ফটাঢোল

দেৱকান্ত সন্দিকৈ: জীৱন-জগতৰ এক আদৰ্শ প্ৰেমিক

 

অন্ধবিশ্বাসৰ জুইয়ে শেহতীয়াকৈ অসমখন ছানি ধৰাৰ সময়তেই মনত পৰিছিল দেৱকান্ত সন্দিকৈ ছাৰলৈ। ছাৰৰ আদৰ্শক সদায়ে প্ৰণিপাত কৰা মইজনীয়ে ছাৰৰ ফোন নম্বৰ সংগ্ৰহ কৰি শংকামিহলি আবেগেৰে ছাৰলৈ ফোন লগালো।সুদূৰ গুৰগাঁৱলৈ ফুৰিবলৈ যোৱা ছাৰে কিন্তু অপ্ৰত্যাশিতভাৱে ভাল সঁহাৰি জনালে। যিহেতু ছাৰক চাক্ষুসভাৱে লগ পোৱাটো সম্ভৱ নহ’ল গতিকে ফোনযোগে এই সাক্ষাৎকাৰ লোৱাৰ ব্যৱস্থা কৰা হ’ল।
ছাৰৰ দৰে স্পষ্টবাদী তথা যুক্তিত আপোচবিহীন ব্যক্তিত্বৰ সান্নিধ্যলৈ অহাটো ফটা-ঢোলৰ বাবে এক মাইলৰ খুঁটি। ছাৰৰ সতে কথা পতাৰ আগতে ছাৰৰ কিতাপসমূহ পুনৰবাৰৰ বাবে লুটিয়াই বগৰাই চাইছিলো। সাক্ষাৎকাৰৰ বাবে সাজু হ’বলৈ ছাৰৰ লিখনিৰ ভিতৰত যিমানেই সোমাই গ’লো,স্বয়ংক্ৰিয়ভাৱে মুখখন মেল খাই গৈছিল,যেন ফেচবুকৰ “ৱাও” ৰিয়েকচনটোহে।

সন্দিকৈদেৱৰ কৰ্মৰাজি আৰু ‘ফটাঢোল’ আলোচনীৰ কিছু জিজ্ঞাসা:

