ফটাঢোল

ধৌখা – মণিষা কাকতি

অৱশেষত সেই দিনটো আহিছিল৷ কলেজীয়া জীৱনত প্ৰথমটো খোজ পেলোৱাৰ দিন৷ নতুন কলেজ, নতুন উদ্যম, নতুন পৰিবেশ, নতুন কিছুমান মুখ.. মুঠতে কিবা এটা অবুজ ভাললগা ভাৱে সেইদিনা মোৰ চাৰিওফালে ক্ৰীড়া কৰিবলৈ ধৰিছিল৷
সময় যোৱাৰ লগে লগে অনুভৱ কৰিছিলোঁ, স্কুলীয়া জীৱনৰ সজাত বন্দী পখীটি যেন এতিয়া মুকলি আকাশৰ বুকুত দূৰ-দিগন্তলৈ উৰা মাৰিছে নতুনত্বৰ দানা বিচাৰি৷ মনৰ আনন্দত উলাহে নধৰা হিয়া.. যেন উৰিয়েই থাকিম, উৰিয়েই থাকিম.. হেঁপাহ নপলোৱালৈকে৷ কলেজৰ ক্লাছৰুম, জিৰণিকোঠা, কেণ্টিনৰ বতাহত যেন কোনোবাই কিবা মিহলাই দিছিল আৰু তাৰ বেৰবোৰে নতুনকৈ প্ৰাণ পাই উঠিছিল৷ কিছুমান মৰমলগা মুখ, চাৱনিয়ে মোৰ দেহ-মন সকলোতে এক অন্যধৰণৰ উচ্ছাস আৰু সতেজতা আনি দিছিল৷
এই সতেজতাৰ মাত্ৰা দুগুণ চৰিছিল যিদিনাখন পোন প্ৰথমবাৰৰ বাবে মই তাক দেখা পাইছিলোঁ৷ কলেজ কেম্পাছৰ ভিতৰৰ ইমান কেইযোৰ চকুৱে কৰিব নোৱাৰা কামটো সি নিমিষতে কৰি পেলাইছিল৷ বুজি উঠিছিলোঁ – ইয়াকেই চাগৈ কয়, ’লভ এট্ ফাৰ্ষ্ট ছাইট৷ ’ ঢকঢকীয়া বগা চেহেৰাৰে, ৰং বুলোৱা আৰু ঢৌ খেলোৱা চুলিৰে, ছফুট মান ওখ, ফিট্ শৰীৰটোত ডাৰ্ক ব্লু চাৰ্ট আৰু ক্ৰীম কালাৰৰ লং পেণ্টটোৰে সি দেখাত সাইলাখ ৰবাৰ্ট পেট্টিনচন৷ আগফালে সৰু টুল জাতীয় কিবা এখন থকা বাবে ভৰিত জোতা নে ছেন্দেল কি পিন্ধি আছিল সঠিককৈ ধৰিব পৰা নাছিলোঁ৷ তথাপি এডিডাছ, নাইকি জাতীয় কিবা ব্ৰেণ্ডেড পিন্ধি থকা বুলিয়েই মনটোৱে ধৰি লৈছিল৷ কলেজলৈ আহোঁতে পাৰ হৈ অহা দোকান-পোহাৰেৰে সমাগম ব্যস্ত তিনিআলিটোৰ বাওঁফালে নতুনকৈ বনোৱা কমাৰ্চিয়েল কমপ্লেক্সটোৰ গ্ৰাউণ্ড ফ্লৰত থকা দোকান এখনত একাষৰীয়াকৈ থিয় হৈ আছিল। সেইদিনা মোৰ হিৰ’ ’এক কাটিলানা অন্দাজ মে…’ মোক ঘায়েল কৰো বুলিয়েই চাগৈ আৰু হঠাতে কোনোবা এটা শুভ ক্ষণত আমাৰ চাৰি চকুৰ মিলন ঘটিছিল৷ মূল পথৰ পৰা দোকানখন কিছু দূৰত আছিল যদিও সেইদিনা হিৰ’ই যে মোৰ পিনেই চাইছিল, দুচকুৰে ঠিকেই অনুমান কৰিছিলোঁ৷
