ফটাঢোল

ফটাপ্ৰেম – চুইটলীনা দাস

যিমান দূৰ সম্ভৱ মই তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰী আছিলোঁ। গান শুনি শুনি প্ৰেমত পৰাৰ বয়স। এটা গান খুব শুনো তেতিয়া,
”প্যাৰ কে লিয়ে
চাৰ পল কম নহি থে
কভি তুম নহি
ফিৰ কভি হম নহি থী”

যিমানবাৰ শুনো এইটো গান, বুকু মোৰ শোকে খুন্দা মাৰি ধৰে। কোনোবা এজন আহি যেন মোৰ দুহাত ধৰি থাকক, তেনে লাগি থকাৰে যে বয়স আছিল সেইটো। সেই সময়তে আমাৰ বিদ্যালয়লৈ নামৰূপৰ পৰা নতুন ল’ৰা এজন বদলি হৈ আহি আমাৰ শ্ৰেণীতে নামভৰ্তি কৰিলেহি। আমাৰ লগৰ কোনেও প্ৰথমে তাক পাত্তাই দিয়া নাছিল। ল’ৰাটো পঢ়া শুনাটো চোকা আছিল। মই আৰু এজনী মোৰ লগৰ বান্ধৱীয়ে তাক শ্ৰেণীত মাত-বোল কৰি সহজ কৰাই দিলোঁ। লাহে লাহে মোৰ তাক ভাল লাগিবলৈ ল’লে। হয়তো তাৰো। পিছে সন্দেহ অকণমান আছিল নামৰূপৰ পৰা আহিছে কিজানি কোনোবা আছেই নেকি সেয়ে একো নকওঁ। লাজ লাজ কৈ তালৈ চাওঁ মাত্ৰ। হঠাৎ এদিন সি মোক ডায়েৰীখন পঢ়িবলৈ দিলে। আৰু ডায়েৰীখনৰ পাতে পাতে এজনী ছোৱালীৰ কথা। পঢ়ি বুজি পালোঁ ছোৱালীজনী মোৰ বাহিৰে বেলেগ নহয়। গম পালো তাৰো ভালপোৱা আছে মোৰ প্ৰতি। তাৰপিছত আৰু কি, শ্ৰেণী কোঠাৰ সময়বোৰ যেন ৰৈ যায় আমাৰ দুচকুত। বিদ্যালয় কেতিয়াও ক্ষতি কৰাই নহয়। বেলেগ কোনোবা থাকক নাথাকক আমি দুইজন কিন্তু সদায়ে আহোঁ বিদ্যালয়লৈ। লগৰ সকলোৱে গম পোৱা হৈ গৈছিল আমাৰ কথা। সি ধুনীয়া চেণ্ট এটা মাৰি আহে এক্সিলেণ্ট বুলি। আহঃ কি ধুনীয়া গোন্ধ। সি শ্ৰেণীত সোমোৱাৰ লগে লগে ধুনীয়া গোন্ধটো বিয়পি পৰে গোটেই ৰূমত। মুঠৰ ওপৰত আমাৰ প্ৰেম তুংগত। তাৰ ৰুমাল কেইখন লৈ আনো মই ধুই দিম বুলি। ধুই পাউদাৰ সানি ইস্ত্রি কৰি দি দিওঁ। চিঠিৰ কথা নকওঁৱেই আৰু! কি আৱেগ ঢালি লিখে অ’ মোলৈ চিঠি কেইখন (মোৰ সেইবোৰ চিঠি লগৰ এজনীৰ তাত জমা আছে। ঘৰত পালে নহ’বা কম ধুলাই পৰিলহেঁতেননে মোৰ)। তাৰ মাজতে সি অংকৰ টিউচন ল’বলৈ লৈছিল বেলেগ এটা গ্ৰুপৰ লগত। তাতে ছোৱালী এজনীয়ে হেনো তাক খুব চাই থাকে। সিও চাই চাগে(সেইটো নাজানো বাৰু)। ইমান প্ৰেমৰ মাজতে হঠাৎ এদিন আমাৰ লেণ্ড লাইনটোলৈ এটা ফোন আহিল। এজনী ছোৱালীয়ে সুধিলে, তুমি চুইটি হয় নে? মই ক’লো, হয়। লগে লগে সিফালৰ পৰা যিহে দম দিলে অ’ জীৱনত নাপাহৰোঁ। তাই মোক ক’লে অমুক অকল মোৰ। মোৰ বাহিৰে সি বেলেগৰ হ’ব নোৱাৰে। মই ভয়তে হ’ব বুলি যে ক’লো, তালৈ আৰু দুনাই চকু নিদিয়া হ’লো। সি বহুদিনলৈ গমেই নাপালে কিনো হ’ল! বেচেৰাই মোক চাই চাই খবৰ লৈ লৈ বহুদিন পিছত হে জানিলে যে গালি শুনি তাৰ লাইন মৰা লগৰীজনী চাইড হৈ থাকিল। মোৰ প্ৰেমৰ তেনেকৈয়ে সামৰণি পৰিল।

☆★☆★☆

Leave a Reply

Your email address will not be published.