ফটাঢোল

পায়স আৰু পিয়াঁজ-পৰিস্মিতা বৰদলৈ

ভববেপাৰীয়ে  চুৰিয়াখন আঠুলৈকে কোঁচাই লৈ কান্ধত কেঁকোজেঁকোকৈ পাচলিৰ ভাৰখন লৈ কণমাই খুৰীটিৰ ঘৰৰ চোতাল গৰকিছেহি৷ এই ভৰদুপৰীয়া খন অলপমান জিৰাওঁ বুলি ভাবোতেই ভববেপাৰীক দেখি কণমাই খুৰীটিৰ টিঙিচকৈ মাৰিলে যদিও চুবুৰিটোৰ “নিউজ চেনেল” বুলি জনাজাত এই ভব পাচলি বেপাৰীৰ পৰা গৰম খবৰ শুনাৰ আশাত মুখেৰে যিমান পাৰি মিঠাকৈ “অ’ ভব আহিছা৷বহাহি আহা এই পিৰালিতে বহা” বুলি ক’লে৷

ভববেপাৰী মানে চুবুৰিটোৰ একমাত্ৰ পাচলি বেপাৰী যাৰ বাৰীৰ টাটকা পাচলিয়ে প্ৰত্যেকঘৰ মানুহকে আকৰ্ষণ কৰে৷ ভবকাইটিৰ আকৰ্ষণৰ অন্য এক কাৰণ হৈছে চুবুৰিৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে বৰঘৰৰ পৰা মাৰলঘৰলৈকে খবৰ তেওঁৰ নখ দৰ্পনত৷ সেই খবৰবোৰকে ৰহণ লগাই তেওঁ এইদৰে কয় যে শুনোতাজনে দুপইচা বেছিকৈ ভৰি হ’লেও পাচলি ল’ব কিন্তু কথাবোৰৰ ৰসাস্বাদন কৰিবলৈ নেৰে৷  সেয়েহে তেওঁৰ উপৰুৱা নাম “লোকেল নিউজ চেনেল”৷কাৰ ঘৰৰ ছোৱালীৰ লগত ক’ৰ ল’ৰাৰ ফিটিং হৈ আছে, কাৰ শাহুৱেকে বোৱাৰীয়েকক নচুৱাইছে বা কোন পুতেকে পত্নীৰ প্ৰৰোচনাত পৰি মাক বাপেকৰ আথানি কৰিছে সকলো কথাই ভবকাইটিয়ে সেই এল পি স্কুলত নেওতা মুখস্থ মতাৰ দৰে সলসলীয়াকৈ কৈ দিব পাৰে৷

এইটো গুণে আজিও দুপৰ বেলাতে অহা স্বত্বেও তেওঁক বিমুখ নকৰি কণমাই খুৰীটিয়ে আলহ উদহকৈ বহিবলৈ দিছে৷ অৱশ্যে ইয়াৰ গুৰিতে চুবুৰিটোত হোৱা শেহতীয়া বিয়াখনৰ পাছৰ ছোৱা অৰ্থাৎ শাহুবোৱাৰীৰ আখ্যান শুনাৰ লোভ৷ যিহেতু বিয়াৰ জোৰোণৰ পৰা আৰম্ভ কৰি খোবাখুবীলৈকে ভববেপাৰীয়েই বিয়াঘৰত পাচলিৰ যোগান ধৰিছে৷ আৰু এনেও বিয়া হৈ যোৱা ঘৰত আলহীৰ সমাগমো বেছি হোৱা হেতুকে বৰ্তমানেও পাচলি দিবলৈ অহাযোৱা হৈয়ে থাকে৷ তেনেস্থলত ভববেপাৰীতকৈ আৰু গৰম খবৰ কোনে দিব পাৰিব?

