ফটাঢোল

দ্য ৰংপুৰ এক্সপ্ৰেছ – ৰামানুজ গোস্বামী

যোৱা সংখ্যাৰ সাৰাংশ:

ভাতৃত্বসুলভ এনাজৰীৰে ঐক্যতাত থকা আন্তৰ্জাতিক অপৰাধী তিনিজনে এটা এটাকৈ ৯ টা দুধৰ্ষ অভিযান চলাই কেবাখনো দেশৰ পুলিচ -ইণ্টাৰপ’লৰ মূৰৰ কামোৰ হৈ উঠিছিল | তাৰ মাজতেই দশম অভিযানটো ভাৰতত চলাবলৈ তিনিও লগ হৈছিল মুম্বাইত |

কিন্তু মূল অভিযানৰ জো-যা চলোতেই তিনিওৰে মাজত সোমাই পৰিল এগৰাকী মোহময়ী নাৰী..

-ডনা…

….আৰু ধীৰে ধীৰে বাঢ়ি যায় জ্যেষ্ঠ দুজনৰ মাজৰ সম্পৰ্কৰ তিক্ততা | ফলত অভিযান যেন হৈ পৰিল গৌণ…

কিন্তু কোন আছিল সেই মোহময়ী নাৰী ? আছিল নেকি কিবা কিবা গোপন অভিসন্ধি এই গোপন অভিযানৰ বিৰুদ্ধে? নে তিনিওজনৰ বন্ধুত্বৰ এনাজৰী ফলাৰ সুযোগ ললে অন্য কোনোৱে?

আছিল কি সেই গোপন অভিযান?

আহক, আগুৱাই যাওঁ ৰংপুৰ এক্সপ্ৰেছৰ পৰৱৰ্তী খণ্ডবোৰলৈ…

(১২দশ)

লিকেজ ইন্ দ্যা পাইপলাইন

মহাত্মা গান্ধী, নেহৰুজী আৰু সুভাষ বসুৰ ফটোৰে তিনিখন বেৰ উজলাই ৰখা ডি.চি.পি. চাহাবৰ সুসজ্জিত কেবিন৷
ওপৰৰ ছাৰ্টৰ দুই বুটাম খোলা, এপাত জোতা ফাইল আলমিৰাৰ ওচৰত ভূ-পতিত, আনখন ভৰি জোতাসহ টেবুলৰ কোণ এটাত আলাসতে ভেজা থৈ, উদাসভাৱে ডি.চি.পি কাকতিয়ে কৈ উঠিল –
– বি.এচ.চি পাছ কৰি গাঁৱৰ হাইস্কুলখনতে চাকৰি কৰি থকাহেঁতেন হয়তো আজি বৰ শান্তিৰে থাকিলোহেঁতেন হে দিগন্ত! ! ..আই.পি.এছ. কৰাৰ উচ্চাকাংক্ষেৰে জীৱন যুঁজি এইদৰে পাব্লিকৰ কথা শুনিব লগা হয়..
এ.চি.পি. দিগন্ত বৰুৱাই মনোযোগেৰে কেবাবাৰো পঢ়া চিঠিখন কাকতিৰ টেবুলত প্ৰেছাৰ ৱেইটটোৰে হেঁচি থৈ ক্ষীণ হাঁহিৰে কলে –
হয়ছাৰ.., মইভাওনা, বৰসবাহ, যাত্ৰাপাল্লা, মহাৰাস আদিৰ মাজতে সোমাই পৰা লৰা আছিলো… আজি ৫ বছৰে ধৰি এখন ভাওনাত খোল বজোৱা কি, ছেও এটাও শুনিব পোৱা নাই..
– আমাৰ অসম..অসমীয়া গাওঁ..মানুহৰ মৰম চেনেহ, মাত কথা…আস্..কি মধুৰ.. আৰু ইয়াতে এই মহিলা গৰাকীৰ ব্যৱহাৰ দেখিলা? নামমাত্ৰ হাঁহি এটাৰে বৰুৱাই কলে…
– মই জনাত মানুহগৰাকীৰ “মাতোশ্ৰী“লৈ সঘন আহ-যাহ, কোনোৱে কয় বালাচাহেবৰ ৰাখী পিন্ধোৱা ভগ্নী, কাৰোৰ মতে ৰাজ থাকৰেৰ ক্লাছমেট..
কংকনা পাটিল৷
স্বত্বাধিকাৰী, কংকনা জুৱেলাৰ্ছ৷
কিছুদিন পূৰ্বে এক চান্ষ্ণল্যকৰ হীৰা ডকাইতি হৈছিল বান্দ্ৰাৰ কংকনা জুৱেলাৰ্ছত৷ ডকাইতৰ কোনো শূংসূত্ৰ আজিপৰ্য্যন্ত উলিয়াব নোৱাৰা কাৰ্য্যত খড়্গহস্ত হৈ তীব্ৰ ককৰ্থনা কৰি গৈছে ক্ষণিক মাত্ৰ আগেয়ে; ডি.চি.পি হেমন্ত কাকতি আৰু মুখ্য তদন্তকাৰী বিষয়া এ.চি.পি. দিগন্ত বৰুৱাক৷ এই তীব্ৰ অপমানবোধৰ আগে আগে দুয়োজন জ্বলি পকি আছিল অন্য এক তীব্ৰ খঙত৷
কাৰণ আছিল এখন অপ্ৰত্যাশিত চিঠি…
অভজিত কলিতাৰ! !
কংকনা পাটিলৰ তুচ্ছ তাচ্চিল্যৰ কাৰণো আছিল এজন ব্যক্তি..
অভিজিত কলিতা৷
দিন দুপৰতে মাত্ৰ এজনী গাভৰুৰ সহিতে জীৱন্ত চহৰখনৰ সুৰক্ষা বেষ্টনীক আপাততঃ বৃদ্ধাংগুষ্ঠ দেখুৱাই কংকনা জুৱেলাৰ্ছৰ হীৰা লুট কৰি মায়ানগৰীত সৃষ্টি কৰিছিল তীব্ৰ চাণ্ষ্ণল্য..বাৰে বাৰে পুলিচ বাহিনীৰ হাতোৰাৰ পাশ পাওঁ নাপাওঁকৈয়ে সাৰি গৈছিল কলিতা৷
