ফটাঢোল

প্ৰতিবাদ – মানস শইকীয়া

“তাৰমানে তহঁতে কালিলৈ প্ৰতিবাদ কৰিবিয়েই! ভাল কথা৷ পিছে,যোগাৰ পাতি হৈছেগৈ নে?”, প্ৰতিবাদ কাৰ্যসূচীৰ নিমন্ত্ৰণ দিব অহা ল’ৰাহঁতক ৰমণী কেৰাণী ওৰফে ৰমণী কলিতাই সুধিলে৷ কাৰ্যসূচীৰ আহ্বায়ক প্ৰণৱে বোলে, “দাদা,সেইবোৰ সৱ ৰেডি আছে৷ কঠীয়া তিনিমুঠি কিনি আনিলোঁ৷ নাঙলটো বিচাৰোতে কষ্ট হ’ল অৱশ্যে! পিছত, সেই আপোনাৰ সূৰ্য্য মিস্ত্ৰীৰ ঘৰত যেনেতেনে এটা পালোগৈ৷ ঘূণ লাগিছিলেই আৰু! মামৰ-চামৰ গুচাই থৈ আহিছোঁ৷”

“অলৰেডি দুটা চেনেলক খবৰ দিছোঁ৷ লাইভ ক’ভাৰেজ দিব বোলে৷”, লগত অহা সুৰজিত বোলাটোৱে উৎসাহেৰে মাত লগালে৷ কলিতাই বোলে ঠিক আছে, “মই এপাক মাৰিম যা”৷

কলিতাহঁতৰ গাঁওখন ক্ৰমাৎ বাঢ়ি অহা নগৰখনৰ সমীপৱৰ্তী৷ গাঁৱৰ পৰিৱেশ প্ৰায় নোহোৱাৰ দৰে৷ পকী ৰাস্তাৰ পৰা সোমায়েই গাঁওখন৷ গাঁওখনৰ মাজেৰে যোৱা একমাত্ৰ কেঁচা পথটোৱে আজি কিছুবছৰ ধৰি মানুহখিনিক যমৰ যাতনা ভোগাই আছে৷ চৰকাৰৰ তৰফৰ পৰা একেবাৰে একো নকৰা নহয়৷ যোৱা খৰালিত এনৰেগাৰ অধীনত ৩.২৬ লাখ টকাৰে ৰাস্তাটো কিছু ওখ কৰি শিলগুটি ছটিয়াইছিল৷ তাতো পঞ্চায়তৰ সদস্য হৰেণৰ ওপৰত দুৰ্নীতিৰ অভিযোগ৷ বোলে এনৰেগাৰ কাৰ্ডবোৰ মানুহৰ পৰা গোটাই নি বনুৱাৰ হাজিৰাবোৰ উদৰস্থ কৰি টেক্টৰৰে মাটি আনি ৰাস্তা বনাইছে ৷

কলিতাহঁতৰ দৰে মানুহবোৰৰ প্ৰায় সকলোৱে জানে এনৰেগাৰ কামবোৰ তেনেকৈ নকৰি আন ধৰণে কৰাটো সম্ভৱেই নহয়৷ নহ’লে, আজিকালিৰ দিনত কোনে লাখটকীয়া মাটিত খাল খান্দিব দিব? কিন্তু, বুজাব কাক? বুজিও নুবুজে৷ সকলো ইছ্যুৰ পিছে পিছে দৌৰি থাকে৷ তাৰপিছতো অৱশ্যে ৰাস্তাটো ভালেই আছিল৷ নেৰানেপেৰা বৰষুণজাকৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি গাঁওখনৰ কেইবাখনো টেক্টৰ আৰু সৰুকণ মণ্ডলৰ লৰা দেৱজিতৰ ডাম্পাৰ দুখনে ৰাস্তাটোৰ দ-চানেকীয়া দুশ মিটাৰ মান বোকাময় কৰি অহা-যোৱা কৰিব নোৱাৰা অৱস্থা কৰিলে৷ ল’ৰাহঁতে স্থানীয় বিধায়কক লগ ধৰিছিল হেনো! বিধায়কে মনকাণ নকৰাত দেওবাৰ এটাত ৰাস্তাত ভূঁই ৰুই প্ৰতিবাদ কৰিবলৈ সিদিনা নামঘৰৰ মিটিঙত প্ৰস্তাৱ লয়৷ তাৰবাবেই প্ৰণৱহঁতে ৰমণী কলিতাক মাতিবলৈ আহিছিল৷

