ফটাঢোল

ফটাঢোল এডভেঞ্চাৰ (পঞ্চম খণ্ড) — হেমন্ত কাকতি/বিজয় মহন্ত

আমাৰ যাত্ৰাপথৰ সকলো ভয়ৰ অন্ত পেলাই ২১ ঘণ্টীয়া যাত্ৰাৰ অন্তত সদৌশেষত আমাৰ জাহাজে আমেৰিকাৰ মাটি চুলেগৈ৷ নিউইয়ৰ্কৰ জন এফ কেনেডী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আমাৰ জাহাজে ব্ৰেক মাৰি অৱতৰণ কৰিলে৷ নিজৰ নিজৰ টালি টোপোলা উলিয়াই বিমানৰপৰা নামি আহিলো। চিণ্টু, মণিকা আৰু মই নামি বিজয়লৈ ৰ’লো। সকলোকে আচৰিত কৰি বিজয় আৰু সেই মেমনিজনী হাতত ধৰাধৰি কৈ নামিল৷ আমাক দেখি বিজয়ে লাজতে হাতখন এৰুৱাই ল’লে৷ তাৰ ফালে অলপ ঘোপাকে চাওঁতে মেমনী চোৱালীজনীয়ে আমাক সকলোকে আচৰিত কৰি ভগা ভগা অসমীয়াতে ক’বলৈ আৰম্ভ কৰিলে-
“মাই নেইম ইজ পেট্ৰিচিয়া৷ আছলতে মই বহুদিন অসমত আছিলো। মাজুলীত এটা প্ৰজেক্টৰ কামত৷ অসমক বৰ ভাল পাওঁ৷ মই ইয়াৰে কলম্বিয়া বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা লগতে কিবাকিবি ৰিচাৰ্চৰো কাম কৰি আছোঁ৷ বিজয়দাক লগ পাই নিজৰ মানুহ যেন লাগি গ’ল৷ আপোনালোকে বেয়া নেপালে মোৰ ঘৰলৈকো যাব পাৰে৷ চহৰখনো অলপ দেখুৱাই দিম৷ কিবা অসুবিধা পালে বিজয়দাক মই মোৰ লগত থকা অন্য এটা ফোন দি দিছো লোকেল চিম এখনৰ সৈতে৷”

