ ৰাইজৰ ‘ফুল চাপৰ্ট’ ৷

“তাক সুদাই নেৰোঁ৷ উলিয়াই আন তাক৷ তাক আজি ইয়াতে বধিম৷”

“আই কেন আণ্ডাৰষ্টেণ্ড, আই কেন আণ্ডাৰষ্টেণ্ড!”-লুঙীৱালাই নমস্কাৰ এটা আগবঢ়াই লিডাৰলৈ চালে৷ পিছে,

“হেৰৌ ব্ৰিটিছ, একে মাৰতে আধামৰা কৰিম৷ বাপেৰক চিনি পোৱা নাই কুকুৰ! খাঁটি অসমীয়াতে কথা ক’চোন৷ ইংলিছ চেলাব নেলাগে!”

তাৰমানে আমাৰ লিডাৰ জাতীয়তাবাদী!

একদম৷ ১০০%৷

“ৰাইজ, আপোনালোকে যাক বিচাৰি ইয়ালৈ আহিছে, তেওঁ ইয়াত নাথাকে নহয়! ”-লুঙীয়ালাই এইবাৰ অসমীয়া জিভাখন মোকলালে আৰু মোকলায়েই একদম সাম্প্ৰতিক সময়ৰ ব্ৰেকিং নিউজটোকে দি দিলে ৷

“নাথাকে! ক’লৈ গ’ল! কালিলৈকেতো ইয়াতেই পিন পিনাই ফুৰা দেখিছিলোঁ৷

”-ৰাইজ বেহুঁচ ৷

“মানুহজনে মোক ঘৰটো বেচি দিলে৷ কালি মোৰ হাতত চাবি দিবলৈহে আহিছিল৷ মোৰ ঘৰ নলবাৰীত৷”

“তোৰ ঘৰ ক’ত, সেইবোৰ আমাক নালাগে৷ কিন্তু ই বেটাই দেখিছোঁ আমাক আকৌ ঠগিলে!”-পিছ ফালৰ পৰা এটা সহ-নেতাই মাত দিলে৷

“তই মিছাকৈ কৈছ!”-নেতাৰ বিশ্বাস হোৱা নাই ৷

“কেলৈনো মিছা মাতিম প্ৰভুসকল?”

“ক’লৈ গ’ল ই?”

“ছিংগাপুৰলৈ৷”

“কি?”

“অ’, ফুৰিবলৈ গৈছে৷”

“কেতিয়া আহিব?”

“এইখন চিঠি দি থৈ গৈছে ৷ চাই ল’বচোন৷”

“চাওঁ দে৷”

“হেৰৌ লোচন৷ পঢ়চোন৷”

তাৰমানে লিডাৰৰ নাম লোচন৷

একদম৷ চিঠিখন শুনাচোন এতিয়া৷

“মৰমৰ ৰাইজ, মৰম ল’ব দেই৷ আপোনালোকৰ টকাবোৰ মই ওভতাই দিম৷ পিছে দুবছৰমান ৰ’ব লাগিব৷ মানুহৰ টকা খাই পলায়ন কৰাৰ দৰে ইমান লেতেৰা কাম এই শিলকণ্ঠ চলিহাই নকৰে দেই৷ সদ্যহতে মই ছিংগাপুৰৰ হাৱা-বতাহ খাই আছোঁ৷ আপোনালোকেও নিজ-নিজ ঘৰত গৈ চাহ-বিস্কুট খাই লওক আৰু আৰামত থাকক৷ ঈশ্বৰে মিলালে পুনৰ দেখা হ’ম দেই ৷ ইতি-মৰমৰ শিল৷”

“ঠগ!!”

“প্ৰৱঞ্চক!!!”

“দুই নম্বৰী!!!”

“ফ’ৰ টুৱেণ্টি!!”

চিঠিখন পঢ়ি শেষ হ’ল কি নাই, মুহূৰ্ততে চৌদিশৰ পৰা সংবিধান-বহিৰ্ভূত বিশেষণৰ স্পষ্ট উচ্চাৰণ আৰু দলিয়া-দলি শুনিবলৈ পোৱা গ’ল৷ যেন ৰাইজে এতিয়াই শিলকণ্ঠক চোবাই চোবাই গিলি থ’ব৷ পিছে সেই বিশেষণ আৰু আস্ফালনে শিলকণ্ঠক স্পৰ্শ কৰিলেগৈ নে নাই-জনা নাযায়৷

চনঃ ২০২১, সময়ঃ পুৱা দহ বাজি পোন্ধৰ মিনিট

ভূমিকম্প আহিছে নেকি!

