ফটাঢোল

ফটাপ্ৰেম একাংশ – ৰামানুজ গোস্বামী

আচলতে ফটাপ্ৰেম বুলি মোৰ লিখিবলৈ একো নাই বাবেই মই এনে শিৰোনাম (আগতে #ফটাপ্ৰেম উপৰান্ত) বনাই লওঁ।

পাত্র: মোৰ হোষ্টেলৰ বন্ধু, ঘৰ ডিব্ৰুগড় / তিনিচুকীয়া।

পাত্রী: অইন বিভাগৰ সহপাঠী, নামৰূপ /ডুলীয়াজান৷

পাত্রৰ চেষ্টা চলি আছে কলেজ, বাছ, লেব, পিকনিক, কলেজ ৱিক পাত্রীৰ মনোযোগ আকৰ্ষণৰ; পাত্রীৰ বিশেষ সঁহাৰি নাই।

পল্টন বজাৰ,‍১৯৯৬ চন।

পূজাৰ নে বিহুৰ বন্ধত ব্লু-হিলছ্, ছিলভান্দি, নেটৱৰ্ক, আছাম ভেলিৰ নাইট চাৰ্ভিছৰ গাড়ীত ভিৰ। তাৰ দুদিন পিছতেই পাত্রীৰ জন্মদিন। দুঘণ্টামান আগত, সেইদিনাই আবেলি ৪ মান বজাত –

অশোকা ৰেষ্টুৰেণ্টত মই, পাত্র আৰু এজন হোষ্টেলৰে কণিষ্ঠ সহযোগী৷

মই,

: একদম ভাল হ’ব বুইছা। কলেজত দিলে অমুকে-তমুকে গম পাই কথাটো ফালিলেহেঁতেন৷ এতিয়া ফ’ল’ কৰি গাড়ী এৰাৰ আগেয়ে দি দিবা কাৰ্ডখন৷ হেপ্পি বাৰ্থডে ইন এডভান্স বুলি কৈয়ো দিবা আৰু কাৰ্ডখনত লিখা মিনিংটো চাই তাই ভাবিবই৷ ভাবিবলৈও অলপ কুল মাইণ্ড, কুল পৰিবেশ লাগে৷ তাই সেইটো ঘৰত পাব৷ সিদ্ধান্ত ল’বও পাৰিব আৰু চাবা একদম ইয়েছ ৰিজাল্ট আহি যাব৷

: ফোন নাম্বাৰটো দি দিওঁ নেকি? মানে ওচৰৰ PCO টোৰ? তেতিয়া ফোনতে তাই yes টো..

: ধেই মৰিব খুজিছা নেকি? অভাৰ এক্সপেক্ট নকৰিবা৷

: তাৰমানে নহ’ব নেকি?

: ধেই ৰবানা৷ কাৰ্ডখন দিলে ল’লেও তোমাৰ দুই ষ্টেপ আগবাঢ়িল বুলি ধৰা৷ শ্লো এণ্ড ষ্টেডি…

অশোকাৰ চ্চিলি চ্চিকেন খোৱাটো সেই সময়ৰ আভিজাত্যই আছিল৷ ১৫০ টকা মানৰ বিল এজনৰ৷ সেইদিনা ভৰপেট খাই ল’লোঁ।

৬.৩০ মান বজাত,

লক্ষ্যস্থান, নেটৱৰ্ক কাউণ্টাৰ। কিছু অপেক্ষাৰ পিছত পাত্রী আহিল খিলখিলাই হাঁহি। চোং সলাই সলাই হাতত কাৰ্ড লৈ পাত্র ৰেডি৷ বাছ লাহে লাহে ওলাব৷ পাত্র দৌৰি যাব৷ প্ৰথমে ঘৰলৈ গৈ আছা বুলি সুধিব৷ এবাৰ হাঁহিব৷ কাৰ্ডখন দিব৷ ৱিশ্ব্ কৰিব…