“আৰ ইউ মেৰিড্ পেট্ৰিচিয়া?”
– চিণ্টুৱে সুধিলে৷

“ন’ আই এম ষ্টিল চাৰ্চিং ফৰ মাই প্ৰিন্স চাৰ্মিং” বুলি লাজুকী হাঁহি এটা মাৰি কৈ গুছি গ’ল৷
তাইৰ কথাবোৰ শুনি বেয়া নেলাগিল যদিও চিণ্টুৰ ফালে চালো। মই বোলো আপীৰ ফোন নম্বৰটো তুমিও লৈ লোৱা৷ আচহুৱা জেগাত কামত দিব৷ সকলো কাম পইচাৰেতো নহয়৷ চিণ্টুয়ে ফোন নম্বৰটো লৈ তাইক বিদায় দিলে৷ বিজয়েও ফ্লাইং কিচ এটা দি অলপপৰ হাত জোকাৰি থাকিল! ময়ো নমস্কাৰ এটা দি বিদায় দিলো। তাই “বাই আংকল, চি ইউ এগেইন!” বুলি কওঁতে টিঙিচকে খংটো উঠিছিল যদিও একো নকৈ মুখত কৃত্ৰিম হাঁহি এটা ধৰি ৰাখি বিদায় দিলো৷
আমি লাহে লাহে দীঘল এয়াৰ পৰ্টৰ ভিতৰলৈ খোজ দিলো৷ চিণ্টুৰ মতে যাত্ৰাৰ অন্যতম গুৰুত্বপূৰ্ণ সময়টো আছিল আমেৰিকাত প্ৰথম প্ৰবেশ কৰিবলৈ যাওঁতে হোৱা ইমিগ্ৰেচন চেক পইণ্টটো৷ বহু কেইখন এচকেলেটৰ পাৰ কৰি শেষত ইমিগ্ৰেচন পইণ্টত ৰ’লো৷ সকলো কেইজন পৃথক পৃথক ভিচা পাচপ’ৰ্ট হাতত লৈ এজন এজন কৈ পাৰ হলো। সিঁহতে কাপোৰ কানি সমস্ত খুলি চেক কৰি দুই এটা প্ৰশ্ন সুধি পাচপ’ৰ্টত চিল মোহৰ মাৰি মোক যাবলৈ দিলে৷ বিজয়ৰ বাবে অলপ চিন্তা হৈছিল যদিও এজন এজন কৈ চিণ্টু বিজয় দুয়ো পাৰ হ’ল৷ মহিলা বুলি ভাবি মণিকাক বিশেষ দিগদাৰি নিদিব বুলি তাইলৈ ৰ’লো৷ পাঁচ মিনিট গ’ল, দহ মিনিট গ’ল, আধা ঘণ্টা হ’ল মণিকা নোলায় হে নোলায়৷ অলপ টেনচন হোৱাত চিণ্টু খবৰ ল’বলৈ গ’ল আমাক ৰখাই থৈ৷ প্ৰায় এঘণ্টা মূৰত চিণ্টু অকলে চিন্তিতভাৱে ঘূৰি আহি আমাক জনালে বোলে ডাঙৰ জেং এটা হ’ল৷ মণিকাই কান্দি আছে৷ মই বোলো ঘটনা বিৱৰি কোৱা৷
“দাদা, ইহঁতেতো জানেই, সকলো খুলি চেক কৰে৷ মেটেল ডিটেক্টৰেদি চেক কৰোতে তাইৰ কঁকালত এটা তামৰ তাবিজ পালে৷ মায়ঙৰ কোনোবা মিঞাঁ ওজাই দিছিল বোলে মোহিনী তাবিজ৷ সেইটো লৈয়েই সব জেং এতিয়া!”

“হেৰৌ, সেইটোনো কি ডাঙৰ কথা? তাহাঁতক কোৱা বোলে সেইবোৰ আমাৰ ভাৰতত চলেই আৰু!”

“নহয় দাদা, মই ক’লো, কিন্তু তাবিজটোৰ ভিতৰত আৰবী ভাষাত কিবা এটা লিখা আছিল! এতিয়া সিঁহতে অল কাইদা বা ISIS ৰ লগত কিবা লিংক থকা বুলি FBI, CIA আৰু ফৰেনচিক এক্সপাৰ্ট সব মাতিছে৷ নহালৈকে তাইক নেৰে!”

“কৃষ্ণ! কি হ’ব এতিয়া?”

“একো কৰিবৰ উপায় নাই, ৰ’বই লাগিব৷”

মই চিণ্টুক ক’লো যোৱা তুমি তাইৰ লগতে থাকা, মইতো সিমান কথাও পাতিব নোৱাৰিম, গতিকে কিবাকে তাইক বচাই আনা৷
প্ৰায় এঘণ্টাৰ মূৰত চিণ্টু আহিল মণিকাক লৈ৷ চিণ্টুৱে ক’লে হৈ গ’ল ব’লক৷ মই বোলো কি কৰিলা?
“একো নাই, তাইক ভৰিত সৰু চিপচ্ এটা লগাই দিছে, কিবা সন্দেহজনক জেগালৈ গ’লে তাইৰ গতিবিধি সিহঁতে কিছুদিন ট্ৰেক কৰিব৷ একো নাপালে একো নহয়৷”
আমি স্বস্তিৰ নিঃশ্বাস লৈ নিজৰ নিজৰ বেগবোৰ লৈ এয়াৰপৰ্টৰপৰা বাহিৰলৈ ওলালো। আমাৰ থকা ঠাই আগতে ঠিক কৰি থোৱা আছিল৷ চিণ্টুৱে ক’লে “দাদা আমি এতিয়া এখন ফাইভ ষ্টাৰ হোটেললৈ যাম৷ ইয়াৰে বিখ্যাত হোটেল “ৰিটজ্ কাৰ্লটন”৷ তাতে থকা খোৱাৰ ব্যৱস্থা কৰা আছে৷ বেটেৰী পাৰ্ক নামৰ ঠাইখনত৷ ইয়াৰ পৰা এঘণ্টাৰ বাট৷ হোটেলত গৈ ফ্ৰেচ হৈ যদি ফুৰিবলৈ ওলায় যাব পাৰিব।”

