ফটাঢোল

ফটাপ্ৰেম – অভিজিত কলিতা

হোষ্টেলত লাইফ আৰু প্ৰেম অভিন্ন বস্তু, প্ৰেম অবিহনে হোষ্টেলৰ কথাৰ অৰ্থই নাই। সেইকাৰণে আজি মোৰ হোষ্টেলৰ কথা ক’ব খুজি কেৱল প্ৰেমৰ কথাই কওঁ বুলি ভাৱিছোঁ।

হোষ্টেলৰ কথা বাদেই, বুজা হোৱাৰ পৰাই মোৰ বদ্ধমূল ধাৰণা আছিল, এই প্ৰেম বোলা মালটো মোৰ বাবে নহয়। মোৰ নিজৰ চেহেৰা, ঔকাত, বাপকা মালৰ পৰিমাণ আৰু মোৰ স্বভাৱ সম্পৰ্কে অতি স্পষ্ট ধাৰণা আছিল, আজিও আছে; গতিকে কোনো সুন্দৰী আৰু বুদ্ধিমান ছোৱালী যে মূৰত বিকৃতি নঘটালৈকে মোৰ প্ৰেমত নপৰে, সেই বিষয়ে মোৰ কোনো সন্দেহ নাছিল। তাতে মোৰ চকুও আকৌ এনে, ৰূপে গুণে বাছৰো বাছজনীতহে চকু পৰেগৈ। গতিকেই, যৌৱনৰ দুৱাৰ দলিত ভৰি দিয়ে ভাবিলোঁ যে বিফলতা অৱশ্যম্ভাৱী বুলি জানিও শক্তি অপব্যৱহাৰ কৰাতকৈ, মনত দুখ পোৱাতকৈ, মই সদায় একপক্ষীয় প্ৰেমেই কৰি যাম, সপোনতে ডেটিং মাৰি যাম। আৰু সঁ‌চা সঁ‌চি প্ৰেম বিয়াৰ পাছত ঘৈণীকে দিম, প্ৰেমেৰে ধুৱাই দিম।

একদম টিকাও ষ্ট্ৰেটেজী আছিল মোৰ। গতিকে কলেজ পোৱালৈকে এনেকৈয়ে প্ৰেম কৰি থকিলোঁ, কেতিয়াবা নিজতকৈ ১০ বছৰ ডাঙৰ, কোনোবা, কেতিয়াবা চিনেমাৰ হিৰইন, কেতিয়াবা কোনো লেখিকা, মুঠতে যাৰে লগত মন যায় তাৰে লগত। প্ৰপ’জ কৰা, ডেট মৰাৰ জঞ্জাল নাই। অৱশ্যে ভাগ্য ভাল মোৰ প্ৰেমবোৰ বেছিদিন নিটিকিছিল, চলি থকা জনীতকৈ কাৰোবাক বেছি ভাল লাগিলেই, মই সন্তৰ্পণে সেইগৰাকীৰ ওচৰ পাইছিলোঁগৈ। মই ৰাম ঠগন দিয়াগৰাকীয়ে একো গম নেপাইছিল অৱশ্যে। পাব কেনেকৈ? এনেকৈয়ে মোৰ জীৱনটো সুখেৰে চলি আছিল। কিন্তু এদিন এক মাহেন্দ্ৰ ক্ষণত মই আচাম ইঞ্জিনিয়াৰিং কলেজৰ ছয় নম্বৰ হোষ্টেলৰ খটখটীত ভৰি দিব লগা হ’ল; আৰু সেইদিনাই মোৰ অকলশৰীয়া সুখৰ সংসাৰ ভাঙি থানবান হৈ পৰিল।

যথাৰীতি নূন্যতম বস্ত্ৰৰে শেষ নিশা কঁ‌পি কঁ‌পি থিয় হৈ থাকোঁতে চিনিয়ৰে অৱশ্যম্ভাৱী প্ৰশ্নটো কৰিলে,

: গাৰ্লফ্ৰেণ্ড আছেনে নে নাই?

