ফটাঢোল

ন-কইনাৰ বিলৈ – গায়ত্ৰী গোস্বামী অধ্যাপক

ন-কইনা তেতিয়া। মাছে মঙহে দকচি খাই ভাল পালেও সেই কেইদিন বিয়াৰ আগৰে পৰা নিমন্ত্রণ ৰক্ষা কৰি খাই খাই আমনি লাগি গৈছিল৷ তাতে কইনাক নিমন্ত্রণ কৰি খুউৱা বুলিলে আটায়ে ছাপন্ন বিধমান আইটেমৰ যোগাৰ কৰেই। আগবেলা এঘৰত, পিছবেলা আন এঘৰত।
‘আৰু নোৱাৰিছো খাবলৈ’ বুলিলেও মৰমৰ অত্যাচাৰ বাঢ়িহে যায়।

এতিয়া মনত পৰিলে সেইবোৰ আকৌ খাওঁ-খাওঁ লাগে। কিন্তু চান্সবোৰ এবাৰেই আহে তাকো একেলগে। ঘোৰ বিড়ম্বনা !!

তেনে এটা দিনতে গৃহস্থৰ লগত ভাত খাবলৈ গৈছোঁ এওঁলোকৰ ফালৰ মিতিৰ এঘৰত। দুৰ সমন্ধীয় বায়েক ভিনিহিয়েকে বৰ আথে-বেথে সকলোখিনি যোগাৰ কৰিছে। তেতিয়ালৈ মাছ-মাংস বুলিলে বিতৃষ্ণা লাগি গৈছে যদিও খোৱাৰ পাতত দেখিলোঁ কলডিল দি ৰন্ধা পাৰ মাংস, ঢেকীয়া দিয়া মগু ডাইলকে ধৰি নাৰিকল-ৰোকা দিয়া ইলিচ মাছৰ আঞ্জা। সেইকেইদিনত আনবোৰ ব্যঞ্জনে বিশেষ আকৰ্ষণ নকৰিলেও মাছৰ জোলখনে হাত বাউল দিয়া যেন লাগিল। তাতে এনে নতুন ব্যঞ্জন আগে পিছে খাই পোৱা নাছিলো তেতিয়ালৈকে। আটাইকেইজন একেলগে বহিলোঁ ডাইনিং টেবুলখনত, মোৰ ঠিক সন্মুখত ভিনদেউ। ন-ছোৱালী বুলি কিছু আড়ষ্টতা আছিল যদিও খোৱাৰ সময়ত খোৱাত মন দিলোঁ, বিশেষকৈ নাৰিকল-ৰোকা দিয়া মাছৰ জোলখনত।

প্ৰথমেই এই নতুন নাৰিকল-ৰোকা দিয়া ইলিচ এচকল বাকি ল’লো। ইতিমধ্যে মাংস নাখাওঁ বুলি কৈ মাছৰ জোল অলপ সৰহকৈয়ে ল’লো। নাৰিকল ৰোকাৰ বাবে জোলখনো দেখাত অপূর্ব সুন্দৰ হৈছিল।

বৰ আগ্রহেৰে প্ৰথম গৰাহ ভাত মুখত ভৰালোঁ। খুব পাকৈত হাতৰ সোৱাদ লগা আঞ্জাখনত কিন্তু মোৰ জিভাই সহ্য কৰিব পৰাতকৈ বহু গুনে বেছি জ্বলা, তথাপি এৰাত নাই ইলিচৰ জোল। প্ৰথম গৰাহ ভাততেই সাধাৰণ জলকীয়াকে নোখোৱা মোৰ স্বাদ গ্ৰন্থিয়ে ভোট জলকীয়াৰ জ্বালাত ত্ৰাহি মধুসূদন সোঁৱৰিলে, লাহে লাহে মোৰ নাকৰ পানী বৈ আহিল। নাক সোঁতসোতাই সোঁতসোতাই মুখলৈ ভাত নিলো, লগতে বাইদেউক ৰেচিপিটো সুধি থাকিলোঁ। আনকি বাকীকেইজনে টকালি টকালি খাই থকাৰ মাজতে এপাকত উঠি আহি নাকটো বেচিনটোত ধুয়ো গ’লোঁহি, তথাপি মাছৰ জোলকণ এৰাত নাছিলোঁ। মনত বিবিধ ভাব কিছুৱে খুন্দিয়াই থাকিল, -এইবাৰৰ পৰা ঘৰত শুদাকৈ হ’লেও জলকীয়া খাই প্ৰেক্টিচ কৰি আহিব লাগিব, নহ’লে এনেহেন খানা সন্মুখত মোক-খা মোক-খা কৰি থাকিলেও লাভ নাই। সদ্যহতে কাঁহীত বাকি লোৱাখিনি শেষ কৰা যায় কেনেকৈ, এৰিলেও ৰান্ধনীয়ে খাই বেয়া পোৱা বুলি ভাবিব।