অলসভাৱে কাকতি চাহাবে টেবুলত থোৱা চিঠিখন পুনৰ এবাৰ হাতলৈ তুলিলে৷
বৰুৱা ইতিমধ্যে যোৱাৰাতি হৈ যোৱা কুলকাৰ্ণীৰ মাৰ্ডাৰ কেচটো তেওঁৰ প্ৰাৰম্ভিক অনুসন্ধানৰ তথ্যবোৰ সৰু ডায়েৰীৰ পৰা নোটশ্বিটলৈ উঠোৱাত তলমূৰকৈ ব্যস্ত৷
কাকতিৰ হাতত থকা চিঠিৰ আখৰবোৰে যেন জপিয়াই জপিয়াই খুটিয়াই থাকিল..
“শ্ৰদ্ধাৰ কাকতি আৰু বৰুৱা চাহাব..
….আপুনি আপোনাৰ দায়িত্বত…মই মোৰ দায়িত্বত .. ..
সদায় এই লুকা ভাকু খেল…মই জানো আপোনাৰ মোৰ মুখা মুখি মানেই ৰক্তপাত…
… এৰি আহিলো বম্বে…আপোনাৰ পৰুৱা নসৰকা ফান্দ-জালৰ পৰা মই এতিয়া বহু দূৰত…নাজানো আকৌ ক’ত কেতিয়া লগ পাম…বা নাপাম.. ইত্যাদি..
অ’, কব পাহৰিছিলো..আপোনাৰ সন্দেহ শুদ্ধ আছিল… আপোনাৰ আন দুটা মূৰ কামোৰণি ৰিণ্টু আৰু ৰামানুজ আকৌ ভাৰতবৰ্ষত সোমাইছেহি…আৰু শুনি আচৰিত হব যে দুয়ো বৰ্তমান মোৰ লগত…
শেহতীয়া ট্ৰাক অপাৰেশ্যনত আপোনাৰ গাড়ীত বহি অহা ট্ৰাক ড্ৰাইভাৰ জনেই আছিল ৰিণ্টু…
ইতি,
অভিজিত কলিতা
(নামেই যাৰ পৰিচয়)
বিঃদ্ৰঃ – আমাৰ শেষ ধৰ-পাকৰটোত ধাবাখনত আমাৰ তিনিটাৰ বিল দিব থাকিল..আপোনালোকৰো অৰ্ডাৰ দি খোৱা নহ’ল.. নগদ ২০০ টকা পঠালো..দি দিয়ে যেন৷ “
কিছুক্ষণ আগলৈ এইখন চিঠি পঢ়ি খঙত অগ্নিশৰ্মা হৈ থকা কাকতি কিছু নিস্তেজ হৈ পৰিল..কিছুদেৰীৰ আগলৈ “নেক্সট টাইম ন চাঞ্চ“ বুলি দপদপাই থকা বৰুৱাও শান্ত সমাহিত হৈ কোঠাৰ পৰা ওলাই গ’ল…
কংকনা পাটিলৰ ভৎসৰ্নাই দুয়োকে আত্মসন্মানহীনতালৈ লৈ গৈছিল৷
– মে আই কাম ইন ছাৰ?
চুলিত থেপথেপীয়াকৈ তেললগোৱা, সদাস্মিত পেছাদাৰী চোৰাংচোৱা ব্যোমকেশ ৰাজগুৰু৷ প্ৰয়োজনীয় বাৰ্তালাপ আৰু ২০ খন ফটো দি পাবলগা ধন আদায় কৰি ডিটেকটিভ ৰাজগুৰুৱে বিদায় মাগি কৈ গ’ল –
– হাৰ নেম্ ইজ্ ডনা এণ্ড শ্বি ইজ্ ফ্ৰম নৰ্থ ইষ্ট আই চাপজ…
অকলশৰীয়া কেবিনত কাকতিয়ে চাই গ’ল ডনাৰ এখন এখন ফটো..নাঃ..
এয়া ৰূপালী…একেই চকু, একেই গাল..বংশী মুক্তিয়াৰৰ সৰু ভনীয়েক… তেওঁৰ কেচা প্ৰেম..আলফুল মৰম…
কিন্তু নাই নাই৷ এইজনী অপৰাধী, কুখ্যাত মাফিয়া অভিজিতৰ সহযোগী.. কিন্তু চকুহাল..নিমজ গালখন যে..ৰূপালী! !
..নাই নাই…
ৰূপালীৰ যৌৱন শান্ত সমাহিত..ডনাৰ যৌৱন উদ্ধত..
ৰূপালী আজলী, ডনা চন্ষ্ণলা..নে বয়সৰ লগে লগে তেওঁৰ হে বাঢ়িছে চন্ষ্ণলতা…
হঠাৎ এখন ফটো চাই থমকি ৰ’ল ডি.চি.পি.৷ এখন বাইকত যৌৱনোন্মত্ত দেহবল্লৰীৰে স্বল্পবসনা ডনাৰ প’জ…বাইকৰ নম্বৰলৈ খুৱ মনোযোগেৰে চাই থাকিল কাকতিয়ে৷ হঠাৎ কাকতিৰ মুখৰ ৰং সলনি হ’ল…তেজবোৰ যেন গৰম হৈ উঠিল..ভ্ৰূ কোঁচাই ইংগিতেৰে মাতিলে কণিষ্টবল এজনক৷
কণিষ্টবলজনে ওপৰৱালা চাহাবক কি সুধিব বুলি মূৰ দুপিয়াই “কওক ছাৰ“ বুলি কোৱাৰ আগতে পাঁচটা শব্দৰ এক বোমা যেন হে ফুটি গল..
সমগ্ৰ বিশেষ শাখাৰ আটাইকিটা কোঠাৰ উপৰিও ১০০ মিটাৰ দূৰত্বত থকা কেণ্টিনখন পৰ্য্যন্ত কঁপি উঠিল ডি.চি.পি. কাকতিৰ বজ্ৰনিনাদ কণ্ঠত —
— হোৱেৰ্ ইজ্ ডি.এচ.পি. বিজয় মহান্তি? ? ? ? ? ?
ক্ৰমশঃ…
( বিঃদ্ৰঃ- মাতৌশ্ৰী শিৱসেনা চুপ্ৰিম’ বাল থাকৰেৰ বাসভৱন…বৰ্তমান উদ্ধৱ চাহাৱ থাকে আৰু কাৰ্য্যালয়ৰ একাংশ কাম-কাজো হয়)

