ফটাঢোল

ফটাকবিতা – পূৰ্ণময়ী মেধি

শুনা শুনা সভাসদ আমাৰ বচন,
ফটাৰাজ্যৰ ফটাকথা, শুনা বিৱৰণ।।

শ্বেইখ দত্ত বুলি এজনা চম্পাদক ভৈলা
লিখনি লাগে লাগে বুলি সকলোকে নগুৰ নাগতি কৰিলা।

মহন্ত বাপৰো আছে অনেক তন্ত্ৰ মন্ত্ৰ,
বাজন খায়ো দেখাই থাকে
সদায় বত্ৰিছ দন্ত।

এক আছে দেবী নীলাক্ষী সাক্ষাৎ অন্নপূৰ্না,
খাবলৈহে পায় বৰলাই আশীৰ্বাদ দিয়া।

নামটোহে চুনটো চূণ অকণ নাই,
লগ পালে বৰডেকাক চাধা খুজি খায়।

মাধুৰ্য্য নামে আছে আৰু এক মনিষ,
শুনিছোঁ ৩৭৭ নংৰ দ্ৰুত পথিক।

হিতেশ বোপায়ে কৰে খেতি দাঢ়ি আৰু মোছৰ,
দীপাংকৰ বোপাইৰ ধাণ্ডা চৰকাৰৰ সোনৰ।

পৰীয়ে দিলে মনে মনে টেক্স,
বাৰ্বীৰ নং আহিব ৰাইজ,
নেক্সট ,নেক্সট, নেক্সট।

পেটুৱা মহাজন হ’ল কবিতাৰ যম
শৰ্মা বাবুৰো আজিকালি
কবিতাতে মন।

হেকাদাও মাজে মাজে অন্তৰ্ধান হয়,
গড়মাৰ্কাৰ লোভত ভাগৱতীৰ সংগ লয়।

চেকীয়াৰ কথা নকলে মোক পাপে চুব,
মনে মনে প্লেনিং আছে গোৱালৈ যাব।

বাৰিষাৰ ৰোমাঞ্চত তেখেত হ’ব পাৰে মগ্ন,
যি দেখিছোঁ চলি আছে
তেওঁৰ প্ৰফাইল বিচাৰৰ লগ্ন।

এহিমতে সামৰিলোঁ আজিৰ অধ্যায়,
ক্ষেমিবা গুৰুসকল,
কৰা বাবে অপৰাধ আপোনাসবক বজায়।

☆★☆★☆

11 Comments

Leave a Reply

Your email address will not be published.