ফটাঢোল

ফটাপ্ৰেম – দিম্পল কলিতা

মন্দিৰৰ সন্মুখতে লগালোঁ বেনাৰখন, অলপ আগতে প্ৰেছৰ চিনাকি ল’ৰাজনে সেইখন দি গ’ল। “নৱজোৱান যুৱক সংঘৰ উদ্যোগত বহাগী উৎসৱ”। এইবাৰৰ বেনাৰখন বেচ ডাঙৰ হৈছে মানে এইবাৰ বিহু হিট আমাৰ। ৰাতিৰ আন্ধাৰতে গোটেইকেইটাই মিলি বেনাৰখন লগালোঁ। আন্ধাৰৰ বাবে বেনাৰখনত থকা কণ্ঠশিল্পী কেইজনৰ মুখকেইখন স্পষ্টভাৱে দেখা নাছিলোঁ। কিন্তু মই জানো যে তাতে থকা ছোৱালী কণ্ঠশিল্পী কেইজনীৰ এজনী হ’লেও মোৰ পচন্দ হ’বই। পাঁচজনী ছোৱালী কণ্ঠশিল্পীৰ পৰা এজনী মোৰ চকুত নপৰিব নে! পৰিব পৰিব!কাইলৈ ৰাতিপুৱা সিহঁতৰ চকুত চকু দিম।

বিহুলৈ আৰু বেছিদিন নাই। চান্দা তোলা কাম জোৰদাৰ চলিছে৷ সৰু সৰু টিম বনাই দিলে আমাৰ মাজত৷

“ইহঁত কোম্পানী কেইটালৈ যাব, ইহঁতৰ লগত মানুহ অলপ বেছি দে, হাজাৰ হওক কোম্পানীত দম দিব পাৰিব লাগিব। বিৰাজ আৰু দ্বীপক কোম্পানী বিভাগৰ হেড বনাই দিলে। দম থকা ল’ৰা তাত গৈ ডাঙৰ ডাঙৰ মাত উলিয়ালেহে কাম হ’ব। ওচৰৰ মদৰ কোম্পানীটোৰ পৰা বিশ হাজাৰৰ এক টকাও কম নানিবি। সিহঁতে মদ বনাই মানুহৰ স্বাস্থ্য বেয়া কৰিছে আৰু শুন, ইটা ভাটাৰ পৰা দহ হাজাৰকৈ আনিবি। নিদিওঁ ক’লে গাড়ী যাব নিদিওঁ বুলি ক’বি। সিহঁতৰ ক’লা ধোঁৱাই আমাৰ গাঁৱৰ পৰিবেশ বেয়া কৰি দিছে”- সভাপতিৰ নিৰ্দেশ।

“ঐ, তহঁত পোৱালিবোৰ ৰাস্তা আৰু ঘৰে ঘৰে ঘূৰিবি। এখন গাড়ীও বাচি যাব নিদিবি, বাকী ৰবিবাৰে ৰবিবাৰে খানা থাকিব তহঁতৰ চিন্তা নকৰিবি।”

মই ৰাস্তাৰ টিমৰ ধনভড়ালী পদত নিযুক্ত হ’লোঁ। ৰাতিপুৱাই সাজি-কাচি বহি লওঁ ৰাস্তাতে টেবুল পাৰি। ইফালে পইচা, আনফালে মিছ্ ভায়লিনাক চকুত চকু দিয়া। এইবাৰ আমাৰ বিহুৰ অন্য এক আকৰ্ষণ মিছ্ ভায়লিনা। কি সুন্দৰ চকু! তাইৰ ৰঙা ফোঁটটিৰে তাইক সাইলাখ গোসাঁনী যেন লাগিছে। খোপাত মেৰিয়াই থোৱা কপৌ ফুল পাহে তাইৰ হাঁহিটো আৰু উজ্জ্বল কৰি তুলিছে, মুঠতে মই প্ৰেমত পৰিলোঁ। আৰু মই সিদ্ধান্ত ল’লোঁ বিহুৰ নিশা যেতিয়া তাই গীত পৰিবেশন কৰিব ৰঙ-বিৰঙী লাইটবোৰৰ মাজত সকলোৰে আগত মই তাইক গামোছা পিন্ধাম।