(১৩ দশ)

–থ্ৰি ক্ৰিটিকেল স্নেপশ্বট—

স্নে.শ্ব.-১
ডাঙৰ আয়তাকাৰ টেবুলখনৰ চাৰিওফালে চাৰিজন ব্যক্তি৷ তিনিজন তিনিখন আসনত তিনি দীঘত বহাৰ বিপৰীতে চতুৰ্থজন, অৰ্থাৎ এ.চি.পি.দিগন্ত বৰুৱাই গহীনভাৱে পায়চাৰি কৰি আছে৷
তেওঁৰ কঠোৰ নিৰ্দেশত বেল্ট, টুপী আৰু ষ্টাৰপিন খুলি টেবুলত থৈ তলমূৰকৈ বহি আছে ডি.এছ.পি. বিজয় মহান্তি৷ সন্মুখত টিঙিৰিতুলা হৈ বিজয়লৈ উপৰ্য্যুপৰি প্ৰশ্নবাণ এৰি আছে ডি.চি.পি. হেমন্ত কাকতিয়ে, ডনাৰ লগত সম্পৰ্কৰ কথা লৈ৷
পুলিছ আৰু অপৰাধীৰ বন্ধুত্ব? ? বিভাগৰ সন্মানৰ প্ৰশ্ন৷
– তেন্তে অভিজিত কলিতাৰ সৈতে তোমাৰ এবাৰো দেখা দেখি হোৱা নাই? ?
– নাই ছাৰ, বিশ্বাস কৰক..এবাৰো দেখা নাই..আৰু বাৰে বাৰে সঁচা কথাই কম যে, বিভাগটোক আৰু আপোনালোকক সহায় কৰাৰ স্বাৰ্থতহে সেই বন্ধুত্ব আছিল..আৰু যিদিনাই কলিতা আমাৰ আৰক্ষীৰ নাগপাশত বন্দী হ’লহেঁতেন, সেইদিনাই তাইক মই…
কাকতিয়ে হাত দাঙি বিজয়ক মনে মনে থাকিবৰ ইংগিত দি এনে এক অভিব্যক্তি মুখত ফুটাই তুলিলে যে, “হব! ইমানো বেছি ভাল হোৱাৰ নাটক দেখুৱাৰ দৰ্কাৰ নাই“!
ডি.চি.পি.য়ে অন্যজন বিষয়া জনাৰ্দন কাম্বলি, ওৰফে জে.কে.ৰ লগত ভুন ভুন কৈ কথা পাতি কিবা লিখি গ’ল৷
আচলতে বিজয় মহান্তিৰ ভাষ্য আছিল যে ডনাই তেওঁৰ কাষ চাপি অ.কলিতাক আৰক্ষীক ধৰাই দিব খুজিছিল..
কিন্তু তাই শকত অংকৰ ধন বিচাৰিছিল আৰক্ষীক৷ কিন্তু নতুন চৰকাৰ গঠন হোৱাৰ পৰা আৰক্ষীৰ ধন সংগ্ৰহ কমি যোৱাৰ লগতে আগৰ পুঁজি কমি যোৱা ইত্যাদি বিত্তীয় দুৰ্বলতাৰ কথা তেওঁ কাকতিৰ দৰে জ্যেষ্ঠ অফিচাৰৰ পৰাই অৱগত আছিল, সেয়ে অযথা ধন খৰচতকৈ কিছু হলি গলিৰে অভিজিত কলিতাক জীৱন্তে ধৰিবলৈহে বোলে এইদৰে কষ্ট কৰিছিল৷
– অপৰাধীয়ে আৰক্ষীক ধনদাবী! ! হাঃ হাঃ..হাঃ.. হাঃ.. কিছুসময় মনে মনে থকা দিগন্ত বৰুৱাই তীৰ্যক চাৱনিৰে মহান্তিলৈ চাই চিগাৰেট এটা জ্বলাই কৈ উঠিল –
– বাৰু মিঃ মহান্তি! অভিজিত কলিতাক ধৰিবলৈ যোৱা আমাৰ প্ৰতিটো গোপন অভিযানৰ কিছু পূৰ্বেই তেওঁ পূৰ্বাভাষ পাইছিল..আপোনাৰ নালাগেনে যে আমাৰ ভিতৰৰ কোনোবাই তেওঁক গোপনে সহায় কৰিছিল? ?
– ন’ ছাৰ.. মানে ছাৰ…ডনট্ নো.., এণ্ড মাইট বি ছাৰ..বাট্ ছাৰ..
– নাৰ্ভাছ হৈছে কিয় ডি.এচ.পি.? …আই হেভ নট মিণ্ট্ য়ু..! ! দিগন্ত বৰুৱাৰ দুৰ্বোধ্য মিচিকি হাঁহি..
– বাই দ্যা ৱে, কাকতিয়ে জে.কে.ৰ লগত কথা সামৰি মহান্তিৰ ফালে চাই কলে –
– তুমি কৈছা যে ডনাৰ লগত ফুৰিছা আৰু কৰোবাত গৈছাও, .. কেতিয়াবা ডনাৰ লগত আন্তৰিক মুহূৰ্ত কটাইছা নেকি..? … মানে.. নিবিড় মুহূৰ্ত? ?
বিজয় মহান্তিক যথেষ্ট অপ্ৰস্তুত দেখা গ’ল৷
-কোৱা ডেকালৰা, এই বয়সত এইবোৰ স্বাভাৱিক…আই হেভ পাচড্ অল দিজ.. ডি.চি.পি.ৰ পৰা সাহস পাই মহান্তিয়ে লাজ লাজ কৈ কলে,
– ছাৰ..হয় ছাৰ…দুবাৰ তিনিবাৰ আমি..
– তেনে মুহূৰ্তত সুবিধা বুজি তুমি এদিনো অ.ক. শুংসূত্ৰ উলিয়াব নোৱাৰিলা? ?
– ছাৰ, প্ৰত্যেকবাৰেই মই তেনে পৰিকল্পনাৰেই আগবাঢ়ো… কিন্তু.. কিন্তু..
– কিন্তু কি কোৱা! ! কাকতি অধৈৰ্য্য হৈ চিঞৰি উঠিল৷
– ছাৰ সেই মুহূৰ্তত ছাৰ মোৰ ডেকা মন জাগ্ৰত হৈ উঠে…আৰু মই দায়িত্ব কৰ্তব্যৰ সংজ্ঞা হেৰুৱাই পেলাও আৰু মোৰ ভিতৰৰ পুৰুষজনে মোক হাত বাউল দি মাতে..
– অস্… কাকতিৰ মুখ মেল খায়েই থাকিল..
আৰু কিছুসময় কথা বাৰ্তা হৈ মহান্তি আৰু জে.কে. ওলাই গ’ল…মহান্তিয়ে বাৰে বাৰে কৈ গ’ল যে বৰ্তমান ডনা কত তাই নাজানে..তাই হঠাৎ অন্তৰ্ধান হৈছিল!
– লৰাটো অ’নেষ্ট.. খোলখোলিকৈ কথাবোৰ কৈছে…সিমান জটিলতা নাই যেন লাগে…কাকতিৰ স্বগতোক্তি৷
বৰুৱাই খুউব মনোযোগেৰে নিজৰ ডায়েৰীত কিবা খুছৰি থাকিল৷ হঠাৎ তেওঁ বিচাৰি থকা নোটটো পাই গ’ল –
’চিভিল ড্ৰেছত ডি.এচ.পি. মহান্তি..নিশা ১১ বজাত..ডাৰ্লিংটন ক্লাৱৰ সন্মুখত’..
– ছাৰ! ডাৰ্লিংটন ক্লাৱত পিটাৰক কি তাৰিখে লগ ধৰিছিল?
– ….পাহৰিছো হে! মনত পৰা নাই…
ডি.চি.পি.ৰ ইতিমধ্যে যাবলগীয়া উদ্বোধনী অনুষ্ঠান এটালৈ সাজু হ’ল..
বৰুৱাই ততাতৈয়াকৈ ভিজিটৰ ৰেজিষ্টাৰ আনিব দিলে৷ “গুড্ বাই দিগন্ত “ বুলি কওঁতেই বৰুৱাই সুধিলে – ছাৰ সেইদিনা সুৰক্ষা বিষয়া কোন আছিল আপোনাৰ লগত?
– ডি.এচ.পি. মহান্তি.. কৈয়েই ব্যস্ততাৰে কোঠাৰ পৰা ওলাই গ’ল বৰুৱা..
ভিজিটৰ ৰেজিষ্টাৰ আহি পালে৷ খৰধৰকৈ বিচাৰিব ধৰিলে দুটা নাম.. দুগৰাকী চিত্ৰকৰ – জীমণি ডিছ’জা, মৌচুমী প্ৰভাকৰণ…পাই গল! তাৰিখটো চালে, তাৰপৰা তিনিদিন আগৰ তাৰিখত পাই গ’ল পিটাৰ আৰু কাকতিৰ দেখা হোৱা দিন…নিজৰ ডায়েৰীত বিজয়ক চিভিল ড্ৰেছত দেখা তাৰিখটো আকৌ চালে..
জুকিয়াই চালে তিনিওটা তাৰিখ…
ভালকৈ আৰু এবাৰ চালে..এটা যোগসূত্ৰ যেন সংস্থাপন হব গৈ আছে..
এ.চি.পি.দিগন্ত বৰুৱা খুৱ শান্ত হৈ আৰামী চকীত বহি পৰিল..হাতদুটা পিছলৈ নি মূৰৰ পিছফালটো দুই আবদ্ধ তলুৱাৰ মাজত এৰি দি পিঠিৰেই ভেজাৰেই ঝুলনা খেলি থাকিল…হৰ্ষ মনে বিভোৰ হৈ৷
ডি.এচ.পি. দেৱগণক মাতি কাগজত নাম এটা লিখি কৈ উঠিল –
– এৰেষ্ট ৱাৰেণ্ট নিকালো.ঔৰ হাথো হাথ এৰেষ্ট কৰকে লাউ…
সপ্ৰতিভ ডি.এচ.পি.দেৱগণে “য়েছ ছাৰ“ বুলি টুকুৰাটো লৈয়ে লগে লগে ওলাই গ’ল৷
টুকুৰাটো খুলি চাই শিয়ঁৰি উঠিল –
কৌশিক ডিছিলভা, ডাৰ্লিংটন ক্লাৱ! !
*******
স্নেপশ্বট ২:
কাৰ্য্যালয় কোঠা, ডীন ড°শংকৰ জ্যোতি বৰুণম নিজ আসনত উপবিষ্ট৷
আমাক দুয়োকে, মানে ৰিণ্টুদা আৰু মোক মাতি পঠোৱাত আগবাঢ়িছো তেওঁৰ কোঠালৈ৷
অভিজিতদা ইতিমধ্যে আছেই বহি৷
পৰহি ৰাতি মদ খাই, কাজিয়া লাগি, হোষ্টেলৰ দুৱাৰ গ্লাছ ভঙাৰ পিছত কালিৰ দিনটোত কোনেও কাকো মাতবোল কৰা নাই৷ লাজত তলমূৰ কৰি দুয়ো অভিদাৰ দুইকাষে বহিলো৷ তিনিওৰে হাতে ভৰিয়ে সৰু সৰু বেন্দেজ৷ ৰিণ্টুদাই ড° ছৰি কবৰ বাবে পাতনি মেলিবলৈ মুখ খোলোতেই অভিদাই ৰিণ্টুদাৰ হাতত ধৰি মনে মনে থকাৰ ইংগিত দিলে৷
ওলোটা ড° বৰুণমেহে আমাক ভুৰি ভুৰি ধন্যবাদ জনালে৷ অলপ সময় ৰৈ পৰিস্থিতিৰ বুজ লৈহে গম পালো যে অভিদাই ইতিমধ্যেই কৈছে যে পৰহি কিদৰে ৩ জনমান স্থানীয় উদণ্ড যুৱকে ইন্সটিটিউটত কোনো নথকাৰ সুযোগ লৈ চৌহদৰ পৰিত্যক্ত কেণ্টিনত সন্ধ্যা মদ্যপান কৰিছিল৷ কিদৰে ইনষ্টিউটৰ গৰিমা অক্ষুণ্ন ৰখাৰ বাবে আমি তিনিও বাধা দি বাহিৰলৈ যুৱক কেইজনক চৌহদৰ বাহিৰ কৰিছিলো৷ অথচ মাজনিশা কিদৰে আমাক সম্পূৰ্ণ নিচাগ্ৰস্ততাৰে আহি শুপ্ত অৱস্থাত দুৱাৰ গ্লাছ ভাঙি আক্ৰমণ চলাইছিল৷
পিছতহে দেখিছিলো চৌহদৰ দুৰ্বলাংশ ৱাল এখন কিদৰে অলপ ভাঙি ৰাখিছিল পুৱতি নিশা অভিদাই, নিজৰ কাহিনীক বাস্তৱ প্ৰমাণ দিবলৈ৷
ডীনে আমি পোৱা কষ্টৰ বাবে খেদ প্ৰকাশ কৰি থাকোতেই প্ৰফেছৰ এজনে দৌৰি আহি দিলে এক চাঞ্চল্যকৰ বাতৰি –
বিশ্বত্ৰাস সৃষ্টি কৰা “ইয়ৌ“ কম্পিউটাৰ ভাইৰাছে আক্ৰমণ কৰিছে তেওঁলোকৰো প্ৰয়োগশালাৰ কেইটামান কম্পিউটাৰ! শংকিত মুখেৰে তেওঁ প্ৰায় লৱৰি ওলাই গ’ল৷
ক্ষন্তেক সময় মৌনতাৰ পাছত অভিদাই আমাৰ কাৰো ফালে নোচোৱাকৈ কলে,
– চুক্তিমতে আমাৰ মাত্ৰ ২-৩ দিনহে আছে ইয়াত… নতুন শ্বেল্টাৰ বিচাৰোতে দেৰীয়ে হৈছে ..ৰামানুজ, তোমাৰতো জনা শুনা আছে এইবোৰ ঠাই, জলগাঁৱ বা ভূচাৱলত কিবা ব্যৱস্থা হব নেকি?
– হয় দাদা.. ওলাব, মোৰ চুলতানৰ লগত ভাল…জলগাৱঁত নকলি হুইস্কিৰ ফেক্টৰী আছিল আমাৰ একেলগে..সি নিশ্চয় সহায় কৰিব..মোৰ জিগৰি দোস্ত হয়..
– অহ্ ভেৰী গুড্… তুমি তোমাৰ নেটৱৰ্ক ফিট কৰা ইমিডিয়েটলি..
অভিদাৰ মুখ উজলি উঠিল.. কিন্তু কিবা এটা মনত পৰাৰ দৰেই বিৰবিৰাই কৈ উঠিল
– চুলতান ..চুলতান….চুলতান..মানে বাবা খান নেকি?
– হয়, বাবা খান৷ -মই উত্তৰ দিলো৷
– বাবা খান? ? ? ? ৰিণ্টুদা উচপ খাই উঠিল৷
***
স্নেপশ্বট ৩:
অসমত ৰাষ্ট্ৰপতি শাসনৰ কুচ-কাৱাজ আৰম্ভ৷
ব্লু-প্ৰিণ্ট ৰচনা হৈ আছে যুটীয়া সচিবৰ কাৰ্য্যবাহী কোঠাত৷ অৰুণাচলৰ সেনাপ্ৰধান ভানুপ্ৰতাপে ডাঙৰ মেপ এখন খুলি বুজাই গৈছে ৰ’, চোৰাংচোৱাৰ শীৰ্ষবিষয়াসকলক.. .কিদৰে ভাৰত-ম্যানমাৰৰ সীমান্তত থকা ডিফু গিৰিপথৰ সমীপেৰে দুৰ্গম লুংলুঙীয়া বাটেৰে পাৰ হৈ যায় সশস্ত্ৰ সংগ্ৰামত উদ্বুদ্ধ শ শ অসমীয়া যুৱক৷
তেনে দূৰ্গম সীমান্তত সেনা অভিযানৰ কৃতকাৰ্য্যতাৰ সম্ভাৱনীয়তাতো দূৰৰেই কথা, সেনাৰ প্ৰৱেশেই ভাৰতীয় সেনাৰ বাবে এক বৃহৎ প্ৰত্যাহবান৷
সেয়ে আলফাৰ বিৰুদ্ধে অভিযান সীমান্তত নহয়, হব লাগিব অসমৰ মাটিত! ধ্বংস কৰিব লাগিব দেশৰ মাটিত..
অৰ্থাৎ অসমৰ মাটিতেই হব ৰক্তপাত..সেয়ে লাগে সেনাক সমৰাৱস্থাৰ বাবে প্ৰয়োজনীয় পূৰ্ণ শক্তি৷
এনেতে চিঠি নং ইছু হোৱা দুখন কাগজ পৰিলহি শ্ৰীৱাস্তৱৰ হাতত…বিশেষ দায়িত্বৰ দুজন বিশেষ বিষয়াৰ নিযুক্তি পত্ৰ৷
এই মুহূৰ্তত তথ্য লাগে..বহুত তথ্য.. সংসদত দিবলৈ চৰকাৰ হাতত৷ সেয়ে খুবেই জৰুৰী দুয়োকে অসমলৈ পঠোৱাটো..
নাম দুটা হিতেশ্বৰ শইকীয়াই বিচৰাধৰণেই হয় নে নহয় মিলাই চালে.. ঠিকেই আছে, দুয়োজনেই সুদক্ষ বিষয়া, গোপনীয়তা ৰক্ষা কৰে…
দীঘল চিঠিখনৰ দুই এটা লাইন ভালকৈ চাই তলত তেওঁ চহী কৰি ফাইলটো গৃহমন্ত্ৰীৰ সচিবলৈ পঠালে৷
আৱদ্ধ ফাইলত আগবাঢ়িল অসমত অভ্যন্তৰীণ পৰিস্থিতি নীৰিক্ষণ আৰু ৰিপোৰ্ট প্ৰস্তুত কৰিবৰ বাবে অসমলৈ ততালিকে গমন কৰিবৰ বাবে দুটা নাম –
-হেমন্ত কাকতি-
-দিগন্ত বৰুৱা-
নিৰ্দেশক্ৰমে,
ভাৰত চৰকাৰ
*********


