ফটাঢোল

দ্যা এভেঞ্জাৰছ: মিউটেন্টচ্-ইউনাইটেড (কল্প কাহিনী) – ভাস্কৰজ্যোতি দাস

চিন ১:

পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ৪লাইট ইয়েৰ আঁতৰৰ তৰা প্ৰক্সিমা চেন্টাউৰিৰ আগ্নেয়গিৰিৰ দৃশ্য৷ কিছুসময়ৰ পাছতে আগ্নেয়গিৰিৰ লাভাৰ মাজৰ পৰা দুটা মিউটেন্ট ওলাই আহে৷ এটা শকত-আৱত আৰু মধ্যপ্ৰদেশ বিকশিত৷ আনটো চালিয়া৷নাম পৰশমণি শৰ্মা৷ কিছুদূৰ ওপৰলৈ উৰি দুয়োটা হিৰো আলম টাইপ মাটিত লেণ্ডিং কৰে৷

পৰশঃ মহাজন দেউ, বহুদিন ভিতৰত সোমাই থাকি আপোনাৰ এতিয়া ভোক লগাটো স্বাভাৱিক৷ কি খাব কওক?  ভিতৰত ইমান গৰম৷ ক’ল্ড ড্ৰিংক্চ্ খাব নেকি?

মহাজনঃ গৰমেহে গৰম কাটে৷ আজি প্ৰায় দহ হাজাৰ বছৰ ধৰি মই এই চ’লাৰ চিষ্টেমটোৰ মালিক হৈ আছোঁ আৰু তুমি মোৰ ৱাফাদাৰ পি.এ.৷ তুমি পাহৰিলা মই কি খাওঁ! ইতনা গুস্তাখি?

পৰশঃ নহয় মানে মহাজন, আমাৰ চ’লাৰ চিষ্টেমটো ভ’লকেনিক ইৰাপচনৰ বাবে বেছি গৰম হৈ যোৱাৰ বাবে সেইবিধৰ প্ৰডাকচন বন্ধ হৈ গ’ল৷ পৃথিৱী নামৰ এটা গ্ৰহত থকা অসম নামৰ মুলুকত ষ্টেট এক্সচাইজে মস্তি,  মোহিনী, ৰাইন’, মদিৰা ইত্যাদিবোৰ ব্ৰেণ্ডেৰে নতুনকৈ সেইবিধ চলন্তি কৰিছে৷ আনি দিম নেকি?

মহাজনঃ সুধিবলৈ কি আছে? লৈ আহাঁ৷

পৰশে বায়ুতে হাত দুখন বিভিন্ন ভংগীত ঘূৰাবলৈ ধৰিলে৷ গড়মাৰ্কাৰ ফুলী তিনিটা দৃশ্যমান হ’ল৷ মহাজনৰ মুখত হাঁহি৷

মহাজনঃ লগত?

পৰশে মাটিৰ ভিতৰলৈ বাঁও হাতখন ভৰাই কীট্ এটা তুলি আনিলে৷

মহাজনঃ এইটো কি?

পৰশঃ পাহৰিলে হ’বলা মহাজন৷ দুহেজাৰ বছৰমানৰ আগতে মৰাণৰ ‘মাতৃ ফাউণ্ডেশ্যন’ত আমাৰ ইউ এফ অ’  লেণ্ড কৰাৰ সময়ত যে চইল চেম্পুলৰ লগত কীট্ এটা আনিছিলোঁ৷ এইটোৱেই সেইটো৷ নাম ধ্ৰুৱ৷ নিজৰ প্লেনেটত সি নিজকে অৰ্জুন বুলি কয়৷

মহাজনঃ মেথাটোত এপোৱামান ওলাবহে৷ বাৰু হ’ব৷ তাক ভলকেন’টোৰ ওচৰতে গ্ৰীল্ড কৰি আনা৷ ক’লা নিমখ অকণমান আৰু ভোট জলকীয়াৰ তেল অকণমান ছটিয়াই দিবা৷

কীটটোৰ ডিঙিত ধৰি পৰশৰ প্ৰস্থান৷ অৰ্জুনাৰ চিঞৰ – “অই! মোক নেখাবি অই! মই গাৰ্লফ্ৰেণ্ড বিচাৰিহে মাটিখিনিৰ লগত ইয়ালৈ আহিছিলোঁ৷ মোৰ মাজত থকা চেনিখিনি কিয় অকালতে পুৰি পেলাবলৈ লৈছ?”

এটা বিকট চিঞৰ৷

চিন ২:

তিতাবৰৰ এটা মিউটেন্ট ফেমিলিৰ ঘৰ৷ মাকে কেঁচুৱা এটাক প্লাষ্টিকৰ পটী এটাত টয়লেট কৰোৱাই আছে৷ ঘৰৰ পিছফালৰ কলগছজোপাৰ পৰা কিছু আঁতৰত সেয়া গিৰিহঁতে চিঞৰি আছে –

“হ’ৰা শুনিছা?”

“কি হ’ল! চিঞৰি আছা যে!”

“নহয় মানে মোক পাণৰ ঠাৰি এডাল আৰু মিঠাতেল অকণমান লাগিছিল!“

“কেলৈ?”

“এ নক’বা আৰু কালিযে ভোগেনৰ ঘৰৰ পৰা হাঁহটো চুৰ কৰি আনি খাইছিলোঁ, কিবা পাপেই লাগিল হ’বলা৷ হেৰি নোহোৱাই হ’ল৷”

“খঁকুৱা৷ কিহে পাইছিল লোকৰ ঘৰৰ হাঁহ চুৰ কৰি আনি খাবলৈ? দিনত পুহিতাৰ ঘৰৰ কঁঠালটো আপুনি পাৰি অনা দেখি বোৱাৰীয়েকে কৈছে মোক৷ মই মাষ্টৰণী মানুহ৷ সন্মান আছে৷ হেৰৌ মহন্তৰ ঘৰত কেনেকৈ জনমিল আপুনি!”

“সেইবোৰ কথা এতিয়া থোৱা৷ মোক পাণৰ ঠাৰি এডাল আৰু মিঠাতেল অকমান দিয়া৷ আজিৰ পৰা ভুল নকৰোঁ৷”

“নকৰা! তিতাবৰ চাৰিআলিৰ মাৰোৱাৰীৰ ঘৰত খাই আহি ৰাতিযে বাঁহতলত চিঞৰিছিলা যে –‘হে প্ৰভূ, আজিৰে পৰা তেনে কাম নকৰোঁ৷ হয় লৈ যোৱা প্ৰাণ, নহলে বাহিৰ কৰা বাটাৰনান’৷ এতিয়া পাহৰি দেখুৱাইছা! হুহ৷ খঁকুৱাৰ জাত৷”

কিছুসময়ৰ পাছতে পত্নীয়ে পাণৰ ঠাৰি এডাল আৰু মিঠাতেল অকণমান ধদুৱাৰ হাতত দি আহে৷ অলপ সময়ৰ পাছতে তিতাবৰ কঁপি উঠে৷ মানুহৰ পকাঘৰত ফাঁট মেলে৷ মহিমাবাৰীৰ পুৰণা কমলাবাৰী সত্ৰৰ পশ্চিমহাতীৰ এখন বহাত থকা এজন কেৱলীয়া বুঢ়াভকতে এই কম্পন সহিব নোৱাৰি শুই থাকোঁতেই ৰিপায়৷

চিন ৩:

বৰপুখুৰীৰ পাৰ, শিৱসাগৰ৷ ইন্টাৰ ইউনিভাৰ্চেল ইনফৰ্মেচৰ চিষ্টেমৰ চি.ই.অ’ শাৰদী গগৈৰ অফিচ৷

নিজে মিউটেন্ট হোৱাৰ বাবে মহিলা মিউটেন্টৰ সংখ্যা কমি অহাৰ বাবেই টেনচন বাঢ়িছে৷ ফ’ন কৰিছে ৰিটায়াৰ্ড চি.ই.অ’  কংগনা মহান্তিলৈ,-

“মেম, ইটচ এ ভেৰী টাফ টাইম ফৰ দ্যা লেডী মিউটেন্টছ৷ শক্তিবোৰ যেন কিবা নোহোৱা হৈ গৈছে৷ এসময়ত ষ্টাৰৱাৰত অংশগ্ৰহণ কৰালে ডীমিউটেন্টবোৰে এতিয়া ঘৰত ওকণী বাছি আছে,  ঝাৰু মাৰি আছে, মোবাইল পিটিকি আছে৷ এক্টিভ সকলোৰে ফুটনি৷ নিজৰ মানুহটোহঁতৰ আগত স্পেচিয়েল পাৱাৰ দেখুৱাই থাকে৷ চকুৰ পচাৰতে আলু কাটি দেখুৱায়৷ শ্ব’পিং মলৰ আগত পাৰ্কিং নাথাকিলে গাড়ীবোৰ আকাশেৰে উৰুৱাই নি মলটোৰ ওপৰত ৰাখি দেখুৱায়৷ মুঠতে সব দিখাৱা৷ একো কামত নাই৷ মেক্সিমাম এনেকুৱাই৷”