নাই অহা৷

ছুনামি!

ধেই ! অসমহে এইখন! ছুনামি কেনেকৈ আহিব!

তেন্তে নিশ্চয় বানপানী আহিছে!

আহিব৷ কিন্তু দেৰিকৈ৷ এতিয়া বেলেগ কিবাহে আহিছে৷ চাইনো নোযোৱাহি কেলৈ?

গৈ আছোঁ৷ আগতে সুদৰ্শনক অলপ চাফা কৰি দিওঁ৷

“নমস্কাৰ দৰ্শকসকল! অলপ আগতেই অসমৰ সাহিত্য আৰু ৰাজনৈতিক জগতত এক সাংঘাতিক অঘটন সংঘটিত হৈ যায়৷ এনেকুৱা এটা ঘটনা, এনেকুৱা এটা ঘটনা, যাৰ কোনো তুলনা নাই৷ যাৰ কোনো বিশেষণ নাই৷ তাক কেৱল অনুভৱহে কৰিব পাৰি, চাব বা চুব নোৱাৰি৷ তথাপিও আমি আজি তাকে ক’বলৈ ওলালোঁ৷ মোৰ লগত আছে কেমেৰামেন বিনয়ভূষণ চাংকাকতি৷ বিনয়, ৰাইজক অলপ উৎসৱমুখৰ পৰিৱেশ দেখুৱাই দিয়া৷ টয়লেটবোৰ নেদেখুৱাবা৷”….

“….দৰ্শকসকল! খবৰটো হ’ল, অসমৰ মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত শিলকণ্ঠ চলিহাৰ প্ৰথমখন উপন্যাস ‘দেই’য়ে মুক্তিৰ পাছতেই জনপ্ৰিয়তাৰ সকলো অভিলেখ ভংগ কৰি আকাশ চুবলৈ সক্ষম হৈছে৷ তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল কিতাপখন আজি দুপৰীয়াহে গ্ৰন্থমেলাৰ বাকৰিত মুক্তি দিয়া হৈছিল৷ অৰ্থাৎ, মুক্তিৰ পাছতেই গ্ৰন্থখনে এই সফলতা দেখুৱাবলৈ সক্ষম হৈছে৷ কি যে সাংঘাতিক কথা! কি যে অদ্ভুত কথা!”

“তাতকৈও সুখৰ কথা ৰাইজ, যে আমি এতিয়া আছোঁ লেখক, শিক্ষামন্ত্ৰী শিলকণ্ঠ চলিহাৰ কাষত৷ তেওঁ এতিয়া আমাক কিতাপখনৰ বিষয়ে দুই-এষাৰ কথা ক’ব৷ ছাৰ, আদৰণি জনালোঁ৷”

“নমস্কাৰ! ধন্যবাদ৷”

“ছাৰ এইটো বছৰ বোধহয় আপোনাৰ একদম অত্যন্ত ভাল৷ প্ৰথমবাৰ ইলেকছন খেলি মন্ত্ৰিত্বও পালে, লগতে কিতাপো ওলাল৷ ছাৰ, অনুভৱ কেনে জনাব৷”

“অনুভৱ বৰ ভাল৷ আচলতে এইখন মোৰ আত্মজীৱনীহে৷ উপন্যাসৰ নিচিনা৷”

“মানে আত্মজীৱনীমূলক উপন্যাস!”

“অ’ সেইটোৱেই,সেইটোৱেই ৷ শব্দটো মনলৈকে নাহে৷”

“অলপ বহলাই ক’বচোন৷”

“বহলাই ক’বলৈ গ’লে কিতাপখনৰ চাচপেন্সটো মৰা যাব৷ গতিকে নকওঁ ৷”

“নহ’ব ছাৰ৷ কিবা এটাতো ক’বয়েই লাগিব৷ প্লিজ ছাৰ, প্লিজ!”

“নাই, তুমি প্লিজ প্লিজ কৰি থাকিলেও মই মুখ মেলিব নোৱাৰিম৷ প্ৰকাশকে টেঁটু-চেপা দিবহি ৷ এটাই কথা কওঁ; এইখন কিতাপ যুৱক-যুৱতীৰ বাবে বিশেষকৈ উদীয়মান প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এখন বৰ উল্লেখযোগ্য কিতাপ৷ সৰুতে ব্যাকৰণৰ পুথিত পোৱা এটা শব্দৰ গাত ভেঁজা দি এজন মানুহে জীৱনৰ বিভিন্ন পৰ্যায়ত কিদৰে সফলতা লাভ কৰিলে, তাকেই বৰ দীঘলীয়াকৈ কিতাপখনত লিখিছোঁ৷ ৰাইজে বৰ আনন্দ পাব৷”

“ধন্যবাদ,ছাৰ৷ ধন্যবাদ৷”

“যাওঁ দেই৷”

“ছাৰ, আপোনাৰ পৰৱৰ্তী প্ৰজেক্টৰ বিষয়ে ক’ব নেকি?”