(১৪দশ খণ্ড )

— ব্লেক ক্লাউড্ অভাৰ —

মনমাড়৷
আমাৰ গন্তব্যস্থল৷
অভিজিতদাৰ জীপছিত আমি চাৰিজন৷ যোৱা এমাহত অভিজিতদাৰ গাড়ীখন হয় তেওঁ নিজেই চলাইছে অথবা ডনাই৷ আজি অলপ সলনি হ’ল..ইতিমধ্যেই অভিদা ৰিণ্টুদাৰ মাজত শীতল যুদ্ধৰ পূৰ্ণ পৰ্য্যায়ত আৰু মাত বোল প্ৰায় বন্ধ৷
হোষ্টেল এৰোতে ময়ে কৈছিলো গাড়ী মই চলাম বুলি৷ অভিজিতদাই না নকৈ ছাবি মোৰ হাতত তুলি দিলে৷ চিলিঙত লুকাই থোৱা গোপন অস্ত্ৰবোৰ বনেট খুলি আগনিশা ময়ে ভৰাইছিলো…ছিটৰ তলতো বিশেষ কায়দাৰে লুকুৱাই পেলাইছিলো গুপুত ফাইল, কেশ্ব্, ফটো, নকল লাইচেণ্ষ্ণ আদি৷
মই চালকৰ আসনত বহাৰ লগে লগেই ৰিণ্টুদা, অভিদা স্বয়ংক্ৰিয় ভাৱে পিছলে গ’ল কাৰণ ডনাই সদায় আগত বহিবলৈ জিদ ধৰে৷
“গুড্ বাই নাচিক“ – মনটোৱে নিজকে কৈ উঠিল৷ মোৰ ড্ৰাইভিঙত গাড়ী চেঁকুৰিলে – মনমাড় অভিমুখে৷ চুলতানে তাৰে পৰাই লৈ যাব তাৰ গোপন ঘাটিলৈ৷ গাড়ীৰ এক্সিলেটৰত তেতিয়া ৭০-৮০ বেগৰ হেন্দোলনি৷
কৌশিক ডিছিলভাৰক গ্ৰেপ্তাৰ কৰি এ.চি.পি. বৰুৱাই দুটা নতুন তথ্য উদ্ঘাটন কৰি অভিজিত কলিতাৰ অনুসন্ধানত আৰু দুখোজ আগুৱালে৷ প্ৰথম স্বীকাৰোক্তিতে কৌশিকে কৈছিল ডি.চি.পি.ৰ লগত পিটাৰৰ ডাৰ্লিংটন ক্লাবত হোৱা মিটিঙৰ আগে আগে এটা ৰেকৰ্ডাৰ স্থাপন কৰাৰ কথা৷ ডনাৰ লগত অহা কৌশিক মহান্তিয়ে সংগোপনে স্থাপন কৰিছিল মাইক্ৰফোন৷
ইয়াৰ পিছৰ তথ্যটোৱে লৈ গৈছিল বৰুৱাৰ অনুসন্ধানৰ অন্তিম পৰ্য্যায়লৈ..চিভিল ড্ৰেছত প্ৰায়ে ৰাতি অহা ডি.এচ.পি. বিজয় মহান্তিয়ে প্ৰায় নিশা ১১ মান বজাত কাৰোবাক প্ৰায়ে ফোন কৰিছিল, ডাৰ্লিংটন ক্লাবৰ ভঁৰাল ঘৰৰ পৰা৷
বি.এচ.এন.এল. ৰ কাৰিকৰী বিষয়াজনে উদ্ধাৰ কৰি দিয়া আটাইতকৈ বেছি ফোন যোৱা একমাত্ৰ নম্বৰটো ধৰা পৰিছিল এখন শৈক্ষিক নৰ ছাত্ৰী নিবাসৰ –
শংকৰ-জ্যোতি ইঞ্জিনীয়াৰিং ইন্সটিটিউট, নাচিক! ! !
সেইৰাতিয়েই ওলাই আহিব ওলাইছিল দিগন্ত বৰুৱা, কিন্তু নাচিক জিলাৰ এচ.পি.ক জনাব খোজা নাছিল অভিজিত কলিতাৰ ভাৰত পদাৰ্পণৰ কথা৷ ডি.চি.পি. কাকতিৰ কুটনেতিক পৰামৰ্শৰে পুৱাই ওলাল অভিজিত কলিতাৰ বিৰুদ্ধে নতুন উৎসাহেৰে অন্য অভিযান৷
বম্বে-নাচিক ২ ঘণ্টাৰ ৰাস্তা..আমি নাচিকৰ হোষ্টেল এৰি আধাঘণ্টাৰ বাট আগুৱাই গৈছিলো.. অৰ্থাৎ দিগন্ত বৰুৱা আৰু তেওঁৰ সশস্ত্ৰ পুলিছ ফৌজৰ লগত আমি আঢ়ৈ ঘণ্টা আগুৱাই আছিলো৷
ৰাস্তাৰ দুয়োকাষে আঙুৰ খেতি..পাতল ঘনত্বৰ ঘৰবোৰৰ চোতালত গৰুৱে সৰিয়হ পেৰাৰ দৃশ্যবোৰ..মাজে মাজে বাওঁকাষে দুই একাংশত সহয়াদ্ৰী পাহাৰুৱা যেন অণ্ষ্ণল বিশেষ.. ৰিণ্টুদা – অভিজিতদাৰ কাৰো মুখত মাত নাই..
সুৰামত্ত অৱস্থাত হোৱা কাজিয়াখনে প্ৰায় লাজ লগাকৈ উদঙাই দিছিল ডনাৰ প্ৰতি দুয়োৰে থকা অসহজ দুৰ্বলতা৷ কিন্তু চণ্ষ্ণলা ডনা আছিল উৎফুল্ল মনেই..
সৰু সৰু কথাতে তাই কৌতুকীয় মন্তব্যৰে যাত্ৰাটো বেচ মাদকতাময় কৰি তুলিছিল..বাৰে বাৰে ষ্টাইলত বন্ধা চুলিখিনি দুয়োহাতে বতাহত নষ্ট নহবলৈ যত্ন লৈছিল, ভাঁহি আহিছিল তীব্ৰ পাৰফিউমৰ গোন্ধ..মই যেন লুকাই চুৰকৈ তাইৰ ৰূপ-যৌৱন চাব ধৰিলো… আঃ.. সঁচাই তো ধুনীয়া ডনা..যেন এপাহি..এপাহি..
..ক্ৰেছছ্….ছ্ছ্…ক্ৰে..ক্..ক্..সৰু পাহাৰীয়া পাকটো লৈ বাওঁহাতে থকা ভলীবলৰ ফিল্ড যেন সমতল ঠাইখিনিৰ ফালে চুচৰি আহি গাড়ীখন ব্ৰেক মাৰি ৰখি গ’ল৷ অভিজিতদা, ৰিণ্টুদা আৰু ডনাই একো তলকিব নৌ-পাওঁতেই..
..ধিখিছ্.. ঘ্ৰেম.ম্.. ধুপুছ্… ড্ৰাইভিং ছিটৰ পৰা মই মৰা প্ৰচণ্ড কিক্ টোত ডনা দুৱাৰ ভাঙি সৰু ফিল্ডখনত ছিটিকি পৰিলগৈ৷
একে জাপেই মই ওলাই গৈ তাইৰ ডিঙিত ওলোমাই অনা বেগটো টানি আজুৰি আনিব খুজিলো৷ তাই যেন কিবা বুজি উঠিল৷ বহি থকা অৱস্থাতে তাই ক্ৰোধান্বিত চাৱনিৰে মোৰ আঁঠুত সজোৰে গোৰ মৰাত ভাৰসাম্য হেৰুৱাই পৰিব খোজোতেই মোৰো খঙে মূৰৰ চুলিৰ আগ পালে৷
এক ছেকেণ্ডো বিলম্ব নকৰি তাই থিয় দিওতেই মই তাইক উধাই-মুধাই ঘুচিয়াব ধৰিলো..উগ্ৰমূৰ্তি ধৰি খেদি আহিল অভিজিতদা-
-হাও ডেয়াৰ ডু ইউ টু টাচ্চ্ হাৰ? ?
অভিজিতদাৰ প্ৰচণ্ড ঘোঁচাত মোৰ মুখখনে নিমখ অনুভৱ কৰিলে..সম্ভৱ ওপৰৰ গুৰি দাঁতৰ তেজ..
– দাদা প্লিজ এক মিনিট ৰৱ..প্লিজ এক মিনিট..মই কৈ আছো প্লিজ..দুইহাতে মুখখন গাৰ্ড দি কৈ থাকিলো যদিও অভিদাই মোক ঘুচিয়াই গতিয়াই পিছ হুঁহকাই থাকিল৷ ৰিণ্টুদাৰ বুকুত সোমাই উচুপি উচুপি কান্দি থকা ডনাক তেওঁ সান্ত্বনা দি থাকোতেই হঠাৎ হিংস্ৰ বাঘিণীৰ দৰে মোলৈ খেদি আহিল তাই..
অভিজিতদাক মোৰ পৰা এক প্ৰকাৰ গতিয়াই তাই আউলি-বাউলী চুলিৰে, ৰঙা চকু দেখুৱাই অভিদাক আৰু ৰিণ্টুদাক দাঁত কৰচি হুংকাৰ দিলে
– খবৰদাৰ, এইটো আমাৰ দুটাৰ মামলা হয়…আপোনালোক দুয়োজন মাজত প্লিজ প্লিজ ..প্লিজ নোসোমাব..মাজত আহিলে মই জপিয়াই দিম তললৈ..আই ড’ণ্ট নিড্ এনিৱানছ্ হেল্প্..