ইপিনে ভিনদেউৰ মনৰ ভাৱ, কইনাৰ ভাতৰ পাতত বহি মাকৰ ঘৰলৈ মনত পৰিছে, সেয়ে সোঁতসোতাই আছে। মোৰ মনটো ভাল লগাবলৈকে ভিনদেৱে বাইদেউক মোক আৰু অকন মাছৰ জোল দি দিবলৈ ক’লে। মই নালাগে বুলি কোৱাৰ আগতেই বাইদেৱে জোল দি দিলেই।

এইবাৰ ভিনদেৱে কৈ গ’ল, -আমাৰ ঘৰত আকৌ ভাতৰ পাতত বহিলে এটা নিয়ম মানিব লাগে…. একো নষ্ট নকৰাকৈ খাব লাগিব।

মোৰ ইতিমধ্যে তালুত জুই জ্বলা যেন লাগিছিল। বাকী থকা ভাত কেইটা কেনেকৈ শেষ কৰোঁ বুলি ভাবি মুখৰ আগত থকা, এবাৰ নাখাঁও বুলি কোৱা পাৰ মাংস অকনমান সকাহ হব বুলি কাঁহীত বাকী ল’লোঁ। এইবেলি মুখত ভৰাই জুই জ্বলা তালুত ঘিউ ঢলা যেনহে অনুভৱ হ’লত সেহাই সেহাই বাইদেউক সুধিলোঁ, – ইয়াত কি জ্বলা দিছিল, বৰ ভাল লাগিছে খাবলৈ ?

নতুন কইনা যদিও ৰান্ধনীক ভালৰি লগোৱাও জৰুৰী আছিল৷

বাইদেৱে প্ৰসন্ন বদনে ক’লে, – ভাল পাইছানে বাৰু। মই জানিছিলোঁৱেই, আজিকালিৰ ল’ৰা ছোৱালীয়ে অলপ জ্বলা হ’লেহে খাই ভাল পায়। সেয়ে জালুকৰ লগত মেম জলকীয়া দুটামানো পিহি দিছিলোঁ। তোমাক এক্সট্ৰা জলকীয়া লাগে নেকি ?

মোৰ উত্তৰ দিয়াৰ দৰকাৰ নপৰিলেই। অতপৰে চুপচাপ খাই থকা গৃহস্থই যিটোহে অট্টহাস্য মাৰিলে, কাৰো একো বুজিবলৈ বাকী নাথাকিলগৈ !!!

☆★☆★☆

13 Comments

  • ৰাজীৱ

    হাঃ হাঃ হাঃ। ইয়াকে কয় চোৰক মোৰে পোৱা

    Reply
  • সদানন্দ ভূঞা

    ন বোৱাৰী যেতিয়া ন অতিথিৰ আপ্যায়ন বাৰুকৈয়ে পালে ন ।

    Reply
    • গায়ত্ৰী গোস্বামী

      কি কৰিব পাৰোঁৱেই বা । অশেষ ধন্যবাদ

      Reply
    • গায়ত্ৰী গোস্বামী

      তাকেহে মনত ৰৈ গল আৰু

      Reply
  • Mitali Saharia

    হাঃ হাঃ। ভাল লাগিল।

    Reply
    • গায়ত্ৰী গোস্বামী

      আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো

      Reply
  • Anonymous

    ন কন্যাই ভাল কৈয়ে খালে মানে এসাজ

    Reply
    • গায়ত্ৰী গোস্বামী

      হয় আৰু, কি কৰিব । মন্তব্যৰ বাবে অশেষ ধন্যবাদ

      Reply
  • হেমন্ত কাকতি

    তামাম লাগিল গায়ত্ৰী! অৱস্থাটো কল্পনা কৰি হাঁহিত ৰব পৰা নাই৷ বৰ ধুনীয়া লিখিছা

    Reply
    • গায়ত্ৰী গোস্বামী

      অশেষ ধন্যবাদ

      Reply
  • ৰাস্না বৰা

    মোৰো ন কইনাত একেই হৈছিল এঘৰত।পেট পকাই ধৰিছিল।কোনোমতেহে বাছিলোঁ।

    Reply
    • গায়ত্ৰী গোস্বামী

      অশেষ ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published.