১)ফটাঢোল: এক চিন্তাকৰ্ষক ব্যক্তিত্ব হিচাপে অসমীয়া ভাষা-সাহিত্যত আলোকপাত কৰা সন্দিকৈ ছাৰৰ সাহিত্যৰ কৰ্মৰাজি বিশেষকৈ যুক্তিৰ ওপৰত নিৰ্ভৰশীল।  ঈশ্বৰ, অলৌকিকতা, অন্ধবিশ্বাস, সৌন্দৰ্য, সংস্কৃতি, জীৱন , সমাজ আদি বিভিন্ন বিষয়ত নিজৰ চিন্তাসূত্ৰত তেখেতে বহুমাত্ৰিক পৰ্যবেক্ষণ তথা বিশ্লেষণ অব্যাহত ৰাখি জটিলতৰ কথাবোৰকো সৰল ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। অতি শক্তিশালী চিন্তা-প্ৰৱাহেৰে যুক্তিৰ সত্যতা প্ৰতিপন্ন কৰিব পৰাটো তেখেতৰ অন্যতম দক্ষতা। ৰমণীয় অনুভৱ, চিন্তা-শিল্প, জীৱনৰ প্ৰথম পাঠ, ককা আৰু নাতিৰ আধুনিক সংলাপ,ঈশ্বৰহীন পৃথিৱীৰ সপোন, জীৱনৰ সুখ-দুখ, এটা সামাজিক বিজ্ঞাপন, মানৱতাৰ সাধনা, পুৱাই দুৱাৰ খুলি দেখা পৃথিৱীখন, জীৱনটো আমি মাথোঁ এবাৰেই পাওঁ – ইত্যাদি অলেখ গদ্যসংকলনেৰে অসমীয়া ভাষা-সাহিত্য টনকিয়াল কৰা প্ৰতিভাশালী আৰু জনপ্ৰিয় লেখকগৰাকীৰ এটা মৌখিক সাক্ষাৎকাৰ ল’বলৈ পাই অনলাইন-আলোচনী ‘ফটাঢোল’ অতিশয় সুখী আৰু আনন্দিত হৈছে৷ ছাৰ, গোটৰ তৰফৰ পৰা আপোনাক নমস্কাৰ জনালোঁ।
•দেৱকান্ত সন্দিকৈ ছাৰ: নমস্কাৰ।
২) ফটাঢোলঃ প্ৰতিটো বিষয়ৰ ওপৰত আপোনাৰ যুক্তিনিষ্ঠ তথা বৈজ্ঞানিক বিশ্লেষণ দেখিলে বিজ্ঞান আপোনাৰ প্ৰিয় বিষয় আছিল যেন লাগে। আনহাতে সমাজৰ বিভিন্ন পৰিঘটনাৰ ওপৰত সূক্ষ্ম বিশ্লেষণ দাঙি ধৰি দেখিলে আপোনাক সমাজবিজ্ঞানৰ ছাত্ৰ আছিল যেন লাগে। আনহাতে আপোনাৰ লিখাৰ যি কায়দা তথা শব্দৰ লুটি-বাগৰেৰে যুক্তি প্ৰতিষ্ঠাৰ যি সাহস, সেই ফালৰ পৰা চাবলৈ গ’লে আপোনাক ভাষা- সাহিত্যৰ ছাত্ৰ যেন লাগে। সেই কথা আপোনাৰ মুখেৰে জানিব বিচাৰিম।
•দেৱকান্ত সন্দিকৈ ছাৰ:মই সমাজবিজ্ঞান বা ভাষা সাহিত্যৰ ছাত্ৰ নাছিলো৷বিজ্ঞানৰ ছাত্ৰ আছিলো যদিও বিজ্ঞান বিষয়ৰ কথাও বিশেষ কিবা জানো বুলি দাবী কৰিব নোৱাৰো৷সমাজৰ ঘটনা পৰিঘটনাবোৰ পৰ্যবেক্ষণ কৰিবলৈ সমাজবিজ্ঞানৰ ছাত্ৰ হোৱাৰ প্ৰয়োজন নাই৷আচলতে সমাজত বাস কৰা প্ৰতিজন ব্যক্তিয়েই সমাজৰ পৰ্যবেক্ষক৷জীৱনত,সমাজত বা প্ৰকৃতি জগতত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণ জানিবলৈ বিচৰাটোৱেই বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক৷কিন্তু মানুহৰ বোধশক্তিৰ সীমাবদ্ধতাৰ কাৰণে আমি বহুত ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ সক্ষম নহওঁ৷আৰু ঘটনাৰ কাৰণ জানিব নোৱাৰিলেই সৰহভাগ মানুহে অবৈজ্ঞানিক,অযুক্তিকৰ তথা কাল্পনিক কথাৰ আশ্ৰয় লয়৷আমি নজনা কথাবোৰক ভৱিষ্যতে জনাৰ সম্ভাৱনাৰ মাজত ৰাখি “নজনা কথা”ৰ ভঁড়ালত থৈ দিলেই হ’ল।কিন্তু আমি জনা কথাবোৰৰ নাম দিওঁ জ্ঞান(বা বিজ্ঞান) আৰু নজনা কথাবোৰৰ নাম “ঈশ্বৰ”!!!
৩) ফটাঢোলঃ  বিহুৰ লগত সংগতি ৰাখি আপোনাক এষাৰ প্ৰশ্ন কৰিবলৈ বিচাৰিছো। “ৰঙালী বিহুও পৰিৱৰ্তনশীল” শীৰ্ষক প্ৰৱন্ধটিত আপুনি উল্লেখ কৰিছে যে, “অসমীয়াৰ বিহু বুলি যদি গাঁৱৰ লেৰেলা-চেপেটা গৰুক গা-ধুওৱা দৃশ্য, গাঁৱৰ দীনহীন জধলা পোছাক –পৰিচ্ছদৰ কৃষক-যুৱকৰ বিহু, গাঁৱৰ বিহুতলীৰ পদুমী, বকুলী, সেউতী, মালতীহঁতৰ স্বাভাৱিক সহজ সৰল বিহুনাচ দূৰদৰ্শনত দেখুওৱা হয়, আমি সকলোৱে লাজ পাম, কিন্তু যদি নগৰ চহৰৰ চকু চাট মৰা ৰূপৰ হাজাৰটকীয়া পোছাক অলংকাৰ পৰিহিতা কোনোবা উদ্ধতবক্ষা, নিতম্বা জুলী, ৰুবী, ববী, বৰ্ণালীৰ বহু অনুশীলিত বিহু নৃত্য দূৰদৰ্শনতৰ জাতীয় কাৰ্যক্ৰমত দেখুওৱা হয়, আমাৰ বুকু গৰ্বত ওফন্দি পৰে। অথচ নগৰলৈ গৈ আমাৰ সংস্কৃতি চুৱা হৈছে বুলি আমিবোৰেই সমালোচনা কৰো”।
