ফটাঢোল

দ্বিধাহীনভাৱে দুৰ্ঘটনাগ্ৰস্তক সহায় কৰোঁ আহক – কৌস্তুভমণি শইকীয়া দত্ত

এই যান্ত্ৰিক পৃথিৱীত সকলো মানুহ নিজক লৈ ব্যস্ত। হৃদয়হীনতা এতিয়া সামাজিক ব্যাধি। কিন্তু মানৱদৰদী ব্যক্তি এতিয়াও আমাৰ মাজত নথকা নহয়। যি নিজৰ ব্যক্তিগত অসুবিধাক তল পেলাই থৈয়ো আৰ্ত মানুহক সহায় কৰিবলৈ সদা-প্ৰস্তুত। এনে মানৱ-দৰদীসকলৰ প্ৰতি সুখবৰ যে এতিয়া দুৰ্ঘটনাত পতিত আহত ব্যক্তিক সহায় কৰা সুনাগৰিকসকলৰ প্ৰতি চিকিৎসালয়, আদালত আৰু পুলিচে যথাযথ সন্মানপূৰ্বক ব্যৱহাৰ কৰিব। এই সম্পৰ্কত ৩০ মাৰ্চ, ২০১৬ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক বিশেষ নিৰ্দ্দেশনা অনুমোদন কৰে ।

ভাৰতীয় আইন আয়োগ (the Law Commission of India) ৰ মতে পথ-দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পঞ্চাশ শতাংশই কেৱল সময় মতে সহায়ৰ হাত নোপোৱাৰ বাবেই মৃত্যমুখত পৰে। এয়া অতি পৰিতাপৰ কথা যে ব্যস্ত নাগৰিকসকলৰ বহুতৰ ইচ্ছা থাকিলেও আইনী মেৰপেছত পৰাৰ ভয়ত দুৰ্ঘটনাগ্ৰস্ত মানুহক সহায় আগবঢ়াবলৈ কুণ্ঠাবোধ কৰে। কিয়নো এনে লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা আৰু পুলিচত খবৰ দিয়া ব্যক্তিজন পিছৰ পৰ্যায়ত সাক্ষী হিচাপে আদালতৰ একাধিক আইনী প্ৰক্ৰিয়াৰ লগত সাঙোৰ খাই পৰে। উচ্চতম ন্যায়ালয়ৰ শেহতীয়া অনুমোদনে এনে অসুবিধাসমূহৰ পৰা দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিক সহায়ৰ হাত আগবঢ়োৱা সুনাগৰিকসকলক সকাহ প্ৰদান কৰে। এতিয়াৰ পৰা তেওঁলোকে চিকিৎসালয়, পুলিচ ষ্টেচন আৰু আদালতত সন্মুখীন হ’ব লগা হাৰাশাস্তিৰ পৰা ৰেহাই পাব।

এই ক্ষেত্ৰত Save Life Foundation নামৰ এটা সংগঠনে প্ৰথম ৰাজহুৱা স্বাৰ্থজনিত আৱেদন (পি. আই. এল.)দাখিল কৰে। এই সংগঠনৰ আবেদনত ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা অধ্যয়নৰ তথ্য দিয়া হৈছিল। তাত স্পষ্টভাৱে ওলাই পৰিছিল যে ভাৰতৰ প্ৰতি চাৰিজন ব্যক্তিৰ তিনিজনেই দুৰ্ঘটনাত পতিত লোকক সহায় কৰাৰ পৰা বিৰত থকাৰ মূল কাৰণ হৈছে পৰৱৰ্তী পৰ্যায়ত আইনী আৰু বিধিগত মেৰপেছত সোমাই পৰাৰ আশংকা। কাৰণ ইয়াৰ পিছতে তেওঁলোক পুলিচৰ সোধ-পোচৰ সন্মুখীন হয়, বিধি-ব্যৱস্থাৰ খাতিৰত চিকিৎসালয়ত দীৰ্ঘসময়ৰ বাবে আৱদ্ধ হৈ পৰিব লগা হয় আৰু তাৰ পিছতো সুদীৰ্ঘ আইনী প্ৰক্ৰিয়াত সাঙোৰ খাই পৰে।

এই সম্পৰ্কত উচিত সিদ্ধান্ত গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতি দিয়া নিৰ্দ্দেশনাক (এই নিৰ্দ্দেশনাত দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা সুনাগৰিকসকলক সুৰক্ষা দিয়াৰ বিধি সন্নিবিষ্ট আছিল)বাধ্যতামূলক বুলি ঘোষণা কৰে। এতিয়াৰ পৰা এই নিৰ্দ্দেশ অমান্য কৰা ব্যক্তি আদালত অৱমাননাৰ অপৰাধত অপৰাধী হ’ব।

উচ্চতম ন্যায়ালয়ে আইনৰ মৰ্যাদা প্ৰদান কৰা দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা সুনাগৰিকসকলক সুৰক্ষা দিয়াৰ বিধিসমুহ হৈছে-

১) দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা সুনাগৰিকসকলক জাতি, ধৰ্ম, লিংগ নিৰ্বিশেষে সন্মানপূৰ্বক ব্যৱহাৰ কৰা হ’ব।

২) দুৰ্ঘটনাত মৃত্যু হোৱা বা আহত হোৱাৰ খবৰ দিওঁতাজনৰ ব্যক্তিগত সবিশেষ ( ফোন নাম্বাৰ, ঠিকনা, সম্পূৰ্ণ নাম) জনোৱাৰ প্ৰয়োজন নাই।

৩)এনে লোকক তেওঁলোকৰ নাম, পৰিচয় আৰু ঠিকনা বা আন সবিশেষ পুলিচ ৰেকৰ্ড ফৰ্মত অথবা ডায়েৰীত লেখোৱাটো বাধ্যতামূলক নহয়।

৪) পুলিচে এনে লোকক ঘটনা সম্পৰ্কত কোনো তথ্য যোগান ধৰিবলৈ জোৰ কৰিব নোৱাৰিব।

৫) দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা ব্যক্তিয়ে তেওঁলোকৰ হাতত মজুত তথ্য ইচ্ছানুসৰি যোগান ধৰাৰ পিছত পুলিচে তেওঁলোকক সন্মান সহকাৰে যাবলৈ দিব। তেওঁ যদি নিজ ইচ্ছাৰে সাক্ষী হ’বলৈ নিবিচাৰে তেন্তে তেওঁক কোনো প্ৰশ্ন সোধা নহ’ব।

সাক্ষী হ’বলৈ ইচ্ছা কৰা দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা ব্যক্তিৰ সুৰক্ষা আৰু সন্মানাৰ্থে ইয়াত স্পষ্ট নিৰ্দেশনা আছে-

১) সাক্ষী হিচাপে অহা দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা ব্যক্তিৰ সোধা-পোচা সন্মান সহকাৰে সম্পন্ন কৰা হ’ব।

২) এই সোধা-পোচাৰ স্থান আৰু সময় ব্যক্তিজনৰ সুবিধা অনুসৰি হ’ব। অনুসন্ধানকাৰী বিষয়াজন সাধাৰণ পোচাকত যাব।

৩)যদি কিবা কাৰণত সাক্ষী দিবলৈ ইচ্ছুক ব্যক্তিজন থানালৈ যাব লগা হয়, তেন্তে তাৰ কাৰণ অনুসন্ধানকাৰী বিষয়াই লিখিতভাবে ৰাখিব।

৪) থানাত তেওঁৰ সোধা-পোচা অনৰ্থক পলম নকৰাকৈ যথোচিত সময় লৈ এবাৰতে সম্পন্ন কৰিব।

৫) যদি সাক্ষীজনে নিজকে প্ৰত্যক্ষ সাক্ষী বুলি দাবী কৰে, তেন্তে তেওঁ নিজ বক্তব্য শপতনামাৰ যোগেও দাখিল কৰিব পাৰে।

উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনাসমূহ কাৰ্যকৰীকৰণৰ দায়িত্ব ক্ষমতাধিষ্ঠ পুলিচ অধীক্ষকসকলক অৰ্পণ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ এই অনুমোদনক মানৱতাৰ প্ৰতি সন্মান প্ৰদৰ্শন বুলি আখ্যা দিব পাৰি। ইয়াৰ দ্বাৰা ভাৰতীয় নাগৰিকক আৰ্ত মানৱৰ প্ৰতি সেৱা আগবঢ়াবলৈ বাট মুকলি কৰি দিয়া হ’ল। সেয়ে এতিয়া যেন কোনো সহৃদয় ব্যক্তিয়ে যন্ত্ৰণাকাতৰ দুৰ্ঘটনাগ্ৰস্ত দুৰ্ভগীয়াক আইনৰ ভয়ত বাটত এৰি নাযায়। আহক আমি এজন আনজনৰ বাবে ভৰসাৰ স্থল হৈ উঠোঁ।

☆★☆★☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল কথা লিখিলে।

    Reply
  • অলকেশ ভাগৱতী ৷

    অতি দৰকাৰী লিখনি ৷ ধন্যবাদ ৷

    Reply

Leave a Reply

Your email address will not be published.