: নাই।

: অঁ, আবে চন তোক দেখিলেই গম পাই, তোৰ লগত কোনো নপতে বুলি। ব’ৰ চাল্লা, যা, বিচনাৰ তলত সোমাই মাইকী মহ এজনী ধৰি আন। আজি তোৰ লগত তাইক ফিটিং কৰি দিম।

লাজ বা দুখ পাব লগা একো নাছিল, মই কথটো জনোৱেই। আনন্দমনেৰে বিচনাৰ তললৈ (হংকং) সোমাই গ’লোঁ। সেই ৰাতিলৈ বাছিলোঁ। ৰেগিঙৰ সময়ত নিজকে ব’ৰিং মানুহ বুলি প্ৰমাণ কৰিব পাৰিলে বহু অত্যাচাৰৰ পৰা হাত সাৰিব পাৰি। মই বাৰু বাছিলোঁ, কিন্তু যিকেইজনে নিজৰ গাৰ্লফ্ৰেণ্ড আছে বুলি ক’লে, সিহঁ‌তৰ অৱস্থা তথৈবচ হ’ল। গাৰ্লফ্ৰেণ্ডৰ নাম লৈ বেয়া বেয়া কথা কৈ চিঞৰিব লগা হ’ল, দুজনমানে সেই ৰাতিয়েই দলিল পত্ৰ কৰি নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ড কেইজনী চিনিয়ৰলৈ হস্তান্তৰ কৰিব লগা হ’ল। আজিৰ পৰা অমুকীৰ ওপৰত মোৰ কোনো দাবী বা অধিকাৰ নেথাকিব বুলি লিখি, সাক্ষীৰ আগত চহী কৰিব লগা হ’ল। ৰেগিঙৰ দিন কেইটা ভালেই আছিল মোৰ বাবে, কিন্তু ৰেগিং শেষ হৈ লগ বন্ধুৰ লগত অলপ মুকলিমুৰীয়াকৈ কথা পাতিব পৰা হোৱাৰ লগে লগে, মোৰ সমস্যা আৰম্ভ হ’ল। আৰে সকলো দেখোন বেয়া মানুহ, কোনোবা এটাৰ আজি সাত বছৰ ধৰি প্ৰেম, কোনোবা এটা ৰেগিং চলি থকাৰ মাজতে লগৰ এজনী বা হেন্দিকত ফিটিং দিলেই। যাৰ একো হোৱা নাই সিয়ো তিনি চাৰি ঠাইত বৰশী পেলাই থৈছে। মই আকৌ তেতিয়া মাধুৰী দীক্ষিতৰ সপোনেই দেখি আছোঁ, তাকো মাধুৰী আৰু মোৰ হ’ব লগা ল’ৰা-ছোৱালী কেইটাৰ নাম ৰখাই হোৱা নাই তেতিয়ালৈকে। মুঠতে দুৰ্ঘোৰ অস্তিত্ব সংকটত পৰিলোঁ। আৰু এনে সংকটত মই সাধাৰণতে যি কৰোঁ, তাকে কৰিলোঁ। গোকাট মিছা মাতি দিলোঁ,

: মোৰ ক্লাছ এইটৰ পৰাই চলি আছে, ঘৰতো মোটামুটি গম পাইছেই, কাৰো বিশেষ আপত্তি নাই। এতিয়া পাছ কৰি চাকৰি এটা লোৱাৰ হে অপেক্ষা। ৰেগিঙত কোৱা নাছিলোঁ, কাৰণ মই চিয়ানা মাল, চিনিয়ৰে যে উৎপাত কৰিব মই আগৰ পৰাই জানো। এইবাৰ ঘৰলে গ’লেই তাইৰ আৰু মোৰ জুৰীয়া ফটো আনি সকলোকে দেখুৱাম।

ছোৱালীজনীৰ নামটোও সাজি দিলো- অৰুণিমা।
লগে লগে লগৰ বন্ধুৰ মাজত মোৰ ষ্টেটাছ হো হোৱাই উত্তৰণ হৈ আকাশ চুলেগৈ। আনকি গাৰ্লফ্ৰেণ্ড থকা কেইটায়ো মোলৈ ঈৰ্ষাৰ দৃষ্টিৰে চালে। সিহঁ‌তৰ প্ৰেম হৈছে যদিও ঘৰত গমেই দিবলৈ সাহস কৰা নাই। মোৰ দৰে প্ৰায় বিয়া ফিটিং হৈ যোৱা পৰ্যায় পাবলৈ এতিয়াও বহুদূৰ। কেইজন মান বিশ্বাস অবিশ্বাসৰ দোমোজাত থাকিলেও, প্ৰায়বোৰ বন্ধুৱে ভাৱিলে, ই কম বস্তু নহয় কিন্তু। এই চেহেৰা, এই বডী লৈ ছোৱালী পতাইছে, আনকি ঘৰতো কৈ দিছে। সকলোৱে সমীহ কৰিব ধৰিলে মোক। তেওঁলোকো মহা উদ্যমেৰে নিজ মিছনত লাগিল, ময়ো মাধুৰীৰ পোষ্টাৰ দুখন মান আৰু বেছিকৈ লগাই ল’লোঁ ৰুমত।

পিচে মোৰ এই অভিনয় বেছিদিন নিটিকিল। ৰাইজে মোক সমীহ কৰিলেও, সন্দেহ কৰিবলৈ এৰা নাছিল।সুধিয়েই থাকে অৰুণিমাৰ চিঠি পঢ়ুৱা, ফটো দেখুৱা। আজিকালিৰ কথা হ’লে অৱশ্যে মই একেদিনাই ধৰা পৰিলোহেঁতেন। তাহানিৰ দিন বুলি ছমাহ মান চলি থাকিলোঁ যেনে তেনে। কিন্তু এদিন মুখা খোল খাই গ’ল। নিজেই এদিন অসতৰ্ক মুহূৰ্তত কৈ পেলালোঁ,

: ধেই, পৃথিৱীত কোনো অৰুণিমা ফৰুনিমা নাই। এনেই ধপ দি অছিলোঁ মই। কি কৰিম, তহঁ‌তৰ সবৰে আছে, নেথাকিলেও লাইনত আছে, এদিন হ’ব। মোৰ যে একোৱে নাই, মোৰ ইজ্জত বচাবলৈকে মই মিছা ক’লোঁ। বেয়া নেপাবি।

মোৰ মাতটো হয়তো অলপ থোকাথুকি হৈছিল সেইসময়ত। কলেজৰ হোষ্টেলত পোৱাৰ দৰে বন্ধু ইচৰৰ চিৰিষ্টি এই চৰাচৰ জগতখনৰ আৰু ক’তো পোৱা নেযায়। মোৰ অকপট স্বীকাৰোক্তিত কাৰো খং নুঠিল, গালিও নিদিলে। কোনোবাই এবুকু সহমৰ্মীতা হাতৰ তলুৱাত লেপলেপীয়াকৈ সানি, সেই হাতখন মোৰ পিঠিত ৰাখিলে।

: একো নাই দোস্ত। আচলতে মোৰো ববীৰ কেছটো মিছা। টোটেলেটেৰিয়ান ধপ। হৈ যায় জীৱনত।
সেইটো আমাৰ লগত সকলোতকৈ হেঞ্চুটো। সিয়েই গাৰ্লফ্ৰেণ্ড চিনিয়ৰক দান দিব লগা হৈছিল। ববী মাত্ৰ তাৰ ক্ৰাছ, কৰবাত কেনেবাকে পোৱা ফটো এখন লগত লৈ ফুৰে।

কিন্তু বন্ধুবৰ্গই মোৰ প্ৰতি সহমৰ্মীতা দেখুৱায়ে ক্ষান্ত নহ’ল, মোৰ এই একাকীত্বৰ অন্ত পেলাবলৈয়ো উঠি পৰি লাগিল। এবছৰ চিনিয়ৰ এজনে দোৰোল খোৱা জিভাৰে ক’লে, এমাহৰ ভিতৰত যদি তেওঁ মোক ফিটিং কৰি দিব নোৱাৰে, তেনে তেওঁ ইঞ্জিনিয়াৰিং পঢ়াই বাদ দিব।