এফালে আমি দুখ কৰোঁ আমাৰ নৃত্যই যথাযোগ্য স্বীকৃতি নোপোৱা বুলি, আনফালে বিহু নৃত্যত নতুন ভংগীমা সংযোজন হলে আমিবোৰেই আপত্তি কৰোঁ। সংবাদ মাধ্যমৰ পৰা সমাজ মাধ্যমলৈকে এই লৈ তৰ্ক-বিতৰ্কৰ ওৰ নপৰে। আমি নতুনক আদৰিবলৈ নিবিচাৰোঁ নে পুৰণিক খামুচি ৰাখিব বিচাৰো ?  অথচ সমাজবিদে কৈ গৈছে, সমাজ পৰিৱৰ্তনশীল।
•দেৱকান্ত সন্দিকৈ ছাৰ: আমি  পুৰণিক খামুচি ধৰি থাকিবলৈ তেতিয়ালৈকে বিচাৰো যেতিয়ালৈকে আমি নতুন কিবা এটা উদ্ভাৱন কৰি ল’ব নোৱাৰো। নতুন চোলা এটা কিনিবলৈ সক্ষম নোহোৱালৈকে আমি পুৰণিটোক টাপলি মাৰি হলেও পিন্ধি থাকোঁ বা পিন্ধি থাকিবলৈ বাধ্য হওঁ। সংস্কৃতিৰ ক্ষেত্ৰতো একে কথা। নতুন উদ্ভাৱনৰ লগে লগে সংস্কৃতিয়েও নতুন বা পৰিৱৰ্তিত ৰূপ গ্ৰহণ কৰে।মই সদায় পৰিৱৰ্তন আৰু নতুনত্বত বিশ্বাসী।
ৰঙালী বিহুৰ প্ৰধান উপাদান বিহুনাম, বিহুনাচ, ঢোল-পেঁপা-গগণা বাদন, হুঁচৰি-এইবিলাকত যিসকল প্ৰতিভাৱান ডেকা-গাভৰুৱে নতুনত্ব যোগ দিব পাৰিছে, সেইসকলে বিহুক সেই নতুন ধৰণেৰেই চৰ্চা কৰিছে। যিসকল পুৰণি মনৰ সৃষ্টি-প্ৰতিভাহীন ব্যক্তি, তেওঁলোকে নতুনক সহ্য কৰিব নোৱাৰি সংস্কৃতি ৰক্ষাৰ নামত পুৰণিকে খামুচি থকাৰ পক্ষত থিয় দিছে। কিন্তু সদায় নতুনৰ জয় হয়, পৰিৱৰ্তনশীলতাৰ জয় হয়।
৪) ফটাঢোলঃ ঈশ্বৰ সম্পৰ্কে আপুনি বহুত কথা লিখিছে। সততাক আমি ঈশ্বৰৰ অস্তিত্বৰ লগত লেটি-পেটি কৰি পেলাইছো। ঈশ্বৰ থাকিলে সৎ হ’ম নহ’লে সৎ নহ’ম-এনেকুৱা এটা ধাৰণা ব্যক্তি আৰু সমাজৰ বাবে অতি ক্ষতিকাৰক বুলি আপুনি ঈশ্বৰ সম্পৰ্কে কোনো এক লিখনিত উল্লেখ কৰিছে। আনে নভৱা এনে এখন ঈশ্বৰহীন পৃথিৱীৰ সপোন দেখিবলৈ আপোনাক কিহে উৎসাহ জন্মাইছিল ?
•দেৱকান্ত সন্দিকৈ ছাৰ: মানুহ সৎ হোৱাৰ লগত ঈশ্বৰৰ কোনো সম্পৰ্ক থকা উচিতেই নহয়৷ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস থকাজন সৎ, নথকাজন অসৎ-এইটো এটা ভয়ংকৰ মিথ্যাচাৰ৷বৰং সৰহ ক্ষেত্ৰতে তাৰ বিপৰীতটো সত্য। ইয়াৰ প্ৰমাণ পাবলৈ আমি বেছি কষ্ট কৰিবই নালাগে৷জীৱন-জগত সৃষ্টিৰ কাৰণ এটা নিশ্চয় আছে৷যিটো আমি আমাৰ বোধশক্তিৰ সীমাবদ্ধতাৰ বাবে নাজানো৷কিন্তু যিটো অৰ্থত আৰু উদ্দেশ্যত ঈশ্বৰ নামৰ সত্ত্বাৰ অস্তিত্বত বিশ্বাস কৰি মানুহে দৈনন্দিন জীৱনত লাভৱান হ’বলৈ চেষ্টা কৰে, সেই ঈশ্বৰৰ কোনো অস্তিত্ব নাই৷এই সম্পৰ্কে আমি শতকৰা এশভাগ নিশ্চিত৷হয়, মই এখন ঈশ্বৰহীন পৃথিৱীৰ সপোন দেখো,য’ত ঈশ্বৰৰ নামত চলি থকা ভুৱা আৰু প্ৰতাৰণামূলক ব্যৱসায়বোৰ নাথাকিব।
৫)ফটাঢোলঃ ছাৰ, অভিধানিক অৰ্থত ধৰ্ম মানে জীৱন যাপনৰ এক প্ৰণালী। আপোনাৰে উক্তি টানি আনিছো, “পানীৰ ধৰ্ম যিদৰে ওখৰ পৰা চাপৰলৈ বৈ যায়, জীৱনৰ ধৰ্মও তেনেকৈ জন্মৰ পৰা মৃত্যুলৈ জীয়াই থকা”।
অথচ আজিৰ পৃথিৱীখনত ধৰ্মই নিতৌ নতুন ৰূপত আত্মপ্ৰকাশ কৰি আছে। ধৰ্মই মানুহক দলীয় ভাগত বিভক্ত কৰিছে, সৰু সৰু দলবোৰ একত্ৰিত কৰাৰ বিপৰীতে সামগ্ৰিকভাৱে সমাজখনক বিভাজন কৰিছে। ধৰ্মৰ আচৰণসমূহত লাগি থাকোতে আমি মানৱতাৰ প্ৰয়োজনীয় কথাবোৰৰ ফালে চকু দিবলৈ আহৰি পোৱা নাই। প্ৰকৃততে ধৰ্মৰ এয়ে লক্ষ্য আছিলনে ?