দিনবোৰ চমু চাপিল, মিটিংবোৰো ঘনে ঘনে হ’বলৈ ধৰিলে। মিটিং থকাৰ দিনা যিমান পাৰোঁ সোনকালে মিটিঙত উপস্থিত হওঁ, ভায়লিনাক গামোছা পিন্ধোৱাৰ সপোন লৈয়ে সম্পাদক- সভাপতিৰ কাষতে কিবাকৈ ছিট উলিয়াই বহোঁ। সিহঁতৰ চকুৰ আগত থাকিলেহে কিবা এটা হয় যদি হ’ব। “চেঃ! আজিও মিটিঙত সেইটো বিষয় নোলাল”-মিটিঙৰ পিছত সদায় এনেকৈ ঘৰমুৱা হওঁ ।

বিহুৰ পেণ্ডেলৰ বাঁহ ইতিমধ্যে বিহু ফিল্ডত নমালেই। কালিলৈ ৰভাখন হৈ যাব লাগে আৰু বাকী মুকলি মঞ্চৰ কাম চলি আছে। মুকলি মঞ্চৰ মাজত প্ৰতিবাৰেই ৰোৱা আঁহত গছৰ ডাঙৰ ডালটো বিচাৰি অনাৰ দায়িত্ব ময়ে ললোঁ। স্বাৰ্থ আছে, এনেবোৰ কামত চকুত পৰিম সভাপতি সম্পাদকৰ।

বিহুৰ সেই দিনটো আহিল। ৰাতিপুৱাৰ পৰা গা সাতখন-আঠখন। বিহুৰ ফিল্ডৰ এটা ফালে বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা চলিছে। প্ৰখৰ ৰ’দ হ’লেও সকলোৰে উৎসাহ বেছ চাবলগীয়া। সৰু ল’ৰাৰ পৰা গাঁৱৰ আইতাজনীলৈ সকলোৱে খেলত ব্যস্ত। কিবা নহয় কিবা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু মই ৰভাখনৰ তলত ছাঁ লৈ বহি আছোঁ। মনত কথা এটাই- ৰ’দত খেল খেলি ক’লা হব নোৱাৰোঁ। আৰে ভায়লিনাক গামোচা পিন্ধাম ওচৰৰ পৰা, গতিকে অলপ ধুনীয়া হৈ থকাটো মোৰ কৰ্তব্য ।

“ক্লাবঘৰত জৰুৰী মিটিং দিছে, কমিটিৰ ল’ৰাকেইটাক মাতিছে” বুলি হৰমোহন দায়ে মাইকত ঘোষণা কৰিলে। একেজাঁপত উঠি দৌৰ দিলোঁ। মই জানো সেইখন কিহৰ মিটিং। আজি ইমানদিনৰ পৰা পৰা অপেক্ষা কৰি থকা মিটিঙখনেই সেইখন। কাৰ্যসূচীবোৰ বনাই আছে কোন কেতিয়া মঞ্চত উঠিব। আমাৰ লোকেল জেংবিহু দলটোৰ পিছতে মিছ্ ভায়লিনা আৰু কুমাৰ সপোনৰ গীতৰ শৰাই দিলে কেনে হ’ব? – সাংস্কৃতিক সম্পাদকৰ প্ৰস্তাৱ। বেলেগৰ পিনে চাবৰ সময়ে নহ’ল। একে উশাহতে কৈ দিলোঁ মজা হ’ব, মজা হ’ব। সিহঁতক এঘাৰমান বজাত উঠাই দিলে বেছি ভাগ মানুহ থাকিব আৰু মানুহো ব’ৰ নহ’ব (মনতে ভাব এটা আছিল বেছি মানুহৰ আগত সেই ধুনীয়া ছোৱালীজনীক গামোচা পিন্ধোৱাটো কম লেবেলৰ কথা নেকি!)। সকলোৰে মত মিলাই সেইটো সময়তে ভায়লিনাক সেইটো সময়ত মঞ্চত উঠোৱাৰ সিন্ধান্ত লোৱা হ’ল।
সাংস্কৃতিক সম্পাদকৰ প্ৰশ্ন- গামোচা আৰু জাপি কোনে কোনে দিব ভায়লিনা আৰু সপোনক?
মুখত এটা হাঁহি লৈ মুখ মেলিব লওঁতে বিহু কমিটিৰ সম্পাদকে ক’লে- ছোৱালীজনীক গামোচা মই দিম লিখি থ ।

তাৰ পিছত মিটিঙত কি আলোচনা চলিল নুশুনিলোঁ। যেন প্ৰচণ্ড চৰ এটা মোৰ মুখত কোনোবাই সোধালে। মিটিং শেষ। মনত এটা গধুৰ বোজা লৈ ওলাই আহিলোঁ। মন নাই বিহুৰ ফিল্ডত যোৱাৰ এতিয়া। চাউণ্ড চিষ্টেমত চেকিং চলি আছিল তেতিয়া,

