ফটাঢোল

ফটাপ্ৰেম – পূৰ্ণময়ী মেধি

ক্লাছ নাইন মানৰ কথা। তেতিয়া মই অজয় জাদেজাৰ সাংঘাতিক প্ৰেমিকা। তেওঁৰ ফটো বিচৰাই মোৰ কাম। যিয়ে ফটো দিয়ে, তাক যি লাগে তাকে দিওঁ। চেণ্টাৰ ফ্ৰেচৰ লগত তেতিয়া ভাৰতীয় ক্ৰিকেটাৰসকলৰ কেৰিয়াৰ ৰেকৰ্ডসহ ফটোৰে সৈতে কাৰ্ড দিছিল। তেনেকৈও জাদেজাৰ ফটো বহুত গোটাওঁ। মোৰ ভাইটিৰ লগত কেৰম খেলিবলৈ অহা মেট্ৰিক দিবলগীয়া ল’ৰা এটাই প্ৰায়ে মোলৈ অজয়ৰ কাৰ্ড লৈ আহে। সি আহিলে মই খুব ভালপাওঁ। সি আকৌ সুবিধা লৈ মোৰ বাহিৰা বহীত কবিতাৰ দৰে কিবা কিবি লিখি থৈ যায়। মই পঢ়োঁ, কিন্তু বুজি নাপাওঁ। এদিন লগৰ এজনীয়ে জেৰা কৰা দি কৰি আছে, ‘এইজনেই তোৰ ন’ বুলি। মোৰ খং উঠি গ’ল। তাইক বোলো, ‘কি কৱ অ’ তই! ই বিৰাট ভাল। মোক অজয়ৰ বহুত কাৰ্ড দিছে।’ তাইও বোলে, ‘ৰহ, গম পাবি বাপেৰে দেখিলে। কৈ থ’লো, তাৰ মতলৱ ভাল নহয়।’

হে হৰি! মই বোলো সেইকাৰণেহে সি মোলৈ চাই থাকে!

সিদিনাৰপৰা তাক মাতবোল কৰা বন্ধ কৰিলো। মুখৰ ফালেও নাচাওঁ। সিওনো কৰিব কি! দুআষাৰ লিখি থ’লে কিতাপৰ মাজতে। গধূলি ব্যাকৰণ পঢ়াবলৈ আহি দেউতা টিঙিৰি তুলা।

“প্ৰেমিকা ওলাইছ! হাঁ! পঢ়া টেবুলত প্ৰেমৰ গদ্য।” – আৰু কি কি কৈছিল বুজিয়েই নাপালো। ইফালে দেউতাকনো কেনেকৈ কওঁ এজনৰ প্ৰেমত হাবুডুবু খাই মোৰ এই অৱস্থা বুলি। বেচেৰাক পিছদিনা এনে কথা শুনালো, আজিলৈকে নামাতে মোক। এতিয়াহে ভাবো কাল্পনিক প্ৰেমৰ বাবে আচল প্ৰেমৰ সোৱাদেই নাপালো। কেতিয়াবা ভাবোঁ কোনোবাই অজয়ক লগ কৰাই দিম বুলি কৈ মোক ক’ৰবাত বিক্ৰী কৰি থৈ আহিব পাৰিলে হয়।

তাৰপিছত মোৰ কবিতা লিখা আৰম্ভ হ’ল। খাওঁতে, শুওঁতে অজয়ৰ নামতেই সব লিখাে। খেলবোৰো হয় পৰীক্ষাৰ সময়ত। মাৰ গালি খাই খাই খেল চাওঁ। আহিল নহয় এদিন সৰুতে টিউচন কৰা দাদাজন। ক’ৰবাত শুনি আহিছে, আহিয়েই প্ৰশ্ কৰিলে বোলে অজয় কোন? মই বোলো কোন অজয়? চিধাই মাৰ ওচৰ পালেগৈ তেওঁ। মাক বোলে ‘এই লাজ সন্মান খেদাই মাৰিব! টিভিত দেখা এটাকলৈ ইমান পগলা! সংসাৰে কথা উলিয়াই ফুৰিব!’ এইবোৰ কৈ তেওঁ খুব গালি পাৰিলে। বেৰত থকা ফটোবোৰো চিঙিবলৈ ধৰিলে। কিন্তু অজয়ৰ বিয়াৰ দিনাও মোৰ বেয়া লগা নাছিল। তেওঁ যেন মোৰ লগতে আছে তেতিয়াও, এতিয়াও। অজয় জাদেজা এটা নাম নহয়, মোৰ মাজত, মোৰ লগত জীয়াই থকা এটা
অপূৰ্ণ সপোন, যাক পূৰ্ণ কৰাৰ মোৰ অকণো হেঁপাহ নাই। ফটায়েই হওক বা নফটায়েই হওক, এয়াই মোৰ প্ৰেম।

☆★☆★☆

Leave a Reply

Your email address will not be published.