ফটাঢোল

ফটাঢোলৰ জ্বালা – সদানন্দ ভূঞা

ৰাইজসকল,  আজি মোৰ জীৱনৰ লটিঘটিৰ বিষয়ে ক’ব খোজা নাই । আজি মই ক’ব বিচৰা লটিঘটি সমূহ হ’ল ফটাঢোল প্ৰীতি সন্মিলনীৰ লটিঘটি। আই ঐ, কি যে লটিঘটি হ’ল ঐ। কওঁনো কি স’তে বাৰু ? নাপায় দেই নাপায়, কাৰো জীৱনত এনেকুৱা লটিঘটি হ’ব নাপায়। নক’লেনো আপোনালোকে কেনেকৈ জানিব? সেয়ে জনায়ে দিওঁ আৰু ন? তেন্তে মোৰ দুখৰ লটিঘটিখিনি শুনক আৰু৷

বিগত ৩০ চেপ্তেম্বৰ’ ২০১৮ তাৰিখে গুৱাহাটীৰ শিল্পগ্ৰামত ফটাঢোল প্ৰীতি সন্মিলনখনি অনুষ্ঠিত হৈ গ’ল। ময়ো যাম বুলি সিদ্ধান্ত লৈ যোৱা বিছ চেপ্তেম্বৰত লিডুলৈ গৈ লিডু-কামাখ্যা ইণ্টাৰচিটি ৰেলখনৰ ২৯ চেপ্তেম্বৰ’ ২০১৮ তাৰিখৰ বাবে এ চি বি-১ ডবাৰ অগ্ৰিম টিকট ৰিজাৰ্ভেচন কৰি ল’লোঁ । মোৰ লগত অতুল নাথ আৰু জিতু শৰ্মাই একেলগে যাম বুলি কোৱাত ময়ো সংগী হ’ব বুলি নথৈ আনন্দিত হ’লোঁ। সেয়েহে ময়েই তেওঁলোকৰ বাবেও নাহৰকটীয়া-গুৱাহাটীৰ দুটা টিকট একেটা ডবাতেই ৰিজাৰ্ভেচন কৰি ল’লোঁ। অৱশ্যে মোৰ চিট নম্বৰ ৩২ ৰ বিপৰীতে অতুল নাথ আৰু জিতু শৰ্মাৰ চিট নম্বৰ ২ আৰু ৩ হে হ’ল।