কাজিনেমুৰ চৰ্বত এগিলাছ হাততে লৈ কণমাই খুৰীটিয়ে নিজেও পাগ লগাকৈ তামোল এখন পকটিয়াই পকটিয়াই ভববেপাৰীৰ আগত বহি ল’লে ন-কৈ হোৱা শাহুবোৱাৰীৰ বৃত্তান্ত শুনাৰ লোভত৷ ওঁঠৰ ফাঁকেৰে সিৰিক্ কৈ পিক্ কণ পেলাই কণমাই খুৰীটিয়ে আৰম্ভ কৰিলে বোলে,“ভব কোৱাচোন এতিয়া সেই আহিনী বাইটিৰ ন-বোৱাৰীৰ কথা৷ মিলাপ্ৰীতিৰে আছেনে শাহুৰ লগত? শুনিছো ন-ছোৱালী হেনো একেবাৰে মেইন টাউনৰ? টাউনীয়া ঢঙে বা গাঁৱৰ বোকা মাটিৰে গঢ়া পৰিবেশৰ লগত মিলামিছা কৰিব পাৰিছেনে একা?”  ভববেপাৰীয়ে চৰবতৰ গিলাছটোৰ তলত ৰৈ যোৱা নিমখ চেনীখিনি অৱশিষ্ট চৰবত কণৰ লগত মিহলাবলৈ গিলাছটো হাতেৰে ঘূৰাই ঘূৰাই একেসোহাই পি থৈ কান্ধৰ মদৰুৱা ৰঙৰ গামোছা খনেৰে মুখখন মোহাৰি ক’বলৈ ধৰিলে, “এঃ কিনো কওঁ খুৰীটি, দুয়ো শাহু বোৱাৰীৰ যুটিচোন একেবাৰে পায়স আৰু পিয়াঁজৰ দৰে”৷ ভববেপাৰীৰ কথা শুনি কোনোমতেহে পকটিয়াই থকা তামোলখিনিৰে চৰ্চৰণি নোখোৱাকৈ ৰ’ল কণমাই খুৰীটি৷ খুৰীটিয়ে ভাবিলে এইটো আকৌ কেনেধৰণৰ নাভূত নাশ্ৰুত উপমা৷ পায়স আৰু পিয়াঁজ! ভববেপাৰীয়েই এইবাৰ নিজে নিজেই খুৰীটিৰ মনৰ ভাব বুজিব পাৰি মুখ মেলিলে,“বোলো খুৰীটিয়ে ছাগে আচৰিত হৈছে মোৰ এই “পায়স পিয়াঁজ”ৰ কথা শুনি৷ পিছে এইটো অলপ ভাবিলে গুণিলে তেনেই সাধাৰণ কথা৷ ময়েই কৈছো শুনক, এই যে পায়স আৰু পিয়াঁজ দুয়োটা বস্তুৰে দূৰ দূৰলৈকে কিবা সাদৃশ্য আছেনে কওকচোন? নাই নহয়নে? যদিও দুয়োবিধেই খোৱাবস্তু বা দুয়োবিধকে আমি ৰান্ধনীশালতে পাওঁ কিন্তু এটাৰ আনটোৰ লগত কেতিয়াও কোনো কাৰণতে মিল নহয়, এটাৰো আনটোক দৰকাৰ নহয়৷ একেবাৰে পৃথক বস্তু৷ ঠিক একেদৰে আহিনী বাইটি আৰু ন-ছোৱালীও এই পায়স আৰু পিয়াঁজৰ দৰে৷ দুয়ো সম্পূৰ্ণ বেলেগ৷ৰ’ব মই কথাখিনি বুজাবলৈ উদাহৰণ দুটামান দিছো৷ একেবাৰে সঁচা কথা আকৌ দেই৷ খাটি গাখীৰৰ দৰে,মই পানী মিহলাইছো বুলি নাভাবিব৷ এইখিনিলৈকে কৈ ওচৰৰে তামোলৰ বটাটোৰ পৰা তামোল এখন মুখত ভৰাই ভব বেপাৰীয়ে কৈ যাবলৈ ধৰিলে পায়স আৰু পিয়াঁজৰ কথা৷