•দেৱকান্ত সন্দিকৈ ছাৰ: ধৰ্মৰ ব্যৱসায় চলি থাকিবলৈকে বিজ্ঞাপন হিচাপে ধৰ্মৰ প্ৰকৃত উদ্দেশ্য মানৱতা সেৱা বুলি আওৰাই থকা হয়৷যদি সভ্যতাৰ আৰম্ভণিতে ঈশ্বৰৰ ভয় দেখুৱাই মানুহক সৎ আৰু সভ্য হ’বলৈ চেষ্টা কৰা হৈছিল, সেই চেষ্টা যে সফল নহ’ল বা কেতিযাও নহয়,আমাৰ সমাজ বাস্তৱতাই তাৰ প্ৰমাণ৷এই ভুল প্ৰচেষ্টাটোৱে এনেকুৱা ৰূপ ল’লে যে,এতিয়া হত্যাকাৰীজনেও হত্যা কৰাৰ আগত ঈশ্বৰৰ নাম লোৱা দেখা যায়৷ধৰ্ম একতাৰ বান্ধোন নহয়৷ই মানুহৰ মাজত বিভেদৰহে কাৰণ৷সুন্দৰ, সুখী, যুক্তিপূৰ্ণ,প্ৰেমময় তথা মানৱীয় আচৰণপূৰ্ণ জীৱন যাপন কৰিবলৈকে আমি ঈশ্বৰবিশ্বাস আৰু ধৰ্ম ত্যাগ কৰিব লাগিব৷
৬)ফটাঢোলঃ অন্ধবিশ্বাস আৰু আধ্যাত্মিকতাৰ মাজত এক সম্পৰ্ক আছে বুলি আপুনি ক’ব বিচাৰেনেকি ?
•দেৱকান্ত সন্দিকৈ ছাৰ: অন্ধবিশ্বাস আৰু আধ্যাত্মিকতা বেলেগ বস্তু নহয়। আধ্যাত্মিকতাই অন্ধবিশ্বাস। সমালোচনাৰ সন্মূখীন হ’লেহে আধ্যাত্মিকতাবাদীয়ে মিছাকৈ কয় যে,“আধ্যাত্মিকতাই দয়া কৰুণা, প্ৰেম, ভাতৃত্ব, অহিংস, সহিষ্ণুতা, ক্ষমা, সহানুভূতি আদি মানৱীয় গুণবোৰ প্ৰতিফলিত কৰে”। কিন্তু এইবোৰ এজন মানুহৰ গাত অৱশ্যেই থাকিবলগা স্বাভাৱিক মানৱীয় গুণ বা বৈশিষ্ট্য বা মানৱতা।বাস্তৱিকতে আধ্যাত্মিকতাৰ চৰ্চাৰ বিষয় তথাকঠিত আত্মা পৰমাত্মা, অলৌকিকতা তথা কাল্পনিক এখন অদৃশ্য জগত।
৭) ফটাঢোলঃ আপোনাৰ অন্যতম বিষয় হৈছে প্ৰেম আৰু জীৱন। ‘ৰমণীয় অনুভৱ’ত আপুনি বাৰে বাৰে জীৱনৰ প্ৰেমত পৰাৰ আকাংখা ব্যক্ত কৰিছে। বাৰে বাৰে আপুনি পৃথিৱীৰ প্ৰেমত পৰাৰ ইচ্ছা ব্যক্ত কৰিছে। বাৰে বাৰে আপুনি ‘তোমাৰ’প্ৰেমত পৰিম বুলি ইচ্ছা প্ৰকাশ কৰিছে। এই ‘তুমি’গৰাকীক আপুনি ক’ত কেতিয়াকৈ প্ৰথম লগ পাইছিল জানিব পাৰিম নেকি ?
•দেৱকান্ত সন্দিকৈ ছাৰ: হয়।প্ৰেমেই জীৱন বা জীৱনৰ সাৰাংশটোৱে হ’ল প্ৰেম।জীৱন জগতৰ প্ৰতি প্ৰেম-ভালপোৱা-আকৰ্ষণ আৰু মোহ শেষ হোৱাজনে আত্মহননৰ পথ বাচি ল’ব পাৰে। প্ৰেম মানে কেৱল ডেকা গাভৰুৰ মাজৰ যৌৱনসুলভ আকৰ্ষণ বুলি সংকীৰ্ণ অৰ্থত বুজিলে নহ’ব।প্ৰকৃতি জগতৰ যিফালে চকু দিওঁ,সকলোতে কেৱল ভাললগা বা ভালপোৱাৰ উপাদানেই নাথাকেনে?আমি ভালপাওঁ বা প্ৰেম কৰোঁ বাবেই পৃথিৱীখন ইমান মোহনীয় হৈ উঠা নাইনে?
মই নিজকে সদায় সৌন্দৰ্যবিলাসী, প্ৰেমবিলাসী বা জীৱনবিলাসী ব্যক্তিৰূপে পৰিচয় দিবলৈ ভাল পাওঁ। উল্লেখিত “তুমি” এটা কাল্পনিক সৰ্বনাম। এই সৰ্বনামে সৰ্বতুমিকে সামৰে। বিশেষ “তুমি” এদিন আছিল, যি আজি “মই”ত বিলীন হৈ গ’ল।
৮) ফটাঢোলঃ সাহিত্য ৰচনাৰ প্ৰতি কেনেকৈ আৰু কিদৰে আকৰ্ষিত হ’ল ?  জীৱনত পোনপ্ৰথমবাৰৰ  বাবে  কেতিয়া  আৰু  কি  লিখিছিল?
•দেৱকান্ত সন্দিকৈ ছাৰ: জীৱনত মোৰ প্ৰথম প্ৰকাশিত ৰচনা এখন চিঠি আৰু তাৰ দুসপ্তাহমানৰ পিছতে এটা প্ৰবন্ধ হোমেন বৰগোহাঞি সম্পাদিত “সাপ্তাহিক নীলাচল”ত,১৯৭৩ চনত। জীৱন আৰু সমাজৰ বাস্তৱতালৈ চকু দি থাকোতে এদিন লিখিবলৈ মন গ’ল।তেনেকৈয়ে এদিন আৰম্ভ কৰিলো।
৯) ফটাঢোলঃ আপোনাৰ শৈশৱৰ বিষয়ে ক’ব নেকি ? শিশুকালত পিতৃ-মাতৃৰ শাসন কেনেকুৱা আছিল ? যিহেতু আপুনি ডিকমৰ সেউজ পৰিবেশত ডাঙৰ দীঘল হৈছিল, আপোনাৰ মনটোত ই নিশ্চয়কৈ এক যোগাত্মক প্ৰভাৱ পেলাইছে। শৈশৱৰ স্মৰণীয় কোনো ঘটনাৰ বিষয়ে ক’ব নেকি ?
•দেৱকান্ত সন্দিকৈ ছাৰ: মোৰ শৈশৱ গ্ৰাম্য জীৱনত লগৰীয়াৰ সৈতে মুক্তমনেৰে খেলি ফুৰা এটা সহজ শৈশৱ।অতি গতানুগতিক তথা সাধাৰণ।মা-দেউতাৰ একমাত্ৰ পুত্ৰসন্তান হিচাপে বৰ বেছিকৈ মৰম পাই আলসুৱা হ’লো।হয়,ডিকম অঞ্চলৰ আমাৰ গাঁওৰ তেতিয়াৰ সেউজ পৰিবেশে সঁচাকৈয়ে মোৰ জীৱনত এটা যোগাত্মক প্ৰভাৱ পেলাইছিল। হাবিয়ে-বননিয়ে বনৰীয়া ফলমূল বিচাৰি খোৱা, বৰশী টোপোৱা,ৰবাব টেঙাৰে বল খেলা আদি বিচিত্ৰ অভিজ্ঞতাৰে মোৰ শৈশৱ পূৰ্ণ হৈ আছে।