বচ! আৰম্ভ হৈ গৈছিল মোৰ প্ৰেম কাহিনী৷ কলেজত থকা সময়খিনিতকৈ কলেজলৈ অহাযোৱা কৰা সময়খিনি মোৰ বাবে বেছি প্ৰিয় হৈ উঠিছিল৷ নিতৌ সেইখিনি ঠাই পোৱাৰ আগে আগে মোৰ খোজৰ গতি আপোনা-আপুনি লেহেম হৈ গৈছিল৷ মন গৈছিল, সদাই চকুৰে ঢুকি পোৱালৈ গোটেই বাটটো হিৰ’ক চাই চাইয়েই পাৰ হৈ যাওঁ৷ কিন্তু পৰা নাছিলোঁ এদিনো…দূৰৰ পৰা এবাৰ মাত্ৰ চাইয়েই লাজতে যি তলমূৰ কৰিছিলোঁ, কলেজৰ ভিতৰ সোমাইহে মূৰটো দাঙিবলৈ সক্ষম হৈছিলোঁ৷
এদিন দেখিছিলো, চকুত ক’লা ছানগ্লাছ এযোৰ পিন্ধি মোৰ হিৰ’ সাক্ষাত যেন হৃত্বিক ৰৌচন হৈ আছে৷ ’গৌৰে গৌৰে মুখ্ৰে পে কালা কালা চছমা’ই মোৰ দিলত কি জানো যাদু কৰিছিল, ই জোৰ জোৰচে ধক্ ধক্ কৰি ’কহৌ না প্যাৰ হে’ গাবলৈ আৰম্ভ কৰি দিছিল৷ কেতিয়াবা মনলৈ ভাৱ আহিছিল, হিৰ’ই যেন মোক চাবলৈকে সদায় তাত থিয় হৈ থাকে, দুচকুত যেন মই অহাযোৱা কৰা সময়খিনিৰ বাবেই অধীৰ অপেক্ষা৷ আৰু সেই ভাৱটো মনলৈ অহাৰ লগে লগে এক অচিন লাজে মোক হেঁচা মাৰি ধৰিছিল, উশাহ-নিশাহ ঘন হৈ পৰিছিল৷ কেতিয়াবা খঙো উঠিছিল হিৰ’ৰ ওপৰত, যেতিয়া কমপ্লেক্সটোৰ সমুখত থকা মুকলি ঠাইডোখৰত মঙলবাৰ আৰু শনিবাৰে বহা সাপ্তাহিক বজাৰখনৰ সৰু সৰু টেম্প’ৰাৰী দোকানবোৰে হিৰ’ থিয় হৈ থকা দোকানখন নেদেখা কৰি তুলিছিল তেতিয়া.. অলপটো আগলৈ আহি মুখখন ওচৰৰপৰা দেখাব পাৰে বুলি মনে মনে অভিমানো জাগিছিল৷
তেনেকৈয়ে লাজ-সংকোচ, মান-অভিমানৰ মাজেৰে মোৰ প্ৰেম এমাহত ভৰি দিছিল, কোনেও গম নোপোৱাকৈ৷ কওঁ-নকওঁকৈ লগৰকেইজনীৰ আগত এদিন মোৰ ’দৰ্দ-এ-দিল’ৰ ব্যথা বেকত কৰিছিলোঁ, মই ভুঞ্জি থকা বেমাৰৰ কিবা মহৌষধি পোৱাৰ আশাত৷ শুনা মাত্ৰকে আটাইকেইজনী প্ৰায় একেলগেই চিঞৰি উঠিছিল৷ এজনীয়েটো চকু ঘোপা কৰি কৈয়েই দিছিল, ’তই সেই পেটলাটোৰ প্ৰেমত পৰিছ? কাম নাই আৰু তোৰ, ল’ৰা নাপালি প্ৰেমত পৰিবলৈ.. বলিয়া হ’লি নেকি তই? ….. ব্লা! ব্লা! ব্লা! তাইক ক্ষান্ত হ’বলৈ কৈ মই বুজোৱাত লাগিছিলো যে পেটলা দোকানীজনৰ নহয়, মই দোকানখনত সদায় থিয় হৈ থকা হেণ্ডছাম হাংক জনৰহে প্ৰেমত পৰিছো। বহুত গালি-শপনি, বাক-বিতণ্ডাৰ শেষত উমৈহতীয়া সিদ্ধান্তত উপনীত হৈছিলোঁ যে, আমি আটাইকেইজনীয়ে মিলি দোকানখনত যাম আৰু মোৰ হিৰ’ক ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিম৷ কথামতে কাম৷ কিন্তু মুস্কিলটো হৈছিল ’অনলি জেঞ্চ্ গাৰমেণ্ট’ উপলব্ধ দোকানখনত আমি ছোৱালীকেইজনীয়ে কি বাহানা কৰি যাম! বহুত ভাবি-গুণি এজনীয়ে উপায় উলিয়াই কৈছিল যে আমি বিশেষ দোকানখনৰ কাষত থকা হাৰ্ডৱেৰ দোকানখন এৰি যিখন কচমেটিকচৰ দোকান আছে, তাত সোমাম আৰু তাৰপৰাই আমাৰ টাৰ্গেট মানে হিৰ’ক নিৰীক্ষণ কৰিম৷
