ফটাঢোল

নৌকা-বিহাৰ – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

নলগা জেঙত লগা কাম কৰি বা গছত গৰু উঠা টাইপৰ কথা ভাবি কেতিয়াবা খুব ভাল লাগে ৷ আৰু জনাই জানে, এই অকৰাৰ এবাৰ যদি মৈত উঠে সহজে নামিব নুখুজে ৷ পিছে দুখৰ কথা দৰকাৰী কামতহে তেনেদৰে মৈত উঠা নহয় ৷

বহুবছৰ আগতে মোৰ মন গ’ল আমাৰ কাষৰ টিহু নৈত ভুটভুটী চলাবলৈ ৷ চলোৱা মানে সৈন্য-সামন্ত লৈ একেবাৰে ৰাজকীয় কায়দাত নৌকা বিহাৰেই ৷ আজিকালি এনে এটা ধাৰণাৰ প্ৰসাৰ প্ৰায়েই শুনো যদিও আমাৰ দৰে আওহতীয়া ঠাইত সেই সময়ত ই একেবাৰে গছত গৰু উঠা ধৰণৰেই কথা আছিল ৷ টিহু নৈৰ সেই নৌকা বিহাৰ ভৱিষ্যতলৈও হয়তো প্ৰথম আৰু একমাত্ৰ হৈয়েই থাকিব ৷

টিহু নৈৰ পাৰতে আমাৰ ঘৰ ৷ বিশ্বত প্ৰসিদ্ধি লাভ কৰা এখন সুবিশাল নৈ ৷ ইমানেই বিশাল যে চিনাক্তকৰণৰ বাবে ইয়াৰ ওপৰত থকা একমাত্ৰ ৰেলৰ দলংখনৰ ওপৰত ফলক লগোৱা আছে- ‘টিহু নলা’ বুলিহে; ইয়েই ইয়াৰ বিশালতাৰ প্ৰমাণ দিয়ে ৷

এই নৈত কোনোদিনেই ভুটভুটী বা ইঞ্জিন চালিত নাও চলা দেখা নাই ৷ অৱশ্যে তাৰবাবে কোনোপধ্যে ই সুচলো নহয় ৷ আগতে বাৰিষা নৈৰ পানী বাঢ়িলে টিহু আৰু নেউলা ভিঠাৰ মাজত পৰিৱহন ব্যৱস্থাত সৰু সৰু হস্ত চালিত নাওৱে ভাল ভূমিকা লৈছিল ৷ আমাৰ গাঁৱৰে আগৰ ৰাজঘাট আৰু এতিয়াৰ খানাঘাট, এসময়ত ভূটান আৰু সেই অঞ্চলৰ ব্যৱসায়ৰ ঘাই কেন্দ্ৰ আছিল ৷ তেতিয়াও এই নদীপথক ভিত্তি কৰিহে এইবোৰ গঢ় লৈ উঠিছিল ৷ পিছে একালৰ বৃন্দাবন, একালত পৰে ছন ৷
পৰিস্থিতি যিমানে প্ৰতিকূল নহ’লেও নৌকা- বিহাৰৰ বাবে এবাৰ মোৰ মন গ’ল মানে গ’লেই ৷ তাতেই কোৱাও হয়, মন কৰিলেই বোলে চন…. ৷ গতিকে আয়োজনত লগাহে কথা আৰু !

সৈন্য-সামন্ত নিৰ্বাচনতো অলপ ভবা-চিন্তাৰ থল আছিল, কিয়নো একেবাৰে সাধাৰণ হ’লেও নহ’ব নহয়; নিজ নিজ কলাৰ সুবাসেৰে সবকে মোহিত কৰিব পৰা ধৰণৰহে হ’ব লাগিব ৷ মোৰ এনে এক আশ্চৰ্যকৰ সন্মোহিনী শক্তি আছে যে চিন্তাৰ ফুল এটাই মগজুৰ গৰ্ভত কলি মেলাৰ উপক্ৰম হ’লেই মুখেৰে ইয়াৰ সুবাসে দশোদিশ আমোলমোলাই সবকে আকৃষ্ট কৰে ৷ সেইবাৰো তেনে হ’ল আৰু পিছলৈ ইয়েই গুৰুতৰ সমস্যাতো পেলালে ৷

আমাৰ গাঁৱৰ পৰা ১৫ কি মি মান আঁতৰৰ নেউলা ভিঠাতহে তেনে ভুটভুটী চলে ৷ তাত ভুটভুটীৰ মালিক আৰু চালকৰ লগত কথা পাতোঁতে টিহু নৈৰ আকাৰ আৰু কম পানীৰ বাবে কোনোপধ্যে সম্ভৱ নহ’ব বুলি ক’লে ৷ কিন্তু এনেয়ে নকয় বগা ভাত দেখিলে কাউৰীৰ অভাৱ নাই; জোখতকৈ বেছি খমখমীয়াৰ পাকচক্ৰত সিহঁতো বান্ধ খালে ৷

আগদিনা গধূলি কিবাকৈ আহি সিহঁতে আমাৰ ঘাটত ভুটভুটী চপালে ৷ চোৱা মানুহৰ উৎপাতত বিৰ দি বাট নোপোৱা অৱস্থা হ’ল ৷ মোৰ তৎপৰতাতহে তেনে এটি আশ্চৰ্যৰ জিনিছ বয়োজ্যেষ্ঠ কেইজনৰ জীৱনত দেখাৰ সৌভাগ্য হ’ল বুলি আলোচনা চলালত মোকো কিবা হিৰো হিৰো ফিলিংচ এটাই তোলপাৰ লগালে ৷
আমাৰ ৰাতিপুৱা ছয় বজাতেই যাত্ৰা আৰম্ভ কৰা কথা আছিল ৷ পৰিকল্পনা মতে আমি বৰপেটালৈ নৃত্য, গীত আদিৰ আমেজ লৈ ভটিয়াই যাম ৷ উভতনি যাত্ৰাত ৰাতি হ’ব, নিশাৰ জোনাকত কবিতা আবৃতি অনুষ্ঠানে ইয়াক মায়াময় ৰূপ দিব ৷ কিন্তু সময়ত যা-যোগাৰ হৈ নুঠিল ৷ এই বোলে মিউজিক চিষ্টেম আহি পোৱা নাই, এই বোলে কাৰোবাৰ গিটাৰৰ ষ্ট্ৰিং এডাল ছিঙিল, আনিবলৈ গৈছেহে, ৰান্ধনীৰ সহায়কাৰীজনো আহি পোৱা নাই, আৰু ডাঙৰ কথা আমাৰ এই সমগ্ৰ অনুষ্ঠানৰ ভিডিঅ নিৰ্মাতাও আহি পোৱা নাই! তথাপিও সাতমান বজাতেই আমি উপস্থিত থকাবোৰে নৌকাৰ পৰা হাৰমনিয়াম আৰু তবলাৰ সংগত ’পৰভাতে শ্যামকানু ধেনু লৈৱা সংগে’ বৰগীতটোৰ ৰাগ যেতিয়া টানিলোঁ কিবা এটা অজান পুলকে সৱৰে দেহ-মন আছন্ন কৰি তুলিলে ৷ আমাৰ নৌকা-বিহাৰত যেন নতুন প্ৰাণৰ সঞ্চাৰ হ’ল ৷ তাতেই আমাৰ সংগীতানুস্থান এঘণ্টামান চলোৱাৰ পিছতহে সকলোবোৰ সাজু হৈ উঠিল ৷

আচল সমস্যা এতিয়া যাত্ৰা কৰিবলৈ ওলাইহে লাগিল ৷ ঠাইৰ অভাৱত এই যাত্ৰাত চামিল হ’ব নোৱাৰি অনাহূত বহুজন অসন্তুষ্ট হ’ল ৷ ৰাজনৈতিক নেতাৰ দৰে ময়ো এই ক্ষেত্ৰত গভীৰ সমবেদনা জনাই পিছৰ বাৰ নিমেই বুলি তেওঁলোকক গভীৰ আশ্বাস দিব লগা হ’ল ৷ আমাৰ যাত্ৰাৰম্ভৰ সংকেতধ্বনি বাজিল ৷
কিন্তু যাবলৈ ওলাইহে দেখোঁ আমাৰ এই নাও দেখোঁ অলৰ-অচৰ! কিবা ঠেহ-পেচ লাগিল? যি বুজিলোঁ সমস্যা গুৰুত্বৰেই; এটা উজাগৰী ৰাতি তেনেদৰে থাকি বোলে নাও আৰু নদীৰ তলিৰ মাজৰ কিবা এটা গোপন বুজাবুজি হ’ল; অধৰামৃতৰ নিচাই দুয়োকে বিয়াকুল কৰাত কেৱল এটা সুযোগৰ অপেক্ষাতহে ৰ’ল ৷ নাওত দুজনমানৰ ভৰ পৰিলত কোনে পায় আৰু সিহঁতক, কামনা চৰিতাৰ্থ কৰাত লাগিল ৷ ইয়াৰ বহন ক্ষমতাতকৈ যেতিয়া মানুহো অধীক হ’ল সিহঁতো একেবাৰে পশ্চিমীয়া ফৰ্মূলা প্ৰয়োগেৰে এই সুষমা পাণ কৰাত উত্ৰাৱল হৈ পৰিল ৷

গতিকে উপায়? তজবজীয়া গাঁৱলীয়া যুৱক দুজনমান ততালিকে পানীত নামিল, হৈ হাল্লা কৰি এই অভিসাৰ বিনাশ কৰিব খুজিলে আৰু লগে লগে নাওখনো বোকাত সোমোৱা গৰু গাড়ীৰ দৰে ঠেলিব ধৰিলে ৷ কপালৰ ঘাম নদীত পেলাই তেনেদৰে বিননি জুৰিলেও কিন্তু নৈৰ পানী অলপমানো উথলি উঠি যাত্ৰাৰ বাবে সুচল হৈ নুঠিল ৷ আমিও তেনেদৰে সলনা-সলনিকৈ তাৰপৰা টিহু আৰু বুঢ়াদিয়াৰ সংগমস্থলীলৈ, প্ৰায় দহ কিল’মিটাৰমান টানি- ধুহিয়েই নাওখন নিব ল’গা হ’ল ৷ ইয়াৰ পিছত যেতিয়া টাইটানিক নামৰ বিশ্ববিখ্যাত চিনেমাখন চাইছিলোঁ তেতিয়াহে গম পাইছিলোঁ যে জেমচ্ কেমেৰুণে আমাক দেখি এটা নকল মাৰিছিল; আমাৰো সুৰবাহিনীৰ কেইজনমান একনিষ্ঠ সেৱকে ইমান দুৰ্যোগৰ মাজতো এক লহমাৰ বাবেও সংগীতৰ ৰেৱাজ বন্ধ কৰা নাছিল ৷

এই যাত্ৰাপথত থকা সমূদায় নৈপৰীয়া মানুহে এনে ৰেৱাজ শুনি কোন কি বিপদত পৰিলনো-এনে ভাবত সহায়ৰ মানসেৰে ওলাই আহিছিল ৷ আমাৰ সুৰৰ মুৰ্চনাত বিগলিত হৈ হাতত হেংডাং ডাঙি সাজু হৈ অহাজনেও আমাৰ ৰেহ-ৰূপ দেখি উলাহত কিন্তু চামিলহে হ’ল ৷ নৈৰ ওপৰত আমাৰ অন্তৰায় হৈ উঠা বাঁহৰ দলঙবোৰো ৰাইজেই উঠাই দিলে ৷ ( আগদিনা যাওঁতে নাৱৰীয়া বোৰে বোলে পিছত ঠিক কৰি দিব লগা হৈছিল )

দুই নৈৰ সংগমস্থলী পোৱাৰ পিছত আমাৰ নাও ইঞ্জিনৰ সহায়ত চলিব পৰা হ’ল; ইঞ্জিনৰ ভুটভুট শব্দও আমাৰ তুমুল হৰ্ষোল্লাসৰ ওচৰত ম্লান পৰিল ৷ কিন্তু কথাতে কয় ফুটা কলহত পানী ভৰাই লাভ নাই, ফুটা কপালত তিলক লগালেও ভগৱানৰ চকু নাই; আমাকো আন এটা সমস্যাই লম্ভিলে ৷ অত্যধিক ভিৰ আৰু চালিৰ ওপৰতো অতিৰিক্ত মানুহৰ অৱস্থানৰ বাবে নাৱৰীয়াই ভাৰসাম্য সঠিককৈ ৰাখিব নোৱাৰা হ’ল ৷ নাও তুলুং- ভুটুং কৰিলে, ভিতৰত পানী সোমোৱাৰ উপক্ৰমেই হ’ল ৷ অৱস্থা দেখি বেছিভাগেই নাওৰ পৰা নামিল, নৈৰ পাৰে পাৰে খোজ দি জীৱন ৰক্ষাৰ ব্ৰত ল’লে ৷

আমাৰ অইন এটা পৰিকল্পনা আছিল নাওতে ৰন্ধা-বঢ়া কৰা ৷ কিন্তু মানুহৰ ভিৰত সেয়াও বাদ পৰিল ৷

ইমানলৈ দুটা বাজি গৈছিল ৷ গতিকে আৰু অলপ ভটিয়াই নৈৰ পাৰত ৰন্ধা-বঢ়াৰ আয়োজন চলিল ৷ সময় আৰু পৰিস্থিতিয়ে আমাৰ বৰপেটালৈ যোৱাৰ আশা মষিমূৰ কৰিছিল ৷ কেইজনমানে আৰু অলপ ভটিয়াবলৈ মন কৰাত এই দুখন নৈৰ স’তে কালদিয়া নৈৰ মিলন স্থলীলৈ আগুৱাবলৈ ঠাৱৰ কৰা হ’ল ৷
মাজতে বিস্তীৰ্ণ অঞ্চলজুৰি থকা সৰিয়হৰ ফুলে এনে মায়াময় পৰিবেশ সৃষ্টি কৰিছিল যে তাত আমি লংগৰেই পেলালোঁহক ৷

নাৱত কোনেও নৃত্যৰ কাৰচাজি দেখুওৱাৰ সুযোগ নাপাই উত্ৰাৱল হৈয়েই আছিল, গতিকে ইয়াতেই সেই নৃত্যানুষ্ঠান চলিল ৷ তাকে দেখি স্থানীয় মানুহবোৰো আগবাঢ়ি আহিল ৷ সংখ্যালঘু অধ্যুষিত সেই ঠাইৰ আঠ দহবছৰীয়া ল’ৰাবোৰকো জন্মৰ সাজতেই দেখি আমাৰ কেমেৰামেনৰো নাচোন চৰিল ৷ ছোৱালীবোৰেও যেন জীৱনত কিবা আপুৰুগীয়া বস্তুহে দেখিলে, তেনে ভাৱত নিজৰ মাজতে ফিচিঙা-ফিচিঙি কৰিবলৈ ধৰিলে ৷

এই নৃত্যানুষ্ঠানৰ ভিডিঅ ৰেকৰ্ডিং হৈ থকা দেখি সেই মানুহবোৰে ভাবিলে আমি কিবা চিনেমা-টিনেমাৰহে চুটিং কৰি আছো ৷ আৰু ভাবিবও দিয়কচোন, আমাৰ দৰে সুদৰ্শন চেহেৰাবোৰ তেনে কামৰে লায়ক নহয় জানো? তাতেই মোৰ তেতিয়াৰ লাহৰী বা এতিয়াৰ জীৱন লগৰী আৰু তেনে দুই চাৰিজনীও আছিল নহয় ৷ সৱেই মোৰজনীকে চিনেমাৰ নায়িকা বুলি খাটাং হৈছিল যদিও হিৰো কথায়, হিৰো কথায় বুলি সুধোঁতে মোৰ কিবা জীৱনৰ অৰ্থই নাইকিয়া যেন হৈ পৰিল ৷ সকলোৱে মোৰ চেহেৰা চাই ভিলেইন বুলিয়েই ভাবিছিল ৷ মোৰ হিৰোৰ পদটো কিবাকে ধৰি ৰখাৰ পূৰ্ণ চেষ্টাৰে দুৰ্গাৰ ওপৰত কৰি থকা চিনেমাখনত মই মহিষাসুৰৰ ৰোলত বুলি কৈ, কিবাকৈহে মানুহবোৰক পতিয়ন নিয়াইছিলোঁ ৷ এই প্ৰচেষ্টাত মই দুটামান এনে অট্টহাস্যও মাৰিব লগা হৈছিল যে পিছলৈ মই কিবা ক’লে মোৰ কণ্ঠনলীত এটা মতা হাঁহে বাহ লোৱা বুলিহে সকলোৱে ভাবিছিল ৷

যি কি নহওক তিনিওখন নৈৰ মিলনভূমি চাই উভতি আহি পাওঁতে খোৱাৰ সময়ো হৈছিল ৷ ৰান্ধনীয়েহে জানিছিল ইমান কম সময়ত সকলোবোৰ যে কেনেকৈ বনাইছিল ৷

এন্ধাৰ নামিলেও দৌৰাদৌৰিকৈ নাৱত বাচন-বৰ্তন তুলি দুই নৈৰ মিলনভূমিলৈ নাৱতে আহিলোঁ ৷ তাৰপিছত আৰু নাও ঠেলাৰ মন আৰু বল এজনৰো নাছিল ৷ আমাৰ ৰন্ধনৰ সামগ্ৰীবোৰ তাৰেই এঘৰত থৈ সকলোৱে ঘৰলৈ পদব্ৰজেন গমনং কৰিলোং ৷ ‘নেক্সট দে’ এখন ঠেলাৰেহে বাচন-বৰ্তন আনিলোং ৷
সুধীবৃন্দ, দায় দোষ মৰিষণ কৰিব ৷ পদুম বোকাতহে ফুলে বুলি জানিও বালিতনো কি হয় মই তাকেহে চাব খুজিছিলোঁ! মইতো সূৰ্যটো পৃথিৱীৰ চাৰিও ফালে ঘূৰাব খোজা নাছিলোঁ!

■■

4 Comments

Leave a Reply

Your email address will not be published.