২৯ চেপ্তেম্বৰ’২০১৮ তাৰিখে লিডু-কামাখ্যা ইণ্টাৰচিটি ৰেলখনত বিয়লি ২-৪৫ বজাত উঠি নিজৰ আসন গ্ৰহণ কৰাৰ পিছত ৩-০০ বজাত ৰেলখনে গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে। সন্ধিয়া ৫-১৫ বজাত নাহৰকটীয়া ৰেলষ্টেচনত অতুল নাথ আৰু জিতু শৰ্মা মই বহি থকা ডবাটোত উঠে। আগতে চিনা-পৰিচয় নাই, নতুন চিনাকি। চিনাকি হৈ বহুত ভাল লাগিল। মোৰ চিট নম্বৰটো বেলেগ আছিল যদিও কাৰোবাৰ লগত মিলাই ল’ম বুলি তিনিওজনে হাঁহি-ধেমালি কৰি যাত্ৰা আৰম্ভ কৰি আহিছোঁ। মাজে মাজে এটা গোন্ধই বৰকৈ আমনি কৰি আছিল যদিও বৰ এটা গুৰুত্ব দিয়া নাই। ভাবিছিলোঁ কোনোবাই পাৰফিউম ঘঁহি আহিছে। ইফালে মোৰ কেঞা আঙুলীৰ যন্ত্ৰণা। লিডুৰ পৰা নামৰূপলৈ তিনিবাৰ যোৱা হ’ল। নামৰূপত বিশেষ এজন ব্যক্তিয়ে কোনখন ৰেলত আহিছোঁ, কোনটো ডবাত আহিছোঁ সবিশেষ জানিবলৈ ফোন কৰিলে। ব্যক্তিজন ৰিটন বৰুৱা। মৰিয়নিত আমাৰ ওচৰলৈ আহি কাষৰ চিটত বহি মোক ফোন কৰিলে। মই ফোনটো ৰিচিভ কৰিবলৈ লওঁতে হাঁহি দিলে। দেখিলোঁ ৰিটন বৰুৱা মহাশয়ৰ লগত আৰু এজন মহাশয় আহিছে। পৰিচয় হৈ জানিব পাৰিলোঁ তেওঁ পুন্য চুতীয়া। ফৰকাটিংত যোৰহাট-গুৱাহাটী ইণ্টাৰচিটিৰ ডবাবোৰ আমি অহা ৰেলখনত সংযোগ হয়। সেয়েহে আমি অহা ৰেলখন ফৰকাটিংত ৪৫ মিনিট সময় ৰ’ব৷ ভোক লাগি থকাৰ বাবে মই ফৰকাটিং ষ্টেচনৰ কেণ্টিনতে ভাত খালোঁ। মৰিয়নি ষ্টেচনত কেইগৰাকীমান অতিব সুন্দৰীয়ে ৰেলখনত উঠি ডবাবোৰ ভ্ৰমন কৰি আছে আৰু কুকিল কণ্ঠৰে যাত্ৰীসকলক সম্ভাষণ জনাই আছিল৷ মই ফৰকাটিং ষ্টেচনৰ কেণ্টিনৰ পৰা আহি দেখোঁ কথা বিষম। অতুল নাথ, জিতু শৰ্মা আৰু ৰিটন বৰুৱাই এজন ব্যক্তিক ষ্টেচনটোৰ নতুনকৈ বনাই থকা ৱাল এখনৰ ওচৰত টনা-আঁজোৰা কৰি আছে। ঠাই টুকুৰাত পোহৰ কম। কাষলৈ গৈ দেখোঁ তেওঁলোকে পুন্য চুতীয়াক টনা-আঁজোৰা কৰি আছে। কাষলৈ গৈ অতুল নাথক ঘটনাটো কি সুধিলোঁ। অতুল নাথে কোৱামতে পুন্য চুতীয়াই বোলে সেই অতিব সুন্দৰীৰ এজনীক সেই ঠাইলৈ মাতি আনি আঙুলীৰ ফাকত কিছুমান কানফুলি চেপা মাৰি ধৰি দেখুৱাই আছিল। ৰিটন বৰুৱাই দেখা পাই অতুল নাথ আৰু জিতু শৰ্মাক মাতি নি দেখুওৱাত সুন্দৰী গৰাকী সেই ঠাইৰ পৰা আঁতৰি এন্ধাৰত বিলীন হৈ গৈছিল। পুন্য চুতীয়াই কিয় তেনেকুৱা কৰিছিল সেয়া কাৰো অৱগত নাছিল যদিও পুন্য চুতীয়াই সেই ঠাইৰ পৰা নাহোঁ বুলি আকোৰগোজ হৈ আছিল। ৰিটন বৰুৱা আৰু পুন্য চুতীয়াৰ ৰিজাৰ্ভেচন ডবাটো যোৰহাটৰ পৰা অহা ডবা এটাৰ আছিল। গতিকে আমি চাৰিওজনে পুন্য চুতীয়াক টানি টানি নি তেওঁলোকৰ ডবাটোত উঠাই অতুল নাথ, জিতু শৰ্মা আৰু মই দৌৰি দৌৰি আহি যেনেতেনে আমাৰ ডবাটোত উঠিলোঁ। ফোপনিত মোৰ উশাহ বন্ধ হোৱাৰ অৱস্থা হ’ল। কিয় নহ’ব কওঁকচোন, আমি হিমা দাসতকৈও বেগাই দৌৰি নোযোৱা হ’লে আমাৰফালে আধ্যাই হ’লহেঁতে৷

