ফটাঢোল

ফটাপদ – ধনজিৎ বৰুৱা

হনুমানে শুই শতিকা জুৰি
লৈ আছিল ৰেস্ত
ভীম গৈছিল পদ্ম বিচাৰি
ল’লে এটি টেস্ত

দেই মই নাযাঔ হেৰা
নেজ আঁতৰুৱা জলদি
মই বুঢ়়া ভাগৰুৱা অতি
তুমিয়ে কৰা বলদি

নেজ লৰাব নোৱাৰে ভীমে
জিভা মেলি ফোপাই
কঁকাল কেচেক কৰিব লাগিলে
সিফালেও আকৌ বিলাই

কোন তুমি নোহোৱা তু
সাধাৰণ এক বানৰ
মোৰো বাট খোলা এবে
প্ৰশ্ন যে সন্মানৰ

তুমি বাৰু কিয় কৰিব
পৰা নাই অনুমান
ময়েতু সেই লংকাকাণ্ডৰ
ক্ৰেডিট থকা হনুমান

ভীমে বোলে ইউৰেকা
জাৰি ধুলি বোকা
চমুকৈ ৰাখি দিলে তেওঁৰ
সমস্যাৰ এটি টোকা

লটাচ নিনিলে পাঞ্চালীৰ আগত
পাম মই লাজ
ভাতো নিদিব মাতো নিদিব
কৰি দিব বাজ

দুয়ো আমি দুই যুগৰ
বলী পৱন পুত্ৰ
সেই ফালৰ পৰা চালে
ককাই ভাই সূত্ৰ

বচোৱা দাদা মোক তুমি
কিবা এটা কৰা
আনি দিওঁ লটাচ তেওঁক
সেই সৰোবৰৰ পৰা

এতিয়া বুজিলা ভাই মোৰ
বৰলা হোৱাৰ চাল
এনেবোৰ কামত কৈও উৰি
যুদ্ধ কৰাই ভাল৷

নিয়া নিয়া পদুম আৰু
বোৱাৰীৰ পুৰোৱা আবদাৰ
তোমালোকৰ প্ৰেম হওক
আৰু অধিক জোৰদাৰ

সময়ত লৈছেহি প্ৰভু ৰামে
কলীয়া কৃষ্ণ অৱতাৰ
অৰ্জুনৰ ৰথৰ পতাকাত হব
মোৰো হেনো চেলটাৰ

আই কুন্তিক প্ৰণামি লৈ
দিলো ভাতৃসবক মৰম
ক্ষত্ৰিয় ধৰ্মৰ মাজতো ৰাখিবা
প্ৰজাবৎসল ধৰম

ক্ষণিকৰ বিদায় ভাই
টা টা, বাই বাই
তেতিয়ালৈকে থাকা বৃকোদৰ চায়োনাৰা গাই গাই,,,,,,,,,,

☆★☆★☆

Leave a Reply

Your email address will not be published.