ফটাঢোল

দেতাৰ ভগৱানৰ অৱতাৰ – অসীমা শইকীয়া দত্ত

আমাৰ মাৰ মাক অৰ্থাৎ মোৰ আইতাজনীৰ বিষয়ে লিখিছিলো আগতে।  ছাগলী খেদিবলৈহে যি স্কুলৰ ফিল্ডত ভৰি দি পাইছে কিন্তু শাস্ত্ৰত অগাধ পাণ্ডিত্য। শুনিয়েই সৱ মুখস্থ। ব্ৰহ্মাই নিজৰ পত্নী কোন নাজানে, আইতাই জানে। কুন্তিয়ে কৰ্ণক উটুৱাই পঠিওৱা খৰাহিটো কি বাঁহৰ তালৈকে জানে। সেই হিচাপত সৱেই শলাগোতে শলাগোতে আইতা ওপৰলে উঠি দেউতাৰ ওচৰতো যিটো তাওত থাকিবলে ল’লে যেন দেউতাৰ স্কুলৰ পৰিদৰ্শক তেওঁৱেই। দেউতাৰ আগত জাষ্ট কেমব্ৰিজৰ পৰা আহি জোঁৱায়েকৰ চোতালত এন্ট্ৰি মৰা মোচনতো নকওঁৱেই। আইতাৰ সেইকণ হিম’গ্লবিন আইতাৰ পুতেক এজনৰ গালেও আহিল।

সেইজন মামাই আকৌ ভাওঁনাৰ ভাৱৰীয়াৰ ড্ৰেচ চিলায়। আমাৰ ঘৰলে আহিলে যিটো লেকচাৰ দিয়ে শুনোতাই ভাবিব গোটেই স্বৰ্গখনৰ ড্ৰেছ ডিজাইনাৰ তেওঁৱেই। ইন্দ্ৰ পৰা ধৰি নাৰায়ণলৈকে সকলোৱে ৰথ লৈ আহে মামাৰ ওচৰত কাপোৰ চিলাবলৈ।

‘..…বুইছ নাই বাইদেউ, সিদিনা ৰাৱনক যিটো ড্ৰেছ দিছো মই চিলাই, ইস্! সি ৰাৱনে মোক চাব্বাছ দি ওপৰঞ্চি পইচা দিছে। ব্ৰহ্মাইতো মোৰ বাহিৰে কাৰো ওচৰত কাপোৰ নিচিলাইয়ে।’

দেউতাই আঁতৰৰ পৰা ভোৰভোৰাই থাকে-‘কটা নিধক ব্ৰহ্মাই পিন্ধে কিটো? তাকো আধা পদুম ফুলতে লুকাই থাকে…কটা ,ফুটনি মাৰা খাণ্ডানি। কথাবোৰত ভাওঁনা শব্দতো নলগায়, সঁচাসচি ভগৱান কেইজনেও শুনিছে যদি নিজৰ কাপোৰ বোৰ চুই চাইছে চাগে ,হেৰৌ এইটোৰ ওচৰত কেতিয়া চিলালো বুলি!’

….এবাৰ দেউতাই সেইজন মামাকে নিজৰ কাপোৰ অলপ দি ক’লে,’তোৰতো বহুত টকা, বহুতৰ কাপোৰ চিলাৱ। মোক এইটোৰে কুৰ্তা এটা চিলাই দিবিচোন ফ্ৰীতে, চিলাইৰ পইচা দিবলে নাই কিন্তু’
মামাই কাপোৰকণ চাই ক’লে, ‘ভিনদেউ আধামিটাৰ হ’বনে নাই সন্দেহ। কি চিলাম এইটোৰে?’
‘ধৈ পাৰিবি যাহ, তই এক্সপাৰ্ট দৰ্জী’ – দেউতাই চিঞৰে।