“হেল্ল চেক্ ওৱান-টু- থ্ৰী
চেক্ চেক্…”

“নৱজোৱান সংঘৰ সৌজনত অনুষ্ঠিত ২২তম ৰঙালী বিহু সন্মিলনৰ আজি সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খলকনি তোলা আমাৰ মৰমৰ মিছ্ ভায়লিনা আৰু কুমাৰ সপোনৰ গীতৰ শৰাই”।

কান্দিব পৰা নাই৷ মাত্ৰ অনুভৱ কৰিছিলোঁ দুচকু চলচলীয়া হোৱা। বহুত সময় ঘৰতে মুখ ওফন্দাই বহি আছিলোঁ । ঘৰৰ পৰাই বিহুৰ কাৰ্য্যসূচীবোৰ ভালকৈ শুনি আছিলোঁ। গামোচাখন ডিঙিত লৈ ওলালোঁ বিহুলৈ। মহিলাৰ বাবে সংৰক্ষিত আসনবোৰৰ পৰা পুৰুষসকলক উঠাই দিয়াটো মোৰ ডিউটি। মাইকত মঞ্চত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিবলৈ গাঁৱৰে যুৱ ব্যৱসায়ী আৰু সমাজসেৱক এজনক নিমন্ত্ৰণ দিলে। ( যুৱ ব্যৱসায়ী মানে মাটিৰ দালাল আৰু সমাজসেৱক মানে সেই দালালি কৰি পোৱা পইচাৰে বিহুৰ মঞ্চত শকত ধনৰ টোপোলা এটা দান কৰা এজন ।)

কাৰ্য্যসূচীবোৰ চলি থাকিল। এনেতে মাইকত মোৰ নামটো শুনিবলৈ পালোঁ গাঁৱৰ শ্ৰেষ্ঠ খেতিয়কজনক গামোচাৰে এধানিমান মৰম যাচিব মাতিলে। ষ্টেজৰ পৰা নামি আহোঁতে মাত্ৰ ভাবিলোঁ ক’ত ভায়লিনা আৰু ক’ত ডিম্বেশ্বৰ বর্তা!

‘এধানিমান মৰম’ শব্দটোৰ প্ৰতি ঘৃণা উপজিল। লগৰ এজনৰ লগত দোকানত কিবা এটা খাব আহিলোঁ। কেইজনমান মানুহৰ আমনিদায়ক ভাষণ চলি আছিল মঞ্চত। বৰ বেছি মগজুত নোসোমায় তেনে ভাষণ। দোকানখনৰ পৰা চকু ৰাস্তাৰ পিনে ৰাখিছিলোঁ। কিজানি ভায়লিনা আহিলে দেখি পাওঁৱেই বা! ইতিমধ্যে মাইকত চিঞৰ দুগুণ বাঢ়িব ধৰিছে “আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ “মিছ্ ভায়লিনা আৰু কুমাৰ সপোন ইতিমধ্যে আমাৰ সেউজঘৰত উপস্থিত হৈছে আৰু ক্ষন্তেক পিছতে আপোনালোকে উপভোগ কৰিব পাৰিব ভায়লিনা আৰু সপোনৰ গীতৰ শৰাই।”

‘সেউজ ঘৰ’ ক’ত আছে! আজি ইমানদিনে বিহুৰ কাম কৰিলোঁ, তথাপিও এইটোৰ বিষয়ে নাজানিলোঁ। ওচৰৰ অচ্যুতদাৰ ঘৰত বিহুৰ শিল্পী আৰু কমিটিৰ ল’ৰাখিনিৰ বাবে ভাত বনাইছে। কেনেবাকৈ আজিৰ বাবে অচ্যুতদাৰ ঘৰটোকে .. ! বেছি ভাবি নাথাকিলোঁ লগৰজনক দোকানৰ বিল দিব দি অচ্যুতদাৰ ঘৰলৈ দৌৰিলোঁ। নাই, শৰ্মাদাৰ বাহিৰে কোনো নাই চোতালত। দমকলৰ পাৰত কেইজনমানে ঘূৰণীয়াকৈ বহি কিবা খাই আছে, কি খাইছে বুজিলোঁ। ঘৰৰ ভিতৰৰ পৰা অহা মানুহৰ মাত দুটামান কাণত পৰিল। কেইটা বাজিল চোৱাৰ বাহানা এটা লৈ চুলি কেইডাল ঠিক কৰি দৰ্জাখন মেলিছিলোঁ মাত্ৰ-