মই প্ৰথমে নাই নুই কৰিলোঁ। ক’লোঁ যে মোৰ লগত কোনো নপতে বুলি মোৰ সম্পূৰ্ণ আত্মবিশ্বাস আছে, এনেই লাথ খাই বেইজ্জত হ’বলে মোৰ মন নাই। তাতকৈ এনেকৈয়ে ভাল। এতিয়া প্ৰেম কৰি থকা কেইটাই যে লছ খাব, আৰু মই ‘চাকৰি বাকৰি কৰি যেতিয়া “লাইগু তিৰি” (লাইগু= গুল্লাই) এজনী বিয়া পাতি ঘূৰি ফুৰিম, তেতিয়া চাম কোন জিকিল, কোন হাৰিল। নাই মোৰ ওজৰ আপত্তি নৰজিল। মোক জুৰীয়া শালিকা কৰি হে এৰিব ৰাইজে। মাজতে দুই এজনে ক’লে

: আব্বে চন, তই ইঞ্জিনিয়াৰ হয় বে, যিকোনো ছোৱালী পতিব তোৰ লগত। ট্ৰাই মাৰি চা এবাৰ। পতিবই।

মোৰ সুধিবলৈ মন গৈছিল, সেয়ে যদি হয় তেনে আমাৰ কলেজৰ ৯৯% ল’ৰাই বৰলা কিয়? নুসুধিলোঁ, কাৰণ ইতিমধ্যে মোৰ ভীষ্ম প্ৰতিজ্ঞা ফাগুনৰ পচোৱাত শুকান পাত উৰাদি উৰি গৈছিল, ব’হাগৰ নতুন বৰষুণ পোৱা ঘাঁ‌হৰ দৰে আশাই পোখালি মেলিছিল। হোষ্টেল এইট বা হেন্দিক বা কটন গাৰ্লচৰ এগৰাকীৰ হাতত ধৰি খাদী গ্ৰাম্যোদ্যোগ ভৱনৰ বাৰান্দাত বহি থকা এসোপামান টেলেকা চকুৰ আগেৰে ফীডচ বা অশোকালৈ সোমাই যোৱাৰ সপোন এটা জাগি উঠিছিল।

মোৰ নিজৰ ওপৰত থকা বিশ্বাস আৰু বন্ধুবৰ্গৰ ‘জেক’ বিলাকৰ মাজত তুমুল ৰণ চলি আছিল। আৰু এদিন সেই ৰণত মোৰ আত্মবিশ্বাসে নিচৰ্তে আত্মসমৰ্পণ কৰিছিল। সেইদিনাৰ পৰাই আৰম্ভ হৈছিল মোৰ স্খলন, চৰিত্ৰৰ নহয়, সন্মানৰ। দুবাৰ ডাইৰেক্ট ৰিজেক্ট, তিনিবাৰ ফ্ৰেণ্ডজ’নড, এবাৰ বাধ্যতামূলক চেক্ৰিফাইচ, আৰু এবাৰ ” এতিয়া সেইবোৰ মই ভবাই নাই, (মানে পিছত ভাবিব পাৰো, আশা এৰিব নেলাগে) ” বুলি শুনি আৰু বিশ্বাস কৰি বছৰ বছৰ ধৰি অপেক্ষা কৰাৰ পাছত তেওৰ বিয়াত বাতি ছে’ট গিফট দিব লগা হ’লে সন্মান বোলা বস্তুটোৰ নোম নেগুৰ কিবা বাকী থাকেগৈ জানো?

