ফটাঢোল

প্ৰেমতকৈ বন্ধুত্ব শ্ৰেষ্ঠ – ৰাজীৱ শৰ্মা

“A bucketful of thanks to you for give me the opportunity to write in your autograph”

কি মন প্ৰাণ উতলা কৰা বাক্য এটা ছোৱালীজনীয়ে লিখিছিল মই আগবঢ়াই দিয়া অটোগ্ৰাফখনত।
ডিগ্ৰী পঢ়ি থকা সময়ৰ কথা। আমাৰ লগৰ এটাৰ ভনীয়েক আছিল তাই। আমাতকৈ দুই বছৰৰ সৰু।ৰূপৱতী, গুণৱতী, শান্ত-সমাহিত সকলো গুণৰ সমষ্টিৰে তাই আছিল পৰিপূৰ্ণ এজনী ছোৱালী।

অৱধাৰিতভাৱেই প্ৰথম দৰ্শনতে প্ৰেমে পোখা মেলিলে।কিন্তু যোগ্য ভোগ্য বসুন্ধৰা বুলি কথা এষাৰ আছেই নহয়। কাজেই অলপদিনতে সেই পথৰ পৰা কক্ষচ্যুত হ’ব লগা হ’ল। কিন্তু আনক দেখুৱাইহে। মনেৰে আগতকৈও খৰ গতিৰে তাইৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলোঁ।

লাহে-লাহে ককায়েকক বিভিন্ন অজুহাতত লগ ধৰিবলৈ তাৰ ঘৰলৈ যোৱাটো মোৰ বেছি হৈ আহিল।এনেদৰেই দুবছৰ পাৰ হ’ল। না তাইক এষাৰ কথা ক’লোঁ না ককায়েকক। মাত্ৰ চকুৰেহে মাতবোল চলাই গৈছিলোঁঁ সেই দুবছৰ। আজিও ভাবোঁ তেতিয়াই যদি ককায়েকক এই বিষয়ে এটা কথা ক’লোঁহেঁতেন নিশ্চয় সি মান্তি হ’লহেঁতেন।

মাজতে এদিন ককায়েকৰ বেলেগ এটা ল’ৰাৰ লগত লাগিল মাৰপিট। কাৰণটো ভনীয়েক। সি ভনীয়েকৰ প্ৰেম পাবলৈ দাবি-ধমকিৰ আশ্ৰয় লৈছিল বোলে। শুনি মোৰ কলখোৱা ধাতু বাজ হ’ল। তাৰ ভনীয়েকক ভাল পাবলৈ গৈ মই অন্ততঃ তাৰ হাতেৰে মাৰ খাব নোৱাৰোঁ বুলি নিজকে প্ৰবোধ দিলোঁ। কিন্তু পাহৰো বুলিলেই কিছুমান কথা পাহৰিব পাৰি জানো। সেয়ে শেষ চেষ্টা হিচাবে আগবঢ়াই দিছিলোঁ অট’গ্ৰাফখন। লিখেনে নিলিখে প্ৰমাণ চাবলৈ। মোক আচৰিত কৰি লিখিলেও ওপৰৰ বাক্যশাৰী। সম্পূৰ্ণ দুদিন-দুৰাতি সেইখনৰ লগতে তাইকো বুকুৰ মাজতে লৈ ফুৰিলোঁ। শেষত পুনঃ মুচিকো ভব। কথাটো উনুকিয়াবলৈও মোৰ সাহস নহ’ল।

এইবাৰ ডাঙৰ হ’লোঁ। মানে বিশ্ববিদ্যালয় পালোঁগৈ।দুবছৰৰ পাছতে তায়ো। পুৰণা বেমাৰে আকৌ লগ ল’লে। এইবাৰ ঘৰৰ পৰা দূৰত আছোঁ বাবেই সাহসো বাঢ়িল। মাৰ খালেও ঘৰত গম নাপায়। দুদিনমান ককায়েকৰ লগতে তাইৰ মেচলৈ গ’লোঁ। তায়ো বৰ সুন্দৰকৈ মাতষাৰ লগাই।

