ফটাঢোল

নাস্তিক – খনিন্দ্ৰ ভূষণ মহন্ত

শোৱাপাটিতে চকু মেলিয়েই মোবাইলটোত চকু ফুৰোৱাতো অভ্যাসত পৰিণত হোৱাৰ দৰেই হৈছেগৈ। সেইদিনাও তাৰ হেৰ-ফেৰ নহ’ল। উঠিয়েই দেখোঁ খঞ্জনৰ চাৰিটা মিচডকল। কোনো দিন ৯ বজাৰ আগত ‘গুড মর্ণিং’ নোহোৱা আমাৰ গেঙৰ মুকুটবিহীন কুম্ভকর্ণ খিতাপ জয়ীৰ পৰা পুৱা ৬ বজাতেই মিচডকল পাই মই চিন্তাত নপৰাকৈ থাকোঁ কেনেকৈ! মনত সংসাৰৰ বিভিন্ন বেয়া চিন্তাবোৰে আহি জুমুৰি দি ধৰিলেহি। ভয়ে ভয়ে তাৰ নম্বৰত ‘কল বেক’ কৰিলোঁ। “মুন্নী বদনাম হুয়ি ডার্লিং তেৰে লিয়ে……” কলাৰ-টিউনটো টেং-টেঙাই বাজি উঠিল। চলমান খানৰ বিচনী সন্থাৰ সভাপতি বুলি নিজকে জহাই ভালপোৱা এই মৰ-কেলেপটোৱে দিবলৈ আৰু গান নাপালে বুলি মুখৰ ভিতৰতে ভোৰ-ভোৰাই মুখ-হাত ধুবলৈ গ’লোঁ। মনতে একেটা কথাই পাগুলি থাকিলোঁ, “ই কিয় ফোন কৰিছিল?”

চাহ খাই আজৰি হৈ আকৌ ফোন লগালোঁ। বিখ্যাত গানটোৱে আকৌ চিঞৰ-বাখৰ কৰি ভাগৰি পৰিল যদিও সেইজনাৰ ফোন ‘ৰিচিভ’ কৰাৰ কোনো চিন-মোকাম নাই। মিহি মিহিকৈ খং এটা উঠি আহিছিল যদিও নিজকে শান্ত কৰি সি ফোন কৰালৈ অপেক্ষা কৰিলোঁ। আমি ভুলটো এইখিনিতেই কৰি পেলাওঁ। সিপাৰৰ ব্যক্তিজনৰ পৰিস্থিতিৰ কথা অলপো নাভাবি অতি সহজেই ইজনক দোষী সজাই দিওঁ।

পুৱা ১০ মান বাজিছে তেতিয়া। আহিল সেই বিখ্যাত ফোন কলটো। ফোনটো উঠাবলৈ পাইছোঁহে, সিফালৰ পৰা খঞ্জনৰ একপ্রকাৰৰ দম- “ইমান দেৰিলৈকে মানুহ শুই থাকেনে? তোক ফোন কৰি কৰি ভাগৰি গ’লোঁ।” তাৰ মাত-কথাত ধৰিব পাৰিলোঁ যে মই অত পৰে ভাবি থকাৰ দৰে তাৰ একো হোৱা নাই। মই বোলো, “আজি দেখোন শেনৰ এজাত! হাইঠা মাটিত পৰিল নে মই সপোন দেখি আছোঁ! মোক শোৱাৰ কথা কৈছ আৰু তই?” মই ফোন কৰোঁতে কিয় নুঠালে সোধাত যিটো উত্তৰ মই পালোঁ, ভাগ্যে মূৰ ঘূৰাই পৰা নাই মই। দশমীৰ দিনা বাৰু পুৱাই পুৱাই দোকানত ফাকু গুড়ি, সেন্দুৰ, ৰঙা ফিটা কিনিবলৈ যোৱা বুলি ক’লে কাৰ মূৰ নুঘূৰাব? তাতে আগে-পিছে সি দুর্গা পূজালৈ যোৱাৰ ৰেকর্ডো মোৰ হাতত নাই। তেনে ক্ষেত্রত দশমী বুলি এনে আয়োজন দেখি মই চিন্তাত পৰিলোঁ। কিহে পালে ইয়াক? ই কোনোবা ভণ্ড তান্ত্রিকৰ বশত নপৰিলেই ৰক্ষা! ভালকৈ সোধাতহে উৰহি গছৰ ওৰ ওলাল। তাৰ নতুন প্রেমিকা দুর্গা ভক্ত। গতিকে তাইক ‘ইম্প্রেচ’ কৰিবলৈ বেটাই এইবাৰ বিজয়া দশমীত মূর্তি বিসর্জন কার্যসূচীতো ভাগ ল’ব বোলে। গতিকে ঘাটলৈ যাবলৈ লগ ধৰিহে মোলৈ ফোন কৰিছিল সি। মই পিছে দেউতাৰ লগত বেলেগ এফালে যাম বুলি আগতেই ঠিক কৰি থোৱাত তাৰ লগত যাব নোৱাৰিম বুলি ক’বলৈহে পালোঁ, ঈশ্বৰ ঔ সি যিখনহে বকলা মেলিলে! মই হেনো নাস্তিক, মোৰ ভগৱানৰ বাবেও সময় নাই ইত্যাদি ইত্যাদি কৈ কাণখন ঘোলা কৰিলে। হওঁতে ময়ো দুর্গা দেৱীৰ ভক্ত। সপ্তমীৰ দিনাই ওচৰৰ মণ্ডপটোতে চাকি জ্বলাই আহোঁ। তাৰ পিছৰকেইদিন লগৰবোৰৰ লগত ফুৰোঁতে মণ্ডপত সোমোৱা নহয় যদিও ভক্তিখিনি বুকুতে ৰাখোঁ। কথাখিনি ক’বলৈ মন আছিল যদিও মই কথা আগ নবঢ়াই ফোনটো থ’লোঁ। এনেও এনে ধর্মীয় কথাবোৰ আনে জাপি দিয়াৰ দৰে কৰিলে মোৰ চুলি থিয় হৈ যায়।