ইয়াৰ পিছতহে আচল লটিঘটি আৰম্ভ হ’বলৈ ধৰিলে। জিতু শৰ্মাৰ টোপনি ধৰাৰ বাবে নিজৰ বাৰ্থত উঠি শুবলৈ গ’ল। কিছুসময় নাক বজাই টোপনি যোৱাৰ পিছত তেওঁ দেখোন নামি আহি ডবাটোৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ অহা-যোৱা কৰি আছে। অতুল নাথক সুধি গম পালোঁ তেওঁ বোলে টোপনিতে খোজ কাঢ়ে। হায় বিধি, এইটো আকৌ কেনেকুৱা অভ্যাস। গাত জোকাৰি দিলে আকৌ নিজৰ বাৰ্থত উঠে। ইফালে অতুল নাথে আকৌ আধা ঘণ্টা/এক ঘণ্টাৰ মুৰে মুৰে ঘনে ঘনে যায়। পোন্ধৰ/বিছ মিনিটৰ বিৰতিত ওলাই আহে। মোৰ দৰে কেঞা আঙুলি হ’লেতো ইমান সময় নালাগে। মই অতুল নাথক কথাটো কি সুধিলোঁ। অতুল নাথে ক’লে বোলে… বাপ, কি ক’ব? মোক দুদিন নেদেখাকৈ থাকিম বুলি মৰমতে হা্হ, কুকুৰা, গাহৰি, চিতল মাছ বনাই দিলে। ময়ো মানুহজনীৰ মৰমক নেওচা দিব নোৱাৰি দকচি বজাই দিলোঁ। এতিয়া সোপাটো ঢিলা হ’ল। মই বোলো… আপুনি মেডিকেলৰ মানুহ হৈ সোপা বন্ধ কৰাৰ দৰব লৈ নাহিলে কিয়? অতুল নাথে বোলে… বাপ, এনেকুৱা হ’ব বুলি কোনে জানে? এই জিতুৱে মই খাই থকা বহি বহি চাই আছিল। কটা নিধকৰ মুখ লাগিল যেন পাইছোঁ। আচলতে তেতিয়াহে ঘনে ঘনে পাই থকা অসহ্যকৰ গোন্ধটোৰ উৎসটো বুজি পালোঁ। বাপৰ সোপাটোৰে গেছ, জলপ্ৰপাত সকলো নিগৰাত কৃপনালি কৰা নাছিল। হে প্ৰভূ, তুমি আজি মোৰ কপালত এনেকুৱা সংগীহে মিলালা নে? এজনে টোপনিতে খোজ কাঢ়ে, এজন আকৌ সোপা ঢিলা। ইফালে মোৰো কেঞা আঙুলিৰ যন্ত্ৰণা। অলপ আৰাম কৰি এ চি ডবা ৰিজাৰ্ভেচন কৰি আহিম বুলি ভৱাৰ সুখ তুমি এনেকৈয়ে দিলা। হায় প্ৰভূ, এয়াই মোৰ কপাল বুলি টোপনি ক্ষতি কৰি আহি আহি ৰাতিপুৱা ৫ বজাত গুৱাহাটী পালোহি। অৱশ্যে এটা কথা কোৱা নহ’ল… মানে মোৰ স্কুটীখন ৰেলখনৰ লাগেজ ডবাটোত উঠাই লৈ গৈছিলোঁ। কাৰণ বহুতে মোৰ স্কুটীখন চলাবলৈ বিচাৰিছিল।