– ইয়ে..ইয়ৌ..হাক্ ..ৱাক্..ঠাইতে ঘূৰি ঘূৰি কিক্ মাৰি চিঞৰি মোলৈ খেদি আহি থাকিল.. .
– কি-য়াই..কি-হাপ্..কি-হাপ্..
যিমান পাৰি তাইৰ আক্ৰমণক প্ৰতিহত কৰি তাইকো আক্ৰমণ কৰি থাকিলো৷ কিন্তু,
মোৰ অমনোযোগিতাৰ সুযোগ লৈ তাই মোৰ পেটত মৰা কিক্ এটাত আৰ্তনাদ কৰি উঠিলো..
– অ..ভি..জিত…দা…আ.আ..গা..ড়ী..
ছেকেণ্ড গিয়াৰত থোৱা গাড়ীখন কিবা প্ৰকাৰে আগুৱাই গৈছে হেলনীয়া অংশখিনিৰে৷ ১০ ফুটমান দূৰতে তললৈ দ খাৱৈ৷ অভিজিতদা দৌৰি গৈ আগফালৰ হেলনীয়া অংশটোত জাপ দি গাড়ীখন আগুৱাই যোৱাত বাধা দিলে..সজোৰে..কিন্তু নাই গাড়ীখন ২ ফুটমান আগুৱালে..
অভিজিতদাই ঠেলাৰ বিপৰীতে অভিজিতদাৰ ভৰিহে পিছলিছে পিছলৈ.. প্ৰাণপন চেষ্টা অথলে গৈছে..অহ ন’ ..গাড়ী আৰু ১ফুট আগুৱালে..খাৱৈটোলৈ মাত্ৰ ৭ ফুট.. ডনাৰ লগত খণ্ডযুদ্ধ এৰি মই গাড়ীখনলৈ দৌৰিব খুজিলো ..কিন্তু তাই পাৰ্য্যমানে মোৰ লগত জোতাপোটা লাগি মোক আক্ৰমণহে কৰি থাকিল..শুণ্যতে জাঁপ এটা মাৰি মই তাইৰ কঁকালত আঘাত কৰি ধৰাশায়ী কৰি গাড়ীখনলৈ দৌৰিলো..
**************
– ফিছ ইজ আউট অফ ৱাটাৰ? অভাৰ এণ্ড আউট! দিগন্ত বৰুৱাৰ ৱায়াৰলেছ ট্ৰেন্সমিটাৰত ডি.চি.পি.ৰ সাংকেতিক প্ৰশ্ন এ.চি.পি.লৈ৷
– ফিছ ইজ আউট অফ ৱাটাৰ বাট ডিচ-এপিয়েৰ্ছ এগেইন.. অভাৰ এণ্ড্ আউট!
***************************
সন্মুখলৈ পিছলি পিছলি গড়খাৱলৈ নামি যোৱা গাড়ীখনে অভিজিতদাক গড়খাৱৈৰ ফালে আৰু ২ ফুট ঠেলি ধৰিলে..আৰু চাৰিফুট মাত্ৰ গাড়ীয়ে মানুহে তলত পৰিবলৈ….ইণ্ষ্ণি ইণ্ষ্ণিকৈ জোতা পিছলি পিছলি যোৱা অভিদক দেখি কিংকৰ্ত্তব্যবিমূঢ় হৈ পৰিলো..
উস্! এই ৰিণ্টুদাটো চাগৈ ডনাক লৈ ব্যস্ত! অভিদাৰ মুখত মৰণকাতৰ চিন স্পষ্ট হ’ল.. আৰু ২ ফুট বাকী..মই চকু জিপি দিলো..
– আহ্…হ্…হ্……তীব্ৰ.মৰণকাতৰ চিঞৰ…
অভিজিতদা আৰু নাই! ! ! ! সমস্ত পৃথিৱী অন্ধকাৰ হৈ গ’ল মোৰ সন্মুখত…
– আহ্…হ্…হ্….. ৰা..মা..নু..জ..
চকু মেলি দেখো অভিদা আৰু গাড়ী জেগাত ৰখি আছে..হালি চাই দেখো, আগফালৰ এটা চকাৰ তলত ৰিণ্টুদা! !
ৰিণ্টুদা! ! ৰিণ্টুদা! ! !
যেন কলি কালত ৰামৰ কাষত লক্ষ্মণ!
অভিজিতদাৰ প্ৰাণ বচাবলৈ নিজে অপ্ৰতিৰোধ্য চকাৰ তলত! ! কাল বিলম্ব নকৰি পিছৰ চকা দুটাৰ সন্মুখতে এটুকুৰা কাঠৰ কুণ্ডা আৰু আৰু বেছি আয়তনৰ শিল ভৰাই ভাৰসাম্য আনিলো৷ দুয়ো খুপি খুপি বাহিৰলৈ আৰু ওপৰলৈ উঠি আহিল..
তেনেতে পিছফালে বহি থাকিয়ে ধাতবীয় নাম্বাৰ প্লেট খনত দেখা পালো এক শিহৰণকাৰী প্ৰতিবিম্ব…বিশেষ কায়দাৰে পিছলৈ জপিয়াই মই অনুমানত সজোৰে ধৰি পেলালো উদ্যত চুৰি লৈ থকা ডনাৰ হাতখন আৰু সন্মুখলৈ টানি ঠেকেচি দিলো মাটিত..মোক তাই চুৰিৰে পিঠিত শালিব খুজিছিল৷
ঠেকেছনিত কেঁকাই গেথাই ঠিয় গ’ল তাই..সাম্প্ৰতিক পৰিস্থিতি দেখি এইবাৰ সলনি হৈ গ’ল অভিজিতদা৷ উত্তেজিত হৈ চকু পকাই কলে-
– হোৱাই ডু য়ু এট্টেক হিম উইথ ৱেপনছ্?
– ন’.. একচুৱেলি.. আই মিন্.. পিছুৱাই পিছুৱাই তাই অসংলগ্ন কথা কৈ গৈ থাকিল৷
ইতিমধ্যে শেষ খণ্ডযুদ্ধত মই তাইৰ বেগটো আজুৰি লৈছিলোৱেই..
– টু ফ’ৰ চিক্স..লকটোৰ সাংকেতিক কড তিনিওটা ৰ’ল পকাই পকাই খুলিলো (যিটো মই যোৱা দহদিনে অনুসৰণ কৰিছিলো )..কাষতে উৎসুকতাৰে ৰিণ্টুদা..পালো..পালো তাইৰ পৰিচয় পত্ৰ! ! মোৰ হাঁহি ওলাই আহিল..
ৰিণ্টুদাক দেখুৱালো, তেওঁৰ দুই চকু বিস্ফোৰিত কৰি মোলৈ চালে৷
– য়েছ! মই আগতেই সন্দেহ কৰিছিলো..কিন্তু প্ৰমাণ নাছিল..সেয়ে আপোনালোকক কোৱা নাছিলো৷
– অ’হ মাই গড্.. ৱি আৰ ৱিথ এ কোব্ৰা..! ! ! ৰিণ্টুদাৰ আশ্চৰ্য্য অভিব্যক্তি৷
মই উচপ খাই কলো –
– বাপ, তাইৰ কঁকালত দুটাকৈ পিষ্টল আছে.. অভিজিতদাক এট্টেক কৰিব! !
ইংগিত বুজিবলৈ ৰিণ্টুদাৰ দুই ছেকেণ্ডো নালাগে… সম্পূৰ্ণ দীঘলীয়া দুই জাঁপ মাৰি আমি দুয়ো অভিদা আৰু ডনাৰ কাষত পৰি, মই অভিদাক সাৱটি ধৰি টানি আনিলো প্ৰায় দহ ফুট.. ৰিণ্টুদাই কৰায়ত্ত কৰি পেলালে ডনাক..নিমিষতে হাত দুখন বান্ধি পেলালে..
অভিদাই ৰিণ্টুদাক চিঞৰ মাৰি কিবা এটা কব খোজোতেই মই ডাঙি ধৰিলো ডনাৰ পৰিচয় পত্ৰ অভিজিতদাৰ চকুৰ আগত. .
মেলা মুখেৰে তেওঁক ঠিক চন্দ্ৰকান্তাত দেখুওৱা ঐয়াৰ বদ্ৰীনাথ (ইৰফান খান) -ৰ দৰে দেখা গ’ল, কাৰণ তেওঁৰ স্থিৰ অমৰাগুটিহেন চকু দুটা যেন বহিৰ্নিগমণ হৈ পৰিছিল…স্পষ্ট- অস্পষ্টকৈ তেওঁ পৰিচয় পত্ৰখন পঢ়ি গ’ল –
“ মিচ্ শিৱাণী কৈৰালা..
এডিশ্যনেল্ ডাইৰেক্টৰ..
ইণ্টেলিজেঞ্চ ব্যুৰো..
থাৰ্ড ফ্লৰ..সিংহ দৰবাৰ..
…..কাঠমাণ্ডু! গভট্ অৱ্ নেপাল! ! ..“
তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আমাৰ শ্ৰুতিগোচৰ হ’ল পুলিচ চাইৰেনৰ সুৰধ্বনি!