ৰ’ব, অলপ বহলাই কওঁ। কাহিনীলৈ ঘূৰি যাওঁ।
মই প্ৰেম কৰিম বুলি গ্ৰীণ চিগ্নেল দিয়াৰ পাছত প্ৰথম আৰম্ভ হ’ল পাত্ৰী বিচৰাৰ কাম। মোক সোধা হ’ল মোৰ পচন্দৰ কোনোবা আছে নেকি? প্ৰথমতে এইচিতে বিছৰা ভাল হ’ব, নিজ কলেজতে প্ৰেমিকা থাকিলে swag টো বেছি হয়, খৰচাও কম। আৰু লগতে সেই প্ৰেমিকাৰ যোগে গাৰ্লছ হোষ্টেলৰ দুই এটা ভিতৰুৱা খবৰো বন্ধুবৰ্গই গম পাই থাকে। মই চাৰি পাঁ‌চ গৰাকীৰ নাম ল’লোঁ। নামকেইটা শুনি বন্ধুবৰ্গই মুখত একো নক’লেও চকুৰ চাঁ‌ৱনিৰে বুজাই দিলে,

“আবে চন, ঔকাতত নেথাক কিয়?”

প্ৰথম লিষ্টখ্ন পুৰাপুৰিকৈ ৰিজেক্ট হ’ল। কাৰণ দৰ্শোৱা হ’ল, সেই গোটেই কেইজনী কেৱল এনগেজদেই নহয়, কেনেবাকৈ এতিয়াৰটোৰ লগত ব্ৰেক আপ হ’লে আৰু দহ পোন্ধৰজনকৈ ৱেইটিং লিষ্টত আছে। সেইকেইজনীলৈ ৰৈ থাকিলে মোৰ ইহজনমত প্ৰেম হোৱাৰ চান্স নাই। এইচিৰ ল’ৰা আৰু ছোৱালীবোৰৰ মাজত এটাই মূল পাৰ্থক্য , ল’ৰা বোৰে প্ৰেম প্ৰেম বুলি দিনে নিশাই হামৰাও কাঢ়ি থাকে, আৰু ছোৱালীবোৰে প্ৰেম বুলিলেই ফাঁ‌ট মেলা বসুমতী পাতালে লুকাও যেন কৰে। শেষত এইচিৰ প্ৰেমভাগ অহাবছৰ নতুন বেটছ অহালৈকে স্থগিত ৰখা হ’ল। সময় খিনি পাছ কৰিবলৈ হেন্দিক, কটন আৰু আন আন কলেজত খেপ দি থকা হ’ল। অকল গুৱাহাটী গুৱাহাটী কৰি থাকিলে প্ৰবেবিলিটি কমিব বুলি এ দি পি কলেজৰ পৰা হাউলী বি এইচ কলেজলেকে পৰিসৰ বহলোৱা হ’ল। পিচে নেচেল। কোনোপধ্যে নিমিলে, নহয়গৈ। স্থান খালী নাই, পিছত আহিব, চাওঁচোন বাৰু কি কৰিব পৰোঁ, ইয়াতকৈ আগ নেবাঢ়িল।

এইচিত কেইবাটাও নতুন বেটছ আহিল আৰু গ’ল, মই কোনজনী ভাল লাগিছে ঠিক কৰাৰ আগতেই বাছনিত থকা গোটেইকেইজনীয়েই কেণ্টিনত আন কোনোবাৰ লগত বহি চাহ চিঙৰা খাই থকা দেখা গ’ল। বুকুত শিল থৈ, চকুলো লুকুৱাই, এনগেজমেণ্ট পাৰ্টি খাব লগা হ’ল৷
এদিন এজন সুহৃদে টানি আঁ‌জুৰি হেন্দিক হোষ্টেল পোৱালেগৈ। সাংঘাতিক ধুনীয়া ছোৱালী এজনীৰ সৈতে চিনাকি কৰি দিলে। তাৰ চিনাকি ছোৱালী, সি চুপাৰিশ কৰি দিলে মোৰ কামটো নোহোৱাৰ কথাই নাই। সঁ‌চা কৈছোঁ, বৰ ধুনীয়া ছোৱালী, তাইক দেখি দিল কি ঘণ্টী এনেকৈ বাজিল যে টিং টিং টিং শব্দটো তাই নেলাগে গোটেই হোষ্টেলেই শুনিলে যেন লাগি গ’ল।
সেই দিনা শেষ নিশালৈ বহু কাজিয়া, যুক্তি তৰ্ক আৰু অভিমানৰ অন্তত আমাৰ প্ৰথম সন্তানটো ল’ৰা নহয় ছোৱালী হ’ব, সেই সিদ্ধান্ত উপনীত হোৱাৰ পাছত হে টোপনি আহিল।