তেনেতে গ’লোঁ উৰিষ্যালৈ শিক্ষামূলক ভ্ৰমণত। মনতে ভাব এইবাৰ কিবা এটা কৰিমেই। তাৰপৰা ঘূৰি আহোঁতে লগত আনিছিলোঁ হাতৰ কাম কৰা এটা সুন্দৰ হাতবেগ। এতিয়া তাইক দিওঁ কেনেকৈ।তেতিয়ালৈ তাই মেচ এৰি হোষ্টেলৰ আবাসী। ধুনীয়াকৈ পেকেট কৰি ওপৰত তাইৰ নাম লিখি হোষ্টেলৰ চকীদাৰজনৰ হাতত দি থৈ আহিম বুলি গ’লোঁ এদিন আবেলি। কিন্তু হোষ্টেলৰ সন্মুখত দেখোন মোৰ সাহস লগাতকৈ বেছিয়েই হ’ল। অৱশেষত চকীদাৰজনৰ হতুৱাই তাইক মাতিলোঁ আৰু বেগটো নিজেই দিলোঁ।তাৰ পাছত এমাহমান ভয়ে ভয়ে থাকিলোঁ। কিজানি তাই ককায়েকক কৈ দিয়ে আৰু সি যদি মোক সোধে।কিন্তু এনে একোৱেই নঘটিল। বৰঞ্চ দুটামান অনুস্থানত তাই বেগটো হাতত লৈ মোৰ আগেদিয়েই ঘূৰিহে ফুৰিলে। তাকে দেখি বুকুখন ফুলি এহাতমান হ’বলৈ ধৰিলে মোৰ।

অসমীয়াত আছেই নহয়-লোভেই পাপ, পাপেই মৃত্যু।এইবাৰ আন এটা কাম কৰিলোঁ। বহী এখনত এশমান কৌতুক লিখি হোষ্টেলৰ ঠিকনাত তাইৰ নামত পোষ্ট কৰি দিলোঁ। কাৰণ তাই কৌতুক শুনি বৰ ভাল পায়।
দুদিনমান পাৰ হ’ল। এদিন ককায়েকে মোক ক’লে-

: তোৰ পইচা বেছি হৈছে নেকি?

মোৰ তালুৰে জীৱ গ’ল। নজনাৰ ভাবত তাক সুধিলোঁঁ,

: ঘটনাটো কি?

সি ভেকাহি মাৰি ক’লে,

: হোষ্টেললৈ নিজে যাব নোৱাৰ, চিঠি ডাকত দিয় যে!

বচ, আৰু শেষ। লাজ নে ভয় নে আনকিবা নাজানো মোৰ প্ৰথম প্ৰেমৰ তাতেই ইতি পেলালোঁ। প্ৰেমতকৈ যে আমাৰ দুটাৰ বন্ধুত্ব সৰু হ’ব নোৱাৰে।

☆★☆★☆

6 Comments

  • খুব ভাল লাগিল ( লগতে আফচোচ) !💚

    Reply
  • দিম্পল

    সফল হলেই হেতেন দাদা।

    Reply
  • মন্দিৰা

    বন্ধুত্ব সম্বন্ধ হ’লেই হেতেন। মিছাতে ভয় খালে আপুনি।

    Reply
  • ৰিণ্টু

    ৰাজীবদাৰ লিখা সদায়েই প্ৰিয়

    Reply
  • কাবেৰী মহন্ত

    আগতেই চল চাই কঠীয়া পাৰিব লাগিছিল..ভাল লাগিল

    Reply
  • ৰাজীৱ

    মতামতেৰে উৎসাহিত কৰা আটাইলৈ আন্তৰিক ধন্যবাদ জনালো ।

    Reply

Leave a Reply

Your email address will not be published.