১০) ফটাঢোলঃ আপুনি বিবেকক গুৰুত্ব দিয়ে। আপোনাৰ লিখনিত মানৱতাৰ প্ৰতি এক গভীৰ আস্থা দেখা যায়। এনেধৰণৰ চিন্তাধাৰাক গঢ় দিবলৈ হ’লে আপোনাৰ কৈশোৰ কালছোৱা এক সুস্থ পৰিবেশত ডাঙৰ হোৱাটো নিতান্তই প্ৰয়োজন। সেই সুস্থ পৰিবেশৰ বিষয়ে চমু পৰিচয় বিচাৰিম।
•দেৱকান্ত সন্দিকৈ ছাৰ: শৈশৱ কৈশোৰত আই, দেউতা আৰু বাইদেউহঁতৰ মৰম চেনেহৰ উমে জীৱনৰ প্ৰতি এটা সুস্থ দৃষ্টিভংগী গঢ় দিয়াত সহায় কৰিছিল বুলি অৱশ্যেই ক’ব পাৰোঁ। সহজ সৰল গ্ৰাম্য পৰিবেশত কোনোধৰণৰ জটিলতাৰ সন্মূখীন হোৱাৰ কথা মনত নপৰে।সপ্তম শ্ৰেণীত থাকোতেই দেউতাৰ মৃত্যু হৈছিল।মোৰ পিতৃসম দদাইদেৱে তাৰ পিছৰ পৰা মোৰ পঢ়া-শুনাৰ সমস্ত দায়িত্ব লৈ মোৰ নিজৰ ভৰিত নিজে থিয় হ’ব পৰা অৱস্থা এটাত উপনীত কৰাইছিল। মোৰ দদাইদেউৰ দৰে ব্যক্তি আজিৰ দিনত বিৰল।বিবেক, মানৱতা, পৰোপকাৰ আদি গুণবোৰ আমাৰ মাজৰ পৰা হেৰাই যোৱা বুলি আমি তেতিয়া আক্ষেপ কৰিবলগা নহৈছিল।
১১) ফটাঢোলঃ আপুনি জ্যোতিষবিদ্যাৰ ভিত্তিটোৱেই চূড়ান্ত ভণ্ডামি বুলি লিখিছে। অথচ জ্যোতিষীবিদ এজনৰ দৰেই বতৰবিজ্ঞানী এজনেও বতৰৰ বতৰা দিবলৈ যাওঁতে সম্ভাৱনাৰ কথাহে ব্যক্ত কৰে, যেনে ধৰক, অমুক অঞ্চলত ঘূৰ্ণী বতাহৰ সম্ভাৱনা আছে নতুবা অহা তিনিদিনলৈ বৰষুণৰ সম্ভাৱনা নাই। এই ‘সম্ভাৱনা’ শব্দটো বতৰ বিজ্ঞান কেন্দ্ৰত কিয় প্ৰযোজ্য ?
•দেৱকান্ত সন্দিকৈ ছাৰ: বতৰ বিজ্ঞানৰ ‘সম্ভাৱনা’ আৰু জ্যোতিষবিদ্যাৰ ‘সম্ভাৱনা’ একে নহয়।আকাশত দেখা ডাৱৰখিনিৰ পৰা বৰষুণ হ’বও পাৰে, নহবও পাৰে।কিন্তু বৰষুণ হ’বলৈ ডাৱৰ লাগিবই।আকাশত মেঘ জমা হোৱাৰ বতৰ বৈজ্ঞানিক কাৰণ উদ্ভৱ হ’লে বতৰ বিজ্ঞানীয়ে বৰষুণৰ সম্ভাৱনাৰ বিষয়ে আগজাননী দিয়ে।কিন্তু আকাশৰ গ্ৰহ-নক্ষত্ৰৰ কোনো এটা বিশেষ অৱস্থানৰ পৰা পৃথিৱীৰ মানুহ এজনৰ জীৱনত কি হ’ব, এই কথা জনাৰ কোনো ভিত্তি নাই।এই বিষয়ে কোনো গৱেষণাও হোৱা নাই। তথাকথিত ঋষি-মুনিয়ে আৱিষ্কাৰ কৰা কথা হিচাপে এইবোৰ মানুহে বিশ্বাস কৰি আহিছে। জ্যোতিষীয়ে মানৱ জীৱনৰ ‘সম্ভাৱনা’ৰ কথা ক’ব পৰাকৈ গ্ৰহ-নক্ষত্ৰৰ অৱস্থানবোৰ গঢ় লৈ নুঠে-যেনেকৈ বেলি ওলোৱা, অস্ত যোৱা, দিন ৰাতি হোৱা, চন্দ্ৰ-গ্ৰহণ, সূৰ্য-গ্ৰহণ হোৱা আদিবোৰ সাধাৰণ প্ৰাকৃতিক ঘটনা, তেনেকৈ গ্ৰহ-নক্ষত্ৰৰ অৱস্থানো মহাকাশৰ স্বাভাৱিক সাধাৰণ ঘটনা। এইবোৰ অৱস্থানে পৃথিৱীৰ মানুহ এজনৰ বিবাহৰ সম্ভাৱনা বা চাকৰিৰ সম্ভাৱনাৰ কথা কেনেকৈ ক’ব? জ্যোতিষবিদ্যাৰ সম্ভাৱনা কেৱল প্ৰতাৰণা।ই এক প্ৰতাৰণাৰে জীৱিকা।
১২)ফটাঢোল: আপুনি “চিন্তা আৰু যুক্তি” শীৰ্ষক এটা প্ৰৱন্ধত লিখিছিল -‘যুক্তি,সত্য আৰু বিজ্ঞান-এই তিনি অভিন্ন বন্ধুৰ লগত আমিও বন্ধুত্ব স্থাপন কৰি ল’ব পাৰিলে আমাৰ দৈনন্দিন জীৱন যাত্ৰা মসৃণ,সুচল,আৰামদায়ক তথা সুখৰ হ’বই।’….এই কথাষাৰ গ্ৰহণ কৰি ল’বলৈ কষ্ট হয়।  কাৰণ আমাৰ সমাজত যুক্তিবাদী,সত্যবাদী আৰু বৈজ্ঞানিক চিন্তাসম্পন্ন মানুহ এজনেহে সঘনাই বাধা,উপলুঙা,মানসিক আৰু কেতিয়াবা শাৰীৰিক আক্ৰমণৰ সন্মুখীন হয়। আপুনি প্ৰৱন্ধত গেলিলিওৰ প্ৰসংগ টানি আনিছে। আপুনি জানেই- সত্যক আৱিষ্কাৰ কৰাৰ কাৰণে কিদৰে গেলিলিৱো অসহনীয় সামাজিক ভৎসৰ্নাৰ মুখামুখি হৈছিল। সত্য আৰু যুক্তিক দমন কৰাৰ অমানৱীয় দুৰাকাংক্ষাটো এতিয়াও সমাজৰ পৰা অৱলুপ্তি ঘটা নাই। ‘বৃহস্পতিবাৰে চুলি কাটিব নাপায়’-কিয় নাপায় ?ইয়াৰ এটা যথোপযুক্ত উত্তৰ বিচাৰি যোৱা শিশুটোক পিতৃ-মাতৃয়ে দাবি-ধমকহে দিয়ে।তেনে এটি শিশুৱে ভৱিষ্যতে ডাঙৰ হৈ বৈজ্ঞানিক চিন্তাসম্পন্ন হ’লেও তেওঁ অতিক্ৰম কৰি অহা পথছোৱা অত্যন্ত প্ৰত্যাহ্বানজনক আৰু শ্বাসৰুদ্ধকাৰীহে হ’ব। দৈনন্দিন জীৱনত ‘নাপায়’ বোলা মানুহৰ সংখ্যাটোৰ বিৰুদ্ধে তেওঁৰ অকলশৰীয়া যুক্তিবাদী,সত্যবাদী মনটোৱে অনবৰতে যুঁজ দিব লাগিব।আপোনাৰ দৃষ্টিত-এই যুঁজাৰু মানসিকতাই ‘সুচল,আৰামদায়ক,মসৃণ,সুখী জীৱন’ৰ সমাৰ্থক নেকি ?
•দেৱকান্ত সন্দিকৈ ছাৰ: হয়, মই এতিয়াই বিশ্বাস কৰো যে, যুক্তি সত্য আৰু বিজ্ঞানৰ আশ্ৰয় লব পাৰিলে জীৱনযাত্ৰা সুখদায়ক হ’বই।আৰু মই নিজে সেইমতে জীৱনটো পৰিচালিত কৰিবলৈ চেষ্টা কৰি বহু পৰিমাণে সফল হৈছো।আৰু যদি যুক্তিৰে আমাৰ সামৰ্থই ঢুকি পোৱাকৈ জীৱনৰ প্ৰয়োজনীয় কি,অপ্ৰয়োজনীয় কি বিচাৰি ল’ব জানো তেতিয়া কোনেও নোপোৱাৰ অশান্তিত ভূগিব লগা নহয়। প্ৰকৃততে এজনৰ সামৰ্থৰ লগত এজনৰ আকাংখাৰ যুক্তিপূৰ্ণ সামঞ্জস্য নথকাৰ পৰাই সকলো সমস্যা আৰু অশান্তিৰ উদ্ভৱ হয়, আনহাতে আমাৰ প্ৰচলিত সমাজব্যৱস্থাত এই কথাও সঁচা যে বহু সামৰ্থৱানেও নিজৰ যোগ্যতা অনুসৰি নোপোৱাৰ ক্ষোভ আৰু বেদনাত ভূগি থাকিবলগা হয়।আমি মিছা কথা কৈ চলিব নোৱাৰো।মিছাৰে অৰ্জা সফলতাৰ আনন্দ ক্ষন্তেকীয়া।গতিকে ‘সত্য’ সুখী জীৱনৰ এটা অপৰিহাৰ্য উপাদান।আৰু বিজ্ঞানৰ কথা ক’বই নালাগে।বিনা বিজ্ঞানে আমি একঘন্টাও অতিবাহিত কৰিব নোৱাৰো।গতিকে মই দৈনন্দিন জীৱনৰ সুখ-আনন্দৰ বাবে যুক্তি, সত্যৰ আৰু বিজ্ঞানৰ অপৰিহাৰ্যতা আজিও মানো।
তুমি ঠিকেই কৈছা,যুক্তি অনুশীলন,সত্যানুসন্ধান আৰু বিজ্ঞান সাধনাৰ পথ কিন্তু বৰ মসৃণ, আৰামদায়ক আৰু সুখৰ নহয়।এই পথত অযুক্তি, মিথ্যাচাৰ আৰু অবিজ্ঞানৰ সহজ “সামাজিক ফল” ভোগ কৰি থকাসকলৰ ফালৰ পৰা প্ৰচণ্ড বাধা পোৱা যায়।সভ্যতাৰ ইতিহাস এনেকুৱা বাধাবোৰ অতিক্ৰম কৰাৰ ইতিহাস।যুক্তি তথা সত্য প্ৰতিষ্ঠা আৰু বৈজ্ঞানিক পৰিবেশ ৰচনাৰ বাবে অলেখ মহৎ লোকে ত্যাগ কৰাৰ ইতিহাস।
হয়।যুদ্ধৰ পিছত শান্তি আহে। গতিকে যুঁজ কৰি প্ৰতিষ্ঠা কৰা যুক্তি সত্যৰ আৰু বিজ্ঞানৰ পৰিবেশৰ পৰাও শেষত গৈ সুখ শান্তি আৰু আনন্দও পোৱা যায়।
১৩) ফটাঢোলঃ  বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক হিচাপে আপুনি চাগৈ ঘৰৰ ভিতৰৰ ‘বতৰৰ  বতৰা’ও আগতীয়াকৈ নিৰ্ধাৰণ কৰিব পাৰে ? পূৰ্বনিৰ্ধাৰণে হয়তো আপোনাক সংকটজনক পৰিস্থিতিত পৰাৰ পৰা বচাই দিয়ে ? এইবিষয়ে দুটি ৰসাল উদাহৰণ ?
•দেৱকান্ত সন্দিকৈ ছাৰ: ‘ঘৰৰ ভিতৰৰ বতৰৰ বতৰা’ জানিবলৈ মোৰ মৰমৰ পত্নীৰ মুখখনেই নিৰ্ভৰযোগ্য বেৰোমিটাৰ অথবা থাৰ্মোমিটাৰ। কেতিয়া উত্তাপ বাঢ়িব, কেতিয়া হেঁচা(প্ৰেছাৰ) বাঢ়িব বা কমিব, সন্তোষ-অসন্তোষ-আনন্দ-তৃপ্তিৰ বতাহ কোনদিশে বলিব-পত্নীৰ মুখখনতে সকলো লিখা থাকে। কেতিয়াবা প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ ভয় নোখোৱাও নহয়…………
১৪) ফটাঢোলঃ অসমীয়া সমাজত আপোনাৰ দৰে যুক্তিবাদী লেখকৰ সংখ্যা কম। বৈজ্ঞানিক ধ্যান ধাৰণাত অসম আৰু বাকী অঞ্চলৰ তুলনাত্মক বিশ্লেষণ আপোনাৰ বাবে কেনেধৰণৰ ?
•দেৱকান্ত সন্দিকৈ ছাৰ: চিন্তাহীনতা আৰু কাল্পনিক কথাৰ ওপৰত প্ৰশ্নহীন বিশ্বাসে বহুত উচ্চশিক্ষিত মানুহৰো মন-মগজু এনেকৈ কলুষিত কৰি ৰাখিছে যে যুক্তিৰ প্ৰৱেশ তাত নিষিদ্ধ।মহাভাৰতৰ দিনৰ ইন্টাৰনেট থকাৰ কথা বা প্লাষ্টিক চাৰ্জাৰী থকাৰ কথা এইসকল শিক্ষিত লোকেই মনে-প্ৰাণে বিশ্বাস কৰে।কিন্তু অতি আশাপ্ৰদৰ কথা যে, আজিৰ নৱপ্ৰজন্মই এনেকুৱা চিন্তা-চৰ্চা ত্যাগ কৰি যুক্তি আৰু বিজ্ঞানৰ পথত অগ্ৰসৰ হৈছে। ধীৰ গতিৰে হলেও সমাজত যুক্তিবাদী লোকৰ সংখ্যা বাঢ়িছে। বিপৰীতে আমাৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাটোৱে যুক্তি আৰু বিজ্ঞানতকৈ অন্ধবিশ্বাস আৰু যুক্তিহীন পৰম্পৰাক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। কিন্তু তেওঁলোকৰ অবাঞ্চনীয় কথা-কাণ্ডক সকলোৱে একেমুখে প্ৰতিবাদ কৰিবলৈ লোৱা কাৰ্যই জনসাধাৰণৰ মাজত যুক্তি-সচেতনতা বৃদ্ধি হোৱাকে প্ৰমাণ কৰিছে।
১৫) ফটাঢোলঃ লিখা-মেলাৰ  বাহিৰেও  আপুনি  কেনেধৰণৰ  কামবোৰ কৰি  নিৰ্ভেজাল আনন্দ আৰু  অকৃত্ৰিম  সুখ  লাভ  কৰে?