ভববেপাৰীয়ে ক’লে বোলে “খুৰীটি  এই যে ন-ছোৱালী বৰ চৌখিন ছোৱালীজনী৷ ধুনীয়াকৈ সাজি পাৰি থাকি ভাল পায় আৰু হ’বও দিয়কচোন৷ ইফালে ন-কৈ বিয়াত সোমাইছে আনহাতে চহৰৰ হাৱা খাই ডাঙৰ হৈছে৷ আৰু আমাৰ আহিনী বাইটি হৈছে জাধলী একেবাৰে৷ খাব লাগে শুব লাগে বনবাৰী কৰিব লাগে তাৰবাদে বেলেগ একোডাল নাজানে৷ সেইদিনা কি হ’ল? সিহঁতৰ পাছফালৰ ঢেঁকীশালখন মচিবলৈ বুলি গোবৰ মাটি ল’বলৈ বুলি যাওঁতে দেখিলে গোবৰ মাটিচোন বোৱাৰীয়েকে থৈয়েই দিছে মজলীয়া চৰিয়াটোতে৷ যদিও আনকালে সেইটোত গোবৰ মাটি গুলি থোৱা হোৱা নাই তথাপি “ন ছোৱালীয়ে গুলিছে দেহি বুলি ময়ে লেপি লওঁ” বুলি চৰিয়াটো আনি দুলেপন দিওঁতেইচোন গোন্ধটো অলপ বেলেগ যেন পাই নাকৰ ওচৰলৈ নিওঁতেহে ক’ৰবাৰ পৰা বোৱাৰীয়েক আহি শাহুৱেকক ঘৰ লেপি থকা দেখা পাই আৰু চৰিয়াটোলৈ চকু যোৱাত তাইৰ চকু কপালত উঠে৷ কিয়নো সেয়া বজাৰৰপৰা কিনি অনা হেনাহে আছিল বোৱাৰীয়েকে মূৰত লগাবলৈ বুলি গুলি থোৱা৷

এইটোতো বাৰু বাদ আৰু এদিন কি হ’ল জানে খুৰীটি? বোৱাৰীয়েকে মুখত লগাবলৈ বুলি মচুৰ দালি আৰু বেচন বটি থৈছিল৷ তেনেতে আহিল নহয় এযোৰা আলহী৷ বোৱাৰীয়েক গৈ কথা পতাত লাগিল আৰু এইফালে সাদৰী শাহুআয়ে ধুনীয়াকৈ আলহীক পকৰীৰে সৈতে চাহ খুৱাই আপ্যায়ন কৰিলে৷ আলহী যোৱাৰ পাছতহে উৰহী গছৰ ওৰটো ওলাল৷ এইটোতো এইটোৱেই আৰু এদিন এটা সাংঘাতিক কথা হ’ল৷ সেইদিনা তেওঁলোকৰ ঘৰত বছৰেকীয়া নাম এভাগি পাতিছিল৷ জলপানৰ লগত ৰসগোল্লা দিয়াৰ ব্যৱস্থা কৰিছিল৷ বোৱাৰীয়েকৰ লগৰ বান্ধৱীও আহিছিল নাম ভগাৰ পাছত গধূলিপৰলৈ৷ এইবাৰো বোৱাৰীয়েক পুৰণি বান্ধৱীৰ লগত কথাত মচগুল হৈ পৰিল আৰু শাহুৱেকে চাহ বাকি লৈ গ’ল৷ কিন্তু তাজ্জব কাণ্ডটো হ’ল কি? ৰসগোল্লা দিবলৈ শাহুৱেকে চহৰীয়াৰ ঢঙত চেপেনাৰে দিবলৈ বুলি হাতত নিয়া বস্তুবিধ দেখি সকলোৱে সমস্বৰে চিঞৰি উঠিল, কিয়নো সেই চেপেনাডাল বেলেগ একো নাছিল বোৱাৰীয়েকৰ চুলি পোন কৰা ‘ষ্ট্ৰেইটনাৰ’ ডালহে আছিল৷এতিয়া বুজিলেনে খুৰীটি মই কোৱা “পায়স আৰু পিয়াঁজ”ৰ সাৰমৰ্ম? বুলি ভববেপাৰীয়ে উভতি চাই দেখে কণমাই খুৰীটিয়ে মেখেলা কোচাই সৰু পানী চুবলৈ বুলি কলবাৰীৰ পিনে দৌৰ মাৰিছে৷

*****

Leave a Reply

Your email address will not be published.