প্লেন আৰু একশ্যনৰ বাবে ৰিহাৰ্চেল কাম ৰেডি। এইবাৰ নেটৱৰ্ক কাউণ্টাৰৰ ওলোটা ফালে পাত্র২ ৰ উপস্থিতি। তেৱোঁ পাত্রীৰ সন্দেহজনক প্ৰণয়প্ৰাৰ্থী। কিছুদিন আগতে বাছত ছিট এৰি দিছে৷ গ্ৰন্থমেলাত কিতাপ কিনি দিছে৷ এতিয়া গুৰুত্বপূৰ্ণ কামফেৰাৰ সময়ত তাক দেখি ১ম পাত্র, অৰ্থাৎ বন্ধুৰ “ডিমাগ” গৰম৷

: দেখিছা? ইয়ো আহিছে মাত দিবলৈ৷ ছাল্লা চোৰৰ দৰে ইফালে সিফালে চাই আছে চোৱা৷

: আৰে ৰবানা৷ সি মাতিবহে৷ বাই ক’ব, তুমি কাৰ্ড দিবা৷ সেইখন বেগত লৈ যোৱা মানে তুমিও লগতেই গৈয়ে থকা নহয়নে? বি কুল য়াৰ!

তাক প্ৰবোধ দিয়াত অলপ শান্ত হ’ল যদিও মুহূৰ্ত্ততে সি চিৎকাৰ কৰি উঠিল,

: ঐ ৰামানুজ! দেখিছা(অবাইচ)তাৰ হাততো কাৰ্ড…

মই চালোঁ। হয় আমন-জিমনকে লুকুওৱাব খোজা টাইপ লৈ ঘূৰি আছে।

: মানে ইয়ো দিব? মানে বেগত তাৰখনো…!!

বন্ধু অধৈৰ্য্য৷

ময়ো দেখিলোঁ কথা বিষম৷ চুচুক-চামাক কৰি আছে ৰাস্তাৰ সিটো পাৰে। হাতত কাৰ্ডৰ এনভেলপ। বন্ধুক আশ্বস্ত কৰি মই ক’লোঁ,

: তাই গাড়ীত উঠিছে৷ তুমি ইয়াৰ লগত (কণিষ্ঠ সহযোগী) যোৱা৷ মই তাক ব্লক দিম৷ গাড়ীত উঠিবই নিদিম৷

মোক দেখা নাপায়ো দেখোন ২য় পাত্র কিছু ৰাস্তাৰে আগুৱালে৷ মই গ’লোঁ পিছে পিছে৷ আকৌ চুচুক-চামাক৷ আকৌ অলপ আগুৱালে৷

: ঐ(২য় পাত্রৰ নাম ধৰি) কি কৰি আছা বে ইয়াত?

সি মোৰ উপস্থিতি আশা কৰা নাছিল। কাৰ্ডখন কঁকালৰ পিছফালে লুকুৱাই কিবা আং-বাং বলকিবলৈ লাগিল৷

ধেমেলীয়া সুৰেৰে মই ক’লোঁ (straight attack)-

: এ ৰবাহে পকেটত কাৰ্ড চাৰ্ড লৈ কালৈ ৰৈ আছাহে? কি চলি আছে হে গোপনে গোপনে হাঁ?

: আৰে নক’বা। এই স্কিনৰ ডক্টৰটোক আজি দমেই দিম৷ ৰখৈ আছোঁঁ তেতিয়াৰ পৰাই৷ অহাই নাই!চোৱানা এই চাৰিমাহ ইয়াৰ ঔষধ খাইছোঁ(অবাইছ)খজুৱতি ভালেই পোৱা নাই! কিমান গাল ঔষধ দিছে চোৱা৷

পিছফালৰ কাৰ্ডৰূপী খামটোত থকা একমাত্র কাগজখন উলিয়াই মোৰ আগত ডাঙি ধৰিছিল চৰ্মৰোগৰ প্ৰেচক্ৰিপশ্যনখন!

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.