(১৫ শ)

— ক্লীয়েৰিং ফেক্ট্ছ্, মিটিং ভাৰটেক্স–

সুতীব্ৰ চাইৰেণৰ শব্দত আমি তিনিও সচকিত হৈ পৰিলো৷
কেঁকাই আছে ডনাই, ময়ো মাৰ – পিট লাগি বিধ্বস্ত; জীপছিৰ চকাৰ তলত সোমাই ৰিণ্টুদাৰ অৱস্থা আৰু তথৈৱচ৷ উপায় নাই! পৰিলো পুলিছৰ হাতত! ৰিণ্টুদাৰ মুখলৈ চালো..মই ভৱাৰ দৰেই তেওঁৰো চকুত দেখিলো একেই ভাষা – আত্মসমৰ্পণ৷
এনেকুৱা পৰিস্থিতিত নাজানো ক’ত সঞ্চিত হৈ থাকে সদায় অভিজিতদাৰ “ওপৰঞ্চি শক্তি“৷ হাৰ নামানে৷ প্ৰচণ্ড শব্দেৰে বেক গিয়েৰ লগাই গাড়ীখন ঠেকেচি পেলাই দিলে ৰাস্তাত৷ কেঁকাই গেঁঠাই মই আৰু ৰিণ্টুদা প্ৰায় চুচৰি গৈ গাড়ীত সোমাই পৰিলো..ঘৰ্…ৰ্..ৰ্..ঘৰৰ্…কৈ গাড়ীখন আগুৱলে গন্তব্যস্থলী মনমাড়লৈ৷
অলপ দূৰ গৈ মই কলো.. দাদা, সোঁহাতে তললৈ যোৱা ৰাস্তাত সোমাই দিয়ক..
– কিয়? আমি মনমাড় নাযাম? ?
– না না অভিদা…ডনা থকা কাৰণে মিছা কৈছিলো..চুলতানৰ মানুহ দশকৰ্ণীত আছে..সোঁহাতে লওক..সোঁহাতে দশকৰ্ণী..
চাইৰেনৰ শব্দ বাঢ়ি আহিছিল..গাড়ীখনে মই ইংগিত দিয়া সোঁহাতৰ ৰাস্তাটোৰে সোমাই নামনিমুৱা হওঁতেই ৰিণ্টুদাই চিঞৰি উঠিল –
– ষ্টাৰ্ট বন্ধ কৰক অভিজিতদা.. বন্ধ কৰক..বন্ধ কৰক…
অভিজিদাই ছেল্ফ্ ওলোটাই পকাই ধৰিলে..তেনে অৱস্থাত ব্ৰেক নধৰা গাড়ীখন এঢলীয়া ৰাস্তাটোৰে নিয়ন্ত্ৰণহীন ভাৱে সুৰসুৰকৈ ঢলং পলংকে চুচৰি গ’ল..বিকট চাইৰেনৰ শব্দৰে কিছু ওপৰেৰে মূল ৰাস্তাত ঢাপলি মেলি গৈ থাকিল সশস্ত্ৰ পুলিছ বাহিনী, এ.চি.পি. দিগন্ত বৰুৱাৰ নেতৃত্বত..
সুৰক্ষিত যেন পাই এঠাইত গাড়ী ৰ’ল আমাৰ ..কল কল কৈ বাগৰি পৰা নিজৰা পানীৰ প্ৰপাতটোত মুখ ধুলে অভিদাই..নামি গলো মই আৰু ৰিণ্টুদা..কিছু সতেজ হলো..অভিজিতদা আৰু ৰিণ্টুদা মুখামুখি হোৱাৰ সময়…
এটা যেন বেয়া সপোন পাৰ হৈ গ’ল ডনাৰ অধ্যায়েৰে..অনুশোচনাত দগ্ধ ৰিণ্টুদাই চকু চলচলীয়া কৰি সেৱা কৰা ভঙ্গীমাৰে তলমূৰকৈ আগবাঢ়ি গ’ল..অভিজিতদাক যথেষ্ট স্থিৰ দেখা গ’ল..কিন্তু ভৰি চুবলৈ আগুৱাই অহা ৰিণ্টুদাৰ বাহুত ধৰি ডাঙি সাৱটি ধৰি হুকহুকাই কান্দি উঠিল সেই স্থিতপ্ৰজ্ঞ মানুহটো…ৰিণ্টুদাৰ ক্ৰন্দনৰ সুৰ ডাঙৰ হৈ আহিল..
মোৰো কিবা চকু চলচলীয়া হৈ আহিল .. কিছুক্ষণ পাৰ হ’ল..
– ৰেড ফ্লেগ! !
কৈয়েই মই জীপছিৰ বনেটৰ ওপৰত জাপ মাৰি ঠিয় হলো..পকেটৰ ৰঙা ৰুমাল উলিয়াই বিপৰীত দিশৰ পৰা ৰঙা পতাকা উৰুৱাই লাহে লাহে আহি থকা চুলতানৰ গাড়ীক সংকেত দিলো..“লাল নিচান“ সংকেত আগতীয়াকৈয়ে দুয়োফালে প্ৰেৰণ কৰা আছিল..
থিছিউ..থিছিউ..থিছিউ..থিছিউ..থিছিউ..থিছিউ..
ছয় জাঁই গুলী ফুটাই চুলতানে আদৰিলে আমাক.. অনেক দিনৰ মূৰত পাই সাৱটি ধৰিলো তাক..
৩ বছৰ পূৰ্বে ৰিণ্টুদাৰ লগত সি আহমেদাবাদত যুটীয়া ভাৱে কোনোবা এটা গেঞ্জী-জাঙ্গিয়া কোম্পানীৰ মালিকক অপহৰণ কৰি ১০ লাখ টকাৰে পণবন্দী কৰি, পইছা লোৱাৰ সময়ত চুলতান পুলিছৰ হাতত ধৰা পৰে আৰু ৰিণ্টুদাই ১০ লাখ টকা লৈ পাক-অধিকৃত কাশ্মীৰলৈ উধাও হয়৷ ৰিণ্টুদাই জেলৰ পৰা পলাই অহা চুলতান একো পইছা পাতি দিয়া নাছিল, সেয়ে লৈ চুলতান ৰিণ্টুদাৰ ওপৰত ক্ষুণ্ন হৈ আছিল..অভিদাই দুয়োকে বুজা বুজি কৰাই দিলে..
সন্ধ্যালৈকে চুলতানৰ ঘাটিত নিজা নিজা অতিথিৰূমত জিৰাই শঁতাই সন্ধ্যা আমি তিনিও নিৰ্জন কোঠা এটিত বহি পৰি যৎসামান্য সুৰাপানৰ বাবে বহিলো৷
অভিদা: – (মোলৈ চাই) আচৰিত! কোনেও জনা নাছিল ডনাৰ আচল পৰিচয়?
মই: – জানিছিল…একমাত্ৰ বৰ্ণালী ফুকনে৷
ৰিণ্টুদা: – বৰ্ণালী ফুকন? বৰ্ণালী ফুকন কোন? ?
মই – উচ্চায়ুক্ত, ভাৰতীয় দূতাবাস, নেপাল৷ অসমৰে জীয়ৰী, তিনিচুকীয়াৰ৷
দুয়োৰে প্ৰশ্নবোধক চাৱনিৰ সঁহাৰি হিচাবে মই কৈ গলো..
– নিজৰ সঁচা চিনাকিৰে, অৰ্থাৎ শিৱাণী কৈৰালা বুলিয়ে বৰ্ণালী ফুকনৰ পৰা অনুমোদন লৈ, নেপাল ৰাজদৰবাৰৰ পৰা ৮০০ বছৰীয়া মূৰ্তি এটা হেৰোৱা বুলি মনেসজা এক কাহিনী বনাই, তাৰেই সন্ধানৰ প্ৰয়োজনীয়তা দেখুৱাই তাই ভাৰতত প্ৰৱেশ কৰে..
– কিন্তু তাইৰ উদ্দেশ্য কি আছিল? ৰিণ্টুদাই মুখেৰে সোধা প্ৰশ্নটো অভিদাৰ চকুতো বিৰিঙি উঠিছিল৷
পেগটো কোঁট কোঁটকৈ গলধঃকৰণ কৰি থক্ কৈ টেবুলত থৈ কলো –
– অভিজিত কলিতা!
-কিয়? ? দুটা মানুহে একেলগে জিকাৰ খাই সুধিলে৷
– আপোনালোকৰ নিশ্চয় মনত পৰে, কাঠমাণ্ডুত আমাক পৃথকে পৃথকে গ্ৰেপ্তাৰ কৰি ডি.চি.পি.ইয়ান ৰেবেলোই আমাক ভাৰতলৈ আনি তিহাৰত ৰাখিছিল৷ নেপাল চৰকাৰে ৰাজীৱ গান্ধীৰ এনে দমনমূলক আচৰণত ভিতৰি ভিতৰি ক্ষুণ্ণ হৈ আছিল৷
বহুতো বিত্তীয় গোচৰ আপোনাৰ বিৰুধে কাঠমাণ্ডু পুলিছ আৰু আদালতত পৰি আছে৷ আপোনাৰ গ্ৰেপ্তাৰে নেপাললৈ বিদেশত থকা বহু কলাধন আনিব পাৰে..
-আই ছি…কিন্তু মোক তাই কলৈ কেনেকে নিলেহেঁতেন? কি কৰিলেহেঁতেন? ?
– হয়তো বিহাৰৰ জলেশ্বৰ বা যোগাবাণীৰ সীমান্তৰে আপোনাক কিডনেপ কৰি কাঠমাণ্ডু পঠালে হয়, কাৰণ তাৰে গোৰ্খা গেং এটাৰ লগত ডি.এচ.পি. বিজয় মহান্তিৰ সঘন যোগাযোগ আৰম্ভ হৈছিল৷
– বিজয় মহান্তি? ? মুখলৈ নিব খোজা বাদামকিটা ৰখাই অভিদাৰ প্ৰশ্ন৷