পল্টন বজাৰত আমি আটাইকেইজন একেলগে গোট খালোঁ। তাতে আমি ফুটপাথৰ এখন দোকানত চাহ খালোঁ। হঠাতে জিতু শৰ্মা অন্তৰ্ধান হ’ল। পিছত গম পালোঁ, তেৰাই কাষৰে চেলুন এখনত চুলি-ডাড়ি কাটি চুলিত কলপ সানি ডেকাটো হৈ ল’লে। পাচজনে অট এখন ৰিজাৰ্ভ কৰি শিল্পগ্ৰামলৈ যাত্ৰা আৰম্ভ কৰিলে আৰু মই অটখনৰ পিছে পিছে স্কুটীখন চলাই শিল্পগ্ৰামৰ ফটাঢোল প্ৰীতি সন্মিলনীৰ বাটচৰা পালোঁগৈ। এনেতে এগৰাকী মহিলাই আহি মোক ক’লে… আপুনি গৰু ডাক্তৰ সদানন্দ ভূঞা নহয় জানো? মই বোলো… হয়। তেখেতে ক’লে… মই আপোনাৰ বান্ধৈ সোমেশ্বৰ বৰাৰ মিচেছ। তেখেতক ঘৰৰ পৰা আনিবলৈ আপোনাৰ স্কুটীখন দিয়কচোন। মই হোলাৰ ভাই মোলা, দি দিলোঁ স্কুটীখন। তাৰপিছত আমাক ৰামানুজ গোস্বামীয়ে ১০৬ নম্বৰ এ চি কোঠালৈ আগবঢ়াই লৈ গ’ল। সেয়া দুৰণিবটীয়া যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰি থোৱা আছে। তাতেই শিৱ ডেকাৰ লগতে বহু কেইজনৰ লগত পৰিচয় হ’ল। আধা ঘণ্টামান জিৰণি লোৱাৰ পিছত সোনটো ৰঞ্জন বৰুৱাই আহি হুংকাৰ দিলে বোলে আপোনালোকে এক ঘণ্টাৰ ভিতৰত চাফ-চিকুন হৈ হলঘৰৰ ওচৰলৈ আহক। হলঘৰৰ ওচৰত চাহৰ ব্যৱস্থা কৰা হৈছে। দেৰি কৰিলে পিছত আমাক দোষ নিদিব। ঘোষণাৰ লগে লগে এটা বাথৰুমত লাগি গ’ল ঠেলা-হেঁচা। ইফালে মোৰ টনাটনি অৱস্থা। কোনেও মোক সুৰুঙাই দিয়া নাই। এজনে দহ/পোন্ধৰ মিনিটৰ কম সময় নলয়। মোৰ তলৰ ফালৰ হেঁচাত পেটটো ওফন্দি আহিছে। ভৰি দুখন পাক মাৰি যেনেতেনে সহি আছোঁ। ৰিটন বৰুৱা যাব ওলাল, মই তেওঁৰ হাত দুখনত থাপ মাৰি ধৰিলোঁ। ৰিটন বৰুৱাই বোলে… ভূঞা দা, আগতে মই যাওঁ। মোৰ পিছতে আপুনি যাব৷ মই বোলো… আপোনাৰ পিছত মই যাবলৈ হ’লে মোৰ অৱস্থা দেখিবলৈ বহুত বেয়া হ’ব হে। এইবুলি তেওঁক ঠেলা মাৰি ভিতৰলৈ সোমাই গৈ দুৱাৰৰ হুকটো লগাই বহি দিলোঁ। আহ! কি আনন্দ, কি সুখ! ইয়াকে যে হগাৰ সমান সুখ নাই বুলি কয় তেতিয়াহে বুজি পালোঁ। ৰিটন বৰুৱালৈ বেয়া লাগিল, সেয়ে খৰধৰকৈ কামফেৰা কৰি গাটো তিয়াই তেওঁলৈ সুবিধাটো কৰি দুৱাৰৰ হুকটো খুলি ওলাই আহিলোঁ। সকলো চাফ-চিকুন হৈ সাজু হোৱাৰ পিছত হলঘৰলৈ বুলি ওলাই আহিলোঁ। হলঘৰত সকলোতকৈ মই আগত। মোক দেখি এজনে মোক আগভেটি সুধিলে… আপোনাৰ পৰিচয়? মই বোলো… মই গৰু ডাক্তৰ। তেওঁ বোলে… আপুনি গৰু ডাক্তৰ ইয়ালৈ কিয় আহিছে? ইয়াত গৰু ডাক্তৰৰ কাম নাই নহয়। মই বোলো… মই ফটাঢোলৰ গৰু ডাক্তৰ সদানন্দ ভূঞা। তেওঁ বোলে… অ’ আপুনিয়েই গৰু ডাক্তৰ ভূঞা দা । চৰি দাদা, বেয়া নাপাব দেই। নিৰাপত্তাৰ খাটিৰতে এনেকুৱা কৰিবলগীয়া হৈছে। মই ৰিণ্টুমনি দত্ত। দাদা, আপুনি তাতে বহক। চাহ খাব। তেতিয়াহে দেখিলোঁ হলঘৰটোৰ কাষতে চাহৰ ব্যৱস্থা কৰিছে। মই অন্যান্য সকলৰ লগত বহি চাহ খাই থকা সময়তে বহু কেইজনে মোৰ লগত পৰিচয় হ’ল। বহুত ভাল লাগিল। সেই সময়তে মোৰ পৰম বান্ধৈ সোমেশ্বৰ বৰা বান্ধৈ কৰমৰ্দন কৰি ক’লে বোলে… বান্ধৈ, আপুনি স্কুটীখন আনিছে? মই বোলো আনিছোঁ। বান্ধৈয়ে বোলে চাবিপাট দিয়কচোন। মোৰ শ্ৰীমতীক ঘৰৰ পৰা লৈ আহোঁগৈ। মই বোলো কি? আপোনাৰ শ্ৰীমতীক ঘৰৰ পৰা লৈ আনেগৈ? আপোনাক আনোগৈ বুলি দেখোন আপোনাৰ শ্ৰীমতীয়ে মোৰ পৰা স্কুটীখন লৈ গ’ল। বান্ধৈয়ে বোলে কি ক’লে বান্ধৈ? মোৰ শ্ৰীমতীয়ে আপোনাৰ স্কুটীখন লৈ গ’ল। মোৰ শ্ৰীমতী দেখোন অহাই নাই। মই বোলো মই কি জানো? আপোনাৰ শ্ৰীমতী বুলি ক’লে, মই দি দিলোঁ। বান্ধৈয়ে বোলে হৰি হৰি, কোনে মোৰ মূৰটোত এই কামোৰটো মাৰিলে ঐ বুলি কৈ বাটচৰালৈ লৰ মাৰিলে। ৰাইজসকল, আপোনালোকেই কওঁকচোন মোৰ গাত কি দোষ? কথাটো কি মই হ’লে একো বুজা নাই দেই। আপোনালোকে কিবা বুজিছে যদিও বুজক। মইনো সেইবোৰত মূৰ ঘমাও কেলেই। নে কি কয় ৰাইজ। ইয়াৰ পিছত আহোঁ, অনুষ্ঠানৰ চিনাকি পৰ্বলৈ। মই চিনাকি দিয়া সময়ত বিজয় মহন্তই নো মোক এনেকুৱা মৰ কামোৰটো মাৰি মোক কন্দুৱাব লাগে নে? এদিন যেনিবা দিলোঁৱেই মিছন চাইনাৰ ডাইলগ, তাকেনো ৰাইজৰ আগত উকটি দিব লাগে নে? এজনীকতো মঞ্চতে কন্দুৱাই দিলে।

বাৰু যিয়েই নহওক লটিঘটিবোৰৰ মাজতে ফটাঢোল প্ৰীতি সন্মিলনীখনে যথেষ্ট আনন্দও দিলে । যি এসাজ খুৱালে সেয়াও তুলনা বিহীন। অতুল নাথ, জিতু শৰ্মা, ৰিটন বৰুৱা আৰু পুন্য চুতীয়াই হাঁহ মাংস, খাহী মাংস, ব্ৰইলাৰ মাংস আৰু ৰসগোল্লা দৈ দগৰি দগৰি বজোৱা দেখি আকৌ বা কি লটিঘটি হয় বুলি মনত ভয় সোমোৱাত তেওঁলোকক ফালৰি কাটি আঁতৰি দিলোঁ । অনুষ্ঠান শেষ হোৱাৰ পিছতে বাহিৰলৈ ওলাই আহি মোৰ স্কুটীখন দেখা পালোঁ। স্কুটীখনতেই চাবিপাট ওলমি আছিল ।

“দৌৰি দৌৰি যাম, জুবিন গাৰ্গৰ মিছন চাইনা চাম” বুলি যদি কোনোবাই চিনেমাখন চাব পাৰে তেনেহ’লে মই কিয় গুৱাহাটীৰ পৰা স্কুটীখন চলাই জাগুন পাব নোৱাৰিম বুলি সন্ধিয়া ৭-০০ বজাত গুৱাহাটীৰ শিল্পগ্ৰামৰ পৰা স্কুটীত উঠি গুৱাহাটীক বিদায় মাগি জাগুনলৈ বুলি ৰাওনা হ’লোঁ। তিনি দিন তিনি ৰাতি অবিৰত ভাবে স্কুটী চলাই এইমাত্ৰ জাগুনৰ নিজ আৱাসগৃহত উপস্থিত হ’লোঁহি।

হে প্ৰভূ নাৰায়ন কিনো তোমাৰ লীলা, আকৌ যাম আকৌ ভুগিম ফটাঢোল প্ৰীতি সন্মিলনীৰ জ্বালা।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.