“ঐ কোন তোক কি লাগে ইয়াত” ভালকৈ চাই দেখিলো আমাৰ সমাজ সেৱক দুইজনে ৰঙীন পানীটোপা খাই আছে৷ লগত বিহু কমিটিৰ মঞ্চ সম্পাদক। কোন হ’ব পাৰে সেউজঘৰৰ মালিক! এফালৰ পৰা মনত পেলালোঁ। নাই, আমাৰ ওচৰততো তেনে কোনো মানুহ নাই! হঠাতে বীৰেনকাইৰ কথা মনলৈ আহিল। বীৰেনকাইহঁতৰ বৌৰ নাম সেউজী। হয়তো মোৰ শুনাত ভুল আছিল। সেউজীৰ ঘৰ গুচি সেউজ ঘৰ শুনিলোঁ। কেতিয়া তেনেকে ভাবি সেউজী বৌৰ ঘৰ পালোঁ গমে নাপালোঁ। দুই এটোপ বৰষুণো দিছিল তেতিয়া, লগত বতাহ। আঙুৰ টেঙা গল্পটোৰ দৰে গামোচা পিন্ধোৱাৰ সপোন কাৰবাৰ মোহাৰি এবাৰ ওচৰৰ পৰা চোৱাৰ আশাৰে সেউজী বৌৰ চোতাল পালোঁ। অন্ধকাৰ চোতাল, গোহালিত গৰু দুটাৰ বাহিৰে কোনো নাই। দৰ্জাত প্ৰকাণ্ড তলা এটা ওলমি আছে। ময়েই যে বিহুৰ ৰভাৰ তলত দুখন চকী উলিয়াই বহিব দিছিলোঁ তেতিয়াহে মনলৈ আহিল। মোৰ দুখত বৰষুণজাক আৰু বেছি খঙাল হ’ব ধৰিলে যেন অনুভৱ হ’ল। বিহুতলী গৈ নাপালোঁ। ওচৰৰে বন্ধ দোকান এখনৰ বাৰাণ্ডা এখনত সোমালোঁ। নাই, বতাহ বৰষুণ সমানে প্ৰতিযোগিতাত নামিছে। মূৰৰ পৰা সকলো দুখ আঁতৰি ভয় সোমাব ধৰিলে এতিয়া। সন্মুখতে বতাহে গছ এডাল বগৰালে। কিহে পাইছিল অকলে অকলে ইমান দূৰ আহিবলৈ?

প্ৰফুল্লদাৰ তামোলগছ এডাল ৰাস্তাৰ মাজত ।
বতাহ কমিল বৰষুণ আছে অলপ অলপ। গামোচাখন মূৰত মেৰিয়াই আগবাঢ়িছোঁ। মানুহবোৰ যে ঘৰমুৱা হৈছে সেয়া বুজিবলৈ বাকী নাই মোৰ। জানিছিলোঁ মুকলি মঞ্চখন যে বতাহে মুচৰি পেলাব। আধাবাটত নিপন আৰু ৰূপমক পালোঁ। দুইজনে ফিটিং-

“জিলে লে জিলে লে আয়ু আয়ু জিলে লে গীতটো যদি চিংগাৰে নাগায় কেচ বেয়া হয় যাব আজি”..

“ৰহ না বে লাষ্ট এটা পেগ খাওঁ তাৰ পিছত একেলগে যাম আৰু তাত গৈ নাচি পগলা কৰি দিম” বুলি যিটো পাক দিলে বৰষুণৰ পানীত পিছলি বেটাই দিলে নহয় উলিয়াই গধূলিৰ পৰা গিলি থকাখিনি। লগৰজনৰ আকৌ কি স্ফূৰ্তি!
“দেখিলি তই মোক চেলেঞ্জ নকৰিবি মোতকৈ তই বেছি খাব নোৱাৰ।”

আধাঘণ্টামান কষ্ট কৰি ওচৰৰ ঘৰৰ পৰা পানী আনি বাৰাণ্ডাখন চাফা কৰি দুয়োকে তাতে থৈ বিহুতলী পালোঁ। দেখিলোঁ কমিটিৰ দহজনমান ল’ৰাই চকীবোৰ জাপি আছে। মুকলি মঞ্চৰ গছ বাগৰি আছে সিটো পাৰে। ৰভাৰ ওপৰত দুখন তিৰপাল নাই। পিছত গম পালোঁ ছাউণ্ডৰ সঁজুলি কিছুমানত পানী সোমাল, কণ্ঠশিল্পীবোৰক আধা পইচা দি বিদায় দিলে। মানে মই গান শুনা, গামোচা দিয়া দূৰৰ কথা ভায়লিনাক সন্মুখৰ পৰা চোৱাৰ ভাগ্যও নহ’ল। চাল্লা হেপী ৰঙালী বিহু!