তাৰ পাছত কি হ’ল বিশেষ নকওঁ, সেই দিনটোৰ এমাহ মানৰ পাছত এদিন মই নিজকে হেন্দিক হোষ্টেলৰ ওচৰত, অকলে, চাহ আৰু খুৰ্মা খাই খাই, তিনি চাৰি ঘণ্টা মান লতাশিল ফিল্ডত ক্ৰিকেট প্ৰেক্টিছ চাই থকা অৱস্থাত অৱিষ্কাৰ কৰিলোঁ। ভিতৰৰ ভিজিটিং ৰুমত মোক ধুনীয়া ছোৱালীজনী পতাই দিবলৈ লৈ যোৱা সুহৃদ বন্ধুজন আৰু তাই। ডেটিং চলি আছে। মই কম্পেনী দিবলে আহিছোঁ। ঘূৰি যাওঁতে সি মোক ৰেৱতীত চাওমিন খুৱাব। লতাশিলৰ প্ৰেক্টিছ চাই মই সেইদিনা শিকিলোঁ, ষ্ট্ৰেইট ড্ৰাইভ শ্বটটো আচলতে কেনেকে মাৰিব লাগে।

দোস্তিত এইবোৰ চলেই। একো নাই। এনেকৈয়ে বৃথা চেষ্টাত তিনিবছৰ গ’ল, চতুৰ্থ বছৰত পঢ়াৰ কাম বাঢ়িল যদিও এক অভূতপুৰ্ব এভিনিউ মুকলি হৈ গ’ল। ইউনিভাৰচিটিত আমাৰ বেটছৰ ছোৱালীবোৰ আহি সোমালহি। ইঞ্জিনিয়াৰিং ৩য় বৰ্ষলৈকে ইউনিভাৰ্চিটিৰ ছোৱালীয়ে পাত্তা নিদিয়ে, বয়সত ভাইটি হয় যে।
ইতিমধ্যে প্ৰায় নিৰ্বাপিত হোৱা মোৰ প্ৰেমৰ শলিতাডাল আকৌ ধিমিক কৈ জ্বলি উঠিল। ইউনিভাৰচিটিত ছোৱালীয়েই ছোৱালী, এজনীও মোৰ কাৰণে নোলাব নে? জালুকবাৰীৰ এপাহ কৃষ্ণচূড়াও মোৰ বাবে নুফুলিব নে?

সেইদিনাৰ পৰা পুৱা গধুলি মই মোৰ দৰে কেইটামান হতাশগ্ৰস্ত প্ৰাণীৰ সৈতে ইউনিভাৰচিটিৰ ফালে যোৱা আৰম্ভ কৰিলোঁ। ৱালখনৰ ভিতৰৰ ছোৱালী হোষ্টেল কেইটা যে, আসস!! সৰগৰ পৰীৰ মেলা। পিচে পৰীবোৰ ভালকে দেখা পোৱা নেযায়, দিনত ক্লাছৰ সময়ত অহাৰ সুবিধা নাই, প্ৰেক্টিকেল বোৰ কৰি সুন্দৰবৰী হৈ ইউনিভাৰচিটি পাওঁহি মানে পৰীবোৰ গাঁ‌তৰ ভিতৰত সোমাই। তথাপিও সেই ঠাইখিনিতে আমাৰ অতন্দ্ৰ পহৰা অব্যাহত থাকে। সুবিধা ওলাই ইউনিভাৰচিটিত কিবা ফাংচন হ’লে। তাতো খেপ চলে, পিচে ফলাফল একেই, যাৰ দিন পৰিল খালত। কিয় জানো আমাৰ ভাৱ হৈছিল, ইউনিভাৰচিটিৰ ল’ৰাবোৰ ঠাণ্ডা মুণ্ডা, গতিকে আমি ইঞ্জিনিয়াৰিঙৰ কেইটাই চিঞৰ বাখৰ কৰি, বেয়া মাত মাতি আমাৰ পুৰুষালি দেখুৱাব পাৰিলে ইউনিভাৰচিটিৰ ছোৱালীবোৰ আমাৰ ওপৰত ইম্প্ৰেছ হ’ব। কলেজৰ শেষৰ দিনকেইটাৰ এদিন, ইউনিভাৰচিটিত কিবা ফাংচন আছে। আমি ৫০ জন মান সোমালোঁগৈ ফাংচন চাবলৈ। আমাৰ লগৰ সৰহ ভাগেই দিব্যবস্তুকণ পান কৰি জঁ‌টাধাৰী হৈ আহিছে, বচ একোজনী পাৰ্বতীৰ অপেক্ষা।