কথা পেলাব নোৱাৰি নিওঁতে নিলে কিন্তু তাৰ পিছত আমাৰ ঘৰৰফালে মুখ নকৰা হ’ল। দেউতাই দুদিন গৈ খবৰ ল’লে। ‘হৈ গৈছে ভিনদেউ পিঠিৰ ফালে কাম এটা আছে’ বুলি দেউতাক পঠিয়াই দিয়ে।

বহুদিন তেনেকৈয়ে গ’ল। দেউতাই বৰ দুখ কৰে-‘হেৰৌ পাষণ্ডটোক দিয়াতকে মইয়ে কিবা এটা চিলাব পাৰিলোহেতেঁন। বৰ দামী কাপোৰ আছিল। গোটেইতো খালে’

এদিন মামা ওলালহি কুৰ্তাটো লৈ। দেউতাই কুৰ্তাটো হাতত লৈ অবাক। হাত দুখন ভাৱৰীয়াৰ কাপোৰৰ দুবকনা। গাটো দেউতাই দিয়া কাপোৰটোৰে মাত্ৰ পিঠিফালে নাটিল বাবে কৃষ্ণই পিঠিত পিন্ধা ওঁম লিখা এবকনা লগাই দিছে। দেউতা কথমপি ধাচকে নপৰিল। মায়ে শলাগি তৎ পোৱা নাই, ‘হয়তোন যিকণ কাপোৰ দিছে সি তাৰ জ্ঞানী মাথাটোৰে বনাই দিব পাৰিছে যে আকৌ! বঢ়িয়া বনাইছে’

মিতব্যয়ী দেউতাই কুৰ্তাটো আলৈ আথানি নকৰিলে। ঘৰতে পিন্ধিবলে ল’লে। ঘৰৰ সবৰে ভক্তিভাৱ এটা বেছিকৈ জাগ্ৰত হ’ল।

এদিন তাকে পিন্ধি আগফালৰ পুখুৰীৰ পানীত নামি দেউতাই দলঘাঁহ কাটি আছিল। সিফালৰ পৰা আহক ববৌ। পিছফালৰ পৰা ওঁম লিখা দেউতাক দেখি  চিনিব নোৱাৰি, কৃষ্ণ পৰভূ বুলি ববৌয়ে সেৱা এটা কৰি দে দৌৰ আমাৰ ঘৰলৈ।

‘..মাকণ ঐ কি অদ্ভূত ঘটনা, মই

মৰিম এতিয়া বেগাই আহ। তহঁতৰ পুখুৰীত স্বয়ং ভগৱানে জলকেলি কৰি আছে। বেগাই আহ  অ’ মাকণ’
ববৌৰ চিঞৰত মা দৌৰি আহিল…’কি হ’ল নবৌ?’

ববৌয়ে মাক লৈ পুখুৰীৰ পাৰ পালেগৈ। ‘সৈয়া চা, জলকেলি কৰি আছে ভগৱন্তই ……অ কিমতে ভকতি কৰিবো ………।’
তেনেতে দেউতাই ঘূৰি, … কিমতে ভকতি…… নেওচা কেওচা দিবলে বহি, ‘হেৰৌ জলকেলি কৰা নাই গৰুলৈ ঘাঁহ কাটিছো’।

মাৰ ফাই …’হয়, কিহলে এই চোলাডাল পিন্ধে নজনাই? পিছফালৰ পৰা ভগৱান বুলি ভাবিবই।’
তেনেতে দেউতাই, ‘চুপ থাক তোৰ ভায়েৰে চিলাইছিলে।  সি মোৰ দামী কাপোৰটোৰ এই দশা কৰিলে, নফটালেকে ভগৱান বনিম’!

শেষত মায়ে যেনিবা লুকুৱাই থলে।

☆★☆★☆

3 Comments

  • কমলা দাস

    বৰ ভাল লাগিল । ঠিকচে হাহিলো

    Reply
  • হেমন্ত কাকতি

    কিচন! কিমতে হাঁহি ৰখাম ঐ!

    ঔচাম অচীমা৷

    Reply
  • অনুৰূপ মহন্ত

    তামাম হাঁহিলো

    Reply

Leave a Reply

Your email address will not be published.