কামবোৰ সামৰি অলপ আগতীয়াকৈ গুচি আহিলোঁ। শেষ কাম এটা মূৰত আছিল তেতিয়া। মন্দিৰৰ সন্মুখত লগাই থোৱা ভায়লিনাৰ বেনাৰখন খুলি ঘৰলৈ নিয়া। ভবা মতে কাম হ’ল । জীৱনৰ তিনিটা বছৰ তাই মোৰ লগতে শুলে। ৰ’ব ভুল ভাবিছে। মই শোৱা বিচনাখনৰ তুলিখনৰ তলতে তাইৰ বেনাৰখন পাৰি থৈছিলো। মায়ে মাত্ৰ মাজে মাজে কয়– “বোৱাৰীৰ লগত ব্ৰেকআপ হ’লে ক’বি হা, “সেইখন মই তাঁতশালত ঢাকোন দিব লাগিব।”

☆★☆★☆

26 Comments

  • ইমান জল্পনা কল্পনা সকলো পানী হৈ গ’ল।ভাল লাগিল।

    Reply
  • Mridusmita Sarma

    বঢ়িয়া।

    Reply
  • ফৰিজা আৰফিন

    হাঃ হাঃ হাঃ দিম্পু ভাই ধৈৰ্য্য ধৰা। ইয়াৰ ফল এদিন পাবাই পাবা।
    সুন্দৰ লেখা।

    Reply
  • Anonymous

    মজা৷৷৷৷

    Reply
  • Utpala bhuyan

    মজা৷৷

    Reply
  • অনামিকা গগৈ

    ভাল লাগিল ।

    Reply
  • মুকুট দাস

    বৰ ভাল লাগিল,.কথাতে কয়”ভবা কথা নহয় সিদ্ধী,বাটত আছে কণা বিধি”

    Reply
  • ৰিণ্টু

    ঝাকাচ ভাই, বঢ়িয়া লাগিল

    Reply
  • সদানন্দ ভূঞা

    আই ঐ দেহি, বৰ দুখৰ প্ৰেম কাহিনী । বঢ়িয়া লাগিল ।

    Reply
  • Bijoy Mahanta

    তামাম

    Reply
  • ভায়োলিনাই তোমাক নেদেখিলে বুলিহে ৷ নহ’লে দিম্পলে গামোছা পিন্ধালেহে মই গান গাম বুলি জিদ ধৰিলেহেতেন ৷

    Reply
  • Pratibha kalita

    Kot gol amar xei mukoli bihu, Kot Gol xei singerr gitor tale tale nasa nason.ahabarr pora akou patibi dei amar eyat mukoli bihu. Bye the way Vaal lagil violinar j Etiyao tor lgt breakup hua nai buli Jani.

    Reply
  • Anjan Sadhanidar

    মজা সম্পাদকীয়ত লিখাৰ দৰেই সৰুকথাটো দীঘলীয়া কৰি লিখিলা৷ ভালহৈছে দেই

    Reply
  • Anonymous

    Val lgile bht

    Reply
  • Lina kalita

    Vl lagile

    Reply
  • সকলো পানী পানী হৈ গ’ল। ভাল লেখিছা।

    Reply
  • Anonymous

    তামাম

    Reply
  • Jayshree Sharma

    ৱাঃ জুনিয়ৰ!

    Reply
  • Manisha Kakati

    ইয়াৰ দিন কেতিয়া যে ভাললৈ আ‌‌হিব 🤔

    Reply
  • Anonymous

    সদায়ে শেষত গৈ ট্ৰেজেডিহে হয়গৈ। কলিতাৰ ভাল দিন কেতিয়াযে আহিব। পিচে, পঢ়ি ভাল লাগিল।

    Reply
  • Joomoni pathok

    আগন্তুক ৰঙালী বিহুলৈ আগতীয়াকৈ শুভেচ্ছা জনালো দিম্পল এতিয়াৰ পৰাই চেষ্টা চলাই যোৱা

    Reply
  • Anonymous

    বঢ়িয়া ভাই, সমভাগী হ’লো 😂😂

    Reply
  • বঢ়িয়া লাগিল। মায়ে তাঁতশাল ঢাকিবলৈ পালেনে?
    মনোগ্ৰাহী লেখা

    Reply
  • নিপম দাস

    ভাল লিখিছে।ধন্যবাদ।

    Reply
  • অবিনাশ

    মাৰ কথাষাৰে চুই গ’ল অ’ দিম্পল

    Reply

Leave a Reply

Your email address will not be published.