“আৎচা, এই নীলঞ্জনাৰ ঘৰলৈ যোৱাৰ প্ৰগ্ৰেমটো কেতিয়া কৰিবা? তাইলৈ অনা বস্তুবোৰতো বেয়াই হ’ল চাগে, কম চে কম কিতাপ দুখনকে দি দিম৷”

“তাইক ফোন কৰিম ৰ’ব৷ আজি অলপ ঘূৰি লওঁ৷ মোৰ মানুহ আহিব পিক আপ কৰিবলৈ ইয়ালৈ৷”

ডাঙৰ লিম’চিন বোলা গাড়ী এখনৰপৰা হাতত “চিণ্টুমনি দত্ত” লিখা প্লেকাৰ্ড এখন লৈ এজনী ছোৱালীৰ আবিৰ্ভাৱ হ’ল৷ ছোৱালীজনীৰ পিন্ধনত ফটাচিটা জিনচৰ হাফ পেণ্ট এটা আৰু গেঞ্জীৰ দৰে পাতল এটা চোলা৷ হাফ পেণ্ট বুলি ক’লে ভুলেই হ’ব৷ নকওঁ আৰু৷ চিণ্টুৱে হাতত কাৰ্ড এখন লৈ তাইক দেখুৱালে আৰু প্ৰায় লগে লগেই তাই পিছফালৰ দৰ্জাখন খুলি দিলে৷ চিণ্টু সোমাই গ’ল, লগে লগে ছোৱালীজনীও৷
সেই গাড়ীখনৰ পিছফালে ঠিক একেধৰণৰ আৰু এখন লিম’চিন আহি ৰ’ল৷ ড্ৰাইভাৰে ইংগিতেৰে বহিবলৈ দিলে আমাক৷ মই, মণিকা আৰু বিজয় সেইখনতে বহি দিলো। দুয়োখন গাড়ী ধীৰে ধীৰে ৰাস্তাৰ সহস্ৰাধিক গাড়ীৰ লানি নিছিগা সোঁতৰ ভিৰত মিলি গ’ল৷
“দাদা, আমি ক’লৈ যাম? চিণ্টু কিয় সেইখন গাড়ীত গ’ল? আমি কিয় বেলেগ গাড়ীত আহিলো……?” ইত্যাদি এশ এবুৰি প্ৰশ্ন ছটিয়ালে মণিকাই মোৰ ফালে৷ বিজয়ে মোৰ ফালে চাই মাথো কুটিল হাঁহি এটা মাৰি কৈ উঠিল -“কাকতী দা কৈ দিয়ক হে চিণ্টুদাৰ কাহিনী৷”

“চোৱা, মণিকা, চিণ্টুক মই যিমান জানো, কোনো নাৰী এসপ্তাহতকৈ বেচি তাৰ লগত নিটিকে৷ তাতে সদাগৰ মানুহ৷ কাপোৰ কানি সলোৱাদি সপ্তাহে সপ্তাহে সি তাৰ মহিলা বন্ধু বদলায়৷ গতিকে তাৰ আশা বাদ দিয়া।”
– মই গহীনকৈ ক’লো৷

কথাখিনি শুনি মণিকা খিলখিলাই হাঁহি উঠিল৷
“ধেইত দাদা, আপুনিওযে বুৰ্বক নম্বৰ ওৱান দেই৷ আপুনি ভাবিছে নেকি মই তাক ভাল পাওঁ? মোৰ নজৰ তাৰ বেঙ্ক বেলেঞ্চতহে৷ সেয়ে ইমান কষ্ট কৰি মায়ঙত গৈ মোহিনী তাবিজ এটা আনিছিলো। জহনীত যোৱা পুলিচকেইটাই তাকো নেৰিলে৷ এইটো তাবিজৰ জোৰতেই এই ট্ৰিপটোও সৰকালো৷ আপোনালোকে বিশ্বাস নকৰিব পাৰে কিন্তু এতিয়া এই তাবিজটো নাই বাবেই সি মোক ভাল নোপোৱা হ’ব ধৰিছে আৰু সেই পাখৰী মেমনীজনীৰ পাল্লাত পৰি গ’ল বুজিছেনে।”
– মণিকাই অলপ ক্ষোভেৰেই কৈ গ’ল৷ মই বোলো বাদ দিয়া এইবোৰ, এতিয়া আমেৰিকাখনেই অলপ চোৱা যাওক৷

“বিজয়, ঘৰত ইমান লক্ষ্মী হেন তিৰিটো থাকোতে সেইজনীৰ লগত তুমিও কিহৰ ইমান হলিগলিখন কৰিলাহে?”
– বিজয়লৈ আঙুলি টোৱালো৷

“কি কওঁ, কাকতীদা, হস্তীৰো পিচলে পাৱ, সজ্জনৰো বুৰে নাও বুলি কয় না?”

“হ’বহে জ্ঞান নিদিবা মোক৷” বুলি ধমকি এটা দি কথা সামৰিলো। ৰাস্তাৰ দুয়ো পাৰে চকুত লগা ওখ ওখ ঘৰবোৰ দেখি মণিকাক ক’লো বোলো ড্ৰাইভাৰক কোৱাহে এইবোৰ কি জেগা অলপ বুজাই দিবলৈ৷ মণিকাৰ অনুৰোধত ড্ৰাইভাৰে কৈ গ’ল আৰু মণিকায়ে আমাক বুজাই গ’ল-
“কেনেডী এক্সপ্ৰেচ ৱেৰপৰা এতিয়া আহি এইটো বেল্ট পাৰ্ক ৱে বুলি ৰাস্তাত উঠিছোঁ৷ ইয়াৰপৰা আমাক ব্ৰুকলিন এৰিয়াত থকা বেটেৰী পাৰ্কৰ ৰিটজ্ কাৰ্লটন হোটেললৈ নিব৷ আচল নিউ ইয়ৰ্কখন প্ৰায় ৮০০ বৰ্গকিলোমিটাৰ জোৰা বহু বিশাল ৰাজ্য৷ হাডচন আৰু পুৰ্ব নদীৰ দুয়োপাৰে বিস্তৃত অঞ্চলটোৱেই নিউইয়ৰ্ক! হাডচন নদীৰ ইটো পাৰৰপৰা সিটো পাৰলৈ যাবলৈ কেইবাটাও সুৰংগও আছে৷ বিখ্যাত লিঙ্কন টানেল, হ’লেণ্ড টানেল, জৰ্জ ৱাচিংটন ব্ৰিজ এই নদীৰ ওপৰতে আছে৷ আমি অলপ পিছতেই কাৰ্লটন হোটেল পামগৈ৷ তাৰ সিফালে ল’ৱাৰ মাটহাটান আৰু আগলৈ আপাৰ মানহাটান৷ পৃথিৱীৰ বাণিজ্য আৰু সাংস্কৃতিক প্ৰাণকেন্দ্ৰ এই জেগাখন৷ বিখ্যাত এম্পায়াৰ ষ্টেট বিল্ডিং, চেণ্ট্ৰেল পাৰ্ক, টাইম স্কুৱেৰ আৰু বিভিন্ন আৰ্ট মিউজিয়াম এই মানহাটানতেই৷ পৃথিৱীৰ ভিতৰত ওখ ওখ বিল্ডিংবোৰ ইয়াতেই! সেই অলকায়েদাই জাহাজেদি খুন্দিয়াই বগৰাই পেলোৱা বিল্ডিং দুটাও ইয়াতেই আছিল৷ পিছফালে সাগৰৰ মাজত প্ৰায় ৯৭ মিটাৰ ওখ ষ্টেচিও অৱ লিবাৰ্টী৷ কিমাননো চাব?”
বিজয় আৰু মই চকুৰ টিপ নমৰাকৈ ৰাস্তাৰ দুয়োকাষে চাই গৈছো৷ মই বোলো মালবিকা আৰু নিলঞ্জনাৰ ঘৰটো বা ক’ত? মালবিকাই কিবা বাৰ্লিংটন নে কিবা বুলি কৈছিল সোধাচোন তাক! মণিকাই সুধি পেলাই ক’লে বোলে সেইখনটো নিউ জাৰ্চিত, হাডচন নদী পাৰহৈ আৰু এটা নদী ডেলাৱেৰৰ পাৰত, কিবা ভেনজেৰা দলং পাৰহৈ যাব লাগে বোলে৷
“ইহঁতৰো যে নদীবোৰৰ নাম! আমাৰ দিখৌ নৈ, বুঢী দিহিং, বুঢা লুইত এইবোৰেই ভাল৷” বিজয়ে ক’লে৷