•দেৱকান্ত সন্দিকৈ ছাৰ: মই খুব বেছি একো নকৰো, কৰাৰ ক্ষমতাও নাই।এলাহৰ ক্ষেত্ৰত মই এজন আদৰ্শ অসমীয়া।সোৰোপালি মোৰ জন্মস্বত্ব অধিকাৰ। কিন্তু যি সামান্য কৰোঁ, আন্তৰিকতাৰে কৰোঁ। আৰু তাৰ পৰা আনন্দ আহৰণ কৰিব পৰাকৈ কৰোঁ। পুৱা কেতিয়াবা দুকাপ চাহ কৰি একাপ মই খাওঁ, একাপ পত্নীক দিওঁ। পত্নীয়ে চাহকাপ খুব ভাল হোৱা বুলি কয়,কেতিয়াবা ৰান্ধো,পৰিস্কাৰ কৰো,মেচিনে ধোৱা কাপোৰ ভালকৈ পৰিস্কাৰ নহয় যেন লাগে,নিজৰ চোলাটোৰ কলাৰৰ মলি খচি গুচাই ধোৱাৰ আনন্দই বেলেগ।শাক-পাচলিৰ পৰা মাছ-মাংসলৈকে সকলো বস্তু নিজে বজাৰৰ পৰা কিনো।মোৰ কোনো বস্তুৰে সৰহকৈ নাই।কিন্তু সকলো বস্তুৱেই অকণমান হলেও আছে।তোমালোকে ভবাৰ দৰে মোৰ জ্ঞান-বুদ্ধিও সৰহকৈ নাই। কিন্তু সংসাৰত কাম চলি যাব পৰাকৈ আছে। সেয়েহে মই অকৃত্ৰিমভাৱে সুখী আৰু নিৰ্ভেজালভাৱে আনন্দিত।
১৬) ফটাঢোলঃ প্ৰত্যেকৰে মানসপটত কোনো এজন প্ৰিয় ব্যক্তিৰ সাঁচ বহা দেখা যায়, যাৰ চিন্তাধাৰাই আজীৱন দিকনিৰ্ণায়ক ৰূপে ধৰা দিয়ে। আপোনাৰ জীৱনত তেনে কোনো ব্যক্তিৰ প্ৰভাৱ আছেনেকি ?
•দেৱকান্ত সন্দিকৈ ছাৰ: আছে, দুগৰাকী স্বানামধন্য ব্যক্তিৰ প্ৰভাৱ মোৰ জীৱনত আছে। শ্ৰীযুত হোমেন বৰগোহাঞিদেৱ আৰু প্ৰয়াত ড০ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ।দুয়োগৰাকী ব্যক্তিৰ যুক্তিনিষ্ঠতা আৰু গদ্যৰ সৰলতা তথা স্পষ্টতাই মোক প্ৰভাৱিত কৰি আহিছে।
১৭) ফটাঢোলঃ অসমত পাঠকৰ সংখ্যা কমিছে বুলি কোৱা হয়। কিতাপৰ সংখ্যা বাঢ়িছে, লেখকৰ সংখ্যাও বাঢ়িছে, কিন্তু লেখকে যেন উচিত স্বীকৃতি পোৱা নাই। সমান্তৰালভাৱে বৌদ্ধিক সমাজত কিছুমান অপপ্ৰচাৰো হোৱা দেখা যায়, যিবোৰে জনমানসত লেখকৰ মানদণ্ড তললৈ নমায়। এই বিষয়ে আপোনাৰ অভিমত কেনে ধৰণৰ ?
•দেৱকান্ত সন্দিকৈ ছাৰ: অসমত পাঠকৰ সংখ্যা অসমীয়া শিক্ষিত জনসংখ্যাৰ অনুপাতে নাবাঢ়িলেও একেবাৰে কমি যোৱা বুলিও ক’ব নোৱাৰি। নাবাঢ়িলেও নকমিলেও অন্তত একেই আছে,কাৰণ পঢ়িবলৈ ভালপোৱাজনে কেতিয়াও পঢ়িবলৈ নেৰে।মানুহে সকলো বস্তুৰে ভালখিনিহে গ্ৰহণ কৰে।ভাল খাদ্য,ভাল পোছাক,ভাল গান,ভাল চিনেমা ভালপোৱাৰ দৰে ভাল কিতাপো মানুহে নপঢ়াকৈ নাথাকে।সকলো সময়তে কেৱল পাঠককে দোষ দি নাথাকি লেখকসকলেও আত্মসমালোচনা কৰা উচিত।ইন্টাৰনেট,স্মাৰ্টফোনৰ যুগত পাঠকক পঢ়িবলৈ বাধ্য কৰিব পৰাকৈ আমিনো কিমান ভাল লিখিব পাৰিছো সেই কথাও ভবা উচিত।ভাল লেখাই স্বীকৃতি নোপোৱাকৈ থাকিব বুলি মই নাভাবো।
১৮) ফটাঢোলঃ  নতুন প্ৰজন্মৰ লিখকসকললৈ আপোনাৰ দুআষাৰ ক’বনেকি ?
•দেৱকান্ত সন্দিকৈ ছাৰ: সকলো কথা যুক্তিপূৰ্ণভাৱে ভাৱক,কওক আৰু লিখক। ধৰ্ম,ঈশ্বৰবিশ্বাস,আধ্যাত্মিকতাকে আদি কৰি সকলো ধৰণৰ অন্ধবিশ্বাস, কুসংস্কাৰ ত্যাগ কৰি বিশুদ্ধ মানৱতাবাদৰ আশ্ৰয় লওক।
১৯)ফটাঢোল: চচিয়েল মেডিয়া সম্পৰ্কে আপোনাৰ মতামত কেনেধৰণৰ ?
•দেৱকান্ত সন্দিকৈ ছাৰ: চচিয়েল মেডিয়াই জনমত গঠন কৰি অসাধ্য সাধন কৰিব পাৰে।ন্যস্ত স্বাৰ্থৰ মিথ্যাচাৰ আৰু জনবিৰোধী কৰ্মবোৰ উদঙাই জনসাধাৰণক সজাগ সচেতন কৰে।কিন্তু আমি সাৱধান হ’ব লাগিব যে, চচিয়েল মেডিয়াক ন্যস্ত স্বাৰ্থইও নিজৰ উদ্দেশ্য পূৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে।সকলো বস্তুৰে ভাল-বেয়া বা সুব্যৱহাৰ,কুব্যৱহাৰ আছে। চচিয়েল মেডিয়াৰো আছে।আমি সুব্যৱহাৰত গুৰুত্ব দিব লাগিব।
২০)ফটাঢোল: এই যে অনলাইন আলোচনী এখনৰ বাবে কিছু সংখ্যক যুৱক-যুৱতীয়ে নিস্বাৰ্থভাৱে কাম কৰি আছে, তেওঁলোকৰ বাবে আপোনাৰ বহুমূলীয়া পৰামৰ্শ বিচাৰিম।
•দেৱকান্ত সন্দিকৈ ছাৰ: তুমি যে কৈছা,“কিছু সংখ্যক যুৱক-যুৱতীয়ে নিস্বাৰ্থভাৱে কাম কৰি আছে”,এই কথাটোৱেই আজিৰ দৰে দুঃসময়ৰ এটা অতি যোগাত্মক খবৰ। তেওঁলোকৰ দৰে যুৱক-যুৱতীয়ে অনবৰতে সুচিন্তা, সুসৃষ্টিত ব্ৰতী হৈ আছে।তেওঁলোকেই আমাৰ ভৱিষ্যতটো উপযুক্তভাৱে গঢ়িব।মই এজন অতি আশাবাদী ব্যক্তি।লগতে জীৱন-জগতৰ উগ্ৰ প্ৰেমিক।“সমাজখন ৰসাতলে গ’ল” বুলি অনবৰতে আক্ষেপ কৰি থকা ব্যক্তিসকলক মই বৰ বেয়া পাওঁ। তোমালোকৰ দৰে নতুন চিন্তা কৰিব পৰা বুদ্ধিমান, পৰিশ্ৰমী যুৱক-যুৱতীসকলেই আমাৰ ভৱিষ্যতৰ ভৰসা।
২১)ফটাঢোল: ফটাঢোলৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
•দেৱকান্ত সন্দিকৈ ছাৰ: তোমালোকলৈও আন্তৰিক ধন্যবাদ।