– হয়, বহু টকাৰ বিনিময়ত বিজয়ে সেই দায়িত্ব লৈছিল..
– য়াহ্ আল্লাহ্! ভাৰতৰ পুলিছ হৈ নেপালীৰ লগত মিলি গাড্ডাৰী! ৰিণ্টুদাৰ প্ৰতিক্ৰিয়া৷
– নাহ্৷ বিজয়ে ডনাক সহায় কৰিছিল সঁচা, কিন্তু জনা নাছিল যে তাই ইণ্টিলিজেন্সৰ মানুহ বুলি৷
– হোৱাট্? ? অভিজিতদাৰ প্ৰতিক্ৰিয়া৷
– য়েছ! আপোনাৰ লগত এটা প্ৰণয়জনিত কাৰণত ডনাৰ বায়েকৰ মৃত্যু হোৱা বুলি এক কাল্পনিক কাহিনীৰে বিজয়ক পতিয়ন নিয়াই, ভগ্নীৰ প্ৰতিশোধ কল্পে আপোনাক নেপাললৈ নিব বুলিহে বিজয় মহান্তিয়ে জানিছিল৷
– কিন্তু, বিভাগৰ বিৰুদ্ধে গৈ মহান্তিয়ে কিয় এনে কৰিলে? ৰিণ্টুদাৰ যুক্তিসংগত প্ৰশ্নৰ উত্তৰ দিলো,
– অৰ্থলোভ৷ প্ৰচুৰ অৰ্থলোভ৷ দুয়োহাতে পইচা৷ এফালে ডনাক সহায় কৰি, আৰু আনফালে আপোনাৰ শ্বেল্টাৰ, সুৰক্ষা আৰু পলে পলে আপোনাক দিগন্ত বৰুৱা আৰু হেমন্ত কাকতিৰ প্ৰতিটো কৌশল, পৰিকল্পনা আপোনাক জনাই থকাৰ বাবদ আপোনাৰ পৰা লোৱা নগদবোৰ..
….যিবোৰৰ কথা ঘূণাক্ষৰেও ডনাক নজনাবলৈ আপোনাক বাৰে বাৰে কৈছিল আৰু আপুনিও কোৱা নাছিল কাকো, হয়নে? ? ?
– দেট্ছ্ ট্ৰু…নতুন পেগ টোৰ বাবে অভিদাই গিলাছটো আগুৱাই দি কলে৷
– কিন্তু বছ, তুমি ইমানবোৰ জানিলা কেনেকে? ? ৰিণ্টুদাই দুই হাতৰ আঙুলিবোৰ ফাকে ফাকে ভৰাই সুধিলে৷
ৰহস্যময় হাঁগি এটাৰে মই কলো -এদিন ক্লাছত ডনাই বেগ খুলি প্ৰসাধন সামগ্ৰী উলিয়াই থাকোতে মন কৰিছিলো তাইৰ বেগত এটা প্ৰতীকচিহ্ন..যিটো কেৱল ব্যৱহাৰ কৰিব পাৰে, নেপাল চৰকাৰৰ ১ম শ্ৰেণী ৰাজপত্ৰিত বিষয়াইহে …
মই অনুসন্ধানত নামি পৰিছিলো…উৎসুকতাৰে…
মই যিদিনা বম্বে এয়াৰপৰ্টত ৰিণ্টুদাৰ বিমান অৱতৰণৰ আগে আগে কৰা ফোন কলটোৰ (১ম খণ্ড দ্ৰষ্টব্য) সৱিশেষ উলিয়াইছিলো..ৰহস্য হৈ পৰিছিল অধিক ঘনতৰ..
– কালৈ আছিল সেই ফোন? ভ্ৰূ কোঁচাই অভিজিতদা৷
– বৰ্ণালী ফুকন৷ কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসৰ উচ্চায়ুক্ত, যিয়ে বিশ্বাসত সহায় কৰিছিল ডনাক, আৰু যাৰপৰা সৰলতাৰ সুবিধা আদায় কৰিছিল ডনাই ..
– তাৰপিছত? ?
– নাই! তাৰপিছত মই একো আগবাঢ়িব নোৱাৰিলো.. সেয়ে সহায় প্ৰয়োজন হ’ল প্ৰাইভেট ডিটেকটিভৰ..যাৰ জৰিয়তে গোটেই ৰহস্য ফাদিল কৰি আপোনালোকৰ আগত কৈ আছো বৰ্তমান.. আৰু যাৰ তথ্যমতেই মই মই ডনাৰ মুখা খুলিলো..
– অহ্ গড্! এই প্ৰাইভেট ডিটেকটিভ্ গৰাকীয়েই বচালে আমাক…কি নাম তেওঁৰ? অভিজিতদাৰ প্ৰশ্ন৷
– মণীষা কাকতি! !
– দিল্লী পুলিছৰ মণীষা কাকতি? ? ৰিণ্টুদাৰ বিস্ময় চকু৷
– য়েছ, ফৰ্মাৰ দিল্লী পুলিছ, ৰিজাইন দি বৰ্তমান প্ৰাইভেট ডিটেকটিভ্..
– ডনা… দেট্ছ্ কানিং লেডি..আই শ্বুড শ্বুট্ হাৰ.. অভিজিতদাৰ শ্লেষাত্মক স্বগতোক্তি৷ দাদাৰ গোলাপী নিচা৷
– আই উইল্ কিল হাৰ চামডে! দাঁত কৰচি ৰিণ্টুদা৷ কথা বতৰা চলি থাকিল..আৰু এটা সময়ত
পাতলীয়া চ্চিকেনৰ জোলেৰে তিনিও ভাতকিটা খাই চিগাৰেট তিনিডাল জ্বলালো..
***********************************
পৰাজিত এ.চি.পি. দিগন্ত বৰুৱাক বিশেষ বাৰ্তাৰে মাতি অনালে ডি.চি.পি. হেমন্ত কাকতিয়ে নিজ কোঠালৈ৷ অভিজিত কলিতাৰ বিষয়ে কি কব, কি নকব সেই গুণাগঁঠা কৰিয়েই ডি.চি.পি.ৰ কোঠাত সোমাল৷
কিন্তু কথা আছিল অন্য৷ চকু কপালত উঠিল বিশেষ কৰ্তব্যৰ নিৰ্দেশনাৰে গৃহ মন্ত্ৰালয়ৰ চিঠিখন পঢ়ি৷ তলত যুটীয়া সচিব যাজ্ঞবল্ক শ্ৰীৱাস্তৱৰ স্পষ্ট চহী৷ ডি.চি.পি. বেচ গহীন৷ অশান্ত জৰ্জৰ ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ বাবে প্ৰয়োজন হোৱা পূৰ্ৱবৰ্তী তথ্য আদিৰ বাবে হিতেশ্বৰ শইকীয়াৰ কুচ-কাৱাজৰ মহাৰথী হোৱাৰ ইংগিত পালে চিঠিখনত৷
আচৰিত হৈ বৰুৱাই কাকতিক সুধিলে –
-মা..আ..নে..অসম? ?
– য়েছ্, অসম৷
কাকতিৰ উত্তৰ৷ নিশা ৯ বজাৰ কোব পৰিছিল বেৰত থকা ঘড়ীটোত৷
***********************************
খিৰিকীৰে ধোঁৱা উলিয়াই অভিদাই কলে –
– ৰিণ্টু…ৰামানুজ…আমাৰ মূল অভিযানৰ বাবে ব্লু প্ৰিণ্ট ৰেডি৷ কাইলৈ ৰাতি আমি বহিম৷ বিস্তৃত আলোচনা কৰিম৷
-অ’কে বছ.. আমি সাজু৷
-এনি গে’ছ্..? কিবা আইডিয়া? আমাৰ দুয়োলৈ পিঠি দি অভিদাই সুধিলে৷
– ইনকাম টেক্স ৰেইড্ মাৰিব পাটনাৰ সাংসদৰ ঘৰত৷ মই কলো৷
– নো..
-গুজৰাটত কোনোবা উদ্যোগপতি অপহৰণ ..? ৰিণ্টুদাৰ উত্তৰ৷
– না না..
-পশ্চিমবংগৰ আচানচোল থানাত আক্ৰমণ কৰি অস্ত্ৰ-শস্ত্ৰ লুণ্ঠন? মই শুদ্ধ হোৱাৰ আশাত কলো৷
কিন্তু আমাৰ দুয়োলে ১৮০° হঠাৎ ঘূৰি অভিদাই কলে –
-এটা বেংক লুট.. ভাৰত কঁপাই যোৱা..
আশ্চৰ্য্যতাৰে ৰিণ্টুদা, – ক’ত? ?
অভিদা – ডিমৌত৷
মই – ডিমৌ? ? ? মানে শিৱসাগৰ? ?
মূৰ দুপিয়ালে অভিদাই৷
ৰিণ্টুদা – মা..আ..নে..অসম? ?
– য়েছ্, অসম৷ অভিজিতদাৰ উত্তৰ৷
নিশা ৯ বজাৰ কোব পৰিছিল বেৰত থকা ঘড়ীটোত৷
ক্ৰমশঃ…

(বি.দ্ৰ.নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত থাকে, উচ্চায়ুক্ত নহয়৷ কাহিনীৰ ৰসৰ বাবে, উচ্চায়ুক্ত শব্দ লিখা হৈছে, কাৰণ দুয়োৰে ক্ষমতা একেই)
(আগলৈ)

★★★★

Leave a Reply

Your email address will not be published.