“বিজয়, তোমাৰ জাহাজত লগপোৱা মেমজনী বা ক’ত থাকে সুধিলানে?”
– মই বিজয়ক সুধিলো৷

“এহ, জেগাটোৰ নাম কিবা বুলি কৈছিলে পাহৰিয়ে থাকিলো নহয়!”

“ধেই, তোমাৰ দ্বাৰা নহ’ব৷ ফোন এটা লগোৱা৷ নহ’লে ফোন লগাই মোক দিয়া৷ চিণ্টুৱে আমাক লৈ ঘূৰাৰ আশা কম৷ সি আৰু কি বা পাল্লাত পৰেগৈ ঠিক নাই৷”

“এতিয়া বাদ দিয়ক, আগতে হোটেলত গৈ দকচি কিবা খাই লওঁ৷”

মণিকাইও তাৰ কথাত হয়ভৰ দিলে৷
প্ৰায় আধা ঘণ্টাৰ মূৰত হোটেল পালোগৈ৷ হোটেল মানে যেন ৰাজ প্ৰাসাদহে৷ আমি যি হে কাপোৰ কানি পিন্ধি গৈছিলো, হোটেলত ভৰি দি লাজেই লাগি গৈছিল৷ হোটেলৰ লিফ্টেদি নি ৪৫ নে ৪৬ নম্বৰ তলাত নি আমাক সুমুৱালে৷ ৰুমৰ ভিতৰত গৈ চিণ্টুৰ খৰৰ লৈ গম পালো, সি হেনো ওপৰ মহলাত চুইমিং পুলত গা ধুবলৈ গৈছে৷ ৰুমৰ ডাইনিং স্পেচত আমাৰ খানা থোৱা আছিল৷ ওচৰত ৱেটাৰ এজন৷ বিজয়ে হাতখন ধুলে কি নুধোলে, গো গ্ৰাসে গিলা আৰম্ভ কৰিলেই৷ লাজতে ৱেটাৰজনক যাবলৈ ক’লো৷ মণিকা অন্য এটা ৰুমলৈ গ’ল৷ খাই লৈ বিজয় বিচনাত বাগৰিল৷ গা পা ধুই খোৱা বোৱা হোৱাত চিণ্টুক চাই আহোঁ বুলি মণিকাক লৈ ওপৰলৈ গলো। চুইমিং পুলটোৰ চাইদতে হেলনীয়া চকী এখনত দুয়ো বহি কথা পতা আৰম্ভ হ’ল৷ চিণ্টুক দেখিলো চুইমিং পুলতে খালী গাৰে সাঁতুৰি সাঁতুৰি পাঁচ ছয়জনী মান বিকিনী পৰিহিত মেমনীৰ লগত জলকেলি কৰাত ব্যস্ত৷ লগত সেই এয়াৰ প’ৰ্টত লগ পোৱা “পাখৰি” জনীও ৷ মণিকাই ক’লে “দাদা মই এই সতিনীহঁতক চাই থাকিব পৰা নাই, যাওঁ ব’লক ইয়াৰপৰা!”