দুপৰীয়া ভাতকেইটা খাই আজৰি হৈছোঁ মাত্র, খঞ্জনে WhatsAppত তাৰ ফটো এখন মোলৈ প্রেৰণ কৰিছে। মণ্ডপৰ ভিতৰত সি থিয় হৈ আছে। বেকগ্রাউণ্ডত দেৱী থোৱা ঠাইকণ; দেৱী নাই। মূৰত তাৰ ৰঙা ফিটা, গালত সেন্দূৰ। চান-গ্লাচযোৰ কপালত ওলমি আছে। তাক মেচেজ কৰিলোঁ-

: দেৱী নাই দেখোন। তই পজ দি আছ যে!

: সেইবোৰ বাদ দে, ‘লুক’টো কেনেকুৱা লাগিছে ক? তাইকো দি দিছোঁ এইখন ফটো।

: ঠিকেই আছে। পিছে তই তাত গৈ ফটো উঠাই আছ যে, দেৱী নিলেই হ’বলা। আৰু ভক্তিভাবেৰে গৈছ যেতিয়া ফটো উঠাৰ প্রয়োজন কি?

কি বা হ’ল, ‘মেচেজ’টো চাই ‘ৰিপ্লাই’ নিদিলে। ময়ো ইমান ভাবি থকা নাই।

ৰাতি ৯ মান বজাত খুৰা মানে খঞ্জনৰ দেউতাকে মোলৈ ফোন কৰিছিল। ময়ো তাৰ লগত যোৱা বুলি ভাবিছিল। ইমান সময়লৈকে নহাৰ বাবে চিন্তা হৈছে খুৰাৰ। হোৱাটো স্বাভাৱিক। বিসর্জন দিবলৈ গৈ ইমান পলম নহয় বুলি সকলোৱে জানে। মই খবৰ কৰি গম পালোঁ সি আৰু তাৰ লগত গাঁৱৰে দুটামান চাৰি-আলিৰ ‘ৱাইন-শ্বপ’ত বহি আছে। দিনতো হেনো তাক এবাৰ তাৰ পৰা ওলাই যোৱা কোনো-কোনোৱে দেখিছে। মই ভাবিলোঁ, ”এয়াই সিহঁতৰ দেৱীৰ প্রতি ভক্তি! এয়াই বিসর্জনৰ আনন্দ!” গালে-মুখে সেন্দুৰ সানিলেই যদি পূজা কৰা হয়, তেন্তে মই নাস্তিক হৈ থাকিয়েই ভাল পাম। ৰাস্তাটোলৈ ওলাই গৈছিলোঁ। তেনেতে বিকট শব্দ কৰি কিবা গান বজাই গাড়ী এখন পাৰ হৈ গ’ল। বিসর্জন দি আহিছে! বিসর্জন! টেঁটুলৈকে এসোপা গিলি হাল্লা কৰিলেই হৈ গ’ল ধর্ম ৰক্ষা! আটাইতকৈ দুখ লাগে ভক্তি ভাবেৰে যিখিনিয়ে বিসর্জনলৈ যায় তেওঁলোকলৈ। বাকীবোৰৰ কর্মকাণ্ডত তেওঁলোকো সাঙোৰ খাই পৰে। মদসোপা খাই কোনোবা পানীত পৰে আৰু নাম পায়, “দেৱীয়ে নিলে!”

খঞ্জনলৈ খং উঠিল। তালৈ ফোন লগালোঁ। হেল্ল’ টিউনটো বাজি থাকিল, “মুন্নী বদনাম হুয়ি ডার্লিং তেৰে লিয়ে……” নাই, ফোনটো নুঠালে সি৷ পিছদিনা গম পালোঁ, ৰাতি ১১ বাজি যোৱাৰ পাছত কোনোবা দুজনমানে তাক আনি ঘৰত থৈ গৈছিলহি!

☆★☆★☆

6 Comments

  • অভিজিৎ কলিতা

    এয়াই বহুতৰ ভক্তিৰ স্বৰূপ।

    Reply
  • বঢ়িয়া

    Reply
  • ৰিণ্টু

    সুন্দৰ খনিন্দ্ৰ, খুব কম সময়তে লিখি দিছিলা, মোৰ মনত আছে। খুব ভাল লাগিল পঢ়ি

    Reply
  • Anonymous

    বাস্তৱ

    Reply
  • Manash Saikia

    আজিকালিৰ বাস্তৱ চিত্ৰ৷ বহু ভক্ত ওলাল,কিন্তু ভকতি হেৰাল৷

    Reply
  • ভক্ত এইবোৰ সচাই দেই।উৎপাতত থাকিব নোৱাৰি।

    Reply

Leave a Reply

Your email address will not be published.