ফটাঢোল

প্ৰিয়া মোৰ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

বীৰেণ এইবাৰ বন্ধত গাঁৱৰ ঘৰলৈ গৈছিল। পথাৰত ৰোৱনীৰ হাঁহিৰ খিলখিলনি শুনি বীৰেণৰ কলিজাতো সুহুৰীৰ লহৰ উঠিল। মনৰ দাপোনত প্ৰেয়সীৰ ছবি আঁকি, বীৰেণৰ কাপেৰে নিগৰিল এটি ফটা প্ৰেমৰ কবিতা

 

পাবানে এধানিমান তুমি সুখৰ আলয়
থ’বাচোন মোলৈও তাতে এখুদমান পোহৰ
তোমাকেই সঁপিলোঁ মোৰ অভিমানী মন,
সযতনে ৰাখিবা তুমি, নাই অকণো ভয়।

তুমিয়েই মোৰ গীত
তুমিয়েই মোৰ চিত
তুমিয়েই মোৰ উশাহ
তুমিয়েই মোৰ আকাশ—-

তুমিয়েই মোৰ ভাষ্য
তুমিয়েই মোৰ ভাগ্য
তুমিয়েই মোৰ বাঁহী
তুমিয়েই মোৰ হাঁহি—-

তুমিয়েই মোৰ সুৰৰ লহৰ
তুমিয়েই মোৰ দিনৰ পোহৰ
তুমিয়েই মোৰ ফাগুণৰ বা
তুমিয়েই মোৰ বিৰিখৰ ছাঁ।

তুমি মোৰ জীৱনৰ আন্ধাৰৰ চাকি
তুমি মোৰ জীৱনৰ কণাৰ লাখুটি।
তুমি মোৰ জীৱনৰ ৰামধেনুৰ সাত ৰং
তুমি মোৰ জীৱনৰ সৰিয়হ ডুলিৰ ধন।

তোমাতেই দেখো মই জোনাকী নিশাৰ সেই মায়াবী আভা
তৃষ্ণাতুৰ কোলাহলৰ গোলাপী নিচা।

শীতৰ বোকোচাত উঠি তোমাতেই পাওঁ মই
নিয়ঁৰৰ কণাত ৰোৱা শেৱালীৰ সুবাস,
মনৰ পদুলিত যেন তোমাৰেই নিঃশ্বাস।

তুমিতো নাজানা প্ৰিয়া—
তোমালৈ আছে মোৰ কিমান ভালপোৱা,
তোমাতেই আদি আৰু তোমাতেই শেষ
চাৰিও দিশে দেখো মই তোমাৰেই বেশ।

বাৰিষাৰ বানত, পথাৰৰ হালত,
পক্ষীৰ মাতত, জুৰিটিৰ সুৰত,
ল’ৰালিৰ খেলত, শিপিনীৰ তাঁতত,
মাতৃৰ চেনেহত, পিতাইৰ ঘৰ্মাক্ত দেহত,
সকলোতে পাওঁ মই তোমাৰেই পৰশ,
তুমিয়েই সঞ্জীৱনী মোৰ ক্ষুধাতুৰ প্ৰাণৰ।

তুমিতো নাজানা প্ৰিয়া
তোমালৈ আছে মোৰ কিমান ভালপোৱা

ফৰকাল আকাশৰ হাতীপতিৰ মেলা
শুকুলা মেঘৰ সৈতে লুকা ভাকু খেলা,
উদিত সুৰুজৰ তুমি সোণোৱালী আভা
নিশাৰ আন্ধাৰৰ তুমি মায়াবী সত্বা,
মোৰ মন-মন্দিৰৰ তুমি পূজিতা দেৱী
খিৰিকিৰ কাষৰ তুমি মানিকী মাধুৰী;
বৰষুণে সজাই তোলা দুৱৰিৰ দলিচাত
প্ৰস্ফুতিত কলিটি তুমি মোৰ মনৰ বাগিছাৰ।

তুমিটো নাজানা প্ৰিয়া
তোমালৈ আছে মোৰ কিমান ভালপোৱা৷৷

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.