“মুখ্য মন্ত্ৰী হোৱা৷”

“ব্ৰেকিং নিউজ! ব্ৰেকিং নিউজ!”

“ৰাইজ, আপোনালোকে দেখিলে, কিদৰে আমাৰ শিক্ষামন্ত্ৰী শিলকণ্ঠ চলিহাই ৰাইজৰ আগত এনেকৈ, খোলাকৈ, সম্পূৰ্ণ অপেনলি মুখ্যমন্ত্ৰী হ’ম বুলি কৈ দিলে! এই মুহূৰ্তৰ বিগ ব্ৰেকিং! বিগ ব্ৰেকিং! বিগ…”

দেখিলা?

দেখিলোঁ৷

আচলতে কি জানানে লক্সমী! এই যে মানুহবোৰ দেখিছা, মহা হেবাং!

মানে বিষ্ণু! এই অসমৰ মানুহবোৰ!

অ’৷ বোধহয় পৃথিৱীত অসমৰ দৰে হেবাং ৰাজ্য ক’তোৱেই নাই নেকি!
সেইকাৰণে এইবোৰ মানুহক শিলকণ্ঠৰ দৰে মানুহে গোটে-গোটে গিলিব পাৰিছে৷

কেৱল আৰু কেৱল মুখৰ মিঠা মাতটোৰেই কেনেকৈ এই অলগদ্ধটোৱে তিনি কোটি মানুহক বেল বনালে দেখিলা!

বৰ লাজৰ কথা!

লাজ! ক’ৰ লাজ! মানুহবোৰৰ নাক থাকিবও লাগিব নহয়! নিজৰ মাঠা-চাঠা নাই৷ কিবা এটা হ’লেই খালি ভগৱানক সুঁৱৰিব৷ হাৰে, মই ইয়াত বহি বহি কেৱল ইংগিত দিব পাৰোঁ৷ আল্টিমেটলি কামটোতো তহঁতেই কৰিব লাগিব৷
বাৰু, বাদ দিয়া ৷ চাহ খাবা!

দিয়া, চাহকে দিয়া৷ এনেই মাথা নষ্টহে হ’ল৷ দিয়া, সুদৰ্শনটো দিয়া ৷

লোৱা৷ বৰ লেতেৰা হৈছিল৷ চাৰ্ফেৰে ধুই দিয়াত ময়লাবোৰ আঁতৰিছে৷ এবাৰ ঘূৰাই চোৱাচোন৷

বাৰু, চাম ৷

চাফা কৰি অনা সুদৰ্শন চক্ৰটো বিষ্ণুৰ হাতত দি লক্ষ্মীদেৱী পাগঘৰত সোমাল৷ চাহ কৰিবলৈ৷

ইপিনে সুদৰ্শন চক্ৰটো হাতত লৈয়েই ভগৱান বিষ্ণুৱে ওপৰলৈ তাক চলাই দিলে৷ চক্ৰই গৈ ডাৱৰ কেইডোখৰমান কাটি দিলে আৰু লগেলগে

দোপালপিটা বৰষুণ এজাক অসমলৈ নামি আহিল৷

কোৱা বাহুল্য যে, নবীন নগৰত পুনৰ কৃত্ৰিম বানপানী হ’ল৷

☆★☆★☆

5 Comments

  • Rintumoni Dutta

    ঈশানৰ আন এক মাষ্টাৰষ্ট্ৰোক, বঢ়িয়া লাগিল। এইবোৰ কাৰণেই তোমাৰ জাব্ৰা ফেন মই ঈশান

    Reply
  • deepjyoti Handique

    জবাব নাই । অপূৰ্ব ।

    Reply
  • গীতিকা শইকীয়া

    কি যে অনুপম, অনবদ্য লিখনি! বহুত, বহুত বেছি ভাল লাগিল পঢ়ি।

    Reply
  • হেমন্ত কাকতি

    বহুত ভাল লাগিল ঈশান

    Reply
  • মাধুৰ্য্য গোস্বামী

    সাংঘাটিক, অপূৰ্ব প্ৰকাশভংগী। ভাষা নাই।

    Reply

Leave a Reply

Your email address will not be published.