ৰুমলৈ পুনৰ ঘুৰি আহিলো৷ আহি দেখো এয়াৰ প’ৰ্টত আমাক চেক কৰা পুলিচ দুজনৰ লগত আৰু কেইজন মান পুলিচ আৰু লগত দুজনী লেডী পুলিচো৷ দেখি বৈদ্য ভয় খালো৷ ওৰহি গছৰ ওৰ বিচাৰি গম পালো যে তাহাঁতে মণিকাকেই বিচাৰি আহিছে সেই ভৰিত লগোৱা চিপচ্ টো ট্ৰেকিং কৰি কৰি৷ আচলতে সিহঁতে মণিকাৰ তাবিজটোৰ বিষয়ে অধিক জানিবলৈ আহিছে৷ সেই তাবিজটো ৰাখিছিল, লেডি পুলিচ কনষ্টেবল এগৰাকীয়ে৷ পিছত হেনো সেইজনীৰ প্ৰেমত পৰি হাবুডুবু খালে গোটেই পুলিচ বাহিনী৷ আনকি FBI ৰ চিফ জেমচ্ ক’মিয়েও হেনো দুপৰীয়া সেইজনীক কিবা ঘটনাৰ তদন্ত কৰিবলৈ আহি টপককে চুমা এটা দিওঁতেই কথা গৈ প্ৰেচিডেণ্টৰ কাণত পৰিলগৈ৷ সেই তাবিজটোৰ ৰহস্য আৰু মাহাত্ম্য গম পাই এতিয়া সকলোৱে আহি মণিকাক বিচাৰি হাঁহাকাৰ৷ সকলোকে বহাই মণিকাই ক’লে, আগতে মোক সেইটো ঘূৰাই দিয়ক তাৰপিছত বাকী কথা৷ ঘূৰাই লোৱাৰ পিছত মণিকাই ক’লে যে আপোনালোক অসমলৈ আহক৷ মই সেই ঠাইলৈ লৈ যাম যাক যাক লাগে৷ কিন্তু ইয়াত থকা সময়খিনি মোক আপোনালোকে ডিচটাৰ্ব নকৰিব৷ এইদৰে বুজাই মেলি সিহঁতক পঠিয়াই দিলে৷ মণিকা নিজৰ ৰুমলৈ গৈ দৰ্জা বন্ধ কৰি সোমালগৈ৷ ময়ো বিজয়ৰ কাষতে চিণ্টু অহালৈ বাগৰিলো।

(ক্ৰমশঃ)

3 Comments

  • দিম্পল

    মায়াঙৰ তাবিজ কি কাৰণত মণি।
    অপেক্ষা আগলৈ

    Reply
  • Dhruba Jyoti Arjuna

    হে হৰি । মায়ঙৰ তাবিজ ।

    Reply
  • অনুৰূপ মহন্ত

    তামাম ভাল লাগিছে

    Reply

Leave a Reply

Your email address will not be published.