ফটাঢোল

পাত নে পেকেট – কৈলাশ বকতিয়াল

সেইজন চতুৰ্থ শ্ৰেণীত দহ বছৰমান পঢ়ি থকা দিনৰে কথা-

এদিন কিবা এটা গুৰুতৰ অপৰাধত তেওঁক দহটাকৈ বেতৰ কোব প্ৰদান কৰা হৈছিল৷ প্ৰথম পাঁচটা কোব সোঁহাতৰ তলুৱাই সহ্য কৰাৰ পিছত বাওঁহাতৰ তলুৱাখন বাকী কোব কেইটাৰ কাৰণে নিজে নিজে আগবাঢ়ি গ’ল৷ তেনেতে ঘটিল দুৰ্ঘটনাটো৷ তলুৱাৰ সোঁমাজতে এটা ঘূৰণীয়া বগাকৈ দুই ছে:মি: ব্যাসাৰ্ধৰ বৃত্ত এটা৷ মৰণা মাৰি ধান খেৰ তুলি পেলালেও চোতালত মৰণা মৰাৰ চিন বহি যোৱাৰ দৰে হাতৰ তলুৱাখনতো চাদা-চূণৰ মৰণা সঘনাই মাৰি থকাৰ চিনটো ধুনীয়াকৈ বহি তলুৱাৰ শোভাবৰ্ধনত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ জেপ খুচৰি ডেড় ইঞ্চি মান দৈৰ্ঘ্যৰ ষ্টিলৰ দুইমুখীয়া টেমা এটিও উদ্ধাৰ কৰা হ’ল৷ এইবাৰ শাস্তিৰ মাত্ৰা বৃদ্ধি কৰা হ’ল৷ ডিঙিত চাধাৰ টেমাৰ মাদলি পিন্ধি ৰাস্তালৈ মুখ কৰি স্কুলৰ বাৰাণ্ডাত দুই ঘণ্টা আঁঠুৰ ওপৰত বহিবলৈ অভ্যাস কৰি থাকিব লগীয়া হ’ল৷ ইফালে দেউতাকে পুত্ৰৰ এই মহান কীৰ্তিৰ বাবে পুত্ৰৰ পিঠিত দুডালকৈ ম’কাল বাঁহৰ নতুন জেওৰা সূচি ফালি নিজৰ কৰ্তব্য কৰিলে৷ আৰু সু-পুত্ৰক প্ৰতিজ্ঞা কৰোৱালে সেইদিনাৰ পৰা চূণ চাদাত হাত যাতে নলগাই বুলি৷

বিনয়ে জীৱনত কিমান প্ৰতিজ্ঞা কৰিলে আৰু ভাঙিলে তাৰ হিচাপ তেওঁ নিজেও নাজানে৷ কিন্তু সেইদিনা পিতৃৰ আগত কৰা এই প্ৰতিজ্ঞাটো আজিকোপতি অক্ষুণ্ণ ৰাখিছে৷ আজিও প্ৰমাণ চাব পাৰে তেওঁৰ বাঁও হাতৰ তলুৱা চাই যিকোনো মানুহেই তেওঁ হাতৰ তলুৱাত পানী লৈ আগবঢ়াই দিলেও পিবলৈ অকণো কুণ্ঠাবোধ কৰিব নলগাকৈ নিৰ্মল৷