সিহঁতক বিদায় দি ৰমণী কলিতাই বাৰাণ্ডাখনৰ আন্ধাৰ যেন লগা চুকটোত বহি ৰাস্তাটোৰ কথা ভাৱিবলৈ ল’লে৷ লৰাহঁতৰ প্ৰতিবাদৰ ধৰণটোত নিজকে খাপ খুৱাব পৰা নাই৷ ৰাইজে ভূঁই ৰুই প্ৰতিবাদ কৰিলেই বাৰু! ৰাস্তাটো মানুহ অহাযোৱা কৰিব পৰা হ’বগৈ নে? নে বিধায়কে আহি কিবা সহায় কৰিব? তাতকৈ যদি দেওবাৰৰ দিনটোত সকলো ওলাই আহি লগে ভাগে বোকাবোৰ চুচি মাজি শুকান মাটি অলপকে দিয়া হ’লে৷ অন্ততঃ মানুহ কেইটা অহা-যোৱা কৰিব পাৰিলে হয়৷

আগতে ফাগুন মহীয়া ৰাস্তা বান্ধিবলৈ ৰাজহুৱা হজ দিয়ে৷ দা কোৰ লৈ সকলো ওলাই আহে৷ ৰাস্তাত গজা ঘাঁহ-বন কাটি দুয়োফালৰ নৰ্দমা দুটা সৰকিয়াই মাটিবোৰ ৰাস্তাত দিয়ে৷ গাঁওখনৰ ডেকা কেইটামানে পথাৰৰ পৰা হাল বোৱা চপৰাবোৰ গৰুগাড়ীৰে টানি আনি ৰাস্তাৰ দ ঠাইবোৰত দিয়ে৷ গোটেই দিনটো কামবন কৰি সকলোৱে নামঘৰত মোলান কাইটিয়ে বনোৱা খিচিৰি খায়হি৷ খিচিৰিকণৰ সোৱাদটো ৰমণী কেৰানীৰ জিভাত এতিয়াও লাগি আছে৷ তাৰপিছত, গোটেই বছৰটোত ৰাস্তাটো সূচল হৈ থাকে৷ অৱশ্যে, সেইবোৰ দিনত আজিৰ দৰে ঘৰেপ্ৰতি গাড়ী একোখন নাছিল৷ মটৰচাইকেলৰ ভিতৰত সৰুকণ মণ্ডলৰ ইয়েজ্দি খন আৰু গাড়ীৰ নামত মহিম মহলদাৰৰ এম্বেছেদৰ খন৷ গৰুৰ খোজত দুই এঠাইত বোকা-পানী একোদোঙা হয় যদিও নিজৰ ৰাস্তা বুলি মাটি কেইচাবমান দি দিয়ে৷

এতিয়া, ৰাস্তাটো পঞ্চায়তে লোৱাৰ পৰা দুয়োকাষৰ নৰ্দমা পুতি পেলালে৷ মানুহৰ চোতালবোৰ ওখ কৰাৰ লগেলগে ৰাস্তাটো হৈ পৰিল বৰষুণৰ পানী ওলাই যোৱা একমাত্ৰ বাট৷ গতিকে সহজতে বোকা হয়৷ মানুহবোৰেও নিজৰ ঘৰৰ আগৰ ৰাস্তাটোত জমা হৈ থকা পানীকণো কাটি নিদিয়ে৷ ক’লে ক’ব বোলে, চৰকাৰে কৰিব৷ নিজাববীয়াকৈ কিবা এটা কৰাৰ কথাটো আজিকালি কোনেও ভাৱিব নোৱাৰে৷

এই নিজাববীয়া কথাটো ভাৱোঁতেই ৰহিমকাইলৈ মনত পৰি গ’ল ৰমণী কলিতাৰ৷ উপায়ুক্তৰ কাৰ্যালয়ত কলিতা এজন সৎ কৰ্মচাৰী হিচাপে সুনাম আছে৷ এই সুনামৰ বাবেই বহুকেইখন লোভনীয় টেবুলৰ পৰা তেওঁ বঞ্চিত৷ এবাৰ এজন ছুটীত থকাত ৰাজহ বিভাগৰ তেনে এখন লোভনীয় টেবুলৰ চাৰ্জ পাইছিল৷ পিছত অৱশ্যে তেওঁৰ সততাৰ যহতে এমাহতে হেৰুৱাইছিলেও! সেই মাহটোতে ৰহিমকা মানে ৰহিমত আলি নামৰ ব্যৱসায়ী এজনৰ বহুবছৰ ধৰি পৰি থকা কাম এটা কৰি দিছিল৷ ৰহিমকাই টকা দিব বিচাৰিছিল৷ কলিতাই মানা কৰিলে৷ উৎকোচ ল’বলৈ তেওঁৰ বিবেকে নকয়৷ ৰহিমকাই কলিতাক কথা দিছিল-জীৱনত কেতিয়াবা কিবা সহায় লাগিলে ক’লেই সাধ্যানুসৰি সহায় কৰিব৷ তেতিয়াৰ পৰাই ৰহিমত আলি কলিতাৰ বাবে ৰহিমকা হ’ল৷

ৰহিমত আলিৰ কেবাটাও ইটাভাটা আৰু ক্ৰেচাৰ মিল আছে৷ কলিতাই মনতে ভাৱিলে, যদি কথাটো ৰহিমকাৰ কাণ চোৱোৱা হয়, এক ট্ৰাকমান ইটাৰ টুকুৰা দিবই৷! লৈ আহি পেলাই দিলে কেনে হ’ব? কথাটো বেয়া নহ’ব৷ কিন্তু,ৱএইয়াটো একধৰণৰ উৎকোচেই হ’ব৷ হওক উৎকোচ৷ ৰাইজখনৰ বাবেহে!

পিছদিনা পুৱাই উঠি কলিতা ওলাই গ’ল ৰহিমতৰ ক্ৰেচাৰ মিললৈ৷ বহুদিনৰ মূৰত কলিতাক দেখি ৰহিমকাই বোলে -“কলিতাবাবু, ইমান দিনৰ মূৰত? খবৰ কেনে?”

খবৰপাতি জনাই ৰহিমতক অহাৰ কাৰণটো কোৱাত ৰহিমতে বোলে,-“কলিতাবাবু,আপুনি চিন্তা নকৰিব৷ মই চেণ্ড দাষ্ট আৰু ইটাৰ টুকুৰা পঠাই দিম৷(মুনিম যেন লগা মানুহজনলৈ চাই)ঐ মতিন, কলিতাবাবুৰ তাত এক ট্ৰাক চেণ্ড দাষ্ট আৰু ৰমজানক কৈ এক ট্ৰাক ইটাৰ স্কেপ পঠাই দিবি৷ আৰু চাৰিটামান লেবাৰো পঠাই দিবি৷”

ইফালে, কলিতাহঁতৰ গাঁৱত আজি উৎসৱমুখৰ পৰিৱেশ৷ দুটাকৈ নিউজ চেনেলৰ কেমেৰামেন, সাংবাদিক সাজু৷ মহিলা সমিতিৰ সম্পাদিকা নেওগনীয়ে গিৰিয়েকৰ পুৰণা চাৰ্ট এটা পিন্ধি মূৰত গামোচা মাৰি একেবাৰে ৰোৱনী সাজত৷ আন দুই চাৰিজনীৰো সাজপোছাক ৰোৱনীৰ দৰে৷ বাকী সকল মহিলাই টিভিত ওলাবলৈ সাজি কাচি আহিছে৷ ডেকা সকলে এজনে যদি কোৰ আনজনে সূৰ্য্য মিস্ত্ৰীৰ ঘৰৰ বুটি নাঙল লৈ প’জ দিছে৷ ফটো, চেলফিৰ ধুম উঠিছে৷ বয়সীয়াল দুই এজন আহিছে, ল’ৰাহঁতে কিনো কৰিছে চাবলৈ৷ সৰু সৰু ল’ৰা-ছোৱালীবোৰে বোকা খচি আছে৷ ডাঙৰৰ ধমকিয়েও কাম নাই দিয়া৷ এনেতে,কলিতাই ট্ৰাকদুখন লৈ সেইখিনি পালেহি৷ ৰমণী কলিতাই ট্ৰাকৰ পৰা নামিয়েই ৰাইজক উদ্দেশ্যে ক’লে, -“ৰাইজ, এইদৰে প্ৰতিবাদ কৰি থাকিব নে? নে হাতে কামে ধৰিব?”

কলিতাৰ লগত অহা লেবাৰ কেইটা নামি গৈ কোৰেৰে বোকাবোৰ চুচি ইটাৰ স্কেপ আৰু চেণ্ড দাষ্টখিনি নমাওঁতেই আগ্ৰহী ল’ৰাকেইটাৰ লগতে দুই এজন কোৰ বেল্‌চা লৈ কামত লাগি গ’ল৷ এইবোৰ আমাৰ কাম নহয় বুলি বেছিখিনি ঘৰাঘৰি গ’লগৈ৷ ব্যক্তিগত নিউজ চেনেলৰ সাংবাদিক কেইটা যাবলৈ ওলোৱাত কলিতাই মাত লগালে, -“হেৰা ডেকাল’ৰা, এইবোৰহে প্ৰতিবাদ৷ সদায় কিমান টি আৰ পিৰ পিছত দৌৰিবা? এনে ধৰণৰ কথাবোৰো প্ৰচাৰ কৰিবাচোন৷ হেৰা, টি আৰ পি নাপালেও মনত শান্তি পাবা৷”

‘হয় দাদা’ বুলি কৈ দুই এটা চুটি শ্বট লৈ সাংবাদিককেইজনে গাড়ী ষ্টাৰ্ট দিলে৷

☆★☆★☆

14 Comments

  • ৰিণ্টু

    ভাল লাগিল পঢ়ি মানসদা

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • Raju Kumar Nath

    সুন্দৰ উপস্থাপন দাদা।

    Reply
  • Mridusmita Sarma

    ভাল লাগিল।

    Reply
  • Mitali saharia

    ভাল লাগিল পঢ়ি।

    Reply
  • ৰাস্না বৰা

    বৰ ভাল লাগিল প্ৰতিবাদৰ ধৰণ টো।সুন্দৰ।

    Reply
  • সকলোৱে নিজৰ চোতালৰ পানীবোৰ ৰাস্তাৰ ফালে বোৱাই দিয়ে, বাৰীৰ ফালে নিবলৈ কোনেও ইচ্ছা নকৰে। কলিতা বাবুৰ প্ৰতিবাদৰ ধৰণ ভাল লাগিল। সুন্দৰ উপস্থাপন দাদা।

    Reply
  • Anonymous

    পঢ়িলোঁ।ভাল লাগিল দেই।

    Reply
  • Manisha

    ভাল লাগিল দাদা

    Reply
  • সমপযোগী লিখনি ..ভাল লাগিল দাদা

    Reply
  • কমল নেওগ

    গল্পৰ আকাৰত বাস্তৱ ঘটনাৰ সুন্দৰ বৰ্ণনা।

    Reply

Leave a Reply

Your email address will not be published.