আমি চিঞৰ বাখৰ কৰি সোমাই যোৱাৰ লগে লগেই পৰিবেশটো অলপ সলনি হৈ গ’ল, পৰীবোৰ সন্ত্ৰষ্ট হৈ পৰিল। সদায়েই হয়, সেইদিনাও হ’ল, লগৰ ল’ৰাবোৰে পৰীবোৰক আমাৰ পৰা আঁ‌তৰাই সুৰক্ষা বেষ্টনী গঢ়ি তুলিলে। সদায়ে হয়। কিন্তু কলেজৰ শেষৰ দিনকেইটা আছিল বাবেই নেকি, সেইদিনা কথাটো আমাৰ বাৰুকৈয়ে চেণ্টিত লাগিল।

: আব্বে ইউনিভাৰচিটিৰ কেইটাই আমাক কি বুলি ভাৱে ৰে? আমি কি হেৰি নেকি? আমি পৰী কেইজনীক জাষ্ট চালোঁহেঁতেন আৰু অলপ অচৰপ জোকালোঁহেঁতেন। তাতে ইমান হেৰি কিয়। আব্বে আমাক চিনি পোৱা নাই, ভাঙি দিম চাল্লা অ’ডিটৰিয়াম।

আগৰ চকীত দুই চাৰিটা লাট পৰিল।

: হয় বে ঘেণ্টা। আমাক কি অভদ্ৰ বুলি ভাৱিছে নেকি। বন্ধ কৰ ফাংচন। আজি ইহঁতে আমাৰ ওচৰত মাফ খুজিব লাগিব। চিঞৰ বে চিঞৰ। হাল্লা কৰ। ফাংচন বন্ধ কৰি দে।

“জালুক বাৰীৰ,
– আমিয়ে ৰজা।
শিয়াল কুকুৰ
আমাৰ প্ৰজা।”
“খিক খিক। মাৰ মাৰ, গোৰ মাৰ চকীত। ভাঙি দে চাল্লা।”

আমাৰ উৎপাত বাঢ়ি যোৱা দেখি সম্পাদক টাইপ দুজনমান আগবাঢ়ি আহি আমাক মনে মনে থাকিবলৈ অনুৰোধ কৰিলে। আমাৰ উৎপাত আৰু বাঢ়িল।

: আমাক কি বুলি ভাবিছে আপোনালোকে, ইমান ইনচাল্ট।

: কি ইনচাল্ট কৰিলোঁ আমি?

: ইনচাল্ট নাই কৰা আৰু কি? আমি অহাৰ লগে লগে…

ক’বলৈ গৈ আমি ৰৈ গলোঁ, যিমানেই তুংগত নেথাকো কিয়,

“আমি আপোনালোকৰ ইউনিভাৰচিটিৰ ছোৱালীবোৰ চাবলৈ আহিছিলোঁ, পাৰিলে অকনমান চেনী, আৰু সঁ‌চাকৈয়ে সকলো মিলি গ’লে এবুকুকৈ নিস্কলুষ প্ৰেম দিম বুলি আহিছিলোঁ, কিন্তু আপোনালোকে ছোৱালীবোৰ আঁ‌তৰাই লৈ গ’ল।” বুলি কোৱাৰ সাহস আমাৰ নাছিল। সেয়ে এনেই চালে বেৰে কোবাই আমি আৰু উৎপাত কৰিবলৈ ধৰিলোঁ। কোনোবাই আমাৰ গাত হাত দিয়কচোন চাওঁ, জুই লগাই দিম ইউনিভাৰচিটি।