পিছদিনাখন অফ পিৰিয়দত আমি আমাৰ মিছনলৈ বুলি সাজু হৈছিলোঁ৷ ইতিমধ্যে মোৰ বুকু দুৰু-দুৰুকৈ কপিবলৈ আৰম্ভ কৰিছিলেই৷ সেইদিনা কোনোমতে সিহঁতকেইজনীৰ লগত গৈ তিনিআলিটো পাইছিলোঁ৷ দূৰৰ পৰাই দেখিছিলোঁ মোৰ হিৰ’ক, লাইট কালাৰৰ চাৰ্ট এটাৰ লগত ডাৰ্ক কালাৰৰ পেণ্ট এটা পিন্ধি থিয় হৈ আছিল৷ ৰাস্তাটো ক্ৰছ কৰি যিমানেই দোকানখনৰ ওচৰ চাপিছিলোঁ, সিমানেই মোৰ ভৰি দুখন নচলা হৈ আহিব ধৰিছিল৷ এফালে হিৰ’ক ওচৰৰপৰা চোৱাৰ হেঁপাহ, আনফালে বুকুত কিবা এক অজানা ভয়, লাজ, সংকোচ৷ দুচকু তলৰ পিনে ৰাখিয়েই কেতিয়া গৈ কমপ্লেক্সটোৰ বাৰাণ্ডাত উঠিছিলোঁ, গমেই পোৱা নাছিলোঁ৷ মাত্ৰ অনুমান কৰি লৈছিলো যে মোৰ সপোনকোঁৱৰ মোৰ পৰা কেইটামান খোজ নিলগত.. সৌৱা কাপোৰৰ দোকানখনৰ কাষত থিয় হৈ আছে৷
লগৰ এজনীয়ে হেঁচুকি দিয়াতহে সাৰ পোৱা মানুহৰ দৰে মূৰ দাঙি তাইৰ ফালে চাইছিলোঁ৷ ’তাত দেখোন কোনো নাই, অকল পেটলা দোকানীজনহে বহি আছে’ বুলি ফুচফুচাই কাণৰ কাষত কোৱাত লাজ-লাজকৈ দোকানখনৰ ফালে চাই যি দেখিছিলোঁ, লগৰজনীৰ গাত ধৰি কথমপিহে নপৰাকৈ থিয় হৈ আছিলোঁ৷ মোৰ হৃদয়খন লগতে তাত ঘৰ সজা সপোনটো হেজাৰটা টুকুৰা হৈ ভাঙি যোৱাৰ শব্দ নিজ কাণেৰে শুনিছিলো, যেতিয়া তাত মোৰ হিৰ’ৰ সলনি এটা পুতলাক চাৰ্ট-পেণ্ট পিন্ধি থিয় হৈ থকা দেখিছিলোঁ৷ নিজ চকুৰ এনে ধৌখা সহিব নোৱাৰি পিছদিনাখনেই চকুৰ ডাক্টৰৰ ওচৰলৈ গৈ শাস্তি স্বৰূপে সোনকালে হাই পাৱাৰ এযোৰ চিৰদিনৰ বাবে চকুত ওলোমাই লোৱাৰ ব্যৱস্থা কৰিছিলোঁ যাতে অনাগত দিনত হিৰ’বোৰক স্পষ্ট ৰূপত দেখিবলৈ পাওঁ৷
আৰু এনেদৰেই মোৰ ফটা ডিছটেঞ্চ প্ৰেমৰ হৃদয় বিদাৰক ’দ্যা এণ্ড’ হৈছিল৷

★★★★

3 Comments

  • পঢ়ি মজ্জা লাগিল ,

    Reply
  • অনুভৱ আকাশ

    হো হো হা হা হা ।
    মজা প্ৰেম কাহিনী ।

    Reply
  • হেমন্ত কাকতি

    নহীঈঈঈঈ!
    মজ্জা মনিষা ৷ প্ৰাউদ অৱ ইউ চিচ! ইম্মান ভাল লিখা তুমি ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *