ফটাঢোল

প্ৰতিপালন – ধ্ৰুৱ কাশ্যপ

তেওঁক দেখিয়েই প্ৰজ্ঞানৰ আশে পাশে থকা গোটেইকেইজন চেঙেলীয়াই হাতৰ চিগাৰেট পেলাই ফৰিংচিটিকা দিলে ৷ সি সিটো পাৰে মুখ কৰি চিগাৰেট হুপি আছিল বাবে তেওঁক দেখাই নাপালে ৷ তেওঁ প্ৰজ্ঞানৰ ওচৰলৈ আহি পিছফালৰপৰা চিগাৰেটটো তাৰ হাতৰপৰা কাঢ়ি ল’লে৷ ঘটনাৰ আকস্মিকতাত পিছফালে ঘূৰি চায়েই তেওঁক দেখা পাই প্ৰজ্ঞানৰ অৱস্থা ‘ফাট মেলা বসুমতি পাতালে লুকাও’ৰ দৰে হ’ল ৷ তেওঁ প্ৰজ্ঞানৰ ফালে কেইমূহুৰ্তমান চালে আৰু চিগাৰেটটো তন্ন তন্নকৈ পৰীক্ষা কৰি পেলাই দিলে৷ আৰু তাৰ পিছত শান্তভাৱে ক’লে “ধেই কে%& বাপেৰৰ নাম মাটিত মিলালি তই৷ মোৰ ল’ৰা হৈ এনেকুৱা থাৰ্ড ক্লাছ ব্ৰেণ্ডৰ চিগাৰেট খাৱ৷ ভাইটি মাৰ্লব’ৰ’ ক্লাছিক দুটা দিয়াছোন৷” প্ৰজ্ঞানৰ চকুত এতিয়া আগতকৈও গভীৰ ‘হতভম্ব’ চাঁৱনি৷ সি দেউতাকৰ ফালে একেথিৰে চায়েই আছিল৷ ইতিমধ্যে মিষ্টাৰ কাশ্যপে নিজৰ চিগাৰেটটো জ্বলালে আৰু বাকী থকা চিগাৰেটটো আৰু লাইটাৰটো প্ৰজ্ঞানৰ ফালে আগবঢ়াই দিলে৷ সি কিন্তু তেতিয়াও বাপেকৰ ফালে একদৃষ্টিৰে চায়েই আছিল৷ “জ্বলাৱনে কে%& মাৰলৈ ফোন কৰোঁ?” তেওঁ এইবাৰ অলপ ধমকিৰ সুৰতে ক’লে৷ সি খপজপকৈ চিগাৰেটটো জ্বলালে৷ দুবাৰত৷ অলপ সময় দুয়োৰে মুখত একো কথা নাছিল৷ “সোনকালে শেষ কৰ৷ এঠাইৰপৰা ফুৰি আহো দুয়োটা৷” কাশ্যপে ক’লে৷ প্ৰজ্ঞান ইতিমধ্যে অলপ প্ৰকৃতিষ্ঠ হৈছিল৷ সাহস কৰি দেউতাকক সুধিয়েই পেলালে, “ডেড, কি লেংগুৱেজ ইউজ কৰি আছা এয়া?” মিষ্টাৰ কাশ্যপে একো উত্তৰ নিদি চিগাৰেটটো পেলাই দি গাড়ীৰ ফালে গ’ল৷ সিও উপায় নাপায় দেউতাকৰ পিছ ল’লে৷