অলপ পাছত সম্পাদক যেন লগা ল’ৰাকেইজন গ’লগৈ, পলাল আমাৰ ভয়ত। আমাৰ মস্তি চলি থাকিল, দূৰত থকা ছোৱালীবোৰলৈয়ো আমি দুই এটা তিতকাৰী এৰি দিলোঁ। চিনি পোৱা নাই আমাক?
অলপ সময় গ’ল, এইবাৰ দেখোন এসোপা মান ল’ৰা আমাৰ ফালে আগুৱাই আহিল। সংখ্যাত আমাৰ দুগুণ হ’ব। সম্পাদকে নিশ্চয় হোষ্টেলত খবৰ দিলেগৈ। তাৰে মাজৰ এজন হটঙা ল’ৰা আমাৰ ওচৰলৈ আগবাঢ়ি আহিল।

: ঐ, চুপ চাপ ওলাই যাবি নে মাৰ খাবি ক?

তেওঁৰ চেহেৰা আমাৰ একোটাৰ তিনিগুণ মান। আমাৰ উৎসাহত ভেটা আহিল। মানে লগে লগে ভদ্ৰ ল’ৰাই হৈ গ’লোঁ।

: নাই মানে আমি এনেই . . . . অলপ . . . .৷

: কি এনেই অলপ? মই নেজানো নেকি? সদায় ইউনিভাৰচিটিত আহি তোমালোকে হুলস্থুল কৰি থাকাহি। মই তোমাক (মোলৈ টোঁ‌ৱাই) আগতেও বহু বাৰ দেখিছোঁ। যোৱা, এতিয়াই ইয়াৰ পৰা যোৱা। নহ’লে কথা বেয়া হ’ব। যোৱা বুলিছো নহয়, গোটেই কেইটা যোৱা। পোৱালী ল’ৰা, উৎপাত কৰিবলৈ ঠাই পোৱা নাই?

আমি সুৰসুৰকৈ ওলাই আহিলোঁ। লাজ অপমানত ইমান কষ্ট পোৱা নাছিলোঁ, যিমান আমাক আমাৰ সপোন পৰীকেইজনীৰ আগত ‘পোৱালী ল’ৰা’ বুলি কোৱাত পালোঁ। কাণ চুই কৈছোঁ, সেইদিনাৰ পৰা আজিলৈকে গুৱাহাটী ইউনিভাৰচিটিৰ চোতালত ভৰি দি পোৱা নাই, কনভ’কেচনতো নগ’লোঁ, পাৰমানেণ্ট চাৰ্টিফিকেতো নানিলোঁগৈ। আজিলেকে প্ৰভিজনেলখনেৰেই চলি আছে।

☆★☆★☆

7 Comments

  • হাঃ হাঃ…..কম জমনি নহয় এইটো ।
    বাগ্ৰী বাগ্ৰী হাঁহিলো ।

    Reply
  • হেমন্ত কাকতি

    মনৰ কোনোবাখিনিত বিষ এটা থাকি গ’ল বুজিছা৷ তামাম অভিজিত৷

    Reply
  • Anonymous

    বঢ়িয়া দাদা

    Reply
  • ৰিমঝিম

    এতিয়া আৰু পোৱালি ল’ৰা বুলি নকয়, পাৰ্মানেন্টখন লৈ আহিবগৈ। জমনি, ভাল লাগিল পঢ়ি।

    Reply
  • হাঁ হাঁ৷বঢ়িয়া লাগিল

    Reply
  • জয়ন্ত দাস

    পুনৰ মজা ললো৷

    Reply
  • অভিজিৎ কলিতা

    সকলোকে ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published.