☆★☆★☆

11 Comments

  • পাৰবীন

    ছাৰৰ মহান ব্যক্তিত্বৰ সৈতে পৰিচিত হ’বলৈ পাই অশেষ গৌৰৱ অনুভৱ কৰিছো ।

    Reply
  • ৰিণ্টু

    চাৰৰ বিষয়ে জানিবলৈ পাই খুব ভাল লাগিল।

    বিশ নম্বৰ প্ৰশ্নটোৰ উত্তৰটোৱে উৎসাহ দিলে, অনুপ্ৰাণিত হ’লো

    Reply
  • Padma Gogoi

    মোৰ

    Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল। ঈশ্বৰ, ধৰ্ম, অন্ধবিশ্বাসৰ বিষয়ে আগ বঢ়োৱা যুক্তি সমূহৰ সৈতে সম্পূৰ্ণ একমত।

    Reply
  • ৰাস্না বৰা

    সন্দিকৈ ছাৰৰ বক্তব্যত যুক্তি নিষ্ঠতা,ঈশ্বৰ সম্পর্কে সবল বিচাৰ,ভৱিষ্যত প্ৰজন্মৰ প্ৰতি প্ৰবল আত্মবিশ্বাস,গোটেই খিনিয়েই মন মগজু ভৰাই তুলিলে।

    Reply
  • Anjan Sadhanidar

    ভাল লাগিল বহুত। ৰমনীয় অনুভৱ হৈছে। ব্যক্তিগত ভাবে” অন্ধবিশ্বাস আৰু আধ্যাত্মিকতা একে ” এইটো মই মানি লোৱা নাই

    Reply
  • Mitali saharia

    ভাল লাগিল সাক্ষাৎকাৰটি পঢ়ি।

    Reply
  • বৰ ভাল লাগিল।

    Reply
  • চাৰৰ কথাবোৰ ভাল লাগে৷ নিচেই কম বয়সতে পঢ়া চাৰৰ “ঈশ্বৰহীন পৃথিৱীৰ সপোনে” মোৰ জীৱনত আজি পৰ্যন্ত প্ৰভাৱ পেলাই আহিছে৷ আজি আৰু ভালকৈ কিছুমান কথা জানিলোঁ৷ চাৰলৈ কৃতজ্ঞতা৷

    Reply
  • ঈশান

    সাক্ষাৎকাৰটিৰ বাবে অশেষ ধন্যবাদ ৷ ছাৰৰ যুক্তিআশ্ৰিত চিন্তাধাৰাই সকলোকে কিছুমান কথা নতুনকৈ ভাবিবলৈ বাট দেখুৱাব ৷ তেখেতৰ এই কথাখিনিয়ে মন ছুই গ’ল-“….সমাজৰ ঘটনা পৰিঘটনাবোৰ পৰ্যবেক্ষণ কৰিবলৈ সমাজবিজ্ঞানৰ ছাত্ৰ হোৱাৰ প্ৰয়োজন নাই৷আচলতে সমাজত বাস কৰা প্ৰতিজন ব্যক্তিয়েই সমাজৰ পৰ্যবেক্ষক৷জীৱনত,সমাজত বা প্ৰকৃতি জগতত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণ জানিবলৈ বিচৰাটোৱেই বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক৷”

    ছাৰ,আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ৷ অনাগত সময়তো এইদৰেই আপুনি যুক্তিবাদী কলমৰ জোৰেৰে নতুন চামক বাট দেখুৱাই যাওক-এই আশাৰে…

    Reply
  • hkkakati

    বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.