প্ৰতিজ্ঞা কৰাৰ কেইদিনমান পিছতে শিক্ষকে শৰীৰৰ অংগ সমূহৰ কথা পঢ়াওঁতে বিনয়ে জানিব পাৰিলে যে আঙুলিবোৰো একো বিধ অংগই৷ গতিকে তৰ্জনী আৰু অংগুষ্ঠৰ আগ আংশই চাধাপালি টিপা মাৰি ধৰি ওঁঠৰ তললৈ স্থানান্তৰণ কৰা কাৰ্যফেৰা কৰিলে তেওঁৰ প্ৰতিজ্ঞা ভংগ হোৱাৰ কোনো শংকা নাথাকে৷ গতিকেই তেওঁৰ দৃষ্টিত পৰা যিকোনো ব্যক্তিৰ এখন হাতৰ বুঢ়া আঙুলিটো আনখন হাতৰ তলুৱাৰে আবৃত হৈ থাকিলেই তেওঁ ৰকেট যোৱাদি গৈ সেইস্থানত উপস্থিত হয়গৈ আৰু সোঁহাতৰ অংগুষ্ঠ আৰু তৰ্জনী মূৰ দুটা টোপ খাবলৈ বিচৰা চৰাইৰ পোৱালিৰ ঠোঁটৰ আকৃতি ধৰি সেই বিশেষ মানুহজনৰ ফালে আগুৱাই যায়৷

তথাপিও সমস্যা এটা থাকি গৈছিল৷ অচিনাকি মানুহ এজনক চাদা এপালি (তাকো মৰণা মাৰি, উখনিয়াই, চালি জাৰি ৰেডি কৰি দিয়া) খোজাৰ সমস্যা৷ কিন্তু বিনয় যাৰ নাম, তেওঁ পৰাজয় বৰণ কৰিবনে? উপায় ওলাল৷ এদিন ভগৱানে বিনয়ৰ মুখেৰে চাদা পিহি থকা মানুহ এজনক দেখি কোৱাই দিলে, “দাদা পাত নে পেকেট?”

তাৰ পিছত আৰু পায় কিহে? বিনয়ে চাদা ব্যস্ত মানুহ পালেই ওচৰলৈ গৈ “পাত নে পেকেট?”ৰ দাইলগ মাৰে৷ আনজনে যদি কয় পাত, তেতিয়া বিনয়ৰ বাণী “পাত যদি অকণমান দিব”৷ যদি কয় পেকেট, বিনয়ৰ বচন “পেকেট যদি অকণমান দিব”৷ গতিকে কোনো বিৰতি নোহোৱাকৈ বিনয়ৰ চাদা এক্সপ্ৰেছ চলি আছে৷

বিনয়ৰ ফাৰ্ষ্ট ব্ৰেক আপ হৈছিল এই পাত নে পেকেটৰ বাবেই৷ প্ৰেয়সী ৰৈ আছেহি ফ্লাৱাৰ গাৰ্ডেনত, আনফালে বিনয়ে পাত নে পেকেট সুধিবলৈ মানুহ এটাও বিচাৰি পোৱা নাই৷ প্ৰেয়সীয়ে প্ৰেমিকৰ অভাৱত ফুলবোৰ চুই থাকোঁতেই ঘটিল অঘটন৷ বুঢ়া আঙুলিত মৌ মাখিয়ে বিন্ধিলে৷ বুঢ়া আঙুলিটো আনখন হাতৰ তলুৱাই টেপা মাৰি ধৰি আছে, চকুত পানী৷ মৌৱে ফুটাৰ বিষটো বিষেই, আনহাতে বিনয়ে কথা দি সময়ত নহাৰ বিৰহ বেদনা৷

সেই সময়তে ওঁঠৰ তলত অকণমান ভৰাবলৈ নোপোৱাৰ দুখ লৈ গাৰ্ডেনত প্ৰৱেশ কৰিয়েই প্ৰেমিকাৰ সেহি ৰূপ দেখি সাউতকৈ কাষলৈ দৌৰ মাৰিলে৷ প্ৰেয়সীয়েও বিজয়ৰ তৰানৰা ছিঙা আগমন দেখি গদগদ হৈ পৰিল আৰু দুবাহু প্ৰসাৰিত কৰি বিনয়ক আমন্ত্ৰণ জনাও বুলি ভাবোঁতেই বিনয়ৰ সোঁহাতৰ পোৱালি চৰাইৰ ঠোঁট টো আহি প্ৰেয়সীৰ গাৰ ওচৰ পালেহি আৰু মুখেৰে শ্ৰীবাণী নিগৰিত হ’ল —

“সোণজনী পাত নে পেকেট?”

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.