চহৰখনৰপৰা এক কিলমিটাৰমান দূৰৰ শিৱমন্দিৰ এটাৰ সমূখত গাড়ীখন ৰ’লগৈ৷ মিষ্টাৰ কাশ্যপ গাড়ীৰপৰা নামি গ’ল৷ প্ৰজ্ঞানে একো বুজিব নোৱাৰি বাপেকৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালে৷ কিন্তু ইতিমধ্যে তেওঁ মন্দিৰৰ ভিতৰ পাইছিলগৈ৷ পাঁচ মিনিটমানৰ পিছত তেওঁ উভটি আহিল৷ প্ৰজ্ঞানে দেউতাকৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চায়েই আছিল৷ “তই জইণ্ট ৰ’ল কৰিব জান’?” প্ৰজ্ঞানে তেতিয়াও একদৃষ্টিৰে দেউতাকৰ ফালে চায়েই আছিল৷ “আজি নাপালো বুইচ’, ইহঁতৰ তাত সদায় মণিপুৰীয়েই থাকে৷ আজি জেনেৰেলো নাই৷” — এইবুলি কৈ কাশ্যপে গাড়ী ঘূৰালে৷ গাড়ীখন চহৰৰ ভিতৰত সোমালহি আৰু “পানশালা বাৰ কাম ৰেষ্টুৰেণ্ট”ৰ সমুখত ৰ’ল৷ প্ৰজ্ঞানক বহিবলৈ দি কাশ্যপে ড্ৰিংক অৰ্ডাৰ কৰিলে ‘এটা ৰেড লেবেল অন দ্য ৰকচ’ আৰু ……. আৰু চিকেন ড্ৰাই ফ্ৰাই এক প্লেট৷
“ডেড মই এইবোৰ নাখাওঁ দেই, গোন্ধ পালে ম’মে কি ক’ব৷”
মিষ্টাৰ কাশ্যপে একো নক’লে৷ অলপ সময় তাৰফালে গভীৰ দৃষ্টিৰে চালে ৷
ইতিমধ্যে মিষ্টাৰ কাশ্যপে দুটা পেগ শেষ কৰিছিল৷ প্ৰজ্ঞানেও বাপেকৰ ভয়তেই হওঁক বা যি কাৰণতে হওঁক তাৰ কোটাটো শেষ কৰিলে৷ অলপ অলপকৈ চকু সৰু হৈ আহিছিল তাৰ ৷
“তোমাৰ কিবা যদি কুৱেশ্যন আছে এতিয়া সুধিব পাৰা পোৱালি৷” — কাশ্যপে শান্তভাৱে ক’লে৷
“ডেড একো বুজিব পৰা নাই আপুনি কি কৰি আছে এয়া৷ চিগাৰেট খালো, মোৰ ভুল হ’ল৷ কিন্তু তুমি মোক গালি পাৰাহেঁতেন বা মাৰাহেঁতেনো মই ইমান এমেজড্ নহ’লোহেঁতেন যিমান এতিয়া হৈছ৷ এইবোৰৰ অৰ্থ কি? আৰু জইণ্ট নে কি সেইটো কি বস্তু?”
মিষ্টাৰ কাশ্যপ বহুসময় মনে মনে থাকিল৷ তাৰ পিছত লাহে লাহে ক’লে, “পোৱালি, আচলতে ভুল মোৰ৷ সেইটো তেতিয়াই ৰিয়েলাইজ হৈছিল যেতিয়া যোৱা শনিবাৰে তোমাক সেই মক্কেলকেইটাৰ লগত চিগাৰেট টানি থকা দেখা পাইছিলো৷ তোমালোকক সকলো দিলোঁ, কিন্তু সময় দিব নোৱাৰিলোঁ মই৷ তোমালোকৰ মনবোৰ বুজিব নোৱাৰিলোঁ৷ যোৱা শনিবাৰেই সিদ্ধান্ত লৈছিলো যে কিবা এটা কৰিব লাগিব৷ গোটেই সপ্তাহটো ৰিছাৰ্চ কৰিলো তোমাৰ ব্যক্তিগত জীৱনৰ বিষয়ে, তোমাৰ সেই ফ্ৰেইণ্ডকেইটাৰ বিষয়ে৷ গোটেইকেইটা ধনী মানুহৰ ল’ৰা৷ দুটামানৰ ইয়াতকৈয়ো বেয়া বস্তু খোৱাৰ হেবিট আছে৷ গতিকে উপায় নাপাই এইটো পদক্ষেপ ল’ব লগা হ’ল৷ মানে খোৱাৰ মন আছে যদি মোৰ লগতে খোৱা৷ তোমাৰ বাবেই আজি বিছ বছৰৰ পিছত চিগাৰেট আৰু মদ টেষ্ট কৰিলো, কাৰণ আই লাভ ইউ ম’ৰ ডেন এনিথিং ইন দিছ ৱৰ্ল্ড৷ আৰু জইণ্ট মানে গাঞ্জা দেই৷ সেইটো তোমাক জুখি চাবলৈ কৰিছিলোঁ৷ কেনেবাকৈ যদি মোৰ যদি ফীল হোৱাহেঁতেন যে তুমি জইণ্ট মানে কি জানা; বিদ্যা এতিয়াও তোমাৰ গাল ফৰফৰাই থাকিলেহেঁতেন৷ বাই দ্য ৱে তোমাৰ ড্ৰিংকটো কেৱল ব্ৰীজাৰ আৰু স্প্ৰাইটৰ ককটেইল আছিল৷ নাও গিভ মী এ হাগ৷”
“ছৰি ডেড, আজিৰপৰা আৰু সিঁহতৰ লগ নলওঁ৷ লাভ ইউ৷”
“আটচা! তোমাৰ লেব পাৰ্টনাৰৰ কি খবৰ? কি নাম আছিল সু…”
“তুমি সুনয়নাৰ কথা কেনেকৈ জানা ডেড?”
“তোমাৰ বিষয়েও ৰিছাৰ্চ কৰিছিলো এইটো সপ্তাহ৷ ছোৱালীজনী ব্ৰাইট৷ তাইৰ লগত ভাল ফ্ৰেইণ্ডশ্বিপ কৰা৷ আপত্তি নাই৷”
প্ৰজ্ঞানৰ মুখত তেতিয়া লাজুক হাঁহি৷ কাশ্যপে বুজি পাই সেই হাঁহিৰ অৰ্থ৷ সিফালে প্ৰজ্ঞানে ভাবিছে, “মোৰ ডেড কি চ্যুৱেগাৰ বে।”

উপসংহাৰ:
“ধেইত! তয়ো এটা ভয়ংকৰ মানুহ দেই৷ মানুহ মাৰিবি৷ হাঁহি মৰিম এতিয়া৷” — টেলিফোনৰ সিটো পাৰে এক নাৰী কণ্ঠস্বৰ৷
“মোকতো জানই! মোৰ আইডিয়াবোৰ সদায় আউট অফ দ্য বক্স।” — ইফালে মিষ্টাৰ কাশ্যপৰ কণ্ঠস্বৰ ৷
“হয় তোক মানিবই লাগিব৷”
“আৰু ক, মিষ্টাৰৰ খবৰ কি?”
“এজ ইউজুৱেল৷”
(অলপ সময়ৰ মৌনতা…. )
“অই মনত আছেনে, আমিও এটা সময়ত টীনএজাৰ আছিলো৷ তোৰ মোৰ মাজত কি ধুনীয়া ৰিলেচনশ্বিপ আছিল …..”
“আজি মনত পৰিল যে?”
“এটা কথা মনত আছেনে? আমি যে ফিউচাৰৰ চিল্ড্ৰেনৰো নাম দি লৈছিলো৷ ল’ৰা হ’লে প্ৰজ্ঞান আৰু ….”
“ছোৱালী হ’লে সুনয়না৷”
“ৰাইট! তাই কি কৰি আছে এতিয়া?”
“পঢ়ি আছে৷ প্ৰজ্ঞানেও পঢ়ি আছেনে?”
“অ” …..

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.