ফটাঢোল

নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত ফাগুনৰ ৰূপৰেখা – জীমণি গগৈ

সংগীত হ’ল সুৰ আৰু ধ্বনিৰ সমন্বয়ত সৃষ্ট এক শ্ৰৱণযোগ্য কলা। সু-সংবদ্ধ শব্দ আৰু নৈঃশব্দৰে সংগীতে মানুহক দান কৰে বাখ্যাহীন প্ৰশান্তি। সংগীতৰ আছে মানুহৰ অশান্ত মনক শান্ত কৰিব পৰা মায়াবী শক্তি, আছে সুৰৰ যাদুকৰী স্পৰ্শৰে হৃদয় জিনি ল’ব পৰা আশ্বৰ্যকৰ ক্ষমতা। সংগীতে সৃষ্টি কৰিব পাৰে সুৰৰ এখনি নিৰৱধি নৈ, য’ত অৱগাহন কৰি মানৱ হৃদয়ে লাভ কৰিব পাৰে অনির্বচনীয় সুখৰ শীতলতা। সংগীতৰ বুকুত প্ৰাণ পাই উঠে জীৱন-জগতৰ জীয়া ছবি। হৰ্ষ-বিষাদ, প্ৰেম-অপ্ৰেম জাগতিক ঘটনা-পৰিঘটনা, প্ৰকৃতিৰ মায়াময় ৰূপৰেখাও সংগীতৰ মাজেদিয়ে উজ্জ্বলি উঠে।

সংগীতে মানৱ মনৰ সুপ্ত আৱেগ-অনুভূতি জগাই তুলিব পাৰে,পাৰে কথা আৰু সুৰৰ সু-সমন্বয়ত হৃদয় বিগলিত কৰি দুচকুৰে অশ্রুধাৰা বোৱাই আনিবলৈ। যি অশ্ৰুমালাত জিলিকি উঠে স্পৰ্শাতীত সুখৰ মুকুতামণি।মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক অনাদি-অনন্ত কালৰ পৰা প্ৰতিপালিত। ৰহস্যময় প্ৰকৃতিৰ সৈতে অভিন্ন হৈ মানৱ মনে লাভ কৰে অকৃত্ৰিম আনন্দ। প্ৰকৃতিৰ পৰাই মানুহে শিকে উদাৰতাৰ, স্বাৰ্থৰহিতাৰ আদিপাঠ। মানৱমনৰ ওপৰত প্ৰকৃতিৰ অপৰিসীম প্ৰভাৱ। প্ৰকৃতিৰ বুকুত ধৰা দিয়া নানা ঋতুয়ে মানবমনক জোকাৰি যায় বিচিত্ৰ ভাৱেৰে। সেই জোকাৰণিতে কবি-গীতিকাৰৰ কাপ-কলমেৰে নিগৰি আহে আৱেগ-অনুভূতিৰ বৰ্ণময় ৰূপছবি।ফাগুন আহি ঋতুৰ দুৱাৰত টোকৰ মৰাৰ লগে লগে যেন মানৱমন চঞ্চল হৈ উঠে। ফাগুন মানেই যে ৰঙৰ সমাহাৰ।পলাশ-শিমলুৰ ৰঙা ৰঙা ৰঙবোৰ কবি-গীতিকাৰৰ বুকুলৈ বিয়পি পৰে। বুকুৰ কবিতা-গীত সকলো যেন ফাগুনময় হৈ পৰে।

অসম আৰু অসমীয়াৰ চিৰপৰিচিত তথা আদৰৰ ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত ফাগুনৰ ৰূপৰেখা অতি হৃদয়গ্ৰাহী ৰূপত উজ্জ্বলি উঠিছে। প্ৰধানকৈ কবি আৰু গীতিকাৰৰূপে খ্যাত ডঃ বৰদলৈৰ কবিতা আৰু গীতসমূহে প্ৰেম,প্ৰকৃতি,স্মৃতি,নিঃসংগতা,স্বদেশপ্ৰেম, নাৰীমন ইত্যাদি বিস্তৃত বিষয় সামৰি লৈছে। তাৰে ভিতৰত বহুকেইটি গীতত ফাগুনৰ মনোমোহা ৰূপছবি ফুটি উঠিছে। আগ ফাগুনৰ পছোৱা জাকে গীতিকাৰৰ মনতো দোলা দি যায়–

“আগ ফাগুনৰ বা ছাটি/ কেনি আহি কেনি যায়/ উৰো উৰো মন পখিলা /দিলে আহি উৰুৱাই…” মন উৰুৱাই নিয়া ফাগুনে ৰঙে ৰূপে চৌদিশে সৌন্দৰ্যৰ পোহাৰ মেলে। জীৱনৰ প্ৰতি জগাই তোলে মায়াময় মোহ। হৃদয় নদীখনো যেন ৰঙতে পাহাৰী জুৰিৰ দৰে উচ্ছল হৈ নাচে–“পৰিবেশ আজি কি যে অপৰূপ/ ফাগুনৰ ৰং ৰূপেৰে/ হৃদয় পাত্ৰ ভৰপূৰ আজি / গভীৰ জীৱন মায়াৰে…” – ফাগুন বনত যে ফুল আৰু ফুল। ফাগুনৰ বা লাগি চঞ্চলা মন। মনৰ মাজত আবেগৰ জোৱাৰ। সাঁচতীয়া মৰমকণ ফুলৰ পাহিৰ মাজত আলফুলে ভৰাই কাৰোবাক দিবৰ মন। গীতিকাৰৰ এইটি গীতত যেন তাৰেই আভাস–
“অ’ আজি ফাগুন বনত মোৰ ফুলে/ ফুল কাক দিম ফুল নাজানো/ নেজানো বিলকুল…”

ফাগুন বনত ৰঙা ৰঙা ৰঙে চৌপাশ তেজোদীপ্ত কৰে। শিমলুবুলিয়া হৈ প্ৰজাপ্ৰতি মনে অজানা তৃষ্ণা লৈ উৰি ফুৰিব খোজে। ফাগুনৰ ৰাগি লাগি মতলীয়া মনে যেন কৰিব খোজে এটি ভাললগা ভুল। সেই অভিলাষৰ ছবিখনি বৰদলৈৰ গীতত প্ৰকাশ পাইছে এনেদৰে–
“এয়া ফাগুনৰ দিন/ৰঙা পাপৰিতে চিন/ফুলেনে মনৰে ফুলহৈ/ এটি মিঠা ভুল শিমলু বুলীয়া হৈ /উৰিছে সুৰভি তাৰ এটি প্ৰজাপ্ৰতি হৈ” – ফাগুনে আবিৰ সানি উন্মনা কৰি তোলে মন। দেহত জগাই তোলে অজানা শিহৰণ। পলাশৰ জুইৰ দহন কবি-গীতিকাৰৰ দেহ-মনতো যেন আহি লাগে– ” কিযে শিহৰণ দেহতে মনতে / হ’ম যেন পলাশৰ ফুল/ ফাগুনৰ বতাহৰ দোলনি লাগিছে / আলাসত দোলা দি ফুৰিম”।

ফাগুনে হঁহুৱাই, ফাগুনে কন্দুৱাই। চিত্তাকৰ্ষক ৰূপেৰে মন ৰঙাই তোলা ফাগুনে অহেতুক বিষাদত হৃদয় বিগলিত কৰিবও জানে। ধূলিয়ৰি ফাগুনৰ উৰুঙা দুপৰ বেলাই মনত জগাই তোলে অকাৰণ শূন্যতা। আকাশৰ উদাৰতা, পথাৰৰ বহল বুকু সকলোতে ৰিঙা ৰিঙা ভাৱনাই ছানি ধৰে। ” ফাগুনৰ বতাহ এছাটি” লাগি “পথৰ কাষৰ ৰঙা মদাৰৰ পাহিটিও” যেন কঁপি উঠে। মাঘৰ উৰুকা সান্নিধ্যৰে উমাল কৰি দূৰলৈ গুচি যোৱা প্ৰিয়জনৰ স্মৃতি যেন ফাগুনে অধিক জগাই তোলে– “আগলি ফাগুনী বা বলিব/ পথাৰৰ ৰিঙা বুকু কঁপিব / ৰঙা ৰঙা শিমলু ফুলিব/ তোমাক সুঁৱৰি মনে কান্দিব..” – সেয়ে হ’লেও ফাগুন গীতিকাৰৰ প্রিয়। বনমঞ্জৰীৰ ৰক্তিম আবিৰ সানি ফাগুনে হিয়া-মনত লাজুকী পৰশ দিয়ে। বৰদলৈৰ “চঞ্চলা ফাগুন” গীতটিত যেন তাৰেই প্ৰকাশ।

ফাগুনে সপোন আঁকে দুচকুত, হিয়াত সৃষ্টি কৰে তৃষ্ণাৰ মৰিচিকা। পলাশৰ ৰংবোৰ ৰিহাৰ আঁচলত বুলাই নিজকে অভিসাৰিকা ৰূপত সজাই-পৰাই তোলাৰ হেঁপাহ জগাই তোলে ফাগুনেই। কবি-গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত যেন ফাগুনৰ ৰূপৰেখাৰ অন্তহীন ছবি। “জিৰ্ জিৰ্ ফাগুনৰে বা” গীতটিত পলাশৰ ফুল হৈ উলাহত উতলা হৈ দূৰ দূৰলৈ বৈ যাব খোজা উন্মনা ছবিখন অতি অনুপম।

ফাগুনৰ ৰাগি লগা দিনবোৰৰ দৰেই ফাগুনৰ জোনাক ভৰা বিভাৱৰীৰ ৰূপছবিও বৰদলৈৰ গীতত অনবদ্য ৰূপত ফুটি উঠিছে। “কিবা যেন বুজোঁ বুজোঁ ফাগুনৰ জোনাকত” বুলি কবিৰ মনৰ দোদুল্যমান অৱস্থাতে ৰিবৰিবকৈ বলা মলয়া জাকে অজানা সুৰৰ মায়াজালেৰে গীতিকাৰক যেন অধিক উদাস কৰি তোলে। আকৌ গীতিকাৰৰ কল্পনাত ফাগুন ” ৰঙা কুঁহিপাতৰ দোলাৰে নামি” আহে অপৰূপ সাজেৰে। ” পলাশ ৰাঙলী ওঁঠেৰে মোহনীয় হাঁহিৰে শিমলুৰ ডালে ডালে কাঞ্চন ফুলে ফুলে দেহৰ সুৰভি সিঁচে ফাগুনে । “সোণালী ৰ’দৰ এছাটি পছোৱাই” চৌদিশে ৰিঙা ৰিঙা ভাববোৰ বিয়পাই দিয়ে ফাগুনেই।ফাগুন মানেই যেন মাদকতা। ফাগুন মানেই যেন প্ৰেম আকুলতা। ফাগুন নিজেই মতলীয়া তাতে আকৌ বসন্তৰ আগমনীৰ বতৰাই ফাগুনক অধিক অধীৰা কৰি তোলে। ফাগুনৰ শেষৰ ফালে লঠঙা ডালে ৰঙচুৱা কুঁহিপাত মেলে।প্ৰকৃতয়ে ন সাজেৰে বসন্তক আদৰিবলৈ সাজু হয়। কুলিজনীয়েও যেন গানৰ সুৰে সুৰে উতলা হয়– “ফাগুনে কি যাদু জানে / কুলি উতলা হয় গানে গানে” “ফাগুনৰ বনৰ বা আহি/ কিহৰ দোলা দিলে/ কিহৰ দোলা দিলে/ অ’ প্ৰিয়তম তোমাৰ কাষলে মন উৰুৱাই নিলে”। গীতৰ কথা, সুৰ আৰু গায়কীৰ ট্ৰিবেণী সংগমত প্ৰাণ পাই উঠা বৰদলৈৰ আন এটি অনবদ্য গীত হ’ল —

মনৰে ফাগুন আহিলে পলাশো ফুলিলে/দেহৰ বনত কুলিৰে সুহুৰি কঁপিলে/দেহি মোৰ ঐ লাহৰী ঐ চকুলৈনো নাচাবা/ চাপি চাপি লাহেকৈ কাষলৈ নাহিবা” …গীতটিত ফাগুনে গীতিকাৰৰ দেহ-মনত সৃষ্টি কৰা আৱেগ-অনুৰাগ, বনজুই জ্বলা দেহ মনত সৰিয়হ ফুটা পূৰ্বৰাগ যেন সাৰ্বজনীন ৰূপত ধৰা দিছে।

বৰদলৈৰ কেইবাটিও গীতত ফাগুন প্ৰতীকী ব্যঞ্জনাৰে উজ্জ্বলি উঠিছে। “আহাঁচো আহাঁ কাষতে বহা” গীতটিত গীতিকাৰে চেনাইটিৰ অভিমান ভাঙিবলৈ গৈ কৈছে–” বুজানে নুবুজা ফাগুনৰে গান/ দিবানে নিদিয়া সময়ৰে দান?” ফাগুন মানেই প্ৰেম অনুৰাগ। ফাগুনৰ বা লাগি উন্মনা মন মিলনৰ আকাংক্ষাত বিভোৰ। গীতটিত ফাগুন ব্যঞ্জিত হৈছে প্ৰেমেৰে – অনুৰাগেৰে। সেইদৰে -” তুমি কৈছিলা আমাৰ সপোন এদিন সফল হ’ব” গীতটিত “ফাগুনৰ যেন সকলো আশীষ / আমাৰ শিৰত ৰ’ব ” বুলি আশাহত গীতিকাৰে ফাগুনক প্ৰেমৰ-আনন্দৰ প্ৰতীক হিচাবে ব্যঞ্জিত কৰিছে। “নৈ এখনি নৈ ” গীতটিত হৃদয় নদীৰ পৰশত ” কত ফাগুনৰ পলাশ শিমলু তাৰেই পৰশত ফুলে” বুলি ব্যঞ্জনাৰ আশ্ৰয় লৈছে। বৰদলৈৰ আন এটি অতি জনপ্রিয় আৰু অৰ্থপূৰ্ণ গীত হ’ল – ” মনৰ বিজুলী নহলে কিয়নো” গীতটি। প্ৰেমৰ স্বৰূপ প্ৰকাশ কৰিবলৈ গৈ গীতিকাৰে কৈছে- “লাজৰ আঁৰত বেঁকা চাৱনিটি/ সৰি যদি নপৰিলে/ পলাশ শিমলু নুফুলা নুফুলা / ফাগুন দেখা যেন লাগে”। ফাগুন আহিলেই পলাশ ফুলিবই। সেইদৰে হৃদয়ত প্ৰেম থাকিলে সলাজ হাঁহিৰ আঁৰৰ বেঁকা চাৱনিত সেয়া প্ৰকাশ পাবই। কোমল কোমল শব্দৰ প্ৰয়োগ , ভাষাৰ ব্যঞ্জনাই নিৰ্মলপ্ৰভা বৰদলৈৰ গীতসমূহক মোহনীয়তা প্ৰদান কৰিছে। সেইবাবেই গীতসমূহে মধুৰ শীতল সৌৰভেৰে অযুত শ্রোতাৰ হৃদয় চুবলৈ সক্ষম হৈছে। তেখেতৰ অতুলনীয় সৃষ্টি ৰাজিৰ বাবেই অসম আৰু অসমীয়াৰ হৃদয়ত মোহনীয় ব্যক্তিত্বৰ গৰাকী ডঃ নিৰ্মলপ্ৰভা বৰদলৈ চিৰদিন চিৰকাল স্মৰণীয় হৈ ৰ’ব।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.