কংগনাঃ দুজনীমান ভাল আছে৷ মই তোমাৰ ওচৰলৈ পঠিয়াই দিম৷ কিবা এটা একচন প্লান বনোৱা৷ বেলেগ গ্ৰহৰ মিউটেন্টবোৰে নিজকে বহুত ডেভেলপ কৰিছে৷ ৰিচেন্টলি নেপচুনত মিটিং এখন কৰি আহিলোঁ৷ সিহঁতৰ পাৱাৰ দেখি আচৰিত হ’লোঁ৷ যাওঁতে মোৰ আধা লাইট ইয়েৰ লাগিল৷ চুগাৰেও আমনি কৰে৷ খৰকৈ যাবও নোৱাৰি৷ হ’লেও যিকণ পাৱাৰ আছিল তাৰেই গৈ ওলালোঁগৈ৷ আহোঁতে এজনীয়ে মোৰ হাতত পোহৰৰ বল এটা দি দিলে৷ মই দহ ছেকেণ্ডত আহি পাই গ’লোঁহি!

শা.গঃ তাকে বাইদেউ৷ বাকী বাইদেউ, দিনটোৰ কাৰ্যসূচী…

কংগনাঃ বিশেষ নাই৷ অলপ পাছতে আলহী কেইজনমান আহিব৷ লুচি-ভাজি বনাম আৰু!

শা.গঃ মোৰ আজি পিজ্জা খাবলৈ মন গৈছে৷ কিন্তু শিৱসাগৰত ড’মিন’জ নাই৷ গতিকে যোৰহাটলৈকে গৈ পিজ্জা এটা খাম৷

কংগনাঃ বঢ়িয়া৷ কীপ ডা ষ্পিৰিট আপ৷ এ জাৰ্ণি অৱ থাউজেণ্ড মাইলচ্ ষ্টাৰ্ট উইথ এ চিংগল ষ্টেপ৷ এণ্ড আই নৌ ডেট ইউ কেন৷

শা.গঃ থেঙ্কচ্ মেম৷

ফোনটো কাটি শা.গ. এ আকৌ ফোন লগালে৷ যেন কিবা এটা পাহৰিলে৷

শা.গঃ মেম,  আপোনাক লাষ্ট টাইম লগ পাঁওতে যে পিঙ্ক কালাৰৰ ব্লাউজটো কিনিছিল৷কি ব্ৰেণ্ডৰ আছিল?

কংগনাঃ সেইটো গৌৰাঙ্গ পাল ব্ৰেণ্ডৰ আছিল৷ শিৱসাগৰত চেন্ট্ৰেল মাৰ্কেটৰ ওচৰত থকা বজৰঙ্গত পাবা৷

শা.গঃ থেঙ্ক্যু মেম৷

চিন ৪:

নাজিৰা৷ পৃথিৱীৰ ইষ্টাৰ্ণ উইংৰ মিউটেন্টৰ হেড কোৱাৰ্টাৰ৷

কেপ্টেইন-ইন-কামাণ্ড ৰামানুজ জী আৰু লেডী উইং ইনচাৰ্জ অসমী গগৈৰ মাজত আলোচনা চলি আছে৷ মিউটেন্ট বনোৱা একাডেমীখনৰ পৰা ফাৰ্ষ্টবেট্চ্ এইবাৰ ওলাব বুলি অসমী গগৈয়ে জনাইছে৷

“চাৰ, দ্যা ফাৰ্ষ্টবেটচ ইজ ৰেডি টু চাৰ্ভ৷”

“গুড৷ আই ৱান্ট টু চি চাম অৱ ডেয়াৰ এক্টিভিটি৷”

“লেটচ গ’ চাৰ৷”

একাডেমীৰ পাৰ্ক৷ বেকগ্ৰাউণ্ডত কে এল চাইগেলৰ প্ৰেমৰ গান বাজি আছে-

“দ’ নেইনা,

দ’ নেইনা,

মতৱাৰে তিহাৰে,

হাম পৰ জুলুম কৰে….

হাম পৰ জুলম কৰে….”

পাৰ্কৰ ফুলগছ এজোপাৰ সিফালে ডিম্পল মিউটেন্টে এজনী টিকলিলে ডী মিউটেন্টক বেলেগ ডিজাইন এটাত প্ৰপ’জ মাৰিআছে, – “মোৰ হৈ যা৷ নহ’লে মই বজৰংগ দলৰ হৈ যাম৷”

“কি চলি আছে এইবোৰ?” (ৰামানুজজীৰ খং)

“ইন্দিমা, কি চলি আছে এইবোৰ?  ডিন অৱ ফেকাল্টি হৈ কি কৰি আছা? “(অসমী গগৈৰ খঙাল মুখ)

 “নহয় মানে মেম, মই ঠিকেই শিকাই আছিলোঁ৷এইবোৰ অনুৰূপ মহন্ত নামৰ চেনি এটাই ইয়াত মেলিছেহি৷”

“ ড’ন্ট ৱেইট৷ জাষ্ট পানিশ্ ডেম অল৷ একো কাম নাই এইবোৰৰ৷”

ইন্দিমাই গোটেইখিনিক হাৱালৈ উৰুৱাই মাটিত থেকেচি দিয়ে৷(এইবাৰ ইন্দিমাৰ খং,- “মিউটেন্ট বনিবলৈ আহিছ৷ হাইজাত যোৱাহেঁত,  কলেৰাত যোৱাহেঁত”)

চিন ৫:

নৰ্ডান উইং কামাণ্ডাৰ উফতাৰাই আকাশৰ পৰা ঘটনা এটা নিৰীক্ষণ কৰি আছে৷ আজাৰাৰ ফালৰ আদহীয়া মিউটেন্ট হেকা লিম্বুৱে নিজৰ পাৱাৰ দেখুৱাবলৈ হাল্কৰ ৰূপলৈ গুৱাহাটীৰ বিল্ডিংবোৰ এমূৰৰ পৰা মহতিয়াই আহিছে৷ মিউটেন্ট জীমণি আৰু বিকাচে আনটো এণ্ডৰ পৰা ডিফেন্স দিবলৈ বিচাৰিছে যদিও পৰা নাই৷ হেকা লিম্বু বেছিহে এগ্ৰেচিভ্ হৈছে৷ উফতাৰাই আচমানৰ পৰা নামি হেকা লিম্বুৰ সমুখত মাটিৰ পৰা প্ৰায় এফুটমান ওপৰত ৰৈ হেকাক কাৰণটো সুধিছে,-

“হেকাদা,  বুঢ়া হৈছে কাৰণে খং উঠিছে নেকি?”

“নহয়৷ আজি তেইছ শ বছৰ ধৰি মই এই প্লেনেটটোত ৰাজ কৰি আছোঁ৷ কিন্তু এতিয়া মোক কোনেও পাট্টাই নিদিয়ে৷ সেয়ে এনেদৰে নিজৰ অস্তিত্ব দেখুৱাই আছোঁ৷”

“কিন্তু দাদা,  আপুনিতো এনেকুৱা নাছিল৷ সকলোৱে আপোনাক সমীহ কৰিছিল৷”

“ কৰিছিল৷ এতিয়া নকৰে৷ সেয়ে দল-সংগঠনে খেৰৰ জুমুঠি, টায়াৰ জ্বলাই নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বিচৰাৰ দৰে ময়ো নিজকে জাহিৰ কৰিবলৈ বিচাৰোঁ৷” (এই বুলি ভঙাগড়ৰ বিগ বাজাৰৰ বিল্ডিংটো ঘুচিয়াই ভাঙি দিয়ে)

এনেতে  জীমণি আহি ওলাই আৰু নিজৰ লাঠিডালেৰে এবিধ বেঙুনীয়া ৰশ্মি হাল্কৰূপী হেকাদালৈ মাৰি পঠিয়ায়৷ মালটো জেগাতে সংজ্ঞাহীন হৈ যায় আৰু ফ্লাই অভাৰখনৰ ওপৰত পৰি যোৱাৰ বাবে সেইখন ভাঙি যায়৷ কিছুসময়ৰ পাছত হেকাদা নৰ্মেল চাইজলৈ আহে৷

ওচৰতে থকা আব্দুলৰ দোকানত চাৰিও বিড়ি টানি টানি কথাবোৰ আলোচনা কৰে৷ সকলোৰে এটাই টেনচন- “পৃথিবীত মিউটেন্টৰ পাৱাৰ কমি গৈছে৷”

এসময়ত হেকাদাই ক’বলৈ ধৰিলে- “মোক মিউটেন্ট বনোৱা সৰুচেকীয়া বৰ্তমান প’জিটিভ ডাইৰেক্সনত থকা মিউটেন্ট৷ সমানে পাৱাৰফুল৷ তিনিবছৰত তিনিজনীকৈ ছোৱালী জন্ম দিছে৷ তেওঁক লগ ধৰি আলোচনা কৰিলে ভাল হ’ব৷ সকলোৱে সহমত দিলে৷ চুইইইতকৈ চাৰিও উৰি বোকাখাটত লেণ্ডিং কৰিলে৷

চিন ৬:

চন্দ্ৰনাথ বেজবৰুৱা কলেজ, বোকাখাট৷ হিচাবমতে চি আৰু মালভেচী ফেমিলিৰ ওপৰত ক্লাছ চলি থাকিব লাগিছিল ৷ কিন্তু চলি থকা নাই৷ বিহু চলি আছে,- “টীপ টপ দেখিলে আহোঁ বুলি নক’বা সোনজনী,  সোনজনী অই…”৷ এইবোৰেই কাৰণ৷ কলেজৰ ব’টানী ডিপাৰ্টমেন্টটো বৰবাদ হৈ গৈছে৷ উপাই নাই৷ চেঙেলীয়া মনৰ মানুহ৷ জীমনি,  বিকাচ, হেকাদা আৰু উফতাৰা বাহিৰৰ বাৰান্দাত ৰৈ লীলা-খেলা খন চাই আছে৷ অলপ সময়ৰ পাছতে চাৰিজন আগন্তুকৰ উপস্থিতি গমপাই ঢোলটো তাতে এৰি সৰুচেকীয়া  বাহিৰলৈ ওলাই আহিল৷ প্ৰাৰম্ভিক কথাখিনি পাতি পাঁচোজন উৰি নগাঁৱৰ চংকৰ মিউটেন্টৰ ওচৰলৈ গ’ল৷ চংকৰ মিউটেন্টে মিউটেন্টৰ ওপৰত গৱেষণা কৰিবৰ বাবেই স্বাস্থ্য বিভাগত চাকৰি কৰি আছে৷

দীপ ডিচকাচন৷

হেকাঃ আমাৰ মিউটেন্টবোৰ দুৰ্বল হৈ পৰাৰ কাৰণ কি বুলি ভাবা?

বহুপৰ চিন্তা কৰি চংকৰ মিউটেন্টঃ ভাবিবলৈ কথা নাই৷ কাৰণটোৱেই পাই গ’লোঁ৷ ঋষিকেচ নামৰ কেটেঙা মিউটেন্ট এটা আছে৷ তাৰ থ্ৰু প্ৰক্সিমা চেন্টাউৰিৰ মহাজন নামৰ এটা পেটুৱা মিউটেন্টে আমাৰ পাৱাৰবোৰৰ চিক্ৰেচি লৈ আমালৈ আলফা কস্মিক ৰে’  এৰি আছে৷ ফলত আমাৰ শক্তি নোহোৱা হৈ গৈছে৷

জীমনিয়ে ভয় খাই উঠিল আৰু চিঞৰি দিলে,- “চাৰাণ্ডাৰ কৰা নে নকৰা আলফা?”

“হেই এইজনী বৰ পেকপেকাই থাক৷চুপ্ থাক৷” – হেকাদাই গুজৰি-গুমৰি উঠিল৷

এইবাৰ সৰুচেকীয়াই মাত দিলে- “এই আলফা ৰে’ বোৰেৰে ফটো চিন্থেচিচ্ কৰাৰ কিবা উপায় আছে নেকি? বা সেই ৰে’ বোৰেৰে কলেজৰ ছোৱালীবোৰক বেছি ৰোমান্টিক কৰাৰ কিবা স্ক’প?”

এইবাৰ চংকৰ মিউটেন্টে খঙেৰে ক’লে-“ এইবোৰ ফিজিক্সৰ কথা৷ য’ত ত’ত ব’টানি ঘঁহি ফুৰাৰ বদ-অভ্যাস আপোনাৰ নগ’ল৷

হেকাদাঃ বাৰু হ’ব৷ এইবোৰ ভাবি লাভ নাই৷ এতিয়া কি কৰিলে আমি মিউটেন্ট এম্পায়াৰ আকৌ খাড়া কৰিব পাৰোঁ তাৰ চিন্তা কৰা৷

চংকৰ দাই বহুপৰ চিন্তা কৰি মতামত আগবঢ়ালে- আছে এটা ভাস্কৰ বৰডেকা বুলি৷ নিজকে বৰডেকা বুলি ভাবে যদিও চুলি গৈ শেষ৷ ভাল পাৱাৰ আছে৷ সিয়েই একমাত্ৰ মিউটেন্ট যাৰ গাত ইউনিভাৰ্চেল চেন্সৰ আছে৷ তাক সক্ৰিয় কৰিব লাগিব৷

হেকাদাঃ “যি কৰা কৰা৷ মুঠতে মিউটেন্টৰ ভৱিষ্যত সুৰক্ষিত হ’ব লাগে৷ উই ৱান্ট টু ৰুল এগেইন৷”

চিন ৭:

কলগেচিয়াৰ এখন বন্ধাকবিৰ বাৰী৷ এজনী মিঞানীৰ লগত ডান্স কৰি আছে বৰডেকাই৷ খুব সুন্দৰ সংগীত এটা ম’বাইলত বজাই লৈছে৷

“ফাইট্টা যায়, বুকটা ফাইট্টা যায়,

বন্ধু যখন বৌ লৈয়া,

আমাৰ বাড়ীৰ চামনে দিয়া,

ৰঙ্গ কইড়া হাইট্টা যায়,

ফাইট্টা যায়, বুকটা ফাইট্টা যায়৷”

গানটো আৰু ডান্সটো চলি থকাৰ মাজতে হেকাদা আৰু জীমণি আকাশৰ পৰা টপকিলে৷ লগত বিহজুই৷

“মিষ্টাৰ মিউটেন্ট” – হেকাদাই চিঞৰিলে৷

সিফালে কাণসাৰ নাই৷ ডান্স কৰাত ব্যস্ত৷

বিহজুইয়ে খাই থকা হাঁহৰ মাংসৰ থালীখন অলপ আগুৱাই দিলে৷ সেই গোন্ধ পাই ভাস্কৰ ৰৈ গ’ল৷

“বৰডেকা,  তোমাৰ ওচৰলৈকে আহিছিলোঁ৷” –হেকাদাই ক’লে৷

মিঞানীজনীয়ে শাৰীৰ আঁচলটোৰে মূৰটো ঢাকি দূৰলৈ গুছি গ’ল৷

-“কওকছোন,  মই কি সহায় কৰিব পাৰোঁ?”

“আমি মিউটেন্টবোৰক একগোট কৰিব বিচাৰোঁ৷ আমাৰ শক্তি-প্ৰতিষ্ঠাৰ সময় আহি পৰিছে৷”

“কি শক্তি? মোৰ গাত এতিয়া কোনো ধৰণৰ শক্তি নাই৷ যি আছিল সেয়া ইউৰিয়া দিয়া পাচলি খাই খাই শেষ হৈ গ’ল৷ এতিয়া নাচিব পৰা শক্তিকণহে বাকী আছে৷ সেইটোকে  লৈ ডেইলি ডিজাইন ডিজাইন মিঞানীৰ লগত ডান্স কৰি থাকোঁ৷”

“নিজৰ শক্তিক জাগ্ৰত কৰা বৰডেকা৷”

বৰডেকাই বহুত চেষ্টা কৰিলে৷কিন্তু ফলাফল শূণ্য৷

বেকগ্ৰাউণ্ডতঃ

“যদি বেহেস্তে যাইতে চাও গ’

অন্তৰে কাইকু আল্লাৰ দড়,

যদি আল্লাৰ চন্ধান চাওগ’

প্ৰেম ৰাখিঅ’  অন্তৰেৰ ভিতৰ৷

একো কাম নিদিয়া দেখি হেকাদা তাৰ পৰা আঁতৰি গ’ল৷ পিছে পিছে জীমণি আৰু বিহজুই৷

চিন ৮:

আমগুৰি আৰু জাঁজী ওচৰা-ওচৰি ঠাই৷ বহুলোকে তাত ৰাতি কিছুমান মিউটেন্ট এক্টিভিটি দেখে৷ ৰাতি হ’লেই আকাশত দুটা মিউটেন্টে কাজিয়া লাগে৷ মাজে মাজে কস্মিক ৰে’ৰ খুন্দা-খুন্দি লাগি থাকে৷ সেইখন যুঁজ আমগুৰিৰ কেপ্টেইন-ইন-কামাণ্ড আবু চাইড আৰু জাঁজীৰ কেপ্টেইন-ইন-কামাণ্ড চুন্টুৰ মাজত চলে৷ নগালেণ্ডৰ টুলীৰ ফালৰ নাগিনী এজনীৰ প্ৰেমত পৰিছিল দুয়ো৷ সেইজনী বেলেগলৈ পলাই যোৱাৰ পাছত ইহঁত দুটাৰ টাইমপাছ কৰিবলৈও কাম নাইকীয়া হৈ গ’ল৷ দিনটো বৰশী টোপাই টোপাই থাকি পিছবেলা ব’ৰ হৈ যায় দুয়োটা৷ গতিকে ৰাতি এঘন্টা মানৰ বাবে হ’লেও নিজৰ শক্তি প্ৰদৰ্শন কৰে৷ এনেকৈ একৰাতি শক্তি প্ৰদৰ্শন কৰি থাকোঁতে নীপকোৰ মিউটেন্ট ফকীৰ অকলিতাই ধনশিৰীৰ পানী খুলি দিয়ে৷ ইয়াৰ ফলত চুনামী হয় আৰু দুয়োটা উটি যায়৷ এনেদৰে উটি গৈ দুয়ো বাংলাদেশত পৰেগৈ আৰু বাংলাদেশৰ এন.আৰ.চি.ত নাম সুমুৱাই৷ পানীত ককবকাই যোৱাৰ বাবে দুয়োটাই মিউটেন্ট পাৱাৰ হেৰুৱায়৷

এই গোটেই দৃশ্যটো ডাঙৰ স্ক্ৰীণ এখনত সকলো মিউটেন্টে চাই থাকে৷

ৰামানুজ জীঃ “দেখিলা, মিউটেন্টেই মিউটেন্টৰ শত্ৰু হৈছে ডিজাইন ডিজাইন৷”

উফতাৰা(বিড়ী এটা টানিঃ) “সেইকাৰণেই আজি আমাৰ চ’’লাৰ চিষ্টেমৰ মিউটেন্টৰ এই অৱস্থা৷

হেকাঃ মই মিউটেন্টৰ ভৱিষ্যত দেখা নাই৷ আই এম গ’য়িং টু ফিনিছ্ মাইচেল্ফ৷

এনেতে চংকৰ দা উধাতু খাই সোমাই আহিল৷

ৱেইট, হেকাদা ৱেইট৷ মই এই জাচ্ লাহৰিঘাট পি.এইচ.চি.ত গৱেষণা কৰি মেইন কেছটোৱেই গম পাই গ’লোঁ৷ আমাৰ মিউটেন্টৰ শক্তি নোহোৱা কৰা প্ৰক্সিমা চেন্টাউৰিৰ মালিক মহাজনক আমি এটেক্ কৰি গিৰাই দিলেই তাত থকা সকলো মিউটেন্টি পাৱাৰ আমি পাই যাম৷

অসমী বাঃ লেট্চ্ ৰি-অৰ্গেনাইজ দ্যা মিউটেন্ট্চ এণ্ড এটেক্ মহাজন৷

বিহজুইঃ মই নাযাওঁ দেই৷ কালি আমাৰ ঘৰৰ কাষৰ ভোগেনে নতুনকৈ এহাল হাঁহ পুহিবলৈ আনিছে৷

হুলস্থূল চৌদিশে৷ বিহজুইক এৰি সকলো মিউটেন্ট প্ৰক্সিমা চেন্টাউৰিৰ ফালে উৰিবলৈ ধৰিলে৷

চিন ৯:

প্ৰক্সিমা, চেন্টাউৰিলৈ ১ লাইট ইয়েৰমান যাবলৈ বাকী থাকোঁতেই সমগ্ৰ ব্ৰহ্মাণ্ড কঁপি উঠে৷ হঠাতে এটা ৰাস্তাৰ সৃষ্টি হয়৷ সেই ৰাস্তাইদি ডি.জে. লগাই পাৰ হৈ যায় ৰাকুদা আৰু হিৰো আলম৷

ডি.জে.ত বাজি যায়-

“আমাকু চাইড দিয়’  ৰে,

আমে তাকা উৰিৱালা,

আগৰু পাখেই যাৱৰে,

ডাকেলা ডম্বৰুৱালা৷”

এক লাইটইয়েৰ বিশ ছেকেণ্ডত পাৰ হোৱাৰ পাছত মহাজনৰ এলেকাত সকলো মিউটেন্টে প্ৰৱেশ কৰে  আৰু  তাত মহাজন আৰু শাৰদী গগৈৰ মিটিং চলি থকা দেখি আচৰিত হয়৷

হেকাদা গুজৰি উঠে৷ “তুমি আঁতৰি দিয়া শাৰদী৷ আমি ইয়াক ফিনিছ্ কৰিবলৈ আহিছোঁ৷”

“ৱেইট, হেকাদা ৱেইট!  ব্ৰহ্মাণ্ডত এটা নতুন শক্তি ওলাইছে৷ নাম  পেৰা-মিউটেন্ট৷ ইহঁতৰ ইমানেই শক্তি যে ৰজনীকান্তেই ফিলিম নকৰি পলিটিক্স কৰাৰ চিন্তা কৰিছে৷ ইহঁতক লীড কৰিছে হিৰো আলম নামৰ এটা বাংলাদেচীয়ে৷ সহায় লৈছে আমাৰ ৰাকুদাৰ৷ এই শক্তিক ৰোধ কৰিবলৈ আমি মহাজনৰ সহায় ল’বই লাগিব৷ তেওঁ গড়মাৰ্কা খাই শক্তি বঢ়াই আছে৷ আমি এটা নতুন টীম হিচাবে এক হ’ব লাগিব৷ আৰু আমাৰ নাম হ’ব,  আমাৰ নাম হ’ব- “দ্যা এভেঞ্জাৰচ্।”

সকলোৱে একেলগে চিঞৰে,-“দ্যা এভেঞ্জাৰচ্ উইল ৰুল, দ্যা এভেঞ্জাৰচ্… ড্যাএভেঞ্জাৰচ্৷”

বেকগ্ৰাউণ্ডত ইলা অৰুণৰ গান,-

নিগৌৰী কেইচী জৱানী হ্যেই,

যৌ’ বাত চুনেনা মেৰী,

নিগৌৰী বঢ়ী মস্তানী হ্যেই

যৌ’ বাত চুনেনা মেৰী,

মেই ৰুক ৰুক কহতীহু

ৱৌ’ আগে আগে চলতী হ্যেই,

চপনৌ’ মে বুক বুক কৰতি হ্যেই,

মোঝে বাহৌ’ মে ভৰ লেতী হ্যেই…”

বৃহস্পতি গ্ৰহৰ গীতিকা এচ. নামৰ এগৰাকী মিউটেন্টে থুমকী লগাই লগাই নাচে৷ কুৱেইটৰ ফালৰ তেলীয়া মিউটেন্ট এটাই গড়মাকা টানি টানি দুইনলীয়া বন্দুক এটাৰে ইউ পি-বিহাৰ টাইপ আকাশলৈ টোঁৱাই গুলী ফুটোৱাই আৰু চিকেন লেগপিছৰ বৰষুণ হয়৷ বাকী সকলো মিউটেন্টে লগে-ভাগে ডিজাইন ডিজাইন নাচে আৰু গড়মাৰ্কা-লেগপিছ্ খায়৷ এটকীয়া বান্দিল এটাৰ পৰা এখন এখনকৈ নোট উৰুৱাই থাকে চুক হুজুৰী নামৰ প্লুটোৰ মিউটেন্টটোৱে৷

ওখ পাথৰ এটাত থিয় হৈ উফতাৰাই খৈনী মাৰি ব্ৰহ্মাণ্ডখনলৈ চাই থাকে৷

☆★☆★☆

4 Comments

  • গীতিকা শইকীয়া

    কল্পনাশক্তিৰ যে কোনো সীমা নাথাকে তাৰ জ্বলন্ত প্ৰমাণ এই স্ক্ৰীপ্টখন। ভাস্কৰ, তোমাৰ সীমাহীন কল্পনাৰ গতি দেখি অবাক মানিছো। অশেষ ধন্যবাদ।

    Reply
  • ৰিণ্টু

    কি সাংঘাতিক কল্পনা শক্তি, কি সাৱলীল প্ৰকাশ । হেটচ অফ ভাস্কৰ

    Reply
    • ভাস্কৰজ্যোতি দাস

      ধন্যবাদ ৰিন্টু দা৷

      Reply

